ৰাশিফল নৱেম্বৰ মাহ

ৰাশিফল নৱেম্বৰ মাহ

১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫

মেষ ৰাশি (অ, ল) : শৰীৰ মধ্যম। সঞ্চিত ধন হঠাৎ গৃহ কাৰ্য্যত খৰচ হব পাৰে । ভাতৃৰ পৰা মনোকষ্ট বাঢ়িব পাৰে। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ জ্যেষ্ঠ জনৰ পৰা সহায়তা লাভ কৰিব। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। মূল্যৱান সম্পদ হানি হব পাৰে সতৰ্ক হব। সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হব। যান বাহন চলাচলত সতৰ্ক হব। আত্মীয় স্বজনৰ পৰা দু: সংবাদ পাব পাৰে। বিশ্বাস ভাজন ব্যক্তিৰ লগত মনোমালিন্য হব পাৰে। ব্যৱসায়ত শুভাশুভ। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।

বৃষ ৰাশি (ই, উ, ব): শৰীৰৰ আৰোগ্য লাভ। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হব। ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়। গৃহ কাৰ্য্যৰ উন্নয়নৰ পৰিকল্পনা।অৱশ্যে আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মতভেদ হব পাৰে। আত্মীয় স্বজনৰ দু: সংবাদ পাব পাৰে। বিদ্যাৰ্থীৰ সমস্যা সমাধানত মানসিক সুখ প্ৰাপ্তি। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি। সামাজিক,শৈক্ষিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হব। কৰ্মত নতুন যোগাযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত মিশ্ৰিত ফল।

মিথুন ৰাশি(ক,ছ): স্বাস্হ্যৰ প্ৰতি সচেতন হব । সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে। বিদ্যাৰ্থীৰ আত্ম প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। কোনো কাৰ্য্যত যশ মান বাঢ়িব। সামাজিক দক্ষতা বাঢ়িব লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। সন্তানৰ কৃতিত্ব অর্জন। কৰ্মত পদ মৰ্যদা বৃদ্ধি লগতে উচ্চস্তৰীয়া বিষয়ববীয়ৰ সংযোগত শুভ বাৰ্তা লাভ কৰিব। ব্যৱসায়ত নতুন সংযোগ লাভ কৰিব।

কৰ্কট ৰাশি(ড ,হ): শৰীৰৰ আৰোগ্য লাভ । সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ভাতৃ আত্মীয় স্বজনৰ লগত সামান্য মতভেদ হব পাৰে। পিতৃ মাতৃৰ আৰোগ্য লাভ। গৃহ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ কৃতিত্ব অর্জন। প্ৰেম প্ৰীতিত নতুন যোগাযোগ লাভ কৰিব লগতে সহায়তা লাভ কৰিব। ব্যৱসায়, কৰ্মত নতুন সংযোগ হব পাৰে। যানবাহন চলাচলত সতৰ্ক হব। আইনী সংক্ৰান্তীয় কাৰ্য্যত জটিলতা বাঢ়িব পাৰে। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।

সিংহ ৰাশি(ম,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত থকা ধন খৰছ হব পাৰে। খাদ্য গ্ৰহণত সচেতন হব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহযোগ লাভ কৰিব। গৃহ কাৰ্য্যত শুভ সংযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ জ্ঞান বুদ্ধি বিকাশৰ সুযোগ লাভ কৰিব।পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়ত নতুন চিন্তা চৰ্চা। যানবাহন চলাচল আৰু দূৰ ভ্ৰমণত সচেতন হব।

কন্যা ৰাশি (প,ঠ): স্বাস্হ্যৰ প্ৰতি সচেতন হব। অৱশ্যে পূৰ্বৰ তুলনাত স্বাস্হ্যৰ উন্নতি লাভ।পাবলগীয়া ধন প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। সন্তানৰ কাৰ্য্যৰ বাবে চিন্তান্বিত । আত্মীয় স্বজনৰ শুভ বাৰ্তা লাভ কৰিব। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি। গৃহ কাৰ্য্যত মনোকষ্ট বাঢ়িব লগতে শত্ৰু বৃদ্ধি। বিদ্যাৰ্থীৰ সহকৰ্মীৰ পৰা সহায়তা লাভ কৰিব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব। সামাজিক সাংস্কৃতিক কাৰ্য্যৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।

তুলা ৰাশি(ৰ, ত): স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। গৃহ কাৰ্য্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি । বিদ্যাৰ্থীৰ আত্ম প্ৰকাশৰ সুযোগ লাভ কৰিব লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হব। বিশ্বাস ভাজন ব্যক্তিৰ পৰা কোনো কাৰ্য্যত প্ৰতাৰিত হব পাৰে সতৰ্ক হব। কাৰ্য্যত ভাতৃৰ পৰা মানসিক অশান্তি বাঢ়িব পাৰে। আধ্যাত্মিক, সামাজিক কাৰ্য্যত সন্মানিত হব।পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। প্ৰেম প্ৰীতিত নতুন যোগাযোগ লাভ কৰিব যদিও ভয় শংকা বাঢ়িব। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।

বৃশ্চিক ৰাশি (ন,য): স্বাস্হ্যৰ প্ৰতি সচেতন হব । হাতত থকা ধন হঠাৎ খৰচ হব পাৰে। মূল্যৱান সম্পদ হানি হব পাৰে। গৃহ কাৰ্য্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি যদিও গৃহ অশান্তি বাঢ়িব। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। বিদ্যাৰ্থীৰ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। সামাজিক দায়বদ্ধতা বাঢ়িব।সন্তানৰ প্ৰতি চিন্তা বাঢ়িব। ব্যৱসায়ত শুভাশুভ। দূৰ ভ্ৰমণত শুভ বাৰ্তা লাভ কৰিব।

ধনু ৰাশি(ধ,ফ,ভ) : শৰীৰ মধ্যম। ধন সম্পদ প্ৰাপ্তিত মানসিক সুখ শান্তি বাঢ়িব। ঘৰুৱা দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি । গৃহ নিৰ্মাণ কাৰ্য্যৰ নতুন পৰিকল্পনা দেখা যায়। শত্ৰুপক্ষৰ পৰাজয়ত সুখ প্ৰাপ্তি। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ আনৰ পৰা সহায়তা লাভ কৰিব। সামাজিক কাৰ্য্যত সন্মানিত হব। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি। ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা।

মকৰ ৰাশি(খ , জ) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। ধন খৰচৰ পৰিমাণ বাঢ়িব। ভাতৃৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হব পাৰে। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত মানসিক চাপ বাঢ়িব পাৰে। গৃহ কাৰ্য্যৰ উন্নয়নত সুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ উচ্চ বিদ্যাৰ বাবে শুভ সংযোগ লাভ কৰিব। মাটি বাৰী,ধন সম্পদ দিশত সমস্যাৰ সন্মুখীন হব পাৰে। কোনো কাৰ্য্যত প্ৰৱঞ্চিত হব পাৰে। কৰ্মত শুভ সংযোগ লাভ কৰিব। মূল্যৱান সম্পদ ক্ষতি হব পাৰে সতৰ্ক হব। ব্যৱসায়ত পৰিসৰৰ চিন্তা চৰ্চা।

কুম্ভ ৰাশি(গ,শ ,স) :শৰীৰৰ আৰোগ্য লাভ। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। আত্মীয় স্বজনৰ দু: সংবাদত মনোকষ্ট বাঢ়িব। কোনো কাৰ্য্যত ভয় শংকা বাঢ়িব। ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হব। পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ কৃতিত্ব অর্জন। কৰ্ম ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। অৱশ্যে কৰ্মত মানসিক চাপ বাঢ়িব। সামাজিক সাংস্কৃতিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। প্ৰেমত দুশ্চিন্তা ভয়।ব্যৱসায়ত মিশ্ৰিত ফল।

মীন ৰাশি(দ ,চ) :স্বাস্হ্যৰ প্ৰতি সচেতন হব। হাতত থকা ধন হঠাৎ খৰচ হব। ভাতৃৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব যদিও সামান্য মনোকষ্ট বাঢ়িব। আত্মীয় স্বজনৰ দু সংবাদ পাব পাৰে। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শৈক্ষিক দিশত অগ্ৰসৰ। মূল্যৱান সম্পদ হানি হব পাৰে। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব। পুৰণি সমস্যা সমাধানৰ বাবে শুভ সংবাদ লাভ কৰিব। ব্যৱসায়িক দিশত শুভাশুভ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *