অসীম তালুকদাৰৰ গল্প ‘যাত্ৰা’

অসীম তালুকদাৰৰ গল্প ‘যাত্ৰা’

স্বাভাৱিক সময়তকৈ গুৱাহাটী অভিমুখী যাত্ৰীবাহী ট্ৰেইনখন আজি দহ মিনিটমান দেৰীকৈ আহিছে৷ গুৱাহাটীত কাম কৰা বহুত মানুহ ৰাতিপুৱা এই ট্ৰেইনখনতেই গুৱাহাটীলৈ যায় আৰু আবেলি ঘূৰি আহে৷ সৰু চহৰ কাৰণে মানুহবোৰে সাধাৰণতে ইজনে সিজনক চিনি পায়৷ আজি ৰৈ থকা জুমটোৰ মাজত দুটা অচিনাকি পৰিয়ালো আছে৷ তেওঁলোকে চহৰৰ কাৰোবাৰ ঘৰলৈ আহিছিল আৰু আজি নিজৰ গন্তব্য স্থললৈ ঘূৰি গৈ আছে৷ এইটো ষ্টেচন আহি পোৱালৈকে ট্ৰেইনখন সাধাৰণতে মানুহেৰে ভৰি যায়৷ সেয়েহে কেতিয়াবা বহিবলৈ ঠাই নাপালেও একো আচৰিত হবলগীয়া নহয়৷ ট্ৰেইনখন আহি পোৱাৰ পাছত মানুহবোৰে উঠিবলৈ খৰখেদা লগালে৷ লগাবলগীয়া কথাই – কিয়নো ট্ৰেইনখন ইয়াত দুই মিনিটমানহে ৰখে৷ পৰিয়াল দুটাও সুকলমে উঠিল৷ তেওঁলোকে সন্মুখা সন্মুখিকৈ থকা তিনিজনীয়া চিট একোটাকৈ অধিকাৰ কৰিলে৷
দুয়োটা পৰিয়াল কম বয়সীয়া৷ ইটো পৰিয়ালে আনটোক চিনি নাপায়৷ ল’ৰা নিহাৰৰ সৈতে পলাশ আৰু পাৰমিতাৰ প্ৰথমটো পৰিয়াল৷ আনটো পৰিয়াল – অশোক, চয়নিকা আৰু তেওঁলোকৰ ছোৱালী দীক্ষিতা৷ নিহাৰ আৰু দীক্ষিতা উভয়ৰে বয়স চাৰি বছৰমান হ’ব৷ স্বাভাৱিকতেই নিহাৰ আৰু দীক্ষিতাই খিৰিকীৰ কাষত বহিছে৷ মাক দুগৰাকী মাজত বহিছে৷ মাক-দেউতাক দুহালে সৌজন্য বিনিময় কৰাৰ প্ৰয়োজন বোধ নকৰিলে৷ গুৱাহাটী পাবলৈ এতিয়াও কমেও আঢ়ৈ ঘণ্টা আছে৷ সময় কটাবলৈ পাৰমিতা আৰু চয়নিকাই নিজৰ নিজৰ ফোন উলিয়াই ল’লে৷ অশোকে কিনি লৈ অহা পেপাৰখন উলিয়াই লৈছে৷ পলাশে চকু দুটা বন্ধ কৰি কিবা ভাবিছে৷
নিহাৰ আৰু দীক্ষিতাই ইজনে সিজনৰ ফালে চাই হাঁহিলে৷ কিন্তু অচিনাকি কাৰো লগত কথা নাপাতিবলৈ দুয়োকে নিৰ্দেশ দি থোৱা আছে৷ গতিকে সিহঁতে কথা পাতিবলৈ সাহস কৰা নাই৷ এবাৰ বাহিৰত কিবা দেখি নিহাৰে উঠি গৈ খিৰিকীৰ কাষত থিয় হৈ বাহিৰলৈ চালে৷ তাকে দেখি দীক্ষিতায়ো উঠিল৷ চয়নিকাই দীক্ষিতাৰ ফালে চাই বহি থাকিবলৈ ইংগিত দিলে৷ তাই পুনৰ বহিল৷ ইফালে পাৰমিতাই ‘নিহাৰ’ বুলি অলপ ডাঙৰকৈ মাতিলে৷ সি চাগে’ সেই মাতটোৰ অৰ্থ বুজি পায়৷ সেমেনা সেমেনিকৈ আহি সি পুনৰ নিজৰ স্থানত বহিল৷ কিছু সময় তেনেকৈ পাৰ হৈ গল৷ দুইটা পৰিয়ালে নিজৰ মাজতেই অলপ অচৰপ কথা পাতিছে৷
আধাঘণ্টামান চলাৰ পাছত ট্ৰেইনখন আহি অলপ ডাঙৰ ষ্টেচন এটাত ৰ’ল৷ ট্ৰেইনখন ইয়াত হেনো দহ মিনিট ৰ’ব৷ ফেৰিৱালাবোৰে দবাটোলৈ সোমাই আহি খোৱা বস্তুকে ধৰি অন্যান্য বস্তুও বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে৷ নিহাৰ আৰু দীক্ষিতাই কৌতূহলী দৃষ্টিৰে ফেৰিৱালাবোৰৰ ফালে চাই ৰ’ল৷ ফেৰিৱালাবোৰৰ পৰা কিবা খাবলৈ দুয়োৰে মন গ’ল৷ নিজৰ নিজৰ মাকক সিহঁতে অনুৰোধ কৰিলে৷ সিহঁতৰ অনুৰোধ পোনচাতেই নাকচ কৰা হ’ল কিয়নো বাটত খাবলৈ তেওঁলোকে বস্তু লৈ আহিছে৷
ট্ৰেইনখন এৰিবলৈ সাজু হৈছে৷ ফেৰিৱালাবোৰ ইতিমধ্যে নামি গৈছে৷ পাৰমিতাই বেগৰ পৰা কেডবেৰী চকলেট এটা উলিয়াই নিহাৰক দিলে৷ তাকে দেখি চয়নিকায়ো বেগৰ পৰা সৰু প্লাষ্টিকৰ টেমা এটা উলিয়াই দীক্ষিতাক দিলে৷ টেমাটোত কেইটামান নাৰিকলৰ লাড়ু আছিল৷ ট্ৰেইনখন লাহে লাহে এৰিছে৷ নিহাৰ আৰু দিক্ষিতাই প্লেটফৰ্মত ইফালে সিফালে দৌৰি থকা মানুহবোৰলৈ চাই আছে৷ বাহিৰৰ পৰা কিবা দৌৰা-দৌৰি আৰু হাই-উৰুমিৰ শব্দও ভাঁহি আহিছে৷ কি ঘটিছে চাবলৈ দুয়ো একেসময়তে খিৰিকীৰ ওচৰলৈ গ’ল৷ বেছিকৈ জুমি জুমি চাই থাকোঁতে কিবাকৈ দীক্ষিতাৰ হাতখন নিহাৰৰ হাতত লাগি চকলেটটো তলত পৰি গ’ল৷ নিহাৰে চিঞৰি উঠিল৷ “মা, মোৰ চকলেটটো তাই পেলাই দিলে৷ তোক মই –৷ ” নিহাৰৰ কথাত থৰ লাগি দীক্ষিতাই তাৰ ফালে চাই থাকিল৷ তাই ভয়ে ভয়ে নিজৰ মাকৰ ফালে চালে৷ কিন্তু বেছি সময় তেনেকৈ নাথাকিল৷ কোনেও তৰ্কিব পৰাৰ আগতেই নিহাৰে দীক্ষিতাৰ হাতৰ পৰা টেমাটো কাঢ়ি লৈ পেলাই দিলে৷ তাৰ পাছত সি দীক্ষিতাক ঠেলিবলৈ আৰম্ভ কৰিলে৷ দিক্ষিতায়ো চিঞৰ এটা মাৰি নিহাৰক ওলোটাই ঠেলিবলৈ আৰম্ভ কৰিলে৷ পাৰমিতা আৰু চয়নিকাই প্ৰায় লগে লগে টানি নিজৰ সন্তানক নিজৰ ওচৰলৈ লৈ গ’ল৷ ইমান সময়ে আওকাণ কৰি থকা পলাশ আৰু অশোকেও ঘটনাটো বুজিবলৈ চেষ্টা কৰিলে৷ কেই ছেকেণ্ডমানৰ নীৰৱতা৷ প্ৰথমতে দুইটা পৰিয়ালৰ নিজৰ মাজত ঘটনাটোৰ বিষয়ে কথা হ’ল৷ তাৰ পাছত পাৰমিতাই ভোৰভোৰাই উঠিল – “ল’ৰা ছোৱালীক অলপ ব্যৱহাৰ শিকাব লাগে৷ ” কথাষাৰ চয়নিকাৰ কাণত নপৰাকৈ নাথাকিল৷ চয়নিকাই নিজকে কোৱাৰ নিচিনাকৈ ক’লে – “লাড়ুকেইটা যেন বতাহতহে পৰি গৈছিল৷ ”
ঃ আৰম্ভ কোনে কৰিছিল বা!
ঃ আমাৰ ছোৱালীয়ে কাঢ়ি লৈ পেলাই দিয়া নাছিল নহয়৷ আমাৰ ঘৰত আমি তেনে ধৰণৰ শিক্ষা কাকো নিদিওঁ৷
ঃ আমিও ল’ৰাক ভালেই শিক্ষা দিছোঁ৷ অন্যায়ৰ প্ৰতিবাদ কৰিবলৈও আমি মা-দেউতাৰ পৰাই শিক্ষা পাইছিলোঁ৷ আমিও সন্তানক সেই একেই শিক্ষা দিছোঁ৷
ঃ ন্যায় আৰু অন্যায়ৰ পাৰ্থক্যও বুজি পোৱা উচিত৷
তেতিয়াই চাফাই কৰ্মচাৰী এজন আহি পালে৷ চয়নিকা আৰু পাৰমিতাৰ ভোৰভোৰণি বন্ধ হ’ল৷ কৰ্মচাৰীজনে পৰি থকা চকলেটটো আৰু লাড়ুকেইটা উঠাই পেকেট এটাত ভৰালে৷ তাৰপিছত ঠাইখিনি অলপ চাফা কৰি তেওঁ গুচি গ’ল৷ তাৰ পাছত পাৰমিতা আৰু চয়নিকাৰ ভোৰভোৰণি পুনৰ আৰম্ভ হ’ল৷ মাজতে নিহাৰ আৰু দীক্ষিতাই নিজৰ নিজৰ মাকৰ পৰা সামান্য ধমকিও খালে৷ দুয়ো ভয়ে ভয়ে একো নোকোৱাকৈ বহি থাকিল৷ ইমান সময়ে পলাশ আৰু অশোকে একো মতা নাছিল৷ এইবাৰ অশোকে পত্নী চয়নিকাৰ ফালে চাই কৈ উঠিল- “দীক্ষিতাৰ কাৰণে লৈ অহা কেডবেৰী আছে নহয়৷ দি নিদিয়া কিয়? এটা কিয় দুটা দি দিয়া? ”

অশোকৰ কথা শুনি পলাশে জকজকাই উঠিল৷
ঃ কি কৈছে আপুনি? কেডবেৰীৰ দামৰ কথা ভাবি আমি কথা কোৱা নাই নহয়? আমি কেডবেৰী কিনিব নোৱাৰো বুলি ভাবিছে নেকি? ধনী নহ’ব পাৰোঁ কিন্তু নিয়মীয়াকৈ দৰমহা পাওঁ৷ চৰকাৰী চাকৰি কৰোঁ৷ মোৰ পত্নীও হাইস্কুলৰ টেট শিক্ষয়িত্ৰী৷
ঃ আপুনি চকলেট কিনিব নোৱাৰে বুলি মই কেতিয়া কলোঁ? আৰু চৰকাৰী চাকৰি অকল আপুনিহে কৰে নেকি? ময়ো চৰকাৰী চাকৰিয়াল৷

এইবাৰ চয়নিকাই ক’লে – “ময়ো যোৱা চাৰি বছৰৰ পৰাই হাইস্কুলৰ টেট শিক্ষয়িত্ৰী৷ অন্য এটা কথা৷ এই চকলেটবোৰ বজাৰত সহজেই কিনিবলৈ পোৱা যায়৷ কিন্তু নাৰিকলৰ লাড়ুকেইটা মোৰ মাহীয়ে নিজে মৰমতে বনাই দিছিল৷ ”
একে সুৰতে পাৰমিতায়ো কৈ উঠিল – “আমিও লাড়ু-পিঠা বনোৱা ঘৰতে জন্ম লৈছোঁ৷ আমাৰ দুইখন ঘৰতে সেইবোৰ বস্তু অলপ চলপ নহয়, ভালকৈয়ে বনায়৷ ”
এনেকৈ তেওঁলোকৰ মাজত কিছুসময় কথাৰ আদান প্ৰদান চলি থাকিল৷ এটা সময়ত পাৰমিতা আৰু চয়নিকা উভয়েই ফোন খুলি লৈ ফেছবুকত “ট্ৰেইনত অভদ্ৰ পৰিয়ালৰ সৈতে ভ্ৰমণ কৰা অভিজ্ঞতা” সম্পৰ্কীয় এটাকৈ পোষ্ট কৰিলে৷
কিছু সময় পাৰ হৈ গ’ল৷ গোটেই সময়খিনি নিহাৰ আৰু দীক্ষিতা উভয়েই চুপচাপ বহি থাকিল৷ চয়নিকাই বেগৰ পৰা দুটা কেডবেৰী উলিয়াই দীক্ষিতাৰ হাতত দিলে৷ সেই সময়তে পাৰমিতাই নিহাৰক খেলিবলৈ বেটেৰীত চলা গাড়ী এখন উলিয়াই দিলে৷
এটা চকলেট নিহাৰৰ ফালে আগবঢ়াই দি দীক্ষিতাই ক’লে – “খাবা? ” নিহাৰে মূৰ দূপিয়াই চকলেটটো খুলি নিজৰ মুখত ভৰালে৷ চকলেট খাই খাই সিহঁতে ইজনে সিজনলৈ চাই হাঁহিলে৷ মাক-দেউতাকহঁতৰ মাত বন্ধ হ’ল৷ চকলেট খোৱা শেষ হোৱাৰ পাছত নিহাৰে গাড়ীখন দেখুৱাই দীক্ষিতাই খেলিব নেকি ইংগিতেৰে সুধিলে৷
চিট দুটাৰ মাজৰ ঠাইখনলৈ দুয়ো গ’ল৷ নিহাৰে দীক্ষিতাক প্লাষ্টিকৰ সৰু বোৰ্ড এখন দি বিশেষ ধৰণে ধৰি থাকিবলৈ শিকাই দিলে৷ তাৰ পাছত সি গাড়ীখনৰ চুইচ এটা টিপিলে৷ গাড়ীখন নিজে নিজে চলি গ’ল৷ দীক্ষিতাই ধৰি থকা বোৰ্ডখনত খুন্দা মৰাৰ পাছত লুটি বাগৰ এটা মাৰি এইবাৰ গাড়ীখনে ওলোটা দিশলৈ গতি কৰিলে৷ দীক্ষিতাৰ পৰা বোৰ্ডখন লৈ এইবাৰ নিহাৰে গাড়ীখনৰ বাট ভেটি ধৰিলে৷ বোৰ্ডখনত খুন্দা মাৰি পুনৰ গাড়ীখনে দিশ সলালে৷ দীক্ষিতাই আনন্দতে কিৰিলি পাৰি উঠিল৷ খেলটো সিহঁতে কিছুসময় খেলি থাকিল৷ নিহাৰে দীক্ষিতাক গাড়ীখনে কৰিব পৰা অন্য কাম দুটামানো দেখুৱাই দিলে৷
অলপ পাছত খেল বন্ধ কৰি দুয়ো নিজৰ নিজৰ চিটত বহিল৷ নিহাৰৰ ফালে চাই দীক্ষিতাই সুধিলে –
ঃ তোমাৰ নাম কি?
ঃ নিহাৰ৷ তোমাৰ?
ঃ দীক্ষিতা৷
ঃ ফ্ৰেণ্ডছ?
ঃ ইয়েছ৷
সোঁহাত দুখন দাঙি দুয়ো আগবাঢ়ি আহিল৷ হাত দুখনে লাহেকৈ চুলে৷
ঃ তোমালোক আমাৰ ঘৰলৈ আহিবা৷
ঃ আহিম৷ তোমালোকো আহিবা৷
দুয়োজনে খিলখিলাই হাঁহি উঠিল৷

মাক-বাপেক দুহালে ঘটনাটোক আওকাণ কৰিবলৈ অন্য ফালে চালে৷ টলষ্টয়ৰ গল্প এটাৰ কথা মনত পৰি ভিতৰি ভিতৰি সিহঁত লজ্জিত হ’ল৷

গল্পকাৰৰ ঠিকনা
মেডিচনভিল, কেণ্টাকী
আমেৰিকা যুক্তৰাষ্ট্ৰ

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *