ধুলিয়ৰি বাট জীৱনৰ

ধুলিয়ৰি বাট জীৱনৰ

 

সৌৰভ ৰায় মেধী

নিজৰ সম্ভানক ইঞ্জিনীয়াৰিঙ কলেজৰ ছাত্ৰাবাসত ভৰ্ত্তি কৰাই দি অহাৰ পিছৰ পৰাই এক অজান আশংকাত হিতেশ বৰাৰ মনটো অশান্ত হৈ আছে যদিও একালত নিজে পঢ়া কলেজখনত সন্তানক ভৰ্ত্তি কৰাই দি এক অবুজ আনন্দত মনটো ভালো লাগি আছে। কিন্তু তৎমুহূৰ্ততে আকৌ ছাত্ৰাবাসটোৰ নিশাৰ পৰিবেশৰ কথা ভাবি চাই সন্তানৰ ভৱিষ্যতকলৈ শংকিতও হৈ পৰে মাজে মাজে।

এনে শংকাৰ কাৰণ নথকাও নহয়। কলেজত থকা সেই দিনকেইটাত সকলো নৱাগতৰ কাৰণে তেওঁ আছিল এক সন্ত্ৰাসৰ কাৰণ। কনিষ্ঠ সকলৰ ওচৰত হিতেশ চাৰ বুলিহে তেওঁৰ চিনাকী। কলেজত নাম ভৰ্ত্তিৰ পিছৰে পৰাই চিনাকী হোৱাৰ ন ন পদ্ধতিৰে নৱাগতসকলক এক প্রকাৰ দাসত্বৰ শিকলীৰে বান্ধি থৈছিল।

“ও ল’ৰাহঁত ক’ৰপৰা আহিছ। চিনিয়ৰক কেনেদৰে ব্যৱহাৰ কৰিব লাগে নাজান?” কৰিডৰৰ মাজত তিনিজন অচিনাকী নৱাগতক উদ্দেশ্যি হিতেশ বৰাৰ ৰূঢ় বাক্যবাণ। যেন নৱাগতকেইজনে কলেজখনত পঢ়িবলৈ আহি এক অক্ষমনীয় অপৰাধহে কৰিছে।

“মোৰ ৰূম নম্বৰ ১৩, ৰাতি আজি ডিনাৰৰ পিছত তহঁতে মোৰ ৰূমলৈ আহিবি”।

তেতিয়া নিশা প্রায় ১১ টা মান বাজিছে। নৱাগত তিনিজনে চুচুক চামাককৈ আহি ৰূম নম্বৰ ১৩ ৰ সন্মুখত থিয় হ’ল। ঠিক যেনিবা মৃত্যুদণ্ডৰে দণ্ডিত কোনো কয়দীয়ে ফাঁচীকাঠৰ সন্মুখতহে ঠিয় দিছেহি । তাতে সিহঁতে হিতেশ বৰাহঁতৰ চিনাকী হোৱাৰ আজৱ পদ্ধতিৰ বিষয়ে ইতিমধ্যেই অৱগত।

“কাম ইন” ভিতৰৰ পৰ| অহা সেই কৰ্কশ বাক্যবাণটো কানত পৰাৰ লগে লগে তিনিওজনৰ সৰ্বশৰীৰ ওপৰেদি যেন বিষাক্ত সাপ এডাল পাৰ হৈ গ’ল। কোঠাটোৰ পৰিৱেশ ধুৱলী কুৱলী। বিভিন্ন ব্ৰাণ্ডৰ চিগাৰেটৰ হাওঁফাওঁ জ্বলি যোৱা গোন্ধ আৰু ধোঁৱাৰে কোঠাটোত এক মায়াময় পৰিবেশ। লগতে বাজি আছে কোনো বিদেশী বেণ্ডৰ অখ্যাত সংগীত।

গাঁৱৰ মুকলি পৰিৱেশত উশাহ লৈ ডাঙৰ হোৱা নৱাগত তিনিজনৰ সোমায়েই কাহি কাহি অৱস্থা কাহিল হ’ল।

“যত চব বেমাৰী, কাহ বন্ধ কৰ নহ’লে একেপাত চৰতে কাহ টিকাই দি উলিয়াই দিম।”

এয়া আছিল সিহঁতৰ চিনাকী হোৱাৰ প্ৰথম পৰ্ব।

“ওঁ পোৱালীহঁত মোক চিনি পাইছ?” প্রশ্নকৰ্ত্তাৰ তীৱ বাক্যবাণত তিনিওৱে মূৰ তুলি চালে।

“ই…….হ……হয় চাৰ! আপুনি হিতেশ চাৰ।”
ৰাতিৰ ঘিটমিটিয়া অন্ধকাৰত কাৰোবাৰ হাতৰ স্পৰ্শত উচপ খাই উঠিলে মাতটো যেনেদৰে কঁপি উঠে তেনেদৰে তিনিওজনৰ এক অস্ফূট উত্তৰ শুকান কণ্ঠৰ পৰা নিগৰি আহিল। লাহে লাহে হিতেশ চাৰৰ লগত থকা বাকী দুজন চিনিয়ৰ চাৰকো সিহতে স্পষ্ট ৰূপত দেখা পালে।

“গ’ পোৱালীহঁত, তিনিওজন এই পকাখনত বহি ল’। এতিয়া তহতৰ চিনাকী দে।”
জানুৱাৰী মাহৰ তীব্ৰ শীতত বৰফ সদৃশ হৈ পৰা শুদা পকাখনত বহি পৰাৰ লগে লেগ সিহতৰ শৰীৰৰ সমগ্ৰ ৰক্তপ্রৱাহ গোট মৰাৰ উপক্ৰম হ’ল।

এজনে প্রচণ্ড শীতত ৰ’ব নোৱাৰি ঠিয় দিব খোজোতেই হিতেশ চাৰে কম্বলৰ ভিতৰৰ পৰাই তাৰ কঁকালত গোৰ শোধাই দিলে। ভাগ্যক্ৰমেহে সি বেৰত মুখখেকেচা খাই নপৰাকৈ থাকিল।

“অ’ হাৰামী কা আউলাদ, তহঁতৰ ঠাণ্ডা লাগিছে? ৰ অলপ গৰম কৰা৷” এইবুলি হঠাৎ হুপি থকা জ্বলন্ত চিগাৰেটটোৰে তিনিওজনৰ তপিনাত গুঁজি দি এক পাশৱিক আনন্দত চিঞৰি উঠিল। ৷

“মা মই মৰিলো!” এক কাতৰ চিৎকাৰত বন্ধ কোঠাটোৰ বেৰসমূহ ৰজনজনাই গ’ল। ৰমেন বোলাজনে হুকহুকাই কান্দি পেলালে। যাক আজিলৈকে ভুলতেও মাক-দেউতাকে চিকুটি পোৱা নাই, ক’ৰবাৰ পৰা আহিলে মাকে তপককৈ চুমা এটা খায় তাক লৈ ব্যস্ত হৈ পৰে, তেনে এজন ল’ৰাৰ ওপৰত কৰা এনে মানসিক আৰু শাৰিৰীক অত্যাচাৰত ৰমেনৰ এইখন কলেজলৈ অহাৰ বাবে নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে।

“ৰ কুকুৰহঁত, কান্দি দেখুৱাই লাভ নাই। এই কলেজত পঢ়িবলৈ আহিছ যেতিয়া আমাৰ চিনিয়ৰৰ কথা মতে চলিবই লাগিব। যদি কিবাকৈ ৱাৰ্ডেনৰ ওচৰত কমপ্লেইন দিয়া বুলি গম পাওঁ, শুনি ল’ তহঁতৰ ডেডবডি ঘৰ পৌহচি যাব ।”

“এতিয়া আমাৰ তিনিওৰে বডি মালিচ কৰ ।”
হিতেশ চাৰৰ এক তালিবানী ফৰমান। ভৰিৰ পৰা মূৰলৈ মালিচ কৰি থাকোতে চাৰহঁতৰ প্রতিবাৰতে নতুন দাবী।

“কি মালিচ কৰিছ? অলপ তললৈ… আৰু তললৈ…”

ৰমেনহঁতৰ হাতৰ স্পৰ্শ সিহঁতৰ শৰীৰৰ স্পৰ্শকাতৰ অংশত পৰাৰ লগে লগে চাৰহঁতৰ মুখেৰে চৰম সুখৰ
অভিব্যক্তি ফুটি ওলাল।

“উস। বঢ়িয়া আৰু অলপ জোৰে…..।”
ৰমেনহঁতে আৰু নোৱাৰিলে। তীব্ৰ মানসিক চাপত ভাৰাক্ৰান্ত হৈ সিঁহতৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। এক মুহূৰ্ত্তও বিলম্ব নকৰি একে দৌৰে তিনিওটাই নিজৰ কোঠা পালেহি।

ৰমেনৰ বিচনাত পৰি চকুমুদাৰ লগে লগে সেই দৃশ্যটো বাৰে বাৰে ভাঁহি উঠে। ভাতৰ কাঁহীখন আগত লোৱাৰ লগে লগে ওকালি আহে। ইমান মানসিক যন্ত্ৰণা তাৰ কোমল হৃদয়ে সহ্য কৰিব নোৱাৰে। লাহে লাহে লগৰবোৰৰ লগতো মাত কথা কমি আহিল।

“সোন, তুমি দেখোন ফোন কৰা নাই। কিবা গা-চা বেয়া নেকি?” সেইফালৰ পৰা মাকৰ মৰম সনা সুৰ।

“নাই এনেয়ে, অলপ ব্যস্ত হৈ আছো।” কণ্ঠস্বৰত নাই কোনো আবেগ। এনেও তাৰ ইঞ্জিনীয়াৰিঙ পঢ়াতো প্রথম পচণ্ড নাছিল। ঘৰৰ সকলোৰে ইচ্ছাত তাৰ সপোন ক’ৰবাত চেপি ৰাখি প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহিছে। হিতেশ বৰাহঁতৰ নিচিনা ছাত্ৰই ধন আৰু ৰাজনৈতিক প্রতিপত্তিৰ বাবে ইমান অক্ষমনীয় অপৰাধ কৰিও বাৰে বাৰে সাৰি যায়। লাহে লাহে ৰমেনহঁতৰ ওপৰত শাৰিৰীক আৰু মানসিক শোষণ বাঢ়ি গ’ল। ৰমেনৰ নিচিনা কোমল হৃদয়ৰ ল’ৰাই এনে অত্যাচাৰত হাৰ মানি জীৱন যুদ্ধৰ পৰাই পলায়ন কৰিলে। সেই দিনটোৰ দৃশ্য হিতেশ বৰাৰ আজিও ভালদৰে মনত আছে। বগা কাপোৰেৰে ঢকা ৰমেন নামৰ অখ্যাত মেধাবী ছাত্ৰজনৰ মৃতদেহত সিহঁতৰ কৃত্ৰিম শ্রদ্ধাঞ্জলী। সময়ে মানুহৰ জীৱন সলনি কৰে। এটা সময়ৰ উদণ্ড হিতেশ বৰা আজি চৰকাৰী বিবয়া। তেওঁৰ একমাত্ৰ ল’ৰা আদিত্য তেওঁৰ পৰিয়ালৰ আটাইৰে চকুৰ মনি। মাক-দেউতাকৰ অত্যাধিক মৰমত ডাঙৰ হৈছে সি। হোষ্টেলত ৰাখি অহাৰ পিছৰে পৰাই মাকে খাবলৈ শুবলৈ পাহৰিছে। আদিত্যই ব্যৱহাৰ কৰা বস্তু বিলাককে মাকে বহুসময় লিৰিকি বিদাৰি স্মৃতিৰ এক অন্য পৃথিৱীত বিচৰণ কৰি থাকে। নিশা প্রায় এক মান বাজিছে। হিতেশ বৰা আৰু তেওঁৰ পৰিবাৰৰ টোপনি ভাগি “জয় গনেশ জয় গনেশ” ৰিংটোনটো সজোৰে বাজি উঠিল। একে জাপে বৰা আৰু তেওঁৰ পত্নী উঠি ফোনটোত টিপা মাৰিলে। সেইফালৰ পৰা পুত্ৰ আদিত্যৰ কান্দোনত ভাগি পৰাৰ মাত।

“মা, দেউতা। মই আৰু নোৱাৰিছো। চিনিয়ৰে মোক বেল্টেৰে বহুত কোবাইছে। মোক জোৰ জৱৰদস্তি মদ খুৱাই দিছে। এজনে মোৰ মুখত থুৱাই দিছে। এনেকৈ থাকিলে মই মৰি যাম, তোমালোকে কিবা এটা কৰা।” শেষলৈ তাৰ কান্দোনৰ বাহিৰে কোনো কথাই স্পষ্ট নহ’ল। গোটেই নিশা বৰা আৰু পত্নীয়ে তীব্র মানসিক যন্ত্ৰণাত উচ্‌পিচাই থাকিল।

বৰাৰ আজি ভাব হ’ল যদি ৩৫ বছৰ আগতে এই মানসিক পীড়া অনুধাৱন কৰিলে হয়, হয়তো ৰমেনৰ নিচিনা শান্ত শিষ্ট ল’ৰাটোক আজি কোনো চৰকাৰী উচ্চ পদস্থ বিষয়া হিচাবে লগ পালেহেতেন।

কলেজ কৰ্ত্তৃপক্ষকো এই বিষয়ে জোৰ কৰিব নেৱাৰে। কাৰণ হিতেশ বৰাহঁতৰ সেই সময়ৰ আচৰণ পুৰণি ফাইলত এতিয়াও বিদ্যমান।

গোটেই ৰাতি হিতেশ বৰাই গোসাইঘৰত কান্দিছে। তেওঁ কৰা দোষৰ বাবে পুত্ৰক শাস্তি নিদিবলৈ ভগবানৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিছে। এই কাল ৰাতিটো পাৰ হলেই পুত্ৰক ঘৰলৈ ওভতাই আনিব।

তেওঁ ভগবানৰ ওচৰত আৰু পত্নীৰ সম্মুখত প্রতিজ্ঞা কৰিলে আজি ইমান বছৰ পিছত হলেও ৰমেনৰ পৰিয়ালক লগ ধৰিব, তেওঁৰ অপৰাধ অকপটে স্বীকাৰ কৰিব, ভৱিষ্যতে ৰেগিং নামৰ এই বিষবৃক্ষডাল নিৰ্মূল কৰাৰ কাৰণে যি কৰিব লাগে তাকেই কৰিব আৰু ৰমেনৰ স্মৃতি জীয়াই ৰখাৰ বাবে পৰিয়ালে যি ধৰণে বিচাৰে সেই মতেই কৰিব। যদি ৰমেনৰ মাক-দেউতাকে ক্ষমা কৰে তেতিয়াহে হিতেশ বৰাৰ বাবে হ’ব পাপৰ প্রকৃত প্ৰায়শ্চিত্ত।

জীৱনৰ এই ধূলিয়ৰি বাটত এক আশাৰ সন্ধানত বাহিৰৰ পৃথিৱীলৈ অপলক দৃষ্টিৰে হিতেশ ববাই কিছুসময়
চাই ৰ’ল। পুৱাকাশ লাহে লাহে সূৰ্য্যৰ ৰক্তিম কিৰণেৰে উদ্ভাষিত হৈ উঠিছে।

ভ্ৰাম্যভাষ ৮৮২২৩-২৪২৯০

(কাহিনীৰ পাত্ৰ আৰু নামসমূহ সম্পূৰ্ণ কাল্পনিক)

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *