এক অব্যক্ত হৃদয়ৰ বেদনা

এক অব্যক্ত হৃদয়ৰ বেদনা

 

দেৱীনা পামেগাম পেগু

“…বাইদেউ বিয়া পতা আমাৰ বহুকেইমাহ হ’ল আপুনি জানেই অথচ আমাৰ মাজত পতি-পত্নীৰ সম্পৰ্ক আজিও হৈ উঠা নাই, মানে আমাৰ মাজত মধুযামিনী হোৱাই নাই… হয়তো আৰু নহ’ব কোনোদিনে৷ তৰুণ তৃতীয় লিংগৰ মানে ছোৱালীৰ প্ৰতি আকৰ্ষিত নহয়, সি এটা থাৰ্ড জেণ্ডাৰ …… মোক বিয়া পতাৰ পাছত বিভিন্ন অজুহাত দেখুৱাই আছিল৷ বন্ধত মই তাক হাতেলোতে ধৰিলোঁ৷ সি আঁচলতে অন্য ধৰণৰ ব্যক্তি৷ সি অন্য এক পৃথিৱীৰ মানুহ… বাইদেউ… মোৰ সকলো সপোন শেষ হৈ গ’ল …সকলো….”

ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ বাবে গোটেই ঘৰৰ ৰূমকেইটা সেমেকি আছিল৷ হাতত পুৰণি কটনৰ কাপোৰ এডোখৰ লৈ ৰুলিয়ে ঘৰৰ সেমেকি থকা ঠাইখিনি মচিবলৈ ধৰিলে৷ মিউজিক ছিষ্টেমটোত ব্লুটুথ কানেক্ট কৰি সুন্দৰকৈ গান লগাই লৈছিল৷ বৰ্তমানৰ জনপ্ৰিয়হৈ থকা শংকুৰাজ কোঁৱৰৰ “আগলি বতাহে সৰালে চুপহী,
কাজলি জপা দুচকুৰ পতাত… ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীত জুৰি যায়…
ওভতাই আনিলা, জীয়াই তুলিলা… মোক জীয়াই তুলিলা… এই ৰিক্ত বুকুতে বাসনা ঢালিলা…
তেজে তেজে সীৰে সীৰে বোৱালা প্ৰেমৰ অলকানন্দা…” শীৰ্ষক গীতটি বাজি আছিল৷ তায়ো মজিয়া মচি মচি চিঞৰি চিঞৰি- বোৱালা প্ৰেমৰ অলকানন্দা.. যিমান পাৰে টেঁটু ফালি গাবলৈ ধৰিলে৷ নিজে মনতে ভাবিলে, ৱাও! পাৰিছোঁ দেখোঁন৷ অকলে গালে দেখোঁন সুৰবোৰ টানিব নোৱাৰি; কিন্তু যেতিয়া গানবোৰ মিউজিক ছিষ্টেমত লগোৱা হয় ইমান ধুনীয়াকৈ লগত গাব পাৰি৷ যি ৰকমত চিঞৰি গাইছিল, নিজকে অলপ সময়ৰ কাৰণে ইণ্ডিয়ান আইডললৈ যাবলৈ প্ৰস্তুতি কৰা যেন লাগি গৈছিল তাইৰ৷ তেনেতে চকীখনৰ চুকত লাগি থকা ঘুগুলাবোৰ এৰাই এৰাই আকৌ জোৰকৈ এবাৰ চিঞৰি দিলে- বোৱালা প্ৰেমৰে অলকানন্দা…
শুৱনি কোঠাৰ পৰা ৰুলিৰ মানুহজনে চিঞৰি চিঞৰি মাতিলে-
ঐ অলকানন্দা বাইদেউ ফোন আহিছে …

ৰুলিয়ে হাতদুখন বেচিনত খৰধৰকৈ ধুই জকজকাই উঠিল– এই মানুহজনৰ পৰা আৰু শান্তি নাই৷ কাম এটাতো সহায় নকৰেই তাতে আকৌ গানটো শান্তিৰে গাবলৈ নিদিয়ে ধেৎটেৰি!

হেল্লু .. হেল্লু.. মিষ্টাৰ ইণ্ডিয়া কাৰ ফোন আহিছিল?
মানুহজনে চকুৰ ইঙ্গিতেৰে মোবাইল ফোনটোলৈ দেখুৱাই ক’লে– ৰিচিভ কৰি থোৱা আছে ফোন…

এইবাৰ গহীনভাৱে মাতটো উলিয়ালে– হেল্লু কোনে কৈছে? …
অ’ মিতালি, কি কৰিবা অ’!
লাউ যিমান ডাঙৰ নহওক সদায় পাতৰ তলত, এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন হৈ গৈছে এইকেইদিনত মোৰ৷ মুঠৰ ওপৰত এইকেইটা দিন মোৰ মচলা বাহিৰ হৈ গৈছে৷ এই লকডাউনৰ নামত সকলো মোৰ ভাল লগা বেয়া লগা পাকঘৰতে ল’কহৈ গৈছে৷ এই ল’ৰা-ছোৱালী দুটাৰো স্কুলৰ শিক্ষকবোৰে মোৰ ওপৰতে যেন প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ ৰচিছে৷ যিমানহে হোম এছাইনমেণ্ট দিছে নহয় যেন বিশ্ববিদ্যালয়ৰ গৱেষণাৰ ছাত্ৰ ছাত্ৰীহে৷ তোমাৰ এতিয়া ল’ৰা-ছোৱালী নাই বহুত শান্তিত আছা৷ এইকেইটা দিন ভালকৈ উপভোগ কৰা, মোৰ চুলিকোচাকে আঁচুৰিবলৈ পাহৰি গৈছোঁ৷ আৰু জানা, সেইদিনা স্কুল খোলাৰ সময়তে ফণীখন যি বেগটোত ভৰাই থোৱা আছিল সেই ভাগে বেগতে লকডাউন হৈয়ে থাকিল৷ যিমান পাৰি সন্তান হোৱাৰ আগতে ভালকৈ দিনবোৰ অতিবাহিত কৰা, নহলে একেই দিন তোমাৰো আহিব৷ বহুত ভাল লাগিছে কিজানি তোমালোকৰ এইকেইদিন নহয়নে?

মিতালিঃ সেইবোৰ কৰিবলৈও ভাল কপাল এখন লৈ আহিব লাগে অ’ বাইদেউ৷ সকলোৰে জীৱনত সেই মধুৰতম ক্ষণ নাহে, আপুনি এইক্ষেত্ৰত বহুত লাকি৷ মোৰ ভাগ্যত সেইবোৰ লিখি নপঠালে ভগৱানে৷ – বুলি পাছৰখিনি কথা থুকাথুকি মাতেৰে ওলাই আহিল৷

ৰুলিঃ অ’ মিতালি দেখিছানে মোক৷ ফোন কৰিছা তুমি .. গোটেই মখা বখানি মেলিছোঁ মই৷ হয় দেই, মাথাত একোৱে নাই আৰু বুইছা৷ বাৰু কোৱাচোন কিয় বা এই দুপৰীয়াখন এই দুৰ্ভগীয়া বায়েৰলৈ মনত পৰিল৷ আৰু সি কেনেকুৱা তৰুণ? বহুত দিন হ’ল সিয়ো স্কুল বন্ধ হোৱাৰ দিন ধৰি ফোন এটা নকৰা হ’ল যে?
ভিনিয়েৰক কৈছিলোঁহে সিহঁতহালক এইকেইদিন অলপ পৰিস্থিতি শাম কাটিলে ভাত এসাঁজ খুৱাম বুলি৷ নহ’লে এনেকৈয়ে ন ছোৱালীজনী পুৰণি হৈ পৰিব৷

মিতালিঃ নাই বাইদেউ, বিশেষ একো নাই৷ এনেই ভাবিছিলোঁ আপুনি যদি ফ্ৰী আছে দুটামান কথা পাতিম৷ আৰু মই এতিয়া তৰুণৰ ঘৰত নাই নহয়, প্ৰায় বন্ধৰ কেইদিনমানৰ পাছৰ পৰাই ঘৰলৈ গুঁচি আহিলোঁ৷ বৌৰ গাটো ইমান ভাল নহয় যে, অহা মাহত দিন পৰিছে৷ তাতে মহামহাৰীৰ দিন৷ ঘৰখনক অকমনান চাই দিলেও বহুত সহায় হয়৷ এনেয়েও তৰুণে মই লগত থকাটো দেখোঁন কামনাই নকৰে৷ যিমান পাৰে মই নাথাকিলে ভাল পায়৷ মোৰ সংগ সি বাঞ্ছা নকৰে মুঠতে৷ মই থাকিলে গোটেই ঘৰখনৰ মানুহবোৰে অশান্তি পায়৷

ৰুলিঃ অ’ হয় নেকি? মই আকৌ তোমালোক দুয়োকে আমনি নকৰোঁ বুলিহে ফোনো কৰা নাছিলোঁ৷ এনেই কৰ্মব্যস্ততাৰ বাবে দুয়ো আঁতৰি থাকা৷ এইকেইটা দিনত অন্ততঃ দুয়োৰে অলপ সময় মিলিছে৷ আৰু তুমি এইবোৰ কি কৈছা? মই একো ধৰিব পৰা নাই৷ সি কিয় তোমাক বেয়া পাব? সদায় তোমাৰ গুণ-গৰিমা গাই আমাক কাণ গেলাই দিয়ে, কিমান দিনৰ পৰাই দেখোঁন তোমালোকৰ মাজত প্ৰেম ভালপোৱা, বুজাবুজি আছে৷ প্ৰকৃত প্ৰেমৰ সম্পূৰ্ণ স্বীকৃতি দি দুয়ো ইমান ধুনীয়াকৈ বিয়াত বহিলা৷ দুয়োৰে সৰnকৈ¸ হলেও একোটাকৈ চৰকাৰী চাকৰি আছে৷ ঘৰৰ মানুহেও কিমান সুখী তোমালোকক লৈ…

মিতালিঃ প্ৰেমত পৰি মানুহ কেতিয়াও অন্ধ হ’ব নালাগে বাইদেউ৷ এতিয়াহে অনুভৱ কৰিছোঁ৷ সেইটোৱেইতো মোৰ ডাঙৰ ভুলহৈ গ’ল৷ চাকৰি থাকিলে যে মানুহ সুখী হ’ব সেয়াও সঁচা নহয়৷ পদপথত পৰি থকা কোনোবা দম্পতীয়েও স্বৰ্গীয় সুখ উপভোগ কৰিব পাৰে যদিহে মানসিক শান্তি পায়, য’ত নেকি চাকৰি কৰা দম্পত্তীয়ো নাপায়৷ মানুহক নুবুজাকৈ কেতিয়াও বিয়াৰ দৰে পবিত্ৰ বন্ধনত বান্ধ খাই কালিমা সানিব নালাগে৷ আজি মই মৰ্মে মৰ্মে অনুতপ্ত৷ মই যদি বিয়াত নবহিলোঁহেঁতেন বিন্দাছ দিনবোৰ পাৰ কৰিলোঁ হয় এতিয়া৷
আজি মই নিৰুপায়, কাকো একো দোষ দিব নোৱাৰোঁ৷ মই মোৰ জীৱনৰ সিদ্ধান্ত নিজেই লৈ এতিয়া বিপদত পৰিছোঁ৷ ঘৰৰ মতে ছোৱালীয়ে বিয়াত নবহিলে পাছত বিপদত পৰিব লগা হ’লে কাকো একো ক’ব নোৱাৰে৷ এতিয়া মোৰো একেই গতি, বাইদেউ৷ .. এই বুলি উচুপি উচুপি কান্দি উঠিল বিপৰীত দিশৰ পৰা৷

ৰুলিঃ ৰ’বাচোন ৰ’বা! কিয় ইমান নিজক দুৰ্বল বুলি ভাবিছা? আমিবোৰ কি এনেই বায়েক হৈ আছোনে? কথাবোৰ কি হৈছে ভালকৈ এবাৰ কোৱাচোন!
ৰুলিকো কি’বা এটা দুখে খুন্দিয়াই গ’ল৷ কিনো হ’ল, বিয়া পাতিছিলহে! ইমান ধুনীয়াকৈ পতা সংসাৰত আকৌ কোনে অগ্নি সংযোগ কৰিলে৷ এই মানুহবোৰৰ আৰু কাম নাই, ইমান চকুচৰহা কিয়? নজনাটো নুবুজাটো শিকায় বুজায় দিয়াৰ সলনি খালি খুঁচৰি ফুৰে কুকুৰাৰ ঠেং দুটাৰ দৰে৷ সিফালৰ পৰা পুনৰ কান্দি থকাৰ উমান পালে৷
এনেতে ৰুলিৰ খটাসুৰ ল’ৰাটোৱে বলটো দলিয়াই দিয়াত দৰ্জাৰ কোনোবা একোণত লাগি বোমা বিষ্ফোৰণ হোৱাদি বিকট এটা শব্দ কৰিলে৷ উচপ খাই ৰুলিয়ে চিঞৰ এটা মাৰি দিয়াত হয়তো মিতালিও ভয় খালে৷ বাইদেউ হ’ব মই পাছত কথা পাতিম৷ এতিয়া ৰাখিছোঁ৷ – বুলি ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে৷

ৰুলিয়ে ল’ৰাটো খেদি খেদি বাহিৰ পালেগৈ৷ বাহিৰত থকা চকীখনত বহি ফোনত কোৱা মিতালিৰ কথাবোৰ ভাৱি ভাৱি এটা ডাঙৰ ভাঙিব নোৱাৰা সাঁথৰৰ মাজত সোমাই পৰিল৷ কি কথা আছিল বাৰু? তাই ইমান কন্দা কটা কৰিছে৷ নি(য় ডাঙৰ কিবা সমস্যাই হ’ব৷ নহ’লে কিয় তাই আজি এই ভৰ দুপৰীয়াখনত মোক তাইৰ বৈবাহিক জীৱনৰ বিপৰ্যয়ৰ কথা ক’লে৷ তৰুণো ইমান ভাল, সহজ সৰল ল’ৰা৷ কোনোদিনে কাৰো স’তে দাঁতে-ওঁঠে নলগা ল’ৰাটোৱে আকৌ কিয় মানুহজনীৰ উপস্থিতিৰ কামনা নকৰা হ’ল? বিয়াৰ আগতে বন্ধ পালেই পোনেই মিতালিৰ কাষলৈ ঢপলিয়াই যায়৷ এই ল’ৰাবোৰৰ সঁচাই কোনো গেৰাণ্টি নাই, চীনা সামগ্ৰীৰ দৰেই, কেতিয়া বেয়া হয় ধৰিবই নোৱাৰি৷ চীনা সামগ্ৰীবোৰ মেকানিকক দিলেওঁ পুনৰ ভাল কৰিব নোৱাৰি৷ কিন্তু সিহঁতৰ সম্পৰ্কটো কি হ’ব, ভাল কৰিব পাৰিমনে নাই বাৰু? বৰ বেয়াকৈ ৰুলিৰ হৃদয়ত কথাবোৰ অগাডেৱা কৰিব ধৰিলে৷ এইকেইদিনত তৰুণেও এবাৰো ফোন নকৰা হ’ল৷ যিটো ল’ৰা ফেচবুকৰ পোক আছিল, ক’ত ক’লৈ গৈছে সকলো দি থাকে, বিয়াৰ পাছত মানুহগৰাকীৰ সৈতে ক’ত গৈছে, কাৰ ঘৰত ভাতৰ নিমন্ত্ৰণ.. সকলো ফটোৰ আপডেট ফেচবুকতে পাওঁ অথচ আজি বহু দিনৰ পৰা তাৰ দেখোঁন একো আপডেট নাই৷ কি হ’ব পাৰে? ইমান সুন্দৰ লকডাউনটোত নৱ দম্পতীৰ বৰদান হিচাপে ভগৱানে মিলাই সোণত সুৱগা চৰাই দিছিল, সিহঁতৰ আকৌ বিপৰীত ৰূপহে ধাৰণ কৰিলে৷ ছেঃ কিহত বিজুতি ঘটিল!

কথাবোৰ ভাৱি থাকোঁতে মানুহজনে মাতিলে– হৌৰী আজি ভাত খাবলৈ পামনে নাই? যদি নাপাওঁ মই ভাত বিচাৰি যাওঁ কাৰোবাৰ ঘৰত৷
ৰুলিৰ এপাকত হাঁহি উঠি গৈছিল৷ বেচেৰা এই মানুহজনক আৰু কিমান কাজিয়া লাগিব৷ চাহ, ভাত প্ৰতিটো বস্তু খোৱাৰ আগতে সদায় কথা শুনি শুনিয়ে খাবলৈ পায়৷ সময়ো হৈছে, ভোক লাগিবই বুলি উঠি ভাতকেইটা খৰধৰকৈ দিলে আটাইকেইটাক৷
সকলোকে ভাত দি নিজেও খাই বাচন বৰ্তনবোৰ বেচিনতে ৰাখি এইবাৰ চাঁদৰ ওপৰলৈ গৈ চিৰিটোতে ভালকৈ বহি মিতালিক ফোন লগালে …

মিতালিঃ বাইদেউ মই ভাবিছিলোঁৱে আপুনি মোলৈ যেতিয়াই ফ্ৰী হ’ব নি(য় ফোন কৰিব৷
ৰুলিঃ অ’ মোৰো শান্তি লগা নাই নহয় থাকি, তোমালোকক একেবাৰে নিজৰ ভাই-ভনীৰ দৰে ভাৱোঁ, তেনে ক্ষেত্ৰত তোমালোকৰ বিপদ হ’লে কেনেকৈ শান্তিত থাকোঁ৷ বাৰু, কিহৰ পৰা কি হৈছে মোক এতিয়া মুকলিকৈ সকলো কোৱাচোন!

মিতালিঃ কিনো ক’ম বাইদেউ! ক’বলৈ ভাল লগা নাই কথাবোৰ৷ থাকিব দিয়ক আজি..

ৰুলিঃ তুমি যদি মোক নিজৰ বাইদেউৰ দৰে ভাৱিছা কোৱা! আৰু যদি মোক পৰৰ বুলি ভাৱা ক’ব নালাগে৷ এটা কথা সদায় মন কৰিবা সকলো সমস্যাৰে সমাধান আছে৷ দুখবোৰ যিমানেই ভগাই লবা সিমানেই পাতল লাগিব৷ নহ’লে নিজে জ্বলি ছাঁই হৈ যাবা৷ তোমাৰ কথা … কোৱা নোকোৱা সেইটো সম্পূৰ্ণ তোমাৰ ব্যক্তিগত৷

মিতালিঃ ক’ম বাইদেউ সকলো আজি আপোনাক ক’ম৷ মই ইতিমধ্যেই জ্বলি ছাঁই হৈ পৰিলোঁৱে… কেইদিনমানৰ পাছত ধোঁৱাহৈ আকাশৰ ঠিকনা বিচৰাৰ পথত৷ আজি মোৰ আকাশৰ ক’লীয়া আঁৱৰণখন খুলি আপোনাক সকলো ক’ম৷ এজনী ছোৱালীয়ে জীৱনত বিয়াৰ পাছত আকাংক্ষিত পুৰুষজনৰ পৰা সকলো বিচাৰে, মৰম ভালপোৱাৰ লগতে শাৰীৰিক, মানসিক সৰ্বস্ব৷ সেই কাৰণেই নাৰী পুৰুষৰ অদ্ধৰ্াঙ্গিনী৷ কিন্তু মই বৰ দুৰ্ভগীয়া বাইদেউ… কঁপা কঁপা মাতেৰে আকৌ কিবা ক’বলৈ চেষ্টা কৰিও ক’ব পৰা নাই…

ৰুলিঃ তাৰ পাছত কি? আচল কথাবোৰ কৈ যোৱা..

মিতালিঃ বাইদেউ বিয়া পতা আমাৰ বহুকেইমাহ হ’ল আপুনি জানেই অথচ আমাৰ মাজত পতি-পত্নীৰ সম্পৰ্ক আজিও হৈ উঠা নাই, মানে আমাৰ মাজত মধুযামিনী হোৱাই নাই… হয়তো আৰু নহ’ব কোনোদিনে৷ তৰুণ তৃতীয় লিংগৰ মানে ছোৱালীৰ প্ৰতি আকৰ্ষিত নহয়, সি এটা থাৰ্ড জেণ্ডাৰ …… মোক বিয়া পতাৰ পাছত বিভিন্ন অজুহাত দেখুৱাই আছিল৷ বন্ধত মই তাক হাতেলোতে ধৰিলোঁ৷ সি আঁচলতে অন্য ধৰণৰ ব্যক্তি৷ সি অন্য এক পৃথিৱীৰ মানুহ… বাইদেউ… মোৰ সকলো সপোন শেষ হৈ গ’ল …সকলো….

ৰুলিঃ ৰুলিয়ে নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে… কি শুনিলে তাই? সপোন নে দিঠক আছিল? বহুত সময় শিল পৰা কপৌৰ দৰে একো মুখেৰে মাতিব নোৱাৰি বহি থাকিল৷ পুনৰ মানুহজনৰ মাতত সম্বিত ঘূৰি আহিল৷
বাচনবোৰ ধুই দিলোঁ৷ চাহ একাপ পামনে এতিয়া?
মূৰটো দুপিয়াই তাই দৌৰ মাৰি আহি মানুহজক এবাৰ জোৰেৰে সাৱটি ধৰিলে৷ মানুহজনে একো উৱাদিহ নাপালে যদিওঁ মুখেৰে একো নামাতি ৰুলিৰ কপালত মিঠা চুমা এটি আঁকি দিলে৷ তেওঁ জানে, ৰুলিয়ে মনত অত্যন্ত দুখ পালে এইদৰে তেওঁৰ বুকুৰ মাজত সোমাই পৰে…

[কাহিনী সম্পূৰ্ণ কাল্পনিক৷ কাৰোবাৰ জীৱনত যদি অজ্ঞাতে আঘাত কৰিছোঁ মই ক্ষমা প্ৰাৰ্থী]
গল্পকাৰৰ ঠিকনাঃ ধেমাজি
ফোনঃ ৯৮৬৪১-৬৮৮৬২

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *