👉 উজ্জ্বল ডেকা
দুৰ্গা পূজা মূলতঃ হিন্দুসকলৰ অন্যতম প্ৰধান উৎসৱ, যিটো দেৱী দুৰ্গাক পূজা কৰি পালন কৰা হয়। দেৱী দুৰ্গা অশুভ শক্তিৰ ধ্বংস আৰু সৎ শক্তিৰ প্ৰতিষ্ঠাৰ প্ৰতীক। দুৰ্গা পূজাৰ ইতিহাস প্ৰাচীন আৰু বহুস্তৰীয়।
দুৰ্গা পূজাৰ উৎপত্তি সম্পৰ্কে দুটা ভিন্ন মতামত আছে
১) প্ৰাচীন কালৰ পৰা পূজাঃ
দুৰ্গা পূজাৰ উৎপত্তি সম্পৰ্কে এটা মতামত হ’ল যে ই এক প্ৰাচীন অনুষ্ঠান, যিটো বৈদিক যুগৰ আৰম্ভণিৰ পৰাই (প্ৰায় ১০০০ খ্ৰীষ্টাব্দ) পালন কৰিবলৈ আৰম্ভ হৈছিল। বৈদিক যুগত শক্তি পূজাৰ গুৰুত্ব আছিল আৰু তেতিয়াৰ পৰাই দুৰ্গা বা শক্তি পূজা প্ৰচলিত আছিল।
২) ৰজা কংসনাৰায়ণ পূজা (ষোড়শ শতিকা)ঃ
ইতিহাসত তাৎপৰ্যপূৰ্ণভাৱে ষোড়শ শতিকাত প্ৰথম আনুষ্ঠানিক আৰু বৃহৎ পৰিসৰৰ দুৰ্গা পূজা উদযাপন আৰম্ভ হৈছিল। বহু ইতিহাসবিদৰ মতে পশ্চিমবংগৰ মালদাহ জিলাৰ ৰজা কংসানাৰায়ণে ৰাজকীয় পদ্ধতিৰে দুৰ্গা পূজা পালন কৰিছিল। এই পূজা অভিজাত বা ধনী পৰিয়ালবোৰৰ মাজত জনপ্ৰিয় আছিল।
কিন্তু অধিক প্ৰাসংগিকভাৱে কৃষ্ণনগৰৰ ৰাজা কৃষ্ণচন্দ্ৰ ৰায় (১৮ শতিকা) আৰু বুৰদৱানৰ ৰাজাই এই পূজাক জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে আয়োজন কৰা পূজা ক্ৰমান্বয়ে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। ১৮ শতিকাত ব্ৰিটিছ শাসনৰ সময়ত জমিদাৰসকলে এই পূজাক ৰাজকীয় অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পাছৰ পৰাই দুৰ্গা পূজাই সাৰ্বজনীন ৰূপ পৰিগ্ৰহ কৰে ।
অসমত দুৰ্গা পূজা উদযাপনৰ ইতিহাসো অতি পুৰণি। কিন্তু সঠিক সময় বা প্ৰথম দুৰ্গা পূজা অনুষ্ঠান আয়োজন কৰা ব্যক্তিৰ বিষয়ে স্পষ্ট তথ্য পোৱাটো টান। তথাপিও কিছুমান উল্লেখযোগ্য ঐতিহাসিক তথ্য উপলব্ধ।
অসমত আনুষ্ঠানিকভাৱে পালন কৰা প্ৰথম দুৰ্গা পূজাৰ কৃতিত্ব আহোম বংশৰ। ১৭১৫ চনৰ আশে-পাশে আহোম শাসকসকলে প্ৰথমে অসমত দুৰ্গা পূজা পালন কৰিছিল বুলি বিশ্বাস কৰা হয়। বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰ সিংহ (১৭০৯–১৭১৪ খ্ৰীষ্টাব্দ) ই দুৰ্গা পূজাৰ আৰম্ভণি কৰা বুলি কোৱা হয়। তেওঁ কামাখ্যা মন্দিৰত দুৰ্গা পূজাৰ আয়োজন কৰি দেৱী দুৰ্গাক শ্ৰদ্ধাঞ্জলি জনায়। তেতিয়াৰ পৰাই কামাখ্যা মন্দিৰ শক্তি পূজাৰ অন্যতম মূল কেন্দ্ৰ হৈ আছে ।
স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰাজকীয়ভাৱে দুৰ্গা পূজাৰ আয়োজন কৰিছিল আৰু তেওঁৰ ৰাজত্বকালত অসমৰ ৰাজপৰিয়াল আৰু অভিজাত শ্ৰেণীৰ মাজত ই বিয়পি পৰিছিল। তাৰ পিছত ক্ৰমান্বয়ে দুৰ্গা পূজা অসমৰ অন্যান্য প্ৰান্তত জনপ্ৰিয় হৈ উঠে আৰু আজি অসমৰ বিভিন্ন প্ৰান্তত ইয়াক এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰা হয়। প্ৰথম অৱস্থাত প্ৰধানকৈ ৰাজকীয় আৰু অভিজাত শ্ৰেণীৰ মাজত সীমাবদ্ধ আছিল যদিও পিছলৈ সাধাৰণ মানুহেও এই পূজাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, আৰু আজি ই অসমৰ অন্যতম প্ৰধান উৎসৱত পৰিণত হৈছে।
কলকাতাৰ দুৰ্গা পূজাক ২০২১ চনৰ ১৫ ডিচেম্বৰত ইউনেস্ক’ৰ দ্বাৰা “মানৱতাৰ স্পষ্ট সাংস্কৃতিক ঐতিহ্য” হিচাপে স্বীকৃতি দিয়া হয়। এই স্বীকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কলকাতাৰ দুৰ্গা পূজাৰ সামাজিক, সাংস্কৃতিক, আৰু ধৰ্মীয় গুৰুত্বক স্বীকৃতি দিয়ে আৰু ইয়াক এক অনন্য সাংস্কৃতিক উদযাপন হিচাপে উজ্জ্বল কৰি তুলিছে।
কলকাতাৰ দুৰ্গা পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়, শিল্প, সংস্কৃতি, সামাজিক সমাৱেশৰ এক বৃহৎ অনুষ্ঠান। ই পূজা মণ্ডপ, মূৰ্তি, আলোকসজ্জাৰ জৰিয়তে এক বিশাল সাংস্কৃতিক লহৰৰ সৃষ্টি কৰিছিল, যিয়ে সমগ্ৰ বিশ্বৰ মানুহক আকৰ্ষণ কৰিছিল।
যদিও দুৰ্গা পূজা প্ৰধানকৈ হিন্দুসকলৰ মাজত জনপ্ৰিয়, তথাপিও বৰ্তমান বিভিন্ন দেশত দুৰ্গা পূজা পালন কৰা হয়। সেইবোৰ হৈছে- ভাৰত, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ, আমেৰিকা, কানাডা, ইউকে, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, মৰিছাছ আদি ।
এই দেশসমূহত দুৰ্গা পূজা মূলতঃ ভাৰতীয় আৰু বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে আয়োজন কৰে, আৰু ইয়াক তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।
ভাৰতৰ বাহিৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বা্লাদেশতেই সবাতোকৈ উলহ মালহেৰে দুৰ্গা পূজা পালন কৰা হয় । হাজাৰ হাজাৰ পূজা মণ্ডপ তৈয়াৰ কৰে তাত থকা হিন্দু ধৰ্মাৱলম্বী লোকসকলে । শ্বেখ হাসিনা চৰকাৰৰ পতন আৰু তেওঁৰ ভাৰতলৈ পলায়ণৰ কথা সকলোৱে জানে । দেশখনত উদ্ভৱ হোৱা ৰাজনৈতিক অস্থিৰতালৈ চাই বহুতে এইবাৰ দুৰ্গা পূজা হ’বনে নাই এই লৈ চিন্তা প্ৰকাশ কৰিছিল । কিন্তু শেহতীয়াভাৱে দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ স্বৰাষ্ট্ৰ উপদেষ্টা লেঃ জেঃ মোঃ জাহাঙ্গীৰ আলম চৌধুৰী আৰু ধৰ্ম উপদেষ্টা আবুল ফজেল মুহম্মদ খালিদ হোসেনে এক সংবাদমেলযোগে এইবাৰ দেশখনত ৩২ হাজাৰ ৬ শ ৬৬ খন দুৰ্গা পূজা অনুস্থিত হ’ব বুলি প্ৰকাশ কৰিছে । এই সংখ্যা সময়লৈ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনাও তেওঁলোকে ব্যক্ত কৰিছে । উল্লেখযোগ্য যে কিছু পিছলৈ যদি আমি ঘূৰি চাও তেন্তে দেখিম যে ২০২০ চনত এই সংখ্যা আছিল ৩০,৭১০ খন, ২০২১ চনত আছিল ৩১,১৩৭ খন, ২০২২ চনত ৩১,১৬৮ খন আৰু ২০২৩ চনত এই সংখ্যা আছিল ৩৩,৪৩১ খন ।
ইয়াৰ উপৰি দুৰ্গা পূজা উপলক্ষে গ্ৰহণ কৰা আৰু কেইবাটাও সিদ্ধান্ত ঘোষণা কৰিছে তেওঁলোকে । পূজা সমিতিসমূহলৈ পূৰ্বৰ ২ কোটি টকাৰ ঠাইত ৪ কোটি টাকা প্ৰদান, প্ৰতিখন পূজালৈ ৫ কুইন্টলকৈ চাউল যোগান আদি সিদ্ধান্তক হিন্দু ধৰ্মাৱলম্বীসকলে আদৰণী জনোৱা দেখা গৈছে । আনবোৰ সিদ্ধান্ত তলত দিয়া ধৰণৰঃ
*মুৰ্তি নিৰ্মাণকালৰ নিৰাপত্তা প্ৰদান কৰা
*পূজা চলাকেইদিনৰ নিৰাপত্তা নিশ্চিত কৰা
*শিশু আৰু মহিলা দৰ্শনাৰ্থীৰ নিৰাপত্তা সুনিশ্চিত কৰা
*যানজঁট, ভিৰ আৰু দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা
*বিদ্যুৎ সেৱা অব্যাহত ৰখা
*চৰকাৰী পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱক নিয়োগ কৰা
*প্ৰয়োজনবশতঃ দুৰ্বল দলং আৰু বিধ্বস্ত বাট-পথ পুনৰনিৰ্মান কৰা
*মূল পূজাৰ দিনকেইটা হেলিকপ্তাৰেৰে নিৰাপত্তাৰ দিশ চোৱাচিতা কৰা
*পূজাত বিঘিনি ঘটাব পৰা সকলো প্ৰকাৰৰ দুষ্কৃতিকাৰীৰ বাবে নিৰাপত্তাৰক্ষী সষ্টম কৰি ৰখা আদি ।
উল্লেখ্য যে ধৰ্ম উপদেষ্টাগৰাকীয়ে সাবাদিকক জানিব দিয়া মতে দেশখনৰ মাদ্ৰাছা স্কুলৰ ছাত্ৰসকলে স্বেচ্ছাসেৱক হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা শক্তিসমূহক যিকোনো মূল্যৰ বিনিময়ত ধ্বংস কৰা হ’ব বুলিও তেওঁ কয় যিটোৱে দেশখনৰ সংখ্যালঘুসকলক উৎসাহিত কৰা দেখা গৈছে ।
বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা আন এটা সিদ্ধান্তক লৈ বহুতে সমালোচনাও কৰিছে । সেইটো হৈছে নামাজৰ সময়ত পূজা মণ্ডপত মাইক বা অন্য বাদ্য বাজনা বজোৱাৰ পৰা বিৰত থাকিব লাগিব । আমাৰ মতে সেইটো একো বেয়া পাবলগীয়া বিষয় হ’ব নোৱাৰে । দিনটোত দহ মিনিটকৈ পাঁচবাৰ যদি অন্য ধৰ্ম এটাৰ উপাসনাৰ সময়ত মৌন হৈ থাকি সময় উলিয়াই দিয়া হয় তেন্তে সিয়ে হিন্দু আৰু হিন্দুত্বক মহানতাহে প্ৰদান কৰিব । এই সম্পৰ্কে বাংলাদেশৰ সংখ্যালঘূ অৰ্থাৎ হিন্দুসকলেও আপত্তি কৰা নাই বৰঞ্চ আনন্দেৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰি লৈছে ।
যি নহওক, আমি আশা কৰো সুকলমে দুৰ্গোৎসৱৰ কাৰ্যসূচীবোৰ হৈ যাওক । ধৰ্ম, মত নিৰ্বিশেষে সকলোৱে সাৰ্বজনীনভাৱে অসুৰনাশিনী দুৰ্গাৰ আগমনক আমি স্বাগতম জনাও আহক ।….