বাপুকণ

বাপুকণ

দৰ্শনা কলিতা

“বাপুকণ ল’ৰাটো অঁকৰা, বৰ অজলাও ! নহ’লেনো ককায়েক-বৌৱেকে তাক এনেকৈ বোৱাইনে?”

আঘোণীবায়ে তামোলৰ সেলেঙী বোৱাই ৰাঙলীৰ মাকক কথাষাৰ কয়।

ৰাঙলীৰ মাকে হুমুনিয়াহ এৰে । কেনেকৈনো কয় কিমান ৰাতি জীয়েক ৰাঙলীৰ উচুপনি তাই শুনিছে। সেই চকুপানী যে বাপুকণৰ বাবেই মাক হৈ তাই বুজে । বাপুকণৰো ৰাঙলীক ভাল লাগে । কিন্তু বৌয়েকক তাইৰ কথা ক’লে ভেকাহি মাৰি উঠে বাবেহে সি আৰু আগবাঢ়িব নোৱাৰে ।

দিন-ৰাতিৰ চক্ৰবোৰ ঘূৰি থাকে । দিনবোৰ মাহ হয়,মাহবোৰ বছৰ । সময় নিৰৱধি নদী এখনৰ দৰেই প্ৰৱাহিত হৈ গৈ থাকে। সকলোতে পৰিবৰ্তন হয় । মাথোঁ বাপুকণৰ জীৱনত একো পৰিবৰ্তন নহয় । ঘাটমাউৰা বাপুকণে ককায়েক-বৌয়েকৰ সংসাৰখনকে নিজৰ সংসাৰ বুলি ভাবে । পুৱাৰ পৰা সন্ধিয়ালৈকে সি পথাৰত কাম কৰে । শাক-পাচলি, ধান বেচি যি দুটকা পায় সেয়া ঘৰলৈকে বজাৰ কৰি আনে । নানিনো পাৰেনে?বৌৱেকে বজাৰৰ লিষ্টখন আনিচোন তাৰ হাততহে তুলি দিয়েহি । ককায়েকৰ নানা অজুহাত দেখুৱাই বৌৱেকে তাৰ পৰা বস্তুখিনি সৰকাই লয় । দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ এনেদৰেই ঘূৰে। বাপুকণে গণনা কৰে তাৰ বয়স দুকুৰি চাৰি বছৰ হ’লহি । কিন্তু বৌয়েকহঁতে তাৰ বিয়াৰ কথা চিন্তাই নকৰে । মানুহক দেখুৱাই ছোৱালীৰ খবৰ কৰে যদিও মনেৰে বিচাৰে সি যেন বিয়া নাপাতক । বাপুকণে ৰাতি ৰাতি উদং বিচনাখনত বাগৰ সলায়, দেহৰ ভোকত কাতৰ হয়, কেতিয়াবা কান্দে, কেতিয়াবা মাকৰ ফটোখনৰ আগত মাজৰাতি উচুপি মোক এৰি থৈ কিয় গ’লিগৈ বুলি অভিমান কৰে । পুৱালৈ কথাবোৰ সহজ হৈ পৰে ।বৌৱেকে তাৰ সকলো যতন ৰাখে, কেতিয়াবা যেন জোখতকৈয়ো বেছিকৈ মৰম কৰে তাক। বাপুকণৰ কাপোৰ ধুই দিয়ে, বিচনা পাৰি দিয়ে , মূৰৰ বিষ হ’লে মালিচ কৰি দিয়ে । বাপুকণে বৌয়েকক দেৱী হেন দেখে । কেতিয়াবা অৱশ্যে বৌয়েকৰ মৰমবোৰ বাপুকণৰ কিবা অখজা অখজা যেনো লাগে । বৌয়েকৰ মনৰ কুটিল কথাবোৰ বাপুকণৰ সৰল মনটোৱে যে বুজি নুঠে । ডং ডং কৰে ডেকা ল’ৰাটোৱে অকল বৌয়েকহঁতৰ আশাত নিজে ছোৱালীৰ খবৰ নকৰে । কোনোবাই ছোৱালীৰ খবৰ আনিলেও নানা অজুহাত দেখুৱাই বৌয়েকে ছোৱালীজনী নাকচ কৰে । বাপুকণে কেতিয়াবা ভাবে , বৌয়েকে চাগে তালৈ দিপলীপ ছোৱালী এজনী চাই বিয়া কৰাই দিব । ৰাজকুঁৱৰীলৈ বাট চাই চাই বপুকনৰ ভাগৰ লাগে । কিন্তু তেনে এটা দিন বাপুকণৰ জীৱনলৈ নাহে । গোটেই ঘৰৰ সকলো খৰচৰ বোজা বাপুকণৰ মূৰত দি ককায়েক-বৌয়েকে নিজৰ আৰ্জনখিনি সাঁচি ৰাখে । বাপুকণে তাৰ উমানকে নাপায় । বাপুকণ এদিন নহ’লেই ঘৰ নচলে । বাপুকণে সেই কথা গাঁৱৰ মানুহক কৈ অহংকাৰ কৰে, মানুহবোৰে কিন্তু তাক কয় , ইমানো সৰল নহ’বি বোপাই, খুলি খুলি খাব তোক, খাবলৈ বাকী আছেগৈ জানো? আজিৰ যুগত ইমানো সৰল মানুহ আছেনে যি নিজৰ ভৱিষ্যতৰ কথা নাভাবি অকল আনৰ সংসাৰ চলাই থাকে?
“তোৰ বিয়াখনৰ কথা নাভাব কিয়? তোৰ বয়স কিমান হ’লগৈ হিচাপ ৰাখিছনে?” মানুহবোৰৰ কথাবোৰ বাপুকণৰ ভাল নালাগে । কিয় আহঁ ফলা কথাবোৰ কয় বাৰু মানুহে ।

আজি বাপুকণৰ ভতিজাজনী পুষ্পিতা হ’ল । বাপুকণে ভাবিলে, ককায়েকচোন তাতকৈ দুবছৰৰ হে ডাঙৰ আছিল। তাৰ ছোৱালী গাভৰু হ’লহি আৰু মোৰ..! হুমুনিয়াহ হৈ সৰিল তাৰ দুখবোৰ।

বৌয়েকৰ ব্যস্ততাৰ শেষ নাই ।বৌয়েকে বৰ মৰমেৰে বাপুকণক বিয়াৰ বজাৰৰ লিষ্টখন, কইনাৰ পাটৰ কাপোৰ সাঁজ, তাইৰ ব‍াবে সোণৰ আঙঠি, কাণফুলি এইবোৰৰ লিষ্টখন বাপুকণক দিলেহি। বাপুকণে গহীন মন এটাৰে লিষ্টখন হাত পাতি ল’লে।

বজাৰ কৰিলে । সোণৰ বস্তুকেইপদো কিনিলে। তাৰ পিছত বজাৰখিনি আৰু পাটৰ কাপোৰযোৰ কিনি সি গাঁৱলৈ বুলি উভতিল । কাপোৰযোৰ আটোমটোকাৰিকৈ লৈ সি ৰাঙলীৰ ঘৰৰ জপনা খুলি সোমাই গ’ল । বাপুকণৰ মনটো ফৰকাল হৈ পৰিল।এৰা, বিয়াখন হ’ব। এইখিনি বস্তুৰে সৈতে ৰঙিলীক সি ৰঙা ফোট এটা দিব।ককায়েক-বৌয়েকৰ চতুৰালি ধৰা পেলাবলৈ তাৰ যে ইমান বছৰ লাগিল তাৰ বাবে সি নিজকে ধিক্কাৰ দিলে ।

বৌয়েকে তালৈ কেইবাবাৰো ফোন কৰিলে। সি ৰিচিভ নকৰি লাহেকৈ নম্বৰটো ব্লেক লিষ্টত থৈ দিলে ।

ভিতৰলৈ সোমাই যাওঁতে সুমথিৰাৰঙী বেলিটোৰ আভায়ে তাৰ মুখখন ৰঙীন কৰি তুলিলে । মনটোত এক অজান পুলক লৈ ৰাঙলী ৰাঙলীকৈ মাতি সি ভিতৰলৈ সোমাই গ’ল ।….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *