ৰাশিফল (ডিচেম্বৰ 2024) ১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ

ৰাশিফল (ডিচেম্বৰ 2024) ১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ

জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫

মেষ ৰাশি (অ, ল) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে । ভাতৃ ক্লেশ। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ সমস্যা সমাধানত সুখ প্ৰাপ্তি। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব। সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। যান বাহন চলাচলত সতৰ্ক হব। আত্মীয় স্বজনৰ পৰা মনোকষ্ট বাঢ়িব পাৰে। ব্যৱসায়ত শুভাশুভ। দূৰ ভ্ৰমণত সচেতন হব।

বৃষ ৰাশি (ই, উ, ব): শৰীৰৰ আৰোগ্য লাভ। খাদ্য গ্ৰহণত সতৰ্ক হব। মূল্যবান সম্পদ হানি হব পাৰে। বিদ্যাৰ্থীৰ মানসিক দুশ্চিন্তা ভয় বৃদ্ধি। গৃহ কাৰ্য্যৰ উন্নয়নৰ নতুন পৰিকল্পনা। আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে। সন্তানৰ কৃতিত্ব অর্জন। সামাজিক,শৈক্ষিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হব। কৰ্মৰ স্হান পৰিৱৰ্তন হব পাৰে। ব্যৱসায়ত নতুন কাৰ্য্যৰ সংযোজন হব পাৰে।

মিথুন ৰাশি(ক,ছ): স্বাস্হ্যৰ প্ৰতি সচেতন হব । ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে। ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে। গৃহ উন্নয়ণৰ কাৰ্য্যত বাধাৰ সন্মুখীন হব পাৰে। বিদ্যাৰ্থীৰ আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিব লগতে কৃতিত্ব অর্জন। সামাজিক দক্ষতা বাঢ়িব লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হব। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। কৰ্মত পদ মৰ্যদা বৃদ্ধিৰ লগতে দায়িত্ব বাঢ়িব। ব্যৱসায়ত মিশ্ৰিত ফল।

কৰ্কট ৰাশি(ড ,হ): শৰীৰৰ আৰোগ্য লাভ । ধন খৰচৰ পৰিমাণ বাঢ়িব । ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ভাতৃ আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মতভেদ হব পাৰে। পিতৃ মাতৃৰ মানসিক দুশ্চিন্তা বাঢ়িব। গৃহ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ স্হায়ী সমস্যা সমাধানত সুখ প্ৰাপ্তি। প্ৰেম প্ৰীতিত শুভ বাৰ্তা লাভ কৰিব লগতে সহায়তা লাভ কৰিব। যানবাহন চলাচলত সতৰ্ক হব। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।

সিংহ ৰাশি(ম,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হব। পুৰণি ৰোগৰ বাবে সঞ্চিত ধন খৰছ হব পাৰে। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। অৱশ্যে মূল্যৱান সম্পদ ক্ৰয়ত মানসিক সুখ প্ৰাপ্তি। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। গৃহ কাৰ্য্যত শুভ সংযোগ লাভ কৰিব। বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হব। বিদ্যাৰ্থীৰ বন্ধুৰ পৰা কাৰ্য্যত সতৰ্ক হব। পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তি । ব্যৱসায়ত নতুন কাৰ্য্যৰ সংযোজন হব পাৰে।

কন্যা ৰাশি (প,ঠ): শৰীৰৰ আৰোগ্য লাভ । পাবলগীয়া ধন প্ৰাপ্তিৰ বাবে শুভ সংবাদ লাভ কৰিব। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব । আত্মীয় স্বজনৰ শুভ বাৰ্তা লাভ কৰিব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব যদিও গৃহ কাৰ্য্যৰ উন্নয়নৰ নতুন পৰিকল্পনা বাঢ়িব। বিদ্যাৰ্থীৰ বন্ধু জ্যেষ্ঠ জনৰ পৰা সহায়তা লাভ কৰিব। মূল্যৱান সম্পদ হানি হব পাৰে। কোনো কাৰ্য্যত প্ৰতাৰিত হব পাৰে সতৰ্ক হব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব। সামাজিক, আধ্যাত্মিক,সাংস্কৃতিক কাৰ্য্যৰ লগত জড়িত ব্যক্তিৰ কৃতিত্ব অৰ্জন। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।

তুলা ৰাশি:(ৰ,ত ) :  স্বাস্হ্যৰ প্ৰতি সচেতন হব। সাচতীয়া ধন গৃহ কাৰ্য্যত খৰছ হব পাৰে। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব । হঠাৎ পোৱা দুঃসংবাদত মনোকষ্ট বাঢ়িব। ঘৰুৱা দিশত হতাশা বৃদ্ধি । ভাতৃ ক্লেশ। বিদ্যাৰ্থীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হব যদিও কোনো কাৰ্য্যত ভয় শংকা বাঢ়িব। কৰ্মত নতুন যোগাযোগত লাভান্বিত হব । কোনো কাৰ্যত অপমানিত হব পাৰে সতৰ্ক হব। কৰ্মত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। যানবাহন সম্পদ বৃদ্ধিত সুখ প্ৰাপ্তি । ব্যৱসায়ত ধৈৰ্যৰে আগবাঢ়ক । প্ৰেম প্ৰীতিত দুশ্চিন্তা ভুলবুজাবুজিৰ বাবে সম্পৰ্ক বিঘ্নিত হব পাৰে। ৰাজনীতিত সচেতন হব।

বৃশ্চিক ৰাশি:(ন ,য ): শৰীৰৰ প্ৰতি সচেতন হব। আত্মীয় স্বজনৰ বিৰোধিতা বাবে মনোকষ্ট বাঢ়িব। ধন খৰছৰ পৰিমাণ বাঢ়িব। বন্ধু ভাতৃৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হব পাৰে । ঘৰুৱা দিশত অশান্তি বাঢ়িব যদিও গৃহ উন্নয়নত মানসিক সুখ প্ৰাপ্তি। যানবাহন চলাচল আৰু খাদ্য গ্ৰহণত সতৰ্ক হব । কৰ্মত ধৈৰ্য আৰু সততাৰে আগবাঢ়ক । সামাজিক আৰু আধ্যাত্মিক দিশত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত মিশ্ৰিত ফল । প্ৰেমত মতপাৰ্থক্য ।

ধনু ৰাশি :(ধ, ফ, ভ ): শৰীৰৰ প্ৰতি সচেতন হব। আয়ৰ পৰিমাণ বাঢ়িব। ধন সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হব। ভাতৃ ক্লেশ। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। আত্মীয় স্বজন কলহ । বিদ্যাৰ্থীৰ যশ মান বৃদ্ধিৰ লগতে কৰ্মত নতুন যোগাযোগে উন্নয়নত সহায় কৰিব । চাকৰিয়ালৰ পদমৰ্যদা বৃদ্ধিৰ শুভ সংবাদ লাভ কৰিব পাৰে। প্ৰেমত জেদভাৱ বৃদ্ধি । দূৰ ভ্ৰমনত সতৰ্ক হব । ব্যৱসায়িক দিশত মিশ্ৰিত ফল।

 মকৰ ৰাশি(খ , জ) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। ধন খৰচৰ পৰিমাণ বাঢ়িব। গৃহ কাৰ্য্যত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। ভাতৃ আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হব পাৰে। বিদ্যাৰ্থীৰ শুভ সংযোগ লাভ কৰিব লগতে পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। পাৰিবাৰিক দিশত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। আধ্যাত্মিক,সাহিত্য সংস্কৃতিত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। কোনো কাৰ্য্যত প্ৰৱঞ্চিত হব পাৰে সতৰ্ক হব। মূল্যৱান সম্পদ হানি হব পাৰে। ব্যৱসায়ত নতুন সংযোজনৰ চিন্তা চৰ্চা।

কুম্ভ ৰাশি(গ,শ ,স) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। আত্মীয় স্বজনৰ দু: সংবাদত মনোকষ্ট বাঢ়িব। ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হব পাৰে। পুৰণি সমস্যা ,বিবাদমান কাৰ্যৰ স্হায়ী সমাধানৰ বাবে শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ নতুন সংযোগত লাভান্বিত হব। কৰ্ম ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। সামাজিক, সাংস্কৃতিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হব। প্ৰেমত দুশ্চিন্তা ভয়।ব্যৱসায়ত শুভাশুভ। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।

মীন ৰাশি(দ ,চ) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। আৰ্থিক দিশত সামান্য মনোকষ্ট বাঢ়িব। ভাতৃৰ লগত মনোমালিন্য হব পাৰে। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত শুভ সংবাদ লাভ কৰিব। সন্তানৰ কৃতিত্ব অর্জন। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। যানবাহন চলাচলত সতৰ্ক হব। সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। পুৰণি সমস্যা সমাধানৰ বাবে শুভ সংযোগ লাভ কৰিব। ব্যৱসায়িক দিশত শুভাশুভ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *