অনামিকা বৰা
ভাৰতত ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় । এই দিনটোতে সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে যাৰ বাবে বতৰৰ বহু পৰিৱৰ্তন দেখা যায় । এই উৎসৱ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে বিভিন্ন নামেৰে পালন কৰা হয়৷
সূৰ্যৰ পোহৰ আৰু শক্তি অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি ৷ সেইবাবেই প্ৰতিটো ধৰ্মতে ইয়াক পূজা কৰা হয় ৷ সূৰ্যৰ এটা ৰাশিৰ পৰা আন এটা ৰাশিৰ গতিপথক সংক্ৰান্তি বোলে আৰু সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰিলে মকৰ সংক্ৰান্তি বোলা হয় ৷ তেতিয়াৰ পৰাই দিনবোৰ অলপ দীঘলীয়া হ’বলৈ আৰম্ভ কৰে ৷ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ উত্তৰ ভাৰত আৰু বিহাৰত খিচড়ী, গুজৰাটৰ উত্তৰায়ণ, পঞ্জাৱ-হাৰিয়ানাত মাঘী-লোহৰী, কেৰালাত ভিলাক্কু, কৰ্ণাটকত এলু-বিৰোধু আৰু তামিলনাডু আৰু তেলেংগানাত পংগল আৰু অসমত ভোগালী বিহুৰ উৎসৱ পালন কৰা হয়৷ আজিৰে পৰা দিনবোৰ দীঘলীয়া হ’বলৈ আৰম্ভ কৰে ৷
বিহাৰৰ ইউ পিৰ মকৰ সংক্ৰান্তি আৰু খিচড়ী
উত্তৰ প্ৰদেশ আৰু বিহাৰত এই উৎসৱক মকৰ সংক্ৰান্তি আৰু খিচড়ী নামেৰে জনা যায় ৷ আজিৰ দিনটোত মাটি দাইল আৰু চাউলেৰে তৈয়াৰী খিচড়ি খোৱাৰ এক বিশেষ পৰম্পৰা আছে ৷ ইয়াৰ উপৰিও তিল আৰু গুড়ৰ পৰা তৈয়াৰী বস্তুও খাই দান কৰা হয় ৷ বিহাৰত বিশেষকৈ এই দিনটোত দৈ আৰু চিৰাও খোৱা হয় ৷
গুজৰাটৰ উত্তৰায়ণ
গুজৰাটত মকৰ সংক্ৰান্তি উত্তৰায়ণ নামেৰেও জনাজাত ৷ যেতিয়া ইয়াত কাইট ফেষ্টিভেলৰ আয়োজন কৰা হয়, যিটো সম্পূৰ্ণ ২ দিন চলি থাকে ৷ আজিৰ দিনটোত উন্ধিয়ু আৰু গুৰ আৰু বাদামেৰে তৈয়াৰী চিকি খোৱাৰ বিশেষ তাৎপৰ্য আছে ৷
পঞ্জাৱ-হাৰিয়ানাত মাঘী আৰু লোহৰী
পঞ্জাৱ আৰু হাৰিয়ানাত মাঘী আৰু লোহৰীৰ নামত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ অৱশ্যে মকৰ সংক্ৰান্তিৰ মাত্ৰ এদিন আগতে লোহৰী উদযাপন কৰা হয় ৷ য’ত জুই জ্বলাই তাৰ চাৰিওফালে ঘূৰি পূজা কৰা হয় ৷ লগতে ৰেৱদি, বাদাম আৰু মাকৈ বিতৰণ কৰা হয় ৷
কেৰালাৰ ভিলাক্কু
কেৰালাত এই দিনটো মকৰ ভিলাক্কু নামেৰে পালন কৰা হয় ৷ আজিৰ দিনটোত মানুহে সবৰীমালা মন্দিৰলৈ গৈ মকৰ জ্যোতিৰ দৰ্শন কৰে ৷
কৰ্ণাটকৰ এলু বিৰোধু
কৰ্ণাটকত ‘এলু বিৰোধু’ নামেৰে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ এই উপলক্ষে মহিলাসকলে ওচৰৰ পৰিয়ালৰ মাজত আলু বেলা অৰ্থাৎ সতেজ ফল-মূল, কুঁহিয়াৰ, তিল, গুড় আৰু নাৰিকল বিতৰণ কৰে ৷
তামিলনাডু তেলেংগানাৰ পংগল
এই উৎসৱ ৪ দিনীয়া মকৰ সংক্ৰান্তিৰ আশে-পাশে প্ৰতি বছৰে পালন কৰা হয় ৷ ৪ দিন ধৰি চলি থকা পোংগালত প্ৰথম দিনা ভগৱান ইন্দ্ৰৰ পূজা কৰা হয়, দ্বিতীয় দিনা সূৰ্য দেৱতাৰ পূজা কৰা হয়, তৃতীয় দিনা মট্টু অৰ্থাৎ নন্দী বা ম’হৰ পূজা কৰা হয় আৰু চতুৰ্থ দিনা কালি মন্দিৰত কন্যা পূজা কৰা হয় ৷
মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্তিৰ দিনা ইজনে সিজনক তিল-গুৰৰ লাৰু, বৰ্ফি বা হালুৱা দি ” তিল-গুৰ লোৱা আৰু মিঠা কথা কোৱা’ বুলি কোৱাৰ প্ৰথা আছে ।[4]এই বিষেশ দিনটোত গুৰ আৰু বুটৰ দাইলেৰে বনুৱা ৰুটি যাক পুৰণ পুৰি বা গুৰৰ পুৰি বোলা হয় হেই পুৰি অন্য ব্যঞ্জনৰ লগত খোৱা হয় ।বিবাহিতা মহিলাই পৰিয়ালৰ বিবাহিতা মহিলা বা বিবাহিতা বান্ধবীসকলক মাতি কপালত সেন্দুৰৰ ফুট দিয়ে আৰু সৰু উপহাৰ দি তিল-গুৰেৰে বনুৱা লাৰু বা বৰ্ফি দিয়ে ।ইয়াক হালধী-কুমকুম বোলা হয়। মহিলাসকলে এই দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধে । নতুন শিশুকো ক’লা কাপোৰ পিন্ধায় । মকৰ সংক্ৰান্তি ঠাণ্ডাৰ দিনত হোৱা বাবেও শৰীৰৰ গৰম ধৰি ৰাখিবৰ বাবেও ক’লা ৰঙৰ কাপোৰ পিন্ধে । মকৰ সংক্ৰান্তত কন কন শিশুক চেনিৰে বনুৱা মুকুত আৰু গহনা পিন্ধাই মুৰি মূৰত ধালি গা ধুৱায় আৰু অন্য লৰা ছোৱালীকো মাতি সৰু সৰু উপহাৰ দিয়ে ।
অসমৰ বিহু
বছৰত তিনিবাৰকৈ বিহুৰ উৎসৱ পালন কৰা হয় ৷ প্ৰথমটো শীতকালত মাঘ মাহৰ সংক্ৰান্তিৰ দিনা, দ্বিতীয়টো বিষুৱ সংক্ৰান্তিৰ দিনা অৰ্থাৎ ব’হাগ মাহত আৰু তৃতীয়টো কাৰ্তিক মাহত অৰ্থাৎ কাতি মাহত পালন কৰা হয় ৷ পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয় । এই বিহু তিনিদিন পালন কৰা হয় । এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত ৷ নাৰিকল লাৰু, তিল পিঠা, ঘিলা পিঠা, দৈ-চিৰা লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয় ৷
লেখিকাৰ ফোনঃ 81358 00626