প্ৰায়বোৰ মহিলাৰে হোৱা এটা ৰোগ হ’ল UTI বা ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন [Urinary tractinfection)৷ বিশেষকৈ মহিলাসকলে প্ৰায়ে এই ৰোগত ভোগে৷ কিছুমান ঘৰুৱা দিহা ব্যৱহাৰ কৰি এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছিব পাৰি৷ ড্ৰ.coli নামৰ এটা বেক্টেৰিয়াৰ বাবে সাধাৰণতে এই ৰোগ হয়৷ এই ৰোগৰ লক্ষণসমূহ হ’ল–
জ্ঞ প্ৰসাৱ কৰোঁতে বেদনা বা জলাপোৰা হয়, যিমান বেগেৰে প্ৰসাৱ লাগে সেই অনুপাতে প্ৰসাৱ কমকৈ আৰু সঘনাই হয়৷
জ্ঞ প্ৰসাৱ খোলোচা নহয়, কেতিয়াবা কঁকালৰ বিষ বা তলপেটৰ বিষ হ’ব পাৰে৷
জ্ঞ প্ৰসাৱ ৰঙা বা ঘোলা, কাঢ়া আৰু গন্ধযুক্ত হ’ব পাৰে৷
জ্ঞ হঠাৎ জিকাৰ মাৰি ঠাণ্ডা লাগিব পাৰে বা জ্বৰ হ’ব পাৰে৷
দিহাকেইটা হ’ল–
ৰ] প্ৰচুৰ পৰিমাণে পানী খাওক৷ পেচাবৰ বেগ আহিলে ৰখাই নথব৷ প্ৰসাব কৰি ভালকৈ ধুই লৈ মুচি শুকুৱাই সম্পূৰ্ণ স্বাস্থ্যসন্মত বিধি পালন কৰক৷ টান বা চেপা মৰা অন্তৰ্বাস পৰিধান নকৰিব৷
২] প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বস্তু খাওক৷ যেনে নেমুটেঙা আদি৷
৩] ৰঙা জবা ফুল কেইটামান পিচি নাভিত ভৰণ দি ওপৰমুৱাকৈ শুই থাকক আধা ঘণ্টা৷ পেচাব খোলোচা হৈ যাব৷
চ্ছ্ৰ. চালকুঁৱৰী বা Aloe vera এক আঙুল জোখাৰে লৈ ভিতৰৰ সাহখিনি এগিলাচ পানীত তালমিচিৰি দি এৰাতি তিয়াই ৰাখক৷ পিছদিনা চেকি লৈ খাওক৷
প্ত] ডাবৰ পানী, কুহিয়াৰ ৰস, বুটত তালমিচিৰি দি তিয়াই ৰখা পানী আদি খাওক৷
৬] ৰঙা জবা ফুল কেইটামান পিচি এগিলাচ পানীত তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক৷ চেকি লৈ তাৰ পানী খাওক৷
জ্জ] টেঙেচি পাত অলপ, দুপৰটেঙা বা পাতেগজা পাত তিনিটা অলপ তালমিচিৰি এগিলাচ পানীত দি চৰবত বনাই খাওক৷
জ্জ্ব] থেকেৰাৰ চৰবত খাওক৷ শুকান কুঁজি থেকেৰা দুচকল মান এগিলাচ পানীত অকণমান তালমিচিৰি দি কেইঘণ্টামান তিয়াই থওক৷ চেকি লৈ চৰবত হিচাবে খাওক৷ স্বভাৱত ই শীতল হোৱাৰ বাবে পেটৰ বাবেও উপকাৰী৷ আমাৰ ককা আইতাৰ দিনত প্ৰচলিত হোৱা summer ড্ৰিংক বুলিও ক’ব পাৰি৷ আজিৰ দিনৰ শীতল পানীয় যেনে ক’কা ক’লাতকৈ (coca cola)ই বহুগুণে উন্নত৷ ‘অতীতক নাযাবা পাহৰি’ কথাষাৰ মনত পেলাব এবাৰ৷
উপৰোক্ত দিহাকেইটা ব্যৱহাৰ কৰি চাওক কিছুদিন, সুফল নি(য় পাব৷ ডায়েবেটিচ থাকিলে মিচিৰি নিদিব আৰু ব্লাড চুগাৰ কণ্ট্ৰোল কৰাত গুৰুত্ব দিয়ক৷ ইনফেক্সন বা সমস্যা বেছি জটিল হ’লে কিন্তু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব৷
বিঃ দ্ৰঃ- এই সমস্যাত ভোগাসকলে ৰোগ হৈ থকা অৱস্থাত কচু, বিলাহী, মাংস, সৰু মাছ, জালুক আদি কমাই খাব৷
Posted inবিবিধ
ইউৰীনাৰী ট্ৰেক্ট ইনফেক্সন
