অনুভবৰ একলম- মই মোৰ কৱৰ খান্দিছোঁ

অনুভবৰ একলম-  মই মোৰ কৱৰ খান্দিছোঁ

পূৰবী বৰা

 

এটা আক্ষেপ ৰৈ যাব৷ কোনে মোৰ বাবে কিমান কান্দিছে বা দুখ কৰিছে সেয়া যদি চাব পাৰিলোঁহেঁতেন!
মোৰ দৰে অমূলক চিন্তা কোনোবাই কৰেনে? কিয় কৰিব? এয়া চিৰাচৰিত ৰীতি৷ এটা কথাত আক্ষেপ হয়তো ৰৈ যাব৷

মই আজি মোৰ কবৰ খান্দিছোঁ৷ কাইলৈ মোৰ মৃত্যু হ’ব৷ মই মোৰ মৃত্যুক ভয় নকৰোঁ৷ নিজৰ মৃত্যলৈ ভয় নাই যদিহে যন্ত্ৰণাদায়ক নহয়৷ অতি কম বয়সৰ পৰাই মৃতক দেখিলে মোৰ কেতিয়াও মৃতকলৈ দুখ নেলাগিছিল৷ দুখ লাগিছিল মৃতকে এৰি থৈ যোৱা আত্মীয় স্বজনলৈ৷ কিমান যে দুখ চাগে’ আত্মীয়ক হেৰুৱাৰ৷ সৰুতে দেউতাই কোৱা মনত আছে শৰীৰৰ হেনো সকলোতকৈ মুল্যবান অংগ কান্ধ৷ মৃতকে আৰামত চাৰিজন মানুহৰ কান্ধত উঠি অন্তৰ্জলি যাত্ৰা কৰে৷ কাৰোবাৰ অন্তৰ্জলি যাত্ৰা দেখিলে বহু দিনলৈ সেই ছবিখনে মনত আমনি কৰি থাকে৷ জীৱন জীৱন বৰ অনুপম৷ কথাষাৰ ভাল লাগে নে নেলাগে নিজেই বুজি নেপাওঁ৷ শৈশৱ কালচোৱা এতিয়া উভতি চালে ভাল লাগে, কৈশোৰৰ স্মৃতিয়ে মন ৰোমাঞ্চিত কৰে৷ কালি নিশা মই মোৰ কবৰ খান্দিছোঁ৷ কবৰত মোক সমাধিস্থ কৰিবলৈ মোৰ লগত কোনো নেযায়৷ মোৰ কোনো আক্ষেপ নাই৷ অকণো দুখো নাই৷ মই বৰ আনন্দ মনেৰে মোৰ কবৰ খান্দিছোঁ৷ সেই কবৰস্থান ধুনীয়াকৈ সজাই থৈ আহিছোঁ৷ নিজেই গৈ তাতে মই শুই পৰিম৷ মোৰ ব্যস্ততাত, মই ক’লৈ গৈ কি কৰিছো, কাৰো খবৰ ল’বলৈ আহৰি নাই৷ মই মোৰ শ্ৰদ্ধাঞ্জলি লিখি বাতৰি কাকতবোৰত দি থৈ আহিছোঁ৷ মোৰ বিষয়ে কোনে বা কি লিখে? আজিকালি দেখোন কোনেও কাৰো ভালেই নেদেখে৷ অ’ পাহৰিছিলোৱে, মই নিজৰ নামত নিলিখি মোক ভাল পোৱা কিছুমান অনুগামী যেয়ে এইবোৰ লিখিব মেলিব নেজানে সিহঁতৰে এজনৰ নামত লিখিছোঁ৷ মই নোহোৱা হৈ গ’লে সিহঁতৰ অলপ অসুবিধা হ’ব৷ কোনোৱে জীয়াই থাকোঁতে তেখেতৰ বিষয়ে কোনে কি ভাৱে গমকে নেপায়৷ শোকসভাত ইমান ভাল কথাবোৰ কৈ শোক প্ৰকাশ কৰে৷ জীয়াই থাকোঁতে মুখৰ আগত গুণবোৰ বখানিলে আকৌ চাতুকাৰ বুলি ক’ব যে৷ তথাপিও সকলোৰে নিজৰ বিষয়ে জানিবলৈ মন যায়৷ কিন্তু উপাই নাই৷ মই এটা কথা বিশ্বাস কৰোঁ, মইহে মোক ভাল দৰে জানো গতিকে তিনিশ শব্দৰ ভিতৰত মই মোৰ দোষ-গুণবোৰ লিখি মোৰ নিজৰে আটাইতকৈ ভাল লগা ফটোখনেৰে দি থৈ আহিছোঁ৷ প্ৰকাশ কৰে নে নকৰে সেয়া কাকতৰ সম্পাদকৰ ওপৰত৷

এটা আক্ষেপ ৰৈ যাব৷ কোনে মোৰ বাবে কিমান কান্দিছে বা দুখ কৰিছে সেয়া যদি চাব পাৰিলোঁহেঁতেন!
মোৰ দৰে অমূলক চিন্তা কোনোবাই কৰেনে? কিয় কৰিব? এয়া চিৰাচৰিত ৰীতি৷ এটা কথাত আক্ষেপ হয়তো ৰৈ যাব৷

লাহে লাহে বয়স বাঢ়িছে, যদিও মানুহৰ অন্তিম যে মৃত্যু, সেয়া সঁচা; কিন্তু হীৰুদাই কোৱাৰ দৰে মৃত্যু যদি শিল্প হ’লহেঁতেন কিমান ভাল আছিল৷ পীড়াদায়ক হৈ আনৰ বোজা হৈ কেতিয়াবা জীৱন কটাব লাগে বুলি কিমান যে ভয় আৰু বেয়া লাগে৷ জীৱনৰ কৰ্ত্তব্য সামৰি হালধীয়া ষ্টেচনলৈ যদি নিজেই মনে মনে খোজ কাঢ়ি ডাৱৰৰ আঁৰত নোহোৱা হৈ যাব পাৰিলোঁহেঁতেঁন জীৱন অনুপম বুলি মানি ল’বলৈ মন গ’লহেতেঁন৷ নিজে কষ্ট খাই জীৱন কটোৱাতকৈও মোৰ কাৰণে যদি কোনোবাই এদিনো কষ্ট পাবলগীয়া হয় সেই কথাষাৰ ভাৱিলে মোৰ বৰ বেয়া লাগে৷ আনকি কেনিবা কাৰোবাৰ সৈতে যাবলগীয়া হ’লে মোৰ কাৰণে অকণমান অপেক্ষা কৰিব লগীয়া হ’লে মোৰ কিয় জানো ইমান দোষী দোষী অনুভৱ হয়৷ বেছি অনুভৱী হোৱাটো এক মানসিক বিকাৰেই নেকি বাৰু? …

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *