👉অনিমা ভট্টাচাৰ্য
….ইতিমধ্যে সেইটো ঘটনাৰ পিছৰ পৰাই লগৰবোৰে তাইক
নীলাঞ্জনৰ লগত জোকোৱা আৰম্ভ কৰিছিল।স্বভাৱতে লাজকুৰীয়া ল’ৰাজনে অলপ আঁতৰি আঁতৰি ফুৰিব লৈছিল। কিন্তু দিন যোৱাৰ লগে লগে হয়তো মনে মনেই দুয়ো দুয়োৰে ওচৰ চাপিছিল।…..
পৰিস্মিতাই চকু মেলিয়েই দেখিলে তাই এটা অচিনাকী কোঠাত শুই আছে।হাত ভৰি একো লৰচৰ কৰিব পৰা নাই ।কি হৈছে বাৰু তাইৰ ? একোয়েই ভাবিব পৰা নাই দেখোন। ৰিণিকি ৰিণিকি মনলৈ আহিছে তাইৰ। হঠাৎ নীলাঞ্জনৰ ফোনকলটো পাইয়েই ঘৰৰ পৰা হুৰ মূৰকৈ ওলাই আহিছিল ।ভিতৰত মাকক মাত লগোৱা ও ন’হল।
জপনা মুখতহে কথাটো মনত পৰাত মাকক চিঞঁৰি অলপ ওলাই যাওঁ বুলি ক’লে।
নীলাঞ্জনে ইমান ততাতৈয়াকৈ কিয় বা মাতি পঠিয়ালে বুলি তাই ভয়তে বৰ লৰালৰি কৰিছিল। দৌৰাদৌৰিকৈ ৰিক্সা এখনত উঠিব ল ওঁতেই তাই পৰি গ’ল আৰু তীব্ৰ বেগী যান এখনৰ চকা তাইৰ ভৰিৰ ওপৰেৰে পাৰ হৈ গ’ল।তাৰ পিছত আৰু তাই কব নোৱাৰে।
এতিয়া চকু মেলিহে তাই অচিনাকী ঠাইত শুই থকা বুলি গম পালে ।এনেতে চিষ্টাৰ এজনীয়ে হাতত দৰব লৈ অহা দেখা পাই তাই ক’ত আছে ,কি হৈছে সুধিলে।চিষ্টাৰে কলে,এটা এক্সিডেন্টত তাইৰ ভৰি দুখন আঘাতপ্ৰাপ্ত হৈছে। সেয়েহে তাইৰ ভৰি দুখনৰ অপাৰেশ্যন হৈছে। সেইকাৰণে এতিয়া লৰচৰ কৰিব নোৱাৰে । সোঁভৰিখনত হয়তো বিকল্প হিচাপে কৃত্ৰিম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পাৰে।চিষ্টাৰৰ কথা শুনি পৰিস্মিতাৰ মুৰত আকাশী স্বৰগ ভাগি পৰিল।কি হব এতিয়া ? নীলাঞ্জনে তাইক এতিয়া বিয়া কৰাব জানো, পঙ্গু ছোৱালী এজনীক? তাই নিজৰ এন্ধাৰ ভৱিষ্যতৰ কথা ভাবি সিঞঁৰি উঠিল ।
মনত পৰিছে তাইৰ আজি অতীতৰ কথাবোৰ।কলেজলৈ প্ৰথম যোৱা দিনটোলৈ।
প্ৰথম দিনাই তাই লাজে,ভয়ে কলেজলৈ যাওঁতে কলেজ সোমাই য়েই নতুনকৈ পিন্ধা মেখেলা চাদৰত উজুতি খাই পৰি যাব ওলাইছিল। লগৰ বান্ধবী ৰিচা আৰু জুৰিৰো নতুন মেখেলা চাদৰে জোট, পোট লগাইছিল। সিহঁতে ও তাইক সহায় কৰিব পৰা নাছিল। সহায় কৰিলে চিনিয়ৰ ছাত্ৰ এজনে। তেওঁ থাপ মাৰি নধৰা হ’লে তাই পৰি গ’লহেঁতেন।
বহুদিন পিছতহে তাই তেওঁৰ নামটো নীলাঞ্জন বুলি গম পাইছিল ।
ইতিমধ্যে সেইটো ঘটনাৰ পিছৰ পৰাই লগৰবোৰে তাইক
নীলাঞ্জনৰ লগত জোকোৱা আৰম্ভ কৰিছিল।স্বভাৱতে লাজকুৰীয়া ল’ৰাজনে অলপ আঁতৰি আঁতৰি ফুৰিব লৈছিল। কিন্তু দিন যোৱাৰ লগে লগে হয়তো মনে মনেই দুয়ো দুয়োৰে ওচৰ চাপিছিল।
ফলস্বৰূপে এদিন নীলাঞ্জনে তাৰ বন্ধু ৰিদিপৰ জৰিয়তে পৰিস্মিতালৈ প্ৰেমৰ প্ৰস্তাৱ পঠিয়াইছিল।পৰিস্মিতাই বৰ ভয় খাইছিল।কাৰণ তাই বৰ ৰক্ষণশীল পৰিয়ালৰ ছোৱালী আছিল।
আনকি মাক, দেউতাকে ছোৱালী দুজনীক কলৈকো অকলে যাবলৈকো দিয়া নাছিল।অকলে লগৰীয়াৰ লগত চিনেমা চাবলৈকো নিদিছিল।আনকি কোনো আত্মীয়ৰ ঘৰলৈকো অকলে নপঠিয়াইছিল।তেনেস্থলত কাৰোবাৰ লগত প্ৰেম ! তাইচোন ভাবিব ই নোৱাৰে।দেউতাকে শুনিলে তাইৰ কলেজলৈ অহাই বন্ধ কৰি দিব।তাই বৰ অসহায়বোধ কৰিলে।অথচ মনে মনে হয়তো নীলাঞ্জনৰ প্ৰতিও তাইৰ দুৰ্বল ভাৱ এটা আহিছে ।
এইবোৰকে ভাবিচিন্তি থাকোতে তাইৰ পঢ়াত মনেই নোহোৱা হ’ল।কলেজলৈ যাব
লাগে বাবেই গৈ আছে।ঘৰতো কতো মন বহুৱাব নোৱাৰা হৈছে ।
এইবোৰ কথাকে ভাবি চিন্তি গৈ থাকোতে এদিন বাটতে ৰিদিপক লগ পালে।ৰিদিপে কলে যে আজি নীলাঞ্জনে তাইক লগ কৰিব বিচাৰিছে।
কিবা হেনো জৰুৰী কথা আছে। কি কথা হব পাৰে বুলি তাই চিন্তাত পৰিল ।ৰিদিপ যোৱাৰ অলপ পিছত হঠাৎ সেইঠাইতে নীলাঞ্জন আহি ওলাল ,আৰু কলে যে আজি এটা বজাত কলেজৰ পিছফালে থকা গেট খনৰ ওচৰলৈ আহিবা।অলপ কথা আছে । ইতিমধ্যে নীলাঞ্জনে এটা ভাল চাকৰিত সোমাইছিল।
পৰিস্মীতাই বৰ ভয় খাইছিল। তাই মনে মনে ঠিক কৰিলে যে তাই বান্ধবী ৰিচাক লৈ যাব ।
সেই মতেই তাই ৰিচাৰ লগত গ’ল।ৰিচাই নিজে বুজিয়েই সিহঁতক কথা পাতিবলৈ সুবিধা দি অলপ আঁতৰি গ’ল।
সেই যে নিলাঞ্জনে তাইক সিদিনা কোৱা বাক্যকেইটা আজিও তাইৰ কাণত বাজি আছে স্পষ্ট ভাৱে -” কিয় পৰি !” সুগভীৰ অৰণ্যলৈ যোৱা বাটৰ দৰে তোমাৰ বুকুলৈ যোৱাৰ বাট, ভালপোৱাৰ ৰ’দ এচেৰেঙাই চুব নোৱাৰাকৈ ইমান গভীৰত কিয় নিজকে লুকুৱাই ৰাখিছা?
কি আছে নিভৃতত? এই সময়তে যদি ৰৈ যাব বিচৰা জনৰ দুহাত খামুচিব নোৱাৰা, জীৱনলৈ আক্ষেপ কৰিবলৈ
সাজু হোৱা। ভাল পোৱা জানো ইমান সহজে আহে আমাৰ জীৱনলৈ !”
তাইৰ অতি স্পষ্টকৈ মনত আছে , তাই একো উত্তৰ দিব নোৱাৰি হুক্ হুকাই কান্দি উঠিছিল। আৰু নিলাঞ্জনে শান্তভাৱে কৈছিল। “মোৰ কব লগীয়াখিনি কলোঁ।বাকী তুমি মোক কি উত্তৰ দিয়া , পিছত দিলেও হব। এতিয়া ম ই যাওঁ”। এইবুলি বাইকখন লৈ আঁতৰি গৈছিল আৰু তাই তাতে কিছু সময় বহি থাকি ৰিচাৰ লগত উভটি আহিছিল। ৰিচাক তাই এই বিষয়ে একো নকলে।নিজৰ মনতেই নীলাঞ্জনে কোৱা কথাবোৰকে পাগুলিয়াই থাকিল ।
আজি তাই এই সন্ধিক্ষণত থিয় হৈ ভাবিছে, বৰ্তমান অৱস্হাৰ বাবে তাইৰ ভৱিষ্যত স্থবিৰ হৈ ৰৈ যাব নেকি বাৰু?
নীলাঞ্জনে বা তাইক কি কবলৈ মাতিছিল ! সি চাগে গমেই পোৱা নাই তাইৰ এই অৱস্থাৰ কথা। বৰ্তমান তাইৰ ওচৰত কোনো নাই দেখোন।মাক, দেউতাকে বাৰু গমেই পোৱা নাই নেকি?
চিষ্টাৰ গৰাকীয়ে এইবাৰ ইনজেক্সন দিবলৈ আহোঁতে তাই সুধিলে, “মোৰ ঘৰৰ মানুহে কোনেও গম পোৱা নাই নেকি? কোনো অহা নাই যে।”
চিষ্টাৰে কলে যে,যোৱা কালি সকলো আহিছিল , আজিও সময় হলেই সকলো আহিব । হস্পিটেলত এটেনডেন্টচৰ কাৰণে নিৰ্দ্ধাৰিত সময় থাকে।অলপ পিছতেই তাই মাক,দেউতাকক তাইৰ ওচৰলৈ অহা দেখিলে। তাই এটা শেতা হাঁহি বিৰিঙাই তেওঁ লোকলৈ চালে।মাক,দেউতাকে তাইৰ জ্ঞান ফিৰি অহা দেখি আশ্বস্ত হ’ল। কিন্তু তাইৰ চকু দুটাই নীলাঞ্জনক বিচাৰি ফুৰিছে।কিয় অহা নাই বাৰু সি?চাগেই গমেই পোৱা নাই ।আজি ৰিচাক ফোন কৰি সুধিব লাগিব। অলপ সময় থাকি সময় হোৱাত মাক দেউতাক যাবলৈ ওলাল। দেউতাকে তাইৰ ফোনটো তাইক দিলে, যিটো সিদিনা এক্সিডেন্টত বাটত পৰি যোৱাত ৰিক্সাৱালা জনে দেউতাকৰ হাতত দিছিল ।
ফোনটো পায়েই তাই ৰিচালৈ ফোন লগালে,খবৰটো দিবলৈ আৰু নীলাঞ্জনৰ খবৰ লবলৈ।
ৰিচাই জনালে ,নীলাঞ্জনে সকলো খবৰ পাইছে আৰু তাইৰ অঞ্জান অৱস্থাতো আহি চাই গৈছে।
সিদিনা তাইক মাতি পঠিওৱাৰ কাৰণ জানে নেকি সোধাত কলে যে, দুয়োঘৰৰ মাজত সিহঁতৰ বিয়াৰ কথা আলোচনা কৰিবলৈ বিচাৰিছিল। কিন্তু হঠাৎ ঘটা ঘটনাটোৰ বাবে কিছুদিন পিছতহে সেইটো পৰ্ব অনুষ্ঠিত কৰিব বুলি জনাইছে।
যিয়েই নহ ওক ৰিচাৰ পৰা কথাখিনি জানিব পাৰি পৰিস্মিতা অলপ নিঃশ্চিন্ত হ’ল।
পিছদিনা নীলাঞ্জন আহি একেখিনি কথাকেই কোৱাত তাই সকাহ পালে আৰু ভক্তি ত নীলাঞ্জনৰ প্ৰতি মুৰ দোঁ খাই গ’ল।
এনেতে ডিউটিত থকা ডাক্তৰে আহি খবৰ দিলে যে, আপোনাৰ বাবে ভাল খবৰ।ভৰি দুখনৰ উন্নতি হৈছে , গতিকে কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰিব নালাগে।
পৰিস্মিতাই মনে মনে ভগবানক অশেষ ধন্যবাদ জনালে।