👉ভায়’লীনা অঞ্জন
ৰহস্যময়ী পৃথিৱীত ৰহস্যৰ অন্ত নাই৷ যেনিয়েই চাওঁ তেনিয়েই ৰহস্যৰ মাজত ডুব যাওঁ৷ ভগৱান নে প্ৰকৃতি- ৰহস্যময় সৃষ্টিৰ উৎস বিচাৰি অনুসন্ধিৎসু মনবোৰে বহু সময়ত বিপদসংকুলতাকো নেওচি আগবাঢ়ে৷ কেতিয়াবা যদি প্ৰকৃতিৰ দৃষ্টিনন্দনীয় সৌন্দৰ্য্যই মানুহক মোহাচন্ন কৰিছে আন কেতিয়াবা আকৌ পৃথিৱীৰ কিছুমান বিস্ময়কৰ ভয়াবহতাই মানুহক স্তম্ভিত কৰি তুলিছে৷ ২১শ শতিকাৰ এই বিজ্ঞান-প্ৰযুক্তিৰ চমকপ্ৰদ পদক্ষেপে অসম্ভৱ শব্দটোকেই ভুল বুলি প্ৰতিপন্ন কৰিবলৈ বহুদূৰ সক্ষম হোৱা সময়ত সৌভাগ্য অথবা দুৰ্ভাগ্যবশতঃ পৃথিৱীৰ বহু সত্য আজিকোপতি ছাঁ-পোহৰৰ খেল হৈ ৰৈছে, গোপনে ৰৈছে পৃথিৱীৰ বিশেষ চন্দুক, য’ত লুকাই আছে আজিও আমি ঢুকি নোপোৱা ৰহস্যৰ অলেখ মণি-মুকুতা কিম্বা গৰল৷
বিশাল সাগৰ আৰু দিগন্তৰ সীমনাতো আছে এনে এখন ৰহস্যঘন ঠাই যাৰ সঠিককৈ এটা প্ৰামাণিক বিশ্লেষণ কৰিবলৈ তীক্ষ্ণতকৈও তীক্ষ্ণ কৌশল, বিজ্ঞান, যুক্তি, প্ৰযুক্তিয়েও অপাৰগ হৈ ৰৈছে৷ কি আছে এই ঠাইৰ গভীৰ অন্তৰালত? কিহৰ বাবে তালে’ এবাৰলৈ যোৱাজনো চিৰদিনলৈ নিখোজ হৈ যায় আৰু মাথোঁ হৈ পৰে এটি সাঁথৰ? যেন এক যমৰ নগৰী, য’লৈ প্ৰৱেশৰ পথ প্ৰশস্ত আছে ঠিকেই, কিন্তু উভতি অহাৰ পথ ৰুদ্ধ ৷ অনাৱিষ্কৃত ইয়াৰ ওভতনিৰ পথ, অনাৱিস্কৃত ইয়াৰ প্ৰতিটো চুক -কোণৰ সত্যতা৷
উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম দিশৰ এটি অঞ্চল, যিয়ে সকলোকে নিজৰ ৰহস্যাবৃত আৱেস্তনীৰ মাজলৈ টানি লৈ গৈ এটি যতি নপৰা বিস্ময় তথা ৰোমাঞ্চকৰ কাহিনী ৰচনা কৰি আহিছে৷ সেয়াই হৈছে বিশ্বৰ সবাতোকৈ ডাঙৰ ৰহস্যৰূপে পৰিগণিত এক অদ্ভুত কাল্পনীক ত্ৰিভুজ ‘বাৰ্মুদা’৷
কেনেকৈ আৱিষ্কৃত হৈছিল বাৰ্মুদা ত্ৰায়েংগলৰ অস্তিত্ব
বিগত পাঁচটা দশকে আৰোহীসহ অলেখ জাহাজ আৰু বিমানৰ কবৰস্থানত পৰিণত হোৱা এই ত্ৰিভুজে এতিয়াও সকলোৰে মনত ভয, ত্ৰাস আৰু ৰহস্যৰ সৃষ্টি কৰি আহিছে৷ পাৰ হৈ যোৱা কাহিনীসমূহ শুনিবলৈ সম্পূৰ্ণ অলৌকিক তথা অবিশ্বাস্য যেন লাগিলেও বাৰ্মুদা ত্ৰিভুজৰ অস্তিত্বৰ উমান ইয়াৰ নামকৰণৰ বহু বহু বছৰ আগতেই পোৱা গৈছিল৷ অতীজতে কেৱল এক অবাস্তৱ তথা অস্তিত্বহীন মুখৰোচক কাহিনী অথবা ভৌতিক সাধু কথাৰ দৰেই ঠাইখনে সৰ্বসাধাৰণ মানুহৰ মনৰ মাজত ঠাই লৈছিল৷ সেইসময়ৰ কিছুমান লেখকে ব্যক্তিগত লাভালাভৰ স্বাৰ্থত কাল্পনিক উপাদানেৰে আচল তথ্যসমূহক অতিৰঞ্জিত কৰি কিতাপ লিখিছিল আৰু বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছিল৷ পিছলৈ অত্যধিক মাত্ৰাত exeggration -ৰ দ্বাৰা মানুহক দিশভ্ৰান্ত কৰা বুলি বিজ্ঞসকলৰ মাজত বহুতো থিয়’ৰি, বিতৰ্ক আৰু বাদানুবাদৰ সূত্ৰপাত হয় যিবোৰে হেজাৰ হেজাৰ বছৰজুৰি চলি অহা ৰহস্যৰ উদঘাটনত আজিও ভাবুকিৰ সৃষ্টি কৰি আহিছে, যাৰ ফলস্বৰূপে মানুহৰ মাজত ভয় আৰু আতংকই একপ্ৰকাৰৰ psychosis -ৰ লক্ষণ আনি দিছে৷
সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যদিওবা সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰা লেখকসকলে সৰ্বসাধাৰণৰ মাজত অতিৰঞ্জিত কৰি বাৰ্মুদা ত্ৰিভুজক উপস্থাপন কৰা বুলি বিতৰ্ক শুনিবলৈ পোৱা যায়, সমসাময়িক আন বহু লেখক বিশেষকৈ ঔপন্যাসিকসকলক একো একোজন উচ্ছখাপৰ বুদ্ধিজীৱী হিচাপে সেই সময়ৰ সমাজত সন্মানিত হৈছিল আৰু তেওঁলোকৰ উচ্ছমান বিশিষ্ট লিখনিয়ে সকলোকে অন্তঃকৰণেৰে গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল৷ গতিকে বাৰ্মুদাৰ এই ৰহস্য সম্বন্ধে সকলোৰে লিখনিত সকলোবোৰ তথ্যই যে কাল্পনিকতাকে দৰ্শাইছিল সেইকথা এশ শতাংশই শুদ্ধ বুলি ক’ব নোৱাৰি৷
১৪৯২ চনত Christopher Columbus এ এছিয়ালৈ যাব পৰা বিকল্প মাৰ্গৰ অনুসন্ধান চলাওঁতে এছিয়াৰ সলনি আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল৷ তেওঁৰ এই যাত্ৰাই পোনপটীয়াকৈ বাৰ্মুদা ত্ৰিভুজৰ ওচৰলৈ লৈ গৈছিল যদিও সৌভাগ্যক্ৰমে নিশ্চিত মৃত্যুৰ উমান পাই যমৰ দুৱাৰদলিৰ পৰা উভতি আহিবলৈ সক্ষম হৈছিল৷ কলম্বাচে পৰৱৰ্তী সময়ত সেই সম্বন্ধে কয় যে সেই ঠাইৰ ওচৰ পোৱাৰ আগত কম্পাচৰ অস্বাভাৱিক পৰিৱৰ্তনে দেখা দিছিল৷ মানুহ দিশভ্ৰান্ত হৈ এখন সম্পূৰ্ণ ব্যতিক্ৰম পৃথিৱীত উপস্থিত হোৱাৰ দৰে অনুভৱ হৈছিল৷ অদ্ভুত কিছুমান অগ্নিপিণ্ডৰ পৰা নিৰ্গত পোহৰো দেখা পোৱা গৈছিল৷ ইয়াৰ পিছত ফ্ল’ৰিডাৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত ‘মায়ামী হেৰল্ড’ত এডৱাৰ্ড জ’নচে ১৯৫০ চনত মহাসাগৰৰ বিশাল জলৰাশিৰ মাজত কিছু ব্যতিক্ৰমধৰ্মী ঘটনাৰাজিৰ সাক্ষী হোৱাৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল যদিও ১৯৫২ চনত যেতিয়া জৰ্জ চ্যানড্ এ ‘ফেইত মেগাজিন’ত আকাশী মাৰ্গৰ এক অনিৰ্ধাৰিত স্থানৰ পৰা ৰহস্যজনকভাৱে Flight-19 -ৰ নিখোজ হোৱা বাতৰিৰ বিষয়ে লিখে, সেই খবৰেহে বিশ্বৰ সকলো প্ৰান্ততে বিস্ময়কৰ স্থান হিচাপে আশ্চৰ্যকৰ ত্ৰিভুজৰ অস্তিত্বৰ কথা সম্প্ৰচাৰিত হয়৷
ক’ত এই বাৰ্মুদাৰ চক্ৰবেহু ঃ
ভিন্নজনৰ ভিন্নমতৰ ওপৰত ভিত্তি কৰি বাৰ্মুদা ত্ৰিভুজৰ অৱস্থান হিচাপে ক’ব পাৰি যে উত্তৰ আটলান্টিক মহাসাগৰৰ পশ্চিম দিশত তিনিডাল কাল্পনিক ৰেখাৰে সৃষ্ট এটা ত্ৰিকোণ সদৃশ স্থানতেই পৃথিৱীৰ সবাতোকৈ বিস্ময়কৰ এই বাৰ্মুদা ত্ৰিভুজে৷ ত্ৰিভুজটোৰ তিনিটা কোণ হৈছে মায়ামী (ফ্ল’ৰিডা), চেন যোৱান (প্যুটৰিক), বাৰ্মুদা (উত্তৰ আটলান্টিকৰ দ্বীপ)৷ আমেৰিকাৰ লেখক Vincent Gaddis -এ ১৯৬৪ চনত তিনিটা শীৰ্ষবিন্দুক পোনপ্ৰথমবাৰৰ বাবে ‘বাৰ্মুদা ত্ৰায়েংগল’ নামকৰণেৰে আলোচনী Agrosy -ত ‘The Deadly Bermuda Triangle’ শীৰ্ষক লিখনি লিখে৷ তেতিয়াৰে পৰা সেই ৰহস্যজনক অৱস্থিতিক বাৰ্মুদা ত্ৰায়েংগল নামেৰেই জনা যায়, যাক Devil’s Triangle বুলিও কোৱা হয়৷ মনকৰিবলগীয়া বিষয় এয়ে যে পৰৱৰ্তী সময়ত আন বহু লেখকে বাৰ্মুদা ত্ৰিভুজৰ প্ৰকৃত সীমাৰেখাৰ বাহিৰতো নিকটৱৰ্তী স্থানত ন ন ৰহস্যজনক পৰিঘটনাৰ সম্ভেদ পোৱা হেতু ত্ৰিভুজৰ সীমা সম্প্ৰসাৰণ কৰি উল্লেখ কৰি আহিছে৷
প্ৰকৃত ৰহস্যসমূহ ঃ-
বাৰ্মুদা ত্ৰায়েংগলৰ স’তে জড়িত ৰহস্যসমূহৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল ত্ৰিভুজৰ সীমাৰেখাৰ ওচৰলৈ গ’লে আপোনা আপুনি কম্পাচৰ কাঁটাই কাম কৰা বন্ধ কৰি দিয়ে৷ বিশ্বত কেৱল দুখনেই এনেকুৱা ঠাই আছে য’ত কম্পাচে চুম্বকীয় ধ্ৰুৱৰ সলনি পোনপটীয়াকৈ উত্তৰ দিশলৈ ইংগিত দিয়ে- প্ৰথমটো হ’ল বাৰ্মুদা ত্ৰায়েংগল আৰু দ্বিতীয়তে জাপানৰ ডেভিল’ছ চি৷ দৰাচলতে কম্পাচে মেগনেটিক দিক্লাইনেশ্যনৰে পাৰ হোৱা হেতু অত্যন্ত শক্তিশালী নেৱিগেটৰেও ত্ৰুটিপূৰ্ণ কাম কৰে, যাৰ বাবে এনে বহু তথ্য এতিয়াও মজুত আছে য’ত বিমানচালক আৰু জাহাজৰ নাবিকে দিশভ্ৰস্ত হৈ সংকেত পঠোৱাৰ পিছতে আকাশীযান অথবা জাহাজসহ চিৰদিনৰ বাবে অন্তৰ্ধান হৈ যায়৷
নিখোজ হৈ যোৱা অলেখ জাহাজ আৰু বিমানৰ কিছু সংখ্যকৰহে (আনুমানিক ৫০খন জাহাজ আৰু ২০খন উৰা জাহাজৰ) অফিচিয়েল ৰেকৰ্ড পোৱা গৈছে৷ আন বহুতৰে আকৌ কোনো ধৰণৰ ধ্বংসাৱশেষ কাহানিও ক’তো উদ্ধাৰ নহ’ল৷ যোৱা ১০০টা বছৰত নিখোজ হোৱা কেৱল জাহাজৰেই সংখ্যা ১০০০ -ৰ কম নহ’ব৷ জানিব পৰা মতে, বাৰ্মুদা ত্ৰায়েংগলৰ মাজেৰে এক শক্তিশালী সাগৰীয় বিদু্যৎ Gulf stream প্ৰবাহিত হয় যাৰ কাৰণে স্থানীয় বতৰলৈ ক্ষিপ্ৰতাৰে পৰিৱৰ্তন নামে৷ ইয়াৰ উপৰিও আটলান্টিক মহাসাগৰৰ গভীৰতম পইন্ট Milwaukee depth বাৰ্মুদা ত্ৰিভুজতেই অৱস্থিত৷ প্যুৰ্ট ৰিক’ ট্ৰেন্সৰ Milwaukee depth ২৭, ৪৯৩ ফুট (৮, ৩৮০ মিটাৰ) গভীৰতালৈ ৰহস্যৰ এক বিশাল কান্দহাৰ ৰূপ লৈ সোমাই গৈছে৷
১৯শ শতিকাৰ মধ্যভাগলৈকে বাৰ্মুদা ট্ৰায়েংগলৰ সেই স্থানত সংঘটিত হোৱা বিভিন্ন পৰিঘটনাৰ বাতৰিৰ সম্প্ৰচাৰে সকলোকে আশ্চৰ্য আৰু ৰোমাঞ্চৰ মাজলৈ ঠেলি দিয়ে৷ কেতিয়াবা যদি কিছু সংখ্যক জাহাজ কোনো কাৰণ নোহোৱাকৈ সম্পূৰ্ণৰূপে খালী অৱস্থাত উদ্ধাৰ হৈছে আন কেতিয়াবা আকৌ নাবিক বা নেৱিগেটৰ পক্ষৰ পৰা বিপদৰ কোনো সংকেত নোপোৱাকৈয়ে নিখোজ হৈছে৷ অৱশ্যে বহুবাৰ বিপদৰ অনুমান পাই নাবিকে সংকেত পঠাইছিল আৰু তাৰ পিছ মুহূৰ্ততে বাৰ্মুদা ত্ৰিভুজৰ বুকুত হেৰাই যোৱা ঘটনাও শুনিব পোৱা যায়৷ পিছত উদ্ধাৰ কৰিবলৈ ৰেচকিউ বিমান পঠোৱা হয় যদিও সেই উদ্ধাৰ অভিযানৰ মাজত সেই বিমানো চিৰকাললৈ নিৰুদ্দেশ হৈ পৰে৷
জনবিশ্বাস, কাল্পনিকতা আৰু বাস্তৱিকতাৰ মাজত বাৰ্মুদা ত্ৰায়েংগলঃ
বহুতে বাৰ্মুদা ত্ৰিভুজত সকলোবোৰ অন্তৰ্ধান হৈ যোৱাৰ কাৰণ UFO বুলি বিশ্বাস কৰি ক’ব খোজে যে অন্য গ্ৰহৰ প্ৰাণীবোৰে ত্ৰিভুজক আমাৰ গ্ৰহৰ পৰা যাত্ৰা কৰিবলৈ পৰ্টেলৰ ৰূপত ব্যৱহাৰ কৰে আৰু এই স্থান এলিয়েনচে সভাৰ স্থান হিচাপে লৈ তাৰ পৰা অভিযান চলাই আৰু ত্ৰিভুজৰ আৱৰ্তত অহা সকলো মানুহ, জাহাজ, আকাশী জাহাজক অনুসন্ধানৰ বাবে অপহৰণ কৰি লয়৷
বহুতে আকৌ পৌৰাণিক কাহিণীত বৰ্ণিত এখন নিখোজ হোৱা চহৰ আটলান্টিছৰ স’তে বাৰ্মুদা ত্ৰিভুজক জড়িত কৰিব খোজে৷ দৰাচলতে বাৰ্মুদা ত্ৰিভুজ পৌৰাণিক চহৰ আটলান্টিছৰ নিখোজ হোৱা স্থানতে অৱস্থিত বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰি কয় যে সেই চহৰখন ধবংস হৈ সাগৰৰ বহু গভীৰতাত ডুব গৈছিল আৰু তাত পোৱা অতি শক্তিশালী Atlantean fire-crystals এতিয়াও জাগ্ৰত হৈ আছে যাৰ প্ৰভাৱ বাৰ্মুদা ত্ৰিভুজত নিৰ্গত হোৱা অগ্নিকুণ্ডৰ ৰূপত আৱিৰ্ভাৱ হয়৷ আনহাতে কিছু বছৰ আগত বিজ্ঞানী সকলে বাৰ্মুদা ত্ৰিভুজৰ ওচৰত মিথেন গেছৰ এক বৃহৎ ভাণ্ডাৰ আছে বুলি দাবী কৰে আৰু কয় যে মিথেন গেছৰ প্ৰভাৱত সেই স্থানত ইলেকট্ৰমেগনেটিক anomalies হোৱা বাবে কম্পাছ বিকল হৈ পৰে৷
ইয়াৰ উপৰিও বহুতে বাৰ্মুদাৰ ৰহস্যৰ আঁৰত অলৌকিক শক্তি নিহিত হৈ আছে বুলি বিশ্বাস কৰি আহিছে৷ আনকি কিছু ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা পৌৰাণিক কাহিণীৰ স’তেও বহুতে বাৰ্মুদা ত্ৰিভুজৰ গুৰুত্বপূৰ্ণ সম্বন্ধ থকা বুলি দাবী কৰি আহিছে৷
বিভিন্ন মতামতৰ ভিতৰত সবাতোকৈ গ্ৰহণযোগ্য হিচাপে জলবায়ু তথা অস্বাভাৱিক ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগ, ভুগৰ্ভীয় কাৰণ, মানৱ ত্ৰুটি, মিথেন গেছ, চুম্বকীয় শক্তি আদিবোৰকেই ধৰা হৈছে৷
বাৰ্মুদা ত্ৰিভুজৰ মাজৰ পৰা হোৱা নিৰুদ্দেশৰ বিখ্যাত ঘটনাৰাজি ঃ
১৯১৮ চনৰ মাৰ্চ মাহত এখন ৫৪২ ফুট দৈৰ্ঘ্যৰ কাৰ্গ নৌসেনাৰ জাহাজ USS Cyclops ৩০০-ত কৈ অধিক পুৰুষ আৰু ১০, ০০০ ম্যাংগনিজ সহ বাৰ্বাডচ আৰু চেছপেকৰ মাজৰ কোনোবা স্থানৰ পৰা নোহোৱা হৈ গৈছিল৷ এয়া কোনো অলৌকিক কাৰণৰ বাবে নহয় বৰঞ্চ সেইসময়ৰ দুৰ্বল ৱায়াৰলেচ দ্বাৰা সৃষ্ট বিজুতিৰ কাৰণেহে সংঘটিত হৈছিল বুলি কোনো কোনোৱে ক’ব খুজিলেও সঠিককৈ কোনেও ইয়াৰ কাৰণ উলিয়াব পৰা নাই৷
১৯৬৩ চনত গলিত চালফাৰ কঢ়িওৱা এখন টেংকাৰ জাহাজ মেৰিন চালফাৰ কুইন দক্ষিণ দিশৰ সাগৰীয় উপকূলৰ পৰা নিৰুদ্দেশ হৈ গৈছিল৷ টেংকাৰ চালকৰ ।
৩৯ জনীয়া এই দলটোৰ ৮ জনৰ কোনো ধৰণৰ অৱশেষ পিছলৈ কোনো দিন উদ্ধাৰ নহ’ল৷ অৱশ্যে জাহাজখনৰ ত্ৰুটিপূৰ্ণ নিৰ্মাণশৈলীক বহুতে নিখোজ হোৱাৰ বাবে জগৰীয়া কৰিব বিচাৰে৷
NCN ১৬০০২, এখন DDCC-৩ যাত্ৰী বিমান ১৯৪৮ চনৰ ২৮ ডিচেম্বৰৰ ৰাতি চ্যান্ জোৱান এ প্যুৰ্টৰিক’ৰ পৰা মায়ামী, ফ্লৰিডা লৈ উৰা মৰাৰ বাটত অন্তৰ্ধান হয়৷ বেটেৰী চাৰ্জ নোহোৱাৰ বাবে বিপদৰ কোনো ধৰণৰ সংকেতো পায়লটে পঠিয়াব নোৱাৰিলে ফলত যোগাযোগ বিছিন্ন হয় আৰু পিছত কোনো শুংসূত্ৰ পোৱা নগ’ল৷
বিশ্ব কঁপোৱা Flight 19 ৰ বিখ্যাত কাহিণী আৰম্ভ হয় ১৯৪৫ চনৰ ৫ ডিচেম্বৰত৷ বহু কেইখন উৰাজাহাজ আৰু সামুদ্ৰিক জাহাজ সহিতে আমেৰিকা নৌবাহিণীৰ 5 TBM বমবৰ্ষক Flight ১৯ দিনৰ ২-১০ বজাত ফ্লৰিডাৰ ফ’ৰ্ট ল্যানডৰদেল স্থিত নৌসেনা বাহিণীৰ station -ৰ পৰা অনুশীলনৰ কাৰণে উৰা মাৰিছিল৷ ১ ঘন্টা ৪৫ মিনিটৰ পিছতে ফ্লাইট লীডাৰ লেফটেনেন্ট চাৰ্লছ টেইলৰে কন্ট্ৰ’ল চেন্টাৰলৈ বাতৰি দিয়ে যে তেওঁলোকৰ জাহাজৰ তিনিটা কম্পাছেই বিকল হৈ পৰিছে, দিশ হেৰুৱাই এখন অদ্ভুত জগতত সোমাই যোৱাৰ দৰে অনুভৱ হৈছে, য’ত সচৰাচৰ দেখি অহা সমুদ্ৰৰ স’তে সেই স্থানৰ সমুদ্ৰৰ কোনো মিল নাই৷ তেওঁ পানীৰ ৰং সেউজীয়া দেখিব পাইছে বুলিও কৈ গৈছিল৷ ইয়াৰ কিছু সময় পিছতে কেৱল কন্ট্ৰ’ল চেন্টাৰেই নহয় সম্পূৰ্ণ পৃথিৱীৰ স’তেই চিৰকালৰ বাবে সম্পৰ্ক বিছিন্ন হৈ পৰে৷ সেই উৰাজাহাজ অথবা পাইলট সম্বন্ধীয় কোনো অৱশিষ্টৰো একো শুংসূত্ৰ আজিকোপতি পোৱা নগ’ল৷ ইয়াৰ উপৰিও একেদিনাই সন্ধিয়া সময়ত সেইখন বিমান উদ্ধাৰৰ বাবে আন এখন বিমানো বাৰ্মুদা ত্ৰিভুজৰ দিশে উৰা মাৰে যদিও মাত্ৰ ২৭ মিনিটৰ পিছতে কন্ট্ৰ’ল চেন্টাৰৰ স’তে যোগাযোগ বিছিন্ন হয় আৰু পাইলট সহ চয়তানী ত্ৰিভুজৰ মাজত বিলীন হৈ যায়৷ এই আশ্চৰ্যকৰ ঘটনা সম্বন্ধে ৱিন্সেন্ট গদ্দিচ জ’ন, স্পেনচাৰ, চাৰ্লছ ৱৰ্লিট্য, ৰিছাৰ্ড উইনাৰ আদিকে ধৰি বহু লেখকে দুৰ্ঘটনাৰ আঁৰত অলৌকিকতাৰ অৱদান থকা বুলি বিস্তৃতভাৱে কৰা যুক্তি বিশ্লেষণৰ বিপৰীতে এৰিজ’না ৰাজ্যিক বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰিয়ান আৰু ‘দ্য বাৰ্মুদা ত্ৰায়েংগল মিস্ত্ৰি চল্ভদ’ ৰ লেখক লৰেন্স ডেভিদ কুৰ্শে কয় যে বিমানখন প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হ’ব পৰা বিষয়টোত আন বিশ্লেষকসকলে গুৰুত্ব প্ৰদাণ নকৰি কেৱল অলৌকিকতাকহে মূল ভেটি হিচাপে লৈছে৷
Ghost ship হিচাপে সকলোকে আজিও এবাৰলৈ হ’লেও মনত আতংকৰ সৃষ্টি কৰিব পৰা বাণিজ্যিক জাহাজ মেৰি চ্যলেচ্টি ১৮৭২ চনত আটলান্টিক মহাসাগৰত অপ্ৰত্যাশিতভাৱে সুকলমে আৰু সুস্থিৰতাৰে ভাঁহি অহা অৱস্থাত পোৱা গৈছিল৷ কেপ্টেইনৰ ডায়েৰি অনুসৰি অন্তিম এন্ট্ৰি ১০ দিন আগৰ বুলি অন্তৰ্ভুক্তি থকাৰ পৰা জানিব পাৰি যে নিউ ইয়ৰ্কৰ পৰা জিনেৱালৈ বুলি যাত্ৰা আৰম্ভ কৰা কেপ্টেইনৰ পৰিয়াল সহ ৭ জনকৈ ক্ৰুমেম্বাৰ সকলোৱেই খুৱ আচৰিত ধৰণে বাৰ্মুদা ত্ৰিভুজ অঞ্চলৰ পৰা নিৰুদ্দেশ হ’ল৷ ৰহস্যময় বিষয়টো হ’ল যে কোনো ধৰণৰ যান্ত্ৰিক বিজুতি বা প্ৰাকৃতিক দুৰ্যোগত পতিত হোৱাৰ বিন্দু মাত্ৰও চিন-মোকাম নোহোৱা ক্ষয়-ক্ষতি বিহীন মানৱশূন্য মেৰি চ্যলেচ্টে জাহাজখন যেতিয়া পুনৰ ঘূৰি আহে তাৰ ভিতৰ ভাগতো বাহিৰ ভাগৰ নিচিনাই সকলোবোৰ পৰিপাটিকৈ আছিল, আনকি অবিশ্বাস্য হ’লেও সত্য যে ডাইনিং টেবুলত খাদ্য সামগ্ৰীসমূহ মানুহে খাব পৰাকৈ সুসজ্জিত অৱস্থাত পোৱা গৈছিল৷ তদুপৰি ১৫, ০০ ৱেৰলতকৈও অধিক মদিৰাৰ অলপো কোনেও পাণ নকৰা অৱস্থাত সজাই থোৱা আছিল৷ সকলোবোৰ ব্যৱস্থাই পৰিপাটি ৰূপত ঘূৰাই পোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৰে মনত প্ৰশ্ন হয় জাহাজখনৰ মানুহবোৰ আচলতে ক’লৈ গ’ল । এই সম্পৰ্কত বহুতে বহুত ধৰণেৰে কাৰণ দৰ্শায় – কিছুমানে কয় এলিয়েনচ, আন কিছুমানে ঐশ্বৰিক শক্তি, ভূত-প্ৰেত আদি জড়িত বুলি অলৌকিক বিশ্লেষণ আগবঢ়ায়৷ আন বহুতে আকৌ টেবুলত খাবলৈ সজাই থোৱা আটাৰে বনোৱা খাদ্যত ফাংগাচৰ সৃষ্টি হোৱাত প্ৰতিক্ৰিয়া হিচাপে বায়ু দূষিত হয় আৰু যাৰ ফলত জাহাজত উপস্থিত সকলোলোকৰ মতিভ্ৰম হৈ পাগলৰ দৰে আচৰণ কৰে আৰু পানীত জঁপিয়াই পৰে৷
অৱশ্যে বিশ্বাসযোগ্য কোনো বিশ্লেষণ আজিও পোহৰলৈ নহাত মেৰি চ্যলেচ্টি আজিও মাথোঁ এখন Ghoast ship হিচাপে জনা যায়৷
শতিকা শতিকা জুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ অহা বাৰ্মুদা ত্ৰিভুজ সম্বন্ধে বহুতে বিভিন্ন ধৰণে আলোকপাত কৰি আহিছে৷ কোনোৱে ৰহস্যৰ কাৰণ হিচাপে বৈজ্ঞানিক ভিত্তি, আন কোনোৱে ধৰ্মীয় বিশ্বাসৰ ওপৰত বিভিন্ন ধৰণে নিজা নিজা দৃষ্টিভংগী দাঙি ধৰে আৰু সবাতোকৈ বিতৰ্কৰ বিষয় হৈ আহিছে ত্ৰিভুজৰ প্ৰকৃত ক্ষেত্ৰফলকলৈ৷ নতুন নতুন তথ্যৰ সহায় লৈ আন আন দিশলৈ বাৰ্মুদাৰ পৰিসীমা প্ৰসাৰিত হোৱা বুলি বিভিন্ন জনে দাবী কৰাত সঘনাই মত বিভেদ হোৱা দেখা গৈছে৷ ত্ৰিভুজৰ অৱস্থানক উৰণীয় আৰু সাগৰীয় যাতায়তৰ ব্যস্ততম মাৰ্গ বুলি কোৱা হয়৷ সেইবাবে বহুলোকে দৈনন্দিন আমেৰিকা, ইউৰোপ, কেৰবীয়ন দ্বীপ আৰু দক্ষিণ আমেৰিকালৈ যাতায়ত চলি থকা ইমান ব্যস্ত মাৰ্গৰ পৰা হঠাতে বিমান আৰু জাহাজ নিখোজ হোৱা বিষয়টোত আ(ৰ্য প্ৰকাশ কৰে৷ হেভি ট্ৰেফিকে গিজ্গিজাই থকা বাবে এই অঞ্চলত ঘটা প্ৰত্যেকটা ঘটনাৰ বিষয়ে সকলোৱেই তৎক্ষণাৎ জ্ঞাত হৈ পৰে৷
ইয়াৰ পিছতো সময়ৰ লগে লগে বেছিকৈহে বিশ্বাস-অবিশ্বাসৰ আলি দোমোজাত পৰি ৰৈছে বাৰ্মুদা ত্ৰিভুজ৷ যিমানেই ওচৰৰ পৰা চালি জাৰি সত্যতা নিৰূপণ কৰিবলৈ যত্ন কৰা হৈছে সিমানেই আধুনিক বিজ্ঞান প্ৰযুক্তিক বুঢ়া আঙুলি দেখুৱাই বিষয়টোৱে ঘোৰ ৰহস্যঘন ৰূপ লৈছে৷ আনফালে মাৰ্কিন নৌবাহিণীৰ মতে ইয়াৰ বাস্তৱ অস্তিত্ব নাই আৰু US Board on Geographic Names ৰ অন্তৰ্গত নহয়৷ তেওঁলোকৰ মতে বাৰ্মুদা ত্ৰিভুজৰ পৰা বিভিন্ন জাহাজ তথা বিমান নিখোজ হোৱা ঘটনাসমূহৰ সংখ্যাৰ শতকৰা পৃথিৱীৰ আন মহাসাগৰত সংঘটিত ঘটনাৰ সমানেই হয়, সেইবাবে বাৰ্মুদা ত্ৰিভুজ কোনো ধৰণৰ ৰহস্যজনক আৰু ভয়-আতংকৰ ঠাইৰ ভিতৰত অন্তৰ্ভুক্ত নহয় যাৰ বাবে কোনো World map ত বাৰ্মুদা ত্ৰিভুজৰ অৱস্থান উল্লেখ নাই৷
অতীজৰে পৰা অলেখ জাহাজ আৰু বিমান হেৰাই যোৱা বাতৰিবোৰলৈ লক্ষ্য ৰাখি ক’ব পাৰি যে বাৰ্মুদা ত্ৰিভুজ এক বিপদমুক্ত অঞ্চল বুলি চৰকাৰী ভাৱে স্বীকৃতিপ্ৰাপ্ত নহ’লেও মানুহৰ মনত এতিয়াও ৰহস্যৰে আবৃত্ত বিপদসংকূল আৰু আতংকৰ এক অঞ্চল বুলিহে বাৰ্মুদা ত্ৰিভুজে স্থান লৈ আহিছে যিহেতু বিভিন্নজন বিজ্ঞানী, গৱেষক, সমালোচক আৰু বুদ্ধিজীৱীৰ দৰে বিজ্ঞ লোকসকলে বিভিন্ন ধৰণেৰে বিশ্লেষণ কৰি আহিছে যদিও এনে কোনো স্থায়ী সিদ্ধান্তত উপনীত হ’ব পৰাগৈ নাই যিটোৱে সকলোবোৰ ৰহস্যৰ ওৰ পেলাব পাৰে৷ বহু ক্ষেত্ৰত কম্পাছ বৈচিত্ৰ্য্য্য, উপসাগৰীয় প্ৰবাহ, মানৱ ত্ৰুটি, প্ৰতিকূল বতৰ, মিথেন গেছ আদিয়ে জাহাজ আৰু বিমান নিৰুদ্দেশৰ কাৰণ বুলি কোৱা হয়৷ তৎসত্ত্বেও মেৰী চেলেচ্টিৰ দৰে ঘটনাই আকৌ ৰহস্যৰ দোমোজাতে লৈ আনি সকলোকে হতবাক কৰি পেলায় য’ত সকলোবোৰ যুক্তিয়েই ভিত্তিহীন হৈ পৰে৷ বিশ্বৰ অতিকৈ বিস্মযৰ উৎস চয়তানী ত্ৰিভুজৰ চক্ৰবেহুত অন্তৰ্নিহিত বিশেষত্ববোৰৰ গোপনীয়তাই সেইবাবে দিনে দিনে ভিন ভিন ৰূপ লৈছে৷ পৰৱৰ্তী সময়ত বাৰ্মুদাৰ ৰহস্যৰ বিশ্বাসযোগ্য প্ৰামাণিকতাৰ কিবা যদি সমল পোহৰলৈ আহে সেয়া লক্ষণীয় হ’ব৷ কোৱা হয় যে বিশ্ববিখ্যাত ইউনিভাৰ্চিয়েলিটি নাট্যকাৰ উইলিয়াম শ্বেকচ্পীয়েৰে তেওঁৰ সাহিত্যৰাজিত ব্যৱহৃত এটা এটা বাক্য মানৱ জীৱন, পৃথিৱীৰ দৰ্শন-বিশেষত্বই ভৱিষ্যৎবাণীৰ দৰেই যুগে যুগে বাস্তৱত প্ৰতিফলিত হৈ আহিছে৷ সেইবাবে হয়তো ধাৰণা হয় যে তেখেতে নাটক ‘The Tempest’ৰ দ্বাৰা ভৱিষ্যতৰ পৃথিৱীক তোলপাৰ লগাব পৰা বাৰ্মুদা ত্ৰিভুজৰ বিষয়ে আগতীয়াকৈ ১৬শ শতিকাতে বিশ্ববাসীক সচেতন কৰি থৈ গৈছিল৷ নাটক খনত spirit Ariel এ Prospero ক কৈছিল- ‘‘Thou call’dst me up at midnight to fetch dew, From the still-vex’ed Bermoothes.’ সম্পূৰ্ণ আইচলেটেড অঞ্চল হিচাপে নাটকখনত অংকিত বাৰ্মুদাৰ ঠিকনা সম্বন্ধে উপৰোক্ত ডাইলগ সঁচাকৈয়ে ৰহস্যৰ এক গুৰুত্বপূৰ্ণ সমল বুলি ক’ব পাৰি৷
লেখিকাৰ ফোন- ৮৬৩৮৮-২২০৩৩