অদাহ্য
ভূতৰ ওপৰত দানহ পৰাদি পৰা কিঞ্চিত কঠোৰ যেন লগা মানুহকেইগৰাকীক শান্ত ভাৱে আদি কাপোৰৰ বগাসাজযোৰ বিনম্ৰতাৰে উভতাই দি,জীয়েকক মিহি পাৰি দিয়া চাদৰখন খুজিলে সুন্দনাই।কাৰণ মানুহকেইগৰাকীৰ মতে সদায় ন’হলেও সকামলৈকে অন্ততঃ ধকধকীয়া আদি কাপোৰৰ বগাসাজযোৰ পিন্ধিব লাগে। গৌতমৰ অসহনীয় অকাল মৃত্যু শোকৰ মাজতো উক দি উঠা উষ্মাৰ মাজতে সুন্দনাই প্ৰতিবাদৰ এষাৰ নোকোৱাকৈ নাথাকিল, শ্ৰদ্ধাই শ্ৰাদ্ধ;অকল পিণ্ডনহয়।
পানীমেটেকা
বেলকণিৰ কোমল চফাত বহি চুলি মেলি আকাশৰ ফালে চাই থকা গাভৰু গৰাকীৰ প্ৰতি,কবনোৱাৰাকৈয়ে আকৃষ্ট হৈছে ধ্ৰুৱ । ধ্ৰুৱৰ পত্নী ঢুকুৱাৰ দুবছৰ হৈ গ’ল। সকলোৱে অন্ততঃকণমানি ৰাজৰ বাবেই এজনী মাক লাগে বুলি বিয়াৰ বাবে জোৰ কৰিছে।উপান্তৰ ধ্ৰুৱই লাজ লাজ কৈ বৌয়েকক ছোৱালী জনীৰ কথা ক’লে।ধ্ৰুৱই শুনিছিল তেওঁৰ ডিৰ্ভোছ হৈছে।গতিকে এবাৰ চেষ্টা কৰিব পৰা যায়।
বৌয়েকে উত্তৰ দিলে,বিচ্ছেদৰ অলপদিন পাছৰে পৰা ছোৱালীজনী বৰ বেয়াকৈ স্কিজোফেনীয়াত আক্ৰান্ত।নিজকে চম্ভালিব নোৱাৰে তাই।
বিক্ৰিয়া
নতুনকৈ বিয়া কৰাই অনাৰে পৰা তেওঁ দেখি আহিছিল যে সাধ্যনুসাৰে সকলো আনি দিলেও মানুহজনীৰ হেপাঁহ নমৰে । প্ৰথমতে তেওঁৰ বিশেষ একো ভবা নাছিল বৰঞ্চ ভাল লাগিছিল।তেওঁৰ আব্দাৰ, অভাৱ হেপাঁহবোৰক দাম্পত্য জীৱনৰ মধুৰতা বুলি ভাবি লৈছিল।
পাছে সময়ৰ লগে লগে আব্দাৰ, অভাৱবোৰে যেতিয়া তেওঁৰ অতৃপ্তি অপ্ৰাপ্তি,অসন্তোষৰ ৰূপত অনন্ত তৃষাহৈ পৰিল, দাম্পত্য জীৱন মৰুসদৃশ হবলৈ এই এটা কাৰণেই যথেষ্ট পৰিল।পত্নী ডুবিল তৃষাৰ সাগৰত, স্বামী ডুবিল বিতৃষ্ণাৰ সাগৰত।