ওভতি চোৱাৰ পৰত…

ওভতি চোৱাৰ পৰত…

বিদায় ল’ব বছৰটোৱে৷ ২০২৩ ৰ ঠাইত ২০২৪ লিখিবলৈ কেইদিনমান অলপ খোকোজা লাগিব, প্ৰথম স্বাক্ষৰটো মৰাৰ সময়ত অনেক কথাই ভবা যাব, প্ৰতিশ্ৰুতি লোৱা যাব৷ অনেক প্ৰত্যাশা, পৰিকল্পনা কৰা থাকে প্ৰতিটো বছৰৰ বাবে৷ কৰ্মজীৱনৰ, শিক্ষা জীৱনৰ, সামাজিক জীৱনৰ, ঘৰুৱা জীৱনৰ সকলোতে বছৰটো সোমোৱাৰ লগে লগে সেয়েহে মনবোৰত হিচাপ- নিকাচবোৰ বৰকৈ আহে৷ দৈনন্দিন জীৱনত একে যেনেই লাগিলেও বছৰটো যোৱা মানে কিন্তু খুবেই ডাঙৰ হিচাপ৷ দিনবোৰ একেই, অনুভৱ নহয়; কিন্তু ক্ৰমান্বয়ে দিনবোৰ পাৰ হোৱাৰ পিছতেই স্বাক্ষৰটোত চনটোৰ খোকোজা নলগা হৈ অহাৰ লগে লগে কাম কৰাৰ প্ৰতিশ্ৰুতিবোৰৰ জোৰবোৰো দুৰ্বল হৈ আহে৷ এনেদৰে বছৰটোৰ শেষ মাহৰ দিনবোৰত বিফলতাৰ, প্ৰতাৰণাৰ, নোপোৱাৰ ক্ষোভবোৰ জমা হৈ হৈ হঠাত সাৰ পাই উঠে৷ বছৰটো পাৰ হ’ল অথচ একোৱে কৰা নহ’ল বুলি কম এটা ছটফটনি আৰম্ভ হয় নে?

এইবাৰ জীৱনে শিকালে নে সঁচাকৈয়ে সুখী অনুভৱ কৰিব পৰা কিছু কাম কৰিলোঁ নাজানো; কিন্তু ২০২৩ আমাৰ বাবে এটা সচাকৈয়ে শুভ বৰ্ষ আছিল যেন বোধ হৈছে৷ সময়বোৰ গ’ল বুলি ধৰফৰণি অলপ কমকৈ উঠিছে৷ সময়বোৰৰ লগত কৰ্মৰ সংখ্যাবোৰ যোগ হৈছে৷ দুখন সজাগতামূলক চুটি ছবি, আন দুখনৰ শ্বুটিং সমাপ্ত, এখনে পুৰস্কাৰ পালে, বিন্দু প্ৰকাশন গোষ্ঠীয়ে আন এখন শ্ৰেষ্ঠ উপন্যাস প্ৰকাশ কৰিলে, আমাৰো এখন শিশু উপন্যাস সংযোজিত কৰিলো৷ বহুত আধৰুৱা কাম কৰি থকা হৈছে, সেয়ে বৰ্ষটোক সুন্দৰ-সফল কৰি তোলাৰ বাবে নেদেখাজনক ধন্যবাদ জনালোঁ৷
বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত সৰ্বশিক্ষা মিছন অসমৰ উদ্যোগত আৰু শিশু সুৰক্ষা আয়োগৰ উদ্যোগত আমি বিন্দু স্মাৰ্টৰ পৰা মৰিগাঁওৰ লাহৰীঘাট গাঁওলৈ এখনি কৰ্মশালাৰ আয়োজন কৰিছিলোঁ৷ লাহৰীঘাটৰ ওচৰৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষকসকলক লগ পালো, বহু অভিভাৱকৰ লগত চিনাকী হোৱাৰ সুযোগ পালো, তেওঁলোকৰ পৰা জানিব পাৰিলো, গাঁওবোৰৰ বহুত শিশু অভিভাৱকৰ ভুলৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হৈছে৷ ইয়াৰ মূল কাৰণ পৰিকল্পনা নোহোৱাকৈ জধে মধে বিয়া পাতি, বিয়া ভাগি হোৱা পতি-পত্নীৰ বিচ্ছেদ৷ বহু দম্পত্তিৰ দৈনন্দিন কাজিয়া পেচালৰ বাবে সন্তানবোৰে পৰিয়ালত স্বাভাৱিক পৰিবেশ নাপায়৷ বহু শিশু মাক দেউতাক থকাৰ পিছতো ঘৰ একোখনত প্ৰাপ্য মৰম, যত্নৰ পৰা বঞ্চিত হয়৷ এয়া কেৱল লাহৰীঘাটৰ শিশুৱেই নে? আমাৰ আশে পাশে অনেক শিশু ঘূৰি ফুৰে, স্কুলত পঢ়ে তেওঁলোকে, কিন্তু সদায় তেওঁলোকৰ জন্ম কোলাখন অভিশপ্ত৷ জন্ম পৰিচয়ৰ বাবে অনাদৃত, অৱহেলিত৷ সিহঁতে বসবাস কৰা ঠাইবোৰ বিশেষভাৱে চিহ্নিত৷ স্বয়ং সংবিধান প্ৰণেতাই অসমতাৰ বেদনা বুজিছিল বাবে সংবিধানত অসমতাক প্ৰাধান্য দিছিল সঁচা; কিন্তু আমাৰ মাজত অসমতা এতিয়াও বিৰাজমান৷ এলেকা অনুযায়ী পোৱা পৰিবেশত ডাঙৰ হোৱা বাবে শিশুবোৰৰ মন মগজু, চিন্তা চৰ্চাবোৰ সচৰাচৰ আমাৰ পৰিবেশৰ শিশুতকৈ বেলেগ হয়; কিন্তু শিশু মন কুমলীয়া৷ ভাল সাজত ভাঁজ দিলে ভাঁজ খোৱা বিধৰ৷ কিন্তু সিহঁতৰ অভিভাৱকৰ মানসিকতা সলনি কৰাটো সহজ নহয়৷ এনে অশৈক্ষিক পৰিবেশবোৰৰ মাজত জীৱন ধাৰণৰ শৈলী, অধিকাৰ, আইন সম্পৰ্কীয় জ্ঞান আদিৰ সজাগতাৰ অতি প্ৰয়োজন৷ আমাৰ সৰু প্ৰয়াসৰ পিছত কেইবাটাও শিশুৰ ভিতৰত চাৰিটা শিশুক বাট দেখুৱাই নিয়াৰ সুযোগ পাইছো৷ সেইবাবে চাৰিটা শিশুক অলপ বিশেষভাৱে সময় দিবলৈ চিন্তা কৰা হৈছে৷

ক্লাছ চেভেনতে নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে পৰিয়ালে স্কুল এৰুৱাই দিয়া এগৰাকী ছাত্ৰীক এই বৰ্ষতে অসমীয়া শিকাই এতিয়া অসমীয়া মিডিয়ামত অহা বৰ্ষত ভৰ্তি কৰাবলৈ চিন্তা কৰা হৈছে৷ কৃতজ্ঞ তাই৷ এইবাৰৰ শিশু অনুষ্ঠানত তাই অংশ ল’বলৈ সাহস নকৰিলে, ময়ো গুৰুত্ব নিদিলো, কাৰণ জোৰ জৱৰদস্তি নহয়, মনৰ পৰা ইচ্ছা কৰক, এই ভাৱটো গঢ়িবলৈ চেষ্টা কৰিছিলো৷ পিছদিনা তাই কৈছেহি এইবাৰ হেনো কিবা অনুষ্ঠান হ’লে তাই অংশ ল’ব৷ আগতে হেনো তাইৰ এনেকুৱা অনুষ্ঠান দেখিলে ভয় লাগিছিল, এইবাৰ হেনো বুজিছে সবেই একে৷ সিহঁতৰ সপোনবোৰ পাহ মেলিবলৈ লৈছে৷ মানুহৰ লগত মিলা মিচা কৰিবলৈ থকা সংকোচবোৰ কিছু কমি আহিছে৷ ক’ব নোৱাৰাকৈয়ে এনেকৈয়ে সিহঁতৰ মনত থকা ডাঙৰ মানুহ, সৰু মানুহ, ধনী মানুহ দুখীয়া মানুহৰ ৰেখাডাল অস্পষ্ট কৰিব লাগিব৷ গুৰুত্বপূৰ্ণ কথা হ’ল, চাৰিজন ছাত্ৰৰ এজনে মোক সুধিলে– ‘বাইদো, আপোনাক ফিজ কি দিব লাগিব?’

মই ক’লো– তোমালোকে ভালকৈ পঢ়া, সেয়াই মোৰ ফিজ হ’ব৷

আনজনে টপৰাই ক’লে– ‘মই পঢ়ি ডাঙৰ হ’লে বাইদোক এটা চাকৰি দিম৷’

ফিজৰ কথা সোধাজনে ক’লে– ‘আমি চাকৰি কেনেকে দিম, আমি পঢ়ি চাকৰি কৰি ডাঙৰ মানুহ হ’লেই বাইদোক একো দিব নালাগে৷’
মন ভৰি যোৱা কথা নহয় নে? ইয়াতকৈ আৰু বেলেগ কিবা লাগে জানো? ছাত্ৰজন দ্বিতীয় শ্ৰেণীৰ৷ মই তাক দেউতাকৰ নাম লিখিবলৈ কলো সি ক’লে, নামটো জানো; কিন্তু লিখিব শিকা নাই৷ আনজনে ক’লে– ‘বাইদো তাৰ দৌতাকক সি দেখাই নাই, সি পেটত থাকোতেই পলাই গৈছে৷’ মই তালৈ চাব নোৱাৰিলো৷ নামটো লিখিবলৈ শিকাই দিলো৷ আন এজন ক্লাছ নাইনত স্কুল এৰা ল’ৰাৰ কথা মনত পৰিল৷ দুবছৰৰ আগৰ শিশু দিৱসৰ দিনা জুবিনৰ গানটো দুজনমানে নচাৰ পিছত মই এনেয়ে সুধিছিলো– ‘তোমালোকে কোনে কিমান মাক ভাল পোৱা?’ তাক দেখুৱাই আনজনে কৈছিল– ‘ই মাকক বেয়া পায় তাৰ মাকে বেলেগ মতাৰ লগত পলাই গৈছে৷’

মই কি ক’ম৷ দেখিছিলো সি কান্দিছে৷ ময়ো কান্দিছিলো৷ স্কুল বাদ দিয়াৰ পিছত তাক মই বহু চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো৷ মোক দেখিলে পঢ়াৰ কথা ক’ম বুলি আঁতৰি যায়৷ এদিন মুখামুখী হওতে ক’লে সি হেনো এতিয়া ক্ৰীকেট খেলে৷ ক্লাৱত৷ বাহিৰতো গৈছে৷ মই তাক উৎসাহ দিলো৷ হওক কিজানি তেনেকৈষে কিবা এটা গতি লাগে৷

এনেকুৱা কিমান শিশু আছে! চকুত সপোন আছে; কিন্তু পৰিবেশে কোঙা কৰিছে৷ শিক্ষাৰ অধিকাৰ আইন থকাৰ পিছতো বহুত পৰিয়ালত কন্যা সন্তানক ঘৰুৱা কাম কৰিব লাগে বুলিয়েই স্কুললৈ নপঠিয়ায়৷ এই বিষয়ে সোধা-পোছা কৰিলেও সহযোগিতা নকৰে৷ অথচ তেওঁলোক পৰিয়ালৰ লগত থাকে৷ শিশু শ্ৰমিক বন্ধ হৈছে; কিন্তু ঘৰত অভিভাৱকে ব্যৱহাৰ কৰিছে৷ আমিও সৰুৰে পৰা ঘৰুৱা কাম কৰি ডাঙৰ হৈছিলোঁ৷ সেই অনুপাতে শিক্ষাটো আমাৰ মুখ্য আছিল৷

বৰ্ণ বৈষম্য, ধৰ্মৰ ভেদাভেদ পাহৰি ডিজিটেল পৃথিৱীৰ বাসিন্দা হ’বলৈ আমি সকলোকে হাতত ধৰি আগুৱাই নিব লাগিব৷ এই সময়চোৱাতে অভিভাৱকসকলে সজাগ নহ’লে কিন্তু আমি আৰু বহুত দূৰ পিছুৱাই যাবগৈ লাগিব৷ নিজৰ নিজৰ সৎ কৰ্মবোৰৰ লগত আৰু কিছু পৰিকল্পনাৰে নতুন বৰ্ষটোক সকলোৱে আদৰিবলৈ সাজু হওঁক৷ সময়বোৰ স্মৰণীয় কৰিবলৈ প্ৰতিটো কামেই দহজনৰ মঙ্গলৰ বাবে কৰিব, দেখিব সকলো দেখান জমাৰ ঘৰতে ৰৈছেগৈ…৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *