ভ্ৰুণ হত্যা জিন্দাবাদ

ভ্ৰুণ হত্যা জিন্দাবাদ

 

তন্দ্ৰালী মূৰ্ছনা

 

…সি বায়েকক খুব জোকাৰিছে, কিন্তু তাই সাৰ পোৱা নাই৷ সি চিঞৰি চিঞৰি তাইক মাতিছে, তাইৰ গাটো আৰু বেছিকৈ জোকাৰি দিছে৷ তাই নিমাত হ’ল৷ তাই আৰু নামাতে৷….

 

শীতৰ সেমেকা সন্ধিয়া৷ ঠায়ে ঠায়ে দেহ মন কঁপাই তোলা সিৰসিৰীয়া বতাহ৷ চম্পা আৰু নন্দৰ চোলা দুটা কিন্তু ফটা৷ বাকী অভিজাত শিশুসকলে এতিয়াও কোমল ডানলপৰ ওপৰত আৰু দুখন তিনিখন লেপৰ মাজত সোমাই আছে৷ মূৰত টুপী, হাত আৰু ভৰিত মোজা ব্যৱহাৰ কৰি জাৰ প্ৰতিৰোধ কৰিছে, গৰম গৰম খাদ্য খাইছে৷ কিন্তু চম্পাহঁতৰ তেনে কোনো ব্যৱস্থা নাই৷ গা ধুবলৈ কি খাবলৈও পানী নাপায়৷ মন্দিৰলৈ অহা কোনো মহিলা বা পুৰুষে দুই এটকা দান দিলেহে খাদ্যৰ নামত সিহঁতৰ পেটত কিবা এটা পৰে৷ যদিও সিহঁত দুয়োটাই অনভিজ্ঞ শিশু তথাপি ডাঙৰ হিচাপে চম্পাই কিছু কথা বুজি পায়৷ কেতিয়াবা বৰকৈ ভোক লাগিলে সিহঁতে জাবৰ পেলোৱা বাকচটোত পৰি থকা যিকোনো বস্তু বৰ তৃপ্তিৰে খায়৷ চম্পাই ভায়েকক খুব মৰম কৰে৷ মন্দিৰৰ পৰি থকা প্ৰসাদবোৰ গোটাই তাই ভায়েকক নিতৌ খাবলৈ দিয়ে৷ কাৰণ ভোক লাগিলে বেচেৰা নন্দটোৱে কেৱল কান্দিয়েই থাকে৷ ৰাতি হোৱাৰ লগে লগে সিহঁতৰ বৰ ভয় লাগে৷ এন্ধাৰলৈ সিহঁতে ভয় নকৰে৷ ভয় কৰে ঠাণ্ডাৰ প্ৰকোপলৈ৷ গাত লবলৈ লেতেৰা বস্তাকেইটাৰ বাহিৰে সিহঁতৰ একো নাই৷ দোকানৰ বাৰাণ্ডাখনেই সিহঁতৰ বিছনা৷ নন্দটোৱে থকথককৈ কঁপিলে তাৰ গাল দুখন ৰঙা পৰি যায়৷ জাৰৰ গুটিবোৰ দেখি কণমানি বায়েক চম্পাৰ হৃদয়খনে কান্দি উঠে৷ কেতিয়াবা তাই নিজৰ একমাত্ৰ বস্তাখনো তাৰ গাৰ ওপৰত পাৰি দিয়ে আৰু তাই ওৰে নিশাটো উজাগৰে থাকে৷ নন্দই প্ৰায় শুই উঠিয়েই কান্দে ভোক লাগিছে বুলি৷ বায়েক নিৰুপায় হয়৷ দোকানত থকা ধুনীয়া ধুনীয়া ডাঙৰ মিঠাইবোৰ দেখি নন্দৰ হেঁপাহৰ অদ্ভুত চাৱনি৷ ভাবত বিভোৰ হৈ পৰে৷ কোনোবাই যদি তাক তেনে এটা ডাঙৰ মিঠাই খাবলৈ দিলেহেঁতেন তেতিয়া সি চাগে তেওঁৰ ভৰিও চেলেকি দিলেহেঁতেন৷ লাহে লাহে চম্পাৰ খং উঠা হ’ল৷ ইমান সৰু ল’ৰাটোৰ মনৰ অৱস্থা এই ধনী মানুহবোৰে বাৰু কিয় নুবুজে? সেয়ে ভায়েকৰ ভোক লাগি কান্দি থকা দেখি খঙত তাই মানুহ এজনে খাবলৈ লোৱা প্লেটৰ পৰা ডাঙৰ মিঠাই এটা ভায়েকলৈ বুলি লৈ দৌৰ দিলে৷ এনেতে হৈ চৈ লাগি গ’ল৷ হোটেলৰ মালিকজনে দৌৰি গৈ তাইক ধৰিলেগৈ৷ দৰিদ্ৰতাৰ সাজ পিন্ধা কণমানিজনীৰ এই সৰু ভুলটো ক্ষমা কৰি নিদি পকাত পেলাই গুৰিয়াই গুৰিয়াই মাৰিলে৷ ভায়েকে দেখি মাথোঁঁ চিঞৰি চিঞৰি কান্দি থাকিল৷ সেইদিনা সিহঁত দুটাক সেই ঠাইৰ পৰা খেদি দিলে৷ এতিয়া সিহঁতৰ শুবলৈ ঠাই নোহোৱা হ’ল৷ চম্পাৰ গাৰ বহু অংশ ফুলি গৈছে৷ চকুৰ দুয়োকাষে ক’লা পৰি গ’ল৷ বিষত তাইৰ জ্বৰ উঠিছে৷ এফালে ভায়েকে ঠাণ্ডা আৰু ভোকত কান্দি আছে৷ ভায়েকে কান্দি থকা দেখি তাইৰ একমাত্ৰ বস্তাখনো তাক দি দিলে আৰু কেকাই কেকাই ষ্ট্ৰীট লাইটৰ পোহৰত তাৰ বাবে খাদ্য বিচাৰি গ’ল৷ লাইটৰ সেই পোহৰকণত তাই ভায়েকৰ বাবে এটুকুৰা কল, আধা খোৱা এটা বাদামৰ পেকেট আৰু মন্দিৰৰ দুটামান বুট বিচাৰি পালে৷ তাই অত্যন্ত সুখী হ’ল৷ লৰালৰিকৈ আহি তাই ভায়েক নন্দক বস্তুখিনি খাবলৈ দিলে৷ ভায়েক পৰম তৃপ্তিত টোপনি গ’ল৷ পুৱাৰ পোহৰ চকুত লগাত নন্দ সাৰ পালে৷ সি বায়েকক উঠালে৷

ঃ বা উঠ৷ ৰাতিপুৱা হ’ল৷ মোৰ ভোক লাগিছে৷

সি বায়েকক খুব জোকাৰিছে, কিন্তু তাই সাৰ পোৱা নাই৷ সি চিঞৰি চিঞৰি তাইক মাতিছে, তাইৰ গাটো আৰু বেছিকৈ জোকাৰি দিছে৷ তাই নিমাত হ’ল৷ তাই আৰু নামাতে৷ চাৰি বছৰীয়া নন্দই বায়েকে সাৰ নোপোৱা কথাটো একো বুজি পোৱা নাই৷ অত্যন্ত ঠাণ্ডা, ভোক আৰু দিনত পোৱা মাৰবোৰেই তাইৰ মৃত্যুৰ কাৰণ৷ নন্দই চিঞৰিয়েই আছে৷ সিহঁতৰ দৰে অভভাৱকহীন সন্তানৰ ভোকৰ হিচাপ লোৱা মানুহৰ এতিয়া অভাৱ৷ সিহঁতৰ চকুলোবোৰ কোনেও নপঢ়া এখন আধৰুৱা ডায়েৰি৷ প্ৰত্যেকেই জানে দৰিদ্ৰতাৰ অন্য নাম যন্ত্ৰণা৷ পোহৰ নোহোৱা আঁউসী৷ লাহে লাহে চহৰখনত মানুহৰ ভিৰ বাঢ়ি গ’ল৷ প্ৰখৰ ৰ’দত তাইৰ মৃত শৰীৰটো ক’লা পৰিছে৷ যান্ত্ৰিকতাৰ ভিৰত কোনেও নুশুনে নন্দৰ চিঞৰ নতুবা উপলব্ধি নকৰে চম্পাৰ কৰুণ কাহিনী৷ নৱবৰ্ষত প্ৰতিজন অভিভাৱকেই নিজৰ কণমানি সন্তানক চুমা যাচি নৱবৰ্ষৰ আদৰণি জনাইছে৷ বিচাৰিছে ধৰাত অপাৰ শান্তি৷ কিন্তু কোনেও নুবুজে আজিও কিয় তেজৰ চকুলো বোৱায় অভিভাৱকৰ পৰিচয়হীন কণমানি উশাহবোৰে৷ এমুঠি অন্নৰ বাবে বগলীমুখীয়া প্ৰতীক্ষা কৰা কুমলীয়া মনবোৰৰ নোলায় কিয় সমাধান সূত্ৰ! সকলো ঘটনাৰ নীৰৱে সাক্ষী হৈ ৰোৱা সময়ে ক’লে কিয় জানো এনে লাগিছে উন্মাদ হৈ যেন চিঞৰিম “ভ্ৰূণ হত্যা জিন্দাবাদ”! …….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *