এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা প্ৰসিদ্ধ ঔপন্যাসিক কুমাৰ কিশোৰৰ জীয়ৰী পূৰবী বৰা

এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা প্ৰসিদ্ধ ঔপন্যাসিক কুমাৰ কিশোৰৰ জীয়ৰী পূৰবী বৰা

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰোঁ৷ ক’ত জন্মগ্ৰহণ কৰিছিল? শিক্ষা জীৱনৰ পাতনি ক’ত মেলিছিল? পৰৱৰ্তী পৰ্যায়ত ক’ত সাং কৰিলে শিক্ষা জীৱন?

উত্তৰ: নমস্কাৰ বিন্দুৰ সমূহ পৰিয়াললৈ । মোৰ জন্মদিন ছয় জুন। আনকি বিবাহৰ দিনটোও ছয় জুন। ভাগ্যে জন্মৰ দিনটোহে সুধিছে দেই, চনটো নাই সোধা। মহিলাৰ বয়স আৰু পুৰুষৰ দৰ্মহা হেনো সুধিব নেপায় । মন সদায় উৰণীয়া ষোড়শীজনীৰ দৰেই।
মোৰ নাম পূৰবী। বিবাহৰ পূৰ্বে পূৰবী শৰ্মা আৰু বিয়াৰ পাচত পূৰবী বৰা হ’লোঁগৈ। মোক কিন্ত স্কুল কলেজত সকলোৱে ঘৰত মতা নামেটোৰেই “মিলি” বুলিহে মাতিছিল । আচলতে পূৰবী নামৰ কেইবাজনীও সদায় একেটা ক্লাচত থাকে বাবেই নেকি? আৰু সেই সময়খিনিত জয়া ভাদুৰী অভিনীত “মিলি” নামৰ বোলছবিখন জনপ্ৰিয়তাৰ শীৰ্ষত আছিল বাবেও হ’ব পাৰে ।
স্বনামধন্য আৰু মোৰ সৰ্বকালৰ প্ৰিয় ঔপন্যাসিক কুমাৰ কিশোৰ মোৰ দেউতা। মাৰ নাম আছিল লক্ষ্মীপ্ৰভা দেবী । দুয়ো গৰাকী মোৰ জীৱনৰ প্ৰিয় ব্যক্তিলৈ মই সশ্ৰদ্ধ প্ৰণাম নিবিদিলোঁ। মোৰ দেউতা শ্বিলং চেক্ৰেটৰীয়েটত কৰ্মৰত আৰু মা মোৰ শ্বিলংৰ ওকলেণ্ড স্কুলৰ শিক্ষয়ত্ৰী হোৱা হেতুকে মোৰ জন্ম শ্বিলংৰ ওকলেণ্ডত আৰু স্কুলীয়া জীৱনো শ্বিলংতেই । নিম্ন প্ৰাইমেৰী পল গ্ৰাউণ্ডৰ চৰ্ট নিম্ন প্ৰাইমেৰী স্কুলত আৰু হাইস্কুল জেইলৰোড গাৰ্লছ স্কুল শ্বিলঙত । সন্দিকৈ কলেজ গুৱাহাটীৰ পৰা বিজ্ঞানৰ ডিষ্টিংচনসহ স্নাতক । তাৰ পাচতেই বিবাহ পাশত আৱদ্ধ হৈছিলোঁ ।

বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওঁকচোন । পিতৃ সাহিত্যিক, মাতৃ শিক্ষয়িত্ৰী । দুয়োটা দিশৰ কৰ্ষণেৰে পুষ্ট পুৰৱী বৰাই জীৱনৰ কৰ্ম হিচাপে কি বাছি ললে বাৰু ?

উত্তৰ: মই সৰুতে বৰ উৎপতীয়া স্বভাৱৰ চঞ্চলা চপলা আছিলোঁ । পাচোঁটা ভাই-ভনীৰ ভিতৰত মই একেবাৰে পঢ়াশুনা নকৰি নাচি বাগি ফুৰি থাকোঁ বাবেই দাদা, বাইদেউ আৰু মাৰ পৰা সদায় গালি ধমকি খাইছিলোঁ। কিন্তু সেইবোৰ মোৰ গাতেই নালাগিছিল । গোটেই বছৰ পঢ়া-শুনা নকৰি পৰীক্ষাৰকেইদিন দিনে নিশাই পঢ়ি পৰীক্ষা দিলেও পৰিক্ষাবোৰত ভাল ফলেই দেখুৱাইছিলোঁ । আনকি চাকৰি কৰিম বুলি কেতিয়াও নভৱাকৈয়ে এদিন ভাৰতৰ অৰ্থনীতিৰ স্তম্ভস্বৰূপ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কত চাকৰি কৰিলোঁ । প্ৰথমতে গুৱাহাটিৰ ডি.এ.ভি স্কুলত বি.এচ .চি পৰীক্ষা দিয়েই স্কুলীয়া ল’ৰা ছোৱালীৰ লগত সময় পাৰ কৰিবলৈ মন থকা বাবে শিক্ষকতা কৰিছিলোঁ । ভাৰতীয় ৰিজাৰ্ভ বেংকত যদি কোনোবাই এবাৰ জইন কৰে তাৰ পৰা ওলাই অহাটো একেবাৰে সহজ নহ্য় । সেয়েহে তাতে থাকি যাব লগীয়া হ’ল । দেউতাই কৈছিল পুৱা ন বজাৰ পৰা পাঁচ বজালৈ চাকৰি যদি কৰিবই লাগে তেনেহ’লে যিটো প্ৰতিষ্ঠানে বেছি পাৰিশ্ৰমিক দিয়ে তাতেই কৰিব লাগে। সেয়েহে হয়তো বেঙ্কেই মোক জীৱিকাৰ বাবে বন্দী কৰি ৰাখিলে ।

বিন্দুঃ আপোনাৰ পিতৃ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, যাক আমি কুমাৰ কিশোৰ বুলি সকলোৱে জানো । কন্যা হিচাপে আপোনাৰ দৃষ্টিত কুমাৰ কিশোৰ- বুলি যদি সোধা হয় থোৰতে কি ক’ব আপুনি?

উত্তৰ: মোৰ সৰ্বকালৰ প্ৰিয় সাহিত্যিক ঔপন্যাসিক শ্ৰদ্ধাৰ কুমাৰ কিশোৰ। তেখেতৰ্ কালজয়ী উপন্যাস “কবৰ আৰু কঙ্কাল” মই বহুবাৰ পঢ়িছোঁ,আকৌ পঢ়াৰ হেপাহ আছে। তেখেতৰ মনস্তাত্বিক দিশত লিখা “এমুঠি তৰাৰ জিলিমিলি”, হাতী চিকাৰৰ ওপৰত লিখা “প্ৰবাল প্ৰাচীৰ” মোৰ অন্যতম প্ৰিয় উপন্যাস। তেখেতৰ চুটি ,মিঠা ভাষাই মোক বাৰুকৈয়ে আকৰ্ষণ কৰে। সেয়েহে হয়তো তেখেতৰ উপন্যাসৰ ওপৰত দুগৰাকী গৱেষকে গৱেষণা কৰি পিএইছ ডি লভিছে। তেখেতৰ ভাষাৰ মধুৰতা আৰু মিঠা সোৱাদে পাহৰাই ৰাখে এখন যে ইমান তত্বগধূৰ উপন্যাস পাঠ কৰি আছোঁ। সেয়েহে তেখেতৰ উপন্যাসসমূহক “চুগাৰ কোটেড কুইনাইন” বুলি অভিহিত কৰিছে।মোৰ ভৱিষ্যতৰ পৰিকল্পনা, যদি প্ৰকাশক আগবাঢ়ি আহে তেখেতৰ উপন্যাসসমূহৰ তিনিটা মান সঙ্কলন কৰি উলিওৱাৰ। কিন্তু প্ৰকাশকে ছপাবলৈ আগবাঢ়ি আহিলেও যি এটা ব’ব নোৱাৰা শকত অঙ্কৰ কথা কৈ দিয়ে ভাৱিলেই ভয় লাগে। তথাপিও মই আশাবাদী ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই কামখিনি কৰাৰ বাবে। জনাবলৈ পাই সুখী হ’ম যে ইতিমধ্যে তেখেতৰ উপন্যাস সমগ্ৰৰ প্ৰ্থম সংকলনত আঠখন উপন্যাস সন্নিবিষ্ট কৰি প্ৰকাশ কৰা হৈছে, আশা কৰিছোঁ আৰু দুটা খণ্ড প্ৰকাশ কৰাৰ । এই খিনিতে ক’বলৈ পালে ভাল পাম কিছুমান প্ৰকাশকে তেখেতক লৈ ব্যৱসায় কৰিব বিচাৰে যিটো কথা আমি ভাই- ভৰ্নী কেউজনে একেবাৰে নিবিচাৰোঁ। প্ৰথম খণ্ডত যি দেখা পালোঁ বাকী দুটা খণ্ড প্ৰকাশ কৰিবলৈ গৈ থমকি ৰৈছোঁ।
ভাল লাগে কুমাৰ কিশোৰৰ উপন্যাস বিচাৰি গ্ৰন্থমেলাত যেতিয়া নতুন প্ৰজন্মই বিপণীবোৰ পিতপিতাই ফুৰে। সদায় কৈ ভাল পাওঁ যে মই কুমাৰ কিশোৰৰ নহয় দেউতাৰ জীয়াৰী, কাৰণ তেখেতৰ দৰে সৎ আৰু মহান ব্যক্তি মই ক’তো লগ পোৱা নাই ।

বিন্দুঃ অসমৰ অন্য সাহিত্যিকসকলৰ তুলনাত কুমাৰ কিশোৰৰ বিষয়ে কম চৰ্চা পৰিলক্ষিত হয় । এয়া বুদ্ধিজীৱি অথবা সমালোচকসকলৰ পক্ষপাতিত্ব বুলি ভাবিবৰ থল আছে বুলি আপুনি ভাবে নে? যদি ভাৱে তাৰ কাৰণ কি বুলি ক’ব বিচাৰে আপুনি?

উত্তৰ: তেনেকৈ ভাৱিবলৈ মন যোৱা নাই । অসমত বিশেষ এগৰাকী শিল্পী বা সাহিত্যিকক লৈ চৰ্চা বিশেষকৈ হোৱা দেখা নাযায়, যিদৰে অন্য প্ৰদেশত হয় । বিশেষকৈ কলিকতাত লিখকসকলৰ ফেন ক্লাব আছে বাবে চৰ্চাত থাকে । এসময়ৰ অসমৰ ৰাজধানী শ্বিলঙৰ দুগৰাকী প্ৰ্খ্যাত ঔপন্যাসিকৰ দুখন কালজয়ী উপন্যাস কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা” আৰু কুমাৰ কিশোৰৰ “কবৰ আৰু কঙ্কল” সদায় চৰ্চাত থাকেই আৰু আজিও সমানেই জনপ্ৰিয় । গ্ৰন্থমেলাসমূহত কুমাৰ কিশোৰৰ উপন্যাস বিচাৰি ফুৰা দেখিলে বৰ ভাল লাগে । সেয়েহে তেখেতৰ অসমীয়া সাহিত্যলৈ অৱদান দিয়া পচিশখন উপন্যাসৰ তিনিটা সংকলন প্ৰকাশ কৰাৰ কথা মই ভাৱিছিলোঁ। কিন্তু প্ৰকাশকসকলে যিমান টকা বিচাৰে আমি সিমান দিব নোৱাৰোঁ । আচলতে তেখেতসকলে আমাৰ অনুমতি পোৱাটোৱে ডাঙৰ কথা । কিন্তু তেখেতসকলে নছপায় । সেয়েহে উপন্যাসসমূহ সমগ্ৰ হৈ ৰৈ যাওঁক বুলি এগৰাকী প্ৰকাশকক দিয়া হ’ল । মোৰ কষ্ট উপাৰ্জিত ধনেৰে ছপাবলৈ দিলোঁ । মাত্ৰ কেইকপিমান ছপালে আৰু ছপাৰ মানদণ্ড আৰু কাগজৰ কোৱালিটী ইমানেই পুতৌ লগা যে কি ক’ম । হয়তো ব্যৱসায়কে কৰিব বিচাৰে তেখেতসকলে। কেতিয়াও কোনোকালে কুমাৰ কিশোৰ বা সমসাময়িক লিখকসকলে পইচা দি কিতাপ ছপোৱা নাছিল, বৰঞ্চ ৰয়েল্টী পাইছিল । বহু টকাই হাতৰ পৰা ওলাই গ’ল । সেয়েহে আন দুটা খণ্ড ছপা কৰাৰ আশাই কৰিব পৰা নাই ।
প্ৰতি পাচ বছৰে অসম সাহিত্য সভাই কুমাৰ কিশোৰ বঁটা প্ৰদান কৰি আহিছিল সেই বঁটা ক্ৰমান্বয়ে “মৎস্য গন্ধা” উপন্যাসৰ বাবে হোমেন বৰগোহাঞি, “নামঘৰীয়া”ৰ বাবে অতুলানন্দ গোস্বামী, “চাহেব পুৰাৰ বৰষুণ”ৰ বাবে অনুৰাধা শৰ্মাপুজাৰী, ড০ মালিনী আৰু ভুপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই পাইছে। মাজতে এবাৰ সেই বঁটা হঠাৎ বন্ধ কৰি দিয়াত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই পুনৰ প্ৰবৰ্ত্ত্ন কৰে । তেখেতৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰ’ম ।
বৰ্তমান অসমৰ এখন আগশাৰীৰ আলোচনী “সাতসৰী”য়ে এইবছৰতে কুমাৰ কিশোৰৰ জন্ম মাহ মাৰ্চৰ সংখ্যা “কুমাৰ কিশোৰ সংখ্যা” হিচাবে প্ৰকাশ কৰি তেখেতলৈ বিশেষ সন্মান যাঁচিঁলে । দেৱেন্দ্ৰ কুমাৰ আচাৰ্য্যৰ বিশেষ সংখ্যা “গৰীয়সী”য়ে প্ৰকাশ কৰাৰ পাচত সাতসৰীৰ এনে কামক সকলোৱে আদৰাণি জনাইছে । এইবোৰেই লিখকৰ বাবে সন্মান । কুমাৰ কিশোৰে সদায় এটা কথা বিশ্বাস কৰিছিল যে পাঠকৰ মৰমেই তেখেতৰ প্ৰধান পুৰস্কাৰ । সাহিত্য সভা আৰু গ্ৰ্ন্থমেলা তেখেতৰ বৰ মৰমৰ আছিল । সাহিত্য সভাৰ প্ৰতিখন সভাতে হেনো অন্য লিখক সকলতকৈ তেখেতৰ ওচৰলৈ অটোগ্ৰাফ বিচাৰি অহা অনুৰাগীৰ সংখ্যা সৰহ আছিল ।

বিন্দুঃ পাঠকৰ ওচৰত কুমাৰ কিশোৰৰ উপন্যাসে যথেষ্ট সমাদৰ পাই আহিছে । আমি জনাত ইতিমধ্যে একাধিক ব্যক্তিয়ে তেখেতৰ উপন্যাসৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে । অলপ সবিস্তাৰে ক’ব নেকি?

উত্তৰ: ইতিমধ্যে তেখেতৰ উপন্যাসৰ সমাদৰৰ ওপৰত উল্লেখ কৰিলোঁ । তেখেতৰ উপন্যাসৰ ওপৰত গৱেষণা কৰি পি এইছ ডি পাইছে পৰিবুল দেৱী আৰু বীণা নাথে । দুয়োগৰাকীৰে গৱেষণাৰ বিষয় সুকীয়া । গৱেষণা পত্ৰ দুয়োখনতেই তেখেতৰ উপন্যাসসমূহ যে অত্যন্ত গভীৰ সেই কথা প্ৰমাণিত হৈছে । প্ৰতিখন উপন্যাস সৃষ্টিৰ আঁৰত প্ৰতিটো বিষয়ত গভীৰ অধ্যয়ন কৰিছিল । প্ৰতিখন উপন্যাসৰ বিষয় বস্ত সুকীয়া আছিল, গভীৰ অধ্যয়নপুষ্ট নহ’লে এই উপন্যাসসমূহ সৃষ্টি কৰাটো সম্ভৱ নহলেহেঁতেন । আমি তেখেতৰ উপন্যাসসমুহ উপন্যাস হিচাপে পঢ়োঁ, কিন্ত গৱেষক এগৰাকীয়ে তেখেতৰ প্ৰকাশিত উপন্যাসসমূহ গোটাই লৈ দীঘলীয়া কাল গৱেষণা কৰি পি এইছ ডি লয় । যেতিয়া কোনো এগৰাকী গৱেষকে তেখেতৰ উপন্যাসৰ ওপৰত গৱেষণা কৰে আৰু সফল হয় আমাৰ দেউতাৰ প্ৰতি তেখেতসকলে সন্মান প্ৰদৰ্শন কৰা যেন অনুভৱ হয় আৰু তেখেতৰ কৰ্মৰাজিৰ উচিত মূল্যায়ন কৰিছে যেন লাগে ।

বিন্দুঃ পিতৃক লৈ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি ?

উত্তৰ:ভৱিষ্যৎ পৰিকল্পনা আছে । উপন্যাসসমগ্ৰ তিনিটা খণ্ডত প্ৰকাশ কৰাৰ আশা ৰাখিছোঁ। নিজাববীয়াকৈ অলপ অসুবিধা হয় । অসুবিধা প্ৰধানকৈ হয় বিপনণৰ ক্ষেত্ৰত । আচলতে আব্দুল মালিক, কুমাৰ কিশোৰ, আদি স্বনামধন্য সাহিত্যিকসকলৰ সৃষ্টিৰাজি প্ৰকাশ কৰাৰ দায়িত্ব যদি প্ৰকাশন পৰিষদ বা সাহিত্য সভা আদিৰ দৰে প্ৰতিষ্ঠানসমূহে লয় তেনেহ’লে হয়তো কালৰ বুকুত এই সৃষ্টিসমূহ হেৰাই নাযাব । আশাবোৰ ফুল হৈ ফুলিবও পাৰে।

বিন্দুঃ আপোনাৰ বৈবাহিক তথা পাৰিবাৰীক জীৱনৰ বিষয়ে অলপ চমুকৈ কওকচোন? প্ৰেম বিবাহ আছিল নে? আমাৰ যদি ভুল হোৱা নাই তেন্তে আপোনালোকৰ অসবৰ্ণ বিবাহ আছিল! সামাজিকভাৱে কিবা সমস্যা সূচিত হৈছিল নেকি?

উত্তৰ: জীয়ৰী কালৰ পৰাই কওঁ। আমি পাঁচজন ভাই-ভনী । ডাঙৰ দাদা “মেডিকেল কলেজ” উপন্যাসৰ স্ৰষ্টা ডা: প্ৰণৱ কুমাৰ শৰ্মা । এতিয়ালৈকে দাদায়ো বাৰখন উপন্যাস লিখি উলিয়াইছে । জয়ন্ত কুমাৰ শৰ্মাই যদিও লিখামেলা কৰে একো প্ৰকাশ কৰা নাই । অত্যন্ত পঢ়া শুনা কৰে । তাৰ পিচতেই মোৰ বাইদেউ কৰবী । কবিতা লিখে । আৰু অসমীয়া উপন্যাস নিকিনা আৰু নপঢ়া চাগে’ এখনো নাই । তাৰ পিচত মই । মোৰ ভাইটিক আপোনালোকে নিশ্চয় চিনি পাব । গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম বাতৰি পৰিবেশক শ্ৰীমান বেদান্ত কুমাৰ শৰ্মা । বেদান্তৰ এটা নিজস্ব ইউটিউব চেনেলত প্ৰায় চল্লিছ খনৰো অধিক বাচকবনীয়া উপন্যাস পাঠ কৰিছে আৰু যথেষ্ট জনপ্ৰিয়তা লভিছে ।
মোৰ মানুহজন মানে মোৰ স্বামীৰ নাম মনিন্দ্ৰ কুমাৰ বৰা। এখন সংস্কৃতিবান পৰিয়ালৰ মানুহ। মৰিগাওঁৰ বিখ্যাত মতিৰাম বৰাৰ জ্যেষ্ঠ ককায়েক প্ৰয়াত যতীন্দ্ৰ নাথ বৰাৰ পুত্ৰ । আচৰিতভাৱে এইখন ঘৰৰ বোৱাৰী দুগৰাকী সাহিত্যৰ পৰিবেশসমৃদ্ধ পৰিয়ালৰ। মই নিজে কুমাৰ কিশোৰৰ দুহিতা, আন এগৰাকী বোৱাৰী ডিম্বেশ্বৰ নেওঁগৰ দুহিতা জোনাকী মাধুৰী নেওঁগ আৰু আন এগৰাকী বিশিষ্ট সাহিত্যিক,সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মতিৰাম বৰাৰ নাতি স্বনামধন্য ডা: ধ্ৰুবজ্যেতি বৰা। মনিন্দ্ৰই নিজে একো নিলিখিলেও মই লিখা প্ৰতিটো লিখা প্ৰকাশৰ বাবে পঠিওৱাৰ আগেয়ে চকু ফুৰাই দিয়ে। মোৰ সঁচা ক্ৰিটিক। ভুল-ভালবোৰ অৰ্থাৎ পজিটিভ-নিগেটিভ দুয়োটা দিশ দেখুৱাই দিয়ে। ইয়াতকৈ ডাঙৰ সহায় আৰুনো কি লাগে? আনকি মোৰ শেহতীয়া উপন্যাসখন দুবাৰকৈ পঢ়ি মোক প্ৰকাশৰ বাবে আগবঢ়াই দিয়াত যথেষ্ট সহায় কৰছিল। তেখেতৰ সহায় অবিহনে প্ৰকাশৰ বাবে দিবলৈ হয়তো সাহসেই কৰিব নোৱাৰিলোঁহেঁতেন, তেখেতৰ মাইথ’ল’জীৰ ওপৰত থকা জ্ঞানৰ বাবেই চাই দিব পাৰিছিল।
মই ব্ৰাক্ষ্মণ কন্যা হোৱা হেতুকে এজন ব্ৰাক্ষ্মণ ল’ৰাৰ সৈতে বিয়া হোৱাতো ঘৰৰ সকলোৱে বিচাৰিছিল। কিন্তু মোৰ মানুহজন জন্মগতভাৱে ব্ৰাক্ষ্মণ নহ’লেও তেখেতৰ কাম-কথা, আচাৰ-ব্যৱহাৰত আমাৰ সকলোৱে আকৰ্ষিত হোৱাই নহয় আনকি ঘৰৰ সকলোৰে পৰা অতি আদৰ আৰু মৰম বুটলি লয় আৰু আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয়পাত্ৰ ।

বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰোঁ৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল? লেখাৰ অনুপ্ৰেৰণা ক’ৰ পৰা পাইছিল?

উত্তৰ: দেউতা কুমাৰ কিশোৰ। হয়তো কেইটোপালমান দেউতাৰ ৰক্ত কণিকা তেজত প্ৰৱাহিত হৈ আছিল । শ্বিলঙৰ জেইলৰোড স্কুলৰ “বলাকা” নামৰ আলোচনী সম্পাদক, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ৱেব মেগাজিনৰ সম্পাদক, ৱাল মেগাজিন “প্ৰাচীৰ প্ৰবাহ”ৰ সম্পাদনা । বিভিন্ন বাতৰি কাগজৰ নিয়মীয়া লিখিকা।এইদৰে নভৱাকৈ এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। প্ৰ্ৱেশ ক’ব নোৱাৰাকৈ হৈছে ।
কেনেকৈ কেতিয়া আকৰ্ষিত হৈছিলোঁ সঠিককৈ ক’ব নোৱাৰোঁ। হয়তো স্কুল, কলেজ আৰু কৰ্মস্থলীত আলোচনী সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰোঁতে অলপ অলপকৈ লিখি থাকোঁতে কিছুমান প্ৰৱন্ধ বিভিন্ন আলোচনী আৰু খবৰ কাগজত দিবলৈ আৰম্ভ কৰোঁ। প্ৰতিটো প্ৰবন্ধ বা পূজা সংখ্যালৈ দিয়া গল্পবোৰ প্ৰকাশ পায়। মনটো ভাল লাগিল। লিখাবোৰ পঢ়ি বহুতেই ফোন কৰি ভাল লগা বুলি জনাওঁতে লিখিবলৈ চাগে’ আকৰ্ষিত হ’লোঁ।
বাতৰি কাকতসমূহলৈ লিখাবোৰ পঠিয়ালে এষাৰিও সম্পাদনা নকৰাকৈ প্ৰকাশ কৰে । ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্ত্তা’, ‘আজি’, ‘নতুন সময়”, ‘অসমবাণী”, ‘প্ৰতিদিন”, ‘দা আসাম ট্ৰিবিউন’ আদি বাতৰি কাকতসমূহত হোমেন বৰগোহাঞি, ফণীন্দ্ৰ দেৱ চৌধুৰী আৰু অজিত ভুঞাৰ দ্বাৰা সম্পাদিত বাতৰি কাকত আৰু বৰ্ত্তমান ‘দৈনিক অসম’ত প্ৰায় নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ । এইবোৰেই মোৰ সাহস অৰু প্ৰেৰণা ।

বিন্দুঃ এতিয়ালৈকে আপুনি যথেষ্ট সংখ্যক গ্ৰন্থ ৰচনা কৰিলে । গ্ৰন্থকেইখনৰ বিষয়ে সম্যক ধাৰণা এটা দিয়কচোন !

উত্তৰ: মই কেতিয়াও কোনো দিনেই লিখক হ’ম বুলি লিখা আৰম্ভ কৰা নাছিলোঁ । কেনেকৈনো লিখি গৈ থাকোতে পঢ়ুৱৈ সমাজে আদৰি ল’লে গমেই নাপালোঁ । মোৰ ৰচনাসমুহৰ ভিতৰত “প্ৰিঞ্চেচ অফ দ্য চিটি –সন্দিকৈ কলেজ” খন সকলোৱে আদৰি ল’লে। প্ৰকাশৰ দুমাহৰ ভিতৰতে পাচশ কপি বিক্ৰী হৈ যোৱা বাবে গুৱাহাটীৰ আগশাৰীৰ প্ৰতিষ্ঠান লয়াৰ্ছ বুক ষ্টলে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে । “প্ৰিঞ্চেচ অফ দ্য চিটি সন্দিকৈ কলেজ” হিন্দী আৰু বাংলা ভাষালৈকো অনূদিত হৈছে । সকলোৱে আদৰি লোৱা বাবে মোৰ দ্বিতীয়খন উপন্যাস “কুলকুণ্ডলিনী” পুনৰ প্ৰকাশ কৰে লয়াৰ্চ বুক ষ্টলে । ইমান ডাঙৰ প্ৰতিষ্ঠানে মোৰ উপন্যাস ছপাবলৈ আগবাঢ়ি অহা বাবে মই লিখিবলৈ অনুপ্ৰাণিত হওঁ । এইদৰে এইখিনি লিখি উলিয়ালোঁ :
স্বপ্নদ্ৰষ্টা কুমাৰ কিশোৰ
সময়ক শুবলৈ নিদিওঁ ( তেলেগু কবি ড০ এন.গোপীৰ সাহিত্য অকাডেমীৰ দ্বাৰা সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত অনুদিত কবিতা সঙ্কলন)
প্ৰিঞ্চেছ অফ দ্য চিটি ….সন্দিকৈ কলেজ (কেম্পাছ উপন্যাস),হিন্দী আৰু বঙালী ভাষালৈকো অনুদিত হৈছে ।
শ্বডৰ্মাত বন্দী শব্দবোৰ (স্পেনিছ আৰ্হিত লিখা কবিতা সঙ্কলন)
মই এ.পি.জে কালামে কৈছোঁ আৰু পূৰবী বাইদেউৰ একুকি সাধু
নেলচন মাণ্ডেলাৰ দেশত (ভ্ৰমণ কাহিনী)
নীৰ গীত (জলগীতম, জ্ঞানপীঠ পুৰস্কাৰৰ বাবে মনোনীত ড০ এন. গোপীৰ কাব্য গ্ৰন্থ অসমীয়ালৈ অনুবাদ)
কুলকুণ্ডলিনী (উপন্যাস)
ঠিক সেই সময়ত (ড০ মাধৱ কৌশিক, সাহিত্য অকাডেমীৰ অধ্যক্ষ) অনূদিত গল্প সঙ্কলন
বৃদ্ধোপনিষদ (অনুবাদ কাব্য সংকলন, ড০ এন গোপী, ডীন ওচমানিয়া বিশ্ববিদ্যালয়)
কুমাৰ কিশোৰ উপন্যাস সমগ্ৰৰ সংকলক
ইয়াৰ বাহিৰেও বিত্তীয় সজাগতা সম্পৰ্কীয় বহুতো পুস্তিকা লিখা হৈছে ।
ভাৰতীয় জনতা পাৰ্টীৰ সংবিধান অসমীয়ালৈ অনুবাদ ইত্যাদি।

বিন্দুঃ আপুনি অনুবাদৰ সৈতেও জড়িত । সেই বিষয়ে বিন্দুৰ পাঠকক কিছু কওকচোন!

উত্তৰ: ভাল সাহিত্য অন্য ভাষাৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা অন্য ভাষালৈ অনুবাদ হোৱাটো অতি প্ৰয়োজন। অন্য নালাগে ড০ ভূপেন হাজৰিকাৰ গানবোৰ একো একোটা সুন্দৰ কবিতা। তেখেতে নিজেই সেই কথা কৈছে। প্ৰেয়সী প্ৰিয়মে কৈছিল হেনো তুমি এইবোৰ গান কৰি গোৱা। যদি এইবোৰ ইংৰাজীলৈ অনুবাদ কৰি গালেহেতেঁন হয়তো বব ডিলানৰ দৰে ন’বেল পুৰস্কাৰৰ বাবে বাছনিত উঠিলেহেতেঁন। অনুবাদ সাহিত্য বুলি কওঁতে মই নিজেই সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত ড০ এন গোপীৰ “সময়ক শুবলৈ নিদিওঁ” অনুবাদ কৰিছোঁ আৰু সাহিত্য অকাডেমীয়েই প্ৰকাশ কৰিছে। তেখেতৰ জ্ঞানপীঠৰ বাবে মনোনীত হোৱা “জলগীতম” মই “নীৰ গীত” নামেৰে অনুবাদ কৰি উলিয়াইছোঁ। অনুবাদ সাহিত্যৰ প্ৰতি গভীৰ আস্থা আছে। বৰ্ত্তমান ওচমানিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, বিখ্যাত ভাৰতীয় কবি ড০ এন গোপীৰ বৃদ্ধ উপনিষদ অসমীয়ালৈ অনুবাদ কৰাৰ দায়িত্ব দিছে। আৰু সাহিত্য অকাদেমীৰ অধ্যক্ষ ড০ মাধৱ কৌশিকৰো এখন কিতাপৰ কাম কৰি আছোঁ । অনুবাদ কৰি ভাল পাওঁ, আচলতে ৰিজাৰ্ভ বেঙ্কৰ বহুতো পুস্তিকা, বিজেপিৰ সংবিধান, আৰু অন্যান্য বিত্তীয় লিখাবোৰ অনুবাদ কৰোঁতে অনুবাদৰ প্ৰতি আকৰ্ষিত হৈ পৰিলোঁ চাগে।

বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্য কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে?

উত্তৰ: সাহিত্য সমাজৰ দাপোন।। সাহিত্যত ইতিবাচক দিশ আৰু সুন্দৰ মেচেজ থকাটো বিচাৰোঁ। সত্য প্ৰতিফলিত কৰি সাহিত্য সৃষ্টি হ’লে সময়ৰ দলিল হৈ ৰৈ যাব । সন্তুষ্ট বুলিয়েই ক’ব লাগিব । আজিৰ সামাজিক মাধ্যমৰ যুগত পাঠকতকৈ লিখকৰ সংখ্যা বাঢ়ি গ’ল । ভাল লক্ষণ । কিন্ত বহুতেই অইনৰ লিখা কিছুমান নিজৰ লিখা বুলি প্ৰকাশ কৰাৰ মনোবৃত্তিও গঢ় লোৱা বুলি বহুতেই উল্লেখ কৰা দেখিলে বেয়া লাগে ।

বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?

উত্তৰ: মোৰ মন বৰ অস্থিৰ । লিখিম বুলি অনবৰতে মনটোৱে হাহাকাৰ কৰি থাকে । মই অতি বেছি চেঞ্চেটিভ । সৰু সৰু কথা কিছুমান সৰু যেন লাগিলেও সেই কথাবোৰত মাত মাতিবলৈ মন যায় । তেতিয়াই কলমৰ সহায়ত প্ৰকাশ কৰোঁ । ভিন্ন কথাত পৰিস্থিতি সাপেক্ষে বাতৰি কাকতত লিখি থকা মন কৰিছেই নিশ্চয় ।

বিন্দুঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? সামাজিক মাধ্যমক আপুনি নিজে কেনেধৰণে গ্ৰহণ কৰিছে?

উত্তৰ: সামাজিক মাধ্যমে বহুতো লিখক বিশেষকৈ কবিৰ সৃষ্টি কৰিলে। সমসাময়িক সাহিত্য সম্পৰ্কে যথেষ্ট আশাবাদী। বহুতো নতুন সাহিত্যিকৰ নাম গ্ৰন্থমেলাৰ আগে আগে দেখিবলৈ পাওঁ। নতুন নতুন গল্প, উপন্যাস উন্মোচন হয়। এতিয়া সামাজিক মাধ্যমত সাহিত্যই অন্য এক মাত্ৰা পাইছে। বিশেষকৈ লকডাউনৰ পাচৰ পৰা সাধাৰণ মানুহে কিতাপ বা খবৰ কাগজ পঢ়াতকৈ সামাজিক মাধ্যমত প্ৰকাশিত ৰচনাত বেছি মনোনিৱেশ কৰিছে। আনকি সামাজিক মাধ্যমত বৌদ্ধিক সন্ত্ৰাসবাদী বুলি কিছুমান সমালোচক ওলাইছে।
সাহিত্য সাধাৰণ মানুহে সহজে বুজি পালেহে সাহিত্যই সঁচা অৰ্থ বিচাৰি পায়। সামাজিক মাধ্যমত মই লিখাবোৰ সাধৰণতে বেছিকৈ নিদিওঁ । সামাজিক মাধ্যমত ট্ৰোল হয় ভাল বেয়া কথাত।
বেয়া লাগে ম’বাইল ব্যৱহাৰ কৰি সস্তীয়া অনাৱশ্যকভাৱে বনোৱা ৰীলবোৰ ।

বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ । বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসংগিক কৰি তুলিছে! আপুনি কি দেখিছে? বিশেষকৈ নতুন প্ৰজন্মৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাবে আপুনি?

উত্তৰ: কিতাপ কিনি নপঢ়ে বুলি কোৱা কথাষাৰ আজিৰ তাৰিখত সঁচা নহয় যেন লাগে । ইজনে সিজনৰ পৰা কিতাপ লৈ পঢ়া কথাবোৰ আজি ইতিহাস । এনড্ৰয়ডত সকলো পঢ়ি লয় । যিসকলৰ পঢ়াৰ ইচ্ছা আছে ‘ই বুক’ বা ‘কিণ্ডল’ত পঢ়ে । নতুন প্ৰজন্মৰ মাজত বাহিৰা কিতাপ পঢ়াৰ স্পৃহা কমা নাই । কিন্তু অসমীয়া কিতাপতকৈ ইংৰাজী কিতাপ পঢ়াৰ সংখ্যা বাঢ়িছে । মাধ্যম যিহেতু ইংৰাজী । সময়বোৰ যেন আজি কমি গৈছে কিতাপ পঢ়িবলৈ, বিভিন্ন ব্যস্ততাৰ বাবে ।

বিন্দুঃ যুৱ উচ্ছৃংখলতাই কেনে পৰ্যায় পাইছেগৈ সেয়া শেহতীয়াভাবে সংঘটিত হৈ থকা ঘটনাৰাজিৰ পৰাই আমি অনুমান কৰিব পাৰো । এগৰাকী লেখিকা তথা সমাজ সচেতন ব্যক্তি হিচাপে সমাজত সংঘটিত হৈ থকা অবাঞ্ছিত ঘটনাসমূহৰ অন্তৰালত কি থকা বুলি আপুনি ভাবে? ইয়াৰ বাবে আপুনি পৰিয়াল, স্কুল কতৃপক্ষ নে সমাজক জগৰীয়া কৰিব?

উত্তৰ:উচ্ছৃংখলতা এচামৰ মাজত বাঢ়িছে যি সকলৰ হাতত অফুৰন্ত সময় । ইয়াৰ বাবে মূলত: স্কুল, পৰিয়াল বা সমাজক দায়ী কৰিব নোৱাৰি। মূলত: আজি ঘৰবোৰত দেখা যায় মাক দেউতাক দুয়ো চাকৰিয়াল হোৱা বাবে সন্তানৰ সৈতে সময় কটাবলৈ সময় বিচাৰি নাপায় । আগতে মাকক ঘৰতেই পাইছিল স্কুল বা কলেজৰ পৰা আহি । আজি কোন কেতিয়া ঘৰ পায়হি সেয়া কোনেও নেজানে। এই ক্ষেত্ৰত কথাবোৰ আপেক্ষিক । ম’বাইল ফোনটোও কিন্তু কিছুক্ষেত্ৰত এই স্খলিত সমাজ এখনৰ বাবে দায়ী।

বিন্দুঃ শেহতীয়াভাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ‘চৰিত্ৰ পাঠ’ নামৰ পাঠ্যক্ৰমটি পুনৰ অন্তৰ্ভূক্ত কৰাৰ যো জা চলাইছে অসম চৰকাৰৰ শিক্ষা বিভাগে । কথাটো আপুনি কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰ: নিশ্চয় ভালৰ কাৰণেই শিক্ষাবিদসকলে অলোচনা কৰিয়েই কৰিছে ।

বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?

উত্তৰ: মোৰ নিজস্ব অভিজ্ঞতাৰ ফালৰ পৰা ক’বলৈ গ’লে অসমীয়া সমাজত নাৰীৰ স্থান বহুত উচ্চ । নাৰীয়ে নিজৰ অধিকাৰ নিজৰ মৰ্যদা নিজে গঢ়িব লাগিব । নাৰী আধুনিকেই হওক বা পুৰণিয়ে হওক সদায় সুৰক্ষিত । যিবোৰ ঘটনা নাৰী সংক্ৰান্তিয় ঘটি থাকে সেই ক্ষেত্ৰত নাৰী বা ছোৱালীজনীও সম্পূৰ্ণ দোষমুক্ত নহয় । সদায় নিজক বচাই চলিব জনাটো নাৰী বা এজনী ছোৱালীয়ে সৰুৰে পৰা আয়ত্ত কৰিব লাগে। এই ক্ষেত্ৰত ঘৰখনৰ দায়িত্ব গধুৰ । কুংফু বা কেৰেটে শিকিলেই এজনী ছোৱালী সুৰক্ষিত হ’ব নোৱাৰে ।

বিন্দুঃ ২০২৪ চনৰ তথ্য অনুসৰি, অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া চৰকাৰী তথ্য মতে, এই বছৰত (২০২৪) এতিয়ালৈ নাৰীজনীত অপৰাধৰ পঞ্জিভুক্ত সংখ্যা ৪০ হাজাৰৰো অধিক । ইয়াৰ ভিতৰত ধৰ্ষণৰ গোচৰ ১০,০০০ ৰো অধিক, অপহৰণৰ গোচৰ ৫,০০০ ৰো অধিক, হত্যাৰ গোচৰ, ২,০০০ৰো অধিক, গাৰ্হস্থ্য হিংসাৰ গোচৰ, ১৫,০০০ৰো অধিক। এই তথ্যসমূহে দেখুৱাইছে যে, অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যিটো সমাজৰ বাবে এক চিন্তাৰ বিষয়। এই সন্দৰ্ভত এগৰাকী সমাজ সচেতন নাৰী হিচাপে আপোনাৰ বক্তব্য কি ?

উত্তৰ: অসমত ঘটিছে বুলি কৈছে । অসমীয়াৰ ক্ষেত্ৰত বা অসমীয়াই ঘটাইছে নেকি সেয়া বিশ্লেষণ কৰিলেহে বুজিব পৰা যাব । কোন শ্ৰেণীৰ মানুহে কৰিছে সেয়া লক্ষ্যণীয় অসমৰ ডেমগ্ৰাফী বৰ চিন্তনীয় হৈ পৰিছে ।

বিন্দুঃ নাৰীৰ “সমঅধিকাৰ” শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচাৰিব লগা হোৱা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ?

উত্তৰ: ‘নাৰীৰ সমঅধিকাৰ’ এই শব্দ দুটা মোৰ ভাল নলগা শব্দ । নাৰী আৰু পুৰুষ বুলি কোনো ধৰণৰ বিভাজন কামৰ ক্ষেত্ৰত থাকিব নালাগে । এই পৃথিবীত যোগ্যজনে যোগ্য কামৰ পৰা বঞ্চিত হ’ব নালাগে । শাৰীৰিকভাৱে নাৰী পুৰুষতকৈ দুৰ্বল তাৰ বাহিৰে নাৰীয়ে সম অধিকাৰেই পাই আহিছে বুলি মোৰ জ্ঞানে কয় । ৰাজনৈতিক সংৰক্ষণৰ কথাবোৰৰ প্ৰতি লক্ষ্য নকৰোঁ। উপযুক্তজন কেতিয়াও বঞ্চিত নহয় ।সকলোৰে বিবেকে কাম কৰে ।

বিন্দুঃ সেন্দূৰ আপোনাৰ বাবে নাৰীৰ অলংকাৰ নে দেৱতাৰ নিৰ্মালি নে পুৰুষৰ আয়ুস?

উত্তৰ: মই হাড়ে হিমজুৱে হিন্দু । শিৰৰ সেন্দূৰ নাৰীৰ ভুষণ । সেন্দূৰৰ পৱিত্ৰতাত মই সম্পূৰ্ণ বিশ্বাসী ।

বিন্দুঃ আজিকালি তোলনি বিয়া বহুত উলহ মালহেৰে পালন কৰা হয় য’ত পুৰুষৰ বাবেও দুৱাৰ খোলা থাকে । কিন্তু আমি জানো যে পুৰণি দিনত ই নাৰীৰ আছুতীয়া অনুস্থান আছিল য’ত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল । আপোনাৰ ব্যক্তিগত অভিজ্ঞতা কি এই ক্ষেত্ৰত? বৰ্তমানৰ তোলনি বিয়াৰ উৎসৱমুখিতাক আপুনি সমৰ্থন কৰে নে?

উত্তৰ: এই অনুষ্ঠানত ইমান উলহ মালহ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই । ই এক স্বাভাৱিক প্ৰক্ৰিয়া । ধাৰ কৰি হ’লেও এই বিয়া পতা দেখিছোঁ, কিন্তু চহৰসমূহত পৰিলক্ষিত হোৱা নাই । আমাৰ শৈশৱ শ্বিলং ,আৰু বৰ্ত্তমান গুৱাহাটীত । গতিকে এইবোৰৰ প্ৰভাৱ আমি বৰকৈ পোৱা নাই কিন্তু শুনিছোঁ ।

বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?

উত্তৰ: পুৰুষ আৰু নাৰী দুয়ো দুয়োৰে পৰিপুৰক । এজন পুৰুষে এগৰাকী নাৰীক সন্মান সহকাৰে ৰক্ষণাবেক্ষণ দিয়া, নাৰীৰ সিদ্ধান্তক সন্মান জনাই বিবেচনা কৰা পুৰুষজন প্ৰকৃততে এগৰাকী সন্মানীয় পুৰুষ । মৰমে মৰম দিয়ে, সন্মানে সন্মান দিয়ে ।

বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?

উত্তৰ: অতি সুন্দৰ কথা আৰু গ্ৰহণযোগ্য ।

বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?

উত্তৰ: এইবোৰ আচলতে নিজস্ব কথা । আজিৰ সমাজত ল’ৰা ছোৱালীৰ দায়িত্ব বা আগৰ সমাজৰ দায়িত্ব এনেকুৱা কথাবোৰ জেনেৰেলাইজ কৰিব নোৱাৰি । চীন দেশৰ এটা প্ৰবাদ আছে “ A son is a son till his marriage and a daughter is a daughter till her death” .কিন্তু কিছুমান ঘটনা দেখিলে এই কথাবোৰ সকলোৰে বাবে একে নহয় বুলি ক’বলৈ মন যায়। বৃদ্ধ কালৰ দায়িত্বৰ বাবে ল’ৰা-ছোৱালীৰ পৰা বেছি আশা কৰিলে মানসিক অশান্তিত ভুগিব লাগে, সেয়েহে বৃদ্ধ কালৰ বাবে নিজকে সাজু কৰি কেনেদৰে সুৰক্ষিত ৰাখিব লাগে সেই কথা আচলতে আজি কালি পিতৃ-মাতৃ সকলে বুজি উঠিছে ।

বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধি স্বৰূপ হৈ পৰিছে । সৌ সিদিনা কলিকতাৰ আৰ. জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ঢৌ এতিয়াও মাৰ যোৱা নাই । ধিং কাণ্ডৰো সাক্ষী হৈছোঁ আমি । এনেবোৰ কাৰ্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি?

উত্তৰ: নিজৰ সুৰক্ষা নিজে ল’ব জানিব লাগিব,নিজৰ সন্মান নিজে আনিব জানিব লাগিব। আৰ জে কাণ্ডৰ ওপৰত এই সন্দৰ্ভত এটা প্ৰৱন্ধ দৈনিক অসমত পিচদিনাই বিস্তৃত্ভাৱে লিখিছিলোঁ ।

বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?

উত্তৰ:সময় গতিশীল,পৰিবৰ্ত্তনশীল । আধুনিক আৰু পুৰণি, এই দুটা শব্দ কেতিয়াও পুৰণি নহয় । আধুনিক সদায় আধুনিক হৈ আগুৱাই যায় আজিৰ আধুনিক শব্দটিক পুৰণিৰ সাজ পিন্ধাই থৈ । লিভ ইন টুগেডাৰ হয়তোবা আগতেও আছিল আমাৰ অজ্ঞাতে । আজিৰ যুগ সামাজিক মাধ্যমৰ যুগ, কথাবোৰে বতাহতকৈ বেগাই গতি কৰে আৰু প্ৰচাৰিত হয় ।কেতিয়াবা লিভ ইন টুগেডাৰ কৰিও সেই সম্পৰ্ক স্থায়ী হৈছে কিছুমান বিবাহ বান্ধোনত বান্ধ খায়ো দুমাহতে আতঁৰি আহিছে । এইবোৰ নিজস্ব কথা । ব্যৱস্থা হিচাবে কোনেও স্বীকৃতি দিয়া নাই, হয়তো সময়ৰ সোঁতত একেবাৰে সৰু কথা বুলি গণ্য কৰিব ।

বিন্দুঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?

উত্তৰ: অতি ইতিবাচক পদক্ষেপ । সমাজ সংস্কাৰ এনেদৰেই হয় ।

বিন্দুঃ আজিকালি পুৰুষৰ সমানে নাৰীসকলো জড়িত হৈ পৰা দেখা গৈছে অসামাজিক কাম কাজত । উদাহৰণ স্বৰূপে চুমি বৰাৰ কথা আমি ক’ব পাৰো । নাৰীৰ এই স্খলনৰ কাৰণ আপুনি কি বুলি ভাবে?

উত্তৰ: চুমি বৰা জাতীয় কথাবোৰে মনবোৰ কলুষিত কৰে। এনেবোৰ বাতৰিলৈ একেবাৰে মন কাণ নিদিওঁ ।

বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা?

উত্তৰ: শাহু বোৱাৰীৰ সম্পৰ্ক যদিহে মাক জীয়েকৰ দৰে হয় সেই সম্পৰ্ক সদায় মধুৰ হয় । মৰমে মৰম দিয়ে । মোৰ ব্যক্তিগত অভিজ্ঞতা খুব মধুৰ ।

বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

উত্তৰ: এই ধৰণৰ ঘটনাসমূহত দুয়ো পক্ষৰ কথা নজনকৈ বা নুশুনাকৈ কোনেও বাহিৰৰ পৰা মতামত দিয়াতো মই উচিত বুলি নেভাৱোঁ ।

বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে । কোৱা হয় বহু নিৰূপায় পুৰুষে এডজাষ্ট কৰি লয়, বহু নিৰ্যাতিত পুৰুষে নাৰীৰ এনে পীড়ণক স্বীকাৰ কৰি লয় সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত । আপুনি কি কয়?

উত্তৰ: এডজাষ্ট কৰিয়েই সকলো সম্পৰ্ক চলি থাকে । সমতুলীকৰণে জীৱন সুন্দৰ কৰে,সামান্য ইফাল সিফাল হ’লে সকলোবোৰ ওলট পালট হৈ যাব পাৰে । সেই কাৰণেই চাগে এডজাষ্ট নকৰিলেই নহ’ব । ইয়াৰে আন নাম বুজাবুজি ।

বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে! এই ক্ষেত্ৰত আপোনাৰ অভিমত?

উত্তৰ: আইনে স্বাধীনতা প্ৰদানৰ পাচত ক’বলৈ একোৱেই নাথাকে ।

বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে । ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে ব্যাখ্যা আগবঢ়াব? বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব?

উত্তৰ: ৰাজনীতিত এতিয়া শব্দটো বুলি ক’লে ভুল হ’ব। ৰাজনীতি আনকি ঘৰ বা পৰিয়ালবোৰতো চলে । ৰাজনীতি ৰাইজৰ স্বাৰ্থত চলিলে বা দেশৰ হিতাৰ্থে চলিলে ভাল আৰু সেই ৰাজনীতিয়ে সুফল পায় । ব্যক্তিগত ভাৱে চলিলে সেই ৰাজনীতিয়ে বেয়ালৈ গতি কৰে ।

বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হ’ল । প্ৰথম কামটো আপোনাৰ কি হ’ব?

উত্তৰ: ঔষধ আৰু চিকিৎসা বিনামুলীয়া কৰি দিম । কোনেও বিনা কাৰণত ঔষধ সেৱন নকৰে । চিকিৎসা অবিহনে মৃত্যুক সাৱটি ল’লে বৰ বেয়া লাগে । বাহিৰৰ কিছুমান দেশত অন্যান্য সামগ্ৰীত অধিক কৰ কাটল লগাই কিন্তু চিকিৎসাৰ খৰছ বিনামুলীয়া ।

বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে, যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷

উত্তৰ: কৈছিলোঁ এঠাইত, মন মোৰ বৰ চঞ্চল আছিল। চিনেমাৰ নায়িকা, এয়াৰ হোষ্টেজ, চিকিৎসক যিয়েই দেখোঁ তাকেই হ’বলৈ মন গৈছিল ।কিন্তু যি কৰিলোঁ মানে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কত সেৱা আগবঢ়াই অত্যন্ত সুখী গতিকে কোনো ধৰণৰ ব্যাকুলতা অনুভৱ নকৰোঁ ।

বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?

উত্তৰ: সত্য, নিচামুক্ত আৰু এখন নিৰোগী মানুহৰ পৃথিবী বিচাৰিম ।

বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?

উত্তৰ: নি:সংগতাক সঙ্গী কৰাৰ কথা ভাৱিবই নোৱাৰোঁ ।

বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?

উত্তৰ: এতিয়া যিদৰে জীয়াই আছোঁ,তেনেদৰেই আগুৱাই যাব বিচাৰোঁ ।

বিন্দুঃ এনে দুটা শিক্ষাৰ কথা কওঁক যি দুটাৰ এটা আপুনি পিতৃৰ পৰা পাইছে আৰু আনটো মাতৃৰ পৰা পাইছে, যি দুটা শিক্ষাই আপোনাক আজিৰ তাৰিখতো প্ৰভাৱিত কৰি ৰাখিছে ।

উত্তৰ: দেউতাৰ পৰা নিৰ্ভীকতা আৰু কিতাপ পঢ়াৰ অভ্যাস । মাৰ পৰা এগৰাকী সু গৃহিণী হোৱাৰ ।

বিন্দুঃ প্ৰিয় ফুল?
উত্তৰ: ইন্দ্ৰমালতী
বিন্দুঃ প্ৰিয় মানুহ
উত্তৰ: মানুহজন ।
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
উত্তৰ: অটল বিহাৰী বাজপেয়ী ।

বিন্দুঃ প্ৰিয় ৰং?
উত্তৰ: ৰঙা ।
বিন্দুঃ প্ৰিয় ঠাই?
উত্তৰ: শ্বিলং
বিন্দুঃ প্ৰিয় কিতাপ?
উত্তৰ: কঠিন প্ৰশ্ন, বহু কেইখনৰ নাম মনলৈ আহি যায় ।
বিন্দুঃ ভাল লগা গান?
উত্তৰ: ভূপেন হাজৰিকাৰ সকলো গান ।
বিন্দুঃ প্ৰিয় সাহিত্যিক?
উত্তৰ: কুমাৰ কিশোৰ ।
বিন্দুঃ প্ৰিয় ব্যঞ্জন?
উত্তৰ:চিকেন চাউ মিন ।
বিন্দুঃ প্ৰিয় সময়?
উত্তৰ: শৰৎকাল ।
বিন্দুঃ আজৰি সময়ৰ কাম?
উত্তৰ: ঘৰ সজাই আৰু ৰান্ধি আনক খুৱাবলৈ বৰ ভাল পাওঁ ।

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছোঁ

উত্তৰ: ধন্যবাদ । আকৌ কেতিয়াবা কথাপতাৰ আশা ৰাখিলোঁ আৰু “বিন্দু”ৱে সকলোৰে মৰম বুটলি লওঁক তাৰে কামনা কৰিলোঁ।

 

বিন্দুৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে ৰাতুল দাস শৰণীয়াই

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *