এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী তৰালী ঘৰফলীয়া

এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী তৰালী ঘৰফলীয়া

 

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷

তৰালী ঘৰফলীয়াঃ আপোনালোকলৈও প্ৰতি নমস্কাৰ জনাইছোঁ। মোৰ জন্ম ১৯৯২ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ২ নং মাউটনী গাঁৱত। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰোঁ। বিবাহ তথা কৰ্মসূত্ৰে বৰ্তমান মই লখিমপুৰ জিলাৰ গৰুমূৰীয়াৰ বাসিন্দা। মোৰ স্বামী দিগন্ত ডেকা আৰু আমাৰ একমাত্ৰ জী অবিনাশী দি ডেকা।

বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওঁকচোন ! কেতিয়াৰ পৰা শিক্ষকতা কৰিবলৈ ল’লে ?

তৰালী ঘৰফলীয়াঃ মই ২০১২ চনৰপৰা শিক্ষকতা কৰি আছোঁ। বৰ্তমান মই লখিমপুৰৰ বাধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী।

বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?

তৰালী ঘৰফলীয়াঃ মই কিতাপ পঢ়ি খুব ভাল পাওঁ। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই দেউতাই শিশু আলোচনী “মৌচাক”খন হাতত তুলি দিছিল। মৌচাক পঢ়িয়েই নিজৰ নামটো ছপা আখৰত দেখাৰ সপোন জাগি উঠিছিল আৰু মৌচাকতেই মোৰ জীৱনৰ প্ৰথমটো চুটিগল্প “বিহুৰ চোলা” প্ৰকাশ পাইছিল। তাৰ পাছৰ পৰা এৰা-ধৰাকৈ হ’লেও কলমটো খামুচি ধৰি আছোঁ। যাৰ ফলশ্ৰুতিতে অসমৰ বিভিন্ন কাকত আলোচনীত মোৰ কবিতা, চুটিগল্প, অণুগল্প, প্ৰৱন্ধ প্ৰকাশ পাই আহিছে।

বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? অলপ বিস্তাৰিতভাবে কওকচোন!

তৰালী ঘৰফলীয়াঃ লিখা-মেলা কৰা কামটো আচলতে মোৰ নিচা। মুখেৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান বাৰ্তা মই কলমৰ জৰিয়তে সমাজলৈ প্ৰেৰণ কৰিব খোজোঁ। মোৰ লেখা পঢ়ি যদি দুজন পাঠকো উপকৃত হয়, সেয়াই মোৰ সাৰ্থকতা বুলি ভাবোঁ। আন দহজনৰ দৰে ময়ো এক সুস্থ সামাজিক বাতাবৰণ কামনা কৰোঁ। বহু কথাই অন্তৰত বহুবাৰ আঘাত হানিছে, বহু কথাই বহুবাৰ বিদ্ৰোহী মন এটাও জগাই তুলিছে, বহু কথাই বহু সময়ত নিৰাশাজনক স্থিতি লোৱাৰ বিপৰীতে বহু কথাই আকৌ আশাবাদীও কৰি তুলিছে। এই সকলোবোৰৰ সংমিশ্ৰণেইতো আচলতে জীৱন। জীৱনৰ এনে বহু অভিজ্ঞতা সামৰি লিখা মোৰ তিনিখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। ‘চকৰি(অণুগল্প সংকলন)’, ‘পাগলী (চুটিগল্প সংকলন)’ আৰু ‘দৌৰ(চুটিগল্প সংকলন)’। এখন কবিতা পুথি আৰু এখন বিহু বিষয়ক প্ৰৱন্ধৰ সংকলন প্ৰকাশৰ পথত আছে।

বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে ? নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?

তৰালী ঘৰফলীয়াঃ মোৰ দৃষ্টিত সাহিত্য হৈছে এজন সাহিত্যিকৰ মনৰ সাধনা। তেওঁ বাস কৰা সমাজখনত চলি থকা সৰু -বৰ ঘটনাই অন্তৰত যেতিয়া ক্ৰিয়া কৰে, সেয়াই সমাজৰ দাপোন হৈ তেওঁৰ কলমেৰে নিগৰি আহে। সাহিত্যত, বিশেষকৈ গল্প, কবিতা আদিত কল্পনাৰ স্থান থাকিলেও বাস্তৱ অভিজ্ঞতাই কিন্তু স্থান পায়েই। অৱশ্যে, গৱেষণাধৰ্মী লেখা বা প্ৰৱন্ধ আদিৰ ক্ষেত্ৰত উপযুক্ত তথ্য-পাতি মূল আহিলা। বৰ্তমান সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক লৈ মই বিশেষ একো ক’ব নোখোজোঁ। কাৰণ, সকলোৰে ৰুচিবোধ ভিন্ন ভিন্ন। পিছে, দুদিনীয়া জনপ্ৰিয়তা মোৰ পছন্দৰ বাহিৰত। এজন লেখক অথবা শিল্পীয়ে পঢ়ুৱৈ তথা শ্ৰোতাৰ মনত আজীৱন জীয়াই থাকিব পৰাকৈ কাম কৰিলে, তেওঁ নিশ্চয় নিজৰ সৃষ্টিৰাজিৰ মাজতে অমৰ হৈ থাকিব। সাধনাৰ অবিহনে সফলতা অসম্ভৱ। যিদৰে অব্যৱহৃত দা-কটাৰীত মামৰে ধৰে, তেনেকৈ সাধনাৰ অবিহনেও সৃষ্টিত মামৰে ধৰে। গতিকে, ন-শিকাৰুসকলে অধিক সাধনা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। যিহেতু, সাহিত্যৰ পথাৰখনত মই নিজেও এজন শিকাৰুহে।

বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?

তৰালী ঘৰফলীয়াঃ সমাজত নিতৌ সংঘটিত হৈ থকা সৰু-বৰ বহুতো ঘটনা মোৰ লেখাৰ প্ৰধান উপজীৱ্য। যিবোৰৰ মাজৰে বহু ঘটনা আন্ধাৰতে ৰৈ যায়। সেই আন্ধাৰত ৰৈ যোৱা ঘটনাবোৰ মই মোৰ লেখাৰ জৰিয়তে প্ৰকাশ কৰিব খোজোঁ। এক কথাত যিবোৰক প্ৰতিবাদ অথবা বিদ্ৰোহ বুলিও ধৰি ল’ব পাৰি।

বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷

তৰালী ঘৰফলীয়াঃ সাহিত্যৰ চৰ্চা হৈছে, কিন্তু সকলোবোৰ সাহিত্য উৎকৃষ্ট হৈছে বুলি মই নাভাবোঁ। কাৰণ, সামাজিক মাধ্যমত আমি নিজেই নিজৰ লেখাৰ সম্পাদনা কৰোঁ। যি ইচ্ছা তাকেই লিখি পেলাব পাৰোঁ। গতিকে, ভুল চকুত নপৰাটোৱেই স্বাভাৱিক। কিন্তু, ছপা মাধ্যমত সেই সুবিধা নথকাত আমি কিবা এটা লিখাৰ ক্ষেত্ৰত অধিক কচৰৎ কৰিবলগীয়া হয়। যিয়ে আমাৰ সাধনা বৃদ্ধি কৰে।
সামাজিক মাধ্যমে পৃথিৱীখন হাতৰ মুঠিত তুলি দিছে। মনৰ কথা মুক্তভাৱে প্ৰকাশ কৰিব পৰা এখন মঞ্চ হিচাপে এই মাধ্যম গঢ় লৈ উঠিছে। কিন্তু, মনবোৰ যেন যান্ত্ৰিক হৈ পৰিছে। ব্যস্ততা বাঢ়িছে। যাৰ ফলত আত্মিক বান্ধোনবোৰ যেন কিছু কৃত্ৰিমতাই গ্ৰাস কৰি পেলাইছে।

বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ । বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসংগিক কৰি তুলিছে ! আপুনি কি দেখিছে ? বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাবে আপুনি ?

তৰালী ঘৰফলীয়াঃ যাৰ অধ্যয়নত ৰাপ আছে, তেওঁ কিতাপ পঢ়িবই। কোনো বেলেগ মাধ্যমে সেই ৰাপ হ্ৰাস কৰিব নোৱাৰে। অৱশ্যে, সামাজিক মাধ্যমে পঠনৰ সময় কিছু কাঢ়ি নিয়াটো সত্য; কিন্তু আগ্ৰহ নাইবা ধাউতি নিশ্চয় কমাব পৰা নাই। এগৰাকী শিক্ষয়িত্ৰী হিচাপে মোৰ দৃষ্টিত বৰ্তমানৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ তুলনাত বাহিৰা কিতাপ কম পঢ়ে। তাৰোপৰি পূৰ্বৰ ৰুচিবোধৰ লগতো বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ ৰুচিবোধ নিমিলে।

বিন্দুঃ “পঢ়ায়, পঢ়ে, ৰোৱে পাণ/ ই তিনি নিচিন্তে আন”- এগৰাকী শিক্ষক হিচাপে উক্ত আপ্তবাক্যষাৰী আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে ?

তৰালী ঘৰফলীয়াঃ একাগ্ৰতা সকলো ক্ষেত্ৰতে বাঞ্ছনীয়। এগৰাকী শিক্ষকে একাগ্ৰতাৰে শিক্ষাদান কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী তথা লাভদায়ক হয় বুলি মই ভাবোঁ। জীৱনটোৱেই দেখোন এখন গ্ৰন্থ। য’ৰপৰা আজীৱন শিক্ষা গ্ৰহণ কৰিব পাৰি। যিখিনি জানো সেইখিনি বিতৰণ কৰাৰ লগতে নজনাখিনি আগ্ৰহেৰে আহৰণ কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু আগলৈও কৰি যাম।

বিন্দুঃ শিক্ষকতা এক পৱিত্ৰ বৃত্তি । এক কথাত শিক্ষকসকল হৈছে ভৱিষ্যত সমাজৰ নিৰ্মাতা । কিন্তু এই ক্ষেত্ৰত সমৰ্পিত ভাবেৰে কাম কৰিবলৈ নিশ্চয় শিক্ষকসকলে পাব লাগিব এক চাপহীন মুকলি পৰিৱেশ । শিক্ষক সমাজে পাইছেনে সেই পৰিৱেশ ? আপুনি কি ভাবে ?

তৰালী ঘৰফলীয়াঃ একেআষাৰে শিক্ষকসকলে চাপমুক্ত এক পৰিৱেশ লাভ কৰিছে বুলি কৈ দিব নোৱাৰি। আমাৰ মাজৰে বহু শিক্ষকে অসমৰ বিভিন্ন ঠাইত অৰঙে-দৰঙে থাকি শিক্ষাদান কৰিবলগীয়া হৈছে। বিভিন্ন কাৰণত তেওঁলোকে বছৰ বছৰ ধৰি নিজৰ ঘৰখনৰ ওচৰলৈ স্থায়ীভাৱে বদলি হ’ব পৰা নাই। গতিকে, মানসিক চাপ একোটা থকাটো স্বাভাৱিক। তদুপৰি “এচাৰিৰ আগত বিদ্যা” বোলা আপ্তবাক্যশাৰীও আজিকালি মূল্যহীন। বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ আগত শিক্ষক এজন বাধ্যত পৰি মৌন হৈ থাকিবলগীয়া হয়। মই ভাবোঁ শিক্ষক+ছাত্ৰ+অভিভাৱক এই তিনিওৰে প্ৰচেষ্টাতহে সুস্থ শৈক্ষিক পৰিৱেশ এটা গঢ় লৈ উঠে।

বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?

তৰালী ঘৰফলীয়াঃ আজিৰ নাৰী অবলা নহয়। তথাপি, বহুক্ষেত্ৰত নাৰীয়ে নিজৰ মৰ্যাদা হেৰুৱাইছে যদিও অসমীয়া সমাজখনে তুলনামূলকভাৱে নাৰীক উপযুক্ত মৰ্যাদা প্ৰদান কৰে বুলিয়েই মই ভাবোঁ। হয়, নাৰী সুৰক্ষিত। যদিহে তেওঁ নিজৰ সুৰক্ষাকবচ নিজে তৈয়াৰ কৰি ল’ব জানে।

বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?

তৰালী ঘৰফলীয়াঃ সম অধিকাৰ বোলা কথাষাৰ আচলতে আমাৰ মনৰ ভিতৰতে সীমাবদ্ধ। যিহেতু আমাৰ সমাজখনেই পুৰুষতান্ত্ৰিক। গতিকে, বহু পুৰুষে উপযুক্ত যোগ্যতা থকাৰ পাছতো পত্নীগৰাকীক নিজৰ তলতীয়া বুলি ভাবে। চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ থকাটো বিচাৰে। তেৱোঁ যে পুৰুষজনৰ সমানে খোজ দিব পাৰে, সেয়া পিছে বোধগম্যতাৰ বাহিৰত। নাৰীয়ে সম অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে জগৰীয়া অৱশ্যে কেৱল পুৰুষ নহয়, আমাৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাহে।

বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?

তৰালী ঘৰফলীয়াঃ নাৰী যদি এডাল লতা, সেই লতাডালক খামুচি ধৰি ৰাখিব পৰা গছজোপাই পুৰুষ। নাৰী আৰু পুৰুষ দুয়ো দুয়োৰে পৰিপুৰক হোৱা উচিত।

বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?

তৰালী ঘৰফলীয়াঃ বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আচলতে একেবাৰে নুই কৰিব নোৱাৰি। বহুজনক জোৰ কৰি বৃদ্ধাশ্ৰমলৈ পঠিওৱাৰ বিপৰীতে আজিকালি বহুলোকে কিন্তু ইচ্ছা কৰিয়েই বৃদ্ধাশ্ৰমত থাকিব খোজে। এটা কথা ১০০ শতাংশই সত্য যে নিজৰ ঘৰখনৰ সমান হেঁপাহৰ ঠাই আৰু একো হ’ব নোৱাৰে। তাৰপাছতো যদি পৰিস্থিতিয়ে বিচাৰে, বৃদ্ধাশ্ৰমৰ বাসিন্দা হ’বলৈ আগতীয়াকৈ সাজু হৈ থাকিলে মনোকষ্ট নিশ্চয় কম হ’ব। কিন্তু, তাৰ বাবে লাগিব সন্তানৰ সৌহাদ্যপূৰ্ণ সহযোগ। পিছে, সন্তানৰ পৰা মানসিক কষ্ট পাই বৃদ্ধাশ্ৰমৰ বাসিন্দা হোৱাটো মই কোনোপধ্যেই সমৰ্থন নকৰোঁ। একাকীত্বৰ পৰা পৰিত্ৰাণ পাবলৈ বৃদ্ধাশ্ৰমখনকো আৱাসীজনে “ঘৰ” বুলি ভাবিব পৰা পৰিৱেশ এটা গঢ় লৈ উঠিলে ই নিশ্চয় এক ইতিবাচক পদক্ষেপ হ’ব।

বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?

তৰালী ঘৰফলীয়াঃ ল’ৰাই হওক বা ছোৱালীয়ে হওক পিতৃ-মাতৃৰ ক্ষেত্ৰত দুয়োপক্ষই সমানে দায়বদ্ধ হোৱা উচিত। বিবাহিতা কন্যা হ’ল বুলিয়েই দায়িত্বৰ পৰা আঁতৰি থকাটো যুক্তিসংগত নহয়। অৱশ্যে, সামাজিক প্ৰথা অনুসৰি বিপদে-আপদে পুত্ৰ সন্তান এটি কাষতে থাকিলে বিবাহিতা কন্যাতকৈ আগতে দায়িত্ব পালন কৰিবলগীয়া হয়। সেইবুলি কন্যাগৰাকীয়ে গা-এৰা দিয়া মনোভাৱ পোষণ কৰিব নালাগে।

বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধি স্বৰূপ হৈ পৰিছে । সৌ সিদিনা কলিকতাৰ আৰ. জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ঢৌ এতিয়াও মাৰ যোৱা নাই । ধিং কাণ্ডৰো সাক্ষি হৈছো আমি । এনেবোৰ কাৰ্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি ?

তৰালী ঘৰফলীয়াঃ ঘৰখনেই শিশু এটিৰ জীৱন গঢ়াৰ কমাৰশাল। সৰুৰে পৰাই যদি শিশু এটিক নৈতিকতাৰ পাঠ শিকোৱা হয়, নাৰীক উপযুক্ত সন্মান দিবলৈ শিকোৱা হয়, পৰৱৰ্তী সময়ত তেওঁ নিশ্চয় নাৰীৰ বাবে হানিকাৰক একো কাম কৰিব নোৱাৰে। সেয়া ধৰ্ষণেই হওক বা আন কিবা।

বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?

তৰালী ঘৰফলীয়াঃ মই এই ব্যৱস্থাৰ সমৰ্থক নহয়। এজনে আনজনক বুজি পাবলৈ একেলগে থাকিবলগীয়া কোনো কথা নাই। অৱশ্যে, “বিবাহ” এক বেলেগ সামাজিক প্ৰথা। কিন্তু বিবাহপূৰ্ব এনে সম্পৰ্ক মই সমৰ্থন নকৰোঁ।

বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?

তৰালী ঘৰফলীয়াঃ যুগৰ যিহেতু পৰিৱৰ্তন হৈছে, কিছুমান কথা আচলতে আমি নিজেই বুজি পাবৰ হ’ল। বাল্য বিবাহ, বহু বিবাহ আদিয়ে সমাজত কি প্ৰভাৱ পেলায়, সেয়া নিশ্চয় সকলোৰে বোধগম্য হৈছে। তাত চৰকাৰে ব্যৱস্থা ল’বলগীয়া একো থাকিবই নালাগিছিল। তথাপি, এনেধৰণৰ ব্যৱস্থা নিৰ্মূলৰ ক্ষেত্ৰত লোৱা চৰকাৰী পদক্ষেপক উচিত বুলিয়েই মই বিবেচনা কৰিছোঁ।

বিন্দুঃ আজিকালি পুৰুষৰ সমানে নাৰীসকলো জড়িত হৈ পৰা দেখা গৈছে অসামাজিক কাম কাজত । উদাহৰণ স্বৰূপে চুমি বৰাৰ কথা আমি ক’ব পাৰো । নাৰীৰ এই স্খলনৰ কাৰণ আপুনি কি বুলি ভাবে ?

তৰালী ঘৰফলীয়াঃ বিলাসী জীৱনৰ প্ৰতি অত্যধিক আকাংক্ষা।

বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?

তৰালী ঘৰফলীয়াঃ শাহু হ’বলৈ বহুত বাকী। এগৰাকী বোৱাৰী হিচাপে শাহুমাৰ লগত মোৰ কোনোদিনে সংঘাত হোৱা নাই। মই যিদৰে তেওঁক সন্মান কৰোঁ, তেৱোঁ মোক সেইদৰেই মৰম কৰে। কথাতে কয় নহয়, মৰম দিলে মৰম পায়। মই ভাবোঁ, বুজাপৰাৰ মাজত চলিলে শাহু-বোৱাৰীৰ মাজত কেতিয়াও সংঘাতৰ সৃষ্টি নহয়। মোৰ অনুভৱ হয়, শাহু এগৰাকীয়ে নিজৰ বোৱাৰীয়েকক তেওঁৰ মতে শিকাই-বুজাই ল’বলৈ ভাল পায়। কিছু ক্ষেত্ৰত অসুবিধা হ’লেও বোৱাৰীগৰাকীয়ে অকণমান কষ্ট কৰি পৰিস্থিতি মোকাবিলা কৰিলেই বুজাবুজিৰ অভাৱ নহয় বুলি মই ভাবোঁ। কাৰণ, বোৱাৰীগৰাকীও এদিন নিশ্চয় শাহু হ’বগৈ।

বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

তৰালী ঘৰফলীয়াঃ সকলো ক্ষেত্ৰত নহ’লেও কিছু কিছু ক্ষেত্ৰত নাৰীয়ে নাৰীৰ শত্ৰু বুলি কোৱা কথাষাৰ সঁচা বুলিয়ে মই ভাবোঁ। কাৰণ, স্বামী এজনে পত্নীক অত্যাচাৰ কৰিলে এগৰাকী নাৰীয়ে, বিশেষকৈ মাতৃগৰাকীয়ে নিজ পুত্ৰক বাধা দিব পৰা ক্ষমতা তথা সদিচ্ছা থাকিব লাগে। বোৱাৰীগৰাকীকো বুজাব পৰা ক্ষমতা থাকিব লাগে। কিন্তু, বহু ক্ষেত্ৰত মাতৃগৰাকীয়েও বোৱাৰী নিৰ্যাতনত ভাগ লোৱা দেখা যায়। যাৰ বাবে নাৰীয়ে নাৰীৰ শত্ৰু বোলা কথাষাৰ প্ৰচলিত হৈ আহিছে।

বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে । কোৱা হয় বহু নিৰূপায় পুৰুষে এডজাষ্ট কৰি লয়, বহু নিৰ্যাতিত পুৰুষে নাৰীৰ এনে পীড়ণক স্বীকাৰ কৰি লয় সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত । আপুনি কি কয় ?

তৰালী ঘৰফলীয়াঃ পুৰুষেই হওক বা নাৰী কোনেও আচলতে নিৰ্যাতন সহি এডজাষ্ট কৰি থকা কথাটো মই পছন্দ নকৰোঁ। য’ত বুজাবুজি নাই, মৰম-ভালপোৱা নাই, তেনে এক সম্বন্ধ কেৱল সমাজক দেখুৱাবলৈকে জোৰ কৰি ধৰি ৰখাটো যুক্তিহীন কথা। অৱশ্যে, যিমানখিনিলৈকে পাৰি কোনোবা এজনে এডজাষ্ট কৰি সংসাৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিন্তু, তাৰপিছতো যদি কথা-বতৰা নিমিলে, তেনে সম্পৰ্ক বাদ দিয়া উচিত। আৰু এটা কথা, নাৰী এগৰাকীয়ে যেনেকৈ পুৰুষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো সহজ কথা, তেনেকৈ পুৰুষ এজনেও তেওঁক নিৰ্যাতন কৰা মহিলাগৰাকীৰ বিৰুদ্ধে ন্যায় বিচাৰি আইনৰ কাষ চপা কামটোও সহজ হৈ উঠক। যিটো কৰিবলৈ গ’লে সমাজৰ আগত আচলতে হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়াহে হয়। এই বৈষম্য দূৰ হোৱা উচিত।

বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে ! এই ক্ষেত্ৰত আপোনাৰ অভিমত ?

তৰালী ঘৰফলীয়াঃ যি হয়, মুকলি হওক। কোনোবাই এই ক্ষেত্ৰত অবাধ স্বাধীনতা বিচাৰিছে, সেয়া আইনসংগত হওক। কিন্তু, আইনে ৰায় দিলে বুলিয়েই নিজৰ সংসাৰখনক আঁৰ কৰি কেৱল যৌন তৃপ্তিৰ বাবে পৰকীয়া প্ৰেমত মত্ত হোৱাসকলক মই ক্ষমাৰ দৃষ্টিৰে চাব নিবিচাৰোঁ।

বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে । ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে বাখ্যা আগবঢ়াব ? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে ?

তৰালী ঘৰফলীয়াঃ ৰাজনীতিৰ লগত মোৰ বৰ এটা মিলা-মিছা নাই। ই সৰ্বস্তৰলৈ বিয়পিছে যদিও তৃণমূল পৰ্যায়ত ৰাজনীতিৰ সংজ্ঞাই প্ৰকৃত অস্তিত্ব হেৰুৱাইছে যেনহে মোৰ অনুমান হয়। শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যটো মোৰ সমৰ্থনৰ বাহিৰত।

বিন্দুঃ বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব ?

তৰালী ঘৰফলীয়াঃ ৰাজনীতিৰ বিষয়ে আচলতে মই মতামত দিবলৈ ভাল নাপাওঁ। তথাপি বৰ্তমান বোকা ছটিওৱা ৰাজনীতিয়ে ৰাজনৈতিক দৃশ্যপট সঘনাই সলনি কৰি পেলাইছে বুলি মই অনুভৱ কৰোঁ।

বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল । প্ৰথম কামটো আপোনাৰ কি হ’ব ?

তৰালী ঘৰফলীয়াঃ ধৰ্ষণকাৰীক চৰম শাস্তি দিয়া এখন আইন প্ৰণয়ন কৰিম।

বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷

তৰালী ঘৰফলীয়াঃ এগৰাকী অধ্যাপক হোৱাৰ সপোন নথকা নহয়। পিছে পৰিস্থিতিয়ে সেয়া হ’বলৈ নিদিলে। বৰ্তমানৰ বৃত্তিক লৈ সুখী যদিও মাজে মাজে সেই আকাংক্ষা জাগি উঠে।

বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?

তৰালী ঘৰফলীয়াঃ ১) সকলোৰে মনৰ পৰা হিংসা-বিদ্বেষ আঁতৰ হওক। ২) চাপমুক্ত পৃথিৱী এখনত মুকলিকৈ উশাহ ল’ব পৰা পৰিৱেশ এটা গঢ়ি উঠক। ৩) এক বিশেষ গুণেৰে সকলোৰে মন জয় কৰিব পৰা দক্ষতা বিচাৰিলোঁহেঁতেন।

বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?

তৰালী ঘৰফলীয়াঃ সাহিত্যৰ বিভিন্ন কিতাপ।

বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?

তৰালী ঘৰফলীয়াঃ “গল্পকাৰ তৰালী ঘৰফলীয়া” হিচাপে চিনি পালেই যথেষ্ট। যদিহে মোৰ হাতৰ পৰা কলমটো হেৰাই নাযায়।

বিন্দুঃ প্ৰিয় ফুল?
তৰালী ঘৰফলীয়াঃ তগৰ।

বিন্দুঃ প্ৰিয় মানুহ?
তৰালী ঘৰফলীয়াঃ মোৰ জীৱনসংগী। (আৰু আছে। তেওঁক মই প্ৰথম স্থানত ৰাখিছোঁ।)

বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
তৰালী ঘৰফলীয়াঃ প্ৰয়াত অটল বিহাৰী বাজপেয়ী আৰু গৌৰৱ গগৈ।

বিন্দুঃ প্ৰিয় ৰং?
তৰালী ঘৰফলীয়াঃ ৰঙা।

বিন্দুঃ প্ৰিয় ঠাই?
তৰালী ঘৰফলীয়াঃ মোৰ ওপজা ঠাইখন।

বিন্দুঃ প্ৰিয় কিতাপ?
তৰালী ঘৰফলীয়াঃ মায়াবৃত্ত। (আৰু বহুত আছে)

বিন্দুঃ ভাল লগা গান ?
তৰালী ঘৰফলীয়াঃ এটা গানৰ কথা ক’বলৈ অসুবিধা। তথাপি, মন্দিৰা লাহিড়ী বাইদেউৰ “অহাৰ দৰে উভতি আঁতৰি গ’লা…” গীতটি মোৰ খুউব প্ৰিয়।

বিন্দুঃ প্ৰিয় সাহিত্যিক?
তৰালী ঘৰফলীয়াঃ ভৱেন্দ্ৰনাথ শইকীয়া, ৰীতা চৌধুৰী।

বিন্দুঃ প্ৰিয় ব্যঞ্জন?
তৰালী ঘৰফলীয়াঃ যিকোনো পিতিকা আৰু জালুকীয়া মুৰ্গী মাংস।

বিন্দুঃ প্ৰিয় সময়?
তৰালী ঘৰফলীয়াঃ আবেলি

বিন্দুঃ আজৰি সময়ৰ কাম?
তৰালী ঘৰফলীয়াঃ কবিতা আবৃত্তি মোৰ নিচা। গতিকে আজৰি সময়ত আবৃত্তি কৰি মই ভাল পাওঁ।

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷

তৰালী ঘৰফলীয়াঃ আপোনালোকেও এই সংখ্যাৰ বিন্দুৰ অতিথি হিচাপে মোক বাছনি কৰাত সুখী অনুভৱ কৰিছোঁ আৰু আন্তৰিকতাৰে ধন্যবাদ তথা কৃতজ্ঞতা জনোৱাৰ লগতে বিন্দুৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।

সাক্ষাৎগ্ৰহণ কৰিলে বিন্দুৰ কাৰ্যবাহী সম্পাদক ৰাতুল দাস শৰণীয়াই ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *