এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা কুসুমাঞ্জলি শৰ্মা

এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা কুসুমাঞ্জলি শৰ্মা
  1. বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷ 

    কুসুমাঞ্জলি:-সৰ্ব প্ৰথমে আপোনাৰ লগতে ‘বিন্দু’ আলোচনীৰ সমূহ পৰিয়াললৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

    মোৰ জন্ম দৰং  জিলাৰ ছিপাঝাৰ আৰু হাইস্কুল পৰ্যন্ত শিক্ষাও ছিপাঝাৰতে ।
    তাৰ পিছত উচ্চ শিক্ষা  মই  ক্ৰমে  কটন কলেজ আৰু অসম বিশ্ববিদ্যালয়ৰ পৰা সমাপ্ত কৰোঁ৷
    স্বামী আৰু একমাত্ৰ পুত্ৰীৰ স’তে আমাৰ সৰু সংসাৰ৷

    বিন্দুঃ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কওঁকচোন !

    কুসুমাঞ্জলি:-মই কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ৷ তাৰপিছত বিভাগীয় প্ৰমোচনেল পৰীক্ষাত  উতীৰ্ণ হৈ বিদ্যালয়ৰ প্ৰশাসনলৈ আহোঁ৷
    এটা দূৰ্ঘটনাত মোৰ ৰাজহাড় বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাৰ বাবে  চলাফুৰা কৰাত বহুত বাধ্যবাধকতা আহি পৰিল৷
    সেয়ে এগৰাকী প্ৰশাসকৰ দ্বায়িত্বত তেৰ বছৰ থকাৰ পিছত যোৱা ২০২৩ চনৰ মাৰ্চত মই স্বেচ্ছামুলক অৱসৰ ল’লোঁ৷ বৰ্তমান এটা বিষয়ত কনচালটেন্ট হিচাবে বৰ্ক ফৰ্ম হোম কৰি আছোঁ ।

    বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?

    কুসুমাঞ্জলি:-প্ৰায় সকলোৱে জীৱনৰ আৰম্ভনি হাইস্কুলৰ আলোচনীৰ লেখাৰে কৰে৷ মোৰো ব্যতিক্ৰম নহয়৷
    তাৰ পিছত সম্ভবতঃ ১৯৯৫ চনৰ কোনোবা এটা সংখ্যাত বিস্ময়ত মোৰ এটা গল্প প্ৰকাশ পাইছিল৷ তাৰ পিছত ক’ৰবাত ক’ৰবাত গল্প উলাইছিল৷
    পিছলৈ মই শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ সম্পাদনা কৰা আমাৰ অসম কাকতত লিখিছিলোঁ৷ বিশেষকৈ সাপ্তাহিক পৰিপুৰিকা পূৰ্বাচলত  প্ৰকাশ পাইছিল৷

    বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে?  অলপ বিস্তাৰিতভাবে কওকচোন! 

    কুসুমাঞ্জলি:-এতিয়ালৈকে মই ভাষাজননীৰ সেৱাৰ্থে ক্ষুদ্ৰ অৰিহনা আগবঢ়াইছোঁ৷ তাৰে ভিতৰত দুখনি কবিতাপুথি প্ৰকাশ হৈছে৷

    এইমুহূৰ্তলৈকে আঠখনি উপন্যাস প্ৰকাশ পাইছে৷ আন এখনি উপন্যাস প্ৰকাশৰ পথত যন্ত্ৰস্থ হৈ আছে৷
    প্ৰকাশিত উপন্যাসৰ ভিতৰত কাৰবি আংলঙৰ পটভূমিত লেখা উপন্যাস ‘ছ্যেং’ এ অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত উপন্যাস শিতানত বঁটা প্ৰাপ্তি হৈছে৷

    বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি? বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে ? নে তেওঁলোকে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে? 

    কুসুমাঞ্জলি:-সাহিত্য মানে কি সেয়া এক বিশাল পৰিসৰৰ বিষয় সম্ভাৰ৷ এই সম্পৰ্কে নানা মুনিৰ নানা মত( থিয়ৰী) ৰ মাজত মই নিজেও বহু সময়ত বিভ্ৰান্ত হৈ পৰোঁ৷

    একেবাৰে ক্ষুদ্ৰ এটা বিন্দু হিচাবে মই বহু প্ৰচলিত আধা অধুৰা অৰ্থ প্ৰকাশ কৰা চাধা চিধা এষাৰী কথাৰেই কওঁ সাহিত্য হ’ল দাপোন। য’ত বহু সময়ত প্ৰতিফলিত হয় একো একোটা সময় আৰু সমাজ৷
    সেয়া উপন্যাস কাব্য প্ৰবন্ধ ৰূপতেই নহওক কিয়৷ আনকি অনেকৰ আত্মজীৱনী মুলক লেখাটো আপুনি অনেক অন্বেষণ কৰা বিষয়ৰ উত্তৰ পাব পাৰে৷
    এই ক্ষেত্ৰত মই ৰুবুল মাউতৰ জীৱনী মুলক গ্ৰন্থ “মোৰো এটা সপোন আছে’উল্লেখ কৰিব বিচাৰে৷ প্ৰতিকুলতা নেওচি কিদৰে কোনো এজনে নিজৰ উত্তৰণত আগবাঢ়ি লক্ষ্যত উপনীত হব পাৰে তাকে অনেকে প্ৰেৰণা লব পাৰে৷
    তদুপৰি কালজয়ী সাহিত্যও অনেক আছে৷ যাৰ প্ৰাসংগিকতা সকলো প্ৰজন্ম নিত্য নতুন ৰূপত প্ৰতিভাত হৈ থাকে৷
    বৰ্তমান অসমৰে অনেক লেখক লেখিকা ওলাইছে৷ বিশেষকৈ ফে’চবুক বা ব্লগত লিখি আছে৷ ঠিকেই ভাষা জননীক তেনেকৈয়ে সেঁৱা কৰি আছে৷ ভাল কথা৷
    কিন্তু মনোগ্ৰাহী লেখা এটা লিখবলৈ হ’লে কৃচ্ছসাধনা কৰিব লাগিবই৷ তাৰ বাবেই তেখেত সকল প্ৰথমে ভাল পাঠক হব লাগিব৷ নিজৰ পূৰ্বসুৰী লেখকৰ বাহিৰে বিশ্ব সাহিত্যও অধ্যয়ণ কৰিব লাগিব৷ লগতে কৰিব লাগিব সমসাময়িক সাহিত্য জগতত কি কি ধাৰা হৈ খবৰ ৰাখিব লাগিব৷ শব্দৰ ভঁৰাল টনকিয়াল হব লাগিব৷
    মুঠতে এগৰাকী গবেষকে কোনো এটা বিষয়ত যিমান কষ্ট কৰি সফলতা পায় সেইদৰে একোজন লেখকেও তেনে পৰ্য়ায়ৰ কষ্ট কৰিব লাগিব৷
    আনকি এটা কবিতা লিখিবৰ বাবেও এই খিনি সজাগতা লাগিবই৷ নহলে বাংলা প্ৰবাদৰ দৰে সবাই কবিৰ এজন হ’ব৷ কেউ কেউ কবিৰ এজন নহ’ব৷

    লেখকো সবাই লেখকৰ এজন হ’ব৷ কেউ কেউ লেখকৰ এজন নহ’ব৷
    মুঠৰ ওপৰত  সাহিত্যৰ ক্ষেত্ৰটো সফল হবলৈ পৰিশ্ৰম আৰু পৰিশ্ৰম৷ বিকল্প নাই৷ সেয়া যেনিবা মানসিক স্তৰতেই কিয় নহওক৷

    বিন্দুঃ সচেতন লেখিকা হিচাপে আপুনি আপোনাৰ লেখাত কোনবোৰ কথাক প্ৰাধান্য দিয়ে? 

    কুসুমাঞ্জলি:-মই শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত অত্যন্ত সচেতন৷ অপ্ৰয়োজনত অত্যন্ত জটিল শব্দ বা খহটা বাক্যৰ গাঁথনি যাতে তাত নোসোমায় তাৰ প্ৰতি চকু ৰাখোঁ৷
    পুনঃ পুনঃ মই সম্পাদনা কৰিহে প্ৰকাশ কৰোঁ৷ সেই সময়ত মই নিজকে সচেতন লেখক নহৈ বিচক্ষণ পাঠক ৰূপত নিজক অবতীৰ্ণ কৰাওঁ৷
    যিহেতু বৰ্তমান মই উপন্যাস লিখোঁ৷ সেয়ে সদায় প্ৰয়াস কৰোঁ যাতে মোৰ উপন্যাস মেদবহুলতাৰ পৰা মুক্ত থাকক আৰু সমাজৰ সকলো বয়সৰ পাঠকৰ বাবে মনোগ্ৰাহী হয়৷
    তদুপৰি মোৰ উপন্যাসৰ পঠনৰ যোগেৰে এটা হলেও নতুন কিবা এটা মনত ৰখা বিষয় পাওক৷ মোৰ উপন্যাসৰ পাঠকৰ প্ৰতিটো পইচা আৰু সময় যেন অথলে নাযায় তাকে লৈ মই বৰ সচেতন৷

    বিন্দু ঃ সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ বাট পূৰ্বতকৈ অধিক প্ৰশস্ত হৈছে বুলি ভাবেনে? আপোনাৰ দৃষ্টিত সামাজিক মাধ্যমৰ এটা ভাল দিশ আৰু এটা বেয়া দিশৰ বিষয়ে কওকচোন৷ 

    কুসুমাঞ্জলি:- সামাজিক মাধ্যমৰ জৰিয়তে নিশ্চয়কৈ সাহিত্য চৰ্চাৰ পথ প্ৰশস্ত হৈছে৷ সেয়া এটা ভাল দিশ৷
    বেয়া দিশ হৈছে মানুহে যেন প্ৰকাশিত কিতাপৰ জগতৰ পৰা ক্ৰমশঃ আতৰি গৈছে৷ আনকি অপ্ৰিয় হ’লেও সত্য কথা যে জনপ্ৰিয় কাকত আলোচনী আদিৰো চাৰ্কুলেচন কমি আহিছে৷ বিশেষকৈ বহু ই আলোচনী বা গ্ৰুপত ইতিমধ্যে সম পৰ্যায়ৰ কনটেন্ট প্ৰকাশ হৈ আছে৷ সেয়ে সাহিত্যৰ ক্ষেত্ৰটো চফ্ট (Soft) জগতৰ প্ৰতিহে বেছি হাউলি গৈছে৷
    সেয়ে গ্ৰন্থ প্ৰকাশক বা বিপননত থকা ব্যক্তি সকলে  কিছু সংকটৰ সমুখীন হব লগা হৈছে৷

    বিন্দুঃ যুৱ উচ্ছৃংখলতাই কেনে পৰ্যায় পাইছেগৈ সেয়া শেহতীয়াভাবে দৰঙত সংঘটিত হোৱা ভৱেশ ডেকা নামৰ স্কুলীয়া ছাত্ৰজনৰ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হোৱা ঘটনাৰ পৰাই অনুমান কৰিব পাৰো । যোৰহাট আৰু নগাওৰ পুৰণিগুদামতো ছাত্ৰ প্ৰহৃত হোৱা অনুৰূপ ঘটনা দুটা পোহৰলৈ আহিছে । এগৰাকী মাতৃ তথা এগৰাকী শিক্ষয়িত্ৰী হিচাপে এনে অবাঞ্ছিত ঘটনাসমূহৰ অন্তৰালত কি থকা বুলি আপুনি ভাবে ? ইয়াৰ বাবে আপুনি পৰিয়াল, স্কুল কতৃপক্ষ নে সমাজক জগৰীয়া কৰিব ?

    কুসুমাঞ্জলি:- দৰাচলতে একান্ত ব্যক্তিকেন্দ্ৰীক পৰিবেশত সন্তানক তুলি তালি ডাঙৰ কৰা ল’ৰাছোৱালী কিছু পৰিমানে এগ্ৰেচিভ মনোভাৱৰ হোৱাটো অস্বাভাৱিক নহয়৷
    কিয়নো সৰুৰে পৰাই আনৰ স’তে কথা বতৰা ভাগ বতৰা/ সমনীয়াৰ স’তে খেলা ধুলাৰ কৰাৰ অভাব ইত্যাদিয়ে শিশুৰ মনত গম নোপোৱাকৈ এক অসন্তুষ্টিৰ সৃষ্টি কৰি থাকে৷ সুবিধা পালেই সেই অসন্তুষ্টি সমূহ বৰ্হি নিমৰ্গন হৈ এই উচ্ছৃঙ্খলতাৰ সৃষ্টি কৰাৰ অবকাশ থাকে৷
    আপুনি উল্লেখ কৰা শেহতীয়া ঘটনাবোৰৰ অন্যতম কাৰক এয়াও হব পাৰে৷ তদুপৰি বিদ্যালয়ৰ প্ৰশাসক/ শিক্ষক সকল প্ৰত্যক্ষভাবে দায়ী৷ কাৰণ বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনা,নিৰাপত্তা আদি সকলো দ্বায়িত্ব সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰত ন্যস্ত থাকে৷ বিশেষকৈ প্ৰধান শিক্ষক/ অধ্যক্ষই অহৰহ সজাগ হৈ থাকিব লাগে৷

    বিন্দুঃ শেহতীয়াভাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ‘চৰিত্ৰ পাঠ’ নামৰ পাঠ্যক্ৰমটি পুনৰ অন্তৰ্ভূক্ত কৰাৰ যো জা চলাইছে অসম চৰকাৰৰ শিক্ষা বিভাগে ? কথাটো আপুনি কেনেদৰে গ্ৰহণ কৰিছে ?

    কুসুমাঞ্জলি:- অসম চৰকাৰৰ শিক্ষা বিভাগে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে চৰিত্ৰ পাঠ’ ৰ পুনৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত অতি উত্তম সিদ্ধান্ত৷
    সৰুতে পঢ়া চৰিত্ৰ পাঠৰ প্ৰভাব আমাৰ জীৱনতো আজীৱন পৰি আছে৷ নিশ্চয়কৈ উঠি অহা চামৰ ওপৰতো কিছু পৰিমানে সু প্ৰভাব পৰিব৷

    বিন্দুঃ অসমৰ সমাজ জীৱনত নাৰীৰ মৰ্যাদা সম্পৰ্কে আপোনাৰ অভিজ্ঞতা কেনেকুৱা? আজিৰ আধুনিক নাৰী সুৰক্ষিত নে? 

    কুসুমাঞ্জলি:- ভাৰতৰ আন আন অঞ্চলৰ তুলনাত অসমকে ধৰি আমাৰ উত্তৰ পূবৰ ৰাজ্যত নাৰীয়ে সামাজিক পৰ্যায়ত কিছু পৰিমানে পুৰুষৰ সমমৰ্যাদা উপভোগ কৰি আহিছে৷ নিশ্চয়কৈ এয়া গৌৰবৰ কথা৷
    দুই এটা বিক্ষিপ্ত ঘটনাৰ বাবে সামগ্ৰিক ভাবে আধুনিক নাৰীক অসুৰক্ষিত বুলি অভিহিত কৰিব পৰা যদিহে আধুনিকতা অকল সাজপোচাকতে সীমাবদ্ধতা কৰি নাৰাখি নাৰীয়ে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰতো সজাগ হৈ থাকে তেন্তে আধুনিক নাৰী সুৰক্ষিত৷ নহ’লে চোন নাৰীয়ে মুক্তমনে চাকৰি বাকৰি, ব্যৱসায় আদি ক্ষেত্ৰত পুৰুষৰ স’তে আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন৷

     বিন্দুঃ নাৰীৰ “সমঅধিকাৰ“ শব্দটোক আপুনি কেনেদৰে গ্ৰহণ কৰে? সমঅধিকাৰ বিচৰা মানেই নিশ্চিতভাবে কিবা অধিকাৰৰ পৰা বঞ্চিত থকা৷ নাৰী বঞ্চিত নে? যদি হয় তাৰ বাবে কোন জগৰীয়া আপোনাৰ মতে? পুৰুষ? 

    কুসুমাঞ্জলি:- মই ভাবোঁ সমঅধিকাৰ মানেই সকলোৰে সকলোৱে ক্ষেত্ৰতে সমানে অধিকাৰী হোৱা৷
    আজিৰ যুগ লিংগ সমতাৰ যুগ৷
    আজিৰ যুগত নাৰী পুৰুষে সকলো ক্ষেত্ৰতে সমানে আগবাঢ়িছে বা অংশগ্ৰহণ কৰিব পাৰিছে৷ গতিকে আকৌ সম অধিকাৰ বিচৰা কথাটিৰ আজিৰ তাৰিখত প্ৰাসংগিকতা নাই৷
    আৰু আগতে যিবোৰ ক্ষেত্ৰত নাৰীক সম অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল সেই ক্ষেত্ৰত পুৰুষ নাৰী সমানে জগৰীয়া আছিল৷ একাষাৰে কব পাৰি সমাজ ব্যৱস্থা জগৰীয়া আছিল৷

    বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব? 

    কুসুমাঞ্জলি:- অভিভাবক/ বন্ধু / পিতৃ বা পুত্ৰ যি ৰূপতে নহওক পুৰুষ এক নিৰাপত্তা৷ (ব্যতিক্ৰমী সকল নৰাধম)
    সেয়ে মোৰ ফালৰ পৰা পুৰুষৰ সংঞ্জা:- নিৰাপত্তাৰ আন এটি নাম নাম পুৰুষ৷

    বিন্দুঃ একাংশ লোকে ক’ব বিচাৰে যে ব্যস্ততাপূৰ্ণ জীৱনশৈলীয়ে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীতা আনি দিছে৷ আপুনি কি ভাবে? বৃদ্ধাৱস্থাটোক সৰ্বতোপ্ৰকাৰে সুখী কৰিব পৰাকৈ পৰিৱেশ ৰচনা কৰি বৃদ্ধাশ্ৰমবোৰ যদি পৰিকল্পিতভাবে গঢ়ি তুলিব পৰা যায় আৰু পৰিয়ালৰ লোকসকল প্ৰতিদিনে এবাৰ হলেও তেওঁলোকক সংগ দিবলৈ বাধ্য থাকে তেন্তে আপুনি বিষয়টো কেনেদৰে গ্ৰহণ কৰিব? 

     কুসুমাঞ্জলি:- আপোনাৰ প্ৰশ্নটিকেই মই উত্তৰ হিচাবে ক’ব পাৰোঁ৷ ঠিকেই সন্তানৰ ব্যস্ততাৰ বাবে হয়তো বৃদ্ধ পিতৃ-মাতৃ অকল শৰীয়াকৈ থাকিব লগীয়াত পৰিছে৷ একাকিত্বৰ দূৰ্বিসহ জীৱন কটোৱাতকৈ সুপৰিকল্পিত ভাবে প্ৰতিস্থা কৰা বৃদ্ধাশ্ৰমত সম বয়সীয়াৰ স’তে জীৱন যাপন কটাব পৰা ব্যৱস্থাটো বেয়া নহয়৷
    অৱশ্যে প্ৰতিদিনে নহলেও পৰিয়ালৰ লোকে প্ৰায়ে তেওঁলোকৰ স’তে কিছু সময় কটোৱা উচিত৷ নহ’লেও প্ৰতিদিনে এবাৰ হ’লেও ফোনত হ’লেও খবৰ লোৱা উচিত৷ যাতে তেওঁলোকে মানসিক ভাবেও  নিজকে অবহেলিত বুলি নাভাবে৷

     বিন্দুঃ ল’ৰা সন্তানৰ সমানে কন্যা সন্তানকো ভাৰতীয় আইনে পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিবাহিতা কন্যা সন্তানে পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বৰ পৰা আঁতৰি থাকে৷ কি ক’ব আপুনি? 

    কুসুমাঞ্জলি:- বৈষয়িক অধিকাৰৰ কথা নাথাকিলেও মই ভাবোঁ কন্যা সকল পিতৃ-মাতৃৰ বাবে আবেগিক ভাবে সদায় দ্বায়িত্বশীল৷ কিন্তু কেতিয়াবা স্বামী গৃহৰ কিছু হকা বাধা আদিৰ বাবে অনিচ্ছা স্বত্বেও আতৰি থাকিব লগীয়াত পৰে৷

     বিন্দুঃ আমাৰ দেশৰ বাবে ধৰ্ষণ এক সামাজিক ব্যাধী স্বৰূপ হৈ পৰিছে । সৌ সিদিনা কলিকতাৰ আৰ. জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ঢৌ এতিয়াও মাৰ যোৱা নাই । ধিং কাণ্ডৰো সাক্ষি হৈছো আমি । এনেবোৰ কাৰ্যকলাপ ৰোধৰ বাবে কি পৰামৰ্শ দিব আপুনি ?

    কুসুমাঞ্জলি:- ধৰ্ষণ সামাজিক ব্যাধি বুলি নকওঁ৷  একো গৰাকী পুৰুষৰ গাত দানবীয়/ পৈশাচিক মানসিকতা বা অপৰাধ মুলক কাৰ্য সংঘটিত কৰাৰ মানসিকতা থাকিলেহে ধৰ্ষণৰ দৰে দুষ্কাৰ্য কৰিব পাৰে৷
    গতিকে এনে ধৰ্ষণকাৰী সকলক চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিলে হয়তো এনে ধৰণৰ দুষ্কৰ্ম এসময়ত নিৰ্মূল হব৷

    বিন্দুঃ গতিশীল সময়ৰ হাত ধৰি বহু নতুন চিন্তা, নতুন ধাৰণাৰ আমদানী হয়৷ সময়ৰ গতিৰ সৈতে ছন্দ মিলাব নোৱাৰাজনকে পুৰণি বুলি কোৱা হয়৷ সেই সময়ৰ হাত ধৰিয়েই আমাৰ সমাজলৈও সোমাই আহিব ধৰিছে লিভ ইন টুগেদাৰ ব্যৱস্থা৷ আপুনি কেনেদৰে চাইছে বিষয়টো? 

    কুসুমাঞ্জলি:- বিবাহৰ বিকল্প হিচাবে যদি  লিভ ইন টুগেদাৰক মানি লোৱা হয় তেন্তে সেয়া উৎসাহজনক নিশ্চয় নহয়৷ এই ব্যৱস্থাৰ ইউজ এণ্ড থ্ৰ বুলি ভাবিবৰ অৱকাশ থাকে৷
    যদি কোনোবাই মানসিক সহচৰী হিচাবে কাৰোবাৰ সংগত থাকিব বিচাৰে তেন্তে সেয়া ভাল কথা৷ যেনেকৈ আমাৰ ভুপেনদা আৰু কল্পনা লাজমী বা অমৃতাপ্ৰীতম-ইমৰোজৰ সংগ৷

    বিন্দু ঃ শেহতীয়াভাৱে বাল্য বিবাহ, বহু বিবাহ, তালাক ব্যৱস্থা আদি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিবোৰ সংস্কাৰকামী ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে সিবোৰৰ প্ৰতি আপোনাৰ অভিমত কি? 

    কুসুমাঞ্জলি:- স্বাধীনোত্তৰ কালৰ চৰকাৰে লোৱা অন্যতম উত্তম সংস্কাৰকামী পদক্ষেপ৷ আচলতে দেশৰ প্ৰগতিৰ খাতিৰত চৰকাৰে বহু বছৰ আগতেই এনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল৷

    বিন্দুঃ আজিকালি পুৰুষৰ সমানে নাৰীসকলো জড়িত হৈ পৰা দেখা গৈছে অসামাজিক কাম কাজত । উদাহৰণ স্বৰূপে চুমি বৰাৰ কথা আমি ক’ব পাৰো । নাৰীৰ এই স্খলনৰ কাৰণ আপুনি কি বুলি ভাবে ?

    কুসুমাঞ্জলি:- এই ক্ষেত্ৰততো কওঁ অপৰাধী মানসিকতা নাথাকিলে নিশ্চয় কোনো পুৰুষ মহিলাই অপৰাধ কৰিব নোৱাৰে৷ চুমি বৰাৰ কি অপৰাধ আজিৰ তাৰিখত সেয়া তদন্তাধীন হৈ আছে৷ তথাপি নানা মাধ্যম যোগে প্ৰচাৰিত বাতৰিৰ আলমত কওঁ এই ধৰণৰ ঠগ প্ৰবঞ্চনা কৰাৰ আঁৰত অতিমাত্ৰা বৈষয়িক লোভেই দায়ী৷ তদুপৰি নৈতিক অনৈতিক কামৰ প্ৰভেদৰ প্ৰতি উদাসীনতা/ আস্থাহীনতাও দায়ী৷

    বিন্দুঃ শাহু আৰু বোৱাৰীৰ মাজৰ সংঘাত বা দ্বন্দ্ব্ব আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে৷ এগৰাকী বোৱাৰী বা শাহু হিচাপে আপোনাৰ ব্যক্তিগত অভিজ্ঞতা? 

    কুসুমাঞ্জলি:- শাহু-বোৱাৰীৰ সংঘাত আচলতে স্তিৰিঅ টাইপ কথা৷ আধুনিক বোৱাৰীয়ে বা শাহুগৰাকীয়ে সংঘাত হব পৰা কথাবোৰ এৰাই চলিব পৰা ভাল৷ বহুত সৰু সৰু কিটিপেৰে এনে সংঘাতক আঁতৰত ৰাখিব পৰা যায়৷ মই বোৱাৰী হিচাবে শাহুক বেছি দিন নাপালোঁ যদিও মোৰ অভিজ্ঞতা সুখকৰ৷আটাইতকৈ মোৰ সুখৰ কথা যে মোৰ অতিপাত ব্যক্তি দিনপঞ্জীৰ মাজতো মই শাহুৰ বাবে সময় উলিয়াইছিলোঁ৷ মৃত্যুৰ সময়তো আমাৰ কাষতেই ৰাখিছিলোঁ৷ আনকি গধুলি গধুলি কাষত বহি ঘোষা পাঠো কৰিছিলোঁ৷ যিটো কথাৰ স্মৃতিয়ে মোক মানসিক প্ৰশান্তি দি আছে৷

    বিন্দুঃ আমাৰ সমাজত গাৰ্হস্থ্য হিংসা বা বোৱাৰী নিৰ্যাতনৰ যিসমূহ ঘটনা সংঘটিত হয় তাত স্বামীৰ পৰিয়ালৰ অন্যান্য নাৰীও জড়িত থকা সততে পৰিলক্ষিত হয়৷ ইয়ে নাৰীয়ে যে নাৰীৰ শত্ৰু সেইটোকে প্ৰতিপন্ন নকৰেনে? আপুনি কি ভাবে?

    কুসুমাঞ্জলি:- তেনে ক্ষেত্ৰত নিশ্চয়কৈ কব পাৰি নাৰী নাৰীৰ শত্ৰু৷

    বিন্দুঃ নাৰী নিৰ্যাতনৰ সমান্তৰালভাবে পুৰুষ নিৰ্যাতনৰ প্ৰসংগয়ো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে । কোৱা হয় বহু নিৰূপায় পুৰুষে এডজাষ্ট কৰি লয়, বহু নিৰ্যাতিত পুৰুষে নাৰীৰ এনে পীড়ণক স্বীকাৰ কৰি লয় সংসাৰখন ধৰি ৰখাৰ স্বাৰ্থত । আপুনি কি কয় ?

    কুসুমাঞ্জলি:- নিশ্চয়কৈ বহু পুৰুষো নিৰ্যাতিত হৈ থাকে৷ বিশেষকৈ মানসিক ভাবে৷  আপুনি কোৱাৰ দৰে সংসাৰ খনি ধৰি ৰখাৰ খাতিৰতে সেই উৎপীৰণ নীৰবে স্বীকাৰ কৰি লোৱা দেখা যায়৷

    বিন্দুঃ ধনৰ বাবেই হওক অথবা যৌনক্ষুধা পুৰণৰ বাবেই হওক, প্ৰাপ্তবয়স্ক নাৰীক ভাৰতৰ আইনী ব্যৱস্থাই সম্পূৰ্ণ যৌন স্বাধীনতা প্ৰদান কৰিছে ! এই ক্ষেত্ৰত আপোনাৰ অভিমত ?

    কুসুমাঞ্জলি:- এই ক্ষেত্ৰত মোৰ অভিমত নেতিবাচক বা সংৰক্ষণশীল মনোভাবাপন্ন৷ কাৰণ এইবোৰে সামাজিক ব্যভিচাৰ বৃদ্ধি কৰিছে৷ অনেক লোকৰ সুখৰ সংসাৰত কাজিয়া বাঢ়িছে বা সংসাৰ অনায়েসে ভাঙিছে৷ সন্তান সকল মানসিক ভাবে দ্বিধাগ্ৰস্ততাত থাকিব লগীয়াত পৰিছে৷

    বিন্দুঃ ৰাজনীতি এতিয়া সমাজৰ সৰ্বস্তৰলৈ বিয়পিছে । ইয়াক আপুনি শুভলক্ষণ বুলিব নে অন্য প্ৰকাৰে বাখ্যা আগবঢ়াব ? শিক্ষকসকল ৰাজনীতিৰ সৈতে জড়িত হোৱা কাৰ্যক আপুনি সমৰ্থন কৰেনে ?

    উত্তৰ:- যিহেতু গনতান্ত্ৰিক দেশ এখনত সকলো প্ৰাপ্ত বয়স্ক লোকৰ ভোটদানৰ ভিত্তিতেই এখন দেশৰ চৰকাৰ নিৰ্বাচিত হয়৷ সেয়ে সমাজৰ সকলোৱে ৰাজনৈতিক ভাবে সজাগ হোৱাটো শুভ লক্ষণ৷
    শিক্ষক সকলক পদ প্ৰদৰ্শক বুলি অভিহিত কৰা হয়৷ গতিকে ৰাজনীতিৰ ক্ষেত্ৰত পৰোক্ষভাৱে জড়িত হোৱাটো মই সমালোচনাৰ বিষয় হোৱা বুলি নাভাবোঁ৷ নিশ্চয়কৈ তেওঁলোকেও ৰাজনীতিৰ ক্ষেত্ৰত উদাসীন নহৈ ৰাইজক উচিত পথ দেখুৱা উচিত৷ এইটো দিশৰ পৰা মই সমৰ্থন কৰোঁ ।

    বিন্দুঃ বৰ্তমান সময়ৰ ৰাজনীতিক আপুনি কোনটো স্তৰত ৰাখিব বিচাৰিব ?

    কুসুমাঞ্জলি:- ৰাজনীতি নহ’লে দেশ চলিব নোৱাৰে৷ ৰাজ্য চলিব নোৱাৰে৷ এই সময়ত দেশ আৰু আমাৰ ৰাজ্যখনি যদি সুকলমে আগবাঢ়ি আছে তেন্তে মই বৰ্তমান সময়ৰ ৰাজনীতিক উচ্চস্তৰত ৰাখিব বিচাৰোঁ৷ মন কৰিব উচ্চস্তৰ আৰু উচ্চতম স্তৰৰ মাজত কিছু ব্যৱধান আছে৷ আশা কৰিম আজিৰ উচ্চতৰ  স্তৰ নিশ্চয়কৈ এদিন উচ্চতম স্তৰলৈ উত্তৰণ কৰিব৷

    বিন্দুঃ ধৰি লোৱা হ’ল আপোনাক এদিনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠীত কৰা হ’ল । প্ৰথম কামটো আপোনাৰ কি হ’ব ?

    কুসুমাঞ্জলি:-মোৰ প্ৰথম কামটো হ’ব অসমৰ বনাঞ্চল আৰু চৰকাৰী জলাশয়ৰ মাটি এমাহৰ  ভিতৰতে ১০০% বেদখল মুক্ত কৰাৰ ব্যৱস্থা কৰা৷

    বিন্দুঃ জীৱনৰ এনে এক আকাংক্ষাৰ কথা কওক যাক আপুনি আহৰণ কৰিব নোৱাৰিলে,  যিটোৰ বাবে হয়তো গোপন মনে এতিয়াও মাজে মাজে ব্যাকুলতা অনুভৱ কৰে৷ 

    কুসুমাঞ্জলি:- কৈলাস মানস সৰোবৰ যাত্ৰাৰ আকাংক্ষা৷ যাৰ বাবে মনে এতিয়াও ব্যাকুল হৈ থাকে৷
    অথচ এটি দূৰ্ঘটনাত মোৰ শৰীৰৰ ৰাজহাড়ত আঘাত লাগি সমস্যা হ’ল৷ যাৰ বাবে কঠিন যাত্ৰা মোৰ বাবে অবৰূব্ধ হ’ল৷

    বিন্দুঃ আপোনাক যদি এই মুহূৰ্তত ঈশ্বৰে তিনিটা বৰ দিব বিচাৰে তেন্তে আপুনি কি কি বিচাৰিব? 

    কুসুমাঞ্জলি:- প্ৰথমটো বৰ হিচাবে মই মোৰ শাৰিৰীক শক্তি আৰু সুস্থতা বিচাৰিম৷
    দ্বিতীয়তে এখন সৰ্ব সুন্দৰ ফাৰ্ম হাউচ বিচাৰিম৷ যাৰ কাষেৰে এটি কল্লোলিত নিজৰা বৈ আছে৷
    তৃতীয়তে বৰদানত মই মোৰ আহি থকা দিনবোৰ সুখী হৈ থকাৰ পিছত সময়ত এটি যন্ত্ৰণাহীন মৃত্যু বিচাৰিম৷

    বিন্দুঃ ধৰি লওক এটা জনপ্ৰাণীহীন দ্বীপত আপোনাক নিৰ্বাসন দিয়া হ’ল৷ লগত কি বিচাৰিব আপুনি? 

    কুসুমাঞ্জলি:- নিজান দ্বীপত মই?
    আৰে ৱাহ! যদিহে মই উপভোগ কৰি থকা  থকা-খোৱা আৰু মবাইলৰ নেটৱৰ্কৰ সুবিধা থাকে মই আজীৱন থাকিব সাজু৷
    ধেমালি এৰিছোঁ৷ জীৱনৰ  উপলব্ধিৰ পৰা কওঁ, আচলতে আমি সকলোৱে ব্যক্তিগত জীৱনত শাৰিৰীক নহলেও মনৰ মাজত নিজা নিৰ্জন নিৰ্জন দ্বীপৰ বাসিন্দা হৈ থকা নাই জানো? একান্তভাবে নিকটত থকা জনো মানসিক ভাবে কিমান সংপৃক্ত হৈ থাকে আপুনি মই নাজানো৷
    যি নহওক শাৰিৰীক মই যদি তেনে এটি দ্বীপৰ অকলশৰীয়া জীৱন যাপন কৰিব লগা হয় নিশ্চয়কৈ  প্ৰথমে মই মোৰ মবাইলটো বিচাৰিম৷
    দ্বিতীয়তে কিছু পাচলিৰ সঁচ৷ বিশেষকৈ কেবাপ্ৰকাৰৰ জলকীয়াৰ  গুটি৷
    তাৰ পিছত মই বিচাৰিম মই ভাল পোৱা কাম কুৰ্চাৰ এটা ছেট আৰু কুৰ্চাৰ কামৰ বাবে ঢেৰ নিটিং সুঁতা৷
    বঢ়িয়াকৈ মোৰ দিন কাটিব৷

     বিন্দুঃ আগন্তুক দহটা বছৰৰ পিছত আপুনি নিজক কেনে অৱস্থাত পাব বিচাৰে? 

    কুসুমাঞ্জলি:- এগৰাকী মৰমিয়াল শাহু আৰু আইতা হিচাবে পাব বিচাৰোঁ

    বিন্দুঃ প্ৰিয় ফুল? 
    কুসুমাঞ্জলি:- শেৱালি ফুল

    বিন্দুঃ প্ৰিয় মানুহ? 
    কুসুমাঞ্জলি:- দেউতা৷ মোৰেই দূৰ্ভাগ্য বৰ্তমান তেখেতজনা কায়িক ভাবে অনুপস্থিত৷

    বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা? 
    কুসুমাঞ্জলি:- আদৰ্শৰ ক্ষেত্ৰত শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱ৷ কাৰ্যকৰীৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ ভাই মোডী৷ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷

    বিন্দুঃ প্ৰিয় ৰং? 
    কুসুমাঞ্জলি:- কমলা

    বিন্দুঃ প্ৰিয় ঠাই?
    কুসুমাঞ্জলি:- কেৰালা

    বিন্দুঃ প্ৰিয় কিতাপ? 
    কুসুমাঞ্জলি:- ন হন্যতে

    বিন্দুঃ ভাল লগা গান ?
    কুসুমাঞ্জলি:- বহুত আছে৷ তথাপি এই মুহূৰ্তত  মনলৈ অহা গীতটি হ’ল ‘ফুল ফুলক ৰ’দৰ ফুল’

    বিন্দুঃ প্ৰিয় সাহিত্যিক? 
    কুসুমাঞ্জলি:- মামনি ৰয়চম গোস্বামী৷

    বিন্দুঃ প্ৰিয় ব্যঞ্জন?
    কুসুমাঞ্জলি:- মাছৰ টেঙা জোল

    বিন্দুঃ প্ৰিয় সময়?
    কুসুমাঞ্জলি:- দোকমোকালি

    বিন্দুঃ আজৰি সময়ৰ কাম? 
    কুসুমাঞ্জলি:- ফুলনিত কাম কৰা৷

    বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷

    কুসুমাঞ্জলি:- মোৰ ফালৰ পৰাও পুনঃ কৃতজ্ঞতা সহ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কুশলে থাকক৷ বিন্দু আলোচনীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ৷

    জয়তু চিৰ চেনেহী মোৰ ভাষা জননী৷

বিন্দুৰ হৈ সাক্ষাৎগ্ৰহণ কৰিলে ৰাতুল দাস শৰণীয়াই ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *