শৰীৰৰ এনার্জি বঢ়োৱাৰ উপায়

গতিময় জীবনত ব্যস্ততাৰ স’তে পাল্লা দিবলৈ প্রয়োজন প্রচুৰ এনার্জিৰ। কিন্তু কেনেকৈ পাব ?

✍️ মনোজ দাস

ৰাতিপুৱা শুই উঠিবলৈ প্ৰচণ্ড এলাহ ৷
ব্রেকফাষ্ট, টিফিন যোগাৰ কৰা, অফিচৰ ফাইল সাজু কৰাৰ দৰে নিত্য নৈমিত্তিক কৰণীয় কামবোৰে যেন প্ৰতিটো পুৱাকে যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি তোলে ৷ ইফালে টোপনিৰ জাল কাটি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ এনাৰ্জিৰ ভাণ্ডাৰ খালি হৈ থাকে ৷ নিজকে  ‘মোটিভেট’ কৰি অফিচলৈ দৌৰ দিলেও গোটেই দিন ক্লান্তি আৰু এনার্জিৰ অভাবে শৰীৰ দুৰ্বল কৰি ৰাখে ৷ কোনো কামতে উৎসাহ অনুভৱ নহয়, অলপতে মেজাজ গৰম হয়, খিংখিঙীয়া স্বভাৱ গঢ়ি উঠে, নিশা ভাল টোপনিও নহয় ৷ প্ৰকৃততে এইবোৰেই হৈছে শৰীৰত এনাৰ্জিৰ অভাৱৰ কাৰনে হোৱা লক্ষণ ৷ অৱশ্যে এনাৰ্জি বঢ়োৱাৰ উপায়ো নিশ্চয় আছে ৷ সেই উপায় মানি চলিলেই সমগ্ৰ দিন শৰীৰ-মন সতেজ হৈ থাকিব !

এনার্জিৰ অভাব
একোজন ব্যক্তিক যি পৰিমাণ এনার্জিৰ প্রয়োজন, তাতকৈ কিছু কম হলেই ব্যক্তিজন এনাৰ্জিৰ অভাৱত ভূগিব পাৰে ৷ মনত ৰাখিব লাগিব যে কেৱল মাত্ৰ প্রয়োজনীয় কিলোকেলৰিৰ হিচাপটো ঠিকে—ঠাকে ৰাখিলেই নহ’ব! এনার্জিৰ উৎসও এইক্ষেত্রত গুৰুত্বপূর্ণ। কার্বোহাইড্রেটৰ পৰা ৫০ শতাংশৰ বেছি কিলোকেলৰি যেন নাহে !  বাকি ৩০ শতাংশ প্রোটিন আৰু ২০ শতাংশ ফেটৰ পৰা অহাটো জৰুৰী ৷ ফেটৰ ভিতৰত চেচুৰেটেড ফেট প্রায় সকলোৱে যিমান সম্ভব এৰি চলা দৰকাৰ। ঘি, মাখন, ৰেড মিট ইত্যাদিত এই ধৰনৰ ফেট থাকে। এনার্জিৰ যি ২০ শতাংশ ফেটৰ পৰা আহিব, সেয়া যেন মোনো-আনচেচুৰেটেড তথা পলি-আনচেচুৰেটেড ফেট হয়। যদি কেবল কার্বোহাইড্রেট খাই পেট ভৰায়, তেন্তে শৰীৰে কিন্তু পর্যাপ্ত এনার্জি নাপাবে। বেলেন্সড ডায়েটেই এইক্ষেত্রত একমাত্র ভৰসা!

ইনষ্টান্ট এনার্জি
সমগ্ৰ দিন পৰিশ্রমৰ পিছত ক্লান্ত হৈ পৰিলে হঠাৎ এনার্জি বঢ়াবলৈ বহুতেই এনার্জি ড্রিংক পান কৰে ৷ আচলতে এনাৰ্জি ড্ৰিংকত ব্রেইন ষ্টিমুলেন্ট উপাদান থাকে। চাহ-কফি খালে যেনেকৈ অলপ পাতল লাগে, এইবোৰেও আপোনাক সাময়িকভাৱেহে এনাৰ্জি দিব ৷ তদুপৰি এইবোৰৰ পার্শ্বপ্রতিক্রিয়াও আছে। হার্টৰেট বাঢ়ি যোৱা, ৰক্তচাপ বৃদ্ধি পোৱা ইত্যাদি হ’ব পাৰে। বিশেষত যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্রত এইধৰণৰ তাৎক্ষণিক এনার্জি-বুষ্টাৰ গ্ৰহণ নকৰাই মংগলজনক ৷ এনার্জি ড্রিংক সকলোকে দৰকাৰো নহয়৷ একোজন সাধাৰণ মানুহ যিয়ে মধ্যম পরিশ্রম কৰে, তেওঁৰ এনার্জি ড্রিংক বা এই জাতীয় কোনো পানীয়ৰ প্রয়োজন নহয়। কিন্তু যিসকল এথলিট বা অত্যন্ত বেছি কায়িক পৰিশ্রম কৰা মানুহ, তেওঁলোকৰ ক্ষেত্রত এনার্জি ড্রিংক নহলেও, ইলেকট্রোলাইট জাতীয় কোনো পানীয়ৰ প্রয়োজন আছে। পেকেজড ড্রিংক যিমান পাৰা যায় এৰি চলি নেচাৰেল জুচ বা নিমখ চেনিৰ চৰবতো খাব পাৰে।

ডায়েটত কি কি ৰাখিব ?
প্রথমে মনত ৰাখিব, অতিৰিক্ত কার্বোহাইড্রেট বা আনচেচুৰেটেড ফেট যেন ডায়েটত নাথাকে। ইয়াৰ দ্বাৰা হয়তো সাময়িক এনার্জি আহিব ঠিকই, কিন্তু ইয়াৰ দীর্ঘকালীন পার্শ্বপ্রতিক্রিয়া আছে। প্রোটিনৰ উৎস হিচাপে আপুনি যদি ৰেড মিট খায়, তেনেহ’লে কিছু এনার্জি পাব ঠিকই, কিন্তু ইয়াৰ ফলত কোলেষ্টৰেল বাঢ়িব পাৰে। সেয়ে এই সকলোবোৰ চকুত ৰাখি এনার্জি-চোৰ্চ নিৰ্বাচন কৰি ল’ব লাগিব ৷ অৱশ্যে মাজে মাজে ৰেড মীট খোৱাত অসুবিধা নাই।

জিৰণিৰ ভূমিকা
শক্তি বজাই ৰখাৰ এক অতি গুৰুত্বপূৰ্ণ কাৰক হ’ল টোপনি। সাধাৰণতে এজন প্ৰাপ্তবয়স্কক সাত ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। কিন্তু বেছিভাগ মানুহেই ইমান সময় শুবলৈ সময় নাপায়! আজিকালি বহুতে টোপনি যোৱাৰ আগতে মোবাইল আৰু লেপটপৰ স্ক্ৰীণত চকু ৰাখি বহু সময় কটায়। কিছুমানে টোপনি যোৱাৰ আগতে টিভি চায় তাৰ পিছত শুই যায়। এইবোৰেই ভাল টোপনি বা টোপনি নোহোৱাৰ অন্যতম কাৰণ। নীলা পোহৰৰ সংস্পৰ্শ টোপনিৰ কমেও এঘণ্টা আগতে বন্ধ কৰিব লাগে। আচলতে আমাৰ মগজুৱে ‘শ্বট অফ’ হ’বলৈ কিছু সময় লয়। যেতিয়ালৈকে সেয়া সম্ভৱ নহয় তেতিয়ালৈকে ভাল টোপনি সম্ভৱ নহয়। গতিকে, ভাল টোপনিৰ বাবে বিচনাত পৰি থকা অৱস্থাত টিভি বা মোবাইল চোৱা বন্ধ কৰিব লাগে। ভাগৰুৱা হৈও ৰাতি ভালদৰে শুব নোৱাৰা লোক বহুত আছে। এনে ক্ষেত্ৰত দিনত শুই থকাৰ অভ্যাস থাকিলে বন্ধ কৰক। আৰু ব্যায়াম কৰিব লাগিব। ব্যায়াম-টোপনি-শক্তি বা এনাৰ্জি, এই তিনিটা ইটোৱে সিটোৰ লগত সম্পৰ্কিত। সাধাৰণ ব্যায়াম আদি কৰাৰ পিছতো যদি টোপনি নহয় তেন্তে ব্যক্তিজনৰ মানসিক চাপ বা উদ্বিগ্নতা পৰীক্ষা কৰিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলাটো ভাল টোপনিৰ বাবে অতি প্ৰয়োজনীয়। এটা নিৰ্দিষ্ট সময়ত শুবলৈ চেষ্টা কৰক। প্ৰতিদিনে সাধাৰণতে য’ত শুই থাকে তাত শুই থকাটোৱেই টোপনিৰ সৰ্বোত্তম উপায়। শুই উঠাৰ আগতে কিতাপ পঢ়িব পাৰে বা গান শুনিব পাৰে।

শক্তি বৃদ্ধিৰ টিপছ
১. দিনটোৰ আৰম্ভনিতে প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে। এই সময়ত কৰ্টিছলৰ মাত্ৰা অধিক থাকে। গতিকে, ব্ৰেকফাষ্টত কণী, গাখীৰ খাব পাৰে। দিনটোৰ আৰম্ভণিতে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খালে শক্তি সোনকালে কমি যাব।
২. গোটেই দিনটোতে কম কমকৈ আহাৰ গ্ৰহণ কৰক। একেবাৰতে বেছি খাব নাখাব। ফল-মূল, বাদাম দুপৰীয়াৰ জলপানৰ হিচাপে খাব পাৰি।
৩. প্ৰচুৰ পৰিমাণে পানী খাব লাগে। শৰীৰ জলময় কৰি ৰাখক। পানী অবিহনে মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে। ফলত শক্তিৰ অভাৱ আৰু মেজাজৰ পৰিৱৰ্তন হ’ব পাৰে।
৪. ভাল টোপনিৰ বাবে শোৱা কোঠাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰক। শোৱা কোঠাত যথেষ্ট পৰিমাণৰ বায়ু চলাচল কৰিব লাগে। শোৱা কোঠাটো যিমান পাৰি গেজেট মুক্ত কৰি ৰাখক। শুবলৈ মন নাযায় যদি উঠি খোজ কাঢ়িব। বহুতে শুই উঠাৰ আগতে গা ধুলেও ভাল টোপনি আহে।
৫.  প্ৰায় সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাসকলেও নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। ক্লান্তিৰ অন্যতম কাৰণ হ’ব পাৰে মানসিক চাপ। ব্যায়ামে মানসিক চাপৰ মাত্ৰাও হ্ৰাস কৰে।  যদি আপুনি ব্যায়াম কৰিবলৈ অনিচ্ছুক তেন্তে খোজ কঢ়া বা দৌৰাৰ দৰে কাৰ্ডিঅ’ ব্যায়াম কৰিব পাৰে। সাঁতুৰিবও পাৰে। বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পাব, ওজন কমি যাব আৰু টোপনি ভাল হ’ব। ফলত গোটেই দিনটো কাম কৰিবলৈ শক্তি থাকিব।
৬. মানসিক চাপ আৰু ক্লান্তি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যদিও মানসিক চাপ সম্পূৰ্ণৰূপে অতিক্ৰম কৰাটো সম্ভৱ নহয়, তথাপিও মানসিক চাপৰ মাত্ৰা যিমান পাৰি কম কৰিবলৈ চেষ্টা কৰক। ধ্যান, যোগে সহায় কৰিব পাৰে।

সক্ৰিয় আৰু নিষ্ক্ৰিয় বিশ্ৰাম
অবিৰতভাৱে কাম কৰি থাকোঁতে বহু লোক ‘বাৰ্নআউট’ হৈ পৰে। আজিৰ ব্যস্ত পৃথিৱীত এয়া নতুন কথা নহয়! বাৰ্নআউট ৰোধ কৰিবলৈ ৰিলাক্স হ’বলৈ শিকক। হয়, ৰিলাক্সো এটা শিক্ষণ প্ৰক্ৰিয়া। অফিচ-ডেডলাইন-ফেমিলিৰ হেঁচাত আমি ৰিলাক্স হ’বলৈ পাহৰিছো! ফলত মগজু অপ্ৰত্যাহ্বানমূলক কামত অভ্যস্ত নহয়। অত্যধিক কামৰ বোজাৰ বাবে সৃষ্টিশীল চিন্তাৰ সুযোগ সদায় নাথাকে। পৰ্যাপ্ত জিৰণি লোৱাটোৱেও সৃষ্টিশীলতা আৰু প্ৰডাক্টিভিটি বৃদ্ধি কৰাত সহায় কৰে। দীৰ্ঘদিন কাম কৰাৰ পিছত সক্ৰিয় জিৰণিৰ প্ৰয়োজন হয়। এই সময়ত সাঁতোৰ, চাইকেল চলোৱাৰ দৰে কামৰ প্ৰয়োজন হয়। আৰু নিষ্ক্ৰিয় জিৰণিৰ ক্ষেত্ৰত জিৰণি লৈ থাকিলেও মনটো সজাগ হৈ থাকে। বিচনাত পৰি থকা বা খিৰিকীৰ ফালে মুখ কৰি বহি থকা…এইবোৰ পৰিস্থিতিয়ে আপোনাৰ মগজুক দৈনন্দিন মানসিক চাপৰ পৰা সাময়িক ‘বিৰতি’ দিব।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *