ববী কলিতাৰ গল্প “অস্তিত্ব”

ববী কলিতাৰ গল্প “অস্তিত্ব”

: হেৰি উঠকচোন।….ইমান বাৰ গাত ধৰি মাতি আছোঁ। লৰচৰে নাই দেখোন।ইমাননো টোপনিনে!

: কি হ’লহে?শুবও নোৱাৰা হৈছোঁ শান্তিত।এই দোকমোকালিতে কিহৰ ইমান চিঞৰ বাখৰখন হো।

: চিঞৰ বাখৰ নহয় আৰু এতিয়া দোকমোকালিও হৈ থকা নাই বুজিছে।

: এইজনীৰপৰা ৰক্ষা নাই আৰু।চকু মোহাৰি – ও কোৱা কি ইমান আৰজেন্ট কাম ওলাল।

: নকওঁ দিয়ক।

: কোৱা কি কব আহিছিলা?

: কি কথা মানে আমাৰ বাৰীৰ কলথোকা যে! পকিছে নহয়।আজি দেখিলোঁ এটা বাদুলীয়ে খালে।দেৰি হলেই নাথাকিবই চাগৈ।

: থোৱাহে ৰাতিপুৱাই সেই বৰতমণি কলথোকাৰ কথা কবহে আহিছিলা।বাদুলীয়ে খালে খাওক দিয়া।সেই মস্ত কলথোকা খাই শেষ কৰিব নোৱাৰে দিয়া।চাওঁ ইয়াৰ পৰা যোৱা এতিয়া, কেঁচা টোপনিতে উঠাই দিলা বুলি কৈ এঙামূৰি ভাঙিলে সুনন্দই।

অ’ আই কি মানুহ ঐ এইটো ৰাতি ন বজাৰপৰা নাক বজাই শুইছে, এতিয়া আকৌ বোলে কেঁচা টোপনি… কথাখিনি কৈ আঁতৰি গল বাসৱী।গোটেই ঘৰখনৰ কাম চম্ভালি শেষ কৰিব নোৱাৰা অৱস্থা,ইয়াতে লাগি থাকিলে কি হব?এলেহুৱা কৰবাৰ বিচনাখন পালে আৰু একো নালাগে।অলপ পিছত উঠি দৌৰা দৌৰি কৰি বস্তি ক্ৰিয়া কৰি গা পা ধুই অফিচলৈ ৰাওনা হব।কথাখিনি মনতে পাগুলি থাকিল তেওঁ।মই ৰৈ থাকিলে নহব। গা পা ধুই চাহ ভাতৰ যোগাৰ কৰোগৈ বুলি বাসৱী কামত লাগিল।

আজি ৰবিবাৰ চাহকাপ খাই কলথোকা চাও বুলি গা ধোৱাৰ আগতে সুনন্দই বাৰীৰ ফালে গ’ল।

: হৰি হৰি কলথোকাত কল চোন এটাও নাই।ভালকৈ চাই সি দেখিলে থোকাটোৱে কোনোবাই পাৰি লৈ গ’ল।সিদিনা পৰা হলে মোৰনো কি লোকচানটো আছিল! বাসৱী অ’ বাসৱী।

বাসৱীয়ে দমকলৰ পাৰত কাপোৰ ধুই আছিল।তেওঁ গিৰিয়েকক সেইফালে যোৱা দেখিবলৈ পাইছেই সেয়ে নুশুনা ভাও জুৰি কামত মন দি থাকিল।

হেৰা…. হেৰা বুলি সুনন্দই উধাতু খাই ঘৈণীয়েকৰ কাষ পালে।সেমেনা সেমেনিকৈ বাসৱীৰ কাষত কলথোকাৰ কথাটো ক’লে। বাসৱীয়ে একো প্ৰতিক্ৰিয়া নেদেখুৱাত সুনন্দৰ খং উঠি কলগছজোপাকে টুকুৰা টুকুৰ কৰি পেলালে।

মাকে তাক ক’লে –

:কি হ’লনো তোৰ কিহৰ ইমান খং; ভোৰ ভোৰাই আছ যে! কোনে কি জগৰ লগালেনো বাৰু।

: চোৱাচোন মা সেই কলথোকাটো চাৰিদিনমান আগতে বাসৱীয়ে মোক পাৰিব কৈছিল।মই নাপাৰিলোঁ, ভাবিলোঁ বন্ধবাৰতে পাৰিম বুলি।এতিয়া থোকাটো নাই নহয়।

: অ’ সেই কথা- মাকে তালৈ চাই মিচিকিয়াই হাঁহিলে।

:তুমি হাঁহিলা যে মা! কথাষাৰ কৈ সি মাকৰ মুখলৈ চাই থাকিল।

: নাহা‍হিম।চাৰিদিন আগতে বাদুলীয়ে মুখ দিয়া কল আজিলৈ থাকিব নেকি?

: অ’ নাথাকে। কিন্তু কল বাৰু বাদুলীয়ে খালে, কিন্তু থোকাটো!

: তই হবলা গমেই নাপাৱ।যাচোন ভঁৰালত চাই আহগৈ।

: ভঁৰালৰপৰা ঘূৰি আহি মা তোমালোকে কাৰোবাৰ হতুৱাই পাৰিছা ন।চেহ মই থাকোতে………

: যা বাসৱীক সোধগৈ।

বাসৱীয়ে ৰবিবাৰ বাবে বিচনাৰ কাপোৰ,গিৰীয়েকে অফিচলৈ নিয়া কাপোৰ ধোৱাৰ উপৰিও বাহিৰা কাম কৰি গা ধুবই পৰা নাই,দমকলৰ পাৰতে আছে তেওঁ।

: বাসৱী কলথোকা পৰা কথাটো জানিও মোক কোৱা নাই কিয়?

একো নকৈ বাসৱীয়ে মিচিকিয়াই হাঁহিলে মাথোঁ।পুনৰ কামত লাগি থাকিল বাসৱী।

: হাঁহিলা যে! কাৰ হতুৱাই পাৰিলানো?মই আজি পাৰিম বুলি ভাবি থৈছিলোঁ।মতা মানুহটো থাকোঁতে কাৰোবাক মাতি…।

: মান সন্মান খেদোৱা নাই দিয়ক।ময়ে পাৰিছোঁ।আপোনাক বিচনাৰ পৰা উঠাব নোৱাৰি বৰজনাৰ ঘৰৰ পিছফালে থকা হুলাবাৰিটো আনি মেখেলাখন আঠুলৈকে কোঁচাই ললো, কলথোকাৰ গুৰিলৈ গৈ হুলাবাৰিৰে মাজতে খুচি দিয়াত আগখিনি হাউলি আহিল, কলথোকা দা খনেৰে পাৰি আনিলোঁ।মায়ে আজি গোহালিৰ ভোগ দিয়া কথা।নাপাৰিলে বাদুলীয়ে খালেহেতেন!এতিয়া ভালকৈ পকিছে।ওচৰৰ ল’ৰা ছোৱালী কেইটামান মাতি আহিছে ।আজি ৰবিবাৰ বাবে সিহঁতে আহিব পাৰিব।

: তোমাক মানিছো দে।মোক আকৌ এবাৰ মাতিলে কি হ’ল হয়।

: আপুনি পৰালৈকে কলৰ ঠাৰিডালহে ওলমি থাকিলহেতেন।আৰু মায়ে মানস কৰা ভোগ দিবলৈ নতুন কল ওলোৱালৈকে ৰব লাগিলহেতেন।

: সুনন্দ শুনচোন, বাসৱীক দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ পঠিয়াই দে।বিয়া হৈ অহাৰ দিন ধৰি তাই মাকৰ ঘৰলৈ থকাকৈ যোৱাই নাই।পিছলৈ যাবলৈ দিগদাৰ হব।

: বিয়া হৈ অহা ছোৱালী কিয় মাকৰ ঘৰলৈ গৈ থাকিব লাগে।আৰু পিছলৈ কিহৰ দিগদাৰ হব?

: তাইৰ সেইখন জন্ম ঠাই।নিজৰ ঘৰখন এৰি আহি কেনে লাগে আমি মাইকী মানুহবোৰেহে বুজোঁ।তহঁতে ক’ত বুজিবি বোপাই।মতা মানুহবোৰতো নিজৰ ঘৰতে থাক।আমাৰ দেশত ছোৱালীকহে বিয়া দি উলিয়াই দিয়ে।বাপেৰয়ো নুবুজিলে।বিয়াৰ পিছত এৰাতিও মাৰ ঘৰত থাকিবলৈ নাপালোঁ।গলেও দিনতীয়াকৈ যাবলৈ দিছিল।তয়োচোন একেই।

: পিছলৈ যাব দিয়া অ’ মা।যোৱাচোন মা, চাহ একাপ খাবলৈ বৰ মন গৈছে।আজি তোমাৰ হাতেই খাওঁ।

: ল’ৰা ছোৱালী হ’লে ক’ত যাব পাৰিব!এতিয়া ময়ো চলিব পৰাই আছোঁ।তাই দুৰাতিমান থাকি আহিলহেতেন!দে যি ভাল দেখ তাকে কৰিবি।মই কবহে পাৰোঁ, মনা নমনা সেইটো তোৰ কথা।

সুনন্দই কিন্তু মাকৰ কথা নামানিলে।বাসৱীক মাকৰ ঘৰলৈ লৈ নগ’ল।বিয়া হৈ আহিছে যেতিয়া গিৰীহঁতৰ খুচিমতে চলিব লাগিব।কেতিয়াবা সকাম থাকিলে দিনতীয়াকৈ নিবও পাৰে…সেয়া সময়ত দেখা যাব।

বাসৱীয়ে কোনোদিনে গিৰীয়েকৰ কথাত আপত্তি নকৰে।দিন বাগৰি বছৰ গ’ল।তেওঁৰ কোলালৈ ল’ৰা সন্তান এটা আহিল।তেওঁৰ কাম বাঢ়িল।কেচুৱাৰ দায়িত্বৰ লগতে ঘৰৰো কাম।দুবছৰ পিছত তেওঁ পুনৰবাৰ গৰ্ভধাৰণ কৰিলে।এইবাৰ ছোৱালী এজনী জন্ম পালে।ঘৰখন ভৰি পৰিল।সিহঁতে তাতেই সংসাৰ সামৰিলে।সিহঁত দুটা ডাঙৰ হোৱাত বাসৱীৰ কাম বাঢ়িল।সিহঁতক স্কুললৈ পঠিওৱা,সিহঁতৰ সকলো সাজু কৰি দিয়া,গিৰীয়েকক অফিচলৈ পঠিওৱা লগতে ঘৰখনৰ কামবোৰতো আছেই! ।লাহে লাহে শাহুৱেকো বুঢ়ী হৈ আহিল।

: সুনন্দ ময়ো নোৱাৰা হৈ আহিছোঁ, তই বাসৱীক অলপ সহায় কৰি দিবিচোন।তাই অলপ সকাহ পাব।

: মা তুমিও যে আৰু।সৰুৰে পৰাই পানী এগিলাচ নিজে লৈ খাই পাইছোঁ জানো!

বাসৱীয়ে কিন্তু গিৰীয়েকক কেতিয়াও কামত সহায় কৰিবলৈ নকয়।কল পৰা অভিজ্ঞতাই শিকাই থৈছে নহয় বাসৱীক।যিমানখিনি পাৰে নিজে কৰে তেওঁ।এটা সময়ত শাহুৱেকৰ দেহা পৰি আহিল।তেখেতকো শুশ্ৰূষাৰ প্ৰয়োজন।সকলো কাম সামৰি তেওঁ শাহুৱেককো সেৱা শুশ্ৰূষা আগবঢ়াই যায়।শাহুৱেকে বাসৱীক সদায় আৰ্শীবাদ দিয়ে শাঁখা সেন্দূৰে দিন যাওক বুলি।

সুনন্দই কোনোদিনে ঘৰৰ কামৰ দায়িত্ব লবলগীয়া হোৱা নাই।মাক ঢুকালতো সকলো দায়িত্ব বাসৱীৰ ওপৰতে পৰিল।তেওঁ নিয়াৰিকৈ সকলো চম্ভালি ললে।

ঘৰৰ সকলো কাম সামৰি লোৱাৰ উপৰি তেওঁ গিৰীয়েকৰ আৰু ল’ৰা ছোৱালীৰ কাপোৰ নিজ হাতে ইস্ত্রি কৰি থয়।যেতিয়াই গিৰীয়েকে যি জোৰ কাপোৰ বিচাৰে বাসৱীয়ে আলমাৰীৰ কোনটো থাকত আছে কৈ দিব পাৰে।বাহিৰলৈ ফুৰিবলৈ যাও বুলি কেতিয়াও নকয় তেওঁ।গিৰীয়েকে জোৰ কৰিলেহে, এৰাব নোৱাৰিলে কেতিয়াবা বাহিৰলৈ যায়।

এবাৰ কি হ’ল সুনন্দ বাহিৰলৈ যোৱাৰ পিছত বাসৱীৰ ভীষণ জ্বৰ।তেওঁ নিজেই নহৰু তেল গৰম কৰি গাটো মালিচ কৰি ললে।জ্বৰ নকমাত পেৰাচিটেমল এটা খাই ললে।তাৰপিছত অলপ শুই গাটো ধুই পেলালে।লাহে লাহে বাকী ৰৈ যোৱা কামবোৰ আকৌ কৰি অতালে।জ্বৰ কেইদিনমানলৈ থাকিল যদিও তেওঁ বিচনাত পৰি নাথাকিল।সুনন্দৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই।ল’ৰা ছোৱালী দুটাইহে মাকৰ বেমাৰৰ কথা দেউতাকক জনায়।তেতিয়ালৈকে বাসৱীৰ জ্বৰ এৰিছে, গাটো দুৰ্বল।

: বাসৱী তোমাৰ বেমাৰ হোৱা কথাটো মোক জনোৱা নাই কিয়?ডাক্তৰৰ ওচৰলৈ গ’লে অলপ সোনকালে আৰাম পালাহেতেন!

: নাই নাই মই ভাল পাইছোঁ দিয়ক।ল’ৰা ছোৱালী দুটাৰো পৰীক্ষা,তাতেই আপোনাৰো অফিচ।এই সময়ত মই বিচনাত পৰি থাকিলেহে হব!

দহদিন পাৰ হ’ল বাসৱী পৃথিৱীৰ পৰা আঁতৰি যোৱা।হঠাতে আঁতৰি গ’ল তেওঁ।চিকিৎসা কৰাৰ সময়ে নহ’ল। এইকেইদিন ঘৰটো মানুহেৰে ভৰি আছে। খবৰ লবলৈ অহা আহিছে, যোৱা গৈছে।সুনন্দই বাসৱীৰ ফটোখন চাই থাকি বন্ধু উৎপলক কৈ গৈছে-

:তেওঁ থকালৈকে ঘৰখন ঘৰ হৈ আছিল।মই ঘৰুৱা দায়িত্ব লবলগীয়া হোৱা নাছিল।তেওঁ চম্ভালি লৈছিল সকলো।এতিয়া তেওঁ নাই, মই অকলে ইহঁত দুটাক চাম কিদৰে বুলি কৈ সুনন্দই কান্দিবলৈ ধৰিলে।বন্ধুৰ বুজনিয়েও ৰখাব নোৱাৰিলে সুনন্দক।

দিন গৈ মৃতকৰ সকলো কাম কাজ শেষ হ’ল।আলহী অতিথি গ’লগৈ।ল’ৰা ছোৱালী দুটাও পঢ়া শুনাত লাগিল।সুনন্দই বাসৱীক মনত পেলাই ঘৰৰ চুক এটাত –

: বাসৱী তুমি ইমান সোনকালে আঁতৰি যাবা বুলি সপোনতো ভবা নাছিলোঁ।তুমি জীয়াই থাকোতে একো এটা সহায় কৰি নিদিলোঁ।তুমিয়েই সকলো দায়িত্ব পালন কৰি গ’লা।এতিয়া ইহঁত দুটাক মানুহ কৰাৰ দায়িত্ব মই কেনেকৈ অকলে পালন কৰোঁ – কথাখিনি কৈ কৈ সি ফেকুৰি থাকিল।

ওচৰৰে খুৰীয়েক এজনীয়ে মূঢ়াটো টানি তাৰ ওচৰতে বহি ললে আৰু ক’লে বাসৱী বৰ লখিমী আছিল অ’।এতিয়া ঘৰখন উকা হৈ গ’ল।মাৰই তাই বিয়া হৈ অহাৰ দিনাই তাইক মূৰত ধৰি আৰ্শীবাদ দিছিল শাঁখা সেন্দূৰে দিন যাওক বুলি।মাৰৰ আৰ্শীবাদ সঁচাই ফলিয়ালে। তাই কপালত ডগমগীয়া ৰঙা ফোঁট লৈয়ে আঁতৰি গ’লগৈ।

সুনন্দই কান্দোনত ভাগি পৰিল।জীৱনৰ আগচোৱা মাকৰ জহত,মাজৰচোৱা ঘৈণীয়েকৰ জহত,নিজেটো পানী এগিলাচ লৈ খাই নাপালে।এতিয়া সকলো দায়িত্ব তাৰ ওপৰতে পৰিল।কি কৰিব তেওঁ?

মই অকলে নোৱাৰিম অ’ বাসৱী।তুমি অবিহনে মোৰ দিনতে আন্ধাৰ।তুমি মোৰ ওচৰলৈ ঘূৰি আহা।মই তোমাক হেৰুৱাব নোৱাৰোঁ বুলি বাসৱীৰ ফটোখন বুকুৰ মাজত লৈ হুকহুকাই কান্দি পেলালে সুনন্দই।বি এ পাছ ছোৱালীজনীক চাকৰি এটাও কৰিব নিদিলোঁ।ঘৰুৱা কামতে ব্যাস্ত ৰাখিলোঁ।তেওঁৰ বা কিমান হেঁপাহ আছিল! মই অলপ গুৰুত্ব দিয়া হ’লে….!বাসৱীক জানো কেতিয়াবা মই সুধিছোঁ ……..তেওঁ কি ভাল পায়,কলৈ ফুৰিবলৈ যাব বিচাৰে,কি ৰং প্ৰিয় তেওঁৰ।কিন্তু তেওঁ প্ৰতিটো খোজতে মোৰ খবৰ ৰাখে।মই কাঢ়া ইস্ত্রি কৰা কাপোৰ পিন্ধি ভালপাওঁ, ক’লা ৰঙৰ পেন্ট, হালধীয়া চাৰ্ট মোৰ প্ৰিয়,উদলেণ্ড চুজ মোৰ পছন্দ যদিও মই অফিচলৈ ক’লা জোতা নিও।মোৰ খোৱা, পিন্ধা সকলোতে তেওঁৰ চকু।মই মাছ,মাংস কিহেৰে আৰু কেনেকৈ ৰান্ধিলে খাই ভাল পাওঁ সেয়াও জানে।নিৰামিষ খাদ্যৰ জুতি কণো মাৰ পৰা আয়ত্ব কৰি লৈছে বাসৱীয়ে। ল’ৰা ছোৱালী দুটা জন্মৰ পিছত সিহঁতৰ ৰুচি অনুযায়ী খাদ্য প্ৰস্তুত কৰে তেওঁ।কিন্তু মানুহজন হৈ তেওঁৰ বিষয়ে কিমানখিনি বুজিলোঁ মই! বাসৱীয়ে জীৱনৰ ২৫ টা বছৰে মোক দি গ’ল আৰু মই কি দিলোঁ তেওঁক!

বাসৱীক কাহানিও বাহিৰলৈ ফুৰাবলৈ নিয়া নাছিলোঁ।এবাৰ ল’ৰা ছোৱালীৰ বাধ্যত পৰিহে ছিলঙলৈ লৈ গৈছিলোঁ।সিদিনাহে তেওঁৰ মুখত হাঁহি দেখিবলৈ পাইছিলোঁ,ল’ৰা ছোৱালীৰ লগত আত্মহাৰা হৈ পৰিছিল তেওঁ। তাকো মোক দেখাৰ লগে লগে গহীন হৈ পৰিছিল।তেওঁ ফটো উঠা মই দেখা নাই।এবাৰ ল’ৰা ছোৱালী দুটাই আমাৰ বিবাহ বাৰ্ষিকিত মাকক এযোৰ আকাশী ৰঙৰ কাপোৰ দিছিল।সেইযোৰ পিন্ধি সিহঁতৰ মোবাইলত ফটোৰ বাবে পজ দিছিল তেওঁ।এতিয়াহে ভাবিছোঁ তেওঁৰ আকাশী ৰং প্ৰিয় আছিল।সেইদিনা তেওঁক বৰ উজ্জ্বল দেখাইছিল।সোণ – গহনা বিয়াৰ সময়তে দিয়া। কোনোদিনে বাসৱীয়ে নতুন গহনা এপদৰ কথা নক’লে, ময়ো নাভাবিলোঁ।

মানুহজনীক ঠেহ পতা,আপত্তি কৰা কাহানিও নেদেখিলোঁ।মায়ে মোক কৈছিল বিয়া কৰাই আনিলি যেতিয়া তাইৰো পছন্দ অপছন্দ চকু দিবি বুলি।কিন্তু মই বাৰু মাৰ কথা শুনিলোনে!মাৰ কথা শুনা হলেও বাসৱীক বুজিলোহেতেন! কিন্তু মই কাহানিও চেষ্টা নকৰিলোঁ।

: বাসৱী আজি তুমি মোক এৰি যোৱা এমাহে হ’ল।মই তোমাৰ মায়াৰ পৰা ওলাবলৈ পৰা নাই।চাৰিওফালে তোমাকে দেখোঁ।মই যে একো এটা নিজে কৰিব নোৱাৰোঁ।তুমি অবিহনে জীৱনৰ বাকী চোৱা সময় কেনেকৈ কটাম বাৰু!তুমি আৰু কিছু বছৰ থকা হলে! ইমান কম সময়তে গুচি গ’লা তুমি – এইবুলি কান্দিবলৈ ধৰিলে সুনন্দই।

: কান্দিলে জানোঁ ঘূৰাই পাবি সুনন্দ। ল’ৰা ছোৱালী দুটাৰ মুখলৈ চাই তই আগবাঢ়ি যাব লাগিব।

: নোৱাৰোঁ অ’ বসন্ত, তেওঁ যে মোৰ অৰ্ধাংগিনী আছিল।মই আধৰুৱা হৈ ৰলো।কেনেকৈ পাৰ কৰিম জীৱনৰ বাকীখিনি সময়।ভাবি চিন্তি পাৰাপাৰ পোৱা নাই অ’।

তেনে সময়তে ছোৱালীজনীয়ে ট্ৰে এখনত দুকাপ চাহ আৰু বিস্কুট আনি দেউতাক আৰু বসন্তক দিলে। সুনন্দই জীয়েকৰ মুখলৈ চাই ভাবিলে – ছোৱালীজনী ইমান বুজন হ’ল।ইমান কম বয়সতে তাইচোন এতিয়া এজনী গহীন ছোৱালী হৈ পৰিল।মই নজনাকৈয়ে তাই মাকৰ পৰা সকলো কামেই শিকি লৈছে।মাকৰ নিচিনা তায়ো মোক কেতিয়া কি প্ৰয়োজন বুজি উঠিছে।মই নোকোৱাকৈয়ে চাহ বনাই আনিলে।চকুহালি মচি সুনন্দই কৈ উঠিল জীয়েকক -আই ঐ, দে চাহ আনিছ।ঠিক সময়তে আনিলি।চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল বুলি জীয়েকৰ হাতৰপৰা চাহকাপ তুলি ললে সুনন্দই।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *