বিন্দুৰ  এই সংখ্যাৰ অতিথি হিৰণ্যময়ী বৰুৱা 

বিন্দুৰ  এই সংখ্যাৰ অতিথি হিৰণ্যময়ী বৰুৱা 
…..বৰ্তমান ল’ৰাহঁতে বিবাহৰ কথা ক’লেই বৰ বেয়া পায়৷ অকলে থাকিম বুলিয়েই কয়৷ পুৰুষ নিৰ্য্যাতনৰ কথা পুৰুষে- পুৰুষৰ সৈতেহে আলোচনা কৰে৷ এয়া বহুচৰ্চিত এতিয়াও হোৱা নাই৷ বহুপুৰুষে মনৰ ভিতৰতে সাংঘাতিক জীয়া যাতনা সামৰি থয়৷ বংশ পৰিয়ালৰ পৰাও আঁতৰি আহে৷ পৰিৱেশে ল’ৰাহঁতক কথাবোৰ চিন্তা কৰিবৰ বাবে বাধ্য কৰাইছে৷ এনেবোৰ গোচৰ পৰিয়ালকেন্দ্ৰিক আদালতত আজিও বৃদ্ধি হোৱা দেখা যায়৷ মাতৃয়ে পুত্ৰৰ কুশল মংগলৰ কথা চিন্তা কৰিয়ে ঘৰ সংসাৰ পাতি দিয়ে৷ এইবোৰ কথা ৰাইজেও চিন্তা কৰিবৰ হ’ল৷….

 

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ ক’ত জন্মগ্ৰহণ কৰিছিল? পিতৃ-মাতৃ আৰু পৰিয়াল সম্পৰ্কে কিছু আভাস দিয়কচোন ৷

উত্তৰ ঃ বিন্দুৰ পঢ়ুৱৈ সমাজ তথা বিন্দুৰ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা শুভেচ্ছা প্ৰদান কৰিলো৷ বিন্দুৰ প্ৰতি শ্ৰদ্ধা জনাইছো, মই মোৰ আন্তৰিকতা আপোনালোকলৈ বিলাই দিছো৷
মোৰ জন্ম স্থান উত্তৰ লখিমপুৰ জিলাৰ মাজ মজিয়াত৷ অৱশ্যে তেতিয়া আছিল উত্তৰ লখিমপুৰ মহকুমা, ডিব্ৰুগড় জিলা৷ ১৯৫৭ চন ১৩ ছেপ্তেম্বৰ, পেন কাৰ্ডৰ মতে তাৰিখটো ৩০ ছেপ্তেম্বৰ৷ পিতৃৰ নাম প্ৰয়াত কৃষ্ণচন্দ্ৰ গগৈ, বনবিষয়া৷ মোৰ মাতৃ প্ৰয়াত কুসুমবালা গগৈ আছিল এগৰাকী নীতিপৰায়ণ মহিলা, শিক্ষিতা দূৰদৰ্শী আৰু সমাজ শুৱনি মহিলা৷ তেওঁ আছিল এগৰাকী সুলেখিকা, তেজপুৰ জিলাৰ লেখিকা সমাৰোহৰ এগৰাকী আজীৱন সদস্যা৷ ডিব্ৰুগড় ৰেডিঅ’ চেণ্টাৰৰ নিয়মীয়া কথিকা পঢ়োতা৷ বিষ্ণুৰাভা দেৱৰ গীতৰ আবৃতিৰ ছাত্ৰী৷ মোৰ দাদা দুজন হৈছে ক্ৰমে— শ্ৰীযুত ঈশ্বৰ চন্দ্ৰ গগৈ (প্ৰাক্তন এচ্‌ এচ্‌ বি অফিচাৰ, বৰ্তমান উচ্ছ ন্যায়ালয়, গুৱাহাটীৰ অধিবক্তা) আৰু৷ শ্ৰীযুত প্ৰদীপ কুমাৰ গগৈ (বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ)৷ তৃতীয় সন্তান মই৷ দুজন ভাইটি ক্ৰমে-শ্ৰীযুত কল্যাণ কুমাৰ গগৈ (ব্যৱসায়ী, সমাজসেৱক তথা নাট সমাৰোহৰ সৈতে জড়িত) আৰু শ্ৰীযুত শিল্পী কুমাৰ গগৈ (চাহ বাগানৰ প্ৰাক্তন ডেপুটি মেনেজাৰ) ৷ শিল্পীয়ে গীত গাই ভাল পায়৷ দুগৰাকী ভণ্টি ক্ৰমে- মায়া আৰু ইতি৷
জীৱন মানেই কচুপাতৰ পানী৷ মা-দেউতা ঢুকুৱাৰ পাছত ঘৰখন উদং উদং লগা হৈছিল৷ মনলৈ একেই ভাৱ আহিছিল– জীৱনে বিচাৰে কি? মোৰ বাল্যকাল নীতি-নিয়মেৰে মা-দেউতাৰ আদৰৰ মাজত পাৰ হৈছিল৷ সেয়েহে আজিও বেয়া বুলি একো দেখা নেপাওঁ৷ জীৱন মানেই সুন্দৰৰ প্ৰতিচ্ছবি এখন দেখা পাওঁ৷
মোৰ দেউতা যিহেতু বৃটিছৰ দিনৰে চৰকাৰী চাকৰিয়াল আছিল সেয়েহে আমিবোৰে অসমৰ বিভিন্ন ঠাইলৈ বদলি হ’লে আমিও মনত বহুত দুখ পাইছিলো৷ কোনো এখন ঠাইৰ পৰিৱেশৰ সৈতে সম্পূৰ্ন খাপ খাই পৰাৰ পিছত এৰিথৈ আহিব লগা হ’লে মনটো বৰ দুখ লাগে৷ উপায়ো নাছিল৷ আই আৰু পিতৃদেৱতাই এঠাইৰ পৰা এঠাইলৈ চাকৰিৰ তাগিদাত পৰি এনেদৰে ঠাই সলাবলগীয়া হ’লে আমিও কিতাপ-কাগজ টোপোলা বান্ধি ঘূৰি ফুৰিব লগা হৈছিল৷

বিন্দু ঃ শিক্ষা জীৱনৰ পাতনি ক’ত মেলিছিল? পৰৱৰ্তী পৰ্যায়ত ক’ত সাং কৰিলে শিক্ষা জীৱন?

উত্তৰ ঃ শিক্ষা জীৱনৰ পাতনি উত্তৰ লখিমপুৰ জিলাতে হয়৷ সৰুৰে পৰা মই পঢ়াত আগ্ৰহী আছিলো, ভাল ছাত্ৰীও আছিলো৷ এল. পি. স্কুল. আহুচাউল গাঁৱৰ নিম্ন বুনিয়াদীত, তাৰ পাছত এমভি স্কুলত চিট পালো৷ তাৰ পৰা বৃত্তিলৈ পঠিয়ালে৷ পানীন্দ্ৰনাথ পথৰ ওচৰতে এম. ভি. স্কুল৷ হাইস্কুল আছিল চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়৷ মহাবিদ্যালয় আছিল উত্তৰ লখিমপুৰ জেনেৰেল কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, পঢ়াৰ ক্ষেত্ৰত ভাল আছিলো বাবে ষষ্ঠমানৰ পৰা এটি বৃত্তি লাভ কৰিছিলো৷
মহাবিদ্যালয়তো স্নাতকত [সন্মানসহ] উত্তীৰ্ণ হৈছিলো৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা যথেষ্ট মৰম-স্নেহ লাভ কৰিছিলো৷ তেখেতসকলকো মই সন্মান জনাইছিলো৷ স্নাতক ডিগ্ৰী লোৱাৰ আগতেই মোৰ বৈবাহিক জীৱনৰ পাতনি মেলিছিলো৷ তেতিয়া মোৰ বয়স আছিল ওঠৰ বছৰ (১৮ বছৰ), জীৱনৰ আদি কালতে যেন গ্ৰাম্য জীৱনৰ সান্নিধ্যই মোক সচেতন কৰি তুলিছিল৷ মই শাহু-শহুৰ পোৱা নাছিলো যদিও জা, বৰজনা, বাইশাহু, ভতিজা-ভাগিন আদি পাইছিলো৷ ভালপোৱাবোৰ বাস্তৱৰ প্ৰতিলিপিত এতিয়াও আৱদ্ধ হৈ আছে৷ গ্ৰাম্য সমাজৰ মানুহক মৰম-স্নেহ কৰিলে, তেওঁলোকেও স্নেহ প্ৰদান কৰে৷ মোৰ বৰজনা কেইজনে মোক বহুত মৰম দিছিল, তেওঁলোক এতিয়া স্বৰ্গগত৷ শ্ৰদ্ধা জনাইছো৷ আচলতে বোৱাৰীসকলে শহুৰেকৰ আৰু সম্বন্ধীয়জনৰ ঘৰত খাম, লম বুলি যাব নেলাগে তেওঁলোকক মাতে-কথাই ব্যৱহাৰ-পাতিয়ে কিমান সহায় কৰিব পাৰি এইলৈহে সন্মান আহে৷ মোৰ ক্ষেত্ৰত এনে হৈছিল৷ মই স্নাতক পৰীক্ষা দিবৰ বাবে উত্তৰ লখিমপুৰ মহাবিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছিল৷ এনেতে দ্বিতীয় সন্তান শ্ৰীমান হেমন্ত প্ৰতীমৰ জন্মৰ এসপ্তাহৰ পাছত মই সন্মানসহ ইতিহাসৰ ছাত্ৰী হৈ পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলো৷ মোৰ প্ৰথমা কন্যা প্ৰণামিকা বৰুৱাৰ তেতিয়া দুবছৰ আৰু কোলাত কেঁচুৱা পুত্ৰ হেমন্ত প্ৰতীম এসপ্তাহৰ কেঁচুৱা৷ সময়ে সময়ে বুকুৰ দুগ্ধ খুৱাও আৰু কিতাপ এবোজা লৈ আঠুৱাৰ তলত পঢ়ি থাকো৷ ইয়াৰ বাবে মোক সহায় কৰিছিল মোৰ পৰম শ্ৰদ্ধাৰ মাতৃ প্ৰয়াত কুসুমবালা গগৈ আৰু প্ৰয়াত পিতৃদেৱতা কৃষ্ণচন্দ্ৰ গগৈয়ে৷ তেওঁলোকলৈ এইখিনিতে৷ শ্ৰদ্ধা জ্ঞাপন কৰিছো৷ তেখেতলোকৰ আত্মাই চিৰশান্তি লাভ কৰক৷ শিক্ষা মোৰ এতিয়াও পাছে পাছে, পৰৱৰ্তী সময়ত মই স্নাতকোত্তৰ আৰু আইনৰ ডিগ্ৰীও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লৈছিলো৷ শিক্ষা জীৱনৰ তলি দীঘলীয়া, কেতিয়াও শেষ নহয়৷

বিন্দুঃ আপোনাৰ পিতৃ এগৰাকী বন বিষয়া আৰু মাতৃ এগৰাকী শিল্পী৷ কোনটোৰ সান্নিধ্যই আপোনাক আনন্দিত কৰিছিল- অৰণ্য নে শিল্প?

উত্তৰ ঃ মোৰ পিতৃৰ ইচ্ছা আছিল মই এগৰাকী আইনৰ ছাত্ৰী হৈ অধিবক্তা বৃত্তিত নিয়োজিত হোৱাটো৷ আৰু মোৰ মাতৃয়ে মৃত্যুৰ সময়ত মই সমাজৰ কামৰ লগতে কিতাপৰ বুকুত মনৰ সুখ-দুখবোৰ লিখি ৰাখিবলৈ মোক উপদেশ দিছিল৷ আই আৰু পিতৃৰ পৰামৰ্শই বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছিল মোক৷

বিন্দুঃ আপোনাৰ স্বামী আছিল এগৰাকী ন্যায়াধীশ৷ তেখেতৰ বিষয়ে অলপ চমুকৈ কওকচোন? প্ৰেম বিবাহ আছিল নে? প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি?

উত্তৰ ঃ মোৰ স্বামী শ্ৰীযুত হৰেশ্বৰ বৰুৱা এগৰাকী সহজ সৰল ব্যক্তি৷ নিৰিবিলি পৰিৱেশত সাধাৰণভাৱে জীৱন যাপন কৰি আনন্দ লাভ কৰে, মোৰ ওচৰতো তেখেত মান্যজন৷ তেওঁৰ জীৱনশৈলীত দৰ্শন আছে৷ মানৱীয়তাবোধ আছে৷ ঘৰুৱা-বাহিৰাজন তেওঁৰ ক্ষেত্ৰত সমান৷ সেয়েহে তেওঁক তেওঁৰ আদৰ্শবাদী চৰিত্ৰক ময়ো শ্ৰদ্ধা জনাও৷ তেওঁ মোতকৈ বয়োজ্যেষ্ঠ আৰু কোনো গৰ্ব দম্ভ নথকা ব্যক্তি৷ বস্তুবাদী সমাজখনৰ পৰা বহুত আঁতৰত৷ আমাৰ প্ৰেম বিবাহ নাছিল৷ দেউতাৰ পচন্দৰ আদৰ্শ জোঁৱাই৷ মোৰ বিবাহৰ এমাহৰ পাছতে তেওঁ জুডিচিয়েল মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল৷

বিন্দুঃ আপোনাৰ কৰ্ম্মজীৱনৰ বিষয়ে কওঁকচোন৷ কেতিয়াৰ পৰা ওকালতি কৰিবলৈ লৈছিল? ওকালতি জীৱনৰ উল্লেখযোগ্য ঘটনা এটা শুনিবলৈ পালে ভাল পাব বিন্দু পাঠকে৷

উত্তৰঃ মই মোৰ কৰ্ম্মতালিকাখন ৰাইজৰ ওচৰত মাজে মাজে দাখিল কৰিছো৷ ঘৰখনৰ কাম-বনবোৰ নিজেই কৰিব লগা হয়৷ সেয়েহে কাম-বন কৰা মানুহ নেথাকিলেও সিমান অসুবিধা অনুভৱ নকৰো৷ সন্মুখত দেখা দিয়া অভিজ্ঞতাই মোক অভিজ্ঞ কৰি তুলিছে৷
মই ২০০০ চনৰ পৰা ওকালতি কৰিবলৈ লৈছো৷ গুৱাহাটীতে কৰ্মময় জীৱনৰ পাতনি৷ প্ৰথমে মই শিলচৰ কলেজিয়েট হাইস্কুলত শিক্ষয়িত্ৰী কৰিছিলো, তাৰ পাছতে তেজপুৰৰ ডনবস্ক হাইস্কুলত শিক্ষয়িত্ৰী কৰিছিলো৷ তাৰ পাছত গুৱাহাটীলৈ অহাৰ পাছত চি, বি, আই কৰ্টত ওকালতি কৰো৷ ইয়াৰ পাছত মাননীয় উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ ধৰো৷ চৰকাৰীভাৱে পেনেলতো কাম কৰিছিলো৷ বিভিন্নজন মানুহৰ দুখ-সুখৰ কথাবোৰ শুনাৰ পাছত অভিভূত হৈ পৰো৷ ওকালতিত বিভিন্ন কথাই ভুমুকি মাৰেহি৷ বিশেষকৈ মানুহে কপাল বেয়া হ’লেহে ক’ৰ্ট কাছাৰীলৈ আহিব লগা হয়৷

বিন্দু ঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল? লেখাৰ অনুপ্ৰেৰণা ক’ৰ পৰা পাইছিল?

উত্তৰ ঃ মোৰ লেখক জীৱনৰ বিষয়ে জানিবলৈ হ’লে ‘মই’ নামৰ মানুহজনীকো জানিব বুজিব লাগিব, বাস্তৱিক জীৱনৰ অভিজ্ঞতাৰ ফচলবোৰেই মোৰ বাবে সাহিত্যৰ ভঁৰাল, মোৰ জীৱনৰ অভিজ্ঞতাৰ প্ৰতিফলনেই হৈছে মোৰ সাহিত্য৷ মানুহ মোৰ প্ৰিয়৷ মানুহৰ জীৱনৰ দুখ সুখৰ কথাবোৰেই বৰ্তমান পৃথিৱীখন সজাইছে পৰাইছে৷ মই এনেকৈয়ে প্ৰতিটো কথা লক্ষ্য কৰিছিলো আৰু লাহে লাহে লিখিবলৈ লৈছিলো৷ এতিয়াও লিখিছো- সাহিত্যৰ জগতখনলৈ আহি লাহে লাহে ভিতৰচ’ৰাত সোমাই পৰিছিলো৷ বিশেষকৈ মহাবিদ্যালসমূহত আয়োজিত কৰা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ পাছত পুৰস্কাৰ লাভ কৰিছিলো৷ গল্প, হাস্য ৰসাত্মক কাহিনী, উপন্যাস আদি লিখা-মেলাত পুৰস্কৃত হোৱাৰ পাছতে মনটো হৈ পৰিছিল অনুপ্ৰাণিত৷ পুৰস্কাৰসমূহ লাভ কৰাৰ পাছত মনটো আপ্লুত হৈ পৰিছিল৷ সাহিত্যৰ জগতখনলৈ এনেকৈয়ে গভীৰভাৱে সোমাই গ’লো৷ লিখাৰ অনুপ্ৰেৰণা বিশেষকৈ মোৰ বন্ধু-বান্ধৱী আৰু মাতৃৰ পৰা লাভ কৰিছিলো৷

বিন্দুঃ এতিয়ালৈকে আপুনি ৫০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিলে৷ গ্ৰন্থকেইখনৰ বিষয়ে সম্যক ধাৰণা এটা দিয়কচোন, তাৰে ভিতৰত কিমানখন উপন্যাস আছে, প্ৰবন্ধ সংকলন আছে বা কবিতা সংকলনো আছে নেকি তাত? অলপ বিস্তাৰিতভাৱে কওকচোন?

উত্তৰঃ মোৰ কাব্যগ্ৰন্থ কেইখনৰ নাম হৈছে– সুপ্ৰভাত, ত্ৰিনয়নী, অলকানন্দা, তুমি প্ৰণামিকা কাব্য কংকনা, জীৱন কবিতা আন এক নাম, লোপামুদ্ৰা, অসমীয়া জীয়ৰী মই, হিৰণ্যময়ী বৰুৱাৰ ভিন্নস্বাদৰ কাব্য সংকলন, (অসম ভিত্তিত লক্ষীমপুৰ জিলা সাহিত্য সাংস্কৃতিক সমাৰোহৰ দ্বাৰা আয়োজিত কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত) গল্প– হাৰিকেনৰ কাহিনী, চিফুং নদীৰ ঘাট, ৰুণুমী, মোহনা, অম্বিকা ৷ অনুবাদ গল্প–‘মোপাছাৰ’ গল্প, ইংৰাজীৰ পৰা অসমীয়ালৈ৷
উপন্যাস– প্ৰত্যাশা, প্ৰিয়দৰ্শিনী, গেৰুকা মুখত চিনাকি মুখ, অনেক জোপোহাৰ ঢৌ, সামুদ্ৰিক এৰাসুঁতি, ৰুদ্ৰাক্ষ, ইৰম শৰ্মিলা, সোণপাহী, মহাসতী, জয়মতী, প্ৰিয়দৰ্শিনী, ভেটচিলী, পুৱতি নিশাৰ সপোন, ৰঙানদীৰ পাৰে পাৰে, ‘নতুন পুৰুষ তুমি’৷
গীতসমূহ– ‘‘গীতৰ নিজৰা’’ পঞ্চাছটা গীতৰ এখনি শৰাই৷
নাটক– কামধেনু (একাঙ্কিকা নাট), সংকল্প৷ (একক অভিনয় নৃত্য, অভিনয় যাত্ৰা)৷
শিশু উপন্যাস– অকণিৰ মন, অকণিৰ জগত, শিশুৰ কোমল মনৰ কথাৰে৷ (লেখিকাৰ অনুভূতি প্ৰকাশ)
শিশু গল্প সংকলন– ঢোল বায় ক’ত (প্ৰথম খণ্ড), ঢোল বায় ক’ত (দ্বিতীয় খণ্ড), ঢোল বায় ক’ত (তৃতীয় খণ্ড), ঢোল বায় ক’ত (চতুৰ্থ খণ্ড) ৷
লেখিকা সমাৰোহৰ দ্বাৰা অসমভিত্তিত আয়োজিত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ, শিৱসাগৰ জিলাত বিশাল জনসমাৰোহত আয়োজিত হৈছিল, অৱশ্যে নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলো৷ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ আইন শীৰ্ষক গ্ৰন্থ– ‘‘সাধাৰণ মানুহৰ বাবে আইনী ব্যৱস্থা’’, দ্বিতীয়– ‘‘আইনী প্ৰক্ৰিয়া’’৷
প্ৰবন্ধ সংকলন– ১) অসমীয়া সমাজ, সাহিত্য সংস্কৃতিৰ ৰূপৰেখা৷ ২) উত্তৰ পূৰ্বাঞ্চলত বসতি লাভ কৰা বিভিন্ন জাতি৷
শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতৰ তত্ত্ববিচাৰ আৰু জনজাতি, শ্ৰীশ্ৰীশংকৰদেৱ
ব্যক্তিবিশেষ– অসম ৰত্ন ড॰ ভূপেন হাজৰিকা৷
সাধুকথা আৰু শিশুৰ গল্প–
১) ঢোল বায় ক’ত (১, ২, ৩, ৪ প্ৰকাশ)
২) আইতা আৰু ককাদেউতাৰ সাধু কথা (ৰেখা প্ৰকাশৰ অনুৰোধক্ৰমে) ৷
৩) ‘অপৰাজিতা’ শিশু গল্প
৪) অকণিৰ মন, অকণিৰ জগত
৫) অকণিৰ হাঁহি (শিশুৰ সাহিত্যালোচনী)
বাতৰি কাকতৰ, তিনিমহীয়া বাতৰি কাকত– পত্ৰিকা নন্দিনী, সপ্তৰ্ষি, প্ৰতিষ্ঠাপক, মুখ্য সম্পাদক৷
সাহিত্যালোচনীৰ প্ৰতিষ্ঠাতা আৰু মুখ্য সম্পাদক জননী, অকণিৰ হাঁহি, সপ্তৰ্ষি, আইতাৰ হাঁহি৷
আধ্যাত্মিকতা–শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত আৰু তত্ত্বকথা, আয়তীসকলৰ নাম–শ্ৰীকৃষ্ণ (১ম, ২য়, ৩য়, ৪ৰ্থ প্ৰকাশ)৷
বাতৰিকাকত– অগ্ৰদূত, খবৰত শিশু গল্প, ‘নন্দিনী’ মহিলা আলোচনী নিয়মীয়া লিখক৷
পঢ়ুৱৈ সমাজে মোক বহুত মৰম কৰিছে, সেয়েহে তেখেতসকললৈ ধন্যবাদ জনালো৷ আগলৈকো মোক তেখেতসকলে সহায়ৰ হাতখন আগবঢ়াওক তাৰে কামনা কৰিলো৷ প্ৰতিখন গ্ৰন্থই মোৰ জন্মজাত, গৰ্ভস্থ সন্তানৰ দৰেই৷ তেওঁলোকক পৰিস্কাৰ-পৰিচ্চন্ন কৰিহে ৰাইজৰ মাজলৈ এৰি দিও৷ জীৱনত কি পালো, কি নেপালো সেয়া ডাঙৰ কথা নহয়, সমাজলৈ আমি কি অৱদান আগবঢ়ালো সেয়াহে ডাঙৰ কথা৷ মোৰ শিৰত চিৰকাল ৰাইজৰ আশীৰ্বাদ থাকে যেন সেয়াই মোৰ কাম্য৷

বিন্দুঃ আপুনি লিখা কামৰ উপৰি সম্পাদনাৰ সৈতেও জড়িত চাৰিখনকৈ আলোচনীৰ আপুনি প্ৰতিষ্ঠাপক সম্পাদক৷ সেই বিষয়ক অভিজ্ঞ তা অলপ শ্বেয়াৰ কৰিব নেকি বিন্দুৰ পাঠকৰ সৈতে৷

উত্তৰঃ হয়, ঠিকেই৷ মোৰ এটা ধাৰণা আছে, সেইটো হৈছে জগত সুন্দৰ, মানুহৰ মন সুন্দৰ৷ সেয়ে হয়তো মই মোৰ কৰ্মৰ জৰিয়তে চিৰসুন্দৰক বিচাৰি পাইছো৷ মোৰ সাহিত্যালোচনী কেইখন হৈছে– জননী, সপ্তৰ্ষি, অকণিৰ হাঁহি, আইতাৰ হাঁহি৷ দুখনকৈ সাহিত্য সংস্কৃতিমূলক পত্ৰিকা ‘পত্ৰিকা সপ্তৰ্ষি, ‘পত্ৰিকা নন্দিনী’৷
মোৰ অভিজ্ঞতা ১৯৮৬ চনৰ পৰা বেছিকৈ হৈছে৷ যি সময়ত কাছাৰ জিলা শিলচৰ চহৰত আছিলো, তেতিয়াৰ পৰা বহুতো বন্ধুবৰ্গই বিভিন্ন ভাষাৰ এখন আলোচনীৰ আশা কৰিছিল, সেয়ে সপ্তৰ্ষি সাহিত্যালোচনীৰ জন্ম হয়৷
যিসময়ত তেজপুৰ, নগাঁৱত আছিলো তেতিয়া প্ৰয়াত মহিম বৰদেৱৰ ‘অকণিৰ হাঁহি’ৰ জন্ম হয়, গুৱাহাটীত থকা সময় ক্ষণত ‘জননী’ৰ জন্ম হয়৷ অভিজ্ঞতা বিশেষকৈ বহুত মানুহৰ সৈতে পৰিচয় হৈছে৷ মোৰ সপ্তৰ্ষিগোষ্ঠীৰ অনুষ্ঠানটিৰ প্ৰতি বহুতে শ্ৰদ্ধা আগবঢ়ায়৷ এয়া আছিল আইমাতৃৰ মৃত্যুৰ আগমুহূৰ্তৰ আশীষ৷ অসমীয়া সমাজৰ প্ৰতি অথবা ভাৰতীয় বিভিন্ন ভাষাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো৷

বিন্দুঃ আপুনি এগৰাকী সমাজ সেৱিকা তথা সমাজৰ সংগঠকো৷ আপুনি স৫১্ষিগোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক৷ সেই বিষয়ক অভিজ্ঞ তা অলপ শ্বেয়াৰ কৰিব নেকি বিন্দুৰ পাঠকৰ সৈতে?

উত্তৰ ঃ নিশ্চয়, অভিজ্ঞতা হৈছে৷ সেয়েহে মানুহবোৰে অন্যায় কৰা দেখা পালে মনটো সেমেকি উঠে৷ সমাজত এজন ডাঙৰীয়া থাকে৷ সেইজনা ডাঙৰীয়া ভগৱানে সমাজখন চলাই নিয়াত সহায় কৰে৷

বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্য মানে কি? বৰ্তমান অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে?

উত্তৰঃ সাহিত্যৰ সংজ্ঞা দিয়াটো বৰ জটিল কাম৷ লেখকৰ লেখাই সাহিত্য নহয়, বুলি বহুতে ক’ব খোজে৷ পণ্ডিতসকলে ক’ব খোজে সাহিত্যৰ চাৰিটা উপাদান হৈছে–প্ৰথমটো বৌদ্ধিক, দ্বিতীয়টো হৈছে অনুভূতিক, তৃতীয়টো হৈছে কল্পনালৌকিক, চতুৰ্থটো হৈছে শিল্পবুদ্ধি সংক্ৰান্তিয়৷ সাহিত্যৰ প্ৰেৰণা আৰু চৰিত্ৰধৰ্মৰ লগত সৃষ্টিশীল সাহিত্যৰহে সম্বন্ধ আছে৷ জ্ঞানৰ সাহিত্যই তথ্যপাতি আৰু তথ্যকথাৰ যোগান ধৰি পাঠকৰ মনত জ্ঞানৰ কোঠালি আলোকিত কৰি তোলা দেখা যায়৷
সাহিত্যৰ লক্ষ্য হৈছে, তথ্যপাতি আৰু তত্ত্বকথাৰ যোগান ধৰি পঢ়ুৱৈ সমাজৰ মাজত পঢ়াৰ বাবে আগবঢ়াই দিয়া৷ বৰ্তমান অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে বুলি সোধা কথাষাৰত মই চমকিত হৈ পৰিছো৷ আচলতে কি জানানে কোনে কি ফালে খোজ কাঢ়িছে সেয়া তেওঁলোকে জানিব বুজিব৷ অৱশ্যে আমি সদায়ে আশাবাদী৷ কথা এষাৰ আছে– সঙ্গ ল, সঙ্গ ল, জ্ঞাতিৰ সঙ্গ ল, কুল ল, কুল ল নদীৰ কুল ল৷ নতুন পুৰুষে অসমলৈ সুনাম কঢ়িয়াই আনক তাৰে কামনা কৰিলো৷

বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?

উত্তৰঃ মই এতিয়াও সচেতন হ’ব পৰা নাই৷ লেখিকা হ’বলৈও বহুত কষ্ট কৰাৰ প্ৰয়োজন৷ ব্যস্ততাৰ মাজত নিজক হেৰুৱাব নোখোজো বাবেই কথাবোৰ লিখি যাওঁ৷ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰো৷

বিন্দুঃ যুৱ উচ্চৃঙ্খলতাই কেনে পৰ্যায় পাইছেগৈ সেয়া শেহতীয়াভাৱে সংঘটিত হৈ থকা ঘটনাৰাজিৰ পৰাই আমি অনুমান কৰিব পাৰো৷ এগৰাকী লেখিকা তথা সমাজসেৱিকা নাইবা এগৰাকী অধিবক্তা হিচাপে সমাজত সংঘটিত হৈ থকা অবাঞ্ছিত ঘটনাসমূহৰ অন্তৰালত কি থকা বুলি আপুনি ভাবে? ইয়াৰ বাবে আপুনি পৰিয়াল, স্কুল কতৃৰ্পক্ষ নে সমাজক জগৰীয়া কৰিব?

উত্তৰঃ যুৱ উচ্চৃঙ্খলতাই পৰিৱৰ্তন আনিছে, এয়া হেনো তেওঁলোকৰ ৰং-ধেমালি৷ ক’ব খোজো তোমালোকে এবাৰো ঘৰখনৰ পৰিয়ালৰ কথা চিন্তা নকৰা নেকি? সমাজৰ কথা নকলোৱে বা৷ মোৰ মনত দুখ লাগে যেতিয়া উঠি অহা চামৰ অতিমাত্ৰা বিশৃঙ্খলতা দেখা পাওঁ৷ এনেবোৰ গোচৰ আহিয়েই থাকে৷ সময়বোৰ এবাৰ গ’লে যে নাহে সেই কথা কোনেও তেওঁলোকক শিকাই নিদিয়ে অথবা তেওঁলোকেও শিকা নাই, নিশিকেও৷ ইয়াৰ বাবে আমি সকলোৱে সচেতন হোৱাটো উচিত, কাৰণ সকলোৰে দায়বদ্ধতা আছে৷ কিছুমান মানুহে এনেবোৰ উচ্চৃঙ্খল যুৱক-যুৱতীক লৈ ঠায়ে ঠায়ে কমিটি গঠন কৰা উচিত৷ অসমত অসমীয়া সন্তানে এই উচ্চৃঙ্খলতাৰ পৰা বিৰত থাকক৷ ইয়াৰ বাবে সচেতন হ’ব লাগিব পৰিয়ালবৰ্গ, স্কুল কতৃৰ্পক্ষ, সমাজৰ সচেতন ব্যক্তিসকল৷ সকলো ঠিকে থাকিলে অসম পুনৰ উন্নতিৰ পথত অগ্ৰসৰ হ’ব৷

বিন্দুঃ শেহতীয়াভাৱে তৃতীয় আৰু চতুৰ্থ ে৷ ণীত ‘চৰিত্ৰ পাঠ’ নামৰ পাঠ্যক্ৰমটি পুনৰ অন্তৰ্ভুক্ত কৰাৰ যো-জা চলাইছে৷ অসম চৰকাৰৰ শিক্ষা বিভাগে৷ কথাটো কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰঃ ভাল লাগিছে৷ চৰকাৰে ‘চৰিত্ৰ পাঠ’ নামৰ পাঠ্যক্ৰমটি পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছো৷ সমাজত এনে ধৰণৰ এখন কিতাপৰ প্ৰয়োজনীয়তা আছে৷ এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে সমাজৰ প্ৰতিজন নাগৰিকৰ মন-প্ৰাণ সচেতন কৰি তোলক তাৰে আশা কৰিছো৷

বিন্দুঃ অসমৰ নাৰী সমাজত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে?

উত্তৰঃ নাৰী মাত্ৰেই মহিমাময়ী৷ ভিন্ন নাৰীৰ ভিন্ন ৰূপ ৰং, অন্তহীন প্ৰেম, বাসনা, সৌন্দৰ্য্যময়ী হৈ ঐশ্বৰ্য্যময়ী ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰে৷ নাৰীক কোৱা হয় অৰ্ধ আকাশ৷ যাৰ বুকুত বিলীন হৈ যায় সমস্ত খং বিৰাগ, প্ৰেম-প্ৰেৰণা, প্ৰতাৰণা৷ সম অধিকাৰ মানে পুৰুষৰ সমানে সমানে অধিকাৰ৷ অসমৰ নাৰী সমাজত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অসমভিত্তিত প্ৰবন্ধ লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ প্ৰতিযোগিতাৰ বিষয়– অসমৰ প্ৰেক্ষাপটত নাৰীবাদৰ তৃতীয় ঢৌ৷ নাৰীক সন্মান কৰিবলৈ শিকক৷ ‘নাৰী’ আপোনাৰ ‘মাতৃ’ ভগ্নী, পত্নী বুলি জ্ঞান কৰক৷ ‘নাৰীয়ে’ কেৱল ঘৰখন শুৱনি নকৰে, ঘৰখন, সমাজখন ৰক্ষা কৰিবলৈকো জানে৷ কথাতে কয় সুতিৰি মেদেলি, সুফল কদলি৷ সকলো নাৰী ৰূপৱতী নহ’বও পাৰে সৃষ্টিৰ নৈবেদ্যত নাৰীৰ মহিমা অপাৰ৷
মোৰ জীৱনৰ অভিজ্ঞতাই মোক শিকায় নাৰী যুগে যুগে৷ এগৰাকী সুন্দৰী নাৰীৰ বাবেই ষ্টয় নগৰ ধ্বংস হৈছিল৷ বুদ্ধিমতী নাৰীয়ে সংসাৰখন সুন্দৰ কৰিবলৈ বিচাৰে৷ এনেদৰে নম্ৰ, ভদ্ৰ, ভাল ব্যৱহাৰত নাৰীয়ে নিজক বিজয়ী কৰি তুলিব ৷ নাৰী এতিয়া অবলা নহয়, আইনী প্ৰক্ৰিয়াত নাৰীক সবলা বুলিয়েই জনা যায়৷ আজিৰ আধুনিক নাৰী সুৰক্ষিত একেবাৰে নহয়, যিমানেই শিক্ষিতা হৈছে, কৰ্মযোগী হৈছে সিমানে নাৰীৰ শত্ৰু বৃদ্ধি হৈছে ৷ সৌ সিদিনাখন কলিকতাৰ ডাক্তৰ মৌমিতা দেৱনাথৰ হত্যাকাণ্ডই পৃথিৱীখন জোকাৰী যায়৷ সৰু বৰ বহুতো কথা দৈনন্দিন চলিয়েই আছে৷ নাৰী এতিয়া সুৰক্ষিত হোৱা নাই৷ ঘৰত, বাহিৰত সকলোতে৷

বিন্দুঃ আপুনি পিতৃ আৰু মাতৃৰ স্মৃতিত ক্ৰমে ‘‘কৃষ্ণচন্দ্ৰ বঁটা’’ আৰু ‘‘কুসুম বালা বঁটা’’ বছৰি প্ৰদান কৰি আহিছে৷ এই বঁটাত কি কি থাকে আৰু কিমান দিনৰ পৰা এই কাম আপুনি কৰি আহিছে? বঁটাসমূহ কি যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হয় অলপ চমুকৈ কওঁকচোন?

উত্তৰঃ হয়, মই মোৰ মাতৃ আৰু পিতৃক সমাজতে বিচাৰি পাইছো৷ প্ৰয়াত আইমাতৃ কুসুম বালা বঁটা আৰু পিতৃদেৱতা প্ৰয়াত কৃষ্ণচন্দ্ৰ বঁটা সমাজত দি অহা হৈছে৷ ২০০০ চনৰ পৰা এই বঁটা দিবলৈ প্ৰয়াস কৰিছো৷ মোৰ আই কুসুমবালা এগৰাকী বৈষ্ণৱ ধৰ্মৰ আইমাতৃ আছিল৷ সোণাৰাম ৰূপে তেওঁক শ্ৰীশ্ৰীশংকৰ সংঘৰ একান্ত ভক্তা হিচাপে এক শৰণ নামৰ দীক্ষা প্ৰদান কৰিছিল৷
আইমাতৃ কুসুমবালাৰ মৃত্যুৰ আগমমুহূৰ্তত আমাৰ মাতৃগৃহত এটি নামঘৰ প্ৰতিষ্ঠা হয়৷ তাত বৈষ্ণৱভক্তগণে প্ৰতি গুৰুবাৰে নামপ্ৰসঙ্গ কৰিছিল লগতে ভাগৱতৰ তত্ত্বশাস্ত্ৰ পাঠ কৰিছিল৷ কিন্তু মৃত্যুৰ আগমুহূৰ্তত আই কুসুমবালাই মোক এটা দিহা দিছিল যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত পৰিবেশন কৰিলে মন প্ৰফুল্লিত হয় আৰু ৰোগ শোক নাইকিয়া হয়৷ সমাজৰ মাজলৈ মোক যাবৰ বাবে দিহা দিছিল৷ বহুত কথা চিন্তা কৰি সমাজৰ দেৱবস্তু সদৃশ নিঃস্বাৰ্থভাৱেৰে আইমাতৃসকলৰ ভিতৰত ‘‘আইমাতৃ কুসুম বালা বঁটা“টি দিবলৈ লওঁ ৷ মোৰ যি ৰোগ শোক আছিল সেয়া লাহে লাহে আঁতৰিল৷ হয়তো এক মাতৃহীনা ‘মই’ নামৰ মানুহজনীক আইমাতৃ কুসুমবালাই আশীষ প্ৰদান কৰিছিল৷ মোৰ পৰম পূজনীয় পিতৃদেৱতাৰ বিয়োগ হৈছিল আইমাতৃ ঢুকুৱাৰ বাৰ বছৰৰ পাছত৷
এই বঁটাত থাকে কিতাপৰ টোপোলা ‘‘গীতা ভাগৱত’’, ‘‘অঙ্গবস্ত্ৰ’’, ‘‘অৰিহণা’’, আৰু কিছুমান লাগতিয়াল বস্তু৷ ‘‘অৰিহণা’’– ছাতি আৰু উপহাৰ, মানপত্ৰ শৰাই, ধূতি-পাঞ্জাৱী আইমাতৃ ‘‘কুসুমবালাৰ’’ ক্ষেত্ৰত কিতাপৰ টোপোলা সেন্দূৰ আৰু ছাতি, মেখেলা-চাদৰ, অৰিহণা, মানপত্ৰ আৰু এখন শৰাই৷ (পাটৰ অথবা কেঁচাপাটৰ মেখেলা চাদৰ দিয়া হয় ৷ জীৱিত অৱস্থাত যি বস্তু ব্যৱহাৰ কৰিছিল, সেয়া দিয়া হয়৷)৷ বঁচাসমূহ সমাজ শুৱনি মানুহ বিচাৰি লৈ যোগ্যতাৰ ভিত্তিত দিয়া হয়৷ যিসকলে সমাজ, মানুহ আৰু প্ৰকৃতিক ভাল পায়, তেনে মানুহক অধিক গুৰুত্ব প্ৰদান কৰো ৷ কথাতে কয় পো-হঁতেহে পিতৃ-মাতৃক শ্ৰদ্ধা জনাব পাৰে৷ কিন্তু পৰৰ গৃহলৈ উলিয়াই দিয়া জীয়ৰীয়ে পিতৃ-মাতৃৰ হৈ একোকে কৰিব নোৱাৰে৷ এনেবোৰ কথা আমি মানি ল’ব নোখোজো৷ কাৰণ ‘‘আত্মা অমৰ’’৷ সেয়েহে আমি পিতৃ-মাতৃৰ নামত যিখিনি পাৰিছো তাৰে দিবলৈ চেষ্টা কৰিছো৷ এয়া এক আশীৰ্বাদ বুলিহে ভাবিছো৷
জীৱিত অৱস্থাটো পিতৃ-মাতৃৰ সত্যবাক্য পালন কৰি নিজৰ দাম্পত্য জীৱনৰ পাতনি মেলিছিলো৷ এনে এক নীতিকৰ্ম্ম মোৰ সন্তানকেইটিক দেখুওৱাৰ উপৰিও সমাজখনলৈও এটি মেচেজ গৈছে বুলি ভাবিব পাৰো৷ আই মোৰ জনমে জনমে৷ মাতৃ গঙ্গা, পিতৃ তীৰ্থ৷ মোৰ এয়া চিন্তা কৰিবলগীয়া কথা৷

বিন্দুঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? সামাজিক মাধ্যমক আপুনি নিজে কেনেধৰণে গ্ৰহণ কৰিেংছ?

উত্তৰঃ ডিজিটেল যুগত ছ’চিয়েল মিডিয়াই মানুহক সংযোগ কৰা, ধাৰণা ভাগ বতৰা কৰা তথা সংস্কৃতি সংৰক্ষণৰ এক শক্তিশালী আহিলাত পৰিণত হৈছে৷ ছ’চিয়েল মিডিয়াত ‘ভাইৰেল’ অৰ্থাৎ বহু মানুহৰ দৃষ্টিগোচৰ হোৱাটোৱেই হৈছে সফলতাৰ মাপকাঠী৷
সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়া আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, যি সমগ্ৰ বিশ্বৰ কোটি কোটি লোকক সংযোগ কৰা দেখা গৈছে৷ সামাজিক মাধ্যমক আমিবোৰে অনলাইনৰ জৰিয়তে সুৰক্ষিত থকাটো বিচাৰিছো– ছ’চিয়েল মিডিয়া হৈছে ইণ্টাৰেক্টিভ প্ৰযুক্তি যি ভাৰ্চুৱেল সম্প্ৰদায় আৰু নেটৱৰ্কৰ জৰিয়তে তথ্য ধাৰণা, আগ্ৰহ আৰু অন্যান্য অভিব্যক্তি প্ৰস্তুত আৰু ভাগ বতৰা কৰাত সহায় কৰে৷
মানুহ সমাজ প্ৰিয়, মানুহে সুখীহৈ থকাটো বিচাৰে৷ সেয়েহে সামাজিকভাৱে সংযুক্ত হৈ থাকিবলৈ আমাক সংগীৰ প্ৰয়োজন৷ সামাজিকভাৱে সংযুক্ত হৈ থাকিলে মানুহৰ মানসিক চাপ, উদ্বেগ আৰু হতাশা, নিঃসঙ্গতা কম হয় আৰু স্বমূল্যৰ অনুভৱ বৃদ্ধি পায়৷ ময়ো ক’ব বিচাৰিছো যে নতুন প্ৰযুক্তিৰ লগত তাল মিলাই আগবাঢ়ি যাবলৈ সামাজিক মাধ্যমৰ গুৰুত্ব অপৰিসীম৷ সামাজিক মাধ্যমৰ প্ৰতি সচেতন হোৱাটো উচিত, যিহেতু সামাজিক মাধ্যম হৈছে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সৰবৰাহ কৰিব পৰা আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক গোলকীয় বিশেষ প্ৰচেষ্টা৷ সামাজিক মাধ্যমে বিশ্বব্যাপী মানুহৰ মাজৰ ব্যৱধান দূৰ কৰা দেখা যায়৷ যাৰ ফলত সামাজিক মাধ্যমে বা ছচিয়াল মিডিয়া আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা দেখা গৈছে৷
সামাজিক মাধ্যম ব্যৱহাৰকলৈ হঠাৎ প্ৰণয়ন হ’ল এখন আইন৷ ফেচবুক, ইনষ্ট্ৰাগ্ৰাম খুলিব নোৱাৰিব ১৬ বছৰৰ তলৰ শিশুহঁতে অন্যথা পাঁচকোটি টকাৰ জৰিমনা ভৰিব লাগিব বুলি চৰকাৰীভাৱে ঘোষণা কৰিছে অষ্ট্ৰেলিয়াত৷ এয়া এক সকলোৰে বাবে আইনী সজাগতা৷

বিন্দুঃ অসমীয়া পাঠকে কিতাপ কিনি নপঢ়ে- এয়া এক বহুদিনীয়া অভিযোগ৷ বৰ্তমান সামাজিক মাধ্যমৰ আগমনে কথাটো যেন অধিক প্ৰাসঙ্গিক কৰি তুলিছে৷ আপুনি কি দেখিছে? বিশেষকৈ নতুন প্ৰজন্মৰ মাজত বাহিৰা কিতাপ অধ্যয়নৰ স্পৃহা কমিছে নে বাঢ়িছে বুলি ভাৱে আপুনি?

উত্তৰঃ কিছুমান ক্ষেত্ৰত বিশেষকৈ কিতাপ দেখিলেই ৰ’ব নোৱাৰাজনৰ ক্ষেত্ৰত ক’বলৈ লৈছো কিতাপখন খুজিব অথবা হাততে লৈ যায়৷
বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে সুবিধা লাভ কৰিছে৷ ‘কিতাপ পঢ়াৰ আনন্দ’ সুকিয়া এনেবোৰ কথা তেওঁলোকে উমান নেপায়৷ মই মানুহবোৰ দেখিছো৷ যিসকলে পঢ়ে তেওঁলোকে কিতাপো কিনে৷ নতুন প্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ স্পৃহা বাঢ়িছে যেন অনুভৱ হয়৷ পঢ়াই পঢ়ে, ৰোৱে পান, এই তিনিও নিচিন্তে আন৷

বিন্দুঃ ২০২৪ চনৰ তথ্য অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে৷ শেহতীয়া চৰকাৰী তথ্যমতে, এই বছৰত (২০২৪) এতিয়ালৈ নাৰীজনীত অপৰাধৰ পঞ্জীভূক্ত সংখ্যা ৪০ হাজাৰৰো অধিক৷ ইয়াৰ ভিতৰত ধৰ্ষণৰ গোচৰ ১০ হেজাৰৰো অধিক, আহৰণৰ গোচৰ ৫, ০০০ ৰো অধিক, হত্যাৰ গোচৰ ২, ০০০ ৰো অধিক, গ্ৰাৰ্হস্থ্য হিংসাৰ গোচৰ, ১৫, ০০০ ৰো অধিক৷ এই তথ্যসমূহে দেখুৱাইছে যে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যিটো সমাজৰ বাবে এক চিন্তাৰ বিষয়৷ এই সন্দৰ্ভত এগৰাকী সমাজ সচেতন নাৰী হিচাপে আপোনাৰ বক্তব্য কি?

উত্তৰঃ হয়, ধৰ্ষণ, হত্যা, গোচৰ এইবোৰ তথ্যভিত্তিত বৃদ্ধি লাভ কৰিছে৷ গ্ৰাৰ্হস্থ্য হিংসা হৈছে এটি সামাজিক আইনগত অপৰাধ৷ স্বামীয়ে পত্নীক কৰা নিৰ্য্যাতন অথবা শাহু, শহুৰ, দেওৰেক, বৌৱেকে কৰা নিৰ্য্যাতনো হ’ব পাৰে৷
এইবোৰ হৈছে মানুহৰ জীৱনৰ দুৰ্ভাগ্যজনক ঘটনা ৷ গ্ৰাৰ্হস্থ্য ধৰ্মত যেতিয়া বেমেজালি লাগে তেতিয়া গোটেই পৰিয়ালটোৰে ক্ষতি হয়৷ এনেবোৰ কাৰণত ঘৰখনত বিশৃংখলতাই দেখা দিয়ে ৷ সেয়েহে ক’ব বিচাৰিছো বহুত চিন্তা-চৰ্চা কৰিহে ঘৰ-সংসাৰ কৰা উচিত৷ মানুহৰ অন্তৰত প্ৰেম ভালপোৱা চিৰদিনীয়া হোৱাটো উচিত৷ চৰায়ে চৰাইক যেনেকৈ মৰম কৰে, তেনেকৈ স্বামী-স্ত্ৰীয়েও ইজনে সিজনক মৰম-স্নেহ কৰা উচিত৷ অৱশ্যে ভাল মানুহ সমাজত এতিয়াও আছে, সদায়ে থাকিব৷ সমাজখন ভাল হওঁক তাৰে কামনা কৰিলো৷

বিন্দুঃ সেন্দূৰ আপোনাৰ বাবে নাৰীৰ অলংকাৰ নে দেৱতাৰ নিৰ্মালি নে পুৰুষৰ আয়ুস?

উত্তৰঃ সেন্দূৰৰ অৰ্থটো বহুত ডাঙৰ৷ হিন্দু ধৰ্মতহে সেন্দূৰ প্ৰযোজ্য হয়, সেন্দূৰ শিৰৰ ভূষণ বুলি কোৱা হয়৷ সমাজত বহুতে সেন্দূৰক মান্য বুলি গণ্য কৰে আৰু বহুতে নকৰে৷ সেন্দূৰ হৈছে এগৰাকী বোৱাৰীৰ সন্মান, য’ত স্বামীৰ পৰিয়ালৰ সন্মান জড়িত হৈ আছে৷ সেন্দূৰ ল’লে বোৱাৰীজনী শুৱনি হৈ উঠে৷ পৰমপুৰুষ ভগৱানৰ পাছতে নিজৰ স্বামীৰ কুশল মংগল কামনা কৰি সমাজত বিয়াৰ দিনাখন হোমৰ গুৰিত সেন্দূৰ ধাৰণ কৰা হয়৷ হৰগৌৰীৰ বিবাহত স্বামীয়ে পত্নীক সেন্দূৰ পিন্ধায়৷ এয়া এক পৱিত্ৰ অনুদান৷
মোৰ বাবে সেন্দূৰ এক পৱিত্ৰ চিহ্ন৷ সেন্দূৰ পিন্ধিলে পৰৰ লোকেও বেয়া কথা ক’বলৈ সাহস নকৰে৷ সমাজত নাৰী শুৱনি হয় সেন্দূৰৰ সন্মানেৰে, নিজৰ সন্মান আছেই৷ গতিকে সেন্দূৰ কোনোবাই পিন্ধিছে কোনোবাই গধুৰ বোজা বুলি ধৰিছে সেয়া নিজৰ কথা৷ বিতৰ্কলৈ নোসোমোৱাই ভাল৷ (সেন্দূৰ বহুতো নাৰীয়ে নোলোৱাৰ কাৰণ হৈছে বৰ্তমান ভাল সেন্দূৰ পাবলৈ নাই৷ সেন্দূৰে চুলিবোৰ নষ্ট কৰে বুলিও মহিলাসকলে আপত্তি কৰা শুনা পাইছো৷)
আগেয়ে চাইনীজ সেন্দূৰ বুলি এটা সেন্দূৰে মহিলাসকলৰ মাজত নাম কৰিছিল৷ বজাৰত এতিয়া দুই নম্বৰী সেন্দূৰে ভৰি পৰিছে৷ এইলৈ বহুতৰে আপত্তি৷

বিন্দুঃ আজিকালি তোলনি বিয়া বহুত উলহ-মালহেৰে পালন কৰা হয় য’ত পুৰুষৰ বাবেও দুৱাৰ খোলা থাকে৷ কিন্তু আমি জানো যে পুৰণি দিনত ই নাৰীৰ আচুতীয়া অনুষ্ঠান আছিল য’ত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল৷ আপোনাৰ ব্যক্তিগত অভিজ্ঞতা কি এই ক্ষেত্ৰত? বৰ্তমান তোলনি বিয়াক আপুনি সমৰ্থন কৰিনে?

উত্তৰঃ হয়, আজিকালি দিন সলনি হৈছে, ভালেই বাৰু৷ আচলতে তোলনি বিয়াত পুৰুষ নেযায় বুলি আমি সৰুৰে পৰা শুনিছিলো৷ কন্যাকালৰ সময়ছোৱাত পুৰুষৰ মুখ চাব নেপায় বুলি কৈছিল৷ তোলনি বিয়া বেছি জাক-জমকতালৈ গৈছে৷ নিয়মবোৰ পালন কৰা উচিত৷ মোৰ ব্যক্তিগত অভিজ্ঞতাত দেখা পাইছিলো, আমি কন্যাকালৰ সময়ত মাটিত শুবলৈ দিছিল, গণকক দেখাই অনাৰ পাছত দান-দক্ষিণা কৰিছিল৷ আয়তীসবে আহি কেঁচা ফল-মূল আদি দিছিলহি৷ পিতৃদেৱতা, সহোদৰ ককাই-ভাই আদিৰো মুখ চাবলৈ দিয়া নাছিল৷ আজিকালি তোলনি বিয়া ডাঙৰকৈ পাতে৷ সকলো যায়৷

বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?

উত্তৰঃ পুৰুষ বুলি কওঁতে পৰমপুৰুষ শ্ৰেষ্ঠ ভগৱন্ত৷ পৰম উত্তম পৰম পুৰুষ, প্ৰাচীন ভাৰতীয় দৰ্শনত পুৰুষক ‘আত্মা’ বুলি কোৱা হৈছিল৷ ‘পুৰুষ’ৰ সংজ্ঞা বুলি কওঁতে পিতৃ, ভাতৃ, স্বামী, পুত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত পৰিয়ালকেন্দ্ৰিক এখন ঘৰ অথবা বাসগৃহ৷ অৱশ্যে ঘৰৰ ভিতৰত তেওঁলোকক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়৷ পুৰুষৰ মাত কথা নাৰীতকৈ সুকীয়া৷ তেওঁলোকে ‘পুৰুষ’ হিচাপে কৰ্ম কৰি দেখুৱাব পৰাটোহে আচল কথা৷
ক’বলৈ গ’লে পুৰুষ এজনৰ সৎচৰিত্ৰ আৰু অমায়িক আৰু কৰ্মনিপুণতাই পুৰুষৰ পৰিচয় দিয়াৰ লগতে বংশৰ, সমাজৰ, ওচৰ-চুবুৰীয়াৰ, বন্ধুবৰ্গৰ, সম্বন্ধীয়সকলৰ গৌৰৱ হ’ব লাগে৷

বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আনি দিছে৷ আপুনি কি ভাৱে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাৱে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হ’লেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব?

উত্তৰঃ সেয়া নহয়৷ এচাম লোকে নিজৰ মাতৃ—পিতৃক বোজা বুলি মানি লৈছে, অন্যজনৰ কথামতেই হওঁক নতুবা পৰিয়ালৰ কথামতেই তেওঁলোকে বৃদ্ধাশ্ৰমৰ সহায় লৈছে৷ এয়া এচা মানুহৰ বিষয়, চিন্তণীয়৷ একাষাৰতে একে উশাহতে কোৱা কথা নহয়৷ মই আশ্ৰমবোৰলৈ মাজে মধ্যে যাওঁ, নোযোৱা নহয়৷ জীৱন মাত্ৰেই এখন নাটক৷ তাত পৰিচালক, অভিনেতা, অভিনেত্ৰী থাকে৷ পৰিকল্পিতভাৱেৰে বৃদ্ধাশ্ৰম গঠন কৰাৰ সময় সমাগত৷
বৃদ্ধাশ্ৰমবোৰ পৰিকল্পিতভাৱে. সুন্দৰভাৱে গঢ়ি তোলা উচিত৷ পৰিয়ালৰ লোকসকলে প্ৰতিদিন প্ৰতিবাৰে এবাৰ হ’লেও সংগ দিব পাৰিব লাগিব৷ মানে বৃদ্ধাশ্ৰমত তেওঁলোক আছে বুলি সকলো সময়তে সচেতন আৰু দায়বদ্ধ থাকিব লাগিব ৷

বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহুক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যাই পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি?

উত্তৰঃ পৈতৃক সম্পত্তিৰ ওপৰত পুত্ৰ সন্তানৰ সমানে কন্যাসন্তানৰো সমান অধিকাৰ আছে৷ এইক্ষেত্ৰত সম্পত্তিৰ গৰাকী পিতৃ-মাতৃ জীয়াই থাকক বা নাথাকক সম্পত্তিৰ ওপৰত কন্যা সন্তানৰ আজীৱন অধিকাৰ থাকিব৷পিতৃ- মাতৃ হৈছে সন্তানৰ প্ৰথম গুৰু৷ সেয়ে কন্যা সন্তানেও পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধ হোৱা উচিত৷ পিতৃ-মাতৃৰ প্ৰতি কন্যা সন্তানৰো পালিবলগীয়া কিছুমান দায়িত্ব আছে– ইমচনেল চাপৰ্ট- বিশেষকৈ কন্যা সন্তানে পিতৃ-মাতৃৰ দুখ-সুখৰ সময়ত খবৰ লোৱাটো অতি প্ৰয়োজন৷ পিতৃ-মাতৃৰ প্ৰতি যে কন্যা সন্তানৰ দায়িত্ব আছে, এই কথা সকলোৰে কানত পৰাকৈ কোৱা উচিত৷ মাতৃৰ কষ্টবোৰ কন্যা সন্তানগৰাকীয়েহে বুজি পায়৷ সেয়েহে পিতৃ-মাতৃৰ দুখ-সুখৰ দিনত খবৰ লোৱাটো দৰকাৰ৷ ঘৰুৱা কাম-বনৰ ক্ষেত্ৰখনত মাতৃৰ হাতৰ কাম কন্যা সন্তানটিয়েহে কাঢ়ি ল’ব পাৰে৷ ইয়াৰোপৰি কন্যা সন্তানটিয়ে বিপদৰ সময়ত পৰিয়ালটোৰ অৰ্থনৈতিক দিশতো সহায় কৰিব পাৰিব লাগে৷

বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধী স্বৰূপ হৈ পৰিছে৷ সৌ সিদিনা কলিকতাৰ আৰ, জি, কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ঢৌ এতিয়াও মাৰ যোৱা নাই৷ ধিং কাণ্ডৰো সাক্ষী হৈছো আমি৷ এনেবোৰ কাৰ্য্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি?

উত্তৰ ঃ আমাৰ দেশত অসুৰ সদায়ে আছে৷ নাৰীৰ মাংসলোভী ৰাক্ষসবোৰে এনে কামকে কৰি নিজক বিজয়ী ঘোষণা কৰে৷ এনেবোৰ কাণ্ড হৈয়ে থাকে৷ প্ৰকৃতিৰ বুকুত খোজ কাঢ়িছে অত্যাচাৰীসকলে৷ নাৰীহত্যা, লুণ্ঠন, মাৰপিট, হত্যা এইবোৰ কথা নৰপিশাচবোৰে কৰি আনন্দ লাভ কৰে৷ বহুত মানুহৰ মাজত এজন সৎ মানুহ ওলাব৷ তেতিয়া এনেবোৰ কাণ্ড নিঃশেষ হৈ যাব৷ ভাল ভাল মানুহৰ এক বুদ্ধি, দুষ্টলোকৰ বহুত বেয়া বুদ্ধি৷ কি বুলি কম, নৰকাসুৰ, অসুৰসকলৰ প্ৰজাতিৰ লোকসকলেই দুষ্টবুদ্ধিৰে কামবোৰ কৰে৷ কলিকতা, ধিং আৰু যে কিমান কাণ্ড আমি নীৰৱে চাবলগীয়া হৈছে৷ মহাভাৰতৰ যুদ্ধখন মানুহৰ মাজতে এতিয়াও আৱদ্ধ হৈ আছে৷ দৈহিক সুখ লাভৰ বাবে এনেবোৰ কুকাণ্ড কৰালোকসকল নৰককুণ্ডত পতিত হওঁক তাৰে কামনা কৰিলো৷ এনেবোৰ মানুহ দৈত্যকুলৰ তেজৰ পৰা সৃষ্টি হয়৷ নিজে সচেতন হোৱাৰ বাহিৰে অন্য উপায় নাই৷

বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিলেই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন-টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো?

উত্তৰঃ এই বিষয়টো গোচৰ হিচাপে আহিছিল, দুগৰাকী বিবাহিত পুৰুষ আৰু নাৰী৷ তেওঁলোকক বহুত বুজালো আৰু ফলাফলৰ কথা উনুকিয়াই দিলো৷ তেওঁলোক দুয়ো ঘৰাঘৰি গুচি গ’ল৷ আচলতে মই কওঁ যে তেওঁলোকে তেনেকৈ নেথাকি বিবাহপাশত আৱদ্ধ হ’বলৈ সাহস কৰক৷ আজিৰ সময়বোৰ কালিলৈ অতীত হৈ যাব৷ বৈবাহিক বান্ধোনৰ সঙ্গমত বিশ্বাস আছে৷ বিশ্বাসে মিলয় হৰি৷ মানি লওঁক বিপথে যোৱাজনে৷

বিন্দুঃ শেহতীয়া বাল্য-বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি?

উত্তৰঃ বাল্যবিবাহ মানেই ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে বিবাহপাশত আৱদ্ধ হোৱা (Child Mariage Act), ইয়াৰ নিষেধাজ্ঞা আইন ২০০৬ চনত প্ৰণয়ন হৈছিল৷ পুৰুষৰ একাধিক নাৰীবিবাহ নিষেধ কৰিছে ৰাজ্য চৰকাৰে৷ মুছলমানসকলৰ মাজত Poligamy মানে বহুগামী বিবাহ নিষেধ কৰা দেখা যায়৷ আগেয়ে হিন্দু পুৰুষেও (Polygamy) বহু বিবাহ পালন কৰিছিল, হিন্দু Act ১৯৫৫ চনৰ, সাংবিধানিক নীতি বুলি কোৱা হৈছে৷ সামাজিক নীতি, আইনগত নীতি সমাজত পৰিচিত হৈ পৰিছে৷ ‘তালাক’ শব্দটো মুছলমান বিবাহত বিবাহ বিচ্ছেদত দেখা যায়৷ এনেবোৰ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰে যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শুনিছো, তাত আমাৰ ফালৰ পৰা শুভেচ্চা জনাইছো৷

বিন্দুঃ আজিকালি পুৰুষৰ সমানে নাৰীসকলো জড়িত হৈ পৰা দেখা গৈছে অসামাজিক কাম-কাজত৷ উদাহৰণস্বৰূপে চুমি বৰাৰ কথা আমি ক’ব পাৰো৷ নাৰীৰ এই স্খলনৰ কাৰণ আপুনি কি বুলি ভাবে?

উত্তৰঃ শুনিবলৈ বেয়া ক’বলৈ বেয়া, গোটেই জীৱনটো পৰি আছে৷ কোনোবাই উচটনি দিলেই তেওঁ (চুমিয়ে) এনেবোৰ কামত জড়িত হ’ব নেলাগিছিল৷ ইয়াক নাৰীৰ কলঙ্কৰ ৰূপত কাকতে পত্ৰে সজাই-পৰাই দেখুওৱা হৈছে ৷ সময় সলনি হৈছে৷ অন্যবোৰে যেন এনেকুৱা কাম নকৰে তাৰে আশা ৰাখিলো৷

বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব আমাৰ সমাজত চিৰাচৰিতভাৱে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞ তা?

উত্তৰঃ এনেবোৰ কথা আজিকালি ভাতৰ লগত পানী খোৱাৰ দৰে হৈছে৷ বোৱাৰীসকল নতুন যুগৰ, শাহুআই পুৰণি হৈ গৈছে৷ এনেবোৰ বহুত কথা৷ মই চহৰৰ জীয়াৰী, গাঁৱৰ বোৱাৰী৷ গাঁৱৰ ঘৰত আজিও মোক ন ছোৱালী বুলি মাতে বৰজনাহঁতে৷ যৌথ পৰিয়াল, আমি চহৰলৈ ওলাই আহিলো যদিও গ্ৰাম্য সমাজৰ ৰীতি-নীতি পালন কৰিয়েই আছো৷ মোৰ বোৱাৰীসকলকো মই মৰমেৰে কথাবোৰ শিকাই নিছো৷ আজিলৈ ঠিকে আছে সকলো, পাছলৈ সময়ৰ গতিয়েহে ক’ব৷ অৱশ্যে কথাতে কয়– পো ভালেই বোৱাৰী ভাল ৷ কথাষাৰৰ সত্যতা আজিও আছে৷

বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্য্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰী যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

উত্তৰঃ সমাজত পৰিলক্ষিত গ্ৰাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্য্যাতনৰ যিসমূহ ঘটনা আজিলৈ সংঘটিত হৈছে তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীসকলো জড়িত হৈ থকা কেতিয়াবা পৰিলক্ষিত হয়৷ গ্ৰাৰ্হস্থ্য হিংসা আইনখনে এনেবোৰ কথা চালিজাৰি চাইছে৷ কিছুমান স্বামীক জেইলৰ ভাত খুৱাইছে৷ গতিকে দুয়োপক্ষই সাৱধানে চলা উচিত৷ চোতালত পানী পেলালে কোন কেতিয়া পৰিব ঠিক নাই৷ সেয়েহে আইনৰ প্ৰতিও লক্ষ্য ৰাখি চলিলে ভাল৷

বিন্দুঃ নাৰী নিৰ্য্যাতনৰ সমান্তৰালভাৱে পুৰুষ নিৰ্য্যাতনৰ প্ৰশংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে৷ কোৱা হয় বহু নিৰূপায় পুৰুষে নাৰীৰ এনে পীড়নক স্বীকাৰ কৰি লয় সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত৷ আপুনি কি কয়?

উত্তৰঃ হয়, এয়া শুদ্ধ কথা৷ বৰ্তমান ল’ৰাহঁতে বিবাহৰ কথা ক’লেই বৰ বেয়া পায়৷ অকলে থাকিম বুলিয়েই কয়৷ পুৰুষ নিৰ্য্যাতনৰ কথা পুৰুষে- পুৰুষৰ সৈতেহে আলোচনা কৰে৷ এয়া বহুচৰ্চিত এতিয়াও হোৱা নাই৷ বহু পুৰুষে মনৰ ভিতৰতে সাংঘাতিক জীয়া যাতনা সামৰি থয়৷ বংশ পৰিয়ালৰ পৰাও আঁতৰি আহে৷ পৰিৱেশে ল’ৰাহঁতক কথাবোৰ চিন্তা কৰিবৰ বাবে বাধ্য কৰাইছে৷ এনেবোৰ গোচৰ পৰিয়ালকেন্দ্ৰিক আদালতত আজিও বৃদ্ধি হোৱা দেখা যায়৷ মাতৃয়ে পুত্ৰৰ কুশল মংগলৰ কথা চিন্তা কৰিয়ে ঘৰ সংসাৰ পাতি দিয়ে৷ এইবোৰ কথা ৰাইজেও চিন্তা কৰিবৰ হ’ল৷ পুৰুষবোৰে নিৰ্য্যাতন ভোগে, যেতিয়া তেওঁ অৰ্থনৈতিক দিশত টনকিয়াল নহয়৷ আৰু কিছুমান দিশ আছে ল’ৰাই তেনে ক্ষেত্ৰত পত্নীৰ ওচৰত মুঠেও মাত মাতিব নোৱাৰে ৷ পত্নী যদিহে হয় চহকী ঘৰৰ জীয়াৰী, ভাল বংশৰ, পুৰুষজনতকৈ সকলোফালৰ পৰা ওপৰত তেতিয়াও পুৰুষজনে নিৰ্য্যাতন ভুগিবলগীয়া হয়৷ সেয়েহে জ্ঞানীজনে কৈছিল— সমানে সমানে কৰিবা কাজ, হাৰ-জিতৰ নাই লাজ ৷ উপায়বিহীন পুৰুষে আগলৈ এবাৰ পাছলৈ দুবাৰ চিন্তা কৰি পত্নীৰ সৈতে তালত তাল মিলাই থাকে৷ সংসাৰ বচাবৰ বাবে গভীৰ চিন্তা কৰি সহজ সৰলভাৱে সমাজৰ নীতি-পদ্ধতি এৰি আইলৈ বুলি বাইৰ কথা ভাবি পুৰুষজনে অতি সহজভাৱে কথাবোৰ মানি নীৰৱে থাকে ৷

বিন্দুঃ ধনৰ বাবেই হওঁক অথবা মৌনক্ষুধা পূৰণৰ বাবেই হওক প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ মৌন স্বাধীনতা প্ৰদান কৰিছে৷ এইক্ষেত্ৰত আপোনাৰ অভিমত?

উত্তৰঃ মহিলাসকলে বৰ্তমান নীৰৱে বহি নাথাকি কামৰ মাজেৰে নিজকে আৱিস্কাৰ কৰিবলৈ যত্নপৰ হোৱা দেখা গৈছে ৷ পৰিয়ালবোৰ এতিয়া পূৰ্বৰ দৰে পুৰুষ প্ৰধান হৈ থকা নাই৷ পুৰুষৰ দৰে মহিলাসকলেও জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখা গৈছে৷ ধনৰ বাবেই হওঁক অথবা যৌন ক্ষুধা পূৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীসকলে নিজৰ জীৱনৰ সম্পূৰ্ণ স্বাধীনতা ব্যৱহাৰ কৰিছে বুলি শুনা পাইছো যদিও অসমত এই সিদ্ধান্ত কেনেদৰে চলিছে অথবা চলাইছে জানোতাইহে জানে৷ এনে ক্ষেত্ৰত আমাৰ ক’বলগীয়া মুঠেও একো নাই৷ তথাপি সমাজখনত নাৰীসকল বেছি তললৈ যোৱাটো নিবিচাৰো৷ এনে ক্ষেত্ৰত সেইসকল নাৰীয়ে এনে কাম কৰিবলৈ যায়, যি সকল নাৰী অৰ্থনৈতিক চাপত পৰে, হয়তো জেদি মহিলা, গুৰু, গোঁসাই নেমানে, তেনেবোৰৰ ক্ষেত্ৰত এইবোৰ কথা প্ৰযোজ্য হয়৷

বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে৷ ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে বাখ্যা আগবঢ়াব? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে?

উত্তৰঃ শিক্ষকসকল হৈছে ছাত্ৰ-ছাত্ৰীৰ বন্ধু৷ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ-চৰিত্ৰ আৰু ব্যক্তিত্বক গঢ় দি তোলে৷ শিক্ষকসকল সমাজৰ অন্যতম ব্যক্তি৷ সকলোৱে বিচাৰিছে শিক্ষকসকলৰ বাবে ৰাজনীতি বন্ধ হওঁক৷ ৰাজনীতি হৈছে ৰজাৰ নীতি৷ শিক্ষকসকলে Teacher Education শিকক, শিক্ষাৰ পাঠ্যক্ৰমৰ উন্নতি বিচাৰক ৷ শিক্ষকে সুনীতিৰে ছাত্ৰ-ছাত্ৰীক পঢ়ায়৷ তেওঁলোকে ৰাজনীতিৰ পৰা দূৰৈত থকা উচিত৷
ৰাজনীতি বৰ্তমানে গাঁৱে-ভূঞে সোমাই পৰিছে৷ চহকী-দৰিদ্ৰ বুলি কথা নাই৷ ৰাজনীতিৰ মেৰপাক সকলোৱে শিকিছে৷ এয়া শুভ লক্ষণ বুলি ভাবিব নোৱাৰি৷ কাৰণ ‘মহাভাৰতৰ যুদ্ধখন’ত ৰাজনৈতিক মূল সূত্ৰ লৈয়ে আৰম্ভ হৈছিল আৰু সূত্ৰধাৰে তেনেকৈ শেষ কৰিছে৷

বিন্দুঃ বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব?

উত্তৰঃ ইতিহাসৰ পাতত বৰ্তমান সময়ৰ ৰাজনৈতিক পৃষ্ঠাই ভূমুকি মাৰিব৷ ‘ৰজাই ভাল দেখে যাক মাটি-ভেটি নেলাগে তাক৷’ আধুনিক ৰাজনীতি, স্মাৰ্ট, ব্ৰীজ বনাইছে আৰ্কিটেকৰ ডিজাইনত৷ প্ৰাকৃতিক সৌন্দৰ্য্যৰ ৰূপ-ৰঙৰ ক্ষেত্ৰটো অতিব প্ৰয়োজন হৈ পৰিব৷ বৈজ্ঞানিক পদ্ধতিৰে অসমখন সজাই পৰাই সুন্দৰ কৰিবৰ বাবে চৰকাৰে প্ৰয়াস কৰিছে৷

বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হ’ল৷ প্ৰথম কামটো আপোনাৰ কি হ’ব৷

উত্তৰঃ সৰ্বধৰ্ম প্ৰাৰ্থনা আগেয়ে পাতিম৷ লাচিতৰ দৰে মোৰো দেশ বিজয় কৰাৰ মন এটা আছে, এই বিষয়টো লৈ কাম আৰম্ভ কৰিম৷
অৱশ্যে মুখ্যমন্ত্ৰী হ’বলৈ সুকীয়া ভাগ্য লৈ আহিব লাগে৷ অ’ এটা কথা মোৰ হাতত এম. এল. এ. হোৱাৰ ৰেখা আছে বুলি জ্যোতিষীয়ে কৈছিল৷ এতিয়া কথা হৈছে সাহিত্যৰ মাজেৰে কিমান দি থৈ যাব পাৰো সেয়াহে কথা- কথাতে কয় নহয়– ‘অস্ত্ৰতকৈ কলম শক্তিশালী৷’

বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওঁক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে৷ যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷

উত্তৰঃ মোৰ জীৱনৰ গোপনীয়তা বুলিবলৈ একোৱেই নাই৷ কিন্তু মই গীত গাই ভালপাওঁ৷ সৰুৰে পৰা ক্লাচিকেল শিকিছিলো৷ বি, মিউজ কৰিছিলো আধৰুৱা হৈ ৰ’ল৷ মনে মনে ভাবো সময়ৰ অভাৱ৷ সকলো কাম একেলগে নহয়, গোপনে গোপনে কেতিয়াবা ব্যাকুল হওঁ৷ নোহোৱা নহয়৷

বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব?

উত্তৰঃ কেৱল ভগৱানৰ ওচৰ নিঃস্বাৰ্থ প্ৰেম ভকতিহে বিচাৰিম৷ সমাজৰ উন্নতি বিচাৰিম৷ সৎ মানুহৰ জন্ম হোৱাটো বিচাৰিম৷

বিন্দুঃ ধৰি লওঁক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি?

উত্তৰঃ কাগজ-কলম লৈ যাবলৈ বিচাৰিম, মোৰ নিৰ্বাসন নহওক৷ তাৰে প্ৰভু ভগৱন্তৰ ওচৰত কামনা কৰিলো৷ বেয়া কথা, বেয়া বাক্য শুনিলে মনত বৰ দুখ পাওঁ৷

বিন্দুঃ আগন্তুক দহটা বছৰৰ পাছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে?

উত্তৰঃ মানুহে মোক এতিয়াৰ দৰে দহবছৰৰ পাছতো বিচাৰক৷ যদিহে মই জীয়াই থাকো, মানুহৰ মাজতে জীয়াই থাকিম৷

বিন্দুঃ প্ৰিয় ফুল?
উত্তৰঃ ৰজনীগন্ধা
বিন্দুঃ প্ৰিয় মানুহ ?
উত্তৰঃ মোৰ দেউতা৷
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
উত্তৰঃ আব্দুল কালাম
বিন্দুঃ প্ৰিয় ৰং?
উত্তৰঃ গোলপীয়া
বিন্দুঃ প্ৰিয় ঠাই?
উত্তৰঃ অসম [জন্মভূমি]
বিন্দুঃ প্ৰিয় কিতাপ?
উত্তৰঃ শ্ৰীশ্ৰীশংকৰদেৱৰ ‘কীৰ্ত্তন’
বিন্দুঃ ভাল লগা গা?
উত্তৰঃ হিন্দী গীত ৷ লতা মঙ্গেশকাৰৰ প্ৰায় গীতেই প্ৰিয়
বিন্দুঃ প্ৰিয় সাহিত্যিক?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা
বিন্দুঃ প্ৰিয় ব্যঞ্জ ন?
উত্তৰঃ ঔ টেঙা, লফাশাক, কুঢ়ি মাছ, ধনীয়া, টেঙাজোল৷
বিন্দুঃ প্ৰিয় সময়?
উত্তৰঃ পুৱাবেলা লিখি থকা সময়খিনি৷
বিন্দুঃ আজৰি সময়ৰ কাম?
উত্তৰঃ এইখিনি আজৰি সময়ত ভাগৱত শাস্ত্ৰৰ দশম অধ্যায় পাঠ কৰো৷ তত্ত্ব কথাই মোৰ অন্তৰআত্মা শুদ্ধি কৰে৷ ভগৱান শ্ৰেষ্ঠ৷ ওঁম ভাগবতে নমো নমঃ৷

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওঁক তাৰে কামনা কৰিছো৷

উত্তৰঃ ধন্যবাদ বিন্দুৰ সম্পাদক ৰাতুল, তোমাক ভগৱানে কুশলে ৰাখক লগতে তোমাৰ ভৱিষ্যত উন্নতি কামনা কৰিলো৷

সাক্ষাৎগ্ৰহণঃ ৰাতুল দাস শৰণীয়া

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *