✍️ উজ্জ্বল ডেকা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰত কিবা ঋণাত্মক প্ৰভাৱ পেলাব নেকি ? আহক, আজি এই বিষয়ে কিছু আলোচনা কৰো ।
জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠী অৰ্থাৎ মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু টাই আহোমসকলে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা আমি দেখি আহিছো । তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকাল, সোণোৱাল চৰকাৰৰ ৫ বছৰ আৰু বৰ্তমান চলি থকা হিমন্ত চৰকাৰ- এই দিনবোৰত দীৰ্ঘকাল ধৰি চলি অহা আন্দোলনবোৰক কেতিয়াবা যদি দমন কৰা হৈছে আৰু কেতিয়াবা আলাপ আলোচনাৰ মাজেৰে থাপি থুপি ৰাখি অহা হৈছে । সমস্যা কিন্তু একেই থকা দেখি আহিছো আমি ।
জনজাতি হ’বলৈ হ’লে পাঁচটা বিশেষ বৈশিষ্ট থকাৰ প্ৰয়োজন যিটো সংবিধানৰ Artcle 342 ত উল্লেখ কৰা আছে । সেইকেইটা হ’ল-
১. আদিম চাৰিত্ৰিক বৈশিষ্ট
২. ভৌগলিক বিচ্ছিন্নতা
৩. স্বকীয়তাবিশিষ্ট সংস্কৃতি
৪. সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগ ৰখাৰ ক্ষেত্ৰত সংকোচ আৰু
৫. অৰ্থনৈতিক অনগ্ৰসৰতা ।
ছয় জনগোষ্ঠীৰ মাজত এই বৈশিষ্ট্যসমূহ থকা বুলি সংশ্লীষ্ট কৰ্তৃপক্ষই স্বীকৃতি দিয়াৰ পিছতো ক’ত ওলমি আছে সমগ্ৰ বিষয়টো বাৰু ?
বহুতে ক’ব বিচাৰে যে সাংবিধানিকভাৱে ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা লাভ কৰিলে জনসংখ্যাৰ দিশৰ পৰাই অসম এখন জনজাতীয় ৰাজ্যত পৰিণত হ’ব আৰু জনাজাতীয় ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনো হ’ব লাগিব জনজাতীয় সম্প্ৰদায়ৰ লোক । ইয়াৰ ফলত ড০ হিমন্ত বিশ্ব শৰ্মা কোনোকালে আৰু অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিব যিহেতু তেওঁ জনজাতীয় সম্প্ৰদায়ৰ লোক নহয় । সেইকাৰণেই তেওঁ ছয় জনজাতিৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে । এয়া হ’ল এচাম লোকৰ অভিমত । কিন্তু কথাটো কিমান দূৰ সঁচা ?
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত সাংবাদিকে যেতিয়াই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে তেতিয়াই তেওঁ দোষটো তৰুণ গগৈলৈ ঠেলি পঠিয়ায় । তেওঁৰ মতে তৰুণ গগৈ চৰকাৰৰ দিনতে এক আইন পাছ কৰা হৈছিল য’ত নতুনকৈ কাৰোবাক জনজাতিকৰণ কৰিব লাগিলে পূৰ্বৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছিল । অৰ্থাৎ পূৰ্বৰ জনজাতিসকলে অসুবিধা নাই বুলি ক’ব লাগিব । মুখ্যমন্ত্ৰীৰ মতে তৰুণ গগৈ চৰকাৰে লোৱা এই স্থিতিৰ বাবেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠা নাই । কিয়নো ট্ৰাইবেল সংঘৰ এই ক্ষেত্ৰত আপত্তি আছে । মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কিছু নমনীয় হ’লেও কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠী আৰু টাই-আহোমক জনজাতিৰ মৰ্যদা দিয়াৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ আছে দুৰ্ঘোৰ আপত্তি ।
বহুতেই পূৰ্বৰ জনজাতিসকলক সোধাৰ প্ৰয়োজন নাই বুলি ক’ব বিচাৰে । মুখ্যমন্ত্ৰীয়েও ইংগিত দিছে যে অৱশেষত তৰুণ গগৈৰ আইনখন সংশোধন কৰি হলেও কিবা এটা কৰাৰ যত্ন কৰিব । সেয়া সম্ভৱ হ’বনে নাই সময়ত আমি দেখিম । কিন্তু মোৰ মতে তেনে কাৰ্য হ’ব জাতিটোৰ বাবেই আত্মঘাটি স্বৰূপ । মই কিয় এনেকৈ কৈছো সেয়া জানিবলৈ আমি মণিপুৰলৈ ঘূৰি যাব লাগিব ।
হয়, পূৰ্বৰ জনজাতীসকলক গুৰুত্ব নিদি এনে কাম কৰিবলৈ যাওতেই মণিপুৰত সৃষ্টি হৈছিল অগ্নীগৰ্ভা পৰিস্থিতিৰ যিটো আজিও নুমুওৱা নাই । তদুপৰি কি কাৰণত সৃষ্টি হৈছিল সেই অগ্নীগৰ্ভা পৰিস্থিতিৰ সেয়াও হয়তো বহুতৰ বাবে জ্ঞাত নহয় । আহক এইবাৰ অলপ মণিপুৰৰ কথা আলচ কৰো ।
১৯৭২ চনৰ ২১ জানুৱাৰীৰ দিনা অসমৰ পৰা পৃথক হৈ মণিপুৰে লাভ কৰিছিল স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যদা । মণিপুৰত মূলতঃ তিনিটা জনগোষ্ঠী আছে, সেয়া হৈছে মেইটেই, কুকি আৰু নগা । মেইটেইসকল হিন্দু, তেওঁলোক তুলনামূলকভাৱে কুকি আৰু নগাতকৈ শিক্ষা, দীক্ষা তথা অৰ্থনৈতিক দিশৰ পৰা যথেষ্ট আগবঢ়াই নহয়, জনসংখ্যাৰ দিশৰ পৰাও তেওঁলোক সংখ্যাগৰিষ্ঠ যিটো মুঠ জনসংখ্যাৰ ৫৩ শতাংশ । যিহেতু তেওঁলোক সংখ্যাগৰিষ্ঠ সেয়ে মণিপুৰৰ ৬০ জনীয়া বিধানসভা সমষ্টিৰ ৪০ খন আসনেই মেইটেইসকলৰ হাতত, বাকী ২০ খন আসনতহে জয় লাভ কৰিব পাৰে কুকি তথা নগাসকলে। ধৰ্মত খ্ৰীষ্টান কুকি আৰু নগাসকল যে জনজাতিৰ মৰ্যদাপ্ৰাপ্ত জনগোষ্ঠী, সেই কথা আমি সকলোৱে জানো । তেওঁলোকৰ জনসংখ্যা ক্ৰমে ২৫ আৰু ১০ শতাংশ । মেইটেইসকলৰ বাসস্থান হৈছে ইম্ফলকেন্দ্ৰীক অৰ্থাৎ চহৰৰ আশে পাশে । কুকি আৰু নগাসকল থাকে পাহাৰ আৰু জংগল এলেকাত । সকলো ঠিকে ঠাকেই চলি আছিল; কিন্তু তাৰ মাজতে লাগি পৰিল এক অনাকাঙ্খিত গণ্ডগোল ।
ভূমিৰ দিশৰ পৰা কুকি আৰু নগাসকলৰ বাবে মুঠ মাটিকালিৰ ৯০ শতাংশ সংৰক্ষিত যিহেতু তেওঁলোক জনজাতীয় লোক । আমাৰ ইয়াতো যেনেদৰে জনজাতীয়সকলৰ বাবে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি সংৰক্ষিত ভূমি আছে ঠিক তেনেকুৱা । বাকী অৱশিষ্ট ১০ শতাংশহে মেইটেইসকলৰ বাবে ।
মেইটেইসকল সংখ্যাগত দিশৰ পৰা ৫৩ শতাংশ, অথচ তেওঁলোকৰ ভূমিৰ অধিকাৰ মাত্ৰ ১০ শতাংশ কিন্তু কুকি আৰু নগাসকল সংঘ্যালঘূ হোৱাৰ পিছতো তেওঁলোকৰ বাবে ৯০ শতাংশ ভূমি সংৰক্ষিত য’ত মেইটেইসকলৰ কোনো অধিকাৰ নাই । এই কথাটোকলৈ মেইটেইসকলে যেন কেতিয়াবা নিজকে বঞ্চিত আৰু বৈষম্যৰ চিকাৰ হোৱা বুলি অনুভৱ কৰে । তদুপৰি বিধানসভাৰ আসনো তেওঁলোকৰে বেছি, মন্ত্ৰী এম এলএ চৰকাৰো তেওঁলোকৰে তথাপি কিহৰ বাবে এই বৈষম্য ?
এনে চিন্তাৰ দ্বাৰা প্ৰৰোচিত হৈয়ে এদিন মেইটেইসকলেও জনজাতিকৰণৰ দাবীত আদালতৰ দ্বাৰস্থ হ’ল । তেওঁলোকে দেখিলে যে যদিহে জনজাতি হোৱা বাবেই কুকি আৰু নগাসকলে ৯০ শতাংশ ভূমিৰ অধিকাৰ পাব পাৰে তেন্তে তেওঁলোকেও যদি জনজাতিৰ মৰ্যদা পাই যায় তেতিয়া তেওঁলোকেও সমানে ভূমিৰ অধিকাৰ লাভ কৰিব । তেতিয়া আৰু ‘এইখিনি মোৰ এইখিনি তোৰ’ এনেকুৱা কথাৰো অন্ত পৰিব ।
আনহাতে কুকি আৰু নগাসকল শংকিত হ’ল । জনসংখ্য কম বাবে পূৰ্বৰে পৰাই তেওঁলোক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে । এতিয়া জনজাতীয় মৰ্যদা লাভ কৰি মেইটেইসকলে তেওঁলোকৰ বাবে সংৰক্ষিত ভূমিৰ অধিকাৰো কাঢ়ি লব ওলাইছে । এনে হবলৈ পালে তেওঁলোকৰ বাবে অস্তিত্বৰ সংকট নামি আহিব । তেওঁলোক আতংকিত হ’ল । এই আতংকই সময়ত গৈ হিংস্ৰতাৰ ৰূপ ললে ।
সময়ত আদালতৰ ৰায় আহিল মেইটেইসকলৰ সপক্ষে । গতিকে অৱধাৰিভাৱেই সংঘাট তীব্ৰ হ’ল । হত্যা, ধৰ্ষণ, কটা-মৰা…. এইবোৰ আপোনালোকে জানেই । পৰিৱেশ পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খালে যে ইয়ে মণিপুৰ বা অসম বা ভাৰতবৰ্ষৰ সীমা পাৰ হৈ বিশ্বসমাজৰ দৃষ্টি আকৰ্ষণ কৰিলে গৈ ।
পাঠকসকল, এতিয়া আপোনালোকে নিশ্চয় বুজিলে যে পূৰ্বৰ জনজাতি কুকি আৰু নগাসকলৰ ইচ্ছা অনিচ্ছা, মান স্বাভিমানক গুৰুত্ব নিদি বা আওকাণ কৰি মেইটেইসকলক জনজাতিকৰণ কৰাৰ প্ৰতিফল অৱশেষত কি হ’ল । সেই কথাটোকে একেধৰণে আপোনালোকে অসমৰ ক্ষেত্ৰতো মিলাই চাওক । যদি অসমৰো পূৰ্বৰ জনজাতিসকলক আওকাণ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেন্তে একে অগ্নীগৰ্ভা পৰিস্থিতিৰ যে অসমতো সৃষ্টি নহ’ব তাৰ কি মানে আছে ?
ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ফলত অসম এখন জনজাতীয় ৰাজ্য হ’ব আৰু তেনে এখন অসমৰ মুখ্যমন্ত্ৰী অজনজাতিৰ লোক হিচাপি হিমন্ত বিশ্ব শৰ্মাই হ’ব নোৱাৰিব.. এইবোৰ পিছত হ’ব । প্ৰথম কাম হ’ব পূৰ্বৰ জনজাতি অৰ্থাৎ বড়ো, ৰাভা, কাৰ্বি, তিৱা আদিকে ধৰি যিমানবিলাক জনজাতীয় জনগোষ্ঠী আছে তেওঁলোকক সৈমান কৰা । নহয় নে ? আলাপ আলোচনা আৰু ভাব বিনিময়ৰ মাজেৰে যিটো হ’ব সি হ’ব স্থায়ী আৰু সংঘাটহীন । আমি অসমৰ শান্তিকামী জনগনে তাকেই বিচাৰো । আমি নিবিচাৰো, পাৰ হৈ যোৱা লোমহৰ্ষক দিনবোৰ আকৌ ঘূৰি আহক ।
শেহতীয়াভাবে এই লেখা প্ৰস্তুত কৰি থকা সময়তো মণিপুৰৰ জুই জ্বলিয়ে আছে । বৰঞ্চ পূৰ্বতকৈ বেছি অগ্নীময় পৰিৱেশৰ সৃষ্টি হোৱাৰ উপক্ৰম হৈছে । মেইটেই জনগোষ্ঠীৰ দল সংগঠনৰ উমৈহতীয়া মঞ্চই মন্ত্ৰী এমএলএক পদত্যাগ কৰাৰ দাবীত সময়সীমা বান্ধি দিছে । যোৱা কালি অৰ্থাৎ ১৬ নৱেম্বৰৰ দিনা ১১ জনকৈ কুকি লোকক উগ্ৰপন্থীৰ নামত CRPF ৰ জোৱানে গুলিয়াই হত্যা কৰিছে । মেইটেই সম্প্ৰদায়ৰ নেতৃত্বই ৰাষ্ট্ৰপতিলৈ চিঠি লিখি সুধিছে “মণিপুৰ ভাৰতৰ অংগ ৰাজ্য হয় নে নহয়” আৰু উত্তৰৰ বাবে ৪৮ ঘন্টাৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে । … এই সকলোবোৰৰে সূত্ৰপাত হৈছিল এটা সৰু ঘটনাৰ আলমত — এটা জনজাতিৰ অধিকাৰ খৰ্ব কৰি আন এটা জনজাতিক জনজাতিকৰণ কৰাৰ যোগেদি ।
আমি অসমতো তেনে হোৱাটো বিচাৰিম জানো ?