চাৰপ্ৰাইজ

চাৰপ্ৰাইজ

 

বন্দনা দত্ত মজুমদাৰ

ডিচেম্বৰ মাহ। নিমাওমাও শীতৰ নিশা। হাড় কঁপাই নিয়া জাৰ। দেৱাল ঘড়ীয়ে বাৰ বাজি যোৱাৰ সংকেত দিছে। তনুশ্ৰী শোৱা নাই। হোৱাটছ্এপত অনলাইন দেখি নিজৰ ম’বাইল ফ’নটোকে দলিয়াই দিবলৈ মন গ’ল অনুৰাগৰ। হ’বৰে কথা, তনুশ্ৰীৰ নম্বৰ ডায়েল কৰোঁতে ফোনটো এবাৰ সি ব্যস্ত হৈ থকাও পালে। মাজনিশাখন কোনজন স্বামীৰনো এইবোৰ কাৰণত খ‌ং নুঠিব! তাতে দুয়োজন দুফালে প্ৰায়ে অকলে অকলে থাকে। কিছুদিনৰ পৰা তনুশ্ৰীক নিশা বহু দেৰিলৈকে অনুৰাগে হোৱাটছএপত অনলাইন দেখি আহিছে। কিবা এটাক লৈ যেন তাই খুবেই ব্যস্ত। চালচলন- কথা-বতৰাতো তাইৰ বহু পৰিবৰ্তন অহা যেন অনুমান হৈছে অনুৰাগৰ। কথাটো বৰ এটা ভাল লগা নাই। সেয়েহে আজি তনুশ্ৰীক অনলাইন দেখি ভিতৰি ভিতৰি গুজৰি উঠিল অনুৰাগ।

এইবোৰ কথাতে একালৰ মৰমৰ প্ৰেয়সীজনীকো আজিকালি তাৰ সহিবলৈ মন নোযোৱা হৈ গৈছে। এইযে তাই হোৱাটছ্এপত বা ফেচবুকত ঘন্টা ধৰি ব্যস্ত থাকে সি সমূলি ভাল পোৱা নাই কথাটো। যেতিয়াই সি ম’বাইলৰ নেট খোলে, তেতিয়াই তাইক সি অনলাইন দেখে। নিজৰ ওপৰতে খং উঠে তাৰ, কিহেনো পাইছিল, পত্নীৰ মোবাইল ফ’নত হোৱাটছ্এপ, ফেচবুক একাউন্ট খুলি দিবলৈ। চ’চিয়েল মিডিয়াৰ মহা প্ৰতাপে যি দেখা গৈছে সিহঁতৰ সংসাৰতো জুই লগাইহে এৰিব। সিহঁতৰ মাজত থকা মৰম-ভালপোৱাবোৰ যেন এই এপ্ ছ কেইটাই লাহে লাহে শুহি নিব ধৰিছে। আগতে সি অফিচৰ পৰা অহা অলপ দেৰি কৰিলেই তাই ফ’নৰ উপৰি ফ’ন কৰি তাক ব্যতিব্যস্ত কৰি পেলাইছিল। আজিকালি সি ঘৰত থকা অবস্থাতো তাই যেন ফেচবুক, হোৱাটছ্ এপৰ কাষত থাকিহে ভালপায়।

বিয়াৰ দহবছৰৰ পিছতো তনুশ্ৰীৰ কোলালৈ মা বুলিবলৈ কোনো নাহিল। উদং কোলালৈ তাইৰ জীৱনৰ প্ৰতি দয়া-মায়া প্ৰায় শূন্য হৈ গৈছিল। ভাল নল’গা হৈছিল তনুশ্ৰীৰ একঘেয়ামী জীৱনটোকে পেঘেনিয়াই ধৰি ৰাখিবলৈ। মন ভাঙি নাযাবলৈকে ঘৰতে সৰুকৈ ছবি শিকোৱা বিদ্যালয় এখন পাতি লৈছিল। কণ কণ এক ডজনমান শিশু আহিছিল আৰু তাইৰ পৰা ছবি শিকি গুচি গৈছিল। অলপ সময়ৰ কথা, এইখিনি সময়তে নিঃসংগতাক প্ৰশ্ৰয় নিদিয়াৰ যুজঁত তাই সফল হ’ব পাৰিছিল।

অনুৰাগৰ ব্যস্ততাপূৰ্ণ চাকৰি। চফ্টৱেৰ ফাৰ্ম এখনৰ মাৰ্কেটিং মেনেজাৰ সি। সময় দিব নোৱাৰে তনুশ্ৰীক। অফিচিয়েল টুৰবোৰ ওলায়েই থাকে প্ৰত্যেক মাহে। সিয়েই তাইক ফেচবুক আৰু হোৱাটছ্এপ একাউন্ট খুলি দিছিল। যাতে তাইৰ লগত ডাইৰেক্ট কানেক্ট হৈ থাকিব পাৰে। সি ঘৰত নথকা সময়খিনিতো তাই যাতে অকলশৰীয়া অনুভৱ নকৰে। বহুত ভাবি চিন্তিহে অনুৰাগে চ’চিয়েল মিডিয়াৰ মাজত এৰি দিছিল তনুশ্ৰীক।

এদিন তনুশ্ৰীয়ে উছাহেৰে অনুৰাগৰ কাষলৈ আহি ক’লেহি,
“জানা, কিমান যে পুৰণি বন্ধু-বান্ধৱীক লগ পাই গৈছোঁ ফেচবুকত..! কিমান মনৰ খবৰৰ আদান-প্ৰদান ঘটিছে, তোমাক যে কৈ শেষেই কৰিব নোৱাৰিম!’
উস,…খংটো উঠি আহিছিল অনুৰাগৰ। নাই, সিদিনাও সি প্ৰতিক্ৰিয়া নেদেখুৱালে।

অফিচৰ কামত দিল্লীলৈ যোৱা তাৰ তিনিদিন হ’ল। এইকেইদিনত তাই অনুৰাগক ৰাতিপুৱাই ফোন কৰি ইটো-সিটো খা-খবৰ লৈ দিনটোলৈ ক’ত ব্যস্ত হৈ আছে সি বুজিব পৰা নাই। অনুৰাগ নিজেও দিনটো মিটিং- প্ৰেজেন্টেচনত ব্যস্ত। সন্ধিয়াও তাৰ গ্ৰুপ ডিচকাছনৰ লগতে ডিনাৰ পাৰ্টি চলি আছে। সকলো কাম শেষ কৰি শোৱাৰ আগতে তনুশ্ৰীৰ ম’বাইলটো ডায়েল কৰিলে।
উস বিজি ট’ন …
কাৰ লগত ব্যস্ত বাৰু তাই!!
আকৌ ডায়েল কৰিলে সি তনুশ্ৰীৰ নম্বৰ।
বিজি…বিজি…বিজি…

তাৰ ভমককৈ খংতো আকৌ উঠি আহিল। ইমান ৰাতিলৈ! তাই এডিক্টেড হৈ পৰা নাইতো এই ভাৰছুৱেল দুনিয়াখনত!!
এহ নহয়! তাই এনেকুৱা হ’বই নোৱাৰে। প্ৰবোধ দিলে নিজকে। ঘপাঘপ মেচেজ এটা তাইলৈ পঠাই দি সি শুই পৰিল। পুৱাই তাৰ ফ্লাইট আছে গুৱাহাটীলৈ।

ৰাতিপুৱাই তনুশ্ৰীৰ পৰা ফ’ন আহিল।
“কেইবজাত লেণ্ড কৰিবা?” অধীৰ আগ্ৰহেৰে সুধিলে তাই।
“দুপৰীয়া খোৱাৰ আগতে মই ঘৰ গৈ পামগৈ।”
“তোমাৰ কাৰণে চাৰপ্ৰাইজ আছে। সোনকালে আহা।”
“গৈ আছোঁ।”
যথাযথ ঠৰঙা উত্তৰ অনুৰাগৰ।

অনুৰাগে ফ’নটো থৈ মনৰ ভিতৰতে কিনো চাৰপ্ৰাইজ হ’ব পাৰে গুঁণা গঁথা কৰিলে। গুৱাহাটী এয়াৰপৰ্টত নামিয়ে চিন্তাক্লিষ্ট মনেৰে প্ৰিপেইড কেব এখন লৈ ঘৰলৈ বুলি ৰাওনা হ’ল। বহুদিনৰ পাছত অনুৰাগ আৰু তনুশ্ৰীয়ে দুপৰীয়াৰ সাজ একেলগে খাবলৈ বহিল। তাই আজি তাৰ পচন্দৰ ঔ টেঙা দিয়া মাটি দাইল আৰু সৰিয়হ দিয়া মাছ ৰান্ধিছে। তনুশ্ৰীৰ উদ্বিগ্ন মুখখনলৈ চাই অনুৰাগে একো অনুমান কৰিব পৰা নাই কি চাৰপ্ৰাইজ হ’ব পাৰে। মনত উগুল-থুগুল ভাব এটাৰে তাই কিন্তু বৰ আগ্ৰহেৰে তাৰ থালত খোৱা পৰিবেশন কৰি আছে। নাই আৰু ৰৈ থাকিব নোৱাৰিলে সি।
“তনু, কি চাৰপ্ৰাইজ দিবা কৈছিলা কোৱা আকৌ।”
“আগতে খাই লোৱাচোন। তাৰপিছত সকলো ক’ম এফালৰ পৰা।”
ক’লে। তনুশ্ৰীয়ে সকলো বিবৰি ক’লে।

বেলি লহিয়াবলৈ লোৱা উমাল আবেলিটোত শীতৰ উম লৈ দুয়োটাই বেলকনীত বহি ল’লে।

“ৰাগ, মনত আছেনে তোমাক যে কৈছিলো হোৱাটছ্এপত মোৰ দুটা গ্ৰুপ আছে। পুৰণি ফ্ৰেণ্ডছখিনিৰ।”
মৌনতা ভাঙি তনুশ্ৰীয়ে লাহেকৈ ক’লে।

আকৌ সেই হোৱাটছ্এপ। বিৰক্তিৰে অনুৰাগে ক’লে
“মনত আছে কোৱা।”
“হেন্ডছ অন হেন্ডছ বুলি আমি এটা এন.জী.ও খুলিছো জানা নে? তোমাক কোৱাই নাই নহয় !”
অনুৰাগৰ কৌতূহলী চকুহাল হঠাতে তিৰবিৰাই উঠিছিল।
“আমি গুৱাহাটীৰ বিভিন্ন অনাথ আশ্ৰমলৈ গৈ খোৱা-বস্তু, কাপোৰ-কম্বল বিতৰণ বা বৃদ্ধাশ্ৰমলৈ গৈ তেওঁলোকৰ সৈতে কথা-বতৰা পাতি প্ৰয়োজনীয় দিব পৰা বস্তুৰ যোগান ধৰা কাম আৰম্ভ কৰিছোঁ।”
“উমমমম….বৰ ভাল পদক্ষেপ, তনু।”
অনুৰাগ আচৰিত হ’ল। ক’লে
“কিবা হেল্প লাগিলে ক’বা মোক।”
তনুশ্ৰীয়ে হাঁহি এটা মাৰি ক’লে
“জানিছিলোৱে, তুমি এনেকৈ ক’বা বুলি।”
তনুশ্ৰীৰ ওঁঠত মিচিকিয়া হাঁহি এটি বিৰিঙি উঠিল।
“তোমাক, মই অৱশ্যে বেলেগ এটা কথাহে ক’ব বিচাৰিছোঁ। তুমি বা কি মতামত দিয়া !”
এইবাৰ অনুৰাগৰ আচৰিত হোৱাৰ পাল।
“কোৱাচোন।”
“কেইসপ্তাহমানৰ আগতে মিছনেৰী অনাথ আশ্ৰম এখনলৈ গৈছিলোঁ। শিশুবোৰৰ কাৰণে চেৰেলেক- নেষ্টাম এই জাতীয় খোৱা আহাৰ লৈ। তাত গৈ কি যে এটা অনুভৱ হৈছিল বুজাব নোৱাৰিম তোমাক। মনটো হঠাতে বিশৃংখল হৈ গৈছিল। অকণি অকণি দেৱ শিশুহঁতক কেনেকৈ যে পিতৃ-মাতৃয়ে পেলাই থৈ যাব পাৰে অবুজ, নিষ্পাপ, কুমলীয়া প্ৰাণবোৰ…উস!!”
অনুৰাগে তনুশ্ৰীক সাৱটি ধৰিলে।
” মই ইতিমধ্যে শ্ৰেয়া আৰু প্ৰিয়ংকাৰ সৈতে এই বিষয়ে কেইবাদিনো কথা পাতিছিলোঁ, সিহঁতৰ পৰা হোৱাটছ্এপতে বহু ইনফৰমেছন ললোঁ। সিহঁত আগৰে পৰাই এইবোৰ সামাজিক কামত জড়িত। সিহঁতেই মোক এই আইডিয়া দিছে যে আমি যদি ইচ্ছা কৰোঁ এনে এটা শিশু নিজৰ কৰি ল’ব পাৰোঁ। লিগেলী এডপছন কৰি। তুমি কি ক’বা?”
অনুৰাগৰ সবল দুবাহুৰ বান্ধোন এৰি ইতিমধ্যেই তনুশ্ৰীয়ে অনুৰাগৰ চকুত চকু থৈছিল।
“কোৱানা, তাৰ মাজৰে এটা শিশুৰ মই মা হ’ব পাৰোঁনে?”

অনুৰাগৰ চকুহালি স্তব্ধ হৈ গৈছিল। ভিতৰি লজ্জিত হ’ল। ছিঃ কি যে ভাবি আছিল সি।মিছাতে তাইক বেলেগ কিবা…..!! তাই সচাঁই এক অদ্ভুত চাৰপ্ৰাইজ দিলে তাক। তাইৰ চকুলৈ নামি অহা চুলিকেইডাল হাতেৰে তুলি দি ক’লে
“কিয় নহ’বা তুমি মা? সঠিক সিদ্ধান্ত লৈছা তুমি। মই তোমাৰ সৈতে একমত। ইমান দিনে এইকথা কিয় চিন্তা কৰা নাছিলোঁ আমি।”

তনুশ্ৰীৰ চকুৰ তিৰবিৰনি আৰু মিচিকিয়া হাঁহিটোলৈ চাই অনুৰাগে ক’লে
“ব’লা কাইলৈয়ে যাওঁ মিশ্যনেৰী অনাথ আশ্ৰমলৈ। ফৰমেলিটিছ বোৰ আৰম্ভ কৰি দিওঁ। ল’ৰা লাগিব নে ছোৱালী তোমাক?”
“ছোৱালী!”
“আৰু তোমাক?”
চাৰিওফালে এজাক জোনাকে হেতাওপৰা লগাইছিলহি।
” ছোৱালী….! তাৰপিছত এটা ল’ৰা।”

তনুশ্ৰীয়ে প্ৰশান্তিৰে অনুৰাগৰ কান্ধত মূৰটো পেলাই দিলে। অসংখ্য ঘৰমুৱা পখীৰ কিচিৰমিচিৰ কোলাহলে সন্ধিয়াৰ আকাশখন ভৰাই তুলিছে। ইতিমধ্যে জোনবাইৰ লগতে এজাক তৰা উজলি উঠিছিল। জোনাকে হৰহৰাই এৰি দিছিল জোনাকৰ বৰষুণ! শুৱনি আকাশ! ধুনীয়া আকাশ! ঠিক যেন সেয়া তনুশ্ৰী আৰু অনুৰাগৰ মন আকাশ….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *