ৰূপালীনন্দন
* বিয়া এটি বৈধ তথা ধৰ্মসন্মত অনুষ্ঠান য’ত দুজন বিপৰীত লিঙ্গৰ মানুহে পৰস্পৰক জ্বালাতন কৰা তথা পৰস্পৰৰ ওপৰত গুপ্তচৰবৃত্তি কৰাৰ শপত লয় সিমানদিনলৈ যিমানদিনলৈ মৃত্যুৱে আহি তেওঁলোকক পৃথক নকৰে৷
* সন্ধিয়া ঘৰলৈ ঘূৰি যদি আপুনি অলপ মৰম, অলপ মিঠা মাত পোৱাৰ কামনা কৰিছে তেনেহ’লে আপুনি ভুল ঠিকনাত প্ৰৱেশ কৰিছে৷
* খুলশালী যদি এটা মনোৰম কবিতা তেন্তে পত্নী হ’ল বীৰ ৰসযুক্ত এখন নাট৷
* সব বিয়াই সুখৰ৷ পৰবৰ্তী সময়ত একেলগে বসবাস কৰিব গৈয়েই য’ত ঝামেলা হয়৷
* মই আৰু মোৰ স্ত্ৰী জীৱনৰ ২৫টা বছৰ বৰ আনন্দেৰে কটাইছো৷ তাৰ পিছত আমাৰ পৰিচয় হ’ল৷
+ সুখি দাম্পত্য জীৱনৰ বাবে এজন পুৰুষৰ কৰণীয় হ’ল নিজৰ মুখ বন্ধ ৰখা আৰু চেকবহী খুলি ৰখা৷
* A man is incomplete until he is married. After that, he is finished.
* ছোৱালীবোৰে কেনে পুৰুষ বিচাৰে? সুদৰ্শন, বিত্তবান তথা নিৰ্বোধ ৷
* এজন পুৰুষৰ শেষ কথা কি হোৱা উচিত? – “ঠিক আছে, কিনি পেলোৱা৷ ”
* স্বামী আৰু স্ত্ৰী হ’ল এটি মুদ্ৰাৰ ইপিঠি-সিপিঠ৷ একেলগে থাকিলেও কাহানিও মুখামুখি হ’ব নোৱাৰে৷
* বৰ অদ্ভুত এই নাৰী– মা হ’লে শাসন, প্ৰেমিকা হ’লে শোষণ আৰু ঘৈণী হ’লে ভাষণ৷
* Three rings of marriage are the engagement ring, the wedding ring, amd the suffering.
* ছোৱালীবোৰে আশা কৰে ল’ৰাবোৰ বিয়াৰ পিছত সলনি হ’ব, কিন্তু সেয়া নহয়গৈ৷ আৰু ল’ৰাবোৰেও আশা কৰে ছোৱালীবোৰ বিয়াৰ পিছতো একেই থাকক, কিন্তু তেওঁলোক সলনি হৈ যায়৷
* The secret of a happy marriage remains a secret.
* মজাৰ কথা হ’ল এয়ে যে– এজন ল’ৰাই সকলো দুশ্চিন্তাৰ পৰা আজৰি হৈ বিয়াৰ বাবে মন মেলে৷ ইয়াকে কয় তপত ভাতৰ ধোৱাই পোৱা৷
* আপোনাৰ স্ত্ৰীয়ে আপোনাৰ কৌতুক শুনি হাঁহিলে, ইয়াৰ অৰ্থ হৈছে হয় কৌতুকটো খুব ভাল, নহয় আপোনাৰ ঘৈণী খুব ভাল৷
* বিয়াৰ আগদিনা পৰ্যন্ত কোনোপধ্যে মই জনা নাছিলো সুখ কাক কয়৷ যেতিয়া জানিলো তেতিয়া বহু বহু পলম হৈ গৈছে৷
* বহুতেই আমাৰ দীৰ্ঘ দাম্পত্য জীৱনৰ ৰহস্যকলৈ প্ৰশ্ন কৰে৷ তেওঁলোকক কওঁ– সপ্তাহত দুদিন ভাল ৰেষ্টোৰাত ডিনাৰ, মৃদু আলোকসজ্জাত soft মিউজিক, কিছুক্ষণ নাচ এয়াইতো৷ মই যাওঁ বুধবাৰে, মোৰ স্ত্ৰী সোমবাৰে৷
* বিয়া নকৰা ল’ৰাবোৰে অন্ততঃ ভাবিব পাৰে– জীৱনত তেওঁলোকৰ ভুল নাই৷
* এজন নববিবাহিতে যেতিয়া কয় তেওঁ সুখী, মই জানো কেনেকৈ৷ এজন ১০ বছৰৰ বিবাহিত মানুহে যেতিয়া ক’ব যে তেওঁ সুখী মই ভাবো কেনেকৈ?
* ল’ৰাজনে কৈছিল ছোৱালীজনীৰ কাৰণে তেওঁ নৰক পৰ্যন্ত যাবলৈ ৰাজি৷ ঈশ্বৰে তেওঁক সেই সুযোগ দিলে৷ তেওঁলোকৰ বিয়া হৈ গ’ল৷
* বিয়াৰ আগত এজন ল’ৰাই যেতিয়া ছোৱালী এজনীৰ হাতত ধৰে সেয়া হৈছে ভালপোৱা, আৰু বিয়াৰ পিছত যেতিয়া ধৰে সেয়া হৈছে আত্মৰক্ষা৷
* ভালপোৱা হৈছে এটি সুমধুৰ স্বৰ আৰু বিয়া হৈছে এলাৰ্ম ক্লক৷
* এইটো সত্য যে কোনোৱে পৰাধীন হৈ নজন্মে, কিন্তু বহুতেই অৱশেদশত বিয়া কৰি পেলাই৷
* এইটো সত্য যে ভালপোৱা অন্ধ, পিছে বিয়াই চকু মুকলি কৰি দিয়ে৷
* ছোৱালীজনীয়ে তাইৰ মাকক গৈ ক’লে, “মই এনে এজন ল’ৰা বিচাৰি পাইছো যে ঠিক পাপাৰ দৰে৷” মাকে ক’লে, “তুমি ভাগ্যৱতী ।”
* বিয়া হৈছে বুদ্ধিমত্তাৰ বিৰুদ্ধে কল্পনাৰ জয়৷ আৰু দ্বিতীয় বিয়া হৈছে অভিজ্ঞতাৰ বিপক্ষে আশাবাদৰ জয়৷
* ছোৱালীবোৰ সঁচাকৈয়ে unpredictable. বিয়াৰ আগেয়ে সিহঁতে এজন পুৰুষক expect কৰে, বিয়াৰ পিছত suspect কৰে আৰু মৃত্যুৰ পিছত তেওঁক respect কৰে৷
* In the beginning, God created earth and rested. Then God created man and rested. Then God created woman. Since then, neither God nor man has rested.
* খবৰ কাগজত এটি ব্যক্তিগত বিজ্ঞাপন প্ৰকাশ হ’ল, “Husband Wanted” ৷ পিছদিনা কেবা শ মহিলাই যোগাযোগ কৰিলে, “মোৰ গৰাকী লৈ যাব পাৰে৷ ”
* এজন ল’ৰাই এটকাৰ বস্তু ২ টকাত কিনিব যদি এইটো তাৰ প্ৰয়োজনত লাগে আৰু এজনী ছোৱালীয়ে ২ টকাৰ বস্তু ১ টকাত পালেই কিনিব বস্তুবিধ তেওঁৰ কামত লাগক বা নালাগক৷
* এজনী ছোৱালীয়ে নিজৰ ভৱিষ্যৎ সম্পৰ্কে চিন্তিত থাকে যিমান দিনলৈ বিয়াখন হৈ নাযায়৷ ল’ৰাবোৰৰ চিন্তা আৰম্ভ হয় বিয়াৰ পিছৰ পৰা৷
* এজন সফল পুৰুষ তেৱেই যিয়ে সিমান টকা আয় কৰিব পাৰে যিমান তেওঁৰ ঘৈণীয়েকে খৰচ কৰি শেষ কৰিব নোৱাৰে৷ এজনী ছোৱালীৰ ক্ষেত্ৰত সাফল্য হৈছে এই ধৰণৰ এজন পুৰুষ বিচাৰি উলিয়াব পৰাটো৷
* এজন পুৰুষৰ স’তে সুখে থকাৰ মন্ত্ৰ কি? You must understand him a lot and love him a little. এজনী ছোৱালীৰ স’তে সুখী হৈ থাকিবলৈ হ’লে you must love her a lot and not try to understand her at all.
* বিয়া পতাৰ এটা সুবিধা হৈছে, তোমাৰ ভুল-ত্ৰুটিবিলাক আৰু তোমাৰ কষ্ট কৰি মনত ৰখাৰ দৰকাৰ নাই৷ এটা কাম দুজনে কৰাৰ কি দৰকাৰ?
* বিবাহিত পুৰুষবোৰ চিৰ কুমাৰসকলতকৈ বেছি দিন জীয়াই থাকে৷ মানুহে যি বিচাৰে সেয়াইতো পোৱা নাযায়৷
পিছে বন্ধুসকল, যিমানেই প্ৰতিকূলতা নাথাকক, বিয়াতো আপুনি পাতিবই লাগিব৷ সেয়া লাগিলে সংসাৰ ধৰ্ম পালনৰ বাবেই হওক নাইবা পৰিয়ালৰ তাগিদাতেই হওক, জৈৱিক প্ৰয়োজনতেই হওক নাইবা পাকচক্ৰত পৰিয়েই হওক৷ চিন্তা নকৰিব, বিয়া পতাসকলৰ বাবেও সুখবৰ কঢ়িয়াই আনিছে এদল মৰ্কিন বিজ্ঞানীয়ে৷ বৰং যিসকলৰ বিয়াৰ বয়স পাৰ হৈ যোৱাৰ পিছতো অনিবাহিত বা চিংগল হৈ আছে তেওঁলোকৰ বাবেহে অনুতাপৰ কাৰণ৷
কি সেই সুখবৰ?
ঘটনা হ’ল বিয়া কৰালে হেনো দীৰ্ঘ জীৱন বাছি থাকিব পাৰি৷ মৃত্যুৰ ভয়ো বহুলাংশে কমি যায়৷ অৱশ্যে বিবাহিত জীৱনত স্বামী-স্ত্ৰীৰ মাজত সু-সম্পৰ্ক থাকিব লাগিব৷ সম্প্ৰতি মাৰ্কিন গৱেষকসকলে নতুন এক গৱেষণাৰ পিছত এই তথ্য সদৰি কৰিছে৷ এই নতুন গৱেষকৰ দলটো হৈছে মাৰ্কিন যুক্তৰাষ্ট˜1 নৰ্থ কেৰোলাইনাৰ ডিউক ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ বিশেষজ্ঞ চিকিৎসক তথা গৱেষক ইলিন চিয়েগলাৰ আৰু তেওঁৰ সহযোগী গৱেষকসকল৷ ইলিনে কৈছে–“মাজ বয়সত এজন সংগী বা সংগিনী থাকিলে সুৰক্ষিত থকাৰ সম্ভাবনাই বেছি৷ এনে বয়সত একাকিত্বই মানুহক ক্ৰমে আশাহীন আৰু ভৱিষ্যতৰ প্ৰতি আস্থাহীন কৰি তোলে৷ এজন মানুহৰ সাৰ্বিক জীৱনধাৰণ প্ৰক্ৰিয়াৰ ওপৰত বিয়াই ইতিবাচক প্ৰভাৱ পেলায় ৷ বিবাহিত জীৱনত যিসকল সুখী তেওঁলোকে স্বাভাৱিকভাৱেই স্বাস্থ্যসন্মত খাদ্যাভাস মানি চলে৷
৪০ বছৰ বয়সৰ পিছত একাকী থকা, সংগী বা সংগীনিক হেৰুৱাই নতুনকৈ বিয়া নপতা আৰু অকাল মৃত্যুৰ দিশে আগুৱাই যোৱা একে কথা৷ আনকি ৬০ বছৰ বয়স পৰ্যন্ত জীয়াই থকাটোও অসম্ভৱ হৈ যায়৷ বিবাহিত যিসকল পুৰুষৰ ধূমপান বা এলকহলৰ বদভ্যাস আছে তেওঁলোকৰ ক্ষেত্ৰতো অবিবাহিতসকলৰ তুলনাত মধ্য বয়সলৈ বাচি থকাৰ সম্ভাৱনা ২ দশমিক .৩ গুণ বেছি৷ তেওঁলোকৰ বন্ধু-বান্ধৱৰ সংখ্যাটোও বেছি৷ তদুপৰি স্বামী-স্ত্ৰীয়ে মিলি পৰস্পৰৰ যতন লৈ, সুখ-দুখৰ সমভাগী হৈ মধুৰ জীৱন যাপন কৰিব পাৰে৷
আনহাতে মধ্য বয়সৰ ঠিক আগেয়ে বিবাহবিচ্ছেদৰ দৰে ঘটনা ঘটিলেও একাকী থকাৰ সিদ্ধান্ত ল’লে সিয়ে আয়ুসৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ কাৰণ তেতিয়া একাকিত্বই গ্ৰাস কৰে৷ মানুহ বিষণ্ণতাত ভূগীবলৈ আৰম্ভ কৰে৷
গতিকে সৰু সৰু অশান্তিৰ ভয়ত বিয়াৰ দৰে বিষয় এটাৰ পৰা আঁতৰি নথকাই হ’ব বুদ্ধিমানৰ কাম৷