মনোজ ঠাকুৰীয়া ৷
কঠিয়াৰ শেষ গোজটো মাৰি স্বস্তিৰ দীঘল শ্বাস এটা লৈ পোণ হৈ থিয় হ’ল তগৰ৷ সৰ্বশৰীৰত পোশোৱা ঝিনঝিননি এটাৰ সমান্তৰালকৈ টনটনাই উঠা ককালটোত হাত দুখন থৈ, মূৰটো পিছলৈ ঠেলি এবাৰ ধনুৰ ভাজ ল’লে তাই৷ তাৰ পিছত আকৌ পোন হৈ থিয় দিলে৷
ৰোৱাতলিৰ এদাতিৰ আলিত থৈ দিয়া বাঁঁহৰ নাল লগোৱা তাপলিযুক্ত আওপুৰণি মহেন্দ্ৰ দত্ত ছাতিটোত চকু পৰাতহে ভৰদুপৰীয়াৰ ভদীয়া ৰ’দে তাইক খাওঁ খাওঁ কৰিলে৷ পিয়াহত ডিঙিটো মৰুভূমি হোৱা যেন পাই ততাতৈয়াকৈ গৈ ছাতিৰ ছাঁত থকা পানীৰ বটলটো হাতত তুলি ল’লে তাই৷ বটলটোৰ আধামান পানী একে উশাহে কোটকোটকৈ পি উঠি এইবাৰ তাই বকুললৈ চালে, -একান্তমনে পথাৰৰ আলিত কোৰৰ চাপ দিয়াত ব্যস্ত সি৷
“ঐ ভেবেলা, পানী অকন খাওঁ নেকি?
“ৰৈছেগৈনে?”
“অকনমাণ ৰৈছেগৈ আহ৷ ডিঙিটো তিতিব৷”
“হব হব, চলি যাব৷”
তগৰৰ কাষ পাই মূৰৰ পাগুৰিটো খুলি ঘামত চিপচিপীয়া হোৱা মুখখন মচি ল’লে বকুলে৷ তাৰ পিছত তগৰৰ বটলটোৰ অৱশিষ্ট পানীকন পি স-শব্দে দীঘলীয়া হামি এটা মাৰিলে সি৷
“এইহেন গেলা গৰমত সাজ অকনহে খাবলৈ মন গৈছিল অ’৷”
“ও আই, হয়নে?
“হয়তোন৷ এনেকোৱা বতৰত সাজ দুবাতি খোৱাৰ আমেজেই বেলেগ৷ আদা-নহৰু, কেঁচা জলকীয়াৰে পোৰা কেঁকোৰাৰ চাটনি এখন থাকিলেটো কথাই নাই, একলহ সাজ এজনৰ বাবেই কম হয়গৈ জাননে?”
“এজনী চপাই নলওনো কিয় তেনেহলে? পথাৰতে যতনাই দি যাব পাৰিব৷”
“এইখন কপাল নহয় অ’ , চোতাল৷
“বিচাৰিলে পাবিদে৷”
বুকুৰ অন্তঃস্থলৰ পৰা গভীৰ হুমুনিয়াহ এটা উলাই আহিল বকুলৰ৷ তাকে দেখি দুষী দুষী ভাৱেৰে এবাৰ বকুললৈ চাই কথাৰ মূৰ আনফালে ঘূৰাই নিলে তগৰে৷
“এতিয়া পিছে যাওঁ নে থাক?”
“যাওঁ৷ তই অকলে হওঁ বুলিহে ময়ো আছো৷ পথাৰতনো আৰু আছে কোন?”
“হয়নে মোৰ দেহলাউটো? ব’ল ব’ল তেন্তে৷”
বাওঁ কাষলতিৰ চেপত পানীৰ বটলটো আৰু সোঁহাতখনেৰে মেলা ছাতিটো মূৰৰ উপৰত লৈ ঘৰমুৱা খোজ দিলে তগৰে৷ গাৰ ছাঁ হেন হৈ কাষে কাষে বকুল৷ অকষ্মাৎ মেঠনিৰ গাঁঠিটো খুলি মেখেলাখন খহি পৰিল তগৰৰ৷
“হেই…৷”
হাতৰ লামলাকটি দলিয়াই ঠাইতে বহি পৰি নাভিকমলৰ ঠিক উপৰতে মেখেলাখন কোনোমতে চম্ভালিলে তগৰে৷ বকুলৰ অবাধ্য চকুযুৰি ইতিমধ্যে তগৰৰ উন্মোক্ত হৈ পৰা উদ্ধত গিৰিশৃংগত লিপিট খাই ধৰিছে৷ তাৰ সৰ্বাংগৰ আভ্যন্তৰত অনামি অস্থিৰতা৷
লাজত ৰঙাচিঙা পৰি মৰা হেন হৈ ঘোপা চাৱনি এটাৰে তগৰে মিহিকৈ দাবিয়ালে বকুলক, “কি নিলাজ ঐ এইটো৷ চকু ঘূৰালিনে? নে গোটে গোটে গিলি থওঁ ভাবিছ?”
দাবী খাই সম্বিত ফিৰিলত লজ্জিত হৈ মূৰ খজুৱাই খজুৱাই তগৰক এৰি আগলৈ খোজ দিলে বকুলে৷ সাউতকৈ মেখেলাখন উপৰলৈ উঠাই যথাস্থানত গাঁঠি দি পিছফালৰ পৰা তগৰে আকৌ ৰিঙিয়ালে বকুলক, “হেই এইডাল, ৰহ ৰহ৷ অকলে পাই ভুতে চুচৰাই নি মৰাপাটৰ মাজ পোৱালে ভাল পাওঁ ন?
বকুল থমকিল যদিও পিছমূৱা নহল৷ সাহে নাতিলেগৈ তাৰ৷ অলপ কোবাকুবিকৈ আহি বকুলৰ কাষ পাই লেনিয়ালে তগৰে, -“তই আছিলি বাবেহে ময়ো এতেপৰ পথাৰত আছিলোঁ অ’৷ মাইকী মানুহৰ কিবা ভয় নালাগে নেকি হা?”
মুখেৰে একো নামাতি তগৰলৈ এবাৰ হেবাঙৰ দৰে চাই আকৌ তলমূৱা হল বকুল৷ এইবাৰ মেখেলাখন প্ৰয়োজনতকৈ অনেক উপৰত উঠাই পিন্ধি লৈছে তগৰে৷ যেন দৃশ্যগ্ৰহণ চলি থকা কোনো এক যৌন উত্তেজক কথাছবিৰ নায়িকাহে তাই৷
তগৰে হাঁচতি খুলি টোপোলা এটা উলিওৱা দেখি বকুলৰ বাৰুকৈয়ে বিৰক্তি উপজিল৷
“বল আকৌ?
“ গুৱা এখন পাগুলিম ৰহ৷ কিহৰনো ইমান খৰখেদা অ’? কোনোবাই সাজৰ কলহত পানী দি ৰৈ আছেনে তোলৈ?
“ধেই, ৰ’দ দেখা নাইনে?
“থ থ৷ ৰ’দে খাই কেইজনক মাৰিছে অ’? আমিচোন সদায় ৰ’দ-বৰষুণৰ সতেই খেলি থাকিব লাগ৷”
“ধেই….৷”
তামোল এখন নিজে মুখত ভৰাই আন এখন বকুলৰ হাতত জোৰকৈ গুঁজি দিলে তগৰে৷ পিক অকন বিশেষ কাইদাৰে দূৰলৈ পিকাই আকৌ সৰৱ হৈ উঠিল তগৰ….৷
“ইমান দূৰ নুঘূৰো৷ বাট চমুৱাই যাম ৷”
“বাট চমুৱাই যাম মানে? গো-বাটটোৰে নেকি? -বকুল আচৰিত হ’ল৷
“অ’ টো৷
“আকৌ বোলে ভুতে চুচৰাই নি মৰাপাটৰ মাজ পোৱাব….৷”
বকুলৰ কথাত হাঁহিত ফাঁটি পৰিল তগৰ৷ কোনোমতে হাঁহি সম্বৰণ কৰি তাই কৈ উঠিল, “মাল হেন পহুৱাল ডেকা এটা লগত থাকোতে কোন ভুতে মৰসাহ কৰিব অ’ ?
অগত্যা তগৰৰ দিহা মতেই চমু বাট ধৰি দুয়ো সমুখলৈ আগবাঢ়িল৷ কাৰো মুখত একো মাতবোল নাই৷
“আগ হবি, নে পিছে পিছে আহিবি?”
-কুঁহিয়াৰ, গমধান, মৰাপাত খেতিৰ মাজেৰে যোৱা লুংলুঙীয়া ঠেক গো-বাটটো পাই বকুলে সুধিলে৷
“হু মোক বেঙি পাইছ হা? আগে আগে গৈ সাপ-বেঙৰ মুখত পৰি মই মৰিলেই ভাল পাৱ ন?”
বাক্যব্যয় অনৰ্থক দেখি বকুল আগবাঢ়িল৷ পিছে পিছে তগৰ৷ কিছুদূৰ আগবঢ়াৰ পিছত চকুৰ পচাৰতে মেঠনিৰ গাঁঠিটো খুলি তড়িৎ গতিত পিছফালৰ পৰা বকুলক সজোৰে সাবটি ধৰিল তগৰে৷
“ফুটগধূলিতে কালি ঘৰৰ পিছফালেহে ভুত এটা উলাইছিল বকুল…..৷ ব…কু….ল…..৷
বকুল তগৰময় এতিয়া….৷ বকুল বনত তগৰহে ফুলিছে….৷ কেৱল তগৰ…….৷