মৈত্ৰেয়ী শৰণীয়া
প্রকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । সেয়ে সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ— যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ৷ এই আলোচনাত মূল্যবোধৰ ধাৰণাক বিভিন্ন দৃষ্টিকোনেৰে আলোচনা কৰিবলৈ যত্ন কৰা হৈছে ।
আদৰ্শবাদী দাৰ্শনিকসকলৰ দৃষ্টিত মূল্যবোধ
আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ , যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।
ভাৰতীয় দৰ্শনত মূল্যবোধৰ শ্ৰেণীবিভাগ
ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দর্শন । সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়ােজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে । ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ , কৰিছে । সেই চাৰিটা হল—
( ১ ) ধর্ম ।
( ২ ) অর্থ ।
( ৩ ) কাম আৰু
( ৪ ) মােক্ষ ।
প্ৰকৃত মূল্যবোধৰ ধাৰণা
প্রকৃততে মূল্যবােধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । কাৰণ মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধক বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি কব নােৱাৰি ; কিন্তু প্রয়ােজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে , তেনে কার্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ।
মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি, যিবােৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ । সমাজত প্রচলিত ধর্মীয় বিশ্বাস, জীৱন – দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ – ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাৱলী এই সকলােবােৰ মূল্যবােধে সামৰি লয় । সমাজৰ পৰিৱেশ আৰু প্রয়ােজনীয়তা সাপেক্ষে মূল্যবােধৰাে পৰিৱর্তন হয় । সমাজত পৰিৱৰ্তনৰ লগে লগে নতুন মূল্যবােধৰ সৃষ্টি হয় ।
আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধৰ ধাৰণা
ভাৰতীয় সমাজ – সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ । আধ্যাত্মিক মূল্যবােধৰ লগত ধর্মীয় মূল্যবােধৰ সম্পর্ক আছে । আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত । আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে । মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে । আধ্যাত্মিক মূল্যবােধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীতিপৰায়ণ আৰু অনৈতিক । আধ্যাত্মিক মূল্যবােধ বিকাশ হ’ব, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযােগিতা, সহমর্মিতা, অহিংসা ভাব, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ’ব । মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “কুকুৰ শৃগাল গর্দভৰাে আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম ।”
নন্দন তাত্ত্বিক মূল্যবােধ
নন্দনতাত্ত্বিক মূলবােধক আন কথাত সৌন্দর্যবােধ বুলি ক’ব পাৰি । কিছুমান পণ্ডিতে মত প্রকাশ কৰে যে নন্দনতাত্ত্বিক মূল্যবােধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযােজ্য , অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়ােগ কৰিব নােৱাৰি । কিন্তু মানুহে সকলাে ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে । সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায় । মানৱ জীৱনৰ তিনিটা মূল মূল্যবােধ হৈছে—
( ক ) সত্য ।
( খ ) শিৱ আৰু
( গ ) সুন্দৰ ।
এই সুন্দৰৰ মূল্যবােধেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধ । নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তােলে । জীৱন্ত বা জড় সকলাে বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে । মানুহৰ সকলাে কার্য একেটা চকুৰে চালেও মনােযােগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ । পর্যায়ত মূল্যায়ন কৰা হয় । গতিকে, মনােযােগেই হৈছে নন্দনতাত্ত্বিক মূল্যবােধৰ চাবি কাঠী ।
চিৰন্তন মূল্যবোধ
আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ ; যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।
নৈতিক মূল্যবােধৰ ধাৰণা
যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি – নিয়ম আৰু আদর্শ জড়িত হৈ থাকে, সেয়ে নৈতিকতাই সমাজৰ ৰীতি – নীতি মানি চলাটোকে বুজায় । সমাজৰ গ্রহণযােগ্য নীতি নিয়ম, আচাৰ – ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয় । নৈতিক মূল্যবােধে মানুহক প্রভাৱিত কৰে আৰু সামাজিক , অর্থনৈতিক , সাংস্কৃতিক , ৰাজনৈতিক , প্রশাসনিক আদি সকলাে ক্ষেত্রতে ইয়াৰ প্রতিফলন হয় । গতিকে – শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্রচলিত আচৰণবােৰ আয়ত্ত কৰিবলৈ শিকোৱা । মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে-
১. যুক্তিনিষ্ঠতা :- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ – বিশ্লেষণ কৰা
২. পােপকাৰিতা :- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন , সাপেক্ষে সহায় কৰা ।
৩. দায়িত্ববােধ :- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা ।
৪. নৈতিক স্বতন্ত্রতা :- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা ।
মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা
আধুনিক বস্তুবাদী পৃথিৱীয়ে আমাৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰিছে যদিও জীৱনৰ মানদণ্ড (জীৱনৰ মূল্যবোধ) ৰ উন্নতি সাধন কৰিব পৰা নাই। জনসংখ্যা বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ (বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান) আৰু বস্তুৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মানুহে বস্তুগত পৃথিৱীক প্রকৃত সুখ বুলি ভাবি ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা গৈছে। যোৱা শতিকাৰ শেষৰ দশকৰ পৰা সমাজৰ সকলো পর্যায়তে আৰু সকলোতে মানৱীয় মূল্যবোধৰ অৱক্ষয় হোৱা দেখা গৈছে। ইয়াৰ কাৰণ হ’ল- লোভ, আত্ম-বৃদ্ধি, বর্ধিত অন্যায়, মানৱ অধিকাৰৰ অপব্যৱহাৰ, ক্ষমতাৰ বৰ্ধন, আলসতা, ছলনা, বেইমানি, চুৰি, সংবেদনশীলতা, কছি আৰু আচৰণৰ ছদ্মবেশ, বৰ্জন আৰু লুণ্ঠন, ঘোচ, চোৰাং বেপাৰ, দুৰ্ণীতি, শোষণ, কৃপনতা আদি। ইয়াৰ ফলস্বৰূপে ব্যক্তিৰ মনৰ শান্তি নোহোৱা হৈছে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে সামাজিক, নৈতিক, সাংস্কৃতিক, আৱেগিক, ধৰ্মীয়, আধ্যাত্মিক, বৌদ্ধিক আৰু ৰাজনৈতিক মূল্যবোধৰ অৱক্ষয় হৈছে। ধৰ্ম আৰু নৈতিকতাত বাধা আহি পৰিছে আৰু মানুহৰ শক্তিৰ অপব্যৱহাৰ হৈছে।
জনসংখ্যা, জ্ঞান আৰু মানুহৰ আকাংক্ষাৰ অভূতপূর্ব বিস্ফোৰণে সামাজিক, সাংস্কৃতিক, ধর্মীয়, ৰাজনৈতিক, আৱেগিক আৰু আধ্যাত্মিক জীৱনত অবিৰত বিনাশ আনিছে। এই ধৰণৰ জীৱনে আধুনিক মানুহক মানসিক ছাপ আৰু শংকাৰ মাজলৈ ঠেলি পঠিয়াইছে আৰু বস্তুবাদীস্বৰূপে গঢ়ি তুলিছে। সহযোগিতা, সমসহানুভূতি, অহিংসা, শান্তি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ দৰে মূল্যবোধবোৰ বিকশাই তোলাৰ শ্ৰেষ্ঠ উপায় হ’ল মূল্যবোধ শিক্ষা যাৰদ্বাৰা ব্যক্তি এজনক সুনাগৰিক কৰি গঢ়ি তুলিব পাৰি।
বিশ্বৰ এগৰাকী বিখ্যাত বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ মতে, “আমাৰ সাধাৰণ জীৱনৰ নীতিগত আৰু নৈতিক অৱয়বৰ বাবে এক ইতিবাচক আকাংক্ষা আৰু প্ৰচেষ্টা অত্যধিক গুৰুত্বৰ বিষয়। কোনো
বিজ্ঞানে ইয়াত আমাক ৰক্ষা কৰিব নোৱাৰে। মই বিশ্বাস কৰোঁ আমাৰ শিক্ষাৰ প্ৰায়োগিক আৰু তাত্বিক পদ্ধতিয়ে প্ৰত্যক্ষভাৱে নৈতিক মূল্যবোধৰ গুৰুত্বৰ দিশে অগ্ৰসৰ হয়”। ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ মতে, “আমাৰ সকলো শক্তি আৰু পৰাক্ৰমৰ যোগেদি শিল্পৰ অগ্ৰগতিৰ পথত আমি অগ্ৰসৰ হওঁ আৰু একে সময়তে মনত ৰখা উচিত যে সহনশীলতা আৰু কৰুণা আৰু জ্ঞান অবিহনে বৈষয়িক সম্পত্তি ধূলিকণাত পৰিণত হ’ব”। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে, “শিক্ষা তথ্য সৰবৰাহ বা দক্ষতা প্ৰশিক্ষণৰ মাজত সীমাবদ্ধ নহয়। ই শিক্ষিতসকলক মূল্যবোধৰ যথাযথ অনুভূতি প্ৰদান কৰে”। ক’বলৈ দুখ লগা যে মানুহক সকলো প্ৰাণীৰ পৰা পৃথক কৰা মূল্যবোধ আৰু গুণমান ক্ৰমবৰ্ধমান স্বাৰ্থপৰতা আৰু বৈষয়িক কল্যাণৰ বাবে লোপ পাই আহিছে৷
মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে এইদৰে মত প্ৰদান কৰিছিল। যে “আমি আমাৰ অতীত সভ্যতাক লৈ গৌৰৱবোধ কৰো, যিটো হ’ল অবিৰত আৰু ভাঙিব নোৱাৰা”। গতিকে দেখা যায় যে যদি আমি অতীতৰ সভ্যতা-সংস্কৃতিবোৰক বাদ দি বৰ্তমানক আদৰিব খোজো, তেতিয়া সমাজৰ মূল্যবোধৰ অৱক্ষয় ঘটিব। সেয়েহে অতীতৰ সভ্যতা-সংস্কৃতিখিনিক ধৰি ৰাখিবৰ বাবে সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বহু পৰিমাণে আছে।
মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে মত প্ৰদান কৰিছিল। যে পশ্চিমীয়া দেশবোৰত যুৱ প্ৰজন্মৰ মাজত সামাজিক আৰু নৈতিক মূল্যবোধৰ স্থলনে সামাজিক আৰু মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত সংঘৰ্ষৰ সৃষ্টি হৈছে। গতিকে পশ্চিমীয়া চিন্তাবিদসকলৰ মতে জ্ঞান আহৰণ আৰু কৌশল আহৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত মূল্যবোধ আৰু অৰ্ন্তদৰ্শনৰ সংযোগেৰে ধৰ্মীয় আৰু মানৱীয় মূল্যবোধ উত্তৰণত অগ্ৰাধিকাৰ দিব লাগে। ঠিক একেদৰে ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশতো মূল্যবোধৰ ভিত্তিত দেশীয় শিক্ষা ব্যৱস্থা গঢ়ি তুলিব লাগে।”
উপসংহাৰ
মূল্যবােধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ সম্পর্কে ধাৰণা বা ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যেতহে ব্যৱহাৰ কৰা হৈছিল । বহল অর্থত চাবলৈ গ’লে , মূল হৈছে কোনাে বস্তু বা অৱস্থা কার্য , যিয়ে ব্যক্তিৰ প্ৰয়ােজন বা ইচ্ছা পূৰণ কৰে । গতিকে মূল্যই সেইবােৰ বস্তুকে বুজাই , যিবােৰ ব্যক্তিয়ে বিচাৰে । আকৌ মানুহে বহুতাে বস্তুকে বিচাৰে, যেনে টকা – পইচা , সম্পত্তি, খাদ্য , নিৰাপত্তা, সুখ – শান্তি ইত্যাদি । এই সকলাে ব্যক্তিৰ কাৰণে মূল্যৱান । আনহাতে মানুহে বহুতাে বস্তু নিবিচাৰে বা আশা নকৰে, যেনে, ফুধা , অজ্ঞতা, বেমাৰ – আজাৰ, অশান্তি আদি । এইবােৰ সেইবাবে মূল্যহীন । গতিকে এনে অর্থত মূল্যবােধৰ কোনাে ভাল – বেয়া, উচ্চ – নীচৰ প্রশ্ন জড়িত নাথাকে ।
মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধ বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণে যদি আন ব্যক্তি বা সমাজৰ অনিষ্ট সাধন কৰে, তেনেহ’লে সেই কাৰ্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজ অথত মূল্যবােধৰ ধাৰণা এয়ে যে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ — যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । সেয়ে মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশনা নীতি, যিবােৰ মানুহৰ দৈহিক, মানসিক, উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ ।