মুক্তলয়
অনুবাদঃ মঞ্জিত হাজৰিকা
পৃথিৱীখন কি ?
কবিতা—
বহল আশ্ৰয়স্থল
হৃদয়ক বুজিব পৰা
যেতিয়া তেওঁ মন্থন কৰে !
এই পৃথিৱীখন এখন সংকলন
এনেকুৱা কবিতাৰ
য’ত ছন্দ তেনেই কম,
স্বনিয়োজিত ছন্দ আটাইতকৈ বেছি।
এনেকুৱা—
যাৰ পংক্তিয়ে পংক্তিয়ে
কম্পিত হৈ হৈ লয় ভাগে।
লয় ভাগি
দূৰ দূৰলৈকে
পুনৰ যোৰা লগাৰ নাম নলয়,
সিঁচৰিত অনুচ্ছেদবোৰত
বিভাজিত হৈ ৰৈ যায় যি।
কোনো বীণ আৰু ভায়লিন
যাক মই বুজিব নোৱাৰোঁ।
যাৰ শব্দ বৰ কৰ্কশ
যাৰ কথন বৰ চোকা
যাৰ ৰস নাওৰ হিচাপৰ দৰে
ভিতৰত একেবাৰেই সোমাব নোৱাৰা,
ৰস কেৱল তেওঁহে পাব পাৰে
যি ৰস পান কৰিবলৈ শিকিছে !
কবিতা কোনো কলা নহয়,
কবিতাত লয় আৰু অৰ্থ বিচাৰি
ৰস পান কৰাটো ডাঙৰ কলা।
নহ’লে এই পৃথিৱী, এই কবিতা—
মূৰৰ ওপৰত ডাঙৰ সমস্যা !