ন-প্ৰেম

ন-প্ৰেম

 

দীপশিখা গোহাঁই

 

…..গীতে ৰাজুৰ মুখৰ পৰা গম পালে যে সমুদ্ৰৰ সঁচায়ে পাঁছবছৰ ধৰি ম’বাইল নাই.. আজিৰ যুগত সমুদ্ৰৰ দৰে ডেকা ল’ৰা এজনৰ ম’বাইল নাই বুলি শুনি তাই বহুত বেছি আচৰিত হৈ পৰিল!…

“অই সমু ছোৱালীজনীক চাচোন? কিবা চেনেমাত যে ওলাই হিৰইনি বোৰৰ নিচিনা লাগে ন ? তাই সদায় এইফালেই যায়, তই মন কৰিছ নাই বাৰু?”

সন্মুখৰ পকী ৰাস্তাতোৰে সেউজীয়া ফেশ্বিন’ এখন চলাই গুলপীয়া চুৰিদাৰ পিন্ধা মেলা চুলিৰ ধুনীয়া ছোৱালী এজনী পাৰ হৈ যোৱাত সেইফালে চাই কৈ উঠিল ৰাজুৱে..!

“ৰাজু দা? তোৰ এতিয়াও এই আগৰ স্বভাৱবোৰ নগ’ল আৰু ন’? দুটা ল’ৰা-ছোৱালীৰ দেউতাক হ’লি এতিয়াতো এইবোৰ ৰাস্তাৰে যোৱা ছোৱালী চাবলৈ এৰ!
নে নীৰু বৌক লগাম নেকি মই?”

সমু অৰ্থাৎ সমুদ্ৰই মাছ কেইজনী বজাৰৰ পৰা আনি ফ্ৰিজটোত ভৰাই থাকোঁতে কৈ উঠিল!

সমুদ্ৰ দুৱৰা… স্বভাৱতই বহুত বেছি গহীন-গম্ভীৰ, অন্তৰ্মুখী স্বভাৱৰ ল’ৰা৷
সৰু চহৰৰ দৰেই ঠাইডোখৰৰ তিনি আলিটোৰ পৰা অলপ আহিয়েই তাৰ মাছ-মাংসৰ লগতে ষ্টেছনাৰী দোকানখন৷
পঢ়া-শুনাত ইমান ভাল আগৰে পৰা নাছিল৷
মেজৰ লৈ পঢ়াৰ ইচ্ছা নাছিল বাবে পাছ ক’ৰ্ছ লৈয়েই বি.এ. তো পাছ কৰি দুদিনমান চাকৰি-বাকৰিৰ ধান্দাত ঘূৰিছিল৷
কিন্তু আজিকালিৰ যুগত চাকৰি এটা পোৱাটোও ইমান সহজ কথা নহয়..
চাকৰি বিচাৰিবলৈ এৰি সি সেয়ে ব্যৱসায়ত ধৰিছে৷

দুটা আহল বহল ৰুমৰ এটা ৰুমক সি ষ্টেচনাৰী দোকান ৰূপে খুলিছে৷

দোকানখনৰ বহল পকী বাৰাণ্ডাখনতে দুখন মাছ-মাংস কটা টেবুল আছে৷
এখনত ব্ৰয়লাৰ, কুকুৰা-হাঁহ, মাছ আদি কাটে..
আনখনত কেতিয়াবা ছাগলী মাংসও বিক্ৰী কৰে৷
বহুতো বিয়া সকামৰ মাছ-মাংসৰ অৰ্ডাৰ লয় সমুদ্ৰই৷

অৱশ্যে মাছ-মাংস কটা মেলা কামবোৰ সহকাৰী হিচাপে ৰখা ৰাজুৱেই কৰে৷
সি ষ্টেছনাৰী দোকানখনত হে ব্যস্ত থাকে৷

“অই সমু, তোৰ মায়ে ফোন কৰিছে হু ল..”
দোকান দুখন লগালগিকৈয়েই আছে- বাৰাণ্ডাও একেখনেই৷
অলপ সময়ৰ পিছত সমুদ্ৰই ৰাজুক ফোনটো দিবলৈ আহে..
“হু ল তোৰ ম’বাইল!”

“তই ম’বাইল এটা আনি নলৱ কিয় সমু? আজিকালি দেখোন ঠেলাৱালা-ৰিক্সাৱালা এটায়ো দহ হাজাৰটকীয়া ম’বাইল হে চলায় ৷
তই এইহেন ডেকা ল’ৰাটোৱে ম’বাইল নোহোৱাকৈ কেনেকৈ থাক ঐ? ব্যৱসায় কৰা ল’ৰা, ম’বাইল এটা লাগে নহয়৷”

“হ’ব দে..প্ৰয়োজন হ’লে ল’ম৷”

ঈষৎ হাঁহি এটা মাৰি সিখন দোকানলৈ গুছি যায় সমুদ্ৰ৷

অৰ্ধ-শিক্ষিত ৰাজুৱে সঁচাকৈ বুজি নাপায় সমুদ্ৰক!!
দহ হাজাৰ নালাগে বিশ হাজাৰটকীয়া ম’বাইল কিনিব পৰাকৈ সামৰ্থ্যৱান সমুদ্ৰ, তথাপিও কিয় সি এই ম’বাইল- ফেচবুক, ৱাটছএপ এইবোৰৰ পৰা আঁতৰি ফুৰে!
সমুদ্ৰৰ দৰে সুঠাম যুৱক এজনে ফ’ৰ জি যুগত ম’বাইলৰ পৰা আঁতৰি থকাটো সচায়ে আচৰিত হ’ব লগা কথা!
কেতিয়াবা ব্যৱসায়ৰ খাতিৰত কাৰোবাক ম’বাইলৰ নাম্বাৰ দিব লগা হ’লেও ৰাজুৰ নাম্বাৰটোকেই দিয়ে৷

আবেলি তিনি মান বাজি গৈছিল তেতিয়া প্ৰায়৷
সেউজীয়া ফেশ্বিন’ স্কুটীৰ গৰাকী গুলপীয়া চুৰিদাৰ পিন্ধা ছোৱালীজনীয়ে সমুদ্ৰৰ দোকানৰ ওচৰতেই স্কুটিখন ৰখাইছিলহি..
সমুদ্ৰই কেৰাহিকৈ ছোৱালীজনীলৈ এনেই লক্ষ্য কৰিলে-
ৰাতিপুৱা মেলি যোৱা চুলিকোছা এইবাৰ ওখকৈ খোপাৰ দৰে বান্ধি থৈছে৷
লাহি-পাহি ছোৱালীজনীৰ চকুযুৰি গোল গোল পুতলাৰ দৰে; কিন্তু চকুযুৰিত যেন লাগি আছে এক অজানা বিষাদ!
ঠিক সমুদ্ৰৰ দৰেই নেকি?
মাকৰ কথা মতে কাম কৰিব নোৱাৰি, মাকক সুখী কৰিব নোৱাৰি বুকুত লৈ ফুৰা অজানা দুখ- অপৰাধবোধৰ দৰে এই পুতলাৰ নিচিনা সেন্দূৰীয়া ছোৱালীজনীয়েও লুকুৱাই থৈছে নেকি তাইৰ গোল গোল চকুৰ পতাৰ আঁৰত কজলা দুখ!

বগা ছোৱালীজনীৰ গাল দুখন কিঞ্চিৎ গুলপীয়া.. ঘামি উঠা জোঙা নাকটোত সৰু সৰু ঘামৰ কণিকা- ৰাজুৱে ঠিকেই কৈছিল- চিনেমাৰ নায়িকাৰ দৰেই ধুনীয়া ছোৱালীজনী!
তৎমুহূৰ্ততে সমুদ্ৰক আকৌ অপৰাধবোধে জোকাৰি পেলালে!
ছেহঃ সি কেনেকৈ বেলেগ ছোৱালীলৈ এনেদৰে চাব পাৰিলে ! তাৰ জীৱনতটো…

“দাদা ব্ৰয়লাৰ মাংস এশ টকাৰ দিবচোন..”
ছোৱালীজনীৰ মাতটোৱে সমুদ্ৰৰ কাণদুখনত চুমা খাই দিয়াৰ দৰে লাগিল৷
ইমান মিহি-কোমল মাত!

ৰাজুৰ মাছ-মাংস কাটি কাটি আমনি লাগিলত সি ষ্টেছনাৰীখনত বহিছেগৈ..

মটীয়া বৰণৰ এপ্ৰনটো গাত মেৰিয়াই লৈ ছোৱালীজনীৰ বাবে ব্ৰয়লাৰ মাংস এশটকাৰ কাটিবৰ বাবে সাজু হ’ল সমুদ্ৰ..
মুখখনত জোৰকৈ বেছি গহীন ভাৱ আনি লৈছে যাতে ছোৱালীজনীয়ে তাক বিশেষ একো সুধিব নোৱাৰে৷
মানুহৰ পৰা আঁতৰত থাকিয়েই ভাল লাগে তাৰ..!

ছোৱালীজনীক দেখি ছাগে’ ৰাজু ৰৈয়েই থাকিব নোৱাৰিলে..
আহি পাই গ’লহি সমুদ্ৰ আৰু ছোৱালীজনীৰ ওচৰ..!

“বাইদেউ কিবা লাগিছিলে আপোনাক?”

“ অহ! এই ব্ৰয়লাৰ মাংস এশটকাৰ লাগিছিলে.. দাদাক কৈছো- দিছে তেওঁ.. দাদা পাৰিলে কাটি দিব হা মেডিয়াম ছাইজত। মই মানে এইবোৰ কাটিব নাজানো যে!”

“কিয় ঘৰত কোনোবাই কাটি ল’ব নোৱাৰিব নেকি? মানে দেউতা-ভাইটি কোনোবাই?”

“এই ৰাজুটোৰনো কি দৰকাৰ বেলেগৰ ছোৱালীৰ পৰিয়ালত কোন কোন আছে খবৰ লৈ থাকিবলৈ!”
ভাবি ভাবি খং এটা উঠি আহিল সমুদ্ৰৰ!

“থকাতো আছে৷
ঘৰত মোৰ মা দেউতা আৰু ভাইটি-ভন্টী আছে; কিন্তু মই ইয়াতে ভাৰাঘৰত থাকি টাউনৰে ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুল এখনৰ নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত.. সেইবাবে ৰুমত অকলে থাকো যে, এইবোৰনো কটা-বছা কোনে কৰি দিব ! চ’…..

মিঠা হাঁহি এটাৰে ছোৱালীজনীয়ে ক’লে । ছোৱালীজনীলৈ নাচাও বুলি ভাবিও চকু গ’ল সমুদ্ৰৰ!

“অহ আচুৰ্যদাই গোৱাৰ নিছিনা “ইংলিছ বাইদেউ” ন ?”

ৰাজুৰ কথাত লাহেকৈ হাঁহি দিলে ছোৱালীজনীয়ে৷

“পিছে আপুনি ইয়াৰ ক’ত থাকেনো ?”

“ৰাজীৱ বৰুৱা চিনি পায়েই ছাগে.. প্ৰাক্তন আৰ্মী অফিচাৰ । তেওঁৰ ভাৰাঘৰতেই আছো !
বাই দা ৱে, সেইখন দোকান আপোনাৰ নেকি?”

ছোৱালীজনীয়ে ষ্টেছনাৰীখন ৰাজুৰ বুলি ভাবিলে ৷

“নাই নাই.. দুয়োখনেই ইয়াৰ মানে সমুদ্ৰৰ.. মই সহায়কাৰীহে ইয়াৰ৷

“অ.. কথা পাতি ভাল লাগিল দিয়ক দাদা.. আহোঁ এতিয়া৷”

ছোৱালীজনীয়ে মাংসৰ পইছা দি, মাংসখিনি লৈ বেৰীয়া দাঁতৰ ফাঁকেৰে ধুনীয়া হাঁহি এটা ওলোমাই যাবলৈ ওলাল !

কিয় জানো, সমুদ্ৰৰ আজি পাঁচবছৰৰ পিছত প্ৰথমবাৰ বাবে কোনোবা ছোৱালীৰ নাম জানিবলৈ মন গ’ল..
কিন্তু সোধে কেনেকৈ তাৰ গাম্ভীৰ্যতাৰ আৱৰণ ফালি?
পিছে ৰাজুৱে সেই কাম সহজ কৰি দিলে-

“বাইদেউ আপোনাৰ নামতো কি কৈছিলে?”

স্কুটিখনৰ চাবিতো পকাই ষ্টাৰ্ট কৰিব খুজোঁতেই ৰাজুৰ প্ৰশ্ন শুনি ৰৈ গ’ল ছোৱালীজনী৷

“মই নাম কোৱাই নাছিলো.. কাৰণ আপুনি সোধাই নাছিল যে..

ছোৱালীজনীৰ কথাবোৰত কিবা এটা ভাল লগা আছে..
সমুদ্ৰৰ গধুৰ মনটোৱেও যেন কৈ উঠিল!

“হাঃহাঃ সুধিবলৈ নহ’লে.. এতিয়া কওঁকচোন..!”
ৰাজুৰ প্ৰশ্ন

“মোৰ নাম গীত জোনাক বৰা!”

কৈয়েই গুছি গ’ল ছোৱালীজনী..
“গীত জোনাক”!
কেতিয়াও শুনা নাই এইটো নাম৷
কবিতা কবিতা লগা নামটোৱে চুই গ’ল সমুদ্ৰক!

ৰাতি আঠটা মান বজাত দোকান সামৰি ভাগৰে জোগৰে ঘৰ সোমাইগৈ সমুদ্ৰ!
বাইকখন গাড়ীৰ গেৰেজটোতে এল্ট’খনৰ কাষতে থৈ ঘৰলৈ সোমাই গ’ল সমুদ্ৰ৷
অসুখীয়া দেউতাকে বিচনাতে গাৰুটো ওখকৈ লৈ বাতৰি চাই আছে টি.ভি ত৷
মাকে পকাতে বহি পাচলি কাটি আছে..
সমুদ্ৰ অহা গম পাই তালৈ কেৰাহিকৈ চালে..
সেই চাৱনিটোত সোমাই আছিল ক্ষোভ-অভিযোগ আৰু বহুতো!

নিজৰ ৰুমত সোমাই ফেনখন লগাই চাৰ্টতোৰ বুটাম খুলি থাকিল সমুদ্ৰই৷

শিৱানী কাষ চাপি আহিল..
তাইৰ মনটো আজিও মৰা..!

“কি হ’ল মনটো মাৰি আছা যে? মই যোৱাৰ পিছত আজিও মায়ে কিবা বকি আছিলে নেকি?”

“মায়ে ঠিকেই কয় অ..সেয়া বকা বুলি নকয়.. তুমি মোৰ বাবে তোমাৰ জীৱনটো কিয় ধ্বংস কৰি আছা বু? গোটেই জীৱনটো পৰি আছে..
মাৰ কথা শুনা.. তুমি বিয়া পাতা আকৌ..!”

“কি কথা ক’বলৈ আহিছা এইবোৰ হা? কিমান বাৰ ক’ম তোমাক শিৱু যে মোক মাৰ নিচিনা কথা নক’বা!
তুমি জানা ন’, তুমি মোৰ উশাহত আছা ! কেনেকৈ তোমাৰ ঠাই মই বেলেগক দিম কোৱা?
মই নোৱাৰো অ.. প্লিজ শিৱু মোক জোৰ নকৰিবা..”

শিৱানী আতৰি যায়..
তলমূৰ কৰি উচুপি উঠা সমুদ্ৰই উচুপনি বন্ধ কৰি মূৰ ডাঙি শিৱানীক নেদেখে সন্মুখত৷
সি টাৱেলখন লৈ গা ধুবলৈ বুলি বাথৰুমলৈ যায়৷

*********
ব্ৰয়লাৰ মাংসৰ গ্ৰেভী- দালি আৰু তিয়ঁহৰ চালাডেৰে ভাতকেইটা খাই গীত শুবলৈ বুলি গ’ল..!

বিচনাত পৰি হেডফোনডাল কাণত লগাই প্লে’ কৰি দিলে তাইৰ সকলোতকৈ প্ৰিয় গানটি-
“গান এটি গোৱানা অ’ মা..
হাত বুলাই দিয়ানা অ’ মা..
সপোন হেৰালে কেনিবা! বিচাৰি আনি দিয়া না….”
মই শুব পৰা নাই অ’ মা…
বুকুখন বিষাইছে মা….”

সঁচাকৈ শুবলৈ, টোপনি আহিবলৈ যুঁজিব লগা হয় গীতে !
বুকুখন বিষাই উঠে.. চকুৰ কোণেৰে বাগৰি পৰে দুটোপাল লুণীয়া আৱেগ!

জন্মদাত্ৰী মাকজনীৰ ফটোখন ম’বাইলতে চায় । নাই, সেই মৰম সেই নিৰাপদ অনুভৱ নকৰে তাই!
মাহীমাকৰ তাইৰ লগত তোলা ফটো এখন উলিয়াই চায় গীতে । অশেষ অভিমান-অভিযোগ থকাৰ পিছতো হিয়াখন শাঁত পৰি যায় গীতৰ!
এইজনীয়ে মাহীমাক গীতৰ, যাক গীতে তিনিবছৰ বয়সৰ পৰা পাইছে..!
নিজৰ মাকক মাথোঁ তাই ফটোত দেখিছে, মাকৰ লগত কটোৱা একো স্মৃতিয়েই মনত নাই গীতৰ!

মাহীমাকক তাই কেতিয়াও নিজৰ মাক নহয় বুলি ভবা নাই..
“মা” বুলি ক’লেই নিজৰ মাকৰ নহয়, মাহীমাকৰ মুখখনহে মনলৈ আহে..
যাৰ বুকুত মুখ গুঁজি গীতে তিনিবছৰীয়াৰ পৰা আঠবছৰীয়া হৈছিল..!
যাৰ ওচৰত গীতে আব্দাৰ ধৰিছিল- পেঁচ পাতিছিল..!

গীতৰ মাকজনী গীতৰ মাকেই হৈ থকা হ’লে আজি গীতে মাকৰ নিভাঁজ মৰমৰ বাবে এই পঁছিশ বছৰ বয়সত কান্দি থাকিব লগা নহয়!
তাইৰ আঠ বছৰ বয়সত মাহীমাক সন্তান সম্ভৱা হৈছিল..
দেউতাকে গীতৰ ভৱিষ্যতৰ কথা ভাবি দ্বিতীয় সন্তান বিচৰা নাছিল.. কিন্তু মাকৰ মৰমে গলাইছিল দেউতাককো!
গীত যে কিমান সুখী হৈছিল যমজ ভায়েক-ভনীয়েক হালক পাই; কিন্তু তাই ভবা নাছিল যে পাঁচবছৰে তাইৰ মাহীমাকৰ পৰা মাকলৈ পৰিণত হোৱা মানুহজনী এইবাৰ পুনৰ মাহীমাকলৈ ৰূপান্তৰিত হ’ব..!

লাহে লাহে মাকৰ মৰম-যত্ন কমি গ’ল গীতৰ প্ৰতি৷
তথাপিও দেউতাকৰ আগত আৰু মানুহৰ আগত গীতক মৰম কৰিছিল বহুত!
কিন্তু সচাঁ মৰমবোৰ যেন ক’ৰবাত হেৰাই গৈছিল!
ভায়েক-ভনীয়েককেইটা ডাঙৰ হোৱাৰ পৰা ভালৰো ভাল বস্তুটো সিহঁতক খাবলৈ দিয়াৰ পৰা ধৰি দামীতকৈ দামী কাপোৰ দিয়া আৰু তাইক কৰা সকলো অৱহেলা তাই বায়েক হিচাপে কম্প্ৰমাইজ বুলি ধৰি লৈছিল..
কিন্তু যেতিয়া এদিন মাকে তেওঁৰ ভনীয়েকক নিজৰ ৰুমত সুমুৱাই গীতৰ কথ পাতি আছিল আৰু গীতে চাহ দিবলৈ গৈ দুৱাৰমুখৰ পৰা শুনিছিল সকলো- মাকৰ তাইৰ প্ৰতি থকা মনোভাৱ জানিব পাৰি তাইৰ সিদিনা মৰি যাবৰ মন গৈছিল..
কান্দি কান্দি সিদিনা তাই “গা বেয়া লাগিছে” বুলি কৈ ভাত নোখোৱাকৈয়ে শুই থাকিল!

বুজা হোৱাৰে পৰা “তাইৰ মাক” বুলি ধৰা মানুহজনীৰ মুখৰ পৰা ওলোৱা কথাবোৰে গীতক ভিতৰি মাৰি পেলাইছিল৷
সিদিনাৰ পৰা তাই আজিলৈকে অকলশৰীয়া..!
মাক-দেউতাকেও যেন দায়িত্বৰ খাতিৰত হে তাইৰ খবৰ ৰাখে!
বন্ধ পালে ঘৰলৈ যায় যদিও একো সুখ অনুভৱ নকৰে তাই ঘৰত গৈ । তাতকৈ এই সৰু ভাৰাঘৰটোত অকলশৰে থাকিয়েই ভালপায় তাই!

কিন্তু,গীতৰ জীৱনত মৰমৰ মাত এষাৰৰ বৰ অভাৱ!

হঠাৎ মটীয়া বৰণৰ এপ্ৰন পিন্ধি মাংস কাটি থকা সুঠাম চেহেৰাৰ,মিঠাবৰণীয়া গভীৰ দুচকুৰ গহীন ল’ৰাজনৰ চেহেৰাটো মনলৈ আহে গীতৰ!
চকুপানীবোৰ থমকি ৰয় তাইৰ!

আহ..! কি নাম আছিল ল’ৰাজনৰ…?

সমুদ্ৰ..! হয়, সমুদ্ৰ আছিল ল’ৰাজনৰ নাম!

ল’ৰাজনৰ গভীৰ দুচকুত কজলা দুখ কিছুমান থূপ খাই থকা যেন লাগিছিল গীতৰ..
ঠিক যেন তাইৰ দৰেই!

সহজ-সৰল, গহীন-গম্ভীৰ, কিছু ডাড়ি থকা আটিল শৰীৰৰ ল’ৰাজন দেখিবলৈ কিবা দক্ষিণৰ চিনেমাৰ হিৰ’বোৰৰ দৰে, মাথোঁ হাঁহি এটিৰ অভাৱ!

ল’ৰা নামৰ প্ৰাণীবিধৰ পৰা সাত হাত আতৰত থকা পঁছিশ বছৰীয়া গীতৰ হৃদয়ত প্ৰথমবাৰৰ বাবে কিবা এক অচিনা অনুভূতি জাগে..
আগতে কেতিয়াও নোপোৱা এক অনুভৱ!

*********

গীতে আজিকালি সমুদ্ৰৰ দোকানৰ আগেৰে স্কুললৈ যাওঁতে, তাৰ দোকান পোৱাৰ আগে আগে স্কুটিখনৰ গতিবেগতো অলপ কমাই দিয়ে..
হেলমেটৰ গ্লাছখন অলপ ওপৰলৈ উঠাই লয়.. যাতে সমুদ্ৰৰ দুচকুৱে স্পৰ্শ কৰে গীতৰ দুচকু!

সহকাৰীজনে হাত জোকাৰি মাতে গীতক..
কিন্তু “খাড়োছ” টোৱে পাট্টাই নিদিয়ে গীতক!
তাইক মাত লগোৱাতো দূৰৰে কথা তাইৰ ফালে নাচায়ো!
অপমানিতবোধ কৰে, মনত অলপ আঘাত পায় গীতে!

গীত আচৰিত হয়!
কিমান যে ধুনীয়া, স্মাৰ্ট, ভাল ব্যৱসায় কৰা, চাকৰি কৰা ল’ৰাই গীতৰ হৃদয় জিনিবলৈ কিমান কি কৰ!
কিমানে যে ভালপোৱাৰ প্ৰস্তাৱৰ লগতে বিবাহৰ প্ৰস্তাৱো দিয়ে!
কিন্তু তাইৰ মনটো কোনেও চুব নোৱাৰিলে। পাৰিলে এই “খাড়োছ” টাইপ, অনবৰতে গহীন হৈ থকা মাছ-মাংসৰ তেজৰ চেকা লাগি থকা মটীয়া ৰঙৰ এপ্ৰন পিন্ধি মাছ-মাংস কাটি থকা ল’ৰা এজনে..!

কিন্তু তথাপিও সমুদ্ৰৰ গহীন মুখখন ৰাতিপুৱা এবাৰ দেখিলেহে যেন গীতৰ দিনটোলৈ শান্তি লাগে মনটো!
কিয় খঙালৰ নিচিনাকৈ থকা ল’ৰাজনক ইমান ভাল লগা হৈছে গীতৰ?
তাই কেনেবাকৈ সমুদ্ৰৰ প্ৰেমত পৰা নাইতো?

ডাক্তৰ-ইঞ্জিনীয়াৰ জোৱাঁইৰ সপোন দেখি থকা মাকে গীতৰ মাছ-মাংসৰ ব্যৱসায়ী এজনক ভাল লাগিছে বুলি গম পালে তাইৰ কি অৱস্থা কৰিব ঠিকেই নাই!
এনেও তাইক বিয়াৰ বাবে মাক-দেউতাকে ঘৰত বৰকৈ জোৰ দি আছে!

আৰু তাইৰ অন্তৰংগ বান্ধৱীবোৰ?
ভাল চাকৰিয়াল ল’ৰালৈ বিয়া হোৱা সিহঁতে গীতৰ এইটো কথা গম পালেতো ইচ ইচ-আচ আচ কৰি উঠিব!

কিন্তু গীতৰ বাবে সেইবোৰ কোনো গুৰুত্ব দিবলগীয়া কথা নহয়..
সমুদ্ৰ যেন তাইৰ বহুদিনীয়া আপোন এনে অনুভৱ হয় গীতৰ!
ধন-সোণেৰে সুখী হ’ব বিচৰা ছোৱালী গীত এনেও নহয়..
সৰুৰে পৰা মৰমৰ অভাৱী গীতৰ বাবে সমুদ্ৰৰ বুকুৰ অলপ সচাঁ মৰমেই যথেষ্ট সুখী হ’বলৈ!

কেইদিনমান গীতে প্ৰয়োজনীয় নাছিল যদিও অজুহাত এটা লাগে বাবে দুই এটা ব্স্তু ল’বলৈ সমুদ্ৰৰ ষ্টেছনাৰী দোকানখনত সোমাইছিল ।
সি তাইলৈ ভালকৈ নোচোৱাকৈয়ে কি লাগে সুধি বস্তুটো দি পঠায়!

গীতৰ কেচাঁ আৱেগবোৰত আঘাত লাগে!
আহত হয় তাই!

সিদিনা স্কুলৰ পৰা আহোতে সমুদ্ৰৰ দোকানত আকৌ সোমালে গীত..
ৰৌ মাছ অকণমান লোৱাৰ অভিপ্ৰায়েৰে সোমাল তাই৷
ৰাজু নাই টাউন গৈছে কিবা কামত..
গীতে যেন এনে এটি সুযোগলৈকেহে অপেক্ষা কৰি আছিল অত দিনে..

“কিবা লাগিছিল? মাছ-মাংস?”
গুৰুগম্ভীৰ মাত সমুদ্ৰৰ!

“ৰৌমাছ এশ টকাৰ দিয়া..”

ইচ্ছা কৰিয়েই সমুদ্ৰক তুমি বুলি ক’লে গীতে!
সমুদ্ৰই এইবাৰ আচৰিত হৈ গীতলৈ মূৰ তুলি চালে!

“মাছ বা মাংস সদায় এশ টকাৰে লোৱা যে? না তাতকৈ কম লোৱা না তাতকৈ বেছি..!”

বহুত দিনৰ মূৰত দীঘলীয়া প্ৰশ্ন এটা কৰে সমুদ্ৰই গীতক৷
“সৰহকৈ নিলে এনেই নষ্টহে হ’ব.. সদায় বজাৰ কৰো সদায় খাওঁ .. কম কমকৈ কৰো বজাৰ, সৰহকৈ কৰিলে নষ্ট হৈ যায় যে..!
অকলে হে থাকো.. খোৱাৰ কোনো লোভ বা হেপাঁহ নাথাকে.. জীয়াই থাকিবৰ বাবে খাওঁ!”

গীতৰ শেষৰ কথাকেইটাই সমুদ্ৰৰ বুকত স্পৰ্শ কৰে!
বুকুখন বিষোৱা যেন অনুভৱ হয় তাৰ!
গীতৰ মুখলৈ চায়, মিচিকিয়া হাঁহি এটা লৈ আছে অধৰত!
কিন্তু সেই হাঁহিৰ আঁৰত যেন সোমাই আছে অলেখ অপ্ৰকাশিত যন্ত্ৰণা!
এনে অনুভৱ হ’ল সমুদ্ৰৰ!

ছোৱালীজনী তাৰ কাষত থাকিলে বৰ ৰেষ্টলেছ ফিল কৰে সি!
সেয়ে,গীতক এৰাই চলিব বিচাৰে সমুদ্ৰই.. কাৰণ সমুদ্ৰই শিৱানীক আঘাত কৰিব নোৱাৰে কোনোপধ্যই!

সমুদ্ৰই তেনেকৈ গীতলৈ চাই ৰোৱা দেখি আচৰিত হয় গীত!

“কি হ’ল? এনেকৈ চাই আছা যে মোক?”

গীতৰ মাতত সমুদ্ৰৰ তন্ময়তা ভাঙে.. গীতৰ আগত নিজৰ আচৰণৰ বাবে অস্বস্তিত পৰে সি!
গহীন হৈ থাকিবলৈ বিচাৰিলেও বাৰে বাৰে কিয় এই ছোৱালীজনীৰ গোল গোল চকুযুৰিৰ মাজত হেৰাই যায় সি?
ছোৱালীজনীয়ে তাক “তুমি” বুলি মাতিছে- সি বেয়া পাব লাগিছিল শুনি!
কিন্তু তাক দেখোন কিবা এটা ভাল লগাই মেৰাই ধৰিছে!

“শুনাছোন,তোমাৰ ফোন নাম্বাৰটো দিব পাৰিবা নেকি?
মানে মই চাকৰিটো পোৱা এবছৰেই হোৱা নাই৷
মই ইয়াত নতুন.. তোমালোক স্থানীয় মানুহ যেতিয়া কেতিয়াবা কিবা সমস্যা হ’লে তোমাক ফোন কৰিব পাৰিম!
“চ’ৰী.. কিন্তু মোৰ ম’বাইল নাই!”

প্ৰথমবাৰ কোনোবা ল’ৰাক ফোন নাম্বাৰ খুজিছিল- তাকো তাইক ইমান অপমান কৰি মিছাকৈ কৈ দিলে যে ম’বাইল নাই!
ইমান অহংকাৰী নে সমুদ্ৰ?
কি বুলি ভাবে নিজকে?

খঙতে একো নোকোৱাকৈ পইছাটো দি মাছৰ টোপোলাটো ছিটৰ তলত ভৰাই বহুত বেছি বেগত স্কুটী চলাই গুছি গ’ল গীত!

একো তলকিবই নোৱাৰিলে সমুদ্ৰই!
কিবা বেয়া পালে নেকি তাই?
নে সি ম’বাইল নাই বুলি মিছাকৈ কৈছে বুলি ভাবিলে?
তাই আঘাত পালে নেকি বাৰু মনত?
এৰাই চলিব বিচৰা ছোৱালীজনীৰ প্ৰতি কিয় জানো সমুদ্ৰৰ মনটো বেয়া লাগি উঠিল!
ছেহঃ! কথাটো ভাল নহ’ল!
আজিকালিৰ যুগত এজন যুৱ-ব্যৱসায়ী ডেকা ল’ৰাৰ ম’বাইল নথকাটো সচাকৈয়ে অবিশ্বাস্য!

গীতে মনত আঘাত পালে বুলি ভিতৰি চটফটাই উঠিল সমুদ্ৰ!
ৰাজু টাউনৰ পৰা অহাৰ পিছত সিয়ো টাউনলৈ গৈ ভাল দামী চাই ম’বাইল এটা লৈ অনাতো একপ্ৰকাৰ ঠিৰাং কৰি দিলে৷

গীতে ৰাজুৰ মুখৰ পৰা গম পালে যে সমুদ্ৰৰ সঁচায়ে পাঁছবছৰ ধৰি ম’বাইল নাই.. আজিৰ যুগত সমুদ্ৰৰ দৰে ডেকা ল’ৰা এজনৰ ম’বাইল নাই বুলি শুনি তাই বহুত বেছি আচৰিত হৈ পৰিল!

কিন্তু ধীৰে ধীৰে খঙাল আৰু গহীন চেহেৰাৰ,গীতৰ ভাষাত “খাড়োছ” সমুদ্ৰৰ প্ৰতি গীতৰ ভালপোৱাবোৰ বাঢ়ি যাবলৈ ধৰিলে..!

ভৰপক মৰম-ভালপোৱাবোৰ বুকুত লৈ চাটিফুটি কৈ উজাগৰী নিশা পাৰ কৰি থকাতকৈ তাই মনৰ কথাবোৰ সমুদ্ৰৰ সন্মুখত স্পষ্টকৈ প্ৰকাশ কৰি দিয়াৰ কথা ভাবিলে..
গহীন-গম্ভীৰ হ’লেও সমুদ্ৰৰ মনতো গীতৰ বাবে কোমল ভাৱ থকা যেন অনুভৱ হয় তাইৰ!
সেইবাবে সাহস কৰি তায়েই প্ৰথমে নিজৰ মনৰ কথা সমুদ্ৰৰ আগত প্ৰকাশ কৰাৰ কথা ভাবিলে৷

পিছদিনা স্কুলৰ পৰা উভতাৰ পথত তাই সমুদ্ৰৰ দোকানত সোমাল.. সি ষ্টেছনাৰীখনত নাছিল৷
ৰাজুৱে ব্যস্তভাৱে গ্ৰাহকক মাছ-মাংস কাটি দি আছে আৰু সমুদ্ৰই কাষতে সেই মটিয়া ৰঙৰ এপ্ৰ’নটো পিন্ধি বুকুৰ সোমাজেদি চাইড বেগ এটা লৈ তাৰ পৰাই গ্ৰাহকক পইছা খুছৰা দিয়া আৰু পইছা লোৱাত ব্যস্ত!
গীতে গছৰ ছাঁত স্কুটিখনৰ ওপৰতে বহি সমুদ্ৰলৈ চাই ৰ’ল..!
সমুদ্ৰলৈ চালেই চাৰিওদিশৰ পৃথিৱীৰ কথা পাহৰি যায় গীতে৷

“কিবা লাগিছিলে নেকি তোমাক?”

গাৰ কাষতেই সমুদ্ৰৰ মাত শুনি সমুদ্ৰৰ ভাৱনাত ডুবি থকা গীত উচপ খাই উঠিছিল!

“তোমাৰ লগত অলপ কথা আছিল…”
দুৰু দুৰু বুকুখন লৈ কৈ উঠিল গীতে৷

ক্ষন্তেক গীতলৈ চাই কি ভাবি জানো সমুদ্ৰই কৈ উঠিল-

“ভিতৰলৈ আহা…”

সদায় বাহিৰৰ পৰাই বস্তু লোৱা গীত প্ৰথম বাৰৰ বাবে সমুদ্ৰৰ দোকানৰ ভিতৰলৈ সোমাল৷
গীতক বহিবলৈ চকী এখন আগবঢ়াই দি পিন্ধি থকা এপ্ৰনটো খুলিবলৈ ধৰিলে সমুদ্ৰই৷
ওখ শ্ব’কেছ টোৰ বাবে ভিতৰত কোন বহি আছে নেদেখি..
গীতলৈ জুচৰ বটল এটা আগবঢ়াই সমুদ্ৰই কৈ উঠিল-

“এতিয়া কোৱা? কিবা সমস্যা হৈছে নেকি?”

“একো সমস্যা হোৱা নাই.. চিধাকৈ কৈছো, প্ৰেমত পৰিছো মই তোমাৰ.. তোমাৰ মটীয়া ৰঙৰ এপ্ৰ’নটো আজিকালি বহুত আপোন আপোন লাগে মোৰ!
তোমাৰ কাষত মোৰ কলিজাখন শীতল পৰে..
একো নিবিচাৰো তোমাৰ পৰা-মাথোঁ গোটেই জীৱনৰ বাবে জীৰাবলৈ এখন বিশ্বাসী বুকু!
মই জানো-তুমিও মোক ভালপোৱা মাথোঁ ক’বলৈ সংকোছ কৰা..
আজি কৈ দিয়ানা বিনা সংকোচে যে তুমিও ভালপোৱা মোক?”

বহাৰ পৰাই গীতে আদৰুৱাভাৱে আকুলতাৰে সমুদ্ৰলৈ চাই সুধিলে!

সমুদ্ৰই ইমান দিনে যি ভয় কৰি আছিল সেয়াই হ’ল!
সেইবাবেই সি এৰাই চলিছিল এই গীত জোনাক নামৰ ছোৱালীজনীক!
ইমান সাহস তাইৰ?
তাৰ সন্মুখত ৰৈ তাক ভালপোৱাৰ প্ৰস্তাৱ দিয়ে?
শিৱানীৰ কথা মনলৈ আহিল’ত দপকৈ খঙৰ জুই জ্বলি উঠিল সমুদ্ৰৰ!
এই খং কাৰ বাবে সি নাজানে…!

সমুদ্ৰই হাওলি,গীত বহি থকা চকীখনৰ হাতল দুটাত জোৰেৰে খামুছি দুচকুত খঙৰ জুই একুৰা লৈ বহুত বেছি ৰুক্ষতাৰে তাইক কৈ উঠিল-

“কি কৈছা তুমি? মই ভালপাওঁ তোমাক?
দুষাৰমান ভালকৈ কথা পাতিলো কি নাপাতিলো তুমিচোন বহুত ভাবি পেলালা?”
আৰু কি কৈছা ? প্ৰেম?
তুমি মোৰ প্ৰেমত পৰিব পাৰা কিন্তু তুমি মোৰ বাবে প্ৰেম নহয়,তুমি মোৰ বাবে অপ্ৰেম৷
শুনিলা নহয়?
তুমি মোৰ কাষত থাকিলে মোৰ সকলো খেলিমেলি হয়..
তোমাক সহ্য কৰিব নোৱাৰো মই.. তুমি মোৰ পৰা আঁতৰত থকাটোৱেই আমাৰ দুয়োৰে বাবে মংগল৷
আৰু মোৰ হৃদয়ত ইতিমধ্যেই অন্য নাৰী আছে৷
যাব পাৰা এতিয়া তুমি..”

বাচ্! সেইকেইষাৰ কথাই যথেষ্ট আছিল গীতৰ অকলশৰীয়া হৃদয়খন চূৰমাৰ কৰি দিবলৈ!
গীতক কঠোৰভাৱে কথাখিনি কোৱাৰ পিছত সমুদ্ৰৰো বুকুখন বিষাই উঠিছিল-কিয় সি নিজেই নাজানে৷

ধৰাশায়ী হৃদয়খন লৈ বেগেৰে গুছি আহিছিল গীত সমুদ্ৰৰ কাষৰ পৰা!
হেলমেটতো ভালকৈ পিন্ধি লোৱাৰো যেন শক্তি নাছিল তাইৰ গাত!
মূৰৰ ওপৰতে এনেই হেলমেটতো লগাই বেগত স্কুটি চলাই আহিছিল তাই৷
একো দেখা নাছিল তাই, মাথোঁ চকুৰ আগত ভাঁহি উঠিছিল-সমুদ্ৰৰ অগ্নিবৰ্ষা দুচকু আৰু হৃদয় চূৰমাৰ কৰি দিয়া তাৰ কথাবোৰ!
সন্মুখৰ পৰা অহা গাড়ীখনো দেখা নাছিল তাই৷

*********
গীতৰ স্কুটি দুৰ্ঘটনাতো সমুদ্ৰৰ দোকানৰ পৰা বেছি দূৰত হোৱা নাছিল বাবে সমুদ্ৰই খবৰ পাই ততাতৈয়াকৈ গৈ গীতক তৎক্ষণাত মেডিকেলত ভৰ্তি কৰাইছিল!
মূৰত বহুত বেছি দুখ পাইছিল তাই । হেলমেটতো ভালদৰে পিন্ধি যোৱা হ’লেও অলপ কম হ’ল হয়!
খবৰ পাই গীত জোনাকৰ মাক-দেউতাক দৌৰি আহিছিল৷
এইবাৰ যেন মাহীমাকজনী মাকলৈ ৰূপান্তৰিত হৈছিল!
বৰজীয়েকৰ গুৰু-গম্ভীৰ অৱস্থাৰ কথা শুনি মেডিকেলতেই মূৰ্চ্ছা গৈছিল মাক!

ইমান কঠোৰভাৱে কথা কৈ গীতক পঠাই দিয়াৰ পিছতে এক্সিডেণ্টতো হোৱাৰ বাবে নিজকে দোষী সাৱ্যস্ত কৰি অপৰাধবোধত ভুগিছিল সমুদ্ৰ!

অৱশেষত ভগৱানৰ কৃপাদৃষ্টিত গীতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিবলৈ সক্ষম হ’ল!
মাক-দেউতাকে হেৰুৱা মাণিক ঘুৰাই পোৱাৰ দৰে জীয়েকক বুকুত সাৱটি ঘৰলৈ লৈ গ’ল৷
চুলি উৰুৱাই চলোৱা সেউজীয়া ৰঙৰ ফেশ্বিন’খন অকামিলা হৈ পৰি ৰ’ল ওচৰৰে গাড়ী-মটৰ ভাল কৰা গেৰেজ এটাত-যাৰ সন্মুখেৰে সমুদ্ৰ সদায় দোকানলৈ অহা যোৱা কৰে আৰু সেইজীয়া ৰংৰ ফেশ্বিন’খনলৈ চাই বুকুত অনুভৱ কৰে এক বিষ, এক শূন্যতা!

*********
সদায় এৰাই চলিবলৈ বিচৰা ছোৱালীজনীক নেদেখা প্ৰায় এমাহেই হ’বৰ হ’ল৷
গীতে শিক্ষকৰ চাকৰিটো এৰিলে নে ছুটীত আছে সেয়াও নাজানে সমুদ্ৰই!

কিন্তু গীত ঘৰলৈ গুছি যোৱাৰ পিছৰে পৰা একো কামতেই মন নবহা হ’ল তাৰ!
আজিকালি শিৱানীও দেখোন তাৰ কাষলৈ নহা হৈছে বৰকৈ!

গীতৰ প্ৰতি বুকুত কিবা এটা যেন সমুদ্ৰইও অনুভৱ কৰিবলৈ লৈছে আজিকালি!
আস! এবাৰ লগ পোৱা হ’লে গোল চকুৰ পুতলাজনীক!

গীত গুছি যোৱাৰ দুমাহৰ পিছত ৰাজুৱে বিশেষ খবৰটো দিলে- “গীত আহিছে আজি তাই থকা ভাৰাঘৰটোলৈ..
কিন্তু আকৌ থাকিবলৈ নহয়, বস্তুবোৰ পেকিং কৰি কাইলৈ গাড়ীত তোলাই একেবাৰে ঘৰলৈ যাবগৈ হেনো.. স্কুলৰ চাকৰিতো হেনো ৰিজাইন দি দিব৷
অহ! আৰু এটা কথা ক’বলৈ পাহৰিছিলোঁৱেই, তাইৰ হেনো দিল্লীত চাকৰি কৰা অসমৰ ল’ৰা এটাৰ লগত ঘৰৰ পৰা বিয়া ঠিক কৰিছে৷
আৰু তিনিদিন পিছত ল’ৰাজন সিহঁতৰ ঘৰলৈ আহিব হেনো তাইক চাবলৈ!”

“তই ইমানবোৰ কথা কেনেকৈ গম পালি?”
“এক্সিডেণ্টৰ পিছৰ পৰা মই ফোন কৰি খবৰ লৈ থাকো নহয় ইংলিছ বাইদেউৰ.. কিবা এটা ভাল লাগে অ’ ছোৱালীজনী!
নিজৰ ভন্তিৰ দৰে লাগে৷”

তাকে হে! ৰাজুৱেই খবৰ ৰাখিছে গীতৰ.. কিন্তু সি অন্ততঃ মানৱীতাৰ খাতিৰত গীতলৈ ফোন এটা কৰি খবৰ এটা ল’ব পাৰিলে হয়৷
কি বুলি ভাবিছে বাৰু তাই তাক?
অহংকাৰী? মদগৰ্বী?

আৰু গীতৰ বিয়া?
ধামকৈ মাৰিলে সমুদ্ৰৰ বুকুখন!
আগ পাছ নাভাবি সি বাইক পোনালে ৰাজীৱ বৰুৱাৰ ভাৰাঘৰৰ দিশে!

গীত আৰু ছোৱালী এজনীয়ে বাৰাণ্ডাতে বহি কিবা কথা পাতি আছিল..
ছোৱালীজনী সম্ভৱ গীতৰ ভনীয়েক..
গেটৰ সন্মুখত অকস্মাৎ সমুদ্ৰৰ বাইক দেখি আচৰিত হ’ল গীত.. কঁপি উঠিল ভিতৰি!
আকৌ বা কি হ’ল এইজনাৰ? ইমান উধাতু খাই আহিছে?

গপগপাই বাৰাণ্ডাৰ ষ্টেপ বগাই সোমাই আহিল সমুদ্ৰ..
“গীত অলপ কথা আছিল তোমাৰ লগত!”
আজিও গহীন সমুদ্ৰৰ মাত৷

“মাইনা তোক বৰুৱানী খুৰীয়ে চাহ একাপ খাই যাবলৈ মাতিছিল নহয়? তই গৈ আহগৈ যাহ.. কাইলৈ ৰাতিপুৱাই যামগৈ নহয়.. সময় নাপাবি৷”
ভনীয়েকেও “হ’ব বা” বুলি একে চৌহদতে থকা মালিক ৰাজীৱ বৰুৱাৰ ঘৰলৈ বুলি খোজ লৈছিল৷

ভনীয়েক যাবলৈহে পাইছিল সমুদ্ৰই গীতৰ বাহুটোত ধৰি একে টানে ড্ৰয়িংৰুম পোৱাইছিলহি..
“আস! দুখ পাইছো সমুদ্ৰ..এৰি দিয়া হাতখন!

হাতখনৰ মুঠিটো ঢিলাই দিছিল কিন্তু এৰি দিয়া নাছিল সমুদ্ৰই,বৰং গীতৰ দুয়োটা বাহুতেই ধৰি তাইক গাৰ কাষলৈ টানি আনি গীতৰ চকুত চকু থৈ সোধিছিল-

“নিদিও এৰি..কি কৰিবা?
ক’ত যাবলৈ ওলাইছা তুমি হা?”

আজিও খঙত আছে সমুদ্ৰ.. কিন্তু আজিৰ খঙত যেন হৃদয়খন পুৰি নিব পৰা উত্তাপ নাই৷ বৰং তাৰ ঠাইত আছে এক হেৰুৱাৰ ভয়!

“মই য’তেই নাযাওঁ, তুমি সুধিবলৈ কোন? মইতো তোমাৰ অপ্ৰেম হে..!”
সৰুকৈ কয় গীতে৷ কিন্তু সমুদ্ৰই ঠিকেই শুনে..
সি এৰি দিয়ে গীতৰ দুহাত৷

“ঠিকেই মই নো কোন তোমাৰ, তোমাক ধৰি ৰাখিবলৈ?

“এতিয়া এনেকৈ কিয় কৈছা সমুদ্ৰ? তুমি নিজেই কৈছিলা যে মই তোমাৰ অপ্ৰেম আৰু তোমাৰ হৃদয়ত অন্য নাৰী আছে…

“অ কৈছিলো মই কৈছিলো.. কিন্তু কিয় কৈছিলো সেয়া তুমি নাজানা!
কি এডোখৰ কেঁচা ঘাঁ লৈ মই জীয়াই আছো তুমি নাজানা ।
শুনিবা নে?”

আকুলতাৰে গীতক সোধে সমুদ্ৰই.. চকুযুৰি তাৰ ৰঙা পৰা.. খঙত নে দুখত গীতে ধৰিব নোৱাৰিলে..!
তাই মাথো মূৰ দুপিয়াই সন্মতি জনালে শুনিম বুলি৷

“শুনা তেন্তে.. মই এজনী ছোৱালীক হাইস্কুলত পঢ়োতে অষ্টম শ্ৰেণীৰ পৰাই ভালপাইছিলো.. তায়ো মোক বহুত ভালপাইছিল.. তাইৰ নাম আছিল শিৱানী শৰ্মা৷
দেখাই-শুনাই বৰ ধুনীয়াজনী নাছিল তাই, মিঠাবৰণীয়া, ক্ষীণাংগী আৰু কেকোৰা চুলিৰে বৰ চকুত লগাজনী নাছিল তাই৷
কিন্তু মোৰ হৃদয়খন তায়ে কাঢ়ি নিছিল৷
আমাৰ প্ৰেম পৱিত্ৰ আৰু বহুত গভীৰ আছিল!
কলেজ পাই-দুয়োটাই বেলেগ বেলেগ কলেজত নাম লগালো.. কিন্তু তথাপিও আমাৰ প্ৰেম একেই থাকিল৷
তাই মোৰ জীৱন-তাই মোৰ উশাহ হৈ পৰিছিল!
কিন্তু তাইৰ ঘৰত যেতিয়া লাহে লাহে আমাৰ সম্পৰ্কৰ কথা গম পাইছিল- মাক দেউতাক খঙত ফাটি পৰিছিল৷
কোনোমতেই মানি নলয় আমাৰ ভালপোৱা..কাৰণ আমাৰ জাত-পাত বেলেগ আছিল৷
মই আহোম সম্প্ৰদায়ৰ আছিলো আৰু তাই বামুণ সম্প্ৰদায়ৰ ছোৱালী৷
আমাৰ ঘৰতো প্ৰথমে মা-দেউতাই থেৰোঁগেৰোঁ কৰিছিল; কিন্তু একমাত্ৰ ল’ৰাৰ সুখৰ স্বাৰ্থত মানি লৈছিল সকলো৷
কিন্তু মানি লোৱা নাছিল শিৱুৰ ঘৰখনে৷
তথাপিও আমি মৰসাহ কৰি এটা সিদ্ধান্ত ল’লো.. ভাবিলো সেইটো কৰিলে আমাক ঘৰত মানি ল’ব!
বি.এ ৰ অন্তিম বৰ্ষটোতে আমি কৰ্ট মেৰেজ কৰি পেলাইছিলো..
সিহঁতৰ ঘৰত কথাটো গম পাই-আশা কৰা ধৰণে কেইদিনমানলৈ নিশ্চুপ আছিল মাক-দেউতাক৷
আমাৰ ভালপোৱা দুগুণে বাঢ়িছিল!
কিন্তু আকৌ মাক দেউতাকে তাইক জোৰ দিবলৈ লৈছিল মোক এৰিবৰ বাবে । আনকি ইম’শ্বনেল ব্লেকমেইলো কৰিছিল তাইক যে তাই যদি মোক নেৰে মাক দেউতাক হালৰ মৰা মুখ দেখিব!
অপ্চন দিছিল তাইক বাচনি কৰিবলৈ- হয় মই নহয় মাক-দেউতাক!
দিশহাৰা হৈ পৰিছিল মোৰ শিৱুজনী! কাকো বাচনি কৰিব পৰা নাছিল তাই..
মোক নিজতকৈও বেছি ভালপোৱা সত্ত্বও তাই এৰাই চলিবলৈ লৈছিল মোক!
মই পাগল হৈ গৈছিলো৷
খাবলৈ ব’বলৈ এৰি দিছিল তাই.. চিন্তাতে বিপি বাঢ়ি গৈছিল তাইৰ!
আৰু এদিন বাথৰুমতে মূৰ ঘূৰাই পৰি মাথা ফাটি যায় শিৱানীৰ৷
ঘৰত মাক-দেউতাক নাছিল তেতিয়া.. আহি পায়ো শিৱানীক ডাক্তৰৰ ওচৰলৈ নিব লগা নহ’ল, ইতিমধ্যে শিৱানীয়ে এই সংসাৰ এৰি গুছি গৈছিল…”

পকাতে বহি মুখখন ঢাকি হুকহুকাই কান্দিছে সমুদ্ৰই!
বাহিৰত ইমান খঙাল দেখোৱা ল’ৰাজনৰ এই ভাগি পৰা ৰূপ দেখি বুকুখন বিষাই গ’ল গীতৰ!
তাই নিজেও পকাত বহি সমুদ্ৰৰ মূৰটো নিজৰ বুকুৰ মাজত সুমুৱাই লৈ তাৰ চকুপানী মোহাৰি দিলে৷

“আইনসংগতভাৱে শিৱানী মোৰ পত্নী আছিলে.. তাইৰ মৃত্যুক মই মানি লোৱা নাছিলো আৰু তাইক মোৰ পত্নীৰূপে কল্পনা কৰিয়েই এই পাঁচবছৰৰ প্ৰতিটো দিন জীয়াই থাকিলো৷
নাজানো মই হেলুচিনেট হওঁ নে সচাকৈয়ে মই সদায়ে শিৱানীক দেখো মোৰ ওচৰ পাজৰে- দুষাৰ কথা পাতো তাৰ পিছত হঠাৎ তাই নোহোৱা হৈ যায়৷
মায়ে বকে, মোক পুনৰ বিয়া পতাৰ কথা কয় কিন্ত মই সন্মতি নিদিওঁ৷
নিজৰ ল’ৰাটোৰ জীৱনতো মৃত প্ৰেমিকাৰ নামত ধ্বংস হৈ যোৱাতো কোনো মাকেই নিবিছাৰে, মাৰ গাত একো দোষ নাই৷
কিন্তু মই যে বেলেগ ছোৱালীৰ কথা ভাবিব পৰা নাছিলো শিৱানীৰ বাদে!
কিন্তু,তোমাৰ লগত চিনাকি হোৱাৰ পৰা শিৱানী মোৰ কল্পনাত অহাতো কমি গৈছিল!
আৰু তুমি ঘৰলৈ যোৱাৰ পিছত যেতিয়া মোৰ তোমাৰ প্ৰতি থকা অনুভৱক চিনিব পাৰিছিলো- তাৰ পিছৰে পৰা শিৱানী একেবাৰে নহা হ’ল মোৰ কল্পনাত!
প্ৰথম দৃষ্টিতেই তোমাৰ গোল গোল চকুযুৰিৰ প্ৰতি ভালপোৱা জাগিছিল মোৰ- কিন্তু শিৱানীৰ প্ৰতি অন্যায় কৰা হ’ব বুলিয়েই সদায় এৰাই চলিছিলো তোমাক..
গহীন আৰু কঠোৰ হৈছিলো তোমাৰ ওচৰত.. বিশ্বাস কৰা তোমাৰ এক্সিডেণ্ট হোৱাৰ দিনা মই বহুত কান্দিছিলো তোমাকো হেৰুৱাব লগা হ’ব বুলি!
তুমি ঘৰলৈ গুছি যোৱাৰ পিছতো তোমাক ফোন কৰিবলৈ সাহস গোটাব নোৱাৰিলো!
কিন্তু আজি তোমাৰ বিয়াৰ খবৰ শুনি ৰৈ থাকিব নোৱাৰিলো মই৷
শিৱানীক হেৰুৱালো- তোমাকো হেৰুৱাব নোখোজো মই!
প্লিজ্ মোক এৰি নাযাবা গীত.. ধন সোণ দিব নোৱাৰিলেও বহুত মৰম দিম তোমাক!
তোমাৰ পৰা একো নিবিচাৰো-মাথো অলপ সময় জিৰাবৰ বাবে তোমাৰ উমাল বুকুখন দিয়া..
শিৱানীৰ ঠাই মই তোমাক দিব নোৱাৰিম কিন্তু তোমাৰ ঠাইত মই তোমাক কেতিয়াও মৰমৰ অভাৱ হ’বলৈ নিদিওঁ গীত৷
প্লিজ্ হেল্প মি গীত প্লিজ হেল্প মি, মই বহুত অকলশৰীয়া অ’ !”

সমুদ্ৰৰ চকুপানীৰে ভিজি চপচপীয়া হৈ গৈছিল গীতৰ কুৰ্তীটোৰ বুকুৰ অংশ!

“সমুদ্ৰ মই কেতিয়াও তোমাৰ পৰা আঁতৰি যোৱাই নাছিলো আৰু কেতিয়াও নাযাওঁ.. তুমি মোৰ জীৱনৰ প্ৰথম প্ৰেম, প্ৰথম পুৰুষ.. মই নাজানো মই তোমাৰ প্ৰেম নে অপ্ৰে….

এটা আঙুলি গীতৰ ওঁঠত লগাই গীতৰ কথা আধাতে ৰখাই দিয়ে সমুদ্ৰই..!

“অপ্ৰেম নহয় তুমি মোৰ ন-প্ৰেম!”

প্ৰাপ্তিৰ চকুলো বাগৰি আহিছিল গীতৰ দুগালেৰে!
সৰু ছোৱালী এজনীৰ দৰে কুচিমুচি সোমাই গ’ল তাই সমুদ্ৰৰ বুকুৰ মাজলৈ!
সুখী হ’বলৈ তাইক আৰু একো নালাগে ।….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *