অণুগল্প
উদ্ভট
“দেউতা, মই নোৱাৰোঁদেই এই ৰ’দখনত ওলাই গৈ ইমান ওজন দাঙিব৷ তাতে আৰু পইচাৰ কথা কৈছা যে! ইমান দাম হৈছে! কালি দিয়াখিনি বজাৰ কৰোঁতেই শেষ৷ ”
সন্ধিয়ালৈ এজাক বৰষুণ নামি আহিল৷
“ঐ বন্ধু, বতৰটোলৈ চাচোন৷ বাকী সকলো জা-যোগাৰৰ দিহা কৰ৷ পইচাৰ চিন্তা নকৰিবি৷ মই বস্তুটো লৈ গৈ আছোঁ৷ ” আগবেলা চিলিণ্ডাৰটো আনিবলৈ অপাৰগ ল’ৰাটোৱে তিতি-বুৰিয়েই বাইক দৌৰালে৷ লক্ষ্যস্থান ‘ৰয়েল ৱাইন শ্ব’প’৷
অংশুমান ভূঞা
চামতা, নলবাৰী
দূৰভাষ– ৬০০২৯-৯৪৯৮০