*হেৰাই যোৱা দেৱদাসী নৃত্যঃ চমু অৱলোকন

*হেৰাই যোৱা দেৱদাসী নৃত্যঃ চমু অৱলোকন

 

✍️ উজ্জ্বল ডেকা

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰ ৰাজতৰংগিণী,
কৌটিল্যৰ অৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তৰ কুট্টনীমতম্‌ আদি গ্ৰন্থত আৰু সোমনাথ মন্দিৰত দেৱদাসী নৃত্য থকাৰ কথা জনা যায়। পদ্ম পুৰাণ আৰু ভৱিষ্য পুৰাণতো ইয়াৰ কথা উল্লেখ আছে। কালিদাসে মেঘদূত কাব্যত এই নৃত্যৰ কথা উল্লেখ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এই নৃত্যৰ নাম ঠাই বিশেষে বেলেগ বেলেগ আছিল।

এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব লাগিছিল। দেৱদাসী হ’বলৈ ‘পট্টুকাট্টু’ বা আৰম্ভণি উৎসৱ পালন কৰা হৈছিল যিটো উৎসৱ হিন্দু বিবাহৰ নিয়ম-নীতিৰ সৈতে একেই হয়। দেৱদাসীসকলে মন্দিৰ আৰু আন ধৰ্মীয় উপাচাৰসমূহ চোৱা-চিতা কৰাৰ লগতে ভাৰতনাট্যম আৰু ওদিছি নৃত্যৰ দৰে কলাসমূহ সাধনা কৰিবলগীয়া হৈছিল। সংগীত আৰু নৃত্য মন্দিৰ উপাসনাৰ অন্যতম অংগ হোৱা হেতুকে তেওঁলোকৰ সামাজিক স্থিতি উচ্চ আছিল।

দেৱদাসী হোৱাৰ পিছত তেওঁলোকে ধৰ্মীয় আচাৰ, নীতি-নিয়ম আৰু নৃত্য সাধনাৰ জৰিয়তে সময় পাৰ কৰিছিল। তেওঁলোকৰ মন্দিৰৰ পূজাৰী বা আন উচ্চখাপৰ ব্যক্তিৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকৰ সন্তানসকলকো সংগীত আৰু নৃত্যৰ শিক্ষা দিয়া হৈছিল। সেই সম্প্ৰদায়ৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল হৈছে ভাৰতৰত্ন বিজয়ী এম এছ চুব্বালক্ষ্মী আৰু পদ্মবিভূষণ বঁটা বিজয়ী বালাসৰস্বতী।

ভাৰতৰ ৰজা-মহাৰজাসকল মন্দিৰৰ পৃষ্ঠপোষক আছিল যদিও ব্ৰিটিছৰ শাসনকালত তেনে বহু ৰজাই ক্ষমতা হেৰুৱাবলগীয়া হয়। যাৰ ফলত দেৱদাসীসকলেও পৰম্পৰাগত সমৰ্থন আৰু পৃষ্ঠপোষকতা হেৰুৱাবলগীয়া হয়। ঔপনিৱেশিক কালত কেইবাজনো সমাজসংস্কাৰকে দেৱদাসী প্ৰথা নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰিটিছসকলে কোনো অনুষ্ঠানত নৃত্য কৰাসকল আৰু দেৱতাৰ ওচৰত নিজকে উচৰ্গা কৰা আধ্যাত্মিক দেৱদাসীসকলৰ মাজত পাৰ্থক্য উলিয়াব পৰা নাছিল। ১৯৮৮ চনত বেআইনী ঘোষণা কৰাৰ পিছৰে পৰা এই প্ৰথা লাহে লাহে নোহোৱা হৈ আহে।

দেৱদাসীসকলক যোগিণী নামেৰেও জনা গৈছিল। তদুপৰি এই প্ৰথাক কৰ্ণাটকত বাচিভি, মহাৰাষ্ট্ৰত মাতঙ্গী আৰু গোৱাত ভাবিন আৰু কালাবান্তিন নামেৰে জনা গৈছিল। আয়াৰ সম্প্ৰদায়ৰ দেৱদাসীসকলে ভাৰতনাট্যম পৰিৱেশন কৰিছিল।

প্ৰাচীন আৰু মধ্যযুগ

দেৱদাসী প্ৰথা ক’ত উদ্ভৱ হৈছিল সেইবিষয়ে সঠিককৈ জনা নাযায়। বুদ্ধৰ সময়ত আম্ৰপালি নামৰ এগৰাকী দেৱদাসীৰ বিষয়ে উল্লেখ আছে। বহুতো পণ্ডিতে কয় যে এই প্ৰথা কোনো শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা নাছিল। এল্টেকাৰে কৈছে, “মন্দিৰত নৃত্যাঙ্গনা ৰখাটো জাতক সাহিত্যৰ অন্তৰ্গত নহয়। গ্ৰীক লিখকসকলেও এই বিষয়ে একো উল্লেখ কৰা নাই আৰু অৰ্থশাস্ত্ৰত পতিতাৰ বিষয়ে লিখা আছে যদিও দেৱদাসীৰ বিষয়ে লিখা নাই।”

নৃত্যাঙ্গনাৰ সৈতে মন্দিৰৰ সংযোগ তৃতীয় শতিকাৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। প্ৰাচীন ভাৰতৰ গুপ্তযুগৰ প্ৰখ্যাত সংস্কৃত সাহিত্যিক কালিদাসৰ মেঘদূতত নৃত্যাঙ্গনাৰ বিষয়ে উল্লেখ আছে।  এই বিষয়ত আন উৎসসমূহ হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙ আৰু কাশ্মীৰি ইতিহাসবিদ কলহনৰ লিখনি।

একাদশ শতিকাৰ এখন শিলালিপিত পোৱা মতে দক্ষিণ ভাৰতৰ তাঞ্জোৰৰ এটা দেৱালয়ত চাৰিশ দেৱদাসী আছিল। সেইদৰে গুজৰাটৰ সোমেশ্বৰত পাঁচশ দেৱদাসী আছিল। ষষ্ঠৰ পৰা ত্ৰয়োদশ শতাব্দীৰ ভিতৰত দেৱদাসীসকলৰ বহুত প্ৰতিপত্তি আছিল। তেওঁলোকক সংগীত আৰু নৃত্যৰ দৰে কলাৰ ৰক্ষক হিচাপে চোৱা হৈছিল। ৰজাঘৰৰ পৰা মাটি-বাৰী, সম্পত্তি আৰু অলংকাৰেৰে বিভূষিত কৰা হৈছিল।

দক্ষিণ ভাৰত আৰু চোলা সাম্ৰাজ্যত দেৱদাসী

চোলা সাম্ৰাজ্যত দেৱদাসী প্ৰথাক উৎসাহিত কৰা হৈছিল। তামিল ভাষাত তেওঁলোকক দেৱৰ আদিগলৰ হিচাপে জনা হৈছিল। পুৰুষ আৰু মহিলা দেৱদাসীয়ে মন্দিৰ আৰু দেৱতাৰ সন্মুখত নিজৰ সেৱা আগবঢ়াইছিল। মন্দিৰৰ উৎসৱত তেওঁলোকে সংগীত আৰু নৃত্য পৰিৱেশন কৰিছিল।

থানঞ্জাভুৰৰ বৃহদেশ্বৰ মন্দিৰত চাৰিশগৰাকী দেৱদাসী তেওঁলোকৰ গুৰু আৰু বাদ্যযন্ত্ৰৰ সৈতে আছিল বুলি শিলালিপিত উল্লেখ আছে। তাত আৰু দৈনিক ব্যৱহৃত সামগ্ৰী যেনে তেল, হালধি আৰু তামোল-পাণ আছিল।

নত্তুভানৰসকল আছিল দেৱদাসীসকলৰ মহিলা সহযোগী। তেওঁলোকে বাদ্যযন্ত্ৰ সংগত কৰিছিল। শিলালিপিত উল্লেখ থকা মতে, নত্তুভানসকলে চোলা ৰাজকুমাৰীক হাজাৰ বছৰ আগেয়ে শিক্ষাদান কৰিছিল।

অসমত দেৱদাসী নৃত্য

অসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল তাক সঠিকভাৱে জনা নগ’লেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি। দেৱদাসীসকলক মন্দিৰৰ কামত নিয়োগ কৰিব পৰাটো সৌভাগ্যৰ কাৰণ বুলি ভবা হৈছিল আৰু সেয়ে অসমৰ ৰজাসকলে শিৱ মন্দিৰ স্থাপন কৰি তাত নৰ্ত্তকী নিয়োগ কৰিছিল । দেৰগাঁৱৰ নেঘেৰিটিং, বিশ্বনাথৰ শিৱ মন্দিৰ আৰু বজালীৰ নিকটৱৰ্ত্তী ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বিখ্যাত। দেৱদাসী নৰ্ত্তকী সকলে কঁকালত লহঙা বা মেখেলা ব্যৱহাৰ কৰিছিল। গাত হাতৰ সৰু গাঠিলৈকে ঢকা দীঘল বগা গা-চোলা পিন্ধে আৰু বুকুত এখন ৰিহা টানি মেথনি মাৰি মূৰৰ খোপালৈকে পাৰ কৰি নিয়ে। হাত, কাণ, নাক, হাতৰ আঙুলি, ভৰিৰ আঙুলি আদিত নানা তৰহৰ বস্তু বা আ-অলংকাৰ ব্যৱহাৰ কৰে। এই নৃত্যত মন্দিৰৰ ওচৰৰ পুখুৰীত স্নান কৰি, পানীৰ দাপোণত নিজৰ প্ৰতিবিম্ব চাই, নিজকে সু-সজ্জিত কৰি, কেশ-বিন্যাসেৰে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি লাস্যময়ী হৈ মন্দিৰৰ বিগ্ৰহক পূজা কৰা যেন দেখুওৱা হয়। ইয়াৰ বেশ-ভূষা আৰু লয়-লাস ভঙ্গী বৰ চিত্তাকৰ্ষক। নৃত্যৰ লগত খোল, তাল, শংখ আৰু বৰকাঁহৰ ব্যৱহাৰৰ কথা জনা যায়। খোলৰ বাৰতা ঘাতৰ নৃত্যৰ বিভিন্ন অংশ প্ৰদৰ্শন কৰা হয় ।

ৰজা-মহাৰাজাৰ স্বেচ্ছাচাৰিতা আৰু কিছুমান কু -প্ৰবৃত্তিৰ লোকৰ কামনাৰ বলী হৈ দেৱদাসীসকলে বিভিন্ন ব্যভিচাৰত লিপ্ত হৈ পৰাৰ ফলত তেওঁলোকে এসময়ত সমাজৰ আস্থা হেৰুৱাই পেলালে আৰু এই প্ৰথা প্ৰায় লুপ্ত হৈ গ’ল ৷  দেৱদাসী নৃত্য বৰ্তমান লুপ্ত প্ৰায়, মাথোঁ এটি অংশ হে বৰ্তমান আছে ৷ কিছু ব্যক্তিৰ নিৰন্তৰ বছৰ বছৰ আশাসুধীয়া প্ৰচেষ্টাত আজি কালি ই মঞ্চলৈ গতি লাভ কৰাৰ উপৰিও দেৱদাসী নৃত্য মহোৎসৱো অনুষ্ঠিত হৈছে ৷ সংক্ষেপতে উল্লেখ কৰি থোৱাটো উচিত হ’ব যে ১৯৫৪ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত শিষ্য পাঠশালাৰ ৰত্ন তালুকদাৰে অসমৰ দুগৰাকী শেষৰ দেৱদাসী ৰয়া দাস আৰু কৈশল্যা দাসৰ সান্নিধ্যৰে দেৱদাসী নৃত্যৰ( অসমত “নটী” ) পৰম্পৰা জীয়াই ৰখাৰ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল ৷ ইয়াত বাদ্য সহযোগ কৰিছিল বেচাৰাম বায়নে ৷ অষ্টম,শতিকাত এই নৃত্যৰ আৰম্ভ হৈছিল ৷ বৰ্তমান যতীন গোস্বামী,ৰামক়ষ্ণ তালুকদাৰ,গিৰিন পাটগিৰি,কৰৱী গোস্বামী আদিৰ দৰে ব্যক্তিয়ে দেৱদাসী নৃত্যৰ ওপৰত বহু ক্ষেত্ৰ অধ্যয়ন কৰি আছে ৷  যোৱা ফেব্ৰুৱাৰী, ২০২০ ত দেৰগাঁৱৰ মনিকাঞ্চন কলা নিকেতনৰ প্ৰশিক্ষক বেদান্ত বিকাশ দত্ত আৰু ঝুমকা কলাকেন্দ্ৰৰ অধ্যক্ষা শ্ৰীময়ী বৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা  দেৰগাঁও নেঘেৰিটিং শিৱ দৌলৰ দেৱদাসী নৃত্য মহোৎসৱ  অসমৰ প্ৰথমখন দেৱদাসী নৃত্য মহোৎসৱ ৷

দেৱদাসী নৃত্য নোহোৱা হৈ যাব লগা হোৱা ঘটনাটোৰ আঁৰৰ কাহিনী আমাৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জ্বাজনক ঘটনা । দেৱতাৰ বাবে নিজক উছৰ্গা কৰি সমৰ্পিত ভাবেৰে মন্দিৰৰ উপাসনা প্ৰক্ৰিয়াৰ অঙ্গ হৈ পৰা দেৱদাসীসকলক লাহে লাহে মন্দিৰৰ সৈতে জড়িত একাংশই ভোগৰ সামগ্ৰীৰ দৰে জ্ঞান কৰিবলৈ লৈছিল । দেৱতাৰ কাৰণে নহয়, তেওঁলোকৰ জীৱন-যৌৱন যেন পূজাৰী অথবা দৰ্শনাৰ্থীৰ বাবেহে উৎসৰ্গিত- সময়ত এনে এক ধাৰণাৰ জন্ম হ’ব ধৰিলে যাৰ ফলত সমাজৰ ভাল মানুহখিনিৰ দৃষ্টিত দেৱদাসীসকলৰ মান ক্ৰমান্বয়ে নিম্নগামী হ’বলৈ ধৰিলে । শেষলৈ ই এনে এক পৰ্যায়লৈ পৰ্যবসিত হ’ল যে নৰ্ত্তকী শব্দটোকেই মানুহে হীন দৃষ্টিৰে চাবলৈ ধৰিলে । উদাহৰণ স্বৰূপে আজিও সমাজত ‘নটী’ শব্দটোক ঋণাত্মক ভাবেৰেহে ব্যৱহাৰ কৰা হয় ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *