গৰিমাময়ী হেলচি শাক

গৰিমাময়ী হেলচি শাক

পংকজ পেগু

পৃথিৱী ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ  ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এনে এবিধ বনৌষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ হৈছে হেলচী শাক (Enhydra Fluctuans )। প্ৰাচীন কালৰে পৰা হেলচী শাকৰ উপকাৰিতা Benefits of Buffalo spinach সমূহৰ বাবে এই উদ্ভিদ বিধ বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে।

হেলচী কি? | What are Buffalo spinach?

হেলচী হৈছে এবিধ ভেষজ উদ্ভিদ/শাক যি প্ৰায়েই জিপাল ঠাইত গজি উঠে। হেলচী এবিধ বাৰ্ষিক উদ্ভিদ । ক্ৰান্তীয় অঞ্চল, জেকা ঠাই, নৈ, ডোবা, পুখুৰী আদিৰ আশে – পাশে এই উদ্ভিদ বিধ গজে। ভাৰত, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, দক্ষিণ – পূব এছিয়াৰ দেশ সমূহ হ’ল হেলচী (Buffalo spinach)  উদ্ভিদৰ মূল বাসস্থান। অসমৰো বহু ঠাইত এই উদ্ভিদবিধ পোৱা যায়। হেলচী ঔষধিযুক্ত উদ্ভিদ আৰু পৰিপূৰক খাদ্যৰ উৎস হিচাপেও ব্যৱহাৰ কৰা হয় ।

আকাৰ-আকৃতি | Appearance

হেলচী  উদ্ভিদ বিধ ৩০-৪০ ছেণ্টিমিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ কাণ্ডবোৰ কিছু পৰিমাণে মাংসল, শাখাযুক্ত  আৰু কিছু পৰিমাণে লোমযুক্ত। হেলচীৰ পাতবোৰ  ডাঠ, ৰৈখিক , আয়তকাৰ আৰু ৩-৫ ছেণ্টিমিটাৰ দৈৰ্ঘৰ। ফুলবোৰ সৰু থুপি থুপি আৰু বগা বৰণৰ হয়।  হেলচী উদ্ভিদৰ সোৱাদ সামান্য তিতা।

প্ৰয়োগ | Uses

বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে হেলচী উদ্ভিদ বিধ ব্যৱহাৰ কৰা হয়। বিশেষকৈ কৌষ্ঠ কানিক্য, হাঁপানি, স্নায়ু ৰোগ, বাত বিষ, ঘামুচি, হাত – ভৰি জ্বলা  আদি ৰোগৰ নিৰাময়ৰ বাবে হেলচী উদ্ভিদ বিধ ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদ চিকিৎসাতো হেলচী উদ্ভিদ ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদত হেলচীক তেজৰ পৰিশোধন, ভোক বঢ়োৱা, পিত্তথলী, বীজাণু নাশক বুলি চিনাক্ত কৰা হৈছে।  কবিৰাজ সকলে ছালৰ ৰোগ নিৰাময়ৰ বাবে হেলচী ভেষজ বিধ খোৱাৰ পৰামৰ্শ দিয়ে। হেলচী ভেষজ বিধ নিয়মীয়াকৈ সেৱন কৰিলে তেজত হিমোগ্লবিনৰ পৰিমাণ বৃদ্ধি হয়। কৌষ্ঠ্য কানিক্য, হাঁপানি, ডায়েৰিয়া, আৰু স্নায়ু ৰোগৰ চিকিৎসাৰ বাবে হেলচীৰ উপকাৰিতা আৰু ব্যৱহাৰ দেখা যায়। হেলচী উদ্ভিদ বিধ ছালৰ ৰোগৰ, ঘাম ওলোৱা, অনীহা, হাত – ভৰি জ্বলা, ব্ৰং কাইটিছৰ  ক্ষেত্ৰত যথেষ্ট উপকাৰী। হেলচী উদ্ভিদ বিধৰ কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতাও আছে কিয়নো ইয়াত পৰ্যাপ্ত এণ্টি অক্সিডেণ্ট  (Anti-oxidant) আছে । নিয়মীয়াকৈ হেলচী শাক হিচাপে খোৱাৰ ফলত ৰক্ত শৰ্কৰা হ্ৰাস হয় ।

পুষ্টিকৰ উপাদান | Nutritious Element

হেলচী  উদ্ভিদত –  ২.১% আমিষ, ৩.২%  চৰ্বি, ৫.৫ % শৰ্কৰা, ২.২ % লৱণ, ৬৩% ভিটামিন এ ( vitamin A ), ৭১% ভিটামিন চি (vitamin C), ৪১ মিলি গ্ৰাম ছডিয়াম ( sodium), ৩৩০ মিলি গ্ৰাম পটাছিয়াম ( potassium) থাকে ।

হেলচী   উদ্ভিদত  এণ্টি  কৰ্কট ৰোগ (Anti cancer), এণ্টি অক্সিডেণ্ট (Anti oxidant), এণ্টি ডায়েবেটিক (Anti – diabetic), এণ্টি ইনফ্লেমেটৰী (Anti – inflammatory), এণ্টি মাইক্ৰোবাইল (Anti – microbial), এণ্টি ডায়েৰিয়াল (Anti – Diarrheal), এনালজেচিক (Analgesic), চি এন এছ ডিপ্ৰেচেণ্ট (CNS depressant), হেপাটো প্ৰটেক্টিভ (Hepatoprotective) আৰু  নিউৰোফাৰ্মাকোলজিকেল (Neuropharmacological) ৰ প্ৰভাৱ থাকে ।

হেলচী  উদ্ভিদত নিহিত হৈ থকা ৰাসায়নিক উপাদান (Chemical Elements) সমূহ হ’ল – Saponins, Myricyl, Alcohol, Kaurol, Cholesterol, Sitosterol, Glucoside, Sesquiterpene lactones, Germacranolide, Enhydrin, Flantuanin and Fludin, a number of Diterpenoid Acid, and their Isovalerate and Angelate Derivatives, Stigmasterol and Gibberellins A9 and A13।

 হেলচী উদ্ভিদক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনাজাত  এই নাম সমূহ  – 

হিন্দী ভাষাত: Harkuch, Haruch, Matsyakshi

সংস্কৃত ভাষাত: Hilamochika

ইংৰাজী ভাষাত: Buffalo spinach, Marsh Herb

বাংলা ভাষাত: Helencha shak, Hilancha, Hingcha, Hincha

উৰিয়া ভাষাত: Hidimica

ইন্দোনেছিয় ভাষাত: Godobos

থাই ভাষাত: Phak bungrum

চীনা ভাষাত: Zhao ju

হেলচীৰ উপকাৰিতা Benefits of Buffalo spinach 

ছালৰ ৰোগ নিৰাময় কৰে (Cures Skin Disease)

ছালৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হেলচী উপকাৰিতা আছে। হেলচীত বহুতো এণ্টি – মাইক্ৰবিয়েল (Antimicrobial) উপাদান থাকে যিয়ে ছালৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বা ভেঁকুৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে আৰু সকলো বিষাক্ত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰে । ই Eczema, ছালৰ এলাৰ্জি হ্ৰাস কৰাত সহায় কৰে। হেলচী (Buffalo spinach)   উদ্ভিদে তেজ বিশুদ্ধ কৰে আৰু শাল মইনা (Pimple), ফোঁহা, আঁতৰ কৰে । ছালৰ দাগ সমূহ আঁতৰ কৰে আৰু ছালৰ উজ্জ্বলতা বঢ়ায়।

২. এচিডিতি আৰু যকৃতৰ সমস্যা চিকিৎসা কৰে (Treats Acidity and liver Problems)

হেলচী উদ্ভিদে এচিডিতি আৰু যকৃতৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। হেলচী উদ্ভিদৰ চুপ খালে পেটৰ সমস্যা যেনে – এচিডিতি, গেষ্ট্ৰটাইটিছ, হৃদযন্ত্ৰৰ পোৰা, বদহজম আদি নিৰাময় কৰে । ই যকৃতৰ স্বাস্থ্য আৰু সামগ্ৰিক অন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে।

৩. নিদ্ৰহিনতাৰ চিকিৎসা কৰে (Treat Insomnia)

নিদ্ৰহিনতাৰ চিকিৎসাৰ বাবে হেলচী (Buffalo spinach)    উদ্ভিদ উপকাৰী। হেলচী উদ্ভিদে চাপ হৰমনৰ (Stress hormones) উৎপাদন নিয়ন্ত্ৰণ কৰে আৰু পেশী  শিথিল কৰে। ই এক উন্নত টোপনি আৰু শিথিল মন প্ৰদান কৰে।

৪. স্নায়বিক বিকাৰৰ চিকিৎসা কৰে (Treats Neurological Disorders)

স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে হেলচী উদ্ভিদ উপকাৰী। আলঝেইমাৰ (Alzheimer) ৰোগৰ দৰে স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে হেলচী উদ্ভিদৰ নিষ্কাশন ব্যৱহাৰ কৰা হয়।

৫. ওজন হ্ৰাসৰ বাবে (For Weight loss)

হেলচী (Buffalo spinach) উদ্ভিদে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ওজনৰ বাবে আহাৰ অনুসৰণ কৰা লোকসকলে হেলচী শাক হিচাপে বা চুপ হিচাপে সেৱন কৰিব পাৰে। হেলচী উদ্ভিদত প্ৰ’টিন আৰু এণ্টি – অক্সিডেণ্টৰ (Anti – oxidant) উপাদান থাকে যি শৰীৰৰ বাবে এক উন্নত পুষ্টিগত পৰিপূৰক প্ৰস্তুত কৰে।

৬. অৰুচি চিকিৎসা কৰে (Treats Anorexia)

অৰুচি হৈছে এক পৃথক স্নায়বিক ৰোগ য’ত মানুহে সঠিক খাদ্য গ্ৰহণ নকৰে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ওজন তেওঁলোকৰ উচ্চতা অনুসৰি অত্যধিক কম হয় তথাপিও তেওঁলোকে একো খাবলৈ অনুভৱ নকৰে। হেলচী উদ্ভিদত থকা উপাদানে শৰীৰক পুনৰুজ্জীৱিত কৰাত  সহায় কৰে আৰু খাদ্যৰ বাবে ভোকৰ আগ্ৰহ সৃষ্টি কৰে।

৭.   নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰে (Controls Low Blood Pressure)

নিম্ন ৰক্তচাপ থকা লোকসকলৰ বাবে হেলচীৰ উপকাৰিতা মন কৰা যায়। দুই চাহ চামুচ হেলচী পাতৰ ৰস, দুই চাহ চামুচ কলমৌ পাতৰ ৰসৰ সৈতে দুই চাহ চামুচ মৌ মিহলাই প্ৰতিদিন পুৱা এমাহৰলৈকে সেৱন কৰিলে নিম্ন ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

যদিও এই উদ্ভিদ বিধ ঔষধি গুণেৰে পৰিপুষ্ট আৰু বহু ৰোগৰ বাবে উপকাৰী তথাপিও ইয়াক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত 

হেলচী উদ্ভিদ কিদৰে ব্যৱহাৰ কৰিব? | How to use Buffalo spinach

কণ্টক বা ঘাম এই দুয়োটাৰ পৰা নিৰাময় পাবলৈ হেলচী উদ্ভিদৰ পাত সামান্য পানীৰ সৈতে পিচি তাৰ ৰস শৰীৰত ঘহিলে উপকাৰ হয়।

জিভাত বগা স্তৰ পৰিলে তাৰ পৰা প্ৰতিকাৰ পাবলৈ হেলচী পাতৰ ৰস দুই চামুচ গৰম কৰি কেইদিনমান সেৱন কৰিব লাগে।

বৰ্ষা বা শৰৎ কালত হাত – ভৰি, চকুৰ খজুৱতি হ’লে  এনে ক্ষেত্ৰত কেঁচা গাখীৰৰ সৈতে ২ চাহ চামুচ হেলচী পাতৰ ৰস মিহলি কৰি সেৱন কৰিলে এই ৰোগৰ পৰা নিৰাময় পাব পাৰি।

হেলচী পাতৰ ৰস ৩০ মিলি লিটাৰ, ৫০ মিলি লিটাৰ গৰু বা ছাগলী গাখীৰৰ সৈতে মিহলাই দৈনিক সেৱন কৰিলে পিত্তৰ পৰিমাণ স্বাভৱিক হয়। গনৰিয়া (Gonorrhea) ৰোগৰ বাবেও এই একে পদ্ধতিত একে পৰিমাণে সেৱন কৰিলে উপকাৰ পোৱা যায়।

কঁকালৰ ঠিক তলত বিষ বা যন্ত্ৰণা, নিশা ভৰিৰ পেশী বোৰ টান মাৰি ধৰিলে এনে ক্ষেত্ৰত  হেলচী পাতৰ ৰস ৩ চামুচ পাতলকৈ গৰম কৰি ৰাতিপুৱা খালি পেটত কেইদিনমান নিয়মীয়াকৈ সেৱন কৰিলে উপকাৰ হয়।

মূৰৰ বিষ পৰা আৰোগ্য লাভ কৰিবলৈ হেলচী পাতৰ পেষ্ট তৈয়াৰ কৰি কপালত প্ৰলেপ হিচাপে লগালে বিষ নিৰাময় হোৱাত সহায় কৰে ।

শৰীৰত দুই এটি গুটি দেখা দিলে প্ৰথম পৰ্য্যায়তে চন্দন কাঠৰ গুৰি ২ গ্ৰাম, অধাকাপ হেলচী পাতৰ ৰসৰ সৈতে মিহলাই সেৱন কৰিলে গুটি সমূহ নিৰাময় হোৱাত সহায় কৰে।

বৃক্কৰ পাথৰ (Kidney Stones) চিকিৎসাৰ বাবে হেলচী পাত চেনীৰ সৈতে সিজোৱাই তাৰ তৰল পান কৰা হয় ।

গোটেই হেলচী উদ্ভিদ জোপা কৌষ্ঠকাঠিন্য (Constipation) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

হেলচি উদ্ভিদৰ অপকাৰীতা | Side effects of Buffalo spinach

 বনৌষধি ভেষজ উদ্ভিদ ৰূপে হেলচিৰ যিদৰে উপকাৰিতা  Benefits of Buffalo spinach আছে একেদৰে ইয়াৰ বিশেষ কোনো অপকাৰীতা লক্ষ্য কৰা হোৱা নাই যদিও কেতিয়াবা কিছু ৰোগৰ বাবে ইয়াৰ অতিমাত্ৰা উপয়োগ ক্ষতিকাৰক হ’বও পাৰে। সেয়হে ইয়াৰ উপকাৰিতা সমূহলৈ লক্ষ্য কৰি ৰোগ সমূহ নিৰাময় ক্ষেত্ৰত সঠিক মাত্ৰাত ইয়াৰ উপয়োগ কৰা ভাল আৰু ইয়াৰ ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

সামৰণি | Conclusion

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনি নিশ্চয় হেলচী ৰ এক সাম্যক পৰিচয় পালে। হেলচীৰ উপকাৰিতা Benefits of Buffalo spinach, আপকাৰিতা, বিভিন্ন নাম, ৰাসায়নিক উপাদান তথা অন্যান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰোঁ উক্ত প্ৰবন্ধটিত উল্লেখ থকা তথ্যসমূহে আপোনাক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *