১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
ৰাশিফল জানুৱাৰী ২০২৫
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি [অ, ল]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ কাৰ্যত ভাতৃ-আত্মীয় স্বজনৰ পৰা সহায়তা লাভ কৰিব৷ গৃহ কাৰ্যত সামান্য মনোকষ্ট বাঢ়িব পাৰে৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ বিদ্যাৰ্থীৰ শুভ সংযোগ লাভ কৰিব৷ কৰ্মত শত্ৰু বৃদ্ধি৷ সামাজিক, সাহিত্য, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়৷ বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হ’ব৷ ব্যৱসায়ত শুভাশুভ৷
বৃষ ৰাশি [ই, উ, ব]ঃ শৰীৰ মধ্যম৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ মূল্যবান সম্পদ হানি হ’ব পাৰে৷ পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব৷ বিদ্যাৰ্থীৰ কাৰ্যত এলাহ ভাৱ, ভয় শংকা বাঢ়িব৷ পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তি৷ গৃহ কাৰ্যৰ উন্নয়নৰ নতুন পৰিকল্পনা৷ সন্তানৰ কাৰ্যৰ প্ৰতি সচেতন হ’ব৷ সামাজিক, শৈক্ষিক, সাংস্কৃতিক কাৰ্যত প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব৷ কৰ্মৰ উচ্ছ পৰ্যায়ৰ ব্যক্তিৰ পৰা সহায়তা লাভ কৰিব৷ ব্যৱসায়ত নতুন কাৰ্যৰ সংযোজন হ’ব পাৰে৷
মিথুন ৰাশি [ক, ছ]ঃ শৰীৰ মধ্যম৷ সঞ্চিত ধন হঠাৎ আনৰ হিতৰ বাবে খৰচ হ’ব পাৰে৷ ভাতৃ, আত্মীয় স্বজনৰ পৰা কাৰ্যত সহায়তা লাভ কৰিব৷ পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে৷ হঠাৎ পোৱা দুঃ সংবাদত মনোকষ্ট বাঢ়িব৷ বিদ্যাৰ্থীৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব৷ সামাজিক, সাংস্কৃতিক কাৰ্যত পদ মৰ্যাদা বাঢ়িব লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব৷ পুৰণি সমস্যা সমাধানৰ বাবে শুভ বাৰ্তা লাভ কৰিব৷ ব্যৱসায়ত মিশ্ৰিত ফল৷
কৰ্কট ৰাশি [ড, হ]ঃ শৰীৰ ভাল৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ ভাতৃ, আত্মীয় স্বজনৰ লগত কোনো কাৰ্যত সম্পৰ্ক বিঘ্নিত হ’ব পাৰে৷ পিতৃ- মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ গৃহ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ বিদ্যাৰ্থীৰ কৃতিত্ব অৰ্জন৷ কাৰ্যত শত্ৰু বৃদ্ধিৰ লগতে কোনো কাৰ্যত অপমানিত হ’ব পাৰে সতৰ্ক হ’ব৷ হঠাৎ পোৱা দুঃ সংবাদত মনোকষ্ট বাঢ়িব৷ বহু দিনীয়া মনৰ আশা পূৰণৰ শুভ বাৰ্তা লাভ কৰিব৷ শিল্পী, কলা-কুশলী সন্মানিত হ’ব পাৰে৷ দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি৷
সিংহ ৰাশি [ম, ট]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ সঞ্চিত ধন খৰচ হ’ব পাৰে৷ ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্যত সহায়তা লাভ কৰিব৷ গৃহ কাৰ্যত সামান্য মনোকষ্ট বাঢ়িব৷ বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হ’ব৷ বিদ্যাৰ্থীৰ পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তিৰ লগতে যশ মান বাঢ়িব৷ কৰ্মত পদমৰ্যাদা বৃদ্ধিৰ যোগ দেখা যায়৷ যান-বাহন চলাচলত সতৰ্ক হ’ব৷ আইনী সংক্ৰান্তিয় দিশত মনোকষ্ট বাঢ়িব পাৰে৷ ব্যৱসায়ত নতুন কাৰ্যৰ সংযোজন হ’ব পাৰে৷
কন্যা ৰাশি [প, ঠ]ঃ শৰীৰৰ আৰোগ্য লাভ৷ পাবলগীয়া ধন প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ সন্তানৰ কাৰ্যৰ প্ৰতি সচেতন হ’ব৷ পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব৷ বিদ্যাৰ্থীৰ জ্যেষ্ঠজনৰ পৰা সহায়তা লাভ কৰিব৷ কোনো মূল্যৱান সম্পদ হৰলুকী হ’ব পাৰে৷ গোপন শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাৱনা৷ বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হ’ব৷ সামাজিক, সাংস্কৃতিক কাৰ্যৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন৷ দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি৷
তুলা ৰাশি [ৰ, ত]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ সাচতীয়া ধন হঠাৎ খৰচ হ’ব পাৰে৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ হঠাৎ পোৱা দুঃসংবাদত মনোকষ্ট বাঢ়িব৷ বিদ্যাৰ্থীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে মনৰ আশা পূৰণত মানসিক সুখ প্ৰাপ্তিৰ যোগ দেখা যায়৷ কৰ্মত নতুন যোগাযোগত লাভান্বিত হ’ব৷ কোনো কাৰ্যত অপমানিত হ’ব পাৰে সতৰ্ক হ’ব৷ সাহিত্য সংস্কৃতিৰ লগতে শিল্পীসকলৰ সুনাম অৰ্জন৷ মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি৷ প্ৰেম প্ৰীতিত মনোমালিন্য হ’ব পাৰে৷ দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি৷
বৃশ্চিক ৰাশি [ন, য]ঃ শৰীৰৰ প্ৰতি সচেতন হ’ব৷ আত্মীয় স্বজনৰ দু: সংবাদত মনোকষ্ট বাঢ়িব৷ সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে৷ বন্ধু, ভাতৃৰ লগত কোনো কাৰ্যত মতভেদ হ’ব পাৰে৷ ঘৰুৱা উন্নয়নত মানসিক সুখ প্ৰাপ্তি৷ সন্তানৰ কাৰ্যৰ প্ৰতি সচেতন হ’ব৷ যানবাহন চলাচল আৰু খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ কৰ্মত ধৈৰ্য আৰু সততাৰে আগবাঢ়ক৷ সামাজিক আৰু আধ্যাত্মিক দিশত সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়৷ ব্যৱসায়ত নতুন যোগাযোগ লাভ কৰিব৷ প্ৰেমত মতপাৰ্থক্য৷ দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি৷
ধনু ৰাশি [ধ, ফ, ভ]ঃ শাৰীৰিক উন্নতি লাভ৷ আৰ্থিক দিশত শুভ সংযোগ লাভ কৰিব৷ মূল্যৱান সম্পদ বৃদ্ধিৰ যোগ দেখা যায়৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ ভাতৃ, আত্মীয়-স্বজনৰ পৰা কাৰ্যত সহায়তা লাভ কৰিব৷ সন্তানৰ প্ৰশংসা প্ৰাপ্তি৷ বিদ্যাৰ্থীৰ নতুন যোগাযোগ লাভ কৰিব৷ সাহিত্য, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ যশ মান বৃদ্ধি৷ চাকৰিয়ালৰ পদমৰ্যাদা বৃদ্ধিৰ উচ্ছ পৰ্যায়ৰ ব্যক্তিৰ পৰা সহায়তা লাভ কৰিব৷ দূৰ ভ্ৰমণত মানসিক সুখ প্ৰাপ্তি৷ ব্যৱসায়িক দিশত শুভাশুভ৷
মকৰ ৰাশি [খ, জ]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ আনৰ হিতৰ বাবে ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে৷ অৱশ্যে পাব লগীয়া পুৰণি ধন সম্পদ সম্পৰ্কীয় দিশত শুভ বাৰ্তা লাভ কৰিব৷ কাৰ্যত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷ বিদ্যাৰ্থীৰ পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তি৷ পাৰিবাৰিক সু সামঞ্জস্য বৰ্তি থাকিব৷ আধ্যাত্মিক, সাহিত্য সংস্কৃতিত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ ব্যৱসায়ত নতুন কাৰ্যৰ সংযোজনৰ চিন্তা চৰ্চা৷ প্ৰেম প্ৰীতিত মনোকষ্ট দুশ্চিন্তা বাঢ়িব পাৰে৷
কুম্ভ ৰাশি [গ, শ, স]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে৷ আত্মীয় স্বজনৰ পৰা পোৱা দুঃসংবাদত মনোকষ্ট বাঢ়িব৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ পুৰণি মাটি-বাৰী ধন সম্পৰ্কীয় দিশত সমস্যা সমাধানৰ বাবে শুভ সংবাদ লাভ কৰিব৷ বিদ্যাৰ্থীৰ সুনাম অৰ্জন৷ কৰ্ম ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব৷ সামাজিক, সাংস্কৃতিক কাৰ্যত প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব৷ প্ৰেমত মনোকষ্ট বাঢ়িব লগতে সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷ ব্যৱসায়ত শুভাশুভ৷ দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি৷
মীন ৰাশি [দ, চ]ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ আৰ্থিক দিশত সামান্য মনোকষ্ট বাঢ়িব৷ জ্যেষ্ঠ ভাতৃৰ পৰা কাৰ্যত সহায়তা লাভ কৰিব৷ সন্তানৰ কৃতিত্ব অৰ্জন৷ যানবাহন চলাচলৰ লগতে দূৰ ভ্ৰমণত সতৰ্ক হ’ব৷ সামাজিক, আধ্যাত্মিক কাৰ্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷ বিদ্যাৰ্থীৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব৷ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ ব্যৱসায়িক দিশত শুভাশুভ৷