চুমা খোৱাৰ অভ্যাস গঢ়ক আৰু দীৰ্ঘজীৱি হওক

চুমা খোৱাৰ অভ্যাস গঢ়ক আৰু দীৰ্ঘজীৱি হওক

 

বৰষা কাশ্যপ

বিশেষজ্ঞসকলৰ মতে চুমা কেৱলমাত্ৰ প্ৰেম-ভালপোৱা বা আদৰ প্ৰকাশৰ মাধ্যম নহয়৷ ইয়াৰ কিছু স্বাস্থ্যগত দিশো আছে৷ উদাহৰণস্বৰূপে ধৰক আপুনি খুব মানসিক চাপত আছে কোনো কথাকলৈ৷ এই সময়ত ভাল লগা মানুহগৰাকীৰ এটি চুম্বনে আপোনাৰ মানসিক চাপ বহু পৰিমাণে কমাই দিব পাৰে৷ নিয়মিত চুম্বনে মানুহৰ যৌবনো বৃদ্ধি কৰে৷ শাৰীৰিক অনুশীলন কৰাৰ দৰেই চুমাই শৰীৰৰ হেপী হৰমোন নিঃসৰণ কৰে৷ যিয়ে আপোনাক অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা নিৰুৎসাহিত কৰি ৰাখে তথা আপোনাৰ শাৰীৰিক ক্ষমতা ঠিকে ৰাখে৷ ইয়াৰ বাহিৰেও চুমা আপোনাৰ হৃদপিণ্ডৰ কাৰণেও ভাল আৰু ইয়ে আপোনাৰ দাঁতৰ ক্ষয় ৰোধ কৰে৷ জানো আহকচোন চুম্বনৰ সেইবোৰ গুণৰ কথা–

জীৱন সম্পৰ্কে ইতিবাচক ধাৰণা ঃ
গবেষকসকলৰ মতে যিয়ে নিয়মিত চুম্বন কৰে জীৱন সম্পৰ্কে তেওঁলোকৰ ধাৰণা বেছ ইতিবাচক৷ এইসকল লোকে অন্যৰ তুলনাত বেছি দীৰ্ঘ আৰু সুস্থ জীৱন যাপন কৰে৷

ব্যাথা দূৰ কৰে ঃ
চুমাৰ কাৰণে দেহত আণ্ড্ৰেনালাইন হৰমোনৰ ক্ষৰণ ঘটে৷ এই হৰমোনে ব্যাথা নাশ কৰে৷ চুমাৰ মাধ্যমেৰে মূৰৰ বিষৰ দৰে যন্ত্ৰণাৰ পৰা মুক্তি পোৱা যায়৷

দাঁতৰ ক্ষয়ৰোধ ঃ
বহুতৰে চুমা খোৱাৰ আগত মুখ আৰু দাঁতৰ যত্ন লোৱাৰ অভ্যাস আছে৷ চুমা দাঁত আৰু মুখৰ সু-স্বাস্থ্যৰ বাবে ভাল৷ চুমাই চালভিয়াৰ নিঃসৰণ বঢ়ায়৷ ইয়ে এচিডৰ কাৰ্যক্ষমতা কমাই দিয়ে আৰু দাঁকৰ ক্ষয় ৰোধ কৰে৷

ৰক্তচাপ ঃ
চুমা খালে নিশ্চিতভাৱে অৱদমিত হয় উচ্চ ৰক্তচাপ, হাইপাৰটেনচন তথা দুশ্চিন্তাৰ দৰে ব্যাধিসমূহ৷

ব্যথা ঃ
চুমা খালে মস্তিস্কত এণ্ডৰফিন নামৰ হৰমোনৰ ক্ষৰণ হয়, যি দেহৰ ব্যাথা-বেদনা কমোৱাত সহায় কৰে৷

এলাৰ্জিৰ সম্ভাৱনা কমায় ঃ
চুম্বনে এলাৰ্জিৰ সম্ভাৱনা কমায়৷ বিশেষকৈ মৌচুমী এলাৰ্জিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমিব পাৰে চুম্বনৰ ফলত৷ জাপানৰ এক গৱেষণাত বিষয়টো প্ৰমাণিত হৈছে৷

হৃদপিণ্ড ঃ
চুমাৰ স’তে আছে হৃদয়ৰ ঘনিষ্ঠ এক সম্পৰ্ক৷ সেয়ে, যিসকলে নিতৌ ইজনে সিজনক চুমা খায় তেওঁলোকৰ হৃদপিণ্ড বহুত বেছি সুস্থ থাকে৷

ইনচমনিয়াৰ সমস্যা ঃ
যিসকলে চুমা খাবলে ভাল পায় আৰু নিয়মিত এই কাৰ্য কৰে তেওঁলোকৰ ইনচমনিয়াৰ সমস্যা নহয়৷ অন্যৰ তুলনাত তেওঁলোক মানসিকভাবে স্থিৰ প্ৰকৃতিৰ হয়৷

ৰোগ প্ৰতিৰোধক ক্ষমতা ঃ
দেহত ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই তোলে ভালপোৱাৰ চুমাই৷ মাথোঁ সেয়াই নহয়, চুমা খালে আই জি ই এণ্টিবডি হ্ৰাস পায় তথা মাষ্ট চেলৰ পৰা হিষ্টিৰিনৰ ক্ষৰণো কমে৷ ফলত এলাৰ্জিৰ হাতৰ পৰা ৰক্ষা পাব পাৰে আমাৰ শৰীৰে৷

ষ্টেচ কমায় ঃ
মানসিক চাপ চম্ভালিবলৈ এক গুৰুত্বপূৰ্ণ মাধ্যম হ’ল চুম্বন৷ দেহত কৰ্টিচল নামৰ ষ্টেচ হৰমোন কমায় চুমাই৷ ফলত ইয়াৰ লগে লগে ষ্টেচো দূৰ হ’ব৷

মেজাজ মুকলিমূৰীয়া হৈ থাকে ঃ
চুম্বন কৰিলে মন মেজাজ মুকলিমূৰীয়া হৈ থাকে৷ প্ৰতিদিন পুৱা মাত্ৰ ২ মিনিট চুম্বন কৰিলে সমস্ত দিন আপোনাৰ মন-মেজাজ উৎফুল্ল থাকিব৷

মানসিক চাপ কমায় ঃ
চুম্বনৰ ফলত আপোনাৰ মনৰ পৰা বহু সমস্যা তথা চিন্তা দূৰ হৈ যাব পাৰে৷ বৈজ্ঞানিকভাৱে ক’ব গ’লে চুম্বনৰ ফলত শৰীৰৰ অক্সিটচিনৰ মাত্ৰা বাঢ়ি যায়৷ ই হ’ল শৰীৰক শান্ত কৰি ৰখা ৰাসায়নিক৷ ইয়াৰ বাহিৰেও আপুনি গভীৰভাৱে শ্বাস ল’ব পাৰিব, যিয়ে শৰীৰক ৰিলেক্স হোৱাত সহায় কৰে৷

যৌন আকাংক্ষা বৃদ্ধি কৰে ঃ
মানুহৰ নানা সমস্যা দূৰ কৰে যৌনতাই৷ ইয়ে আত্মবিশ্বাস বঢ়োৱাৰ উপৰি হৃদযন্ত্ৰৰ পৰিচৰ্যা কৰে আৰু এই যৌনতাৰ আকাংক্ষা বৃদ্ধি কৰে চুম্বনে৷

মাইগ্ৰেইন ঃ
মূৰৰ যন্ত্ৰণা বা মাইগ্ৰেনৰ দৰে ক্ৰনিক বিষৰ পৰাও মুক্তি দিব পাৰে ক্ষণিকৰ এটা গভীৰ চুম্বনে৷

কেলৰি ক্ষয় ঃ
আপুনি যদি ভাবে যে কেৱল জিম কৰা বা দৌৰাৰ মাধ্যমেৰেহে দ্ৰুতভাৱে শৰীৰৰ কিছু কেলৰি ক্ষয় কৰিব পাৰি তেনেহ’লে আপুনি ভুল কৰিছে৷ কাৰণ বিভিন্ন গৱেষণাৰ দ্বাৰা দেখা গৈছে যে, চুম্বনৰ ফলত প্ৰতি মিনিটত মাত্ৰাভেদে একৰ পৰা দুই কেলৰি ক্ষয় হয়৷ সেয়ে আপুনি যদি দৈনন্দিন ফিটনেচৰ অংশ হিচাবে চুম্বনক অন্তৰ্ভুক্ত কৰে তেনেহ’লে সেয়া খুবেই ফলপ্ৰসূ হ’ব৷

ভাইৰাচ নাশ ঃ
বিজ্ঞানীসকলে কয়, চুম্বনৰ মাধ্যমেৰে দুজনৰ মাজত সুস্থ বিপাকক্ৰিয়া আৰম্ভ হয়৷ বিশেষকৈ চুম্বনৰ যোগেদি যদি দুটি শৰীৰ যৌনতাৰ দিশে আগবাঢ়ে, তেন্তে ইয়ে বহু ক্ষতিকৰ ভাইৰাচৰ পতন ঘটায়৷

তাৰুণ্য ধৰি ৰাখে ঃ
চুম্বনৰ ফলত মুখৰ প্ৰায় ৩০ ডাল পেশিৰ উদ্দীপন হয়৷ ইয়াৰ বাহিৰেও ইয়াৰ উপকাৰিতাৰ মাজত আছে- আপোনাৰ কপালৰ ত্বকৰ পৰা আৰম্ভ কৰি বাহু পৰ্যন্ত মসৃণতাৰ সৃষ্টি কৰে চুম্বন প্ৰক্ৰিয়াই ৷ আপোনাক তাৰুণ্য অনুভৱ কৰিবলৈ ই যিমান সহায় কৰিব সিমানেই বাহ্যিক দৃষ্টিতো তৰুণ দেখাত সহায় কৰিব৷ মুখৰ ৰক্ত চলাচল বঢ়াৰ ফলত ইয়াৰ মাধ্যমেৰে মুখৰ দ্যুতিও বাঢ়ি যায় আৰু বয়সৰ কাৰণে সৃষ্ট মুখৰ বলিৰেখা কমায় নিয়ে৷

সুখী কৰি তোলে ঃ
চুম্বনে এণ্ডোফিনচ আৰু এণ্ডোৰফিনচ হৰমোনৰ ক্ষৰণ ঘটায় যিয়ে মানুহক সুখী কৰি তোলে৷ অথাৰ্ৎ, চুম্বনৰ যোগেদি মানুহে সুখকৰ অনুভূতি পাব পাৰে৷

বন্ধন সুদৃঢ় কৰে ঃ
দম্পতীসকলৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰে চুম্বনে৷ চুম্বনৰ সময়ত উভয়ৰ দেহত অক্সিটোচিন হৰমোন নিঃসৃত হয় যিয়ে বন্ধন দৃঢ় কৰে৷ দুখন হৃদয়ৰ ভালপোৱা প্ৰকাশৰ এই মাধ্যমত শৰীৰ-মনৰ নানান উপকাৰিতা অন্তনিৰ্হিত হৈ আছে৷ চুম্বনক মনৰ খোৰাকৰ লগতে শৰীৰৰ খোৰাক বুলিও ক’ব পাৰি৷ সেয়ে ভালপোৱা মানুহগৰাকীক চুম্বন কৰি সুস্থ, দীৰ্ঘ তথা সুখী জীৱন লাভ কৰক৷

গৱেষকসকলে চুম্বনৰ অপকাৰীতাৰ মাথোঁ দুটা দিশ চিনাক্ত কৰিছে৷ সেয়া হৈছে-

(ক) চুম্বনৰ দ্বাৰা বিভিন্ন ৰোগৰ বীজানু বিয়পিব পাৰে৷

(খ) চুম্বনৰ উপকাৰীতা আছে বাবে স্থান, কাল আৰু পাত্ৰলৈ লক্ষ্য ৰাখি ইয়াক ব্যৱহাৰ নকৰিলে বিপদৰ আশংকাই হ’ব অধিক ।

যি নহওক, চুম্বন এক প্ৰীতিৰ প্ৰতীক, স্নেহৰ প্ৰতীক৷ এই চুম্বন হ’ব পাৰে প্ৰেমাস্পহৰ প্ৰতি, মাতৃৰ প্ৰতি, সন্তানৰ প্ৰতি, জ্যেষ্ঠৰ প্ৰতি, কনিষ্ঠৰ প্ৰতি, বন্ধুৰ প্ৰতি অথবা ভাল লগা কোনো বস্তুৰ প্ৰতি, কোনো প্ৰাণীৰ প্ৰতি…..৷ হৃদয়হীন পাষাণৰ চুম্বনৰ সৈতে কোনো সম্পৰ্ক নাই৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *