শৰৎকাল অতি বিতোপন।

শৰৎকাল অতি বিতোপন।

নাছিৰ আহমেদ , শিমলাবাৰী গোৱালপাৰা
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫

ছটা ঋতুৰ ভিতৰত বসন্তক ঋতুৰ ৰাণী কোৱা হয় যদিও শৰৎ ঋতুৰ ফৰকাল আকাশৰ উজ্জ্বল জোন আৰু তাৰকাৰাজিৰ সৈতে ভাঁহি ভাঁহি যোৱা মেঘৰ ধেমালি বৰ্ষাৰ বৰষুণে ধুই জীপাল কৰি মাটিৰ বুকুৰ পৰা নিগৰিত শৰতৰ স্নিগ্ধ মধুৰ গোন্ধ, ৰঙীন সূৰুযৰ মধুৰ পৰশেৰে ৰাঙলী হোৱা গছ- লতা, তৰু-তৃণৰ স্বচ্ছ স্ফটিকৰ বৰ্ণালী , চৰাই-চিৰিকতি , জীৱ- জন্তু আৰু মানুহৰ প্ৰাণত শাৰদীয় নৃত্যৰ মনোমুগ্ধকৰ ৰূপত বিভোল হৈ অতীজৰে পৰা বৰ্তমানলৈকে ‌প্ৰাচ্য আৰু পাশ্চাত্যৰ কবি- গীতিকাৰ, চিত্ৰকৰ- শিল্পী, দাৰ্শনিক আদিয়ে ৰং- ৰূপ- ৰস- তুলিকাৰে নানা ভাবে, নানা ভংগিমাৰে শৰৎ‌‌ কালৰ বিতোপন ৰূপ অংকন কৰিছে।

যেনে – চিত্ৰকৰে ৰং আৰু তুলিকাৰে শৰতৰ সৌন্দৰ্য্যময় ৰূপ ছবিৰ মাজত বন্দী কৰিছে,
খনিকৰে ৰং আৰু হাইতালেৰে শৰতৰ অমূৰ্ত ৰূপক মূৰ্ত ৰূপ দান কৰিছে।
আনহাতে কবি – গীতিকাৰে আপোন মনৰ মাধুৰী সানি শৰতৰ বৈচিত্ৰময় ৰূপ বৰ্ণনা কৰিছে।

মহাকবি কালিদাসে ” শৰৎ” পংকজ,নয়না ৰাজলক্ষ্মী আদি নানা শুভ্ৰ উপাচাৰেৰে সজাই ন‌ – কইনা ৰূপত তেওঁ শৰতক বৰ্ণনা কৰিছে।

উপমা- অলঙ্কাৰৰ সহায়ত সীতাৰ প্ৰকৃত ৰূপ বৰ্ণনা কৰিবলৈ গৈ সংস্কৃত আলঙ্কাৰিক কবি ভট্টিয়ে শৰতৰ সৌন্দৰ্য্যময় ৰূপ ধুনীয়াকৈ বৰ্ণনা কৰিছে , এনেদৰে —–

“লতা জ্জলং যন্ন সুচাৰু পঙ্কজং ন
পংকজং তদ যদলীন ষট্ পদম ।
ন ষদো পদো হসৌ ন জগুঞ্জ য‍ঃ কলং
ন গুজতং তন্ন জহাৰ ষন্ননঃ।”

অৰ্থাৎ এনেকুৱা সুন্দৰ শৰৎ কালত সৰোবৰৰ এনেকুৱা পানী নাই , য’ত মনোৰম পদুম নাই ; এনেকুৱা পদুম ফুল নাই , য’ত ভোমোৰা নাই ; এনেকুৱা ভোমোৰা নাই, যি মধুৰ গুঞ্জন কৰা নাই ; এনেকুৱা মধুৰ গুঞ্জন নাই, যি মানুহৰ মন আকৰ্ষণ কৰা নাই।

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰেও শৰতক আহ্বান কৰিছে–

” এসো হে শাৰদ লক্ষ্মী
তোমাক শুভ্ৰ মেঘেৰ ৰথে।”

দিখৌপৰীয়া গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই ” সাৰ পাই উঠি খিৰিকী মেলি” প্ৰত্যক্ষ কৰিলে শুকুলা শৰতৰ অপূৰ্ব শোভা। তেওঁৰ মুগ্ধতাই জন্ম দিলে এখনি কাব্য ” শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল” কবিয়ে এই কাব্যখনিত শৰতক শৰীৰ ৰূপ দি ” নায়ক শৰৎ কোঁৱৰ” আখ্যা দিছে। প্ৰতিটো কবিতাই গীতিধৰ্মিতাত অপূৰ্ব আৰু শৰতৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চিত্ৰ ৰূপে অনবদ্য।’ সোণ বৰণীয়া সৰি পৰা পাত’ সোণোৱালী নিয়ৰ আদি মনোমোহা ছবি আঁকি কবি পাৰ্বতী প্ৰসাদ বৰুৱাই শৰতৰ শুকুলা ৰূপৰ জেউতি দেখিয়েই –” কিনো সুন্দৰ ধৱলী বৰণ চমকি উঠিছে মন” বুলি বৰ্ণনা কৰিছে। শৰতক তেওঁ এটি ফুল তোলা ল’ৰা ৰূপেও কল্পনা কৰিছে। আকৌ তেওঁ ভাবিছে যে, কোনোবা পৰীৰ ডেউকা দুখনি মনে মনে কৰি চুৰ শৰৎ যেন মহাশূন্যত উৰি ফুৰিছে আৰু শেৱালিৰ মাদকতা ভৰা সুবাসত ৰ’দ পৰি তিৰেবিৰোৱা নিয়ৰ কণা লুইতৰ দুয়োপাৰে গা দাঙি নচা কঁহুৱা বনৰ মাজত —-

” জোনাকী নিশাত কাৰে ঐ
মুকুতামণি সৰি গ’ল”
‘ জানোচা শৰতে এৰি থৈ গ’ল—আদি চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগৰে কবিয়ে শৰতৰ মধুৰ ৰূপ গীতিময়তাৰ লয়লাসেৰে দোলায়িত কৰিছে।

খনিকাৰৰ হাতৰ যাদুভৰা স্পৰ্শ লাভ কৰি সজীৱ স্পন্দনেৰে, ব্যঞ্জনাৰ দ্যোতনাৰে ভৰা প্ৰাণেৰে ভকতৰ হৃদয়ত ভক্তিৰ ‘ ৰসোঃ বৈ সঃ ‘ প্ৰৱাহিত কৰা আদ্যাশক্তি শাৰদীয় দুৰ্গাও মূলতঃ শৰতৰ অধিষ্ঠাত্ৰী,আনন্দময়ী, আহ্লাদিনী প্ৰকৃতিৰ আন এটি ৰূপহে ; যিয়ে প্ৰকৃতিৰ মাজত বিৰাজমান অপশক্তি দানৱৰূপী পৰিৱেশ প্ৰদূষণক ধ্বংস কৰি প্ৰকৃতিৰ প্ৰাণত সঞ্জীৱনী সুধা অমৃত জীৱনী শক্তিৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।
আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুদিত ‘ ভাগৱত দশম’ তো পাওঁ শৰৎ কালত ৰাস পূৰ্ণিমাৰ নিশা প্ৰকৃতিৰ ৰম্যভূমি-স্বৰূপ ৰাসমঞ্চত শান্ত-স্নিগ্ধ মুৰলিধৰ বংশীবাদক মেঘবৰণ কৃষ্ণৰ ওংকাৰ ধ্বনিত সংসাৰৰ বন্ধন চিগি গোপিনীসকলে কৃষ্ণৰ সৈতে নৃত্যৰ ছন্দে ছন্দে নিজক সম্পূৰ্ণ ৰূপে উজাৰ কৰি দি আত্মসমৰ্পন কৰিছে —

” শৰতকালৰ ৰাত্ৰি আতি বিতোপন।
বহুবিধ পুষ্পে বিকশিত বৃন্দাবন।।
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে।
কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাজন্তে।।
লহু লহু বহে মন্দ মলয়া পবন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।। “

দশমৰ এই’ ৰাসক্ৰীড়া’ ৰ বৰ্ণনাৰ মাজেৰে ধৰ্ম-দৰ্শন যেন হাতত ধৰাধৰি কৰি শৰতৰ সৌন্দৰ্য্যৰ বুকুত সম্পূৰ্ণ ৰূপে নিমজ্জিত হৈ পৰিছে।

প্ৰাচ্যৰ কবি-দাৰ্শনিকে শৰতৰ বৈচিত্ৰময় সৌন্দৰ্য্যত বিমুগ্ধ হোৱাৰ দৰে পাশ্চাত্যৰ কবি সকলেও শৰতৰ বৰ্ণনাৰ মাজেৰে তেওঁলোকৰ কবিসত্তা যেন অবাক বিহ্বল হৈ পৰিছে।
ইংৰাজী ৰোমান্টিক কবি জন কীটচৰ” Ode to Autumn”ত পাওঁ শৰতৰ এক বিস্ময়-বিমুগ্ধ ৰূপ। এই কবিতাটিৰ মাজেৰে কবিয়ে ভাবিছে যে, বসন্তৰ গীতসমূহ ক’ত? কলৈ গ’ল? তাৰ পিছতেই ভাবিছে, বসন্তৰ গীতসমূহ নাই ,কি হ’ল, শৰতৰ নিজৰ মধুৰ সংগীত আছে। যেতিয়া অস্তমিত সূৰুযৰ শাৰী শাৰী মেঘবোৰ উটি ভাঁহি গৈ থাকে আৰু ইয়াৰ ৰাঙলী আভাৰে শস্য কটাৰ পিছত পাহাৰৰ দাঁতিয়েদি কৰুণ বিননি তোলে আৰু ডুবিবলৈ ধৰা মৃদু বতাহ ওপৰলৈ প্ৰৱাহিত হয়, পাহাৰৰ ওপৰত ৰৈ থকা পূৰ্ণবয়স্ক ভেৰাই মাইকী ভেৰাক বিচাৰি চিঞৰি চিঞৰি মাতে, ক্ৰীকেট জাতীয় চৰাইজনী চিঁ-চিঁয়াই গীত গায় আৰু বুকুৰঙা ক’লা চৰাইজনী ফুলৰ বাগিচাৰ বেৰত আউজি হুইচেল বজাই গীত গায়— সৰু টিপচী চৰাইবোৰে জাকে জাকে আকাশত টুটুৱাই থাকে। ”
মুঠতে, প্ৰকৃতিৰ বৰ্ণময়, বৈচিত্ৰময়,বাৰে-ৰহণীয়া ৰূপে অতীজৰে পৰা এতিয়ালৈকে মানুহৰ হৃদয়ত এক বিমল আনন্দ দান কৰি গভীৰ ভাৱে আকৰ্ষণ কৰি আহিছে। বসন্ত,শৰৎ আদি ঋতুৰ জীৱন্ত ৰূপে মানুহৰ শৰীৰৰ প্ৰতিটো ধমনিত,সিৰা-উপসিৰাত, ৰক্ত পৰিবাহী নলীত, হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে, মস্তিষ্কৰ কোঁহে কোঁহে এক অনিৰ্বচনীয় সৌন্দৰ্য্যময়তাৰ শিহৰণ তুলি মানুহক এক স্বৰ্গীয় নন্দন কাননলৈ উটুৱাই লৈ যায় ; যাৰ ফলশ্ৰুতিত, সৃজনীমূলক বৌদ্ধিক কলাত্মক প্ৰতিভাৰ অধিকাৰী কবি-গীতিকাৰ, নাট্যকাৰ , ঔপন্যাসিক, চিত্ৰকৰ, ভাস্কৰ্যবিদ, স্থাপত্যবিদ,শিল্পী, দাৰ্শনিক আদিৰ পৰশমণি-স্বৰূপ সোণৰ কাঠিৰ মধুৰ পৰশত যুগে যুগে সৃষ্টি হৈছে কলা-শিল্প-সংগীত-নাটক- ভাস্কৰ্য, আৰু স্থাপত্য অৰ্থাৎ সুকুমাৰ কলা।
এই সৃষ্টি কৰ্মৰ মাজেৰে প্ৰকৃতিৰ লগত মানুহ হৈ পৰিছে এক অভেদ আত্মা। প্ৰকৃতিৰ ৰূপত নিজক সম্পূৰ্ণ ৰূপে আত্মসমৰ্পন কৰি মানুহে কৰিছে প্ৰকৃতিৰ বন্দনা।
শাৰদীয় উৎসৱসমূহো শৰতৰ বৈচিত্ৰময় সৌন্দৰ্য্যত বিমুগ্ধ কবি-গীতিকাৰে বন্দনা কৰা শৰতৰ প্ৰতিটো নিপোটল ৰূপৰ এক একোটা স্তোত্ৰ মাথোঁন।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *