গুপ্তধনৰ ৰহস্য

গুপ্তধনৰ ৰহস্য

 

👉তানভীৰ আহমেদ

……গুপ্তধনৰ কথা ওলালেই আমাৰ চকুত ভাঁহি আহে দুৰ্লভ ৰত্ন পাথৰ, সোণ, হীৰা, নগদ অৰ্থ মদ্ৰাৰ সম্ভাৰ৷ মাটিৰ তলত, সমুদ্ৰ তলত এই অমূল্য সম্পদসমূহ লুকাই ৰাখিছিল কোনো অজ্ঞাত ধন কুবেৰে৷…..

সময়ৰ পৰিক্ৰমাত আজি এইবোৰ উন্মুক্ত সম্পদ৷ গুপ্তধনৰ কাৰণে যিসকলে মৰণ পণ কৰি ইয়াৰ অনুসন্ধানত নামে যিসকলক কোৱা হয় গুপ্তধন চিকাৰী সেইসকলৰ কাৰণে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে লোকচক্ষুৰ অন্তৰালত সঞ্চিত হৈ আছে গুপ্তধন৷ বহু গুপ্তধনৰ কথা মানুহে পূৰ্বপুৰুষসকলৰ মুখেৰে শুনি আহিছে যিবোৰ এতিয়াও বিচাৰি পোৱা হোৱা নাই৷ কিছু কিছু গুপ্তধনৰ সন্ধান যিয়ে পাইছে সেইসকলে মাৰিছে তৃপ্তিৰ হাঁহি৷ তদুপৰি গুপ্তধনৰ মোহ ইমানেই বেছি যে কেতিয়াও সি কমি নাযায়৷ কৌতূহল থাকি যায় আজীৱন৷

দুৰ্লভ সম্পদৰ পাহাৰ
এহাজাৰ বছৰৰ পুৰণি ইংলেণ্ডৰ বাকিংহাম এলেকাৰ এটি কুঁৱাৰ মাটি খান্দিবলৈ গৈ পোৱা যায় গুপ্তধন৷ গুপ্তধন চিকাৰীৰ দলে মাটিৰ ২ ফুট তলত প্ৰায় এহাজাৰ বছৰৰ পুৰণি প্ৰচুৰ ধাতব মুদ্ৰা বিচাৰি পায়৷ এই প্ৰাচীন মুদ্ৰাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১৫ লাখ মাৰ্কিন ডলাৰ৷ এটি পাত্ৰৰ মাজত একেলগে প্ৰায় প্ত হাজাৰ মুদ্ৰা আছিল৷ এইবোৰৰ মাজত ১১ শতিকাৰ ৰজাৰ ছবি সম্বলিত মুদ্ৰাও আছিল৷

ভাৰতৰ ১৭ টন ৰূপাৰ গুপ্তধন
ভাৰতবৰ্ষত দুশ বছৰৰ পুৰণি পুৰিৰ মঠত ৮৫ কোটি ৰূপা মূল্যমানৰ ১৭ টন ৰূপাৰ গুপ্তধন পোৱা যায়৷ আচয্যৰ্ৰ বিষয় হ’ল, পুৰিৰ এই পৰিত্যক্ত মঠৰ কাষেৰেই জগন্নাথ মন্দিৰলৈ হাজাৰ হাজাৰ লোকে যাতায়ত কৰে যদিও কাৰোৱে দৃষ্টিত পৰা নাছিল মূল্যবান এই সম্পদৰাজি৷ বৰুন বড়াল নামৰ এজন ব্যক্তিয়ে প্ৰায় ৫৩ কেজি ওজনৰ এটি ৰূপাৰ খণ্ড বিক্ৰী কৰাৰ চেষ্টা চলাই থাকোঁতে পুলিচে তাক গ্ৰেপ্তাৰ কৰে৷ পিছত পুলিচে তেওঁক লৈ সোধা-পোচা কৰে৷ অৱশেষত বৰুন বড়াল জনায়, সেয়া এক ৰূপাৰ খণ্ড, জগন্নাথ মন্দিৰৰ সোঁফালে অৱস্থিত ইমান মঠৰ পৰা তেওঁ চুৰি কৰিছে৷ পিছত তেওঁৰ এই স্বীকাৰোক্তিৰ ভিত্তিতে পুলিচে দুশ বছৰৰ পুৰণি ইমাৰ মঠলৈ গৈ তালাচি কৰে৷ তেওঁলোকে এই মঠত ৩৫ ৰ পৰা ৪০ কেজি ওজনৰ ৫২২টা ৰূপৰ খণ্ড পায়৷ যাৰ ওজন প্ৰায় ১৭ টন৷ বত্তৰ্মান বজাৰ দৰত এই ৰূপাৰ মূল্য ৮৫ কোটি ৰূপি৷ ৰূপাৰ খণ্ডবিলাক এটি তালাবদ্ধ কক্ষত চাৰিটা কাঠৰ বাকচত পোৱা যায়৷

সাগৰতলিত গুপ্তধন
তিনিশ বছৰ পূৰ্বে সোণ তথা বহুমূল্য ৰত্নৰ ভৰত ডুবি যোৱা স্পেনীয় যুদ্ধ জাহাজ এখনৰ সন্ধান পায় কলম্বিয়াই৷ আধুনিক মানব সভ্যতাৰ ইতিহাসত এইটোৱে সকলোতকৈ ডাঙৰ গুপ্তধনৰ সন্ধান৷ আজিৰ পৰা তিনিশ বছৰ পূৰ্বে ব্ৰিটিছসকলৰ আক্ৰমণত ডুবি যায় স্পেনৰ এখন বিশেষ যুদ্ধ জাহাজ৷ কলম্বিয়াৰ কেৰিবিয়ান উপকূলত জাহাজখন ডুবিছিলৰ ১৭০৮ চনৰ জুনত৷ স্পেনৰ মাৰ্কিন ঔপনিবেশিকসকলে স্পেইনৰ তৎকালীন ৰজা পঞ্চম ফিলিপক এই যুদ্ধ জাহাজত পঠাইছিল প্ৰচুৰ উপঢৌকন৷ সোণ, হীৰা, নানাবিধ ৰত্ন, তথা ৰূপা ভত্তিৰ্ জাহাজ৷ কলম্বিয়াৰ কেৰিবিয়ান উপকূলত ব্ৰিটিছসকলৰ আক্ৰমণত ডুবি যায় জাহাজখন৷ মাত্ৰ ৬০০ জাহাজকম¹ক উদ্ধাৰ কৰা হয়৷ বাকিবোৰৰ কোনো সন্ধান পোৱা নগ’ল৷ তেতিয়াৰ পৰাই স্পেইন তথা কলম্বিয়াই ইয়াৰ সন্ধানৰ অভিযান আৰম্ভ কৰে৷

কফিনত গুপ্তধন
প্ৰায় চাৰে তিনি হাজাৰ বছৰৰ পুৰণি গুপ্তধনৰ সন্ধান পোৱা গৈছে গ্ৰীচত৷ দেশখনৰ পেলোপনিচাচ অঞ্চলৰ এটি প্ৰাচীন কফিনত পোৱা গৈছে এই গুপ্তধন৷ প্ৰচুৰ হীৰা, মুক্তা, হাতীৰ দাঁতৰ মীনা কৰা গহনা, নানা বহু মূল্য ৰত্ন সঞ্চিত কৰি ৰখা হৈছিল এই কফিনটোত৷ গ্ৰীচৰ পেলোপনিচাচ অঞ্চলৰ মাটিৰ তলত বহু প্ৰাচীন সামগ্ৰীৰ সন্ধান পূৰ্বেও পোৱা হৈছিল বহুবাৰ৷ এদল মাৰ্কিন প্ৰত্নতাত্ত্বিকে মাটি খান্দিবলৈ গৈ এটি কঠিন কিবা দেখিবলৈ পায়৷ আৰু অলপ খান্দিয়েই বুজিব পাৰে, সেয়া এটি প্ৰাচীন কফিন৷ ধাৰণা কৰা হয়, প্ৰাচীন গ্ৰীচৰ কোনো এক যোদ্ধাৰ কবৰ সেয়া৷

আটলাণ্টিকৰ গুপ্তধন
আটলাণ্টিকৰ তলদেশৰ পৰা ১৭১৫ স্পেইনৰ এখন জাহাজৰ ভগ্নাবশৰ পৰা প্ৰায় ৰ মিলিয়ন ডলাৰ মূল্যমানৰ স্বৰ্ণ মুদ্ৰা আৰু শিল্পকৰ্ম উদ্ধাৰ কৰিছে স্মিথ পৰিয়ালে৷ প্ৰাপ্ত গুপ্তধনৰ মাজত ৫১টা স্বৰ্ণ মুদ্ৰা তথা ৪০ ফুট লম্বা স্বৰ্ণেৰে তৈয়াৰী এডাল চেইন আছে৷ ফ্লোৰিডাৰ উপকূলবত¹ চহৰ মিয়ামিৰ পৰা ২০১০ কিলোমিটাৰ দূৰত সমুদ্ৰৰ ৫১ ফুট গভীৰত এই ভগ্নাবশেষৰ সন্ধান পোৱা যায়৷ স্পেইনৰ পুৰণি নথিপত্ৰ পৰীক্ষা কৰি জনা যায়, জাহাজবোৰে বত্তৰ্মানৰ ৪০০ মিলিয়ন ডলাৰ সম পৰিমাণ পণ্য পৰিবহণ কৰিছিল৷ ইয়াৰ মাজত এই পয্যৰ্ন্ত ১৭৫ মিলিয়ন ডলাৰ সম পৰিমাণৰ সম্পদ উদ্ধাৰ কৰা সম্ভৱ হৈছে৷

বাদচাহ চুলেমানৰ সোণৰ খনি
বাদচাহ চলেমান৷ পবিত্ৰ কোৰানৰ বৰ্ণনা মতে, তেওঁ আছিল এজন নবী তথা প্ৰতাপশালী বাদচাহ৷ হিব্ৰু বাইবেল অনুসৰি, তেওঁ আছিল ইজৰাইলৰ প্ৰথম তথা গুৰুত্বপূৰ্ণ এজন ৰজা৷ বাইবেলত আছে চুলেমান বাদচাহৰ সোণৰ খনিৰ কথা৷ যুক্তৰাষ্টৰ ভূতত্ত্ব জৰীপ বিভাগৰ বিশেষজ্ঞসকলে সাম্প্ৰতিক এক অনুসন্ধানৰ ভিত্তিত কৈছে, সেই সোণৰ খনি বিচাৰি পোৱা গৈছে৷ তেওঁলোকৰ মতে, চৌদি আৰবৰ দক্ষিণ অংশত মাহদ আদ দাহাৰ বা সোণৰ সূতিকাগাৰ নামে যি বিৰাট সোণৰ খনিটো আছে সেইটোৱে চুলেমান বাদচাহৰ সোণৰ খনি৷ মিথেকয়, বাদচাহ হিৰাম তথা বাদচাহ চুলেমানে তাৰে পৰা সোণ লৈ আহিছিল জেৰুজালেমলৈ৷ বাইবেলৰ বিৱৰণ অনুসাৰে সেই সোণৰ পৰিমাণ হ’ব প্ৰায় ৩১ মেট্ৰিক টন অথাৰ্ৎ সেই কালত পৃথিৱীত সোণ আছিস তাৰ অৰ্ধেক৷

চীনৰ প্ৰাচীন মুদ্ৰা
চীনৰ উত্তৰাঞ্চলৰ আভ্যন্তৰীণ মঙ্গোলীয়া স্বায়ত্তশাসিত অঞ্চলত চীনা প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন মুদ্ৰা উদ্ধাৰ কৰে৷ যাৰ মুঠ ওজন ৩.৫ টন৷ এই গুপ্তধন হোলোচাইদেনৰ [বত্তৰ্মানৰ ওৰ্দোচ চহৰ] প্ৰাচীন দুৰ্গৰ ঠাইত খনন কাৰ্যৰ সময়ত৷ মুদ্ৰাসমূহৰ বেছি ভাগেই ‘হোজইউৱান’ ধৰণৰ৷ চীনত যাৰ প্ৰচলন আছিল হান বংশৰ ৰাজত্বকালত৷ তাতেই খনন কৰি সন্ধান পোৱা গৈছে শতাধিক ‘ছাঁচ’, যি মুদ্ৰা কংক্ৰিট নিমাৰ্ণৰ কাৰণে ব্যৱহৃত হয়৷

ক’ৰ পৰা আহে গুপ্তধন?
পৃথিৱীত দামী ৰত্নপাথৰৰ সন্ধান প্ৰাচীনকালৰ পৰাই চলি আহিছে৷ যুগে যুগে মানুহে দামি ৰত্নসামগ্ৰী সংগ্ৰহ কৰিছে৷ মৃত্যুৰ পূৰ্বে সেইবোৰ নিৰাপদ ঠাইত সংৰক্ষণৰ চেষ্টা কৰিছে৷ কোনো কোনোৱে আকৌ জীৱদ্দশাতেই সম্পদ নিৰাপদে ৰখাৰ কাৰণে লোকচক্ষুৰ অন্তৰালত লুকুৱাইছে৷ কিন্তু পৃথিৱীত ইমান মূল্যবান তথা দুৰ্লভ ৰত্নপাথৰ আহিল ক’ৰ পৰা?
বিজ্ঞানীসকলৰ মাজত ইয়াকে লৈ নানা মতভেদ আছে৷ কোনোৱে কৈছে, এই ৰত্ন লৈ আহিছিল বিশাল বিশাল গ্ৰহাণুৱে কোটি কোটি বছৰ পূৰ্বে৷ এই গ্ৰহাণুবোৰে পৃথিৱীক সজোৰে ধাক্কা মাৰি সিহঁতৰ শৰীৰৰ পৰা পেলাই থৈ গৈছিল এই ৰত্ন৷ আকৌ কোনো কোনোৱে কৈছে, সেইবোৰ লৈ আহিছিল বিশালাকৃতিৰ উল্কাবোৰে৷ এতিয়া এইটো মানিলো হয় যে সকলোবোৰ গুপ্তধন আহিছিল পৃথিৱীৰ জন্মৰ [আজিৰ পৰা প্ৰায় ৪০০ কোটি বছৰ আগেয়ে] ২০ কোটি বছৰ পিছত৷ এই বৰ বৰ উল্কাবোৰে সজোৰে আহি খুন্দা মাৰিছিল পৃথিৱীক৷ সেই খুন্দাত উল্কাবোৰৰ শৰীৰত ‘ইণ্ডিয়ান চেণ্টাৰ ফৰ স্পেচ ফিজিক্স’ ৰ বিশিষ্ট জোৰ্তিবিজ্ঞানী সন্দীপ চক্ৰৱৰ্তীয়ে কয়, ৪০০ কোটি বছৰ আগেয়ে যেতিয়া অগ্নীগৰ্ভ, পুঞ্জীভূত গেছৰ মেঘৰ পৰা পৃথিৱীৰ জন্ম হয় তেতিয়া সেই প্ৰচণ্ড তাপত লোহম গলি যায়৷ তাৰ তৰল স্ৰোত বৈ যায় পৃথিৱীৰ একেবাৰে অভ্যন্তৰে৷ তাৰ লগতে পৃথিৱীৰ বুকুলৈ প্ৰৱেশ ঘটে প্ৰচুৰ পৰিমাণে সোণ, প্লাটিনাম, টাংষ্টেন, নানা ৰকমৰ ৰত্ন, মণি আৰু মাণিক৷ এইবোৰেই গুপ্তধন৷ যুগে যুগে মানুহে খনিৰ পৰা এইবোৰ সংগ্ৰহ কৰি আহিছে৷ বিলাসী জীৱনৰ সঙ্গী কৰিছে৷

আপুনিও কৰিব খোজে নেকি গুপ্তধনৰ সন্ধান?
গুপ্তধনৰ অভিযানত বহুতেই জীৱনৰ বাজি ৰাখে৷ গুপ্তধন চিকাৰীসকলৰ বাবে ই এক নিচা৷ ৰত্নপাথৰ সংগ্ৰহকাৰীসকলে মূলতঃ গুপ্তধনৰ সন্ধানত দেশ-বিদেশ ঘূৰি ফুৰে৷ পৰ্বত বগায়, সমুদ্ৰ জয় কৰে৷ প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে গহীন বন, পৰ্বত আনকি সমুদ্ৰতলৰ পৰাও তুলি আনে দুৰ্লভ ৰত্ন পাথৰ, বিভিন্ন সময়ৰ প্ৰত্নতাত্ত্বিক নিদৰ্শন৷ এইবোৰৰ অৰ্থ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হৈ থাকে৷ বিশ্বজুৰি বহু স্থান আছে য’ত গুপ্তধন থাকিব পাৰে– এনে সম্ভাৱনাকে লৈ ঘূৰি ফুৰে গুপ্তধন চিকাৰীৰ দল৷

আলেকজেণ্ডাৰৰ গুপ্তধন
প্ৰাচীন মেচিডোনিয়া তথা গ্ৰীচৰ সম্ৰাট আলেকজেণ্ডাৰ দ্য গ্ৰেটে, মধ্যপ্ৰাচ্য আৰু এচিয়াৰ অভিযান পৰিচালনা কৰিছিল৷ তেওঁ ৩২৩ খ্ৰীষ্টপূৰ্বত প্ৰাচীন বেবিলন তথা বত্তৰ্মানৰ ইৰাকত মৃত্যুবৰণ কৰিছিল৷ এইবাৰ ইজৰাইলত পোৱা গৈছে আলেকজেণ্ডাৰৰ গুপ্তধন৷ দেশখনৰ উত্তৰে গালিল অঞ্চলৰ এখন পৰ্বতৰ ফাকত দুই হাজাৰ তিনিশ বছৰ আগৰ আলেকজেণ্ডাৰৰ সময়ৰ প্ৰাচীন মুদ্ৰা আৰু অলংকাৰ বিচাৰি পাইছে পৰ্বতাৰোহীসকলে৷ গুপ্তধনসমূহৰ ভিতৰত আছে দুটি ৰৌপ্যমুদ্ৰা, কেইটামান আঙুঠি, চুড়ি, কাণৰ দুলসহ কেইবিধমান ৰূপাৰ গহণা৷ এই অঞ্চলত এই প্ৰথম আলেকজেণ্ডাৰৰ সময়ৰ কোনো নিদৰ্শন পোৱা গ’ল৷ প্ৰত্নতাত্ত্বিকসকলৰ ধাৰণা, প্ৰাচীন কোনো যুদ্ধৰ সময়ত উদ্বাস্তুলোকসকলে এই মুদ্ৰা আৰু অলংকাৰ পাহাৰত লুকাই ৰাখিছিল৷ আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছৰ পৰা আৰম্ভ হোৱা অস্থিৰতাৰ সময়ত এই মূল্যবান সম্পদসমূহ উক্ত এলেকাৰ অধিবাসীসকলে ভাল সময়ৰ অপেক্ষাত লুকাই ৰাখিছিল৷ ইয়াৰ আগেয়ে ভূমধ্যসাগৰত ইজৰাইলৰ সীমাৰ মাজত প্ৰায় দুই হাজাৰ প্ৰাচীন স্বৰ্ণমুদ্ৰা বিচাৰি পাইছিল ডুবাৰুসকলে৷ স্বৰ্ণমুদ্ৰাসমূহ ফাতেমি খলিফা আমোলৰ [৯০৯-ৰ১৭১ খ্ৰীষ্টাব্দ]৷ ফাতেমি খলিফাসকলে মধ্যপ্ৰাচ্য আৰু আফ্ৰিকা শাসন কৰিছিল৷ অথাৰ্ৎ স্বৰ্ণমুদ্ৰাসমূহ প্ৰায় এক হাজাৰ বছৰ পুৰণি৷

ভাগ্যবান দম্পতী
স্বৰ্ণ চিকাৰীসকলৰ মাজত কেলিফোৰ্নিয়া স্বৰ্ণৰাজ্য হিচাপে পৰিচিত৷ সেই খ্যাতিযেন কামত আহি গ’ল এই ভাগ্যবান দম্পতীৰ৷ ২০১৩ চনত পোৱা এই সোণৰ মুদ্ৰাবোৰৰ বত্তৰ্মান মূল্য আনুমানিক ৰ কোটি মাৰ্কিন ডলাৰ৷ ১৮৪৭ ৰ পৰা ১৮৯৭ চনৰ মাজভাগত তৈয়াৰী ১৪৪৭টা সোণৰ মুদ্ৰা৷ ধাৰণা কৰা হয়, এই মুদ্ৰাসমূহ কেতিয়াও ব্যৱহূত হোৱা নাই কিয়নো ই একেবাৰে নতুন হৈয়ে আছে৷ এই দম্পতীয়ে ২০১৩ চনৰ এপ্ৰিলত খোজ কাঢ়িবলৈ গৈ এজোপা গছৰ তলত ধাতুৰ পাত্ৰৰ ভিতৰত মুদ্ৰাসমূহ বিচাৰি পায়৷ যুক্তৰাষ্টৰ ইতিহাসত এয়া সম্ভৱত মাটিৰ তলৰ পৰা পোৱা সৰ্ববৃহৎ গুপ্তধন৷ স্বৰ্ণমুদ্ৰাসমূহ এই দম্পতীয়ে তেওঁলোকৰ অধিকাৰত থকা এটুকুৰা জমিতে বিচাৰি পায়৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *