ৰেখামণি চাৰিঙীয়া
-তিনিচুকীয়া(অসম)
নাৰী হৈছে-সকলো সৃষ্টিৰ আধাৰ।নাৰী অবিহনে সৃষ্টি অসম্ভৱ।যুগ-যুগান্তৰ ধৰি মানৱ জাতি চিৰ প্ৰবহমান কৰি ৰখাত নাৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিক পালন কৰি আহিছে।নাৰীক সদায় অনন্যা,অৰ্ধাকাশ আদি নানান কাব্যিক শব্দৰে বিভূষিতা কৰা হয় যদিও বাস্তৱ ক্ষেত্ৰত যেন এতিয়াও সেইটো সম্ভৱ হৈ উঠা নাই।বহু সময়ত এই নাৰীসকল যেন-সম অধিকাৰৰ ক্ষেত্ৰত কিছু উজুটি খাবলগীয়া হৈছে।পৃথিৱীৰ বেছিভাগ মহিলাই স্বভাৱসিদ্ধভাৱে অতি সৰল,কোমল অন্তৰৰ আৰু স্নেহশীলা হোৱা দেখা যায়।কিন্তু যুগ-যুগ ধৰি তেওঁলোক প্ৰায়েই ঘৰুৱা হিংসা,যৌতুক,ধৰ্ষণ আৰু নানান ঘাত-প্ৰতিঘাত আদিৰ সন্মুখীন হৈ আহিছে।এই নাৰীসকলৰ সন্মানৰ উদ্দেশ্যেই সমগ্ৰ বিশ্বতে প্ৰতি বছৰে-৮মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন কৰা হয়।এই দিৱসৰ মূল বিষয়বস্তু হল-নাৰী পুৰুষৰ সমান অধিকাৰ।নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শনৰৰ লগতে নাৰীৰ আৰ্থিক,ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা।অৱশ্যে বিশ্বৰ ভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপনৰ লক্ষ্য বেলেগ-বেলেগ হোৱা দেখা যায়।ক’ৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা এই উদযাপনৰ মূল বিষয় হয়।আকৌ ক’ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাই বেছি গুৰুত্ব পায়।বিশ্বৰ বহু দেশত এই দিৱসৰ দিনা চৰকাৰী বন্ধৰ দিন হিচাপেও পালন কৰা হয়।
নাৰী দিৱসৰ পালনৰ আঁৰত কাৰখানাত কৰ্মৰত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ এক সুদীৰ্ঘ ইতিহাস জড়িত হৈ আছে।১৮৫৭খ্ৰীষ্টাব্দৰ ৮মাৰ্চত নিউয়ৰ্কৰ কপাহী কাপোৰৰ কাৰখানাবোৰত কাম কৰা মহিলা শ্ৰমিকসকলে মজুৰিৰ বৈষম্য,কৰ্মৰ নিদিষ্ট সময়সূচী নিৰ্ধাৰণ,কৰ্মক্ষেত্ৰসমূহৰ অস্বাস্থ্যকৰ আৰু অমানৱীয় পৰিৱেশ আদিৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ৰাস্তাত নামি প্ৰতিবাদ সাব্যস্ত কৰিছিল।আৰু চৰকাৰী পুলিচ বাহিনীয়ে আন্দোলনকাৰী মহিলাসকলক কঠোৰ ভাবে দমন কৰিছিল।১৮৬০ খ্ৰীষ্ট্ৰাব্দত এই কাৰখানাৰ মহিলাসকলে ‘মহিলা শ্ৰমিক ইউনিয়ন’ গঠন কৰি তেওঁলোকৰ আন্দোলন চলাই যায়।তাৰ বহু বছৰৰ পাছত-অৰ্থাৎ ১৯০৮ খ্ৰীষ্ট্ৰাব্দত নিউয়ৰ্কৰ ছোচিয়েল ডেমোক্ৰেটিক নাৰী সংগঠনৰ দ্বাৰা আয়োজিত নাৰী সমাবেশত জাৰ্মান গণতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিঙৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন উদযাপিত হয়।ক্লাৰা আছিল এগৰাকী জাৰ্মান ৰাজনীতিবিদ আৰু জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক নেত্ৰী।এই সমাবেশত নাৰীৰ ভোটৰ অধিকাৰ,নাৰীৰ কৰ্মৰ নিদিষ্ট সময়সূচী নিৰ্ধাৰন আৰু মজুৰি বৃদ্ধিৰ দাবী তুলি মহিলাসকলৰ এক ৰেলী উলিয়ায়।ইয়াৰ পাছত ১৯১০ খ্ৰীষ্ট্ৰাব্দত ডেনমাৰ্কৰ কোপেনহেগেমত দ্বিতীয়খন আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়।ইয়াত ১৭খন দেশৰ ১০০ গৰাকী মহিলা প্ৰতিনিধিয়ে যোগদান কৰে।এই সন্মিলনতে ক্লাৰাই প্ৰতিবছৰে ৮মাৰ্চত নাৰী দিৱস পালন কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়ায় আৰু সেই সিদ্ধান্তমৰ্মে ১৯১১চনৰ পৰা ৮ মাৰ্চৰ দিনটো নাৰীৰ সম অধিকাৰ দিৱসৰূপে পালন হৈ আহিছে।এই দিৱসটো পালন কৰিবলৈ বহুতো দেশৰ সমাজবাদী লোকসকল আগবাঢ়ি আহে। ইয়াৰ বহু বছৰৰ পাছত ১৯৭৫ খ্ৰীষ্ট্ৰাব্দৰ ৮মাৰ্চৰ দিনা পালন কৰা এই দিৱসক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱসৰূপে পালন কৰিবলৈ স্বীকৃতি প্ৰদান কৰে আৰু এই দিৱস পালন কৰি সকলো নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক আহ্বান জনায়।নাৰী দিৱসৰ পালনৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে এটা বিষয়বস্তুক উপপাদ্য বিষয় হিচাপে লৈ নাৰী দিৱস উদযাপন কৰা হয়।
কেৱল আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিলেই নাৰীসকলৰ অৱস্থাৰ উন্নতি নহয়।তাৰবাবে প্ৰত্যেক নাৰীয়ে যথেষ্ট সচেতন আৰু প্ৰকৃতাৰ্থত শিক্ষিত হব লাগিব।তেওঁলোকে ৰাজনৈতিক,অৰ্থনৈতিক আৰু আন আন ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিবলৈ আগবাঢ়ি আহিব লাগিব।নাৰীয়ে নিজৰ সমস্যাসমূহৰ বিষয়ে নিৰ্ভয়ে সকলোকে অৱগত কৰিব লাগিব আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে প্ৰয়োজন সাপেক্ষে আইন,আদালত,ছপা অথবা বৈদ্যুতিন মাধ্যম আৰু ছোচিয়েল মিডিয়া আদিৰো সহায় লব লাগিব।
সমগ্ৰ বিশ্বৰ মহিলাসকলে দেখুওৱা পৰাদৰ্শিতা আৰু উন্নতিৰ হকে কাম কৰাৰ বিষয়ে আমাৰ প্ৰতিগৰাকী মহিলাই অৱগত হব লাগে আৰু তেওঁলোকৰ কৰ্মৰাজি অনুকৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগিব।ইয়াৰ বাবে লাগিব একাগ্ৰতা আৰু অধ্যয়নশীল মন।এগৰাকী নিজৰ সন্তান আৰু ঘৰখনক সুপথে পৰিচালনা কৰি সমাজ তথা দেশৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব পাৰে।তেতিয়াহে প্ৰকৃতাৰ্থত নাৰী দিৱস পালনৰ তাৎপৰ্য্য সম্পূৰ্ণৰূপে সফল হব।।
(সংগ্ৰহিত)।