প্ৰত্যাশা
“ইমান দেৰি কৰিলিনে? হাল সামৰি অথনিৰেপৰা ৰৈ আছোঁ।”
“জানই দেখোন। ঘৰৰ সকলো জঞ্জাল সামৰিহে আহিব পাৰোঁ। তই কঠীয়া বোলোৱাই নাই যে।”
“বোলাম ৰ। ঐ গোঁছটো কিন্তু ভালকৈ ল’বি দেই। আঘোণত লখিমী তয়েই আদৰিব লাগিব।”
তাইৰ সেন্দূৰীয়া দুগালত সৰি পৰা ৰ’দৰ হাঁহিয়ে হঠাতে তাক বহু কথাই কৈ পেলায় আৰু দুয়োৰে সপোনবোৰে বাট বোলে ক্ৰমশঃ সেউজীয়াৰপৰা সোণালীলৈ।
বাট
“জালখনেই আমাৰ জীৱিকা বোপাই। আখৰকেইটা চিনিলি যেতিয়া বাদ দে আৰু সেইমুৱা হ’বলৈ।”
সি মানি লোৱা নাছিল তেওঁৰ কথা আৰু সলাব বিচাৰিছিল সেই জীৱিকাৰ বাট। বুকুত খোপনি পোতা প্ৰবল আত্মবিশ্বাসে এদিন বাটটো সলনি কৰিছিল। সি নদীৰপৰা গগন চুমিছিল।
আজিকালি তেওঁ জালখনকে সাৰথি বুলি ভাবিবলগীয়া নহয়।
ঠিকনা
সহঃ শিক্ষয়িত্ৰী
বাধাকৰা মধ্য ইংৰাজী বিদ্যালয়
লখিমপুৰ-৭৮৭০৩২