জুবিন গাৰ্গৰ বিষয়ে কিছু নজনা কথা

জুবিন গাৰ্গৰ বিষয়ে কিছু নজনা কথা

‘ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজো, মই চিৰদিন চিৰন্তন, আকাশ চুব খোজো..!’ এয়াই ৫১ টা বসন্ত গৰকা জুবিন গাৰ্গ নামৰ শিল্পীজনৰ জীৱনৰ ব্ৰত৷ এই পণ লৈয়ে তেওঁ আগবাঢ়িছে, ১৯৯২ চনত তেঁও খোজ পেলাইছিল সংগীতৰ ক্ষেত্ৰখনত৷ অসমীয়া সংগীত জগতত জুবিন গাৰ্গ নামৰ এনে এটা কণ্ঠৰ আৱিৰ্ভাব হৈছিল যি কণ্ঠই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা, পৰিভাষা, সকলো ধাৰণা৷ জুবিন গাৰ্গ, প্ৰতিজন অসমীয়াৰেই বুকুত শিপাই থকা এক সুৰীয়া সত্ত্বা৷ যোৱা ১৮ নবেম্বৰৰ দিনা শিল্পীগৰাকীয়ে ৫১ বছৰত ভৰি থ’লে৷ এই লেখাত তেওঁৰ বিষয়ে বহুতেই নজনা কিছু কথা উল্লেখ কৰিব বিচৰা হৈছে৷
ৰ] জুবিন গাৰ্গৰ জন্ম অসমত নহয়৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত৷ জুবিন গাৰ্গৰ প্ৰকৃত উপাধি বৰঠাকুৰ যদিও তেওঁৰ নিজৰ নামৰ পিছত গোত্ৰ গাৰ্গ লিখে৷
২] জুবিন গাৰ্গ নামটো নামাকৰণ কৰা হৈছিল দেশৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন মেহতাৰ নামেৰে৷
৩] কণ্ঠশিল্পী হোৱাতকৈ বাদ্যসংগত কৰাৰহে এদিন সপোন দেখিছিল জুবিন গাৰ্গে৷
চ্ছ্ৰ] ১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল৷ অসমৰ আকাশে বতাহে মুখৰিত হৈ পৰিল জুবিনৰ ‘অনামিকা’৷ বিয়পি পৰিল জুবিন নামৰ ক্ষীণকায় উন্মাদ ল’ৰাজনৰ কণ্ঠৰ যাদু৷ যি কণ্ঠই ক্ৰমান্বয়ে একঘেয়ামী হৈ পৰা অসমীয়া সংগীতৰ জগতখনৰপৰা পলায়ন কৰা অসমীয়া মানুহক পুনৰ বাধ্য কৰালে অসমীয়া গান শুনিবলৈ৷
প্ত] অসমীয়া গীত শুনিবলৈ এটা সময়ত মানুহে প্ৰায় এৰি দিছিল৷ আৰু তেতিয়াই জিতুল সোণোৱালে সৃষ্টি কৰিছিল অসমীয়া সংগীতৰ এক নতুন ধাৰা৷ আৰু এই ধাৰাক অধিক মনোগ্ৰাহী কৰি তুলিলে জুবিন গাৰ্গে৷
৬] মায়া মাথোঁ মায়া… জুবিনৰ কণ্ঠতেই আছে অনামী মায়া৷ যি মায়াৰে তেওঁ মুগ্ধ কৰিলে হাজাৰ হাজাৰ অসমীয়াৰ হৃদয়, যি মায়াই হৰণ কৰিলে ষোড়শী গাভৰুৰ প্ৰাণ৷ কি ডেকা কি বুঢ়া, জুবিনৰ মায়াত হেৰাই গ’ল সকলো৷
জ্জ] জুবিনৰ সন্মোহনে এনেদৰে শিপালে যে সেইসময়ৰ ইংৰাজী মাধ্যমৰ ল’ৰা-ছোৱালীয়েও অসমীয়া ভাষাটো শিকিবলৈ চেষ্টা কৰিলে, জুবিনৰ গানৰ অৰ্থ বুজিবলৈকে হেনো তেওঁলোকে ভাষাটো ভালদৰে আয়ত্ব কৰিব বিচাৰে!
জ্জ্ব] জনপ্ৰিয়তাৰ সকলো পাৰ ভাঙিলে জুবিনে৷ জনপ্ৰিয়তাই এনে পৰ্যায় পালেগৈ যে দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা জুবিনৰ প্ৰিয় ভগ্নীৰ চিতাৰ জুইৰ ওচৰতো তেওঁৰ একাংশ অনুৰাগীয়ে অট’গ্ৰাফ বিচাৰি হেতা-ওপৰা লগোৱা হ’ল৷ এজন শিল্পী ইমানো জনপ্ৰিয় হ’ব পাৰেনে! আচৰিত লাগে ভাবিলে৷
জ্ঝ] ২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা৷ খাঁছি চুটি ছবি ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা৷
১০] তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা৷
ৰৰ] ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘মন যায়’ত জুবিন গাৰ্গে কৰা অনবদ্য অভিনয় আজিও অসমীয়া দৰ্শকৰ মনত সজীৱ হৈ আছে৷ জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২ খন ছবিত কৰিছে অভিনয়৷
১২] কেৱল অসমীয়া ছবিয়েই নহয়, বেংগলী ছবি উদ্যোগতো জুবিন গাৰ্গ এটা অতি চিনাকী নাম৷
১৩] ইফালে বলীউডতো সফল জুবিন গাৰ্গ৷ গেংষ্টাৰ ছবিৰ য়া-লী, ক্ৰীছ ছবিৰ ‘দিল টু হি বাতা’ আজিও সকলোৰে মুখে মুখে৷
১৪] মুনীন বৰুৱাৰ হিয়া দিয়া নিয়া শ্চ[২০০০]গ্গছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটোক বহুখিনি সহায় কৰিছিল৷
১৫] জুবিন গাৰ্গে বৰ্তমানলৈকে প্ৰায় চল্লিশখনৰো অধিক অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছে৷
১৬] প্ৰতি খোজত জুবিনৰ ছাঁৰ দৰে লাগি ফুৰা মৰমৰ ভগ্নী জংকীৰ অকাল মৃত্যুত বোবা হৈ যোৱা, মৃত্যুৰ এসপ্তাহৰ পিছত মাজৰাতি শ্মশানলৈ গৈ উচুপি উঠা জুবিনক আজিও খেদি ফুৰে জংকীৰ স্মৃতিয়ে৷ তথাপি থমকি ৰোৱা নাই জুবিন৷
১৭] জুবিন গাৰ্গৰ নিজস্ব সৃষ্টিৰাজিৰ এক সুকীয়া পৰিচয় আছে৷ বহুক্ষেত্ৰত গীতৰ কথা, সুৰ শুনিলেই বুজিব পাৰি যে গীতটো জুবিন গাৰ্গৰ নিজস্ব সৃষ্টি৷ গীতবোৰত বিশেষকৈ নিঃসংগতা, বিষন্নতা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনুভৱবোৰক প্ৰতিফলিত কৰা দেখা যায়৷
১৮] জুবিন গাৰ্গ সকলো বাদ্যযন্ত্ৰতেই সিদ্ধহস্ত৷ যাৰ বাবে জুবিন গাৰ্গৰ নিজা সৃষ্টিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়৷ তবলাত বিশাৰদ তথা সকলোধৰণৰ ‘percussion instrument’ত সিদ্ধহস্ত জুবিন গাৰ্গৰ গানবোৰত বিশেষকৈ Rhythm sectionতো মন কৰিবলীয়া৷
১৯] জুবিন গাৰ্গৰ নিজস্ব সৃষ্টিবোৰত কথা-সুৰৰ উপৰিও গীতবোৰৰ ‘চাউণ্ড ডিজাইন’ আৰু সংগীত ব্যৱস্থাপনাৰ দিশবোৰো মন কৰিবলগীয়া৷ জুবিন গাৰ্গৰ গীতত সময়ৰ লগত প্ৰয়োজন হোৱাকৈ যিখিনি বাদ্যযন্ত্ৰৰ প্ৰয়োজন সেইখিনিহে ব্যৱহাৰ কৰা দেখা যায়৷
২০] জুবিন গাৰ্গৰ পিতৃৰ নাম- মোহিনী মোহন বৰঠাকুৰ৷ মাতৃৰ নাম- ইলি বৰঠাকুৰ৷ ভগ্নীৰ নাম- জংকি বৰঠাকুৰ, পামী বৰঠাকুৰ৷
২১] বঙালী চিনেমা “শুধু তুমি”ৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল৷
২২] হিন্দীৰ ‘য়া আলি’ শীৰ্ষক গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা [পুৰুষ] লাভ কৰিছে৷
২৩] জুবিন এক অনুষ্ঠান৷ অসমৰ এনে এটা হয়তো চুক নাই য’ত এই অনুষ্ঠানটোৰ প্ৰভাৱ নাই৷ কি কৰা নাই এই অনুষ্ঠানে৷ এইডছ ৰোগীৰ বাবে কাম কৰিছে, কেন্সাৰ ৰোগীৰ বাবে কাম কৰিছে, শিল্পীৰ সহায়ৰ বাবে শিল্পী ন্যাস মুকলি কৰিছে, কি বানপানী, কি গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা, সকলোতে দৌৰি ফুৰিছে জুবিন৷
২৪] আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়৷
২৫] জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ৷ জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল৷
চ্ছ] জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে৷ জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল৷
২৭] দুৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত ভগ্নী জংকীৰ মৃত্যু হয়৷ ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে৷
২৮] ২০০২ চনৰ চ্ছ্ৰ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷
২৯] গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল৷ তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল৷
৩০] জুবিনে তামুলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল৷ পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য’ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল৷
৩১] সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, জুবিনৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল৷
৩২] ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট৷
৩৩] ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ৷
৩৪] নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচ্ছিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে৷
৩৫] বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে৷
৩৬] যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ জ্ঝ,০০০-তকৈ অধিক গীত গাইছে৷
৩৭] ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্ছিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়৷
৩৮] ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্ছিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল৷ ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্ছিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল৷
৩৯] তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ’ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি৷
৪০] জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে৷ গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি মঞ্চত কৰা কেতবোৰ কাণ্ডৰ বাবে বাবে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে৷
৪১] ২০১১ চনৰ জ্ঝ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ড॰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল৷সেই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জী, মূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল৷ জুবিনৰ সেই পোছাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল৷
৪২] ২০১৩ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে৷ কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান “য়া আলী” পৰিবেশন কৰে৷
৪৩] জুবিনে কণ্ঠদান কৰা কেছেট, চিডিৰ সংখ্যা প্ৰায় ২৫০০৷ কণ্ঠদান কৰা গীত প্ৰায় ১৮ হাজাৰ৷
৪৪] জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া ছবিকেইখন– হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ, দাগ, নায়ক, প্ৰেম আৰু প্ৰেম, কন্যাদান, জীৱন নদীৰ দুটি পাৰ, জোনাকী মন, বিধাতা, প্ৰিয়া মিলন, অগ্নিসাক্ষী, জুমন সুমন, বাৰুদ, অধিনায়ক, আমি অসমীয়া, দীনবন্ধু, ৰং, মন যায়, ৰ’দৰ চিঠি, গানে কি আনে, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয়, দা আণ্ডাৰৱল্ডৰ্…
৪৫] জুবিন গাৰ্গে ১৯৯৭ চনত গোৱা কেইটামান গান- নক’বা নক’বা মোক, কঁকাল খামুচীয়া, শব্দ, কোনোবাই ৰিঙিয়াই, এতিয়া জোনাকে… আদি৷
৪৬] জুবিন গাৰ্গে ২০০১ চনত গোৱা কেইটামান গান- মায়াৱিনী ৰাতিৰ বুকুত, দাগ মোৰ বুকুতে, লাহে লাহে, নায়ক হ’ব খুজি.. আদি৷
৪৭] অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে৷
৪৮] অসমৰ সমানেই বাংলাদেশ, ঢাকাতো জনপ্ৰিয় জুবিন গাৰ্গ৷
৪৯] মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে জ্জ্ব-১০লাখ টকা লয় জুবিন গাৰ্গে৷
৫০] জুবিনৰ ফেচবুক একাউKI×ত আছে ১২ লাখৰো অধিক অনুৰাগী৷ কিন্তু জুবিনে অনুসৰণ কৰে মাত্ৰ ২৪ গৰাকী ব্যক্তিক৷ এই ২৪ ব্যক্তিৰ ভিতৰত পোনতেই আছে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ৷
৫১] জুবিনৰ সাহসতেই বহুতো নবীন শিল্পীয়ে মুম্বাইৰ সংগীতৰ পথাৰত সৱল খোজ দিছে৷ জুবিন যেন এজোপা বিশাল বটবৃক্ষ৷ যাৰ ছাঁত যেন জীৰায় সকলোৱে৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *