সিদ্ধান্ত

সিদ্ধান্ত

 

সকলো আচৰিত হোৱাৰ পাল। ৰাজহুৱা সভাঘৰটোত কেৱল বয়সস্থখিনিহে উপস্থিত হৈছে। গোটেই বছৰটো উছাহেৰে ৰৈ থকা ডেকা-গাভৰুখিনিৰ এইবাৰ কি হ’ল?

‘ম’বাইলেই সকলো শেষ কৰিলে। সংস্কৃতিভাগ ৰক্ষা কৰোঁতা আৰু নোলাব।’ হা-হুমুনিয়াহেৰে সভাঘৰটো ভৰি পৰিল।

গাঁ‌ওখনৰ যিকোনো সমস্যা সমাধানৰে শেষ আশাৰ থলী শতবৰ্ষ গৰকা বৰা নামঘৰীয়ালৈ সকলোৱে আগ্ৰহেৰে চালে।

পাছদিনা নিজ নিজ ভাওবোৰ লৈ ডেকা-গাভৰুহঁ‌তে আখৰা-গৃহ ৰজনজনাই তুলিলে।

এইবাৰৰ ৰাসত বোলছবি তাৰকাৰ ভিৰ দেখা নাযাব।

অংশুমান ভূঞা
চামতা, নলবাৰী
৬০০২৯৯৪৯৮০

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *