ভেলেন্টাইন ডে’ বিশেষ প্ৰতিবেদন—

 

১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে উদযাপিত হ’ব প্ৰেমৰ দিৱস ভেলেন্টাইন ডে’ ৷ ভেলেন্টাইন ভে’ৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কি ? ইয়াক আপুনি কেনেদৰে গ্ৰহণ কৰে— ই পচিমৰ বতাহে উটুৱাই অনা অবাঞ্ছিত অপসংস্কৃতি নে মৰম—চেনেহক বিশেষ মাত্ৰা প্ৰদান কৰা এক মানৱীয় প্ৰমূল্যবোধৰ উৎসৱ ?

বিন্দুৰ ফালৰ পৰা কিছু বিশেষ ব্যক্তিক সোধা হৈছিল এই প্ৰশ্ন ৷ তেওঁলোকৰ অভিমতসমূহ ভেলেন্টাইন দিৱসৰ প্ৰাক্ষণত সম্পাদিত ৰূপত পাঠকসকলৰ বাবে আগবঢ়োৱা হ’ল ৷ যুগুতাইছে— সহকাৰী সম্পাদক বৰষা কাশ্যপ—এ ৷

 

 

১৪ ফেব্ৰুৱাৰী এটা দিন হে মাথো ৷ ইয়াক যেনেকৈ পাৰি ব্যৱহাৰ কৰি নাম এটা দিলেই সেয়াই চৰ্চা হব৷ পশ্চিমীয়া সংস্কৃতিত ইয়াক প্ৰেমৰ দিন আখ্যা দিছে। ২০১৯ ৰ পৰা ভাৰতত কলা দিন বুলি অবিহিত হৈছে ৷ গতিকে আমি কিদৰে লওঁ সেইটোহে গুৰুত্বপূৰ্ণ ৷ মই ভাবো এটা দিন কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত সীমিত হৈ থাকিব নোৱাৰে ৷ ইতিহাসত এই দিনটোতে বিভিন্ন ঘটনা পোৱা যায় ৷ কিন্তু যিয়েই নহওক প্ৰেমৰ দিন হিচাপে ইয়াৰ যিটো স্বকীয়তা তাক কোনেও নুই কৰিব নোৱাৰে ৷

উজ্জ্বল ডেকা ৷
ৰঙিয়া

 

মৰম-চেনেহে সমাজৰ প্ৰত্যেকজন লোককে এক আবেগৰ মায়াজালেৰে বান্ধি ৰাখে৷ ই গোটেই পৃথিৱীৰে সীমাৰ পৰিধি ভাঙি একতা, প্ৰেম আৰু আনন্দৰ বাৰ্তা বিলায়৷ বিশ্ব নাগৰিক হিচাপে আমি সকলোৱে সকলোৰে কৃষ্টি সংস্কৃতিৰ প্ৰতি সংবেদনশীল৷ সেয়েহে সমগ্ৰ বিশ্বৰে সভ্যতা- সংস্কৃতিৰ পাৰস্পৰিক মিশ্ৰণ এক অৱধাৰিত প্ৰক্ৰিয়া যাক আমি কোনেও নুই কৰিব নোৱাৰো৷ ভেলেণ্টাইন ডে’ ও ইয়াৰ ব্যতিক্ৰম নহয়৷ আমাৰ লোক-সংস্কৃতিয়ে যেনেকৈ পচিমীয়া দেশবোৰে আদৰি লৈছে, তেওঁলোকৰখিনিও আমাৰ মাজত বিলীন হব ধৰিছে৷ গোলকীয় পৃথিৱীত সকলোৱে এয়া সহজভাবে লবলৈ বাধ্য হৈছে ৷ তথাপিও আপোন সংস্কৃতিৰ টান হৃদয়ৰ কোনোবাখিনিত চিৰদি থাকি গৈছে ৷ এয়াই বাস্তৱ আৰু নিৰ্মম সত্য৷
আমি অসমীয়া হিচাপে মৰম -চেনেহ বা প্ৰেমৰ দিন হিচাপে বহাগৰ মাহটোকে বুজি পাওঁ৷ কিয়নো এই মাহতে গছে কুহিপাত সলাই নতুন ৰূপ লয়৷ প্ৰকৃতি বিনন্দীয়া হয়৷ দেহ- মণ চঞ্চল আৰু ৰঙীন হৈ পৰে৷ ডেকা- গাভৰুৱে নিজৰ মণে ভবা পাত্ৰ পাত্ৰীক প্ৰেম প্ৰস্তাৱ দিয়ে৷ লুকাই চুৰকৈ হলেও নিজৰ নিজৰ মৰম-চেনেহৰ আদানপ্ৰদান কৰে এই বহাগতে৷ এয়া আমাৰ অসমীয়া ডেকা- গাভৰে অতীজৰপৰা চলি ফহা কৃষিভিত্তিক জীৱন-শৈলীৱে জন্ম দিয়া পৰম্পৰাৰ এক উত্তৰসূৰী অৱদান৷ আমি জানুৱাৰী মাহত বছৰ আৰম্ভণি উদ্ যাপন কৰিলেও অন্তৰেৰে মানি লও পহিলা বহাগেই আমাৰ বছৰৰ আৰম্ভণি বুলি৷ সেইদৰে ভেলেণ্টাইন ডে’ ও আমি আকোঁৱালি লৈ এই উৎসৱক আমি মান্যতা দিয়াৰ লগতে উলাহেৰে গ্ৰহণ কাি লৈছো , যদি আমাৰ মণ-মগজুত সতেজ হৈ থাকে বহাগৰ বিহুগীত, ঢোল-পেপাৰ শব্দৰ লগতে প্ৰেম- নিবেদনৰ এক দু্ৰ্বাৰ হেপাহ৷
প্ৰতিটো উৎসবেই আমি তাৰ উৎপত্তিৰ অন্তৰালত থকা কাৰণটোক শ্ৰদ্ধাৰে আৰু পূৰ্ণতাৰে পালন কৰা উচিত৷মানৱীয় প্ৰমূল্যবোধ সকলো সংস্কৃতিৰে সাৰকথা৷ইয়াৰ পুৱ বা পচিম বুলি কোনো ভেদাভেদ থকাটো অনুচিত৷ প্ৰতিটো উৎসৱেই আমাক ব্যক্তিগত জীৱনবোধৰপৰা ওলাই সামাজিক দায়িত্ববোধৰ সৈতে একাত্ম হোৱা সোপান ৰচে৷ নিসন্দেহে ভেলেণ্টাইন ডে’ মৰম-চেনেহক বিশেষ মাত্ৰা প্ৰদান কৰা এক মানবীয় প্ৰমূল্যবোধৰ এক সামাজিক উৎসৱ হওঁক৷ ই ডেকা-গাভৰুৰে কেৱল মাত্ৰ হৈ নাথাকি প্ৰতিজন পুৰুষ আৰু প্ৰকৃতি এক বছৰেকীয়া মিলন-ক্ষেত্ৰ হৈ পৰম মই মাথো সেয়াই অন্তঃকৰণেৰে কামনা কৰোঁ৷

নবজ্যোতি ডেকা
গ্ৰন্থাগাৰিক
জিলা পুথিভঁৰাল, গুৱাহাটী, কামৰূপ মহানগৰ
আৰু মুখ্যমন্ত্ৰীৰ গ্ৰন্থাগাৰ, জনতা ভবন৷
📱৯৭০৬৪০২৯১৯

 

ভেলেন্টাইন ডে’ মোৰ মতে, এক ধৰণৰ বিশেষ দিন য’ত চেনেহ আৰু মৰমৰ মূল্যক উচ্চতাৰে উপলব্ধি আৰু উদযাপন কৰা হয়। ই এক পচিমৰ সংস্কৃতিৰ পৰিসৰে আৰম্ভ হলেও, যুগৰ পৰিবৰ্তনৰ সৈতে বিশ্বজুৰি মানবিকতা আৰু সংবেদনাৰ পৰিসৰত এক সঁচা বাৰ্তা প্ৰেৰণ কৰিছে। এই দিৱসৰ মাধ্যেমে মানুহে একে আনক চেনেহ আৰু মৰম প্ৰকাশ কৰি পৰস্পৰৰ সৈতে ভাল সম্পর্ক আৰু সহানুভূতিৰ বন্ধন দৃঢ় কৰে। সেয়ে, মই ইয়াক অপসংস্কৃতি বুলি নজনাই, বৰং এক সুস্থ আৰু ইতিবাচক ভাবৰে গ্ৰহণ কৰো।

নৱদীপ মেধি
মেনেজিং ডাইৰেক্টৰ Andy
A nexus of Refined Aperial, Footwear and Headwear

 

14 ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় প্ৰেমৰ দিৱস ‘ ভেলেণ্টাইন ডে’। ইয়াক কোনোৱে পশ্চিমৰ অপসংস্কৃতিও বুলিব খোজে যদিও অবাঞ্চিত বুলিও ক’ব নোৱাৰি। এইটো সচাঁ যে কোনো মানুহক ভালপাবৰ বাবে কোনো বিশেষ দিনৰ প্ৰয়োজন নহয়। যাৰ ভালপোৱা অন্তৰৰ পৰা সচাঁ তেওঁৰ বাবে প্ৰতিতো দিনেই প্ৰেমিক বা প্ৰেমিকাগৰাকীৰ নামেৰেই জীপাল।তথাপি সেই বিশেষজনক আৰু অলপ বিশেষ অনুভৱ কৰাবলৈ প্ৰেমৰ দিৱস ‘ভেলেণ্টাইন ডে’ উদযাপন কৰা এক অপসংস্কৃতি হয় জানো! প্ৰেম অমৰ এই কথা আমি জানো। যিদৰে ৰাধা- কৃষ্ণৰ প্ৰেম কাহিনী স্বৰ্গময়ী তথাপিও জানো আমি ৰাস মহোৎসৱ পালন নকৰো? তেনেদৰে মহাশিৱৰাত্রিৰ শিৱ- পাৰ্ব্বতীৰ মিলনৰ পূজা- অৰ্চনা। এনেদৰে বহু লোক- সংস্কৃতিত প্ৰীতিৰ বিভিন্ন উৎসৱ পালন কৰা দেখা যায়।সেয়ে ভেলেণ্টাইন ডে’ ক অপসংস্কৃতি ৰূপত চাওক বা নাচাওক ইয়াক সঠিক অনুভৱেৰে পালন কৰাটো ব্যক্তিগত চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰেমক যদি পবিত্র ৰূপত উদযাপন কৰা হয় , তেতিয়া দিনৰ প্ৰাসংগিকতা একেবাৰে নগণ্য।

গীতাঞ্জলি বৰঠাকুৰ
চতাই দক্ষিণপাট সত্ৰ
গাঁও, ডাকঃ ভকত গাঁও
জিলাঃ যোৰহাট—785010

ভেলেণ্টাইন ডে যিটো প্ৰেমৰ দিৱস বুলি কোৱা হয় সেইটো আচলতে আমাৰ অৰ্থাৎ ভাৰতীয় পৰম্পৰা নহয়।ই হৈছে পশ্চিমীয়া সংস্কৃতি, ইংলেণ্ডৰ মানুহৰ মাজত আচলতে প্ৰচলিত,কাৰণ তেওঁ লোকে হেনো এজনৰ লগত প্ৰেম কৰি কিছু দিন মৰম ভালপোৱা আদান প্ৰদান কৰে। কিছুদিনৰ পাছত তেওঁক বেয়া লাগিলে আন এজনৰ কাষ চাপে,ইয়াত কোনো লুক ঢাক নাই, মুকলি মুৰীয়া অভিভাৱকেও তেনে সুবিধা ল’বলৈ এৰি দিয়ে, সেই বাবেই হয়তো তেওঁ লোকৰ বাবে এই বিশেষ দিনটোৰ প্ৰয়োজন আছে।কিন্তু আমাৰ সংস্কৃতিত এই প্ৰেমৰ মুকলি মুৰীয়া নাই, কোনোবাই নিজৰ স্বামী থকাৰ পাছতো আনৰ লগত প্ৰেমৰ আদান প্ৰদান কৰে গোপনে।
গতিকে এই বিষয় বোৰ যদি চাওঁ তেন্তে ভেলেণ্টাইন ডে ৰ প্ৰয়োজন ক’ত?যি জনক অন্তৰেৰে ভালপোৱা যায়, তেওঁৰ বাবে এই বিশেষ দিনৰ প্ৰয়োজন আছে বুলি নাভাবো।
প্ৰেম ভালপোৱা অন্তৰৰ নিৰ্ভীত কোনৰ যাগি উঠা এক বিশেষ অনুভূতি। এই প্ৰেমক জোখাৰ কোনো তুলা চনী নাই, প্ৰেম স্বৰ্গীয়। এই প্ৰেমৰ কোনো বিশেষ দিনৰ প্ৰয়োজন নাই।

বন্দনা শৰ্মা
বিহপুৰীয়া লখিমপুৰ

 

যোৱা বছৰৰ তথ্য, বন্ধ্যাত্ব আৰু কেন্সাৰ লাখ লাখ ছোৱালীৰ মাজত পোৱা গৈছিল।।ভেলেণ্টাইনৰ পিছত প্ৰায় 10 দিনৰ ভিতৰতে ছোৱালীয়ে স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৰালৰিকৈ যায়।।টিভিত বিজ্ঞাপনত দেখা গৈছে যে মাত্ৰ 24-72 ঘন্টাৰ ভিতৰত এটা কেপচুলে অনাকাংক্ষিত গৰ্ভাৱস্থাৰ পৰা মুক্তি পাব পাৰে।।মগজু নথকা ছোৱালীয়ে এনে কেপচুলৰ গঠন আৰু ধাৰণাৰ বিষয়ে জানি নলয়।।তেওঁলোকে মাত্ৰ গিলি পেলায়।।এই নকল কেপচুলবোৰ আৰ্ছেনিকেৰে ভৰপূৰ ঘণ্টাৰ পিছত ঘণ্টা ধৰি সমগ্ৰ প্ৰজনন ব্যৱস্থাটোকো নষ্ট কৰি পেলায়।।প্ৰথম অৱস্থাত কেপচুল খোৱাৰ পিছত তাই সতী সাবিত্ৰী হৈ পৰে।।কিন্তু বিয়াৰ পিছত তাই উপলব্ধি কৰে যে তাই আৰু মাতৃ নহয়।।তাই বিচাৰি পায় যে বহুবাৰ যেতিয়া এই কেপচুলে কাম নকৰে তেতিয়া বহু ছোৱালী যায় পৰিয়ালক অৱগত নকৰাকৈ গৰ্ভপাতৰ বাবে আৰু বহুতে শেষত প্ৰাণ হেৰুৱাই পেলায়।।প্ৰেমৰ সম্পৰ্কত থকা ছোৱালীয়েহে প্ৰেমিকৰ লগত ডেটিং আৰু যৌন সম্পৰ্ক স্থাপনৰ অভিনয়ত লিপ্ত হয়।। গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ মহিলাসকলে গৰ্ভনিৰোধক কেপচুল অত্যধিক সেৱনৰ বাবে গৰ্ভধাৰণৰ ক্ষমতা হেৰুৱাই পেলায়।।তাৰ পিছত কাৰোবাৰ লগত বিয়া হ’লে প্ৰথমে স্বামীৰ পুৰুষত্বৰ ওপৰত আঙুলিয়াই দিয়ে আৰু পিছত একেটা কামতে লাখ লাখ টকা খৰচ কৰি নিজৰ চিকিৎসা কৰে।।তেতিয়া সকলোৱে জানিবলৈ আহে তেওঁলোকৰ অতীত কেনেকুৱা আছিল।।কিন্তু কোনেও কথা নকয়।।জীৱনটো নিজেই এক অভিশাপ হৈ পৰে।।প্ৰতি বছৰে চৰকাৰে মাতৃ সুৰক্ষা,কন্যা সন্তান বচাওক আদি আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰে।।কিন্তু ফল মাত্ৰ শূন্য, যি দেখা যায় বিক্ৰী হয়।।যেতিয়া এনেকুৱা বিজ্ঞাপন আহে, তেতিয়া তেওঁলোকে কেনেকৈ জানিব কি উচিত আৰু কি ভুল।।প্ৰতিটো বিজ্ঞাপনত সতৰ্কবাণী লিখা থাকে কিন্তু ইমান সৰু আখৰত যে আপুনি সেইবোৰ দেখা নাপায়,যেনে ঋণৰ সময়,নীতি-নিয়ম ৰ দৰে।।আজি পৰিস্থিতি এনেকুৱা যে 13-20 বছৰীয়া ছোৱালী এজনীয়ে বেগত আই-পিল লৈ ঘূৰি ফুৰে।যিটো দুখৰ বিষয়, ড্ৰাগছ মাফিয়াই ইচ্ছাকৃতভাৱে ভেলেণ্টাইন ডে’ত ভাৰতীয় বজাৰত এনে বিষাক্ত বস্তু মুকলি কৰে সেয়া সকলোৱে জানে।।প্ৰথমে ছোৱালীবোৰক বিষ খুৱাই বেমাৰ কৰে।।তাৰ পিছত ঔষধ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰে।।আপোনাৰ ছোৱালী হওক বা আমাৰ,আপোনাৰ,তাইৰ প্ৰতিও দায়িত্ব আমাৰ।।এই ভেলেণ্টাইনটো আপুনি নিজেই সজাগ হ’ব, দেখিলেই প্ৰতিবাদ কৰিব।।ভেলেণ্টাইনৰ দৰে কু-কৰ্মৰ প্ৰচাৰ কৰা বেয়া মানসিকতাৰ পৰিৱৰ্তে পিতৃ-মাতৃক সন্মান জনাই দেশৰ নৱ প্ৰজন্মক শক্তিশালী কৰাৰ সময় আহি পৰিছে।।সেয়েহে প্ৰতিবেদনো একত্ৰিত কৰাৰ প্ৰয়োজন।।

✍️ সানিধ্য শইকীয়া।।
ঠিকনা – শিৱসাগৰ,আমগুৰি।
পিন নং- ৭৮৫৬৮১,
দূৰভাষ – ৮৬৩৮৭৮২৮৪৩

 

ভেলেণ্টাইন ডে’ অসম আৰু অসমীয়াৰ বাবে এক অভিশাপ ৷ আগতে আমি নিজৰ সংস্কৃতি পালন কৰি ৰক্ষা কৰা উচিত ৷ বেলেগৰ সংস্কৃতি এনেদৰে পালন কৰি থাকিলে অসমীয়া জাতি এদিন ধ্বংস হৈ যাব ৷

মুন শৰ্মা
6001760566

 

যিজনক সচাঁ আন্তৰিকতাৰে মৰম চেনেহ প্ৰেম ভালপোৱা আন্তৰিকতা বিশ্বাস বুজাবুজিৰ অংশীদাৰ বুলি ভবা যায় তেওঁক কিমান ভাল পাওঁ সেইটো বুজাবলৈ কোনো বিশেষ দিনৰ প্রয়োজন কাহানিও নহয়। কাৰণ আপোন জনৰ স’তে কটোৱা সময় খিনি চিৰদিন সজীৱ চিৰদিন নতুন চিৰদিন স্বৰ্গীয়। তাত বাহ্যিকতাৰ নিষ্প্রয়োজন। গভীৰ প্রেম ভালপোৱা অন্তৰৰ অনুভৱহে। বাহিৰত দেখুৱাই তোলাচনীত ওজন কৰা সামগ্ৰী নহয়।

ডাঃ মৃন্ময় কুমাৰ নাথ
কবি গীতিকাৰ প্রবন্ধকাৰ কুইজ মাষ্টৰ
আহবায়ক
সাংস্কৃতিক উপসমিতি
দৰং জিলা সাহিত্য সভা
ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য
সদৌ অসম মইনা পাৰিজাত

 

১৪ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বতে ভেলেন্টাইন ডে পালন কৰা হয়। ই আচলতে এক প্ৰকাৰ পশ্চিমৰ বতাহৰ ঢৌ বুলি ক’লে ভুল নহ’ব। আজি কালি অৱশ্যে যুৱক যুৱতী সকলে দেখা দেখি ইজনে সিজনৰ পৰা শিকি লোৱা টো বেছি কৈ প্ৰচলন হৈ আছে। আমাৰ সমাজত আজি কালি এই পশ্চিমীয় বতাহৰ ঢৌ বেছি কৈ বৈ আছে।
আচলতে প্ৰেমৰ কোনো দিৱস হ’ব নালাগে। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম বুলা বস্তুটো এজনে আনজনৰ পৰা শিকি লোৱা বস্তু নহয়। প্ৰেম যাৰ মাজত এবাৰ হয় কোনো ঐশ্বিক শক্তিয়ে বাধা দিব নোৱাৰে। আচলতে আজি কালি হেনো কিছুমান মানুহ আছে এজনে আনজনৰ প্ৰতি আকৃষ্ট ভাব নাথাকিলেও ১৪ ফেব্ৰুৱাৰী তাৰিখে ভেলেন্টাইন ডে বুলি পাগল হৈ ঘুৰি ফুৰি নাটক কৰি দেখুৱায় থাকে। আচল প্ৰেমিক প্ৰেমিকা যিজন হয় সি কেতিয়াও আনক দেখুৱাই প্ৰেমৰ দিৱস পালন নকৰে।
প্ৰেম ভালপোৱা দেখুওৱা বস্তু নহয়। মোৰ মতে ভেলেন্টাইন ডে এদিনীয়া নহয় গোটেই জীৱনৰ বাবে হ’ব লাগে।

ছেলিমা বেগম
জিলা -নগাঁও
ডাকঘৰ -বলিকটীয়া
পিন নম্বৰ-৭৮২১২২

 

ভেলেণ্টাইন দে

আমি মধ্যবিত্ত ঘৰৰ লৰা

আমাৰ বাবে চৈধ্য ফেব্ৰুৱাৰীৰ দিনটো
ভেলেণ্টাইন দে নহয়।
কাৰোবাৰ বাবে হব পাৰে
চৈধ্য ফেব্ৰুৱাৰী প্ৰেমৰ দিন।
আমাৰ বাবে চৈধ্য ফেব্ৰুৱাৰীৰ দিনটো
এটা সাধাৰণ দিন।
আন দিনৰ দৰে ৰাতিপুৱা ওলাই যাওঁ
নিজৰ কৰ্মস্থানলৈ
সন্ধিয়া উভতি আহোঁ নিজৰ ঘৰলৈ।
মনত নাথাকে কোনো বিশেষ পৰিকল্পনা
কাষত নাথাকে কোনো প্ৰেয়সী।
No Restaurant, No Park
In Our Life.

আমি মধ্যবিত্ত ঘৰৰ লৰা
আমাৰ বাবে চৈধ্য ফেব্ৰুৱাৰীৰ দিনটো
ভেলেণ্টাইন দে নহয়।
কাৰোবাৰ বাবে হব পাৰে
চৈধ্য ফেব্ৰুৱাৰী প্ৰেমৰ দিন।
আমাৰ বাবে চৈধ্য ফেব্ৰুৱাৰীৰ দিনটো
এটা সাধাৰণ দিন।
সংগ্ৰামে আমাৰ জীৱনৰ একমাত্ৰ লক্ষ্য।
আমি পৰিশোধ কৰিব নোৱাৰো
দামী Restaurant ৰ Bill.
আমি বহন কৰিব নোৱাৰো
Shopping Mall ৰ দামী পোছাকৰ খৰছ।
Risk is always available
In our life.

দেবর্ষি গৌতম
গাঁও – বনগাঁও
ডাকঘৰ – বনগ্ৰাম
থানা – বেলশৰ
ডাক সূচাংক – ৭৮১৩০৩
জিলা – নলবাৰী
দুৰাভাষ – ৬৯১৩৯ ৩০৮২৯

 

আপোনজন কাষত থকা প্ৰতিটো দিনেই চোন বিশেষ,ইয়াৰ পাছত প্ৰেমৰ দিন নাইবা ভেলেণ্টাইন ডে’ বুলি বিশেষ এটা দিন থকাটো প্ৰয়োজনীয় নে?
ভালপোৱা ব্যক্তিজনক দিয়া আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰটিয়েই হৈছে বিশ্বাস। যিটো সম্পৰ্কত মৰম, ভালপোৱা, বিশ্বাসেৰে ভৰপূৰ, তেনে সম্পৰ্কত প্ৰিয়জনক প্ৰেমৰ দিনৰ নামত নামি-দামি উপহাৰ দিয়াৰ প্ৰয়োজন আছেনে?
সঁচা অৰ্থত আমাৰ অসমীয়া সমাজত প্ৰচলিত নিয়ম হৈছে যে- হেঁপাহৰ ৰঙালী বিহুৰ দিনা চেনাইক নিজ হাতেৰে বোৱা এখনি বিহুৱান উপহাৰ দিয়া। তেনেস্থলত ভেলেণ্টাইন ডে’ নামৰ উৎসৱটি মৰম-চেনেহক বিশেষ মাত্ৰা প্ৰদান কৰা এক মানৱীয় প্ৰমূল্যবোধৰ উৎসৱ হ’ব নোৱাৰে। এই উৎসৱ পশ্চিমীয়া বতাহে উতুৱাই অনা এক অবাঞ্চিত,অপসংস্কৃতি। যাৰ বাবে অসমীয়া সমাজৰ ৰীতি-নীতি, পৰম্পৰা শেষ হৈ যোৱাৰ উপশম হৈছে। যিয়ে সঁচা ভালপোৱাৰ সংজ্ঞা নিচিনা হৈছে।।

✍️ কুইন কৌশিক
ঘিলামৰা, লখিমপুৰ
Ph. No: 9395068376

 

আগন্তুক ১৪ ফেব্ৰুৱাৰী(ভেলেনটাইন ডে ‘) উপলক্ষে সংক্ষেপে দুষাৰ :- প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ভেলেনটাইনৰ নামত পবিত্ৰ প্ৰেমৰ এই মধুৰ দিৱসটো উৎযাপন কৰা হয় ।যিহেতু এইটো প্ৰেমৰ লগত সংগতি ৰাখি প্ৰেমৰ নামত পালন কৰা এটি মধুৰ দিন গতিকে এইটো দিন সমাজৰ বাবে অপসংস্কৃতি কোনো কাৰণতে হ’ব নোৱাৰে ।তথাপিও সমাজ খন পবিত্ৰ কৰি ৰখাৰ স্বাৰ্থত প্ৰেমৰ এইটো দিনৰ মানদণ্ড সকলোৱে বজাই ৰখা উচিত।

অনামিকা বৰা প্ৰাক্তন ছাত্ৰী ,পূৱ কামৰূপ মহাবিদ্যালয় ,বাইহাটা চাৰিআলি,দূৰভাষ নং :-৮১৩৫৮০০৬২৬

 

বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীৰ ৭ তাৰিখৰ পৰা আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰী লৈ চলা সাদিনীয়া প্ৰেমৰ উৎসৱত প্ৰেমত থকা সকলে গোটেই সপ্ৰাহটোতে তেওঁলোকৰ সংগীৰ সৈতে ফুলৰ থোপা, মিঠাই বা মৰমৰ বাৰ্তা ৰে প্ৰেম প্ৰকাশ কৰে যদিও ১৪ ফেব্ৰুৱাৰীৰ দিনটোহে সমগ্ৰ বিশ্বতে এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে পালন কৰা হয়।কাৰণ ২৬৯ খ্ৰীঃ ৰ ১৪ফেব্ৰুৱাৰী তাৰিখে ৰোমৰ খ্ৰীষ্টিয় সাধু ছেইণ্ট ভেলেণ্টাইন শ্বহীদ হৈছিল। এইজনা সাধুৰ সন্মানাৰ্থে ৪৯৬ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত পোপ গেলাছিয়াছে প্ৰথমে ভেলেণ্টাইন ভোজ প্ৰতিষ্ঠা তথা ছেইণ্ট ভেলেণ্টাইন দিৱস উদযাপন কৰিছিল আৰু তেতিয়াৰ পৰাই ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন দিৱস বা প্ৰেমৰ দিন হিচাপে পালন কৰি অহা হৈছে।
প্ৰেম বা ভাল পোৱা হৈছে -হৃদয়ৰ এক সুক্ষ্ম অনুভূতি।হৃদয় গহ্বৰত লুকাই থকা অনুভৱৰ সমষ্টিয়েই হৈছে -ভাল পোৱা। ই এক পৱিত্ৰ স্বৰ্গীয় অনুভূতি। পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে একোটা মন, একোখন স্বাধীন হৃদয় আছে। প্ৰতিগৰাকী মানুহে সপোন দেখিব পাৰে , কাৰোবাক ভাল পাব পাৰে,ই স্বাভাৱিক। কিন্তু সঁচা বা অকৃত্ৰিম ভাল পোৱাক কোনো উপহাৰ বা কেইটামান মধুৰ কথাৰ তুলাচনীৰে জুখিব নোৱাৰি। প্ৰেম হৈছে সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় য’ত বাহ্যিকতাৰ কোনো স্থান নাথাকে।
সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতেই যেন ভালপোৱা হৈ পৰিছে এক কৃত্ৰিম, বস্তুবাদী ধাৰণা।সময় আৰু সংস্কৃতিৰ ধাৰণাৰ পৰিবৰ্তনৰ মাজত হেৰাই যাব ধৰিছে অজস্ৰ ভাষাৰে সমৃদ্ধ সঁচা অনুভূতি বোৰ।ভেলেণ্টাইন ডে’ হৈছে -পশ্চিমীয়া সভ্যতাৰ এক উৎসৱ যিটো পৰম্পৰাগত ভাৰতীয় মূল্যবোধ আৰু সাংস্কৃতিক নিয়মৰ পৰিপন্থী। পাশ্চাত্য সংস্কৃতিৰ অন্ধ অনুকৰণ কৰি এই উৎসৱ পালনে ভাৰতীয় সমাজত কু-প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা-ভেলেণ্টাইন ডে’ পালন কৰিবলৈ গৈ বিশেষকৈ অসমতো একাংশ যুৱক -যুৱতীয়ে পশ্চিমৰ বতাহত উটি -ভাহি গৈ অসামাজিক কাৰ্য্যত লিপ্ত হোৱা দেখা যায়।
দ্বিতীয়তে, কিছুমান দম্পতীৰ
ক্ষেত্ৰত দেখা যায় যে ভৈলেণ্টাইন ডে’ পালন কৰিবলৈ পুৰুষ জনক চাপ দিয়া হয় যাৰ ফলত পুৰুষ জনক বা ল’ৰা জনক ইচ্ছা বিৰুদ্ধভাৱেও তেওঁৰ প্ৰেয়সীক সুখী কৰিবলৈ গিফ্ট বা অন্য কোনো উপহাৰ কিনি খৰচান্ত হ’বলৈ বাধ্য হয়। একপ্ৰকাৰে পুৰুষজন মানসিক চাপৰ বলি হয়। অন্যহাতে এইবোৰ কৰা দেখিলে অবিবাহিত বা প্ৰেমৰ সম্পৰ্কত নথকা সকলে অকলশৰীয়া অনুভৱ কৰে আৰু মানসিক ভাৱে কষ্ট পায়।ইয়ো একপ্ৰকাৰ মানসিক চাপ বুলিয়ে মই অনুভৱ কৰোঁ।
ধন-সোণ , বয়-বস্তুৱে মানুহক প্ৰেম দিব নোৱাৰে বা ব্যয়বহুল উপহাৰ আৰু বিলাসী বন্ধৰ দিনে কাৰো জীৱন লৈ প্ৰেম কঢ়িয়াই আনিব নোৱাৰে। প্ৰত্যেকেই নিজৰ প্ৰিয়জনৰ প্ৰতি যত্ন লোৱা, চোৱা চিতা কৰা আৰু বিশ্বাসে ই যথেষ্ট। পশ্চিমৰ বতাহে উটুৱাই অনা অপসংস্কৃতি এই ভেলেণ্টাইন দিৱস টোৱে প্ৰকৃততে যুৱক -যুৱতী সকলৰ বাবে নিয়ম নিৰ্দ্ধাৰণ কৰিছে য’ত তেওঁলোকক বিশ্বাস কৰোৱা হয় যে তেওঁ লোকে তেওঁ লোকৰ সংগীক ব্যয়বহুল উপহাৰ দিব লাগিব যাতে তেওঁলোকৰ সম্পৰ্কটো অটুট থাকে আনকি পঢ়ি থকা অৱস্থাতো প্ৰিয়জনক উপহাৰ
দিবলৈ তেওঁ লোকে নিজৰ জেপ খৰচো ভাঙিব লগীয়া হয়।
আপুনি আপোনাৰ প্ৰিয়জনক কিমান ভাল পায় বা আপোনাৰ ভাল পোৱা প্ৰকাশ কৰিবৰ বাবে এটা বিশেষ দিন কিয় থাকিব লাগে?ভেলেণ্টাইন ডেত দৰাচলতে উপহাৰ আশা কৰাৰ ধাৰণাটোৱে আজিকালি প্ৰেমৰ বিষয়ে এই বস্তুবাদী দৃষ্টি ভংগীৰ সৃষ্টি কৰিছে।বছৰত এটা দিনত প্ৰেমৰ এই অসাধাৰণ প্ৰদৰ্শনৰ পৰা লাভাৱান্বিত হোৱা সকলোৰে বাবে এক দু স্বপ্নত ডুব গৈ আছে।
আমি অসমীয়া সকলে ভেলেণ্টাইন ডে’ৰ সলনি ২৭মাৰ্চ জয়মতী দিৱস উদযাপন কৰা টোহে প্ৰকৃতাৰ্থত প্ৰেমৰ দিন পালন কৰা উচিত বুলি বিবেচনা কৰোঁ।

মামনি লহকৰ।
মুৰাৰা, ৰঙিয়া।
কামৰূপ,অসম।

প্ৰেম বা ভালপোৱা শব্দৰ ওপৰত ভিত্তি কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে । আজিৰ সময়ত আমি প্ৰেমক সীমিত এটি পৰিসৰত সীমাবদ্ধ কৰিব খোজোঁ যদিও প্ৰেম শব্দটোৰ বিশালতা অপৰিসীম । প্ৰেম কৰিবলৈ যে কেৱল মানুহ হ’ব লাগিব কথাটো এনে নহয় । পৃথিৱীৰ প্ৰতিটো জীৱৰ ভিতৰতেই হৃদয় নামৰ এডোখৰ মাটিত প্ৰেম নামৰ বীজ বপন কৰি পৃথিৱীলৈ পঠিয়াইছে । জীৱ শ্ৰেষ্ঠ মানুহেই হওক নতুবা নিৰ্বাক কুমজেলেকুৱাই হওক সকলোৰে ভিতৰত প্ৰেম আৰু ত্যাগ বিৰাজমান । এই প্ৰেমৰ বাবে এগৰাকী মাতৃয়ে জীৱনক বাজী ৰাখি এটা সন্তানক পৃথিৱীৰ মাটি ভূমিষ্ঠ কৰে । এই প্ৰেমৰ বাবেই নিশ্চিত মৃত্যু জানিও এটা মতা মৌ-মাখিয়ে নিজৰ জীৱন ত্যাগ কৰি সহবাস কৰে । ওপৰত কোৱাৰ দৰে সাম্প্ৰতিক কালত প্ৰেমৰ ভাৱাৰ্থ পৰিৱৰ্তন কৰি ইয়াক ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত আনি ইয়াৰ মৰ্যাদা হানি কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰি থকা হৈছে । যাৰ বাবেই প্ৰেম বুলি ক’লে আজিকালি যুৱক-যুৱতীৰ প্ৰেম বুলি হে মানুহে ভাবে । অথচ আজিকালি এনেধৰণৰ প্ৰেমবোৰ তথাকথিত । এই তথাকথিত প্ৰেমিক হাইলাইট কৰাৰ কাৰণে “ভেলেন্টাইন ডে” নামৰ বিষাক্ত এটি দিনক প্ৰেমৰ দিৱস হিচাপে ধাৰ্য কৰা হৈছে । যিটো দিৱসত প্ৰায়ভাগ যুৱক-যুৱতীৰ মূৰত পশ্চিমীয়া চৰিত্ৰৰ ভূত লম্ভে । এই দিনটোত কিমান ছোৱালীয়ে যে নিজৰ সতীত্ব হেৰুৱাব লগা হয় তাৰ লেখ নাই । বৰ আচৰিত লাগে যে ত্ৰিশ বছৰীয়া বৈবাহিক সম্পৰ্ক এটা য’ত নিমিষতেই ধূলিস্যাৎ হৈ যায় তাতে “আই লাভ ইউ” বোলা এটি সামান্য বাক্যৰ ওপৰত ভিত্তি কৰি নিজক এনেদৰে বেলেগ পুৰুষৰ ওচৰত বিলীন কৰি‌ দিয়াটো কিমান যে হাস্যকৰ বিষয় ।

গতিকে আমাৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজন আহি পৰিছে । নিজৰ কুমাৰীত্ব নিজৰ সম্পদ । ইয়াকে নিজেই ৰক্ষা কৰিব লাগিব । আমি “ভেলেন্টাইন ডে” নামৰ দিনটোৰ আঁৰত হোৱা নিন্দনীয় কাৰুকাৰ্য্যসমূহক দূৰ কৰিবলৈ পণ লওঁ আহক ।

কাজি শ্বাহাদত ইছলাম
জনীয়া , বৰপেটা
৬০০২৫৯৪৪৩০

১৪ ফেব্ৰুৱাৰিত উদযাপিত হয় প্ৰেমৰ দিৱস ‘ভেলেণ্টাইন। ডে’। কিন্তু প্ৰেমৰ বাবে জানো কোনো নিৰ্দিষ্ট দিন, সময় বা স্থান নিৰ্ণয় কৰিব পাৰি জানো! প্ৰেম এদিনৰ বাবে! এটা দিৱস পাতি!!
প্ৰত্যেক মানুহেই একেটা জীৱনত দুভাগকৈ দুটা জীৱন যাপন কৰে – এটা একান্ত ব্যক্তিগত মনৰ জীৱন আৰু আনটো বৰ্হিজগতৰ সাংসাৰিক জীৱন। ইটো সিটোৰ সৈতে সানমিহলি নহয়, কিন্তু এক অমল যোগসূত্ৰ আনে বা ৰক্ষা কৰে প্ৰেমে। গতিকে এই প্ৰেম কোনো ঠেক গণ্ডীৰ মাজত আৱদ্ধ এক আবহাৱা নহয়, নহয় কোনো দিৱস বা দিন।
আৰু… এইযে ‘ভেলেণ্টাইন ডে’ – তাত গভীৰ আৰু প্ৰেমৰ শাশ্বত বিশাল ৰূপটোৰ প্ৰকাশ নঘটে; ঘটা নাই। এই বিশাল অৰ্থ এই দিৱসে বহন কৰা নাই। ডেকা-গাভৰুৰ আকৰ্ষণজনিত প্ৰেমৰহে ই বাহক। সেই ভাবৰেই ইয়াৰ প্ৰসাৰ বা উদযাপন। মানৱীয় প্ৰমূল্যবোধৰ কথাটো ইয়াত অনুপস্থিত।
এইযে ডেকা-গাভৰুৰ আকৰ্ষণজনিত প্ৰেম, সেয়া আমাৰ লোকজীৱনত আছে অধিক প্ৰগাঢ় আৰু মাৰ্জিত আৰু কোমল ৰূপত।‌ এই প্ৰেম এনেকুৱা যে, মনৰ তলিৰ কথাবোৰ য’ত গীত হৈ পমি গৈছিল। বহুসংখ্যক বিহুগীত ইয়াৰ প্ৰকৃষ্ট উদাহৰণ। অতএব নিজৰ ইমান এক বাৰেবৰণীয়া অনুভূতিৰে সিক্ত তথা ইমান চহকী আৰু সুদৃঢ় ভেটি থকাৰ পিচতো অন্যৰ ভেটিৰ পৰা মাটি আনিবলৈ যোৱাটো বাঞ্ছিত নহয় বুলিব লাগিব।

 ধ্ৰুৱজ্যোতি দাস
২৫.০১.২০২৫

 

ভেলেণ্টাইন ডে বুলিয়ে নহয় ,আজি দেখি আছো..বিভিন্ন ধৰনৰ এনে সস্তীয়া আৰু ক্ষণস্থায়ী Perfect ডে ক্ৰমান্বয়ে পাতি আহিছে উৎসৱ হিচাৱে। এইবোৰৰ মই পক্ষপাতী নহয়।প্ৰেম ,ভাল পোৱা, মৰম কি এটি বিশেষ দিনৰ বাবে উদযাপন কৰিয়ে সীমাবদ্ধ ৰাখি শেষ হৈ যোৱা বস্তু নেকি? আৰু এজন প্ৰেমিক প্ৰেমিকাৰ এই সম্পৰ্ক লাহে লাহে পন্য হৈ ব্ৰেকআপ হৈ যায় নো কিয় ?ৰাজনৈতিক দলৰ নেতা সকলে যেনেকৈ সকলো দলৰ প্ৰতি আস্থা হেৰুৱাই দল বাগৰা চৰিত্ৰ গঢ় লৈ উঠে।ঠিক তেনেকৈ এই প্ৰেমৰ দিনটো যদি ইমানেই গভীৰতা আৰু কটকতীয়া হয়,তেনন্তে আজি এজনৰ লগত ৰিলেশ্বনশ্বিপত থাকি আকৌ আন কেবাজনৰ লগত লিলিমাই কৰি থকা সমাজত ঘটি থকা জলজল পট পট ছবি বোৰ বাতৰিৰ পৃষ্ঠাত হেডলাইন নহ’ল হেতেন।
অ নিশ্চয়কৈ ই পশ্চিমীয়া সংস্কৃতিৰে পয়োভৰ হয় । আমাৰ মানৱীৰ প্ৰমুল্যৰ অবক্ষয়ৰ চিন। নতুন প্ৰজন্মক এক অন্ধকাৰ আৰু নিৰাশাৰ বাটেৰে আগবঢ়াই নি পংগু আৰু বিবেক শূন্য কৰি পেলোৱাৰ ষড়যন্ত্ৰক বাহিৰে আন একো নহয়।নহলে আজি দিনে প্ৰতিদিনে সমাজত প্ৰেমিকাক বলপুৰ্বক ভাবুকিৰে এছিদবৰ্ষণ, ছুৰিকাঘাট আদিৰ দৰে বিভৎস আৰু জঘন্য ঘটনাৰ পৰিসমাপ্তি নঘটি পুনাৰাবৃত্তিহে হৈ থকা পৰিলক্ষিত হৈ আহিছে।
সমাজৰ শুদ্ধ আৰু উচিত আদৰ্শ নথকা প্ৰেম কেতিয়াও মানৱীয় প্ৰমূল্যবোধৰ উৎসৱ হবই নোৱাৰে ।কথাতেই কয় নহয় “প্ৰেম স্বৰ্গীয়”।ইয়াক কলংকৰ দাগ লগোৱাটো উচিত হয় জানো।

প্ৰনতি দাস
গুৱাহাটী (আজাৰা)

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *