নগ্নতাৰ দুৰ্গন্ধ
দিগন্ত বিশ্ব শৰ্মা
নগ্ন শৰীৰ উদং বক্ষৰ ভাঁজে ভাঁজে
নিৰ্ভেজাল বিকৃত বৰ্বৰতাৰ দুৰ্গন্ধ বিয়পে
চৌদিশে সৰ্বত্ৰে আকাশে বতাহে
বাসনাৰ অশ্লীলতাত পৃথিৱী কঁপি উঠে!
তথাপি তেওঁ নিলাজ আৰু নিষ্কম্প
ছাল অৱয়ব যাৰ আদি মধ্য অন্ত
তেওঁ নাজানে জীৱনৰ শাশ্বত প্ৰমূল্য
আহাৰ নিদ্ৰা মৈথুন তেওঁৰ সমস্ত সৰ্বস্ব!
বিনোদনেই তেওঁৰ একমাত্ৰ গান জীৱনৰ
জানো শিং আৰু নেজ নাই শৰীৰত তেওঁৰ
কোঁহে কোঁহে উদগ্ৰ প্ৰবৃত্তি হেঁপাহ আদিম যুগৰ
আচলতে এতিয়াও তেওঁ প্ৰাণী অচেতন ইতৰ!
নগ্নতাৰ দুৰ্গন্ধত মানৱাত্মাৰ চিৰপ্ৰৱহমান বোৱতী সুঁতি
প্ৰবুদ্ধ মনৰ যুগ-যুগান্তৰ সাধনা ৰ’ব নেকি থমকি আজি
নিৰ্বাপিত নেকি মানুহৰ আলোক অন্বেষী প্ৰগতিৰ বহ্নি
সত্য আনন্দ অভিমুখী অমৃতময় জীৱনৰ শাশ্বত গতি!
ললিপপ
লোপমুদ্ৰা ভাৰ্গৱী
সৰু এটা জাঙিয়া আৰু এটা ফ্ৰক
এয়াই আছিল তাইৰ পোছাক শৈশৱকালৰ
ধুনপেচ মৰাৰ চখ তাইৰো আছিল
ঘৰখনহে আছিল দুখীয়া
সেয়ে হেঁপাহবোৰ থৈছিল সামৰি
তথাপি দুখ নাছিল তাইৰ
জোনাকৰ ৰাতি
হাত পাতি জোনবাইক খুজিছিল বেজী
পৰীৰ পাখি মেলি উৰিছিল ডাৱৰ ফালি
পখিলাক সুধিছিল ফুলৰ বতৰা
চৰাই হৈ গাইছিল গুন গুন গান
দিনবোৰ আছিল শুৱনি
বয়সেইবা আছিল কিমান-
সাত কি আঠ
এদিন এক আত্মীয় আদহীয়াই
কোচত তুলি লৈছিল তাইক
মুখত গুঁজি দিছিল এটা ললিপপ
ললিপপৰ সৈতে তাইৰ কাহানিও নাছিল পৰিচয়
তাই চিনে মাথো
দিনটোৰ মূৰকত এবাটি কৰ্কৰা ভাত
আইৰ হাতৰ
ভাল লাগিছিপ তাইৰ
ললিপপৰ সুমিষ্ট সোৱাদ
আন এদিন আদহীয়াই
পুনৰ মাতিলে তাইক কাষলৈ
ধুতিৰ আচল গুচাই দেখুৱালে তাইক
আন এটি ললিপপ
যিটো আছিল আগৰটোতকৈ বেলেগ
‘এইটোও এটা বেলেগ ললিপপ’
কৈছিল আদহীয়াই আৰু
গুঁজি দিছিল তাইৰ কোমল ওঁঠত
হয়, সেইটো আছিল বেলেগ ললিপপ
যিটো আগৰটোৰ দৰে মিঠা নাছিল
যিটো আগৰটোৰ দৰে সোৱাদৰ নাছিল
ওক্ ওক্ কৰি দৌৰিছিল তাই ঘৰলৈ
ললিপপৰ ভয়ত
দুৱাৰৰ চুকত লুকাই পৰিছিল তাই কুচিমুচিকৈ
আজিও ভয় কৰে তাই ললিপপলৈ
তাইৰ গোপন মনত
আজিও সঞ্চিত আছে ঘৃণা
ধূতিৰ আৰত ললিপপ লৈ ফুৰা পুৰুষবোৰলৈ…
দুস্বপ্নৰ আলিংগন
হীৰক কলিতা
সি ভাবিছিল এপাহ সূৰ্যমুখী
ফুলৰ কথা কিন্তু তাৰ
বিপৰীতে পালে এপাহ মৰহা
গোলাপৰ বেদনা ।
সি ভাবিছিল এখন সপোন
চহৰৰ কথা কিন্তু তাৰ
বিপৰীতে পালে এজাক
ৰ’দে ভৰা চহৰৰ কথকতা ।
এতিয়া সি পাহৰিলে এটি স্বপ্নৰ
কথা, সি উভতি আহিল সপোন
বাটৰ একেটা পথেৰে ।
এতিয়া সি ব্যস্ত এখন যান্ত্ৰিকতাৰে
ভৰা চহৰৰ মাজত,
য’ত সি কথা পাতে নিশাৰ
পথত ষ্ট্ৰীট লাইটৰ তলত শুই
থকা কুকুৰবোৰৰ লগত ।
এতিয়া সি ব্যস্ত ৰ’দৰ সৈতে,
সি ভাবে ভোকৰ কথা, তাৰ
মনত নাই কোনো সপোন
বাটৰ কথা, এতিয়া সি সাজু
বাস্তৱৰ খোজত খোজ
মিলাবলৈ….।
✍️ কবিৰ ঠিকনা- স্নাতক পঞ্চম ষাণ্মাসিক, অসমীয়া বিভাগ , নলবাৰী মহাবিদ্যালয়
দীঘলীপুখুৰীৰ পাৰলৈ
ৱাহিদ আহমেদ
কেঁচা টোপনিত জগাই এটাই কথা সুধিছিলা যে
মনত আছে নে নাই
নোকোৱালৈকে যি অশান্তি
ৱাহ কি বিভীষিকা নমাই আনিছিলা
মৰমৰবোৰ নাথাকিলে
দুখবোৰ কেনেকৈ আঁতৰিব
অজান দেশৰ কবিজন হেৰোৱা নাই
কোনো দিন নেহেৰায়
তুমিহে হেৰাই গ’লা আপোন দেশৰ চোতালত
কবিতাৰ ছন্দবোৰে মাতিছে তোমাক
হিয়াৰ মাজত ৰাখি নিচুকাবলৈ
মায়াৰ ৰাগীত এমুঠি গীত গাবলৈ
যৌৱন ভৰা দেহাটি
কিয় যে উজাই আহে
তোমাৰ হালধীয়া চুৰিদাৰযোৰ পিন্ধি
কাইলৈ আহিবা দীঘলী পুখুৰীলৈ
ঠিক বেলিটো ডুব যোৱাৰ সময়ত
ভাৱনাৰ দুৱাৰমুখত
চাবাচোন কোনে আহি ৰৈ থাকে
উন্মাদিত হৃদয়খন আৰু উন্মাদ
সাগৰৰ কুলুকুলু ধ্বনিৰ
অমৃতময় পৰশে আমনিতো কৰিবই
জোৱাৰ আহিলে সাগৰত ঢৌ উঠিবই
ভালপোৱা থাকিলে মনত নিশ্চয় পৰিবই
উৰি যোৱা পক্ষীৰ ঠিকনা কোনে জানে
জাকে জাকে চৰাই উৰে
হৃদয়ৰ মাজত অনেক স্বপ্ন আহে
সুখৰ ৰাতিত লগ পালেই নিগাজি নহয়
দুখৰ দিনত কাষলৈকে নাহে
চিনাকি দিলেও দেখোন
দূৰলৈকে গুচি যায়…
বাস্তৱবোৰ সহ্য কৰিবলৈ বৰ কঠিন ৷
কবিৰ পৰিচয়
কাটাৰ, ডোহা
+97431204571
wahidahmed511@yahoo.com
হে পাষণ্ড পুৰুষ
বৰষা কাশ্যপ
মোৰ মা পাগলী আছিল
প্ৰেমাষ্পদৰ প্ৰতাৰণাই মাক পাগলী কৰিছিল
লাহে লাহে মা সলনি হৈছিল
কথাবোৰ অসংলগ্ন হৈছিল
আৰু চুলিবোৰ অবিন্যস্ত
মলিৰ তৰপে চামনি বান্ধিছিল মাৰ মোলায়েম দেহত
মাৰ আচৰণ-বিচৰণে বিৰক্ত কৰিছিল পৰিয়ালক
মাৰ উন্মুক্ত শৰীৰে অস্বস্তিত পেলাইছিল চুবুৰীয়াক
আৰু এদিন ৰাতিৰ আন্ধাৰত
সকলোৱে মিলি নৈখন পাৰ কৰি খেদি পঠাইছিল মাক
আৰু মা গুচি আহিছিল এইখন চহৰলৈ
মাই কান্দিছিল
মাজে মাজে হাঁহিছিল
মাৰ বুকুত শোক আছিল নে সুখ আছিল
জনাৰ কোনো উপাই নাছিল
শতচ্ছিন্ন কাপোৰৰ আঁৰত তেতিয়াও
লোভনীয় হৈ আছিল পুৰুষৰ বাবে
এসময়ৰ অসূৰ্যস্পৰ্শা মাৰ স্তনযুগল
আৰু মসৃণ নাভিদেশ
য’ত উবুৰি খাই পৰিছিল
চহৰীয়া চশমাৰ আঁৰৰ চকুবোৰ
ৰাতিৰ আন্ধাৰত চকুবোৰে
চেলেকিবলৈ লৈছিল মাৰ নিষ্কলুষ শৰীৰ
মাৰ জৰায়ুত
পাল ফুৰা ষাঁড় হৈ ঢালিছিল বীৰ্য
আৰু এদিন
মই স্থিতি লৈছিলো মাৰ গৰ্ভত
পাগলী হলেও
মাতৃৰ মমতাৰে
কঢ়িয়াই লৈ ফুৰিছিল মায়ে মোক
সম্পূৰ্ন নটাকৈ মাহ নিজৰ পেটত
আৰু এদিন এনেকৈয়ে
মোক ভূমিষ্ঠ কৰি এই পৃথিৱীত
চিৰদিনৰ বাবে আঁতৰি গৈছিল মা
মিউনিচিপালিটিৰ জাবৰৰ গাড়ীত হেৰাই গৈছিল মা
আৰু
এজাক ভতুৱা পোৱালীৰ সৈতে ৰৈ গৈছিলো পদপথত মই
বেশ্যালয়ত বাঢ়িছিলো মই
বেশ্যাৰ মৰমে আদৰি লৈছিল মোক
বেশ্যাৰ চেনেহে তুলিছিল তালিছিল মোক
পাৰ হৈছিল শৈশৱ
পাৰ হৈছিল কৈশোৰ
আৰু এতিয়া যাপন কৰিছো যৌৱন
মই চিনি পাও
চশমাৰ আঁৰৰ চকুৰ ভাষা
মই বুজি পাও মুখ আৰু মুখাৰ পৰিভাষা
মোৰ পৰা নিজক কেনেকৈ লুকাবা
হে পাষণ্ড পুৰুষ ??…