লিলিমা মহন্ত
পচন্দৰ গান শুনক আৰু আৰোগ্য হওক ৷
খুব সংক্ষেপে তথা সহজভাবে বুজিবলৈ হ’লে, আমাৰ যি কোনো আবেগ-অনুভূতি আমি দুই ধৰণৰ উৎসৰ পৰা প্ৰকাশ কৰো। অর্থাৎ, আমি দুই ধৰণে চালিত হও— সেয়া হৈছে বিৱেক আৰু মন ৷ অন্য অৰ্থত ক’ব পাৰি— মস্তিস্ক আৰু হৃদয় (যদিও হৃদয় বুলিলে আমি যি বুজো, সেয়া আচলত মস্তিষ্কৰেই এটি অংশ। তথাপি বুজাৰ সুবিধার্থে ইয়াক হৃদয় হিচাবেই ধরা যাওক)। হৃদয়ৰ বিষয়সমূহ মূলতঃ চাইকোলজিকেল আৰু ব্রেইনঘটিত বিষয়সমূহ নিউৰোল’জিকেল। আৰু এই দুই ধরণৰ লজিকেল চিন্তাভাৱনাৰেই সম্মিলন ঘটে সংগীতত। ইয়াতেই মিউজ়িক থেৰাপিৰ সার্থকতা। সেই কাৰণেই মিউজ়িক থেৰাপিত চাইকোল’জি আৰু নিউৰোল’জি, দুইটাৰে সমান গুৰুত্ব থাকে। যি কোনো শব্দতৰঙ্গই আমি কানেৰে শুনো আৰু ব্রেইনেৰে তাক অনুভৱ কৰো ৷ তাৰ পিছত সি আমাৰ চাইকোল’জিত প্ৰভাৱ পেলায় ৷
মিউজ়িকৰ ক্ষেত্রতো শব্দতৰঙ্গ একেদৰে প্রচেচড হয় নে নহয় সেয়া জনাৰ বাবে মস্তিস্কৰ গঠন আৰু তাৰ ক্ৰিয়া কলাপ বুজাৰ প্ৰয়োজন ৷
এই সম্পৰ্কে কৰা গৱেষণাত প্ৰকাশ পাইছে যে, ব্রেইনক সম্পূর্ণভাবে ওলটপালট কৰি পেলোৱাৰ ক্ষমতা মিউজিকৰ আছে । মন কৰিবচোন, কোনো সাধাৰণ শব্দ বা কথাত আমি যিধৰণে উত্তেজিত হও, বহু দূৰৰ পৰা ভাঁহি অহা গানৰ সুৰে তাতকৈ আমাক অধিক প্ৰভাৱিত কৰে ৷ অনিচ্ছাকৃতভাৱে আমাৰ মন সেইফালে আকৃষ্ট হয়। অর্থাৎ, শব্দতৰঙ্গতকৈ সংগীত তৰঙ্গৰ প্রভাব আমাৰ শৰীৰ আৰু মনত বহুত বেছি ৷
-এই তত্ত্বৰ পৰাই মিউজ়িক থেৰাপিৰ সূত্রপাত। মূলতঃ ইয়াত মস্তিষ্ককক নির্দিষ্ট পেটার্নৰ মিউজ়িক ওয়েভৰ সংস্পর্শলৈ আনা হয়। কোনো ধৰনৰ সংগীত তৰঙ্গ, কি প্ৰকাৰৰ সংগীত, তদুপৰি কিমান ইমোচনেল এটাচ্চমেন্ট জৰুৰী, ইত্যাদি বুজিবলৈ হলে, যি থেৰাপি লোৱা হৈছে, তাৰ ইতিহাস, বেকগ্রাউণ্ড, গ্রুমিং, ডেভেলপমেন্ট, ছ’চিওল’জি জনাৰ প্ৰয়োজন । অর্থাৎ, তেওঁ কোন সমাজব্যবস্থাৰ মাজত আছে, সেয়া জনা দৰকাৰ ৷ ফলত পেচেন্টে কেনে গানৰ সৈতে কানেক্ট কৰিব পৰিব সেয়া বুজাত সহায় হয় ৷
কোনে ল’ব এই থোাপিঃ
প্রথমেই কও, মিউজ়িক থেৰাপি সকলোৱে ল’ব পাৰে ৷ কেৱল যে কিবা সমস্যা থাৰিলেহে মিউজিক থেৰাপি কৰিব লাগে তেনে নহয় ৷ মেডিকেলী কাৰোবাৰ ক্ষেত্ৰত এই ধপণৰ থেৰাপিৰ প্ৰয়োজন থাকিলে তেওঁৰ চিকিৎসক বা কাউন্সিলাৰেই মিউজিক থেৰাপিৰ বাবে ৰেফাৰ কৰিব পাৰে ৷
তদুপৰি ইয়াত যিহেতু ফিজিওল’জিকেল সমস্যাৰ লগতে চাইকোল’জিকেল সমস্যাৰো প্ৰতিকাৰ সম্ভৱ, সেয়ে আপাতদৃষ্টিত সম্পূৰ্ণ সুস্থ মানুহেও বিচাৰিলে এই থেৰাপি ল’ব কাৰে ৷
সত্য কথা ক’বলৈ হ’লে আমি আমাৰ অজানিতেই মিউজিক থেৰাপি লৈয়ে থাকো ৷ ধৰি লওক, অফিচত বচৰ গালি খাইছে আপুনি ৷ শৰীৰ মন শান্ত কৰাৰ কাৰণে কানত হেডফোন গুঁজি দহ মিনিট টেবুলত মাথা পেলাই থলে ৷ মুহূৰ্তৰ ভিতৰত মন শান্ত, শৰীৰ ঠাণ্ডা ৷ এয়াও কিন্তু এক ধৰনৰ থেৰাপি, ইয়াতো বিজ্ঞান আছে ৷ যিটো সময়ত আপুনি গান শুনিবলৈ আৰম্ভ কৰিলে আপোনাৰ শৰীৰত নানা ধৰণৰ বায়োকেমিকেল পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে ৷ শৰীৰে এনেকুৱা নানা হৰম’ন নিউৰ’ট্ৰান্সমিটাৰ ক্ষৰণ কৰিবলৈ আৰম্ভ কৰে যিবিলাক সাধাৰণ অৱস্থাত কোনো পেইনকীলাৰ খালে ক্ষৰিত হয় ৷ ইয়াৰ পিছত লাহে লাহে সেইবোৰ চাৰ্জড্ আপ হয় আৰু তাৰ ফলস্বৰূপে প্ৰশান্তি অনুভূত হয় ৷ অনেককে দেখিব, যিসকলে নিয়মিত গান বাজনা কৰে তেওঁলোকৰ বহুতেই বিভিন্ন ধৰণৰ ক্ৰাইচিছ অকলেই চম্ভালি লয়৷ তাৰ কাৰন হ’ল— অজানিতেই তেওঁ প্রতিনিয়ত মিউজ়িক থেৰাপি লৈ আছে, যিয়ে তেওঁক মানসিকভাৱে শান্ত কৰি ৰখাত সহায় কৰিছে ৷
নিজৰ নিয়ন্ত্ৰনত থকা এগৰাকী ব্যক্তিয়ে গান শুনা বা সঙ্গীত চৰ্চা আদি নিজৰ খেয়াল খুচি মতে কৰিব পাৰিলেও সকলোৱে যে পাৰিব সেয়া নিশ্চয় আশা কৰিব নোৱাৰি ৷
ইয়াতেই আহি পৰে ট্রেইনড থেৰাপিষ্টৰ প্রসঙ্গ। যিহেতু মিউজ়িক থেৰাপিরৰ কোনো নির্দিষ্ট প্রোটোটাইপ নাই, সেয়ে কামটোও বহুত বেছি চেলেঞ্জিং ৷ থেৰাপিষ্টে প্রথমে ব্যক্তিজনৰ সমস্ত মেডিকেল হিষ্ট্ৰি বেকগ্রাউণ্ড সম্পর্কে সব তথ্য জানি ল’ব ৷ হয়তো কোনো এক ব্যক্তিৰ ষ্ট্ৰ’ক হৈছে। সেই ক্ষেত্রত ৰোগী সম্পর্কে বা ষ্ট্ৰ’কত তেওঁৰ ব্ৰেইনৰ কিমান ডেমেজ হৈছে, সেই বিষয়ে এটা প্রাথমিক ধাৰণা থেৰাপিষ্টজনৰ থাকিব লাগিব ৷ বা হয়তো কাৰোবাৰ হাতৰ যদি মুভমেন্ট কম, সেই ক্ষেত্রত চফ্ট ড্ৰামচেৰে তেওঁৰ হাতৰ মুভমেন্ট ঘূৰাই অনাৰ চেষ্টা কৰিব পাৰে ৷ বিষয়টো কিছু ফিজ়িওথেৰাপিৰ দৰে, অৱশ্যে ইয়াত সৰলোবিলাক হয় সংগীতৰ মাধ্যমেৰে ৷ কেবল বিট বা কেবল একচন বেচড্ থেৰাপি হলে পিছলৈ সেয়া একঘেয়ামি লাগিব পাৰে ৷ কিন্তু তাৰ লগত যদি মিউজিক থাকে তেন্তে সম্পূৰ্ন বিষয়টোৱে ইন্টাৰেষ্টিং হৈ পৰে ৷ এইদৰে মিউজ়িক থেৰাপিষ্টসকলে বিভিন্ন ধৰণৰ চেচন ডিজ়াইন কৰি থাকে । কিন্তু এই ধৰণৰ চেচন এটা বা দুটা লৈ কোনো উপকাৰ নহয়৷ নিয়মিত চেচন ললে লাহে লাহে ইম্প্রুভমেন্ট চকুত পৰিব । যিহেতু এইবোৰ বিহেভিওৰাল থেৰাপি, সেয়ে থেৰাপিৰ ফলত কোনো ইম্প্রুভমেন্ট হৈছে নে নাই বা ব্যক্তিগৰাকীয়ে থেৰাপি ল’ব পাৰিছে নে নাই, সেইটোও থেৰাপিষ্টজনকেই লক্ষ্য ৰখাৰ দৰকাৰ হ’ব ।