ছলমান ৰুছদীৰ Midnight Children (মিডনাইটছ চিলড্ৰেন) গ্ৰন্থখনে বুকাৰ লাভ কৰাৰ চাৰিটা দশক

ছলমান ৰুছদীৰ Midnight Children (মিডনাইটছ চিলড্ৰেন) গ্ৰন্থখনে বুকাৰ লাভ কৰাৰ চাৰিটা দশক

 

✍️ উজ্জ্বল ডেকা

ছলমান ৰুছদিৰ বিখ্যাত উপন্যাস Midnight Children (মিডনাইটছ চিলড্ৰেন) প্ৰকাশৰ বিয়াল্লিশ বছৰ পাৰ হৈ গ’ল৷ ১৯৮১ চনত প্ৰথমবাৰৰ বাবে বিলাতত প্ৰকাশ পাইছিল এই গ্ৰন্থখন৷ সেই বছৰতে উপন্যাসখনে ব্ৰিটেইনৰ শীৰ্ষ সাহিত্য বঁটা ‘বুকাৰ’ লাভ কৰে; ৰুছদীয়ে লাভ কৰে তাৰকাৰ খ্যাতি৷ ‘মই টোপনিৰ পৰা সাৰ পাই উঠি দেখিলোঁ- মোৰ নামটো দেশজুৰি বিয়পি পৰিছে৷ ’ ৰোমান্তিক যুগৰ ইংৰাজ কবি বাইৰন (১৭৮৮-১৮২৪) ৰ দৰে ৰুছডিয়েও বঁটা লাভ কৰাৰ পিছত এই কথা ক’ব পাৰিলেহেঁতেন৷ তৰুণ যুৱক ৰুছডি তেতিয়া কেম্‌ব্ৰিজ বিশ্ববিদ্যালয়ত ইতিহাস অধ্যয়ন কৰাৰ পিছত¸ লণ্ডনৰ এটা বিজ্ঞাপন সংস্থাত কৰ্মৰত আছিল৷ ‘মিডনাইটছ চিলড্ৰেন’-এ তেওঁক ৰাতিটোৰ ভিতৰতে বিখ্যাত আৰু বিত্তশালী কৰি তুলিলে৷ ফলত যেন চাকৰি এৰি পূৰ্ণকালীন সাহিত্যিক হিচাপে কাম কৰি যোৱাৰ সাহস পায়৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৯৩ আৰু ২০০৮ চনত উপন্যাসখনে আৰু দুবাৰকৈ বিশেষ বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

তিনিবাৰকৈ বুকাৰপ্ৰাপ্ত বিশাল কলেবৰৰ এই উপন্যাসখনত কি আছে বাৰু? এই উপন্যাসখনৰ কেন্দ্ৰবিন্দুত আছে ১৯১৫ চনৰ পৰা ১৯৭৮ চনলৈকে ছয় দশকজুৰি চলা এক মহাকাব্যিক পথপৰিক্ৰমাত চেলিম চিনাই নামৰ এজন কাশ্মীৰী মুছলমান, যিয়ে নিজৰ পৰিঘটনাপূৰ্ণ জীৱনৰ কাহিনীবোৰ আৰব্যৰজনীৰ শ্বেহজাদৰ দৰেই আত্মজীৱনীমূলকভাৱে কৈ গৈছে৷ ৰুছদিৰ দৰেই চেলিমৰ জন্ম হৈছিল ১৯৪৭ চনত; ৰুছদিৰ দৰে চেলিমৰ পৰিয়ালটো কাশ্মীৰী মুছলমান৷ গতিকে পাঠকে হয়তো অনুভৱ কৰিব পাৰিছে যে এই উপন্যাসখন ৰুছদি পৰিয়ালৰ তিনিটা পুৰুষৰ আখ্যান আৰু উপন্যাসখন হৈছে তিনিখন দেশ- ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ জন্ম আৰু সম্প্ৰসাৰণৰ আখ্যান৷ এই কাৰণেই এই উপন্যাসখনত গান্ধী, নেহৰু, জিন্না, মুজিব, ভুট্টোৰ দৰে উপমহাদেশৰ সকলো বিখ্যাত নেতাৰ নাম উল্লেখ কৰা হৈছে৷ ১৯৪৭ চনৰ বিভাজন আৰু ভাৰতীয় জনজীৱনত ইয়াৰ প্ৰভাৱ, ১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধ আৰু চেলিমৰ পৰিয়ালৰ অকাল মৃত্যু, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত পাকিস্তানী বাহিনীৰ হিংসা, দমনমূলক জৰুৰীকালীন অৱস্থা ঘোষণা, ১৯৭৭ চনত ইন্দিৰা গান্ধী চৰকাৰৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষত তথা জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰে ৰুছদীৰ এই উপন্যাসখনক এক অনন্য উচ্চতালৈ লৈ গৈছে৷ উপন্যাসখনত কথক চেলিম এক গুৰুত্বপূৰ্ণ চৰিত্ৰ; কাৰণ তেওঁৰ ব্যক্তিগত জীৱনত বিঢৌত হৈছে ভাৰতীয় উপমহাদেশৰ ভঙা-গঢ়াৰ কাহিনী৷ ইয়াত কোনো পৰম্পৰাগত সৰলৰৈখিক বৰ্ণন পদ্ধতি অনুসৰণ কৰা হোৱা নাই, বৰঞ্চ পাঠকক মুখামুখি কৰোৱা হৈছে শত-সহস্ৰ ঘটনাৰাজিৰ সৈতে যিবোৰে প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় উপমহাদেশৰে জনাৰণ্যাৰ মৰ্ম কথা৷

কেম্‌ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়ছোৱাত ৰুছডিয়ে কিংছ কলেজৰ ফেলো প্ৰখ্যাত ঔপন্যাসিক ই. এম ফষ্টাৰ (E. M.. Forster- ১৮৭৯-১৯৭০) ক লগ পায়৷ ফষ্টাৰৰ ‘এ পেচেজ টু ইণ্ডিয়া’ (A Passage to India -১৯২৪) ৰুছদীৰ অন্যতম প্ৰিয় উপন্যাস আছিল৷ ৰুছদীয়ে প্ৰবীণ লেখকজনৰ আগত প্ৰকাশ কৰি কৈছিল যে তেওঁ ভৱিষ্যতে এজন লেখক হ’ব বিচাৰে৷ কিন্তু ‘মিডনাইট চিলড্ৰেন’ লিখি থাকোঁতে ৰুছদীয়ে উপলব্ধি কৰিলে যে ফষ্টাৰৰ গদ্যৰীতিৰে তেওঁ ভাৰতৰ আখ্যান লিখিব নোৱাৰে৷ কাৰণ ভাৰতবৰ্ষ ফষ্টাৰৰ ইংৰাজী গদ্যৰ দৰে পৰিপাটি নহয়৷ বৰঞ্চ ৰুছদীৰ মতে ভাৰত ‘অশৃংখলাবদ্ধ, কোলাহলপূৰ্ণ, দুৰ্গন্ধময়, জনবহুল আৰু বাহুল্যতাৰে ভৰা’৷ বৈচিত্ৰ্যময় উপমহাদেশখনক উপন্যাসৰ পৃষ্ঠাত কেনেকৈ তুলি ধৰিব পৰা যায়? তাৰ ভাষাই বা কি হ’ব? ৰুছদীয়ে কয় যে ‘মিডনাইট চিলড্ৰেন’ লিখাৰ মাজেৰে তেওঁ এনে এটা ভাষা নিৰ্মাণৰ চেষ্টা কৰিছিল যিয়ে ভাৰতৰ কোলাহলপূৰ্ণ, জনাকীৰ্ণ ৰূপটোক ধৰি ৰাখিব পাৰে৷ ফলত ৰুছদীৰ এই উপন্যাসখন এখন লোকে-লোকাৰণ্য জনবহুল ভাৰতীয় বজাৰৰ দৰে হৈ পৰিছে৷ ইয়াত যেন বহু মানুহৰ লগত থেকা-খুন্দা খাই মূল কাহিনীটো আগবাঢ়িবলগীয়া হৈছে৷ ৷

উপন্যাসখনৰ আৰম্ভণিতে ১৯১৫ চনত আমি চেলিমৰ দাদা আদম আজিজক লগ পাওঁ৷ সদ্য জাৰ্মানী ফেৰৎ যুৱ চিকিৎসক আদম আজিজে যেন নিজৰ জন্মভূমি কাশ্মীৰৰ ৰূপ দেখি পূৰ্বৰ ৰস অনুভৱ কৰিব নোৱাৰিলে৷ ইউৰোপৰ মুক্ত বতাহে যেন তেওঁৰ জ্ঞানচকু মুকলি কৰিছে৷ পৰ্বতবেষ্টিত কাশ্মীৰৰ পৰিৱেশত যেন তেওঁৰ উশাহ বন্ধ হৈ যাব৷ ইউৰোপীয় জ্ঞানেৰে দীক্ষিত আৰু যুক্তিবাদী চিন্তাৰ আদম আজিজে দুনাই যেন অন্ধ ধৰ্মবিশ্বাসৰ বলি হ’ব নিবিচাৰিলে৷ তেওঁ যেন ভিতৰি শংকিত হৈ পৰিল৷ অৱশ্যে বিবাহৰ পিছৰ জীৱনত ইয়াৰ শাস্তি পালে, পত্নীৰ হাতত৷ অন্য ধৰ্মৰ লোকৰ বিৰুদ্ধে বিভিন্ন কথা শিকোৱা কাৰণে আজিজে টিউটৰজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে৷ ফলত পত্নী নাছিমৰ সৈতে তেওঁৰ সংঘাতৰ সৃষ্টি হয়৷ সাম্প্ৰদায়িক সম্প্ৰীতিত বিশ্বাসী ৰুছদীয়ে এইদৰে বহুধৰ্মীয় ভাৰতত ধৰ্মীয় সহাৱস্থানৰ প্ৰয়োজনীয়তাৰ কাহিনী ক’বলৈ চেষ্টা কৰে৷

লেখক হিচাপে ৰুছদীৰ ৰাজনৈতিক মতাদৰ্শ বুজি পোৱাটো অতিকৈ জৰুৰী বিষয়৷ ভাৰতৰ সংবিধানত ধৰ্মনিৰপেক্ষতাৰ কথা কওঁতে সৰ্বধৰ্মসম্ভৱৰ কথা উল্লেখ আছে, যিটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ (১৮৮৯-১৯৬৪) মতাদৰ্শৰ প্ৰতিফলন৷ ভাৰতৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা নেহৰুৰ উদাৰ ধৰ্মীয় মতবাদত ৰুছদীয়ে বিশ্বাস কৰিছিল৷ সেয়ে হয়তো ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ৰাতি ১২ বজাত চেলিম চিনাইৰ জন্ম হৈছিল যিটো সময়ত নেহৰুৱে ভাৰতীয় সংসদত নিজৰ বিখ্যাত ভাষণ দি আছিল- “বহু বছৰৰ আগতে আমি নিয়তিৰ সৈতে চুক্তি কৰিছিলো৷ আজি তাৰ কাৰ্যকৰীকৰণৰ সময় আহি পৰিছে৷ যেতিয়া মাজনিশা ১২ বজাৰ ঘন্টা বাজি উঠিছে, সমস্ত পৃথিৱী শুই পৰিছে সেই সময়ত ভাৰত সাৰ পাই উঠিছে স্বাধীনতাৰ প্ৰাণ প্ৰাচূৰ্যৰে৷ ” মাজনিশাৰ সেই শুভ সময়ত সমগ্ৰ ভাৰততে এক হাজাৰ এক সন্তানৰ জন্ম হয়৷ তাৰ ভিতৰত চেলিমো এজন৷ সকলোৰে আছে ভিন্ন যাদুকৰী ক্ষমতা৷ কাৰোবাৰ শ্ৰৱণ ক্ষমতা অসাধাৰণ, কোনোবাই দেৱাল বগাই খোজ কাঢ়িব পাৰে, কোনোবা একে সময়তে পুৰুষ আৰু মহিলা, কোনোবাই নিমিষতে নিজৰ শাৰীৰিক আকৃতি সলনি কৰে, কিছুমানৰ জিভা নিৰ্গত ধাৰাল শব্দই আঘাত কৰিব পাৰে মানুহৰ ভৰি-হাত, কোনোবাই চকুৰ পলকতে মহাকাশলৈ উৰি যাব পাৰে, কিছুমান আঙুলি ঠাৰতে অগণন মাছেৰে ভৰাই তুলিব পাৰে জলাশয়, কোনোৱে পাহৰা নাই একো, কোনোৱে সময়ৰ ৰথত উঠি ক’ব পাৰে ভৱিষ্যত, কিছুমানৰ দুই মূৰে অহৰহ ভাৰতৰ বিভিন্ন ভাষা, পুৰুষ আৰু মহিলাৰ কণ্ঠ নিৰ্গত কৰি আছে ৷

উপন্যাসখনৰ নায়ক চেলিমৰ আছে সকলো প্ৰকাৰৰ গোন্ধ আত্মসাৎ কৰি ল’ব পৰা প্ৰকাণ্ড এটি নাক আৰু টেলিপেথিক ক্ষমতা, যাৰ সহায়ত তেওঁ অনায়াসে মাজনিশাৰ অন্য সন্তানসকলক সহজেই আহ্বান কৰিব পাৰে যি কোনো গোপণ সভালৈ. আনকি আনৰ চিন্তাৰ জগতখনতো প্ৰৱেশ কৰিব পাৰে তেওঁ৷ এই যাদুময় জগতত কি অসম্ভৱ! কিন্তু চেলিমে নাজানে যে তেওঁ যাক পিতৃ-মাতৃ বুলি ভাবি আছে সেই আহমেদ আৰু আমিনা চিনাই তেওঁৰ প্ৰকৃত পিতৃ-মাতৃ নহয়৷ সি আচলতে প্ৰসৱৰ সময়ত মৃত্যুক আকোৱালি লোৱা গাঁৱৰ দুখীয়া ছোৱালী ভণিতা আৰু এজন ধনী ইংৰাজ উইলিয়াম মেথহল্ডৰ জাৰজ সন্তানহে৷ বলীউডৰ চিনেমাৰ দৰেই জন্মৰ সময়ত শিশু অদল-বদলৰ ই এক পৰিণাম মাথোঁ৷ দৰিদ্ৰ ভণিতাৰ পুত্ৰ চেলিম হৈ পৰে চিনাই পৰিয়ালৰ সদস্য; আনহাতে যিটো বিত্তশালী চিনাই পৰিয়ালৰ প্ৰকৃত সদস্য তেওঁ স্থান পায় ৰাজপথত৷ যিহেতু স্বাধীন ভাৰতত দৰিদ্ৰৰ সন্তানক ধনী কৰিব লাগিব, ধনী সন্তানক কৰিব লাগিব দুখীয়া, নহ’লে শোষণৰ পুৰণি গাঁথনিটো কেনেকৈ সলনি হ’ব– গতিকে এইটোকে বিচাৰিছিল শিশু অদল-বদলকাৰী খ্ৰীষ্টান নাৰ্ছ মেৰী পেৰেইৰাৰ বিপ্লৱী বন্ধু জোচেফে৷ চেলিমৰ জন্মৰ সময়ৰ এই ট্ৰেজেডীৰ মাজতো ভাৰতক উপন্যাসখনত অপৰিসীম সম্ভাৱনাৰ ভূমি হিচাপে দেখা গৈছে৷

ধৰ্মনিৰপেক্ষ আধুনিক ভাৰত যেন এক সপোনৰ বাস্তৱায়িত ৰূপ৷ আনহাতে, ঘূণে খোৱা ধৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা জিন্নাৰ পাকিস্তান যেন দুঃস্বপ্নৰ আন এটা নাম৷ ৰুছদিৰ মতে, পূব আৰু পশ্চিমে গঠিত পাকিস্তান দুখন ডেউকা থকা এটা বিশাল চৰাই, যাৰ শৰীৰৰ ভিতৰভাগ ফোঁপোলা৷ ৰুছদিৰ মতে পাকিস্তান নামটোও বহুত বিসদৃশ৷ এই নামৰ ভিতৰত আছে পঞ্জাব, আফগানিস্তান, কাশ্মীৰ, সিন্ধ আৰু বেলুচিস্তান; কেৱল পূব বংগৰ বাহিৰে৷ বঙালীসকলে এই কথা সোনকালে উপলব্ধি কৰিলে, সেয়েহে হয়তো পাকিস্তানৰ দৰে সাৰশূন্য দেশখন ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ কিন্তু ৰুছদীয়ে যে প্ৰকৃততে ভাৰত বিভাজন নিবিচাৰিছিল, সেই কথা ৰাজনীতিবিদ মিয়া আব্দুল্লাৰ চিত্ৰণৰ জৰিয়তে বুজিব পাৰি৷ চেলিমৰ মাতৃৰ ফালৰ পৰা দাদা আদম আজিজে মুছলমানৰ বাবে পাকিস্তান নামৰ সুকীয়া ৰাষ্ট্ৰৰ ধাৰণাত বিশ্বাস কৰা নাছিল৷ সেইবাবেই তেওঁ বিভাজনৰ পূৰ্বে মিয়া আব্দুল্লাক সমৰ্থন কৰিছিল৷ মুছলমান হোৱাৰ পিছতো মিয়া আব্দুল্লাই বিচাৰিছিল পাকিস্তান নহয়, এক সংযুক্ত ভাৰত; যাৰ বাবেই তেওঁ হত্যাকাৰীৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল; ঐক্যবদ্ধ ভাৰতৰ সপোন সপোন হৈয়েই থাকিল৷ বিভাজনৰ পিছত আদম আজিজৰ জোঁৱাই আৰু চেলিমৰ পিতৃ আহমেদ চিনাই শহুৰেকৰ পদাংক অনুসৰণ কৰিলে৷ তেওঁ জিন্নাৰ পাকিস্তানক বিশ্বাস কৰিব নোৱাৰিলে, সেয়েহে তেওঁ পত্নী, পুত্ৰ আৰু কন্যাৰ সৈতে ভাৰতৰ বম্বেতে থাকি গ’ল৷ কিন্তু পিছলৈ ভাৰত চৰকাৰে মুছলমান নাগৰিকৰ বেংকত জমা হোৱা সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰাৰ লগে লগে তেওঁৰ সপোন ক্ৰমান্বয়ে ভাঙি পৰিল৷ ৰুছদিৰ পিতৃৰ দৰেই তেৱোঁ বম্বে এৰি কৰাচীলৈ যায় আৰু তাতেই মৃত্যুবৰণ কৰে৷

‘মিডনাইট চিলড্ৰেন’ উপন্যাসখনৰ প্ৰায় আধা অংশই কিশোৰ চেলিমৰ চকুৰে দেখা ভাৰতৰ স্বাধীনোত্তৰ বছৰবোৰক সামৰি লৈছে৷ ভাৰতৰ ইতিহাসৰ উত্থান-পতনৰ লগে লগে, দেশ-জাতি-ৰাজনীতিৰ উত্তেজনাৰ সৈতে, ৰুছদীয়ে চেলিম আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিগত ইতিহাসক একত্ৰিত কৰিছে৷ কাৰণ ৰুছদীয়ে ব্যক্তিগত ইতিহাসক জাতীয় ইতিহাসতকৈ কম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা নাছিল৷ তেওঁৰ বাবে ব্যক্তিগত ইতিহাস জাতীয় ইতিহাসৰ সমান মৰ্যাদাৰ যোগ্য৷ ১৯৪৮ চনত যেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হৈছিল, তেতিয়া চেলিমৰ পৰিয়ালত আতংক বিয়পি পৰিছিল৷ পিছত যেতিয়া জানিলে যে গান্ধীয়ে মুছলমান নহয়, হিন্দু জাতীয়তাবাদী নাথুৰাম গডছেৰ হাততহে মৃত্যুবৰণ কৰিবলগীয়া হৈছে তেতিয়া তেওঁলোক আস্বস্ত হৈছিল আৰু স্বস্তিৰ নিশ্বাস পেলাইছিল৷ ধৰ্মনিৰপেক্ষ ভাৰতত মুছলমান সংখ্যালঘুৰ নিৰাপত্তাহীনতাৰ কাহিনী এইদৰেই ৰুছদীয়ে ব্যক্ত কৰিছে৷ ইয়াত মন কৰিবলগীয়া যে ভাৰতৰ বিভিন্ন সমস্যাৰ মাজতো ৰুছদীয়ে পাকিস্তানক এখন ক্ষয়িষ্ণু ৰাষ্ট্ৰ হিচাপে দেখিছে; ভাৰতক নহয়৷ পাকিস্তানৰ অৱক্ষয়ৰ চূড়ান্ত ৰূপটো প্ৰকাশ পায় বাংলাদেশ ৰাষ্ট্ৰৰ সৃষ্টিপৰ্বত ৷

ভাৰত এৰি এটা সময়ত চেলিমৰ পৰিয়াল পাকিস্তানলৈ যাত্ৰা কৰে৷ তাতে চেলিমৰ ভগ্নী জামিলা হৈ পৰিল বোৰ্খা আবৃতা উৰ্দু গায়িকা, যাৰ কণ্ঠত আনকি পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানো মন্ত্ৰমুগ্ধ হৈ পৰে৷ চেলিমৰ ককাক আছিল পাকিস্তান সেনাবাহিনীৰ জেনেৰেল জুলফিকাৰ, যাৰ তৎপৰতাত চেলিমক অৱশেষত পাকিস্তান সেনাবাহিনীত নিযুক্তি দিয়া হয়৷ ফলত ২৫ মাৰ্চৰ নিশা ঢাকাত পাকিস্তানী বাহিনীৰ বৰ্বৰতাৰ সাক্ষী হৈছিল চেলিমে৷ ৰুছদীয়ে লিখিছে, “২৫ মাৰ্চত যেতিয়া ভুট্টো আৰু ইয়াহয়াৰ সৈতে হোৱা আলোচনা ব্যৰ্থ হ’ল, তেতিয়া শ্বেখ মুজিবে বাংলাদেশক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰে৷ ” সেই নিশা বেৰেকৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ পাকিস্তানী সৈনিক৷ আৰম্ভ হয় ধ্বংসযজ্ঞ৷ চেলিম চিনাইএ দেখিলে বংগবন্ধুক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে ঢাকা বিমানবন্দৰলৈ৷ প্ৰত্যক্ষ কৰে- জোৱানসকলে ঢাকা বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক নিৰ্বিচাৰে হত্যা কৰি গৈছে, ছাত্ৰীহলত প্ৰৱেশ কৰি তেওঁলোকৰ সন্মানহানী কৰিছে তাৰ পিছত বেয়নেটেৰে খুচিছে, গুলীচালনা কৰিছে৷ ঢাকা জ্বলিছে, বাতৰি কাকতৰ কাৰ্যালয় জ্বলিছে, ৰাজপথ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছে৷ লেখক, কবি, অধ্যাপকসকলকো ৰেহাই দিয়া হোৱা নাছিল৷ কাৰণ তেওঁলোক পাকিস্তানৰ শত্ৰু৷ ঘটনাক্ৰমে পাকিস্তানী সেনাৰ তিনিজন জোৱানৰ সৈতে বাট হেৰুৱাই সুন্দৰবনৰ গভীৰ অৰণ্যত আবদ্ধ হৈ পৰে চেলিম৷ বাংলাদেশৰ পানী আৰু আৱহাৱাত পাকিস্তানী সৈন্যৰ দুৰ্দশাৰ চিত্ৰ আঁকিছে ৰুছদীয়ে৷

সুন্দৰবনৰ পৰা ওলাই অহাৰ বাট বিচাৰি নাপাই উন্মাদ হৈ পৰে পথভ্ৰষ্ট সৈন্যকেইজন৷ তেওঁলোকৰ এনে লাগে যেন বনৰ গছ-গছনি আৰু জীৱ-জন্তু সকলোৱে ‘আমাৰ সোণৰ বাংলা, আমি তোমাক ভাল পাওঁ’ বুলি গাব লাগিছে৷ সেই নিৰ্জন অৰণ্যত এই গীতৰ সুৰে তেওঁলোকক উন্মাদ কৰি তোলে৷ দিন যায়, ৰাতি আহে; দিন আৰু ৰাতিয়ে কি বুজি পায় সময়ৰ কি ব্যৱধান৷ সিহঁতৰ ভাৱ হয় ভেকুলীয়ে ম’হ গিলি থোৱাৰ দৰে অৰণ্যই যেন সিহঁতক গিলি পেলোৱাৰ উপক্ৰম কৰিছে৷ পুৱাকাশত সূৰ্য যেন আৰু কেতিয়াও উদয় নহ’ব৷ পাকিস্তানী সৈনিক আয়ুব বালোচ কান্দোনত ভাঙি পৰে৷ তাৰ দুচকুৰে অবিৰাম নিৰ্গত হয় বৰ্ষাৰ জলাধাৰ৷ সকলোৱে পেটৰ তীব্ৰ বিষত আক্ৰান্ত হয়৷ পেটৰ সকলো নাড়ী-ভুৰি যেন মলদ্বাৰৰ মাজেৰে ওলাইহে আহিব৷ সৈনিক ফাৰুকে কয়, “আমাৰ মৃত্যু অনিবাৰ্য৷ ” সুন্দৰবনত আবদ্ধ হৈ থকা পাকিস্তানী সৈন্যসকলে এসময়ত অনুভৱ কৰিছিল যে বাংলাদেশৰ সমগ্ৰ প্ৰকৃতিয়ে তেওঁলোকক প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ কৰিছে৷ বাংলাদেশৰ স্বাধীনতাৰ পিছত যেতিয়া চেলিমে ভাৰতলৈ উভতি অহাৰ সুযোগ পায়, তেতিয়া তেওঁৰ বন্ধুসকলে স্তম্ভিত হৈ ক’বলৈ বাধ্য হয়: “পাকিস্তানে আপোনাক যে কি অৱস্থা কৰিলে, সেয়া খোদাইহে জানে৷ ”

ভাৰতৰ এক উজ্জ্বল, আশাব্যঞ্জক সময়ত অৰ্থাৎ ১৯৪৭ চনত চেলিমৰ জন্ম হৈছিল৷ কিন্তু তেওঁৰ পুত্ৰ আদম চিনাইৰ জন্ম হৈছিল ১৯৭৭ চনত, যেতিয়া লেহেৰুৰ ভাৰতে, তেওঁৰে কন্যা ইন্দিৰাৰ অধীনত ৰাজনৈতিক অৰাজকতা, বিৰোধী দমন আৰু সংবাদ মাধ্যমৰ দমনৰ আপাত অন্ধকাৰ যুগত প্ৰৱেশ কৰিছিল৷ বাক স্বাধীনতা হৰণৰ যুগত জন্ম লোৱা চেলিমৰ পুত্ৰ আদম জন্মগতভাৱে মুক, জন্মৰ প্ৰথম পুৱাতে যেন কোনোবাই তেওঁৰ বাকশক্তি কাঢ়ি লৈ গৈছে৷ উপন্যাসখনত সেয়েহে কথা ক’ব পৰা আৰু লিখিব পৰাটোক অতি গুৰুত্বপূৰ্ণ বুলি দশোৰ্ৱা হৈছে৷ কাৰণ ইয়াৰ সৈতে মানুহৰ বাক স্বাধীনতাৰ প্ৰশ্নটো ওতপ্ৰোতভাৱে জড়িত৷ আৰব ৰজনীৰ শ্বেহেৰাজাদেৰ দৰেই চেলিমেও লিখিছে, শ শ বিপৰ্যয়ৰ মাজতো তেওঁৰ হাতৰ কলমটো দিনে নিশাই সক্ৰিয় হৈ থাকে যদিও তলৰ কলমটো সম্পূৰ্ণ নিষ্ক্ৰিয়! তেওঁ বাগৰি পৰিছে, খহি পৰিছে, ভাঙি পৰিছে; কিন্তু তেওঁ লিখা বন্ধ নকৰে৷ তাৰ ভিতৰত হাজাৰ হাজাৰ কাহিনী আছে৷ তেওঁক চিনি পাবলৈ, তেওঁক বুজিবলৈ পাঠকেও এই হাজাৰ গল্প শুনিব লাগিব৷

ৰুছদীৰ উপন্যাসখন ভালকৈ পঢ়িলে বুজিব পাৰি যে তেওঁ কেনেধৰণৰ ভাৰত বিচাৰিছিল৷ তেওঁ ধৰ্মাক্ৰান্ত ভাৰত বিচৰা নাছিল৷ সেয়েহে পাকিস্তানো তেওঁৰ না-পছন্দ৷ যি ভাৰতত মানুহৰ স্বাধীনতা থাকিব কথা কোৱাৰ, মত প্ৰকাশৰ- তেনে এক ভাৰতৰহে তেওঁ আকাংক্ষী৷ নেহৰুৰ প্ৰতি ৰুছদি শ্ৰদ্ধাশীল, কিন্তু তাৰ বাবেই নেহৰুৰ কন্যা ইন্দিৰাক উপন্যাসখনত সমালোচনা কৰিবলৈ এৰা নাই ৰুছদীয়ে৷ পিতৃৰ সহনশীলতাৰ ভাৰতখনক কৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ দায় তেওঁ ইন্দিৰাৰ ওপৰতে জাপিছিল৷ বিশেষকৈ ১৯৭৭ চনত ইন্দিৰা চৰকাৰৰ সমগ্ৰ ভাৰততে জৰুৰী অৱস্থা ঘোষণা, ইন্দিৰাপুত্ৰ সঞ্জয়ৰ এলেকাত সাধাৰণ পুৰুষ-মহিলাৰ বলপূৰ্বক বন্ধ্যাকৰণ প্ৰকল্প, চহৰৰ শ্ৰীবৃদ্ধিৰ অজুহাতত বস্তি অঞ্চল উচ্ছেদ- এই সকলোবোৰৰেই ভুক্তভোগী উপন্যাসখনৰ দুৰ্ভগীয়া নায়ক চেলিম আৰু তেওঁৰ পত্নী পাৰ্বতী৷ ক্ষুব্ধ হৈ ইন্দিৰা গান্ধীয়ে ব্ৰিটিছ উচ্চ ন্যায়ালয়ত ৰুছদীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল আৰু ফলত ৰুছদীয়ে উপন্যাসখনৰ পৰা ইন্দিৰা সম্পৰ্কীয় এটা বাক্য প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু উপন্যাসখন প্ৰকাশৰ তিনি বছৰৰ পাছত ১৯৮৪ চনত যেতিয়া ইন্দিৰা গান্ধীক তেওঁৰ শিখ দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল, তেতিয়া ৰুছদীয়ে গধুৰ হৃদয়েৰে কাকতত লিখিছিল- ‘ভাৰতক ভালপোৱা আমি সকলোৱে আজি শোক প্ৰকাশ কৰিছো৷ ’

উপন্যাসখনৰ চল্লিশ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰকাশিত উপন্যাসখনৰ সংস্কৰণৰ প্ৰস্তাৱনাত ৰুছদীয়ে লিখিছে যে, যদিও আশীৰ দশকত ইন্দিৰা চৰকাৰে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক তেওঁ গৰিহণা দিছিল, আজি হিন্দু জাতীয়তাবাদীসকলৰ দ্বাৰা যি হৈ আছে সিয়ে বহু দিশত ইন্দিৰা চৰকাৰৰ অপশাসনক অতিক্ৰম কৰি গৈছে প্ৰকাৰান্তৰে ভাৰতত নেহৰু-প্ৰেৰিত ধৰ্মনিৰপেক্ষতাক একপ্ৰকাৰ কবৰস্থ কৰা হৈছে৷ প্ৰত্যাৱৰ্তন হৈছে মাজনিশাৰ কৃষ্ণগহ্বৰৰ৷ নাৰীৰ ওপৰত হিংসা বাঢ়িছে, ৰাষ্ট্ৰ স্বৈৰাচাৰী হৈ পৰিছে, ধৰ্মীয় মৌলবাদৰ উত্থান হৈছে, কৰা হৈছে ইতিহাসৰ পুনৰ লিখন৷ যিসকলে চলন্ত অৱস্থাৰ প্ৰতিবাদ কৰিছে, তেওঁলোকৰ ওপৰত নামি আহিছে খড়্গ-কৃপাণ৷ ৰুছদীয়ে লগতে কয় যে যেতিয়া তেওঁ উপন্যাসখন লিখিছিল তেতিয়া তেওঁ “দীঘল নাকৰ মুছলমান লেখক, আত্মজীৱনীকাৰ চেলিম চিনাই”ক ‘হস্তীশুড়সমৃদ্ধ সাহিত্যৰ পৃষ্ঠপোষক হিন্দু দেৱতা গণেশ’ৰ সৈতে তুলনা কৰিব পাৰিছিল৷ চেলিম হিন্দু নহয়, কিন্তু তাৰ পিছতো উপমাত বৈসাদৃস্য অনুভৱ নহয়৷ কাৰণ, ৰুছদীয়ে তেতিয়া বিশ্বাস কৰিছিল যে, ‘গোটেই ভাৰতবৰ্ষ আমাৰ সকলোৰে, সকলো ধৰ্মৰ মানুহৰ৷ কিন্তু বৰ্তমান যি ধৰ্মীয় জাতীয়তীবাদে গা কৰি উঠিছে সিয়ে ভাৰত কেৱল হিন্দুসকলৰ বুলিহে দাবী কৰে৷” তথাপিও ৰুছদীয়ে আশা বিচাৰি পায় “যিসকল অদম্য ছাত্ৰ-ছাত্ৰী আৰু মহিলাই ধৰ্মীয় পাৰ্থক্য দূৰ কৰিবলৈ আৰু সেই আদি ধৰ্মনিৰপেক্ষ ভাৰতক ঘূৰাই আনিবলৈ সকলো বিপদৰ বিপৰীতে কাম কৰি আছে” তেওঁলোকৰ মাজত৷ চলি থকা আন্ধাৰৰ অন্ত পৰক৷ কামটো কঠিন, কিন্তু ৰুছদী আশাবাদী৷ ৰুছদীৰ উপন্যাসখন প্ৰথম প্ৰকাশৰ চাৰিটা দশকৰ পাছতো বিশ্বজুৰি পঢ়া আৰু চৰ্চা চলি থকাটোৱে ৰুছদীৰ ধৰ্মনিৰপেক্ষ চিন্তাধাৰাৰ প্ৰতি পাঠকৰ সমৰ্থনৰ কথা কয়৷ …

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *