নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০
যোৱা দহ অক্টোবৰত ষ্টকহ’মৰ পৰা ৰয়েল ছুইডিছ একাডেমীয়ে দক্ষিণ কোৰিয়াৰ ৫৩ বছৰীয়া ( জন্ম চন -১৯৭০) বিখ্যাত সাহিত্যিক হান কাঙক ২০২৪ চনৰ সাহিত্যত সৰ্বোচ্চ সন্মান ন’বেল বঁটা প্ৰদান কৰে।
সাহিত্যত ন’বেল বঁটা ঘোষণাৰ অনুষ্ঠানত ৰয়েল ছুইডিছ একাডেমীৰ স্থায়ী সচিব মেটছ মামে মন্তব্য আগবঢ়ায় যে, শৰীৰৰ লগত আত্মাৰ, জীৱিতৰ লগত মৃত্যৰ সম্পৰ্ক স্থাপন কৰাত হান কাঙৰ সচেতনতা অতি অসাধাৰণ। তেওঁৰ গদ্যমালা তীব্ৰ কাব্যিক ও পৰীক্ষা-নিৰীক্ষামূলক। সমসাময়িক গদ্যসাহিত্যত তেওঁ এজন শ্ৰেষ্ঠ উদ্ভাৱক। সাহিত্যত বিশ্বৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ বঁটা লাভ কৰাৰ বাবে হান কাঙক মনোনীত কৰিব পাৰি গৌৰৱ অনুভৱ কৰি ন’বেল কমিটীয়ে তেওঁৰ সাহিত্য-কৰ্মৰ বিষয়ে কয় যে , হান কাঙৰ গদ্য তীক্ষ্ণ আৰু কাব্যময় ; য’ত ইতিহাসৰ যন্ত্ৰণালব্ধ ঘটনাৰ মুখামুখি হৈ মানৱ-জীৱনৰ ভঙ্গুৰতাক অতি জীৱন্ত ৰূপত ফুটি উঠিছে। কেৱল সেয়ে নহয়, মানৱ-জীৱনৰ নানা দিশ লৈ আগ বাঢ়িছে হান কাঙৰ অনুসন্ধিৎসু মন। সেয়ে তেওঁৰ সাহিত্য-ৰাজিক কোনো সীমাৰ মাজত চিহ্নিত কৰিলে নহ’ব, সহিংসতা, দুখ-যন্ত্ৰণা আৰু পিতৃতন্ত্ৰৰ শোষণৰ বিৰুদ্ধেও তেওঁৰ কলম গৰজি উঠিছে।
ন’বেল বঁটা কমিটীয়ে তেওঁৰ পৰিচিতি দিবলৈ গৈ কৈছে যে, হান কাঙে সাহিত্যৰ সৈতে চিত্ৰকলা আৰু সংগীতৰ কৃচ্ছ্ব সাধনাত গোটেই জীৱন পাৰ কৰিছে।
ন’বেল কমিটীৰ সদস্য এক্স নামৰ বিশিষ্ট সাহিত্যিক গৰাকীয়ে হান কাঙ সম্পৰ্কে অধ্যয়ন কৰি মন্তব্য আগবঢ়াইছে যে, তেওঁৰ লেখাত দ্বিমুখী যন্ত্ৰণা বা বেদনাৰ ছবি ফুটি উঠিছে। শাৰীৰিক আৰু মানসিক পীড়াৰ সংযোগ ঘটিছে ; য’ত প্ৰাচ্যৰ চিন্তা-ভাৱনাৰ ঘনিষ্ঠ প্ৰতিফলন হৈছে । লগতে আত্মা আৰু শৰীৰৰ মাজত এক নিবিড় সম্পৰ্কই অনন্য মাত্ৰা লাভ কৰিছে।
দক্ষিণ কোৰিয়াৰ প্ৰেছিডেন্ট ইয়ুন সক ইয়ায়ে ন’বেল বঁটা বিজয়ী হান কাঙক অভিনন্দন জনাই কয়” ২০২৪ চনৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰাৰ বাবে হান কাঙক অভিনন্দন জ্ঞাপন কৰিলোঁ। এয়া দক্ষিণ কোৰিয়াৰ সাহিত্যৰ ইতিহাসত এটি ডাঙৰ সাফল্য । এই উপলক্ষে গোটেই জাতিয়ে উৎসৱ উদযাপন কৰিব ।”
কাৰণ , সাহিত্যৰ ন’বেল বঁটা বিজয়ী হিচাপে তেওঁ দক্ষিণ কোৰিয়াৰ প্ৰথম গৰাকী সাহিত্যিক। আৰু গোটেই বিশ্বত নাৰী ন’বেল বঁটা বিজয়ী হিচাপে তেওঁৰ স্থান অষ্টাদশ। এই বঁটাৰ মূল্য ১ কোটি ১০ লাখ ছুইডিছ ক্ৰোনাৰ । অহা ১০ ডিচেম্বৰত ষ্টকহ’মত ছুইডিছ একাডেমীয়ে হান কাঙক আনুষ্ঠানিক ভাৱে এটি স্বৰ্ণ পদক, প্ৰশংসাপত্ৰৰ সৈতে এটি ডিপ্লোমা আৰু এই বঁটা প্ৰদান কৰিব। ১৯৭০ চনৰ ২৭ নৱেম্বৰত হান কাঙৰ দক্ষিণ কোৰিয়াৰ গোয়াংজুত জন্ম হৈছিল। তাৰ পিছত ন বছৰ বয়সতে তেওঁ মাক-দেউতাকৰ সৈতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত থাকিবলৈ লয়। তেওঁ ঘৰখনতে সাহিত্য চৰ্চাৰ এটি সুন্দৰ পৰিৱেশ পাইছিল ; কাৰণ তেওঁৰ দেউতাক আছিল এজন স্বনামধন্য ঔপন্যাসিক।
হান কাঙে লেখক হিচাপে ১৯৯৩ চনত আত্মপ্ৰকাশ কৰিছিল দক্ষিণ কোৰিয়াৰ এটি সাময়িকীত ( Literature and Society Magazine)তেওঁৰ অনৱদ্য সৃষ্টি এক গুচ্ছ কবিতাৰ মাধ্যমেৰে। তাৰ পিছত তেওঁ ১৯৯৫ চনত এটি চুটিগল্পৰ সংকলন লাভ অফ ইউছু (Love of U su) প্ৰকাশ কৰাৰ লগে লগে তেওঁৰ গদ্য লিখাৰ ষ্টাইল আৰু প্ৰকাশভংগীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২০০২ চনত তেওঁৰ ৰচিত উল্লেখযোগ্য উপন্যাস হ’ল ” ইয়ৰ কল্ড হেন্ডছ (Your Cold hands) য’ত মানৱ দেহৰ অঙ্গ-প্ৰতঙ্গৰ সৈতে মানুহৰ ব্যক্তিত্বৰ দ্বন্দ্ব-সংঘাতৰ চিত্ৰ অংকিত হৈছে।
২০০৭ চনত তেওঁৰ ৰচিত উপন্যাস ” দ্যা ভেজেটেৰিয়ান (The Vegetarian) প্ৰকাশ হোৱাৰ লগে লগে হান কাঙে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই উপন্যাসখন ইংৰাজ সাহিত্যিক ডেবোৰাহ স্মিথে ২০১৫ চনত ইংৰাজী ভাষাত অনুবাদ কৰাৰ এবছৰ পিছত অৰ্থাৎ ২০১৬ চনত তেওঁ ম্যান বুকাৰ ইন্টাৰনেছনেল প্ৰাইজ (Man booker international prize) লাভ কৰে। এই উপন্যাসখনত লেখকে অন্ধকাৰ পৰা-বাস্তৱৰ গল্প চিত্ৰায়িত কৰিছে; য’ত নায়িকাই সহিংস ঘটনাৱলী প্ৰত্যক্ষ কৰি দৈনন্দিন খাদ্যাভ্যাসৰ
পৰা আঁতৰি আহি মাংস খোৱা বন্ধ কৰে । আৰু তাই এটি বৃক্ষ হৈ জীয়াই থাকিবলৈ দৃঢ়-সংকল্প গ্ৰহণ কৰে ।
কৰ্তব্যনিষ্ঠ এগৰাকী স্ত্ৰী ইয়ং-হাইৰ কাহিনী এই উপন্যাসত বৰ্ণিল ভাৱে দাঙি ধৰা হৈছে ; যি গৰাকীয়ে নিদ্ৰা আৰু জাগ্ৰত অৱস্থাতো এক ভয়ংকৰ দুঃস্বপ্নৰ মাজেৰে সময়বোৰ পাৰ কৰি আছে। তাৰ ফলত তাই সমাজৰ ক’লা আইনৰ বিৰুদ্ধে গৈ মাংস ভক্ষণ কৰা বন্ধ কৰি দি নিৰামিষাহাৰী হৈ পৰে। আৰু তাই নিজে বৃক্ষহৈ জীয়াই থাকিব বিচাৰে। তাইৰ অস্বাভাৱিক আচৰণৰ বাবে ঘৰৰ পৰিয়ালৰ আটাইয়ে তাইৰ মস্তিষ্ক বিকৃত হোৱা বুলি উদ্বিগ্ন হৈ পৰে।
এই উপন্যাসখনৰ আধাৰত ২০০৯ চনত ” The Vegetarian” নামেৰে বোলছবি নিৰ্মাতা লিম-উ-সঙে এখন বোলছবি নিৰ্মাণ কৰে। একেজন চিনেমা পৰিচালকে হান কাঙৰ আন এখন উপন্যাসৰ আধাৰত ২০১১ চনত “স্কাৰছ” নামেৰে বোলছবি নিৰ্মাণ কৰে।
২০০২ চনত তেওঁ ৰচনা কৰা ” Your Cold hands” নামৰ উপন্যাসখনত চিত্ৰকলা আৰু সংগীতৰ এক সাৱলীল চিত্ৰ ধুনীয়াকৈ ফুটি উঠিছে।
বিখ্যাত লেখিকা হান কাঙৰ আন আন ৰচনাৱলী হ’ল, ক্ৰমে দ্যা উইণ্ড ব্লোজ গো,২০১০ চন(The Wind blows go), হিউমেন এক্টছ,২০১৬চন(Human acts), দ্যা হোৱাইট বুকছ, ২০১৭চন(The white books), উই ডু নট পাৰ্ট ,২০২১চন(We do not part), গ্ৰীক লেছনছ,২০২৩চন ( Greek lessons) আৰু চুটিগল্প সংকলন ইউৰোপা,২০২৩ চন ( U ropa) ।
প্ৰখ্যাত লেখিকা হান কাঙৰ লেখাসমূহৰ গুৰুত্বপূৰ্ণ দিশ হৈছে, তেওঁ ক্লেদাক্ত পৃথিৱীৰ নন্দনতত্ত্ব সৃষ্টি কৰিছে নীৰিহৰ খেলৰ সামগ্ৰী লৈ। হিংস্ৰতা দেখুৱাবলৈ কোনো ৰক্তৰ দৃশ্যায়নৰ প্ৰয়োজন আছে জানো? আমালোকৰ নিয়মিত অভ্যাস আৰু দৈনন্দিন জীৱন ধাৰণ প্ৰণালীত যি নিপীড়ন আৰু অত্যাচাৰ চলি আছে তাৰ দৃশ্যায়নতো বহিৰঙ্গে ৰক্ত-ক্ষৰণৰ মাজেৰে প্ৰকাশ নহয়। এই থিমৰ ওপৰত ভিত্তি কৰি তেওঁ উপন্যাসসমূহ ৰচনা কৰিছিল। তদুপৰি তেওঁৰ লেখাত অস্তিত্বৰ অতীন্দ্ৰিয় অস্বস্তিও প্ৰকাশ পাইছে। উত্তৰাধিকাৰ
সমাজত আমাৰ প্ৰত্যেকৰ বুকুত অবিৰতভাৱে চলি আছে ৰক্ত-ক্ষৰণ। কেৱল লোক-লজ্জাৰ ভয়ত, আত্ম-সন্মান হেৰুওৱাৰ যন্ত্ৰণাত, গড্ডালিকা প্ৰবাহত নিঃসঙ্গ হোৱাৰ আশংকাত আমাৰ বুকুত বাস কৰা ৰক্ত-ক্ষৰণক আমি গোপন কৰি ৰাখোঁ।
যোৱা কেইবা দশক আগতে বঙালী কবি অনন্য ৰায়ৰ ভাষাত —-
” উন্মোচিত হয়
ঘায়েৰ গোলাপ , ক্ষতেৰ স্ফটিক বিন্দু
চাঁদেৰ ক্যাক্টাচ।”
সাহিত্যত ন’বেল বঁটা বিজয়ী দক্ষিণ কোৰিয়াৰ বিখ্যাত সাহিত্যিক হান কাঙে কোৰিয়াৰ ঐতিহাসিক পটভূমি আৰু ঘাত-প্ৰতিঘাতৰ পৰা মূল উপাদান সংগ্ৰহ কৰি সাহিত্য-ৰাজি সৃষ্টি কৰিছিল।
১৮৭০–৮০ চনলৈ কোৰিয়া দেশখন বহিৰ্বিশ্বৰ সংস্পৰ্শলৈ অহা নাছিল যদিও সামৰিক আৰু বৈদেশিক নীতি-নিৰ্দেশনা চীন দেশৰ দ্বাৰা পৰিচালিত হৈছিল। ১৮৭৬ চনত সাম্ৰাজ্যবাদী দেশ জাপানৰ চাপত পৰি কোৰিয়াৰ তিনিখন দ্বীপ বহিৰ্বিশ্বৰ অন্তৰ্ভুক্ত হৈ পৰে ; যাৰ ফলত এই দ্বীপৰ জৰিয়তে পাশ্চাত্য দেশসমূহৰ সাহিত্য-সংস্কৃতি কোৰিয়াত প্ৰৱেশ কৰে। তাৰ উপৰিও ছত্ৰিছ বছৰ ধৰি কোৰিয়াত কোৰিয়া ভাষা আৰু সংস্কৃতিৰ পৰিৱৰ্তে বিদেশী জাপানী ভাষা আৰু সংস্কৃতি কোৰিয়াৰ শিক্ষানুষ্ঠান, কাৰ্যালয়, ন্যায়ালয় আদিত প্ৰচলন হোৱাৰ ফলত কোৰিয়া-বাসীয়ে এই বিদেশী জাপানী ভাষাৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছিল।
তাৰ পিছত আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ দুবছৰ আগতে অৰ্থাৎ ১৯৪৫ চনৰ ১৫ আগষ্টত কোৰিয়াই স্বাধীনতা লাভ কৰে যদিও শীতল যুদ্ধৰ বাবে উত্তৰ কোৰিয়া নামে নতুন ৰাষ্ট্ৰ গঠন হৈ ৰাছিয়াৰ কমিউনিষ্ট শাসনৰ অধীনলৈ আৰু দক্ষিণ কোৰিয়া নামে নতুন ৰাষ্ট্ৰ গঠন হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয়। এই দুখন শক্তিশালী ৰাষ্ট্ৰৰ শীতল যুদ্ধৰ ফলত উত্তৰ আৰু দক্ষিণ কোৰিয়াত বিশেষকৈ তিনিখন দ্বীপত ৰক্তাক্ত যুদ্ধ চলি থাকে। এই আটাইবোৰ ভয়ংকৰ দৃশ্যবোৰে হান কাঙৰ সৃষ্টি-ৰাজিত জীৱন্ত ৰূপত প্ৰজ্বলিত হৈ পৰিছে।
দক্ষিণ কোৰিয়াৰ এই সাহিত্যিক গৰাকীয়ে পৃথিৱীৰ সৰ্বোচ্চ সন্মান সাহিত্যৰ ন’বেল বঁটা লাভ কৰাৰ বাবে বিশ্বৰ সকলো দেশেই বিশেষকৈ ইউৰোপ আৰু আমেৰিকাৰ সাহিত্য- সমালোচক সকলে ভূয়সী প্ৰশংসা কৰিছে। অৱশ্যে সাম্ৰাজ্যবাদী জাপান দেশ আৰু চীন দেশকে ধৰি কমিউনিষ্ট শাসনাধীন দেশবোৰৰ সাহিত্য-সমালোচক সকলে ইয়াক সহজ ভাৱে গ্ৰহণ কৰা নাই ; কাৰণ তেওঁলোকৰ মতে হান কাঙৰ সৃষ্টি-ৰাজিত কমিউনিষ্ট আদৰ্শক বিকৃত ৰূপে উপস্থাপন কৰা হৈছে।
তথাপি নিঃসন্দেহে ২০২৪ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী দক্ষিণ কোৰিয়াৰ বিখ্যাত সাহিত্যিক হান কাঙৰ সৃষ্টি-ৰাজিৰ দুৰ্বাৰ গতি আৱহমান কাল ধৰি এক প্ৰদীপ্ত অগ্নিকণাৰ দৰে যে জিলিকি থাকিব, ই ধ্ৰুৱসত্য।