নতুন বছৰৰ চিন্তা

নতুন বছৰৰ চিন্তা

মালবিকা চৌধুৰী

এতিয়া ব’হাগ বিহুৰ বতৰ। ব’হাগক আদৰিবলৈ প্ৰকৃতিয়ে ন ৰূপত চৌদিশ সজাই তুলিছে। এইয়া প্ৰকৃতিৰ নিয়মৰ তাগিদা। বিজ্ঞানে নিয়ন্ত্ৰিত কৰিব নোৱাৰা প্ৰকৃতি । সময়সূচী অনুযায়ী প্ৰকৃতিয়ে ৰূপ সলাই নিজৰ অৱদান দি যায়, সময় মতে  লৈ যায় , এনেদৰে ভাৰসাম্যতা বজাই ৰাখে। প্ৰকৃতি আমাৰ অনিয়ন্ত্ৰিত , সেইবাবেই প্ৰকৃতিৰ বাচ বিচাৰ নাই, সকলোৰে বাবে ৰূপ একে। এই সময়ত  প্ৰকৃতিয়ে ব’হাগৰ বাবে ৰূপ সলাইছে। চাৰিওফালে কেৱল সেউজীয়া। সকলোতে ফলে ফুলে জাতিস্কাৰ । প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত আমাৰ  মনবোৰো অজানিতে পুলকিত হৈ পৰে। এইয়া স্বাভাৱিক কাৰণ   এই সময়তে অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহু পালন কৰা হয়। এনেহেন বিহুৰ বতৰত   আকৌ লোকসভাৰ নিৰ্বাচন। এনেও  নিৰ্বাচনৰ সময়ত আমাৰ অনেক গৃহিনীৰ মনবোৰ আশাৰে ভৰি পৰে। প্ৰতি দিনেই দৌৰা দৌৰি। বিভিন্ন হিতাধিকাৰী আঁচনিৰ বাবে হাতত কাগজ লৈ কিমান দৌৰা দৌৰি। এহাতে বিভিন্ন দলৰ  ৰাজনীতিক নেতাসকলৰ হৰা জিকাৰ প্ৰতিযোগিতা । সেইবাবে  চৌপাশ দুগুণ উদুলি মুদুলি। দলীয় স্বাৰ্থত সাধাৰণ ৰাইজ বিভ্ৰান্ত। সমানে চৰকাৰৰ উনন্য়ণৰ তাগিদাত গুৱাহাটীৰ নিতৌ নতুন ৰূপ। চাৰিওফালে  নিৰ্মাণ কাৰ্য অবিৰত ভাৱে চলি আছে। ক’ৰবাত ফউৰ লাইন, ক’ৰবাত সৌন্ধৰ্য্য বৰ্ধন , ক’ৰবাত মডেল ভিলেইজ, মডেল ৱাৰ্ড, মুঠতে এইহেন উৎসৱময় পৰিবেশত  দিক বিদিক হেৰাই যোৱাৰ উপক্ৰম সাধাৰণ শ্ৰেণীৰ।

পথবোৰ সুগমৰ ব্যৱস্থা, আনহাতে ৰাইজৰ  যাতায়ত দুৰ্গম হোৱাৰ চিন্তা।

সময়ে সলনি কৰি পেলাইছে অনেক। জনসাধাৰণৰ বাবে আকস্মিক ব্যৱস্থা । হঠাতে

আদাবাৰী , মালিগাওঁ হৈ শান্তিপুৰলৈ চিটি বাছেৰে

অহা- যোৱা পথটোৰ শান্তিপুৰ , ভৰলুমুখৰ যাত্ৰী ভূতনাথতে বাচ ৰখাই নমাই দিয়াৰ ব্যৱস্থা । অনেক যাত্ৰীৰ বাবে আকস্মিক ব্যৱস্থা কিন্তু অভ্যস্ত নোহোৱালৈকে বহু কষ্টকৰ। এনে কিছুমান যাত্ৰী আহে, যিয়েই নেকি কেৱল যিটো স্টপেজত নামিব সেইটোৱেই চিনি পায়। নামিব লগা হয় আধাবাটতে, কোনোবা অচিনাকী স্টপেজত । তাৰোপৰি চিটি বাছত অহা যোৱা অনেক যাত্ৰী আছে যাৰ হাতত কেৱল বাচৰ অহা যোৱা খৰচটোৰ বাহিৰে এক পইছাও নাথাকে। হাতত থাকে একেটা গধুৰ বেগ । এনেধৰণেৰে অনেক সমস্যাৰ বলী হৈ আছে অনেক নাগৰিক। আমাৰ সমাজত সকলো শ্ৰেণীৰে নাগৰিক আছে। সেইবাবে

কাৰোবাৰ বাবে পথবোৰ দুৰ্গম হৈ যদি সমস্যা বাঢ়িছে আনহাতে গাড়ীৰে নদীৰ কাষে কাষে নতুন ব্ৰীজ পাৰ হৈ , অপৰূপ নান্দনিক  দৃশ্যও উপভোগ্য হৈছে। এনেদৰেই সময়ে সময়ে পৰিবৰ্তনৰ জোৱাৰত অনেকে জীয়াতু ভুগিবলগীয়া হয়। অৱশ্যে এই পৰিবৰ্তন আমাৰ সমূহীয়া স্বাৰ্থত ।

অনতি পলমে নতুন পথৰেই মানুহ অভ্যস্ত হব । সময়ে সকলোৰে সমাধান দিয়ে ।

আমি সৰু থাকোতে যাদু চাই কেনেদৰে শিহৰিত হৈছিলোঁ । ছোৱালী এজনীক বাকচ এটাত সোমাই সোমাজতে দা এখনেৰে ঘপিয়াই দিয়ে যতে ততে। আমি ভয়তে চকু মুদি দিওঁ , পিছ মূহুৰ্ততে হাহিঁ মাৰি ছোৱালীজনী ওলাই আহে ।

এতিয়া সেই যাদুকৰজন  আমি নিজেই । ক্ৰমান্বয়ে আমি নিতৌ নতুন পৰিবৰ্তনৰ সতে আমাৰ জীৱনটোক আগুৱাই লৈ গৈছো টিভিৰ পৰা মোবাইলৰ স্ক্ৰীন , মানি অৰ্ডাৰৰ পৰা ফোন পে, কত কিমান নতুন প্ৰযুক্তি । প্ৰযুক্তিয়ে যদি মানুহ জন্ম কৰাব পাৰিছে, মৃত্যুকো পৰাজয় কৰিছে। ক্ৰমান্বয়ে পৰিবৰ্তনৰ জোৱাৰ দ্ৰুত গতিত আগবাঢ়িবলৈ লৈছে । যুগ  সলনিৰ সময় এইয়া। আমি  অগ্ৰহৰ হৈছো ডিজিটেল যুগলৈ ।

ঘৰত বহিয়েই কেৱল মোবাইলটোতে বহি একোজন মানুহে বছৰ বছৰ দিন ঘৰৰ পৰা চলি থাকিব পাৰে । আৰ্থি ক উপাৰ্জনৰ পৰা শিক্ষা গ্ৰহণলৈকে।

জন্ম ,বিবাহ , মৃত্যু এটা সময়ত আমি বিধাতাৰ লিখন বুলি কোৱা গৈছিল ক্ৰমান্বয়ে মানুহৰ নিয়ন্ত্ৰণলৈ আহিছে সকলো ।

এসময়ৰ  আমাৰ আকাশত চাং পতা বুলি কোৱা  সপোনবোৰ দিঠক হবলৈ লৈছে। এটা সময়ৰ যাদু মন্ত্ৰৰে  আমাক চমক দেখুৱাবোৰ  আমি নিজেই কম্পিউটাৰ ক্লিক কৰি, মেবাইলৰ বোতম টিপি কৰি পেলাব পৰা হলোগৈ। এতিয়া বিজ্ঞানে কেৱল  মানুহৰ জীৱন শৈলীকে সাঙুৰি লোৱা নাই , আমাৰ মন মগজুও বিজ্ঞানে নিয়ন্ত্ৰিত কৰি পেলাইছে।

কম্পিউটাৰৰ সতে মানুহৰ মগজু সংযোজন হৈছে। আমাৰ মগজুৰ নিৰ্দেশ কম্পিউটাৰে প্ৰতক্ষভাৱে গ্ৰহণ  কৰি কাম কৰে।

২০১৪ বৰ্ষৰ ব্ৰাজিল বিশ্বকাপৰ বিশেষত্ব আছিল,   বিশ্বকাপৰ প্ৰথম ‘কিক’টো মাৰিছিল জুলিয়ানো পিন্টো নামৰ এজন পক্ষাঘাত ৰোগীয়ে। কঁকালৰ পৰা তলৰ অংশ সম্পুৰ্ণভাৱে অক্ষম যুৱকজনক এযোৰ ৰবটিক সাজ পিন্ধোৱা হৈছিল। সেই সাজযোৰ ডাক্তৰ মিণ্ডৱেল নিক’লেলিছ নামৰ এজন স্নায়ুৰোগ বিশেষজ্ঞৰ নেতৃত্বত এটা ১৫০ জনীয়া গৱেষণাৰ দলে তৈয়াৰ কৰিছিল । ৰবটিক সাজযোৰক জুলিয়ানৰ মগজুৰ স্নায়ুবোৰৰ লগত সংযোগ কৰি দিয়া হৈছিল। জুলিয়ানোৰ মগজুৱে কিক কৰিবলৈ পঠিওৱা সংকেত ৰবটিক পোছাকযোৰে গ্ৰহণ কৰি ফুটবলটোত গুৰিয়াবলৈ সক্ষম হৈছিল।

তাতোকৈ চমৎকাৰ হবলৈ আমি গৈ আছো। নিউৰলিংক নামৰ কোম্পানী এটাই আজি কিছু বছৰ ধৰি  কম্পিউটাৰৰ সতে মগজুক এনেদৰে সংযোজন কৰিবলৈ দ্ৰুত প্ৰচেষ্টা চলাই আছে তাৰ ফলত আমি হাত ভৰি সঞ্চালন নকৰাকৈয়ে কেৱল চিন্তা কৰিলেই সকলো কৰিবলৈ সক্ষম হম বুলি আশা কৰা হৈছে ।

এই  পৰিবৰ্তনও হয়তো আমি শীঘ্ৰেই দেখা পাবলৈ সক্ষম হম।

বিশ্ববাসী ইমান দ্ৰুত ভাৱে আগবাঢ়ি যোৱাৰ সময়ত আমিও আমাক পৰিবৰ্তনৰ সতে আগবঢ়াৰ বাবে প্ৰস্তুত হবৰ সময় সমাগত।  এনেধৰণৰ টেকনলজি উপভোগ কৰিব পৰাকৈ আমি ভাবি চাব লাগিব, আমাৰ চিন্তাৰ পৰিসৰ কিমান? আমাৰ মানসিকতা কিমান উন্নত ? আমাৰ দেশৰ সকলো নাগৰিকেই সমানেই শিক্ষিত হৈ উঠিবগৈ নে? নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ব্যৱহৃত অনেক নাগৰিক এতিয়াও পৰমুখাপেক্ষী হৈয়ে নিজৰ নিজৰ জীৱন আগবঢ়াই লৈ গৈছে। এখন আচনিৰ অলপ ধনৰ বাবেই নিজৰ কাম বন এৰি পেলাইছে। আজিকালি কোনো কোনো ৰাজনীতিক নেতাৰ  বিজ্ঞাপনতো  ছাত্ৰ-ছাত্ৰীসকলক  ৰাজনীতিৰ ঢোল বজাবলৈ দিয়া হৈছে। এনেবোৰ কিন্তু ক্ষতিকাৰক ছাত্ৰৰ উত্তৰণৰ দিশত। উন্নত প্ৰযুক্তি বিদ্যা আৰু বিজ্ঞানৰ চমৎকাৰ আৱিস্কাৰৰ মাজত  আমাৰ পৰমুখাপেক্ষী মন মগজুৰ চিন্তাধাৰাৰে আৱৰি ৰখা সমাজখনক  কলৈ লৈ যাব সেয়া চিন্তা কৰিবলগীয়া বিষয়।

নিৰ্বাচনৰ আগে পিছে দৃষ্টিকটু হৈ পৰা ভোটবেংকাৰসকল আৰু কিমান দিনলৈ নিজৰ মন মগজুক আনৰ হাতত বন্ধকত ৰাখিব? প্ৰকৃতিয়ে এতিয়াও ভাৰসাম্যতা অনুসৰণ কৰে বাবে আমি কেতিয়াও প্ৰকৃতিৰ পৰা বঞ্চিত হোৱা নাই। কিন্তু বিৱেকমান শ্ৰেষ্ঠ মানুহ হৈয়ো বিৱেকহীন জীৱ আমি। ভাৰসাম্যতা অবিহনে সঠিক মাপকাঠি যিদৰে পোৱা নাযায় সেইদৰে সৰলীকৰণ কৰিব  পৰা কৈ আমি নিজেই নিজক উপযুক্ত  কৰি তুলিব লাগিব। সুস্থ চিন্তা, নিজৰ আদৰ্শ , অধিকাৰ আদিৰ বিষয়ে সজাগ হব পৰাকৈ নিজক সৱলীকৰণ নকৰাকৈ বিজ্ঞানৰ নৱ নৱ উদ্ভাৱনেৰে  বিজ্ঞান যে আমাৰ অভিশাপ সদৃশ হবগৈ সেয়া খাটাং।

নতুন বছৰক  আদৰাৰ সময়ত মনবোৰকো প্ৰগতিৰ পথেৰে আগুৱাই নিবলৈ নিজৰ শক্তিৰে   চিন্তা কৰি নিজক সৱল কৰি তোলক  তাকেই কামনা কৰিলোঁ ।

নতুন বছৰৰ চিন্তা।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *