Posted inগল্প
চাৰপ্ৰাইজ
বন্দনা দত্ত মজুমদাৰ ডিচেম্বৰ মাহ। নিমাওমাও শীতৰ নিশা। হাড় কঁপাই নিয়া জাৰ। দেৱাল ঘড়ীয়ে বাৰ বাজি যোৱাৰ সংকেত দিছে। তনুশ্ৰী শোৱা নাই। হোৱাটছ্এপত অনলাইন দেখি নিজৰ ম'বাইল ফ'নটোকে দলিয়াই…
অণুগল্প
উদ্ভট
“দেউতা, মই নোৱাৰোঁদেই এই ৰ’দখনত ওলাই গৈ ইমান ওজন দাঙিব৷ তাতে আৰু পইচাৰ কথা কৈছা যে! ইমান দাম হৈছে! কালি দিয়াখিনি বজাৰ কৰোঁতেই শেষ৷ ”
সন্ধিয়ালৈ এজাক বৰষুণ নামি আহিল৷
“ঐ বন্ধু, বতৰটোলৈ চাচোন৷ বাকী সকলো জা-যোগাৰৰ দিহা কৰ৷ পইচাৰ চিন্তা নকৰিবি৷ মই বস্তুটো লৈ গৈ আছোঁ৷ ” আগবেলা চিলিণ্ডাৰটো আনিবলৈ অপাৰগ ল’ৰাটোৱে তিতি-বুৰিয়েই বাইক দৌৰালে৷ লক্ষ্যস্থান ‘ৰয়েল ৱাইন শ্ব’প’৷
অংশুমান ভূঞা
চামতা, নলবাৰী
দূৰভাষ– ৬০০২৯-৯৪৯৮০