ববিতা গগৈৰ গল্প – হাট

ববিতা গগৈৰ গল্প – হাট

….বজাৰখনৰ মাজে মাজে কাৰোবাৰ উদঙীয়া গৰু কেইটামান ঘূৰি ফুৰিছে। ফপৰা কুকুৰ দুটাও ঘূৰি ফুৰিছে বজাৰখনৰ মাজৰ পৰা উফৰি আহিছে ঘুৰ ঘূৰ , যাহ যাহ জাতীয় শব্দ কেইটামান ।….

এইকেইদিন গোটেই ৰাতি জ্বৰত কেঁকাই থকা ল’ৰাটোক চাই চাই বুকুখন চেপি ধৰে কুন্তীৰ। এক সপ্তাহে অলপো জ্বৰ কমা নাই। তাই মঙলবৰীয়া সপ্তাহৰ হাট কৰি আহিবৰ দিনাৰে পৰা ল’ৰাটোৰ জ্বৰ উঠিছে।প্ৰথমে সাধাৰণ জ্বৰ বুলিয়েই ভাবিছিল। ওচৰৰে দীপ্তি , বন্তি বাইদেউ আহি চাই হালধীয়া পৰা দেখি জণ্ডিছ হোৱা বুলি কোৱাতহে।

ছেহঃ কাইলৈ হাটলৈ যাব লাগে। কেনেকৈ এৰি থৈ যায় বাৰু তাই এই বেঙা ল’ৰাটোক। কিন্তু যাব যে লাগিবই। নগ’লে জানো পইচাৰ জোৰা মৰিব?!

কথাবোৰ ভাৱি শান্তিৰে শুই থকা পুতেকৰ কাষতে বহি থুম মাৰি বহি ৰয় তাই।

সোনকালেই হাটলৈ যাব লাগিব।শেষ নিশাই হ’লহি চকুত টোপনি নাই।ক’ত আৰু আজি টোপনি আহিব।
কুন্তীৰ ঘৰত কুন্তী আৰু তাইৰ পঁচিশ বছৰীয়া বেঙা ল’ৰাটো। অজলা ল’ৰাটোক এদিনৰ কাৰণে অকলেই
এৰি আহিছে।গোটেই সপ্তাহটো সি একোৱেই খাব পৰা নাই। কোমলকৈ ভাত কেইটামান খুৱালেও বমি কৰি দিয়ে। যোৱা সপ্তাহত পাচলিৰ বিক্ৰী বাৰ্তা বৰ ভাল নহ’ল গতিকে ল’ৰাটোক হস্পিতেলকৈ নিব পৰা নাই।

কেতিয়াৰ পৰা এই সংগ্ৰাম কুন্তীৰ। ঠিক ল’ৰাটোৰ জন্মৰ পৰাই। নহয় নহয় ল’ৰাটোৰ বুজন হোৱাৰ বয়স হোৱাৰ পৰা। আন ল’ৰা ছোৱালীৰ দৰে সি বয়স অনুপাতে বুজন হোৱা নাছিল। ডাঙৰ হৈয়ো শিশুৰ দৰে আচৰণ কৰিছিল।

থাকক ভাবিনো কি লাভ হব। তাইৰ ল’ৰাটো ভাল হ’ব লাগে। ভাৱবোৰ সামৰি বজাৰলৈ যাবলৈ সাজু হয়।

পেঁ পেঁ পেঁ কৈ গাড়ীৰ হৰ্ণ, ঘেৰ ঘেৰ কৈ গাড়ীৰ ইঞ্জিনৰ শব্দৰে এটা হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছে।বিভিন্ন মানুহ খোজ কাঢ়িও অহা যোৱা কৰিছে।কাৰোবাৰ হাতত বজাৰৰ মোনা , কাৰোবাৰ অন্য কাম। কাৰো মাত কোনেও নুশুনা অৱস্থা। অহা আহিছে যোৱা গৈছে। কাষৰে হোটেল কেইখনত কোনোবাই বহি চাহ খাইছে, ৰুটি খাইছে। পুৱাই সোনকালে বজাৰলৈ। ওলাই অহা। সোনকালে নাহিলে বিক্ৰী ভাল নহয়।

কেটলী পিঠা এটা আৰু লাল চাহ একাপ হাতত লৈ কুন্তী গ্ৰাহকলৈ অপেক্ষা কৰে। পিঠাত দ্বিতীয় কামোৰটো মাৰি চাহত শোহা মাৰোঁতেই গ্ৰাহক এজন আহি সোধে-

:কলদিল কিমানকে দিছা।

:আশী টকা ।

:কিইইইই …..আশী টকা । জোখতকৈ বেছি দাম কৰিছা।

:কি কলৰ , ভাল জানো?
গ্ৰাহক জনে পিটিকি পিটিকি কলডিলটো চাই।

ৰ’বা আহি আছোঁ লমহি থৈ দিবা।
কুন্তীয়ে জানে আখি টকা বুলি

বজাৰ খনৰ মাজে মাজে কাৰোবাৰ উদঙীয়া গৰু কেইটামান ঘূৰি ফুৰিছে। ফপৰা কুকুৰ দুটাও ঘূৰি ফুৰিছে বজাৰখনৰ মাজৰ পৰা উফৰি আহিছে ঘুৰ ঘূৰ , যাহ যাহ জাতীয় শব্দ কেইটামান ।

পাচলি বেচিব লাগে এনেকৈ উদঙীয়া কৈ মেলি দিছে।
কুন্তীৰ বন্ধাকবি এটাত কামোৰ মাৰেগৈ দমৰা এটাই
দমৰা তোৰ পিঠিত এক ঢকা মাৰি কুন্তীয়ে কয় ।

:অই কুন্তী কেলেই মাৰিছ ইমান জোৰেৰে গৰুটো?

এহ তই কি বুজিবি। ইমান বাচি বাচি শাক পাচলি কেইটা কিনি আনিছোঁ বেচিবলৈ । মোৰ তহঁতৰ দৰে নহয় বিক্ৰী।কমকৈ আনো তাৰে আধা নষ্ট যায়।

তাইৰ চেৰেংকৈ পুতেকলৈ মনত পৰে । ওচৰৰ দীপ্তিয়ে চাইছে নে বাৰু!এহ তাইৰো দুটা সৰু সৰু ল’ৰা ছোৱালী আছে।বৰ বেয়া সমস্যাত পৰিল তাই। দীপ্তিৰ ভৰষাতে এনে দিনটো বজাৰলৈ বুলি ওলাই আহিছে তাই।

কি কৰিছে বাৰু তাইৰ ল’ৰাটোৱে ? জটিল এই জগতৰ হাল জাল বুজি নোপোৱা অজলা ল’ৰাটো বুকুত বান্ধি তাই এইকুৰা কম জুই পুঁৱাইছেনে । সি মাক বজাৰৰ পৰা গৈ পালে এতিয়াও কণমানি ল’ৰা এটাৰ দৰে উচপিছ খাই মাকৰ উচৰ চাপি আহে।

চিন্তাৰ গভীৰ ডুবি এটাত সোমাই পৰে কুন্তী। বজাৰত ভিৰ বহি আহে। বেলি মূৰত উঠিছেহি।

কুন্তীৰ সৰু কাপটোত থকা চাহ কাপ চেঁচা হয়। চেঁচা লাল চাহ কাপ গলাধ কৰন কৰি গ্ৰাহকৰ অপেক্ষা কৰে।

গ্ৰাহক আহে দৰ দাম কৰে যায়গৈ । আকৌ আহে শাক পাচলিবোৰ লিৰিকি বিদাৰি চায়। কোনোৱে কয় সাৰ দিয়া , কোনোৱে কৈ ইমান টেটেৰা পাচলি । কাষৰ সাৰ দিয়া চিকচিকিয়া বন্ধাকবি বেঙেনা কেইটা বেছি বিক্ৰী হয়।

বজাৰ সামৰিব হয় । শাক পাচলি বেচি পোৱা পইচা কেইটা গণি গণি দেখে মুঠ তিনিশ পঞ্চাশ টকা । কি কৰিব এইকেইটা পইচাই। ঘৰলৈ তেল চাউল নিব নে পুতেকলৈ দৰৱ নিব?

তাই পুতেকলৈ বিস্কুটৰ পেকেট এটা কিনি ললে। সি এতিয়াও সৰু ল’ৰাৰ দৰে বিস্কুট ভাল পায়।

বাবা ।।।।।
বাবা।।।।।

কুন্তীৰ বুকুখন ঢপ ঢপাই উঠে । একো শব্দ নাই যে। মাত মাতিব নোৱাৰিলেও বাহিৰত ৰৈ থাকে মাকৰ কাৰণে।

:বাবা।।।

তাইৰ মাতত চিন্তাৰ চাপ।

ভিতৰলৈ সোমাই যায়। বিচনাত অচেতন হৈ পৰি আছে তাইৰ ল’ৰাটো । তাই বজাৰৰ বেগ দলিয়াই উশাহটো চাই।গাটো চেঁচা পৰি গৈছে।

কুন্তীয়ে চিঞৰি চিঞৰি ওচৰৰ মানুহক মাতে। কোন ক’ত আছ আহ অই মোৰ সোণপোনাটোৰ কি হ’ল।

কোনোবা কোনোবা আহে। সৱেই ধৰা ধৰিকৈ ওচৰৰ হস্পিটেল খনলৈ লৈ যায়। ডাক্তৰক তাই বাৰে বাৰে সুধি আছে । কি হৈছে ল’ৰাটোৰ। ভাল হ’বনে মোৰ সোণপোনা? ভাল হব নে?

আমি চিকিৎসা আৰম্ভ কৰিছোঁ । জ্বৰ মূৰত ধৰিছে । টাউনৰ চিভিল হস্পিতেললৈ নিব লগা হ’ব পাৰে ।
সাজু হৈ থাকিব।

তাইৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে হয়। তাই অকলে অকলে কি কৰে এতিয়া।

গোটেই ৰাতি পুতেকৰ কাষতে বহি পাৰ কৰে ।চেলাইন দি থোৱা আছে ।

ৰাতিপুৱাই তাই ঘৰৰ পৰা আহিবলৈ সাজু হয়। ওচৰৰে
ল’ৰা এটাক ৰাখি। ঘৰত গা পা ধুই আজৰি হয় মানে খবৰআহে ডক্তৰ তাইক মাতি পঠাইছে।

শেষ সকলো শেষ তাইৰ। তাই বুকুত বান্ধি ফুৰা জিউটো নিঠৰ হৈ পৰি আছে। কেনে নিষ্ঠুৰ নিয়তি। কি ভুল , কি ভুল আছিল তাইৰ বেঙা ল’ৰাটোৰ। তাইৰ কান্দিবলৈ শক্তি নোহোৱা হয় । চকু কেইটা শুকান হৈ পৰে। মনটোও।কেনেকৈ ঘৰ পাইগৈ একো গম নাপায়।

পুতেকৰ কাপোৰবোৰ বুকুত সাৱটি লৈ থাকে কুন্তীয়ে। যিমানেই মানুহবোৰে কাপোৰবোৰ খুজিছে তাই সিমানেই আটি আটি সাৱটি ধৰিছে। থাককচোন সোণপোনাটোৰ গাঢ় গোন্ধটো লাগি থকা কাপোৰবোৰেই।তাইৰ মনলৈ আহে তাই প্ৰতি সপ্তাহে হাতৰ পৰা ঘূৰি অহাৰ পাছত কেনেকৈ সি অস্ফুট মাতেৰে হাত চাপৰি বজায় তাইক মনৰ ভাৱবোৰ বুজাবলৈ বিচাৰে।

শ্ৰাদ্ধাদি হৈ যোৱাৰ পাছত সকলো ঘৰা ঘূৰি যায়। এতিয়া ঘৰটোত মাথোঁ কুন্তী অকলে ।

হঠাৎ তাইৰ সেই ভিৰ ভাৰ হৈ থকা বজাৰ খনলৈ মনত পৰে। মানুহবোৰ সেই পাচলি বোৰৰ দৰেই লাগে। মানুহ আহিছে দৰ দাম কৰিছে গুচি গৈছে।পুনৰ গ্ৰাহক আহিছে দৰ দাম মিলিছে কিনি লৈ গুচি গৈছে। তাইৰ এনে লাগে জীৱনটো যেন এই বজাৰ খনেই। দৰ দাম মিলিলেহে কোনোবা জীয়াই থাকিব। যাৰ জীৱনত পইচা নাই তাৰ জীৱনো নাই। হয় হয় জীৱন এখন হাট।তাইৰ যদি পইচা থাকিলহেঁতেন তাইও পুতেকক চহৰৰ ভাল হস্পিটেললৈ লৈ গলহেঁতেন। তাইৰ আঁচলৰ ধন তাইৰ আঁচলতেই থাকিলহেঁতেন । তাইৰ কাষতেই।

তাই নিজকে নিজে কৈ উঠে হয় হয় জীৱন এখনি হাটৰ দৰেই ।

হঠাৎ তাইৰ চকু কেইটা সেমেকি অহাৰ দৰে লাগে। হয় হয় তাইৰ চকুৰ পানী ওলাইছে। এই শুকান উবান চকু দুটাত চকুৰ পানী? প্ৰথমে ফেঁকুৰি তাৰ পিছত হাও হাও কৈ কান্দি উঠে কুন্তীয়ে। তাইৰ কান্দোনৰ সাক্ষী হৈ ৰয় বাঁহৰ বেৰকেইখন । বেৰকেইখনে কাণপাতি শুনে তাইৰ ৰাউচি জোৰা কান্দোন। আৰু কোনে শুনে কুন্তীৰ কুন্তীৰ কান্দোন ? বতাহে শুনে , জোনটোয়ে শুনে, গছবোৰে , গছৰ পাতবোৰে শুনে, পিছফালৰ দ পুখুৰীটোৱে শুনে । ঘৰৰ কোঠাৰ বেৰবোৰ কঁপি যোৱাকৈ কুন্তীয়ে কান্দিয়েই থাকে …..

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *