সু-স্বাস্থ্য বজায় ৰখাৰ কেইটামান কৌশল

সু-স্বাস্থ্য বজায় ৰখাৰ কেইটামান কৌশল

 

তপন শিকদাৰ চৌধুৰী

সকলোৱে বিচাৰে সংগঠিত কাৰ্যক্ষম শৰীৰ৷ এই প্ৰত্যাশা পূৰণ কৰাটো সকলোৰে বাবে সহজ কথা নহয়৷ সেয়ে নিজৰ স্বাস্থ্য ঠিকে ৰাখিবলৈ কিছুমান বিধি নিয়ম মানি চলা প্ৰয়োজন৷

* পুৱাৰ জলপান কৰিবলৈ কেতিয়াও নাপাহৰিব৷ সমস্ত দিন নিজক কৰ্মক্ষম কৰি ৰখাৰ শক্তি অৰ্জনৰ কাৰণে ৰাতিপুৱাৰ জলপানৰ বিকল্প নাই৷ জলপান হিচাপে ফলমূল, শাক-চবজি, পনিৰ কিম্বা গাখীৰ জাতীয় খাদ্য গ্ৰহণ কৰিব পাৰে৷

* প্ৰতিদিনে ভাত তৰকাৰীৰ উপৰি চবজি আৰু সতেজ ফলমূল খোৱাৰ অভ্যাস কৰক৷ এইবোৰ খাদ্য প্ৰচুৰ ভিটামিন, মিনাৰেল আদিৰ দ্বাৰা পৰিপূৰ্ণ থাকে৷ প্ৰতিদিনে দুই কাপ ফল আৰু আঢ়ৈ কাপ শাক চবজি খোৱা উচিত৷

* সু-স্বাস্থ্যৰ কাৰণে সুনিৰ্দিষ্ট পৰিমাণৰ প্ৰ’টিন গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷ সেয়ে খাদ্য তালিকাত প্ৰ’টিনযুক্ত খাদ্য যেনে– মাংস, ফেটবিহীন দুধ, ফলমূল ইত্যাদি অন্তৰ্ভুক্ত ৰাখক৷

* শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰৰ ওজন ঠিকে থাকে, উচ্ছ ৰক্তচাপ কমি যায়৷ শিশু তথা কিশোৰসকলে দিনে এক ঘণ্টা তথা বয়স্কসকলে আঢ়ৈ ঘণ্টা দিনে ব্যায়াম অথবা অন্য শাৰীৰিক কাম কৰা উচিত৷

* প্ৰতিদিনে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা দৰকাৰ৷ আপেল, বাদাম, মাখন জাতীয় খাদ্য য’ত প্ৰ’টিন, কাৰ্বহাইড্ৰেট বেছি পৰিমাণে থাকে সেইবোৰ খাদ্য গ্ৰহণ কৰক৷

* খাদ্যৰ গুণাগুণ সম্পৰ্কে সচেতন থাকক৷ অতিৰিক্ত চৰ্বিযুক্ত খাদ্য বৰ্জন কৰি কম চৰ্বি যুক্ত খাদ্য গ্ৰহণ কৰক৷ বেছি কেলৰি যুক্ত খাদ্য গ্ৰহণ কৰক৷

* ওজন কমাবলৈ নাইবা শাৰীৰিক সুস্থতাৰ বাবে অন্য কোনো তথ্য জনাৰ ইচ্ছা হ’লে বিশেষক্ষসকলৰ লগত পৰামৰ্শ কৰক৷

* খাদ্য গ্ৰহণত সতৰ্কতা অৱলম্বন কৰক৷ সঠিকভাৱে প্ৰস্তুত কৰা খাদ্য খোৱা, হাত পৰিষ্কাৰকৈ ৰখা ইত্যাদি বিষয়ত সচেতন থাকক৷ ফুড পয়জনিঙৰ পৰা ৰক্ষা পাবলৈ এইবোৰ বিষয়ত সচেতনতা খুব দৰকাৰী বিষয়৷

* ঘৰৰ বাহিৰত ফাষ্ট ফুড জাতীয় খাদ্য গ্ৰহণ কৰাতকৈ ঘৰত ৰন্ধা খাদ্য গ্ৰহণত আগ্ৰহী হওক৷

* ৰেষ্টুৰেণ্টৰ খাদ্য গ্ৰহণৰ সময়ত পুষ্টিকৰ খাদ্যৰ দিশে নজৰ দিয়ক৷ শাক-চবজি, মুগ¹ৰ মাংস, মাছ, ফলমূল অৰ্ডাৰ দিয়ক৷

* সন্তানৰ স্কুলৰ টিফিন হিচাবে অৱশ্যেই পুষ্টিকৰ খাদ্য দিয়ক৷ বাঢ়ি অহা শিশুটিক সু-স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ হ’লে পুষ্টিকৰ তথা পৰিষ্কাৰ খাদ্য গ্ৰহণৰ বিকল্প নাই৷

* পৰিয়ালৰ সকলো সদস্য একেলগে খাবলৈ বহক৷ গৱেষণা ৰ দ্বাৰা দেখা গৈছে যে পৰিয়ালৰ সকলো সদস্যই একেলগে খাদ্য গ্ৰহণ কৰিলে খাদ্যৰ পুষ্টিমান নিশ্চিত হোৱাৰ লগতে মন মানসিকতাও ভালে থাকে৷ খাদ্য গ্ৰহণৰ সময়ত টি.ভি বন্ধ ৰাখক, ফোন বন্ধ ৰাখক৷

* শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ কাৰণে, পেশীত অক্সিজেন প্ৰবাহৰ কাৰণে পানী খুবেই গুৰুত্বপূৰ্ণ উপাদান৷ প্ৰতিদিনে পুৰুষসকলে ১৩ কাপ তথা মহিলাসকলে জ্ঝ কাপ পানী খোৱা উচিত৷

* দিনটোৰ ভিতৰত গাখীৰৰ বাহিৰেও চাহ পান কৰক৷ চাহে শৰীৰৰ এণ্টি-অক্সিডেণ্টৰ যোগান ধৰিব৷ শৰীৰ হৈ থাকিব সজীৱ তথা ক্লান্তিমুক্ত৷

* কৰ্মস্থলত, স্কুলত, কলেজত বহাৰ সময়ত পোন হৈ বহিব৷ নহ’লে কমৰত, পিঠিত বা কান্ধত বিষ হ’ব পাৰে৷ একেলগে বহি নাথাকি মাজে মাজে আশে-পাশে কিছুসময় পায়চাৰী কৰক৷

সুন্দৰ স্বাস্থ্য সকলোৰে প্ৰিয়৷ সুন্দৰ স্বাস্থ্যৰ উপৰোক্ত হেলথ টিপচ মানি চলক আৰু সমস্ত দিন কাৰ্যক্ষম থাকক৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *