নাছিৰ আহমেদ
ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পৰা বৰ্তমান লৈকে ইতিহাস ফঁহিয়াই বিশ্লেষণ কৰিলে আমি সত্যাসত্য নিৰ্ধাৰণ কৰিব পাৰিম যে, আমাৰ দেশ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে মান্যতা প্ৰদান কৰা কিমান যুক্তিসংগত হৈছে।
ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতা হ’ল সিন্ধু সভ্যতা । সিন্ধু সভ্যতা আছিল এটি ব্ৰঞ্জ যুগীয় সভ্যতা ( ৩৩০০ —১৩০০ খৃষ্টপূৰ্বাব্দ ;পূৰ্ণবৰ্ধিত সময় কাল( ২৬০০ –১৯০০ খৃষ্টপূৰ্বাব্দ) ; যাক হৰপ্পা সভ্যতা বুলি কোৱা হয়। অসংখ্য সৰু সৰু নগৰেৰে আৱেষ্টিত এই সভ্যতাক নগৰীয়া সভ্যতা বুলি গণ্য কৰা হৈছে। সিন্ধু বা হৰপ্পা সভ্যতা আৰু সংস্কৃতিৰ সম্পৰ্কে বিতংকৈ জনা নাযায় যদিও প্ৰত্নতাত্বিক সকলৰ খননকাৰ্যত প্ৰমাণিত হৈছে যে, এই সভ্যতা আছিল সমতাবাদী আৰু ইয়াৰ মানুহবোৰে বহু ঈশ্বৰক বিশ্বাস কৰি পূজা- অৰ্চনা কৰিছিল। তেওঁলোকৰ ভাষাৰ উৎস হিচাপে কোনো প্ৰমাণিত দলিল নাই যদিও বহুতৰ মতে দ্ৰাবিড় জনগোষ্ঠীৰ লিওলিথিক কৃষকৰ পূৰ্বসূৰী সকলে জাগ্ৰোছ পৰ্বতমালাৰ পৰা উত্তৰ দক্ষিণ এচিয়াৰ ইৰানৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰি এই সিন্ধু সভ্যতা সূচনা হোৱাৰ ১০,০০০ হেজাৰ বছৰ আগতে এই অঞ্চলত বসবাস কৰিছিল । গতিকে, সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা,ভাষা আৰু সংস্কৃতিত দ্ৰাবিড় জনগোষ্ঠীৰ প্ৰভাৱ পৰিছিল বুলি নিৰ্ণয় কৰিব পাৰি। দ্ৰাবিড় সকলে নাৰীক দেৱী আৰু পুৰুষক দেৱতা ৰূপে গণ্য কৰিছিল। এই ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই দ্ৰাবিড় সকলে শিৱ আৰু পাৰ্বতীৰ কাহিনী বৰ্ণনা কৰিছিল। তেওঁলোকে প্ৰকৃতি আৰু জীৱ-জন্তুক ঐশ্বৰিক শক্তি হিচাপেও পূজা কৰিছিল। তেওঁলোকৰ উপাস্য দেৱতা শিৱ , বিষ্ণু, আৰু কৃষ্ণ, উপাস্য দেৱী কালী আৰু লক্ষ্মীক মন্দিৰত প্ৰতিষ্ঠা কৰি তেওঁলোকে পূজা অৰ্চনা কৰিছিল। আৰু উৎসৱ হিচাপে দেৱালী আৰু পংগাল , গোপন প্ৰতীক আছিল লিংগা(Linga) আৰু য়ানট্ৰা( Yantra) তেওঁলোকৰ মাজত কোনো জাতি প্ৰথা নাছিল আৰু ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে কোনো কাৰ্যকলাপ প্ৰচলিত নাছিল ।পুৰুষ আৰু মহিলাৰ মাজতো কোনো বৈষম্য নাছিল। পৰৱৰ্তীকালত ভাৰতত আৰ্যসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰি দ্ৰাবিড় সকলৰ বহু ধাৰণা সলনি কৰি দিছিল আৰু আৰ্যসকলেও দ্ৰাবিড় সকলৰ বহু আচাৰ অনুষ্ঠান গ্ৰহণ কৰিছিল। দ্ৰাবিড় জনগোষ্ঠীৰ আগতেও বহু আদিবাসী বা জনজাতীয় লোক, যেনে কোল , মুণ্ডা ছাওঁতালী ,ভীল, টোডা আদি অষ্ট্ৰিক গোষ্ঠীয়ে ভাৰতবৰ্ষত বাস কৰিছিল যদিও ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিত তেওঁলোকৰ অৱদান যৎসামান্য। তিব্বত-বৰ্মী জনগোষ্ঠীৰ লোকসকলে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা,সাহিত্য,কলা ,কৃষ্টি সংস্কৃতি সবলীকৰণ কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল।
তাৰ পিছত, সপ্তম শতাব্দীৰ পৰা আৰব ,ইৰাণ আৰু ইৰাকৰ পৰা ইছলাম ধৰ্মৰ প্ৰচাৰক সকলে ভাৰতত প্ৰৱেশ কৰি বিশেষকৈ ব্ৰাহ্মণ্য ধৰ্মৰ সূত্ৰ অনুসৰি ভাৰতৰ নিম্ন জাতি বুলি বিৱেচিত অনুসূচিত জাতি আৰু অনুসূচীত জনজাতিৰ মানুহসকলক ইছলাম ধৰ্মত দীক্ষিত কৰিছিল। তাৰ পিছত পাঠান চুলতান আৰু মোগল সম্ৰাট সকলে ভাৰতবৰ্ষত এক বিৰাট সাম্ৰাজ্য স্থাপন কৰে। এই পাঠান চুলতান আৰু মোগল সাম্ৰাজ্যৰ শাসন কালত মুছলমান শাসক সকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় ভাষা, সাহিত্য, কলা, কৃষ্টি ,সংস্কৃতি, চিত্ৰকলা , স্থাপত্য আৰু ভাস্কৰ্যৰ প্ৰভূত পৰিমাণে উন্নতি সাধন হৈছিল। বিশেষকৈ, মোগল সম্ৰাট আকবৰ আৰু ছাহজাহানৰ ৰাজত্ব কালত সকলো ক্ষেত্ৰত এক উল্লেখযোগ্য বিকাশ সাধন হৈছিল। মহামতি আকবৰ ধৰ্মৰ ক্ষেত্ৰত উদাৰ আছিল। তেওঁৰ ইবাদত খানাত( প্ৰাৰ্থনা সভা) সকলো ধৰ্মৰ আলোচনা হৈছিল। সম্ৰাট আকবৰে সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি ” দীন ই এলাহি” নামৰ এটি ধৰ্ম সৃষ্টি কৰিছিল।
সম্ৰাট আকবৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ সকলো ধৰ্মৰে সংস্কৃতিক সম মৰ্যাদা দিছিল। তেওঁৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত স্থাপত্য বিদ্যাৰ উৎকৰ্ষ সাধন হৈছিল। তেওঁৰ পৃষ্ঠপোষকতাত নিৰ্মাণ হোৱা স্থাপত্যসমূহত পাৰ্চী ,হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ সমন্বয় ঘটিছিল। ফটেহপুৰ চিক্ৰী, লাহোৰ আৰু আগ্ৰাকে ধৰি ভালেমান অট্টালিকাৰ আঁচনি আকবৰে নিজে তৈয়াৰ কৰিছিল। বিশেষকৈ ফটেহপুৰ চিক্ৰীত সকলো সংস্কৃতিৰ এক অপূৰ্ব সমন্বয় আৰু সমাহাৰ পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ওচৰৰ চিকান্দ্ৰাত অৱস্থিত আকবৰৰ সমাধি নামেৰে জনাজাত বিখ্যাত স্মৃতি সৌধটোৰ আৰম্ভণি আকবৰে নিজে কৰিছিল। ১৬০৫ চনত তেওঁৰ মৃত্যু হোৱাত ইয়াতেই সমাধিস্থ কৰা হৈছিল। পৰৱৰ্তী তেওঁৰ পুত্ৰ সম্ৰাট জাহাঙ্গীৰে এই সমাধি ক্ষেত্ৰ খন সম্পূৰ্ণ কৰে। সম্ৰাট ছাহজাহানৰ চিত্ৰ শিল্পৰ জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰ শিল্পৰ প্ৰধান পৃষ্ঠপোষক আৰু প্ৰধান চিত্ৰকৰ আছিল। সম্ৰাট ছাহজাহান আছিল সৌন্দৰ্য্যৰ সাধক। তেওঁৰ দিনতে মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত পৰ্য্যায় পাইছিল। তেওঁৰ সময়ত কলা-সংস্কৃতি নদন-বদন হোৱাৰ বাবে এই কালছোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। সম্ৰাট ছাহজাহানে স্থাপত্য-ভাস্কৰ্য নিৰ্মাণত মুক্ত হস্তে দান বৰঙণি আগবঢ়াইছিল। আগৰ স্থাপত্যতকৈ ছাহজাহানৰ সময়ৰ স্থাপত্যৰ পাৰ্থক্য দেখা যায়। স্থাপত্য সমূহত নান্দনিক সৌন্দৰ্য্যৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। অট্টালিকাসমূহ কুন্দত কটা কৰিবলৈ সোণ, ৰূপ, বগা মাৰ্বল পাথৰ আৰু মণি মুকুতা ব্যৱহাৰ কৰা হৈছিল। মৰমৰ পত্নী মমতাজৰ স্মৃতিত আগ্ৰাৰ যমুনা নদীৰ পাৰত অৱস্থিত তাজমহল স্থাপত্য শিল্পৰ বাবে জগত বিখ্যাত। ইয়াৰ উপৰিও ছাহজাহানে আগ্ৰাৰ লালকিল্লা , দিল্লীৰ জামা মছজিদ, মতি মছজিদ, আউলিয়াৰ সৌধ আৰু ছাহাজাহানাবাদ নগৰ নিৰ্মাণ কৰিছিল।
মোগল চিত্ৰকলাই ভাৰতীয় চিত্ৰকলাক এক অন্য মাত্ৰা প্ৰদান কৰিছে। চিত্ৰকলাসমূহত পাৰ্ছিয়ান আৰু ইউৰোপীয় শৈলীৰ সমন্বয়ত গঠিত হৈছিল যদিও বিষয়বস্তু সম্পূৰ্ণ ভাৰতীয় আছিল। চিকাৰ কৰাৰ চিত্ৰ, ৰাজনৈতিক চিত্ৰ,গছ, লতা, তৰু, তৃণ, ফুলৰ বাগিচা আদি প্ৰাকৃতিক দৃশ্য অংকন কৰিছিল। মোগল যুগত ভাৰতীয় সংগীতো উচ্চ আসন অধিকাৰ কৰিছিল। বাবৰ হুমায়ুনকে আদি কৰি মোগল সম্ৰাট সকলে ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ পৃষ্ঠপোষকতা কৰিছিল। মোগল সম্ৰাট আকবৰৰ ৰাজসভাত তানচেনকে আদি কৰি মহা সংগীতজ্ঞ সকলে শোভা বৰ্ধন কৰিছিল। সম্ৰাট আকবৰে ৰাজসভাতো অসংখ্য সংগীতজ্ঞৰ ভিতৰত জগন নাথ আৰু জনাৰ্দন ভট্ট নামৰ দুজন বিখ্যাত গায়কৰ গানত মুগ্ধ হৈ ছাহাজাহানে গায়ক দুজনক তেওঁলোকৰ শৰীৰৰ ওজনৰ সমান হীৰা মুকুতা দান কৰিছিল। তেওঁ হিন্দু ধ্ৰুপদ ৰাগৰ অনুৰাগী আছিল।
মোগল সম্ৰাট সকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় ভাষা আৰু সাহিত্যৰ ভঁৰাল টনকিয়াল হৈছিল। তেওঁলোকৰ সময়ত পাৰ্ছীয়ান সাহিত্যৰ নৱ জাগৰণৰ সৃষ্টি হৈছিল । অনুবাদ সাহিত্যৰ উন্নতি সাধন হৈছিল। ফাইজি আবুল ফজল আৰু বাদাউনিয়ে ভাৰতীয় সাহিত্যৰ ধ্বজা উৰুৱাইছিল। মহাভাৰতৰ সকলো পৰ্ব সাত জন মুছলমান সাহিত্যিকে অনুবাদ কৰিছিল। বাদাউনিয়ে ৰামায়ণ অনুবাদ কৰিছিল। মুছলমান সাহিত্যিকে পাৰ্ছী আৰু হিন্দী ভাষাত সাহিত্য ৰচনা কৰিছিল। সেইবোৰ হ’ল ৰাম চৰিত মানস,পদ্মাৱত আৰু সুৰ সাগৰ। মোগল যুগত হিন্দী, বাংলা, পাৰ্ছী আৰু আৰবী সাহিত্যৰ বিকাশ সাধন হৈছিল আৰু ভাৰতীয় প্ৰান্তিক ভাষাসমূহত আৰবী পাৰ্ছী ভাষাৰ পয়োভৰ ঘটি ভাষাসমূহৰ বিকাশ সাধন হৈছিল।
মুঠতে আৰ্য, অনাৰ্য জাতিৰ লগতে মুছলমান সম্প্ৰদায়ৰ মোগল পাঠান সকলেও ভাৰতীয় মহান জাতি গঠনত অৱদান আগবঢ়াইছিল বুলি ক’ব পাৰি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত ” হেথায় আৰ্য ,হেথা অনাৰ্য , দ্ৰাবিড় চীন-শক-হূণ-দল
মোগল পাঠান, এক দেহে হলো লীন।”
ভাৰতৰ স্বাধীনতা আন্দোলনতো হিন্দু মুছলমান শিখ বৌদ্ধ খৃষ্টান জৈন তথা প্ৰায় ২০০০ জনগোষ্ঠীৰে গঠিত ভাৰতীয় সকলে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও সুচতুৰ ঔপনিৱেশিকতাবাদী ব্ৰিটিছ শাসকে ভৱিষ্যতে আমাৰ দেশখন পুনৰাই অধীনস্থ কৰাৰ স্বপ্ন বাস্তবায়িত কৰিবলৈ ডিভাইড এণ্ড ৰুল পলিচিৰ দ্বিজাতি তত্ত্বৰ বিষময় ফলত ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰত বিভক্ত হৈছিল। ব্ৰিটিছ শাসকৰ এই ষড়যন্ত্ৰত সাৰপানী যোগাইছিল হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িক শক্তি সমূহে। কিন্তু সাধাৰণ জনগণৰ মাজত এই বিষাক্ত বীজ ৰোপন হোৱা নাছিল। সেয়ে এতিয়াও ভাৰতৰ ১৪০ কোটি জনসংখ্যাৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক, প্ৰজাতন্ত্ৰ ,সমাজবাদী আৰু ধৰ্ম-নিৰপেক্ষ পবিত্ৰ দেশ হিচাপে গণ্য কৰে। আৰু এই মহান দেশখনক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰে। কোনোমতে এই দেশ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে মান্যতা প্ৰদান কৰিব নোৱাৰি। মেৰা ভাৰত মহান। I am proud of to be an Indian and respect the culture of my Country . জয় হিন্দ।
নিবন্ধকাৰৰ ঠিকনা
শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:৯১০১৪৬৫৮০৫