প্ৰত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামী

প্ৰত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামী

 

👉মলালিছা শইকীয়া

অসমীয়া ৰমন্যাসিক যুগৰ ত্ৰিমূৰ্ত্তিৰ অন্যতম প্ৰত্নতত্ত্ববিদ, পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম হৈছিল ১৮৭২ চনৰ ৪ জানুৱাৰী তাৰিখে গোলাঘাট জিলাৰ ঢেকীয়াল মৌজাৰ গৌৰাঙ্গ সত্ৰত৷ তেখেতৰ পিতৃ আছিল ঢেকীয়াল মৌজাৰ মৌজাদাৰ তথা গৌৰাঙ্গ সত্ৰৰ সত্ৰাধিকাৰ ডম্বৰুধৰ গোস্বামী আৰু মাতৃ ঘণকান্তি দেবী৷ সেইসময়ত ঢেকীয়াল অঞ্চলত আনুষ্ঠানিক শিক্ষা লাভৰ বাবে বিদ্যালয় নথকাৰ হেতু হেমচন্দ্ৰ গোস্বামী দেৱে দীন বন্ধু তৰ্কালংকাৰ ৰচিত ‘‘শিশুবোধক’’ নামৰ পাঠ্য পুথিখন শিক্ষাগুৰু থানুৰাম শৰ্মাদেৱৰ তত্ত্বাবধানত ঘৰতে অধ্যয়ন কৰিছিল৷ পৰৱৰ্তী সময়ত তেখেতৰ পিতৃদেৱে সেই অঞ্চলত এখনি প্ৰাথমিক বিদ্যালয় স্থাপন কৰাত হেমচন্দ্ৰ গোস্বামীদেৱে তাতে শিক্ষা গ্ৰহণ কৰে আৰু তিনিটকীয়া বৃত্তি লাভ কৰি গোলাঘাটৰ উইলিয়াম মাইনৰ স্কুলত নামভৰ্ত্তি কৰেগৈ৷ অতি মেধা সম্পন্ন এইজনা যুগদ্ৰষ্টাই ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কুৰিটকীয়া জলপানি লাভ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্ত্তি কৰেগৈ৷ তাতে প্ৰায় চাৰি বছৰ কাল অধ্যয়ন কৰাৰ পাছত হেমচন্দ্ৰ গোস্বামীদেৱে ১৮৯৪চনত গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে যদিও ১৮৯৫ চনত তেখেতে বুৰঞ্জীবিদ ছাৰ এডৱাৰ্ড গেইটৰ অনুপ্ৰেৰণাত শ্বিলঙৰ সচিবালয়ত নিযুক্তি লাভ কৰে৷ ১৮৯৭ চনত চাব ডেপুটি কালেক্টৰ আৰু তাৰ পাছত ক্ৰমান্বয়ে ই এ চি আৰু ডেপুটি মেজিষ্ট্ৰেট পদলৈ তেখেতে পদোন্নতি লাভ কৰে৷
কালেক্টৰৰূপে কাৰ্যনিৰ্ব্বাহ কৰাৰ সময়ছোৱাতে সেইসময়ৰ স্বনামধন্য সাহিত্যিকজন প্ৰত্নতত্ত্ব বিষয়টোৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু পৰৱৰ্তী সময়ত অসমৰ এজন উল্লেখযোগ্য প্ৰত্নতত্ত্ববিদ ৰূপে সৰ্বজনস্বীকৃত হয়৷ প্ৰত্নতত্ত্ব হ’ল মানৱ জীৱনৰ অতীতৰ ক্ৰিয়াকলাপৰ বিশদ অধ্যয়ন৷ প্ৰত্ন শব্দৰ অৰ্থ হৈছে পুৰণি বা প্ৰাচীন৷ অন্যহাতে তত্ত্ব মানে হৈছে প্ৰকৃত বা আচল অৱস্থা৷ পুৰণি সম্পদৰাজিৰ প্ৰকৃত অৱস্থাৰ বিশদ অধ্যয়নেই প্ৰত্নতত্ত্ব৷ প্ৰাচীন স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা, লিপি, আ-অলংকাৰ, আসবাব পত্ৰ আদি পৰীক্ষা-নিৰীক্ষা কৰি সেইকালছোৱাৰ সংস্কৃতি সম্পৰ্কে জ্ঞান লাভ কৰা বা অধ্যয়ন কৰা কথাখিনি প্ৰত্নতত্ত্ব বিষয়টোৰ সৈতে জড়িত হৈ থাকে৷ সমগ্ৰ বিশ্ব ইতিহাস অধ্যয়নৰ অন্যতম সমল তথা উৎস হৈছে প্ৰত্নতত্ত্ব৷ অসমত বুৰঞ্জী লিখন আৰু ¸বিজ্ঞানসন্মত প্ৰত্নতাত্ত্বিক কৰ্মৰাজিৰ ওপৰত বৃটিছ শাসন কালৰ পৰা স্বাধীনতা-উত্তৰ কাল পৰ্যন্ত কেবাজনো বুৰঞ্জীবিদ আৰু প্ৰশাসনিক বিষয়াই আগবঢ়োৱা অৱদান চিৰস্মৰণীয়৷ এনে এজন প্ৰাতঃস্মৰণীয় প্ৰত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ নাম এই ক্ষেত্ৰত সদায়ে আগত জিলিকি আছে৷

হেমচন্দ্ৰ গোস্বামীদেৱে কালেক্টৰ পদবীত যোগদান কৰাৰ পাছত বৃটিছ চৰকাৰৰ নিৰ্দেশত বহুতো পুৰণি পুথি সংগ্ৰহ কৰে৷ অসমৰ প্ৰায়বোৰ গাঁও-ভূঁই, নগৰ-চহৰ, সত্ৰ নামঘৰ আদি পৰিভ্ৰমণ কৰি তেখেতে প্ৰায় বাৰশমান প্ৰাচীন পুথি সংগ্ৰহ কৰে৷ এই পুথিসমূহ A Descriptive catelogue of Assamese Manuscript নামৰ গ্ৰন্থখনি প্ৰণয়ন কৰি উলিয়াইছিল৷ তদুপৰি২৩৩খন পুথিৰ বিষয় বস্তুৰ আভাস সম্বলিত এই গ্ৰন্থ খনিত কিতাপ সমূহৰ বৰ্ণনা মূলক তালিকা সন্নিবিষ্ট কৰা হৈছে৷ ১৯২৭ চনত অসম চৰকাৰে এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়ায়৷ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মৰ্মে হেমচন্দ্ৰ গোস্বামীদেৱে ১৯১৮ চনৰ পৰা অসমীয়া ‘সাহিত্যৰ চানেকি’ নামৰ গ্ৰন্থখনি যুগুতাই উলিওৱা কামত ব্ৰতী হয় আৰু প্ৰায় সুদীৰ্ঘ দহ বছৰৰ পাছত ১৯২৯ চনত গ্ৰন্থখনি কিতাপ আকাৰে প্ৰকাশ পায়৷ তিনিটা ভাগত সম্পাদনা কৰি উলিওৱা গ্ৰন্থখনি প্ৰকাশ কৰে বিশিষ্ট অসমীয়া সদাগৰ ভোলানাথ বৰুৱাদেৱে৷ কৰ্ণেল পি.টি. আৰু গৰ্ডন চাহাবৰ তৎপৰতাত ১৯০০ চনত হেমচন্দ্ৰ গোস্বামীদেৱৰ সম্পাদনাত হেমচন্দ্ৰ বৰুৱাদেৱৰ প্ৰখ্যাত অসমীয়া অভিধান ‘হেমকোষ’ প্ৰকাশ কৰি উলিওৱা হয়৷ ১৯১৮ চনত হেমচন্দ্ৰ গোস্বামীদেৱে আন এখন প্ৰাচীন গ্ৰন্থ ‘ভট্টদেৱৰ কথা গীতা’ সম্পাদনা কৰি উলিয়ায়৷ তদুপৰি সূৰ্য্যখৰি দৈবজ্ঞৰ ‘দৰং ৰাজবংশাৱলী’, সুকুমাৰ বৰকাইথৰ ‘হস্তীবিদ্যাৰ্নৱ’, ‘শ্ৰীহস্তমুক্তাবলী’, ‘পুৰণি অসমীয়া বুৰঞ্জী’, ‘কামৰত্নতন্ত্ৰ’ আদি উল্লেখযোগ্য গ্ৰন্থসমূহ সম্পাদনা কৰি তেখেতে প্ৰকাশৰ ব্যৱস্থা কৰিছিল আৰু ভাষা সাহিত্যৰ প্ৰাচীন যুগটোৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত অনবদ্য বৰঙনি আগবঢ়াইছিল৷ প্ৰত্নতত্ত্বৰ ক্ষেত্ৰখনত বিশেষকৈ অসমৰ প্ৰাচীন সাহিত্যৰ ঐতিহ্যৰ ওপৰত থকা তেখেতৰ আগ্ৰহ আৰু আবেগিক সম্পৰ্কৰ ফলত ৰাজ্যখনৰ প্ৰত্নতাত্বিক তথা পুৰাতাত্বিক দিশটোৰ নৱ উন্মেষণ ঘটিছিল বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা হ’ব৷ প্ৰাচীন ঐতিহ্য সম্বলিত পুথিসমূহৰ সম্পাদনা কৰি তেখেতে প্ৰাচীন অসমীয়া ভাষা-সাহিত্যৰ ভেটি নিৰ্মাণত আগ ভাগ লৈছিল৷
হেমচন্দ্ৰ গোস্বামীদেৱ এজন বিদগ্ধ পণ্ডিত তথা সাহিত্যিক ৰূপেই নহয় এজন প্ৰত্নতত্ত্ববিদ ৰূপে সমাজত আজিও উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে৷ প্ৰাচীন পুথিসমূহ সম্পাদনা কৰি প্ৰকাশ কৰিবলৈ তৎপৰ হোৱাৰ উপৰিও তেখেতে ঊষা, বাঁহী আদি কাকতত বুৰঞ্জীমুলক তথা প্ৰত্নতাত্ত্বিক নিদৰ্শন সম্বন্ধীয় ভালেমান প্ৰবন্ধ ৰচনা কৰি উত্তৰ পুৰুষলৈ চানেকি ৰাখি থৈ গৈছে৷ নগাঁৱত পঢ়ি থকাৰ কালছোৱাতে গোস্বামীদেৱ গুণাভিৰাম বৰুৱাৰ সান্নিধ্যলৈ আহে আৰু ‘আসাম বন্ধু’ৰ পাতত ৰমন্যাসিক কবিতাৰ প্ৰকাশেৰে সাহিত্যৰ জগতত খোজ দিয়ে৷ তাৰ পিছৰ কালছোৱাত কলিকতাত থকা অৱস্থাত সাহিত্যৰথী লক্ষ্মীনাথবেজবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, ৰত্নেশ্বৰ মহন্ত, ভোলাৰাম দাস আদি স্বনামধন্য সাহিত্যিক সকলৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয় আৰু সাহিত্য সৃষ্টিত মনোযোগ দিবলৈ অনুপ্ৰেৰণা লাভ কৰে৷ অৱশ্যে তাৰ পৰৱৰ্তী কালত তেখেতে কবিতা লিখা কামটো বাদ দি ইতিহাস অধ্যয়ন, পুৰালিপি অধ্যয়ন, প্ৰত্নতাত্বিক সমল আৰু আহিলা সংগ্ৰহ কৰা কাৰ্যত পোণপতীয়াকৈ মনোনিবেশ কৰে৷ বিশ্ব দৰবাৰত অসমৰ ইতিহাস গৌৰৱোজ্বল কৰি তুলিবলৈ গোস্বামীদেৱ বদ্ধপৰিকৰ হয় আৰু সেই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি তেখেতে অসমৰ ঐতিহাসিক শিলালিপি, তাম্ৰলিপি, ইতিহাসৰ পাণ্ডুলিপি, সাঁচিপতীয়া পুথি, মুদ্ৰা, কড়ি আৰু স্থাপত্য-ভাস্কৰ্য্য সমূহৰ অনুসন্ধান আৰম্ভ কৰে৷ অসমৰ বহু পুৰণি ‘কামৰূপ অনুসন্ধান সমিতি’ আৰু ‘অসম ৰাজ্যিক সংগ্ৰহালয়’ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে৷ বিভিন্ন গ্ৰন্থৰ লগতে অংকীয়া নাট, কথা ভাগৱত, যোগিনী তন্ত্ৰ আদি পুথি সম্পাদনা কৰি শুদ্ধ পাঠেৰে সংকলিত কৰে৷ অসমত একেলেঠাৰিয়ে ছশ বছৰ কাল ৰাজত্ব কৰা আহোম ৰজা সকলৰ সৈতে সমসাময়িক ভাৰতৰ বহু ৰজা মহাৰজাৰ যোগাযোগ আৰু ভাব বিনিময়ৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰা ৰজাঘৰীয়া চিঠিপত্ৰসমূহ সংকলিত কৰি গোস্বামীদেৱে কাকত, আলোচনীত প্ৰকাশৰ ব্যৱস্থা কৰিছিল৷ অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখনি প্ৰণয়ন কৰি উলিওৱাৰ পাছত তেখেতৰ নাম দুৰ-দুৰণিলৈ বিয়পি পৰিছিল আৰু ¸বিশ্ব সাহিত্যৰ ক্ষেত্ৰ খনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ছোৱাৰ বহু বিশ্ব বৰেণ্য প্ৰখ্যাত লেখকে তেখেতৰ গ্ৰন্থখনিৰ বাবে শুভেচ্ছামূলক মন্তব্য প্ৰদান কৰি উৎসাহ যোগাইছিল৷ লগতে জাৰ্মানীৰ এখন নামজ্বলা বিশ্ববিদ্যালয়ৰ পৰা বিশ্বৰ সকলো ভাষা আৰু সাহিত্যৰ বিৱৰণ লিপিবদ্ধ কৰি ৰখা বৃহৎ কলেৱৰৰ গ্ৰন্থত প্ৰকাশ কৰিবৰ বাবে এটি প্ৰবন্ধ বিচাৰি অনুৰোধ জনাইছিল৷ এনেদৰেই হেমচন্দ্ৰ গোস্বামীদেৱে ক্ৰমাৎ এজন শিক্ষকৰ পৰা ইতিহাসবিদৰূপে বিদ্বৎ সমাজত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল৷

চন্দ্ৰকুমাৰ আগৰৱালা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগ লাগি হেমচন্দ্ৰ গোস্বামীদেৱে ১৮৮৮ চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰে আৰু এই সভাৰ মুখপত্ৰ ৰূপে ‘জোনাকী’ প্ৰকাশ কৰে৷ হেমচন্দ্ৰ গোস্বামীদেৱ জোনাকী আলোচনীৰ দ্বিতীয়জন সম্পাদক আছিল৷ তদুপৰি তেখেতে ‘অকন’ নামৰ শিশু আলোচনী এখনো সম্পাদনা কৰিছিল৷ হেমচন্দ্ৰ গোস্বামীদেৱৰ সৈতে ইংৰাজ বুৰঞ্জীবিদ চাৰ এডৱাৰ্ড গেইট আৰু গডৰ্ন চাহাবৰ বৰ সু-সম্পৰ্ক আছিল৷ তেখেত সকলে গোস্বামীদেৱক প্ৰত্নতাত্বিক বিষয়সমূহ সমল ৰূপে অনুসন্ধান কৰিবলৈ দিয়া উৎসাহৰ ফলস্বৰূেই আচলতে অসমৰ এজন যুগদ্ৰষ্টা প্ৰত্নতত্ত্ববিদৰ উত্থান হৈছিল বুলিব পাৰি৷ মহামানৱ মহাত্মা গান্ধী আৰু বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰ এবাৰ গুৱাহাটীলৈ আহোঁতে হেমচন্দ্ৰ গোস্বামীদেৱে দুয়োকে অসমৰ প্ৰাচীন ঐতিহ্যমণ্ডিত পুথি ‘হস্তী বিদ্যাৰ্ণৱ’ খনি দেখুৱাই অসমৰ প্ৰাচীন ঐতিহ্যৰ প্ৰতি তেখেত সকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিশ্ব ঐতিহ্যৰ পম খেদি তেখেতে অসমৰ ঐতিহ্যৰ গুণ গৰিমা বখানিবলৈ লাচিত বৰফুকনক এক বিশিষ্ট ৰূপত উপস্থাপন কৰিছিল৷ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে হেমচন্দ্ৰ গোস্বামীদেৱে অসমৰ গৌৰৱ প্ৰসাৰৰ বাবে শৰাইঘাটৰ যুদ্ধৰ বিখ্যাত সেনাপতি লাচিত বৰফুকনৰ কীৰ্তিকলাপ ‘উষা’ত লিখি প্ৰকাশ কৰাৰ দিহা কৰিছিল৷ ‘শৰাইঘাটৰ যুদ্ধ’ নামে খ্যাত এই প্ৰবন্ধটিয়ে লাচিত বৰফুকনক অসমীয়া জাতিৰ হিয়াৰ আমঠু কৰি তোলাত সহায় কৰিছিল৷ তাৰ পাছত বীৰ লাচিতক কেন্দ্ৰ কৰি নাটক, গীত-মাত, কবিতা, প্ৰবন্ধ আদি সৃষ্টি হ’বলৈ ধৰে৷ লগতে অসমত ‘লাচিত উৎসৱ’ পালনৰ দিহা কৰা হয়৷ প্ৰত্নতত্ত্বক মূল আধাৰ ৰূপে গ্ৰহণ কৰি এই জনা মহান সাহিত্যিকে প্ৰাচীন গ্ৰন্থৰাজিৰ সম্পাদনা কৰা, সুন্দৰ ৰূপত সংকলিত কৰাৰ উপৰিও অসমৰ সাহিত্য সাধক সকলক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই প্ৰাচীন গ্ৰন্থৰ লগতে নৱ্য চিন্তাৰ গ্ৰন্থ প্ৰণয়ণত উল্লেখযোগ্য সহায় সহযোগ আগবঢ়াইছিল৷ ছাৰ এডৱাৰ্ড গেইট সম্পাদিত ‘‘A Descriptive catelogue of Assamese Manuscript’’ নামৰ গ্ৰন্থখনিৰ প্ৰণয়নত গোস্বামীদেৱে গেইট চাহাবক যথেষ্ট সহায় কৰিছিল৷ তদুপৰি উক্ত গ্ৰন্থখনিৰ পৰিশিষ্টত থকা ‘অসমীয়া সাময়িক কাকতৰ বিৱৰণ’ শীৰ্ষক অধ্যায়টি নিজে যুগুতাই দিছিল৷

অসমীয়া সাহিত্যৰ প্ৰথম ছনেট প্ৰণেতা তথা ভাষা সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ অন্যতম হেমচন্দ্ৰ গোস্বামীদেৱৰ সুকীৰ্তি দেশ দেশান্তৰ বিয়পি যোৱা আৰু কাললৈ খ্যাতি ৰৈ যোৱা৷ ঢেকীয়াল মৌজাৰ নাম বিশ্ব তথা অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখি থৈ যোৱা ভাষাৰ ওজা, পৰমাচাৰ্য প্ৰত্নতত্ত্ববিদ, পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱ আমাৰ সদাস্মৰণীয় পূজ্য ব্যক্তি৷ যি কেইজন প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে অসমীয়া ভাষাটো শুদ্ধ ৰূপত ক’বলৈ আৰু লিখিবলৈ আমাক শিকাই থৈ গ’ল সেইসকলৰ ভিতৰত হেমচন্দ্ৰ গোস্বামীদেৱ আছিল জাকতজিলিকা৷ বহু দুখ কষ্ট মূৰপাতি লৈ তেখেতে অসমীয়া ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত অসমৰ প্ৰাচীন তথ্য আৰু সমল সম্বলিত সাহিত্যৰাজি উদ্ধাৰ কৰি প্ৰত্নতত্ত্ব বিষয়টোক এই সমলেৰে চহকী কৰি থৈ গৈছে৷ ১৯২৮ চনৰ ২ মে’ত গুৱাহাটীৰ নিজা বাসভৱনত এইজনা ক্ষণ জন্মা মহান পুৰুষৰ মৃত্যু হয়৷ অসংখ্য চৰকাৰী দায়িত্ব আৰn ¸কৰ্ত্তব্য পালনৰ মাজেদি গৈ তেখেতে ভাষা সাহিত্যৰ সেৱা কৰিছিল আৰু প্ৰত্নতত্ত্ব দিশটোৰ উন্নয়ন সাধনত মনোনিবেশ কৰিছিল৷ গোস্বামীদেৱে দেখুৱাই যোৱা বাটে দি গৈ বুৰঞ্জীবিদ ড॰ সূৰ্য্যকুমাৰ ভূঞাদেৱে বহুতো মুল্যৱান বুৰঞ্জী প্ৰণয়ন কৰে৷ এইজনা মহান যুগদ্ৰষ্টালৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *